Class 11 Economics Chapter 25 অ-প্ৰতিযোগিতামূলক বজাৰ

Class 11 Economics Chapter 25 অ-প্ৰতিযোগিতামূলক বজাৰ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters AHSEC Class 11 Economics Chapter 25 অ-প্ৰতিযোগিতামূলক বজাৰ and select needs one.

Class 11 Economics Chapter 25 অ-প্ৰতিযোগিতামূলক বজাৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 11 Economics Chapter 25 অ-প্ৰতিযোগিতামূলক বজাৰ Solutions for All Subject, You can practice these here…

অ-প্ৰতিযোগিতামূলক বজাৰ

Chapter – 6

প্ৰথম খণ্ড 

( ক ) অতি চমু প্ৰশ্নোত্তৰ :- 

প্রশ্ন ১। একচেটীয়া বজাৰৰ সংজ্ঞা দিয়া । 

উত্তৰঃ এখন বজাৰ একচেটীয়া বজাৰ হবলৈ হ’লে মাত্ৰ এজন বিক্রেতা থাকে , সামগ্ৰীটোৰ কোনাে বিকল্প নাথাকে আৰু অন্য কোনাে নতুন প্রতিষ্ঠানে বজাৰত প্ৰৱেশ কৰিব নােৱাৰে । 

প্রশ্ন ২। এখন একচেটীয়া ব্যবসায়িক প্রতিষ্ঠানৰ বাবে বজাৰ চাহিদা ৰেখাই কি সূচায় ? 

উত্তৰঃ গড় বিক্রী আয় ৰেখা । 

প্রশ্ন ৩ । খালী ঠাই পূৰ কৰা :

( ক ) একচেটীয়া বজাৰত TR ৰ অৱনতিৰ সময়ত MR এ ……. (নেতিবাচক / ইতিবাচক ) মূল্য লয় । 

উত্তৰঃ নেতিবাচক । 

প্রশ্ন ৪। মুক্ত প্রৱেশ আৰু প্রস্থানৰ চৰ্তত বিপুল সংখ্যক ব্যবসায়িক প্রতিষ্ঠানে একে জাতীয় নােহােৱা বিভিন্ন দ্রব্য উৎপাদন কৰা বজাৰ গাঁথনিটোৰ নাম লিখা । 

উত্তৰঃ একাধিকাৰ প্ৰতিযােগিতামূলক বজাৰ । 

প্রশ্ন ৫। অপূর্ণ প্রতিযােগিতা বজাৰৰ অন্তৰ্গত প্রতিষ্ঠানৰ বাবে গড় আয় আৰু প্রান্তিক আয় ৰেখাৰ আকৃতি কেনেকুৱা ? 

উত্তৰঃ বাওঁফালৰ ওপৰৰ পৰা সোঁফালৰ তললৈ ঢাল খােৱা । অর্থাৎ ঋণাত্মক ঢালযুক্ত 

প্রশ্ন ৬। শুদ্ধ নে অশুদ্ধ লিখা ।

( ক ) একচেটীয়া ধৰণৰ ব্যৱসায়িক প্রতিষ্ঠানে সম্মুখীন হােৱা চাহিদা ৰেখাড়াল অনুভূমিক হয় । 

উত্তৰঃ অশুদ্ধ । 

প্রশ্ন ৭। স্বল্প সংখ্যক উৎপাদক নিয়ন্ত্রিত বজাৰৰ সংজ্ঞা দিয়া । 

উত্তৰঃ যিখন বজাৰত এজনতকৈ বেছি বিক্রেতা থাকে কিন্তু বিক্রেতাৰ সংখ্যা কম , এনে বজাৰ গাঁথনিটোক স্বল্প সংখ্যক উৎপাদন নিয়ন্ত্রিত বজাৰ বােলে । 

প্রশ্ন ৮। দুই উৎপাদক নিয়ন্ত্রিত বজাৰ কি ? 

উত্তৰঃ যেতিয়া এটা সামগ্ৰীৰ মাত্র দুজনহে বিক্রেতা থাকে , তেনে বজাৰক দুই উৎপাদক নিয়ন্ত্রিত বজাৰ বােলে । 

প্রশ্ন ৯। শুদ্ধ নে অশুদ্ধ লিখা ।

( ক ) একচেটীয়া ব্যৱসায়ী হ’ল এগৰাকী দামগ্রহীতা ।

উত্তৰঃ অশুদ্ধ । 

( খ ) কম প্রতিযােগিতামূলক বজাৰ গাঁথনি , অধিক প্রতিযােগিতামূলক হ’ল ব্যৱসায়িক প্রতিষ্ঠানসমূহৰ পাৰম্পৰিক আচৰণ । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ১০। শুদ্ধ অংশটো বাছনি কৰা :

( ক ) এক বিশেষ পণ্যৰ বজাৰত একাধিক বিক্রেতা থাকে , কিন্তু বিক্রেতাৰ সংখ্যা নিচেই তাকৰ , সেই বজাৰখনক কোৱা হয় – (অল্পসংখ্যক উৎপাদক নিয়ন্ত্রিত বজাৰ / দুই উৎপাদক নিয়ন্ত্রিত বজাৰ / একচেটীয়া বজাৰ ) 

উত্তৰঃ অল্প সংখ্যক উৎপাদন নিয়ন্ত্রিত বজাৰ । 

( খ ) পূর্ণ প্রতিযােগিতামূলক বজাৰত চাহিদা ৰেখাডাল হ’ল— ARC / MRC / TRC . 

উত্তৰঃ ARC .

( গ ) একচেটীয়া ধৰণৰ প্ৰতিযােগিতাত ব্যৱসায়িক প্রতিষ্ঠানে সম্মুখীন হােৱা ৰেখাড়াল হ’ল – ( নিখুঁতভাৱে স্থিতিস্থাপক / নিখুঁতভাৱে স্থিতিস্থাপক নােহােৱা ) । 

উত্তৰঃ নিখুঁতভাৱে স্থিতিস্থাপক নােহােৱা । 

প্রশ্ন ১১। খালী ঠাই পূৰ কৰাঃ 

( ক ) লাভ = TC …………………..।

উত্তৰঃ লাভ = TC – TR .

প্রশ্ন ১২। একচেটীয়া ধৰণৰ প্রতিযােগিতাত বিভিন্ন ব্যৱসায়িক প্রতিষ্ঠানে উৎপাদন কৰা বস্তুৰ মাৰ্কা নামৰ তাৎপর্য কি ? 

উত্তৰঃ মার্কা নামৰ জৰিয়তে বস্তুক এটাৰ পৰা আনটোক পৃথক কৰা হয় । 

প্রশ্ন ১৩। একচেটীয়া ধৰণৰ প্রতিযােগিতাৰ এটা মূল বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ একচেটীয়া ধৰণৰ প্রতিযােগিতাৰ এটা মূল বৈশিষ্ট্য হ’ল এনে বজাৰত এজন মাত্র বিক্রেতা থাকে ।

প্রশ্ন ১৪। হয় নে নহয় ’ লিখা 

( ক ) এগৰাকী একচেটীয়া ব্যৱসায়ীয়ে অধিক দামত বিপুল পৰিমাণে বিক্ৰী কৰিব পাৰেনে ? 

উত্তৰঃ নহয় । 

প্রশ্ন ১৫। একচেটিয়া বজাৰ আৰু পূর্ণ প্রতিযােগিতামূলক বজাৰৰ চাৰিটা পার্থক্য উল্লেখ কৰা । 

উত্তৰঃ একচেটিয়া বজাৰ আৰু পূর্ণ প্রতিযােগিতামূলক বজাৰৰ দুটা পার্থক্য হল— 

( i ) একচেটিয়া বজাৰত এজন বিক্রেতাই দ্রব্যটোৰ সমগ্ৰ যােগান নির্ধাৰণ কৰে । আনহাতে পূর্ণ প্রতিযােগিতামূলক বজাৰত বহুতাে প্রতিষ্ঠানে দ্রব্য এটা যােগান ধৰে । গতিকে এজন মাত্র বিক্রেতাই যােগানত , কোনাে পৰিৱৰ্তন আনিব নােৱাৰে । 

( ii ) একচেটিয়া বিক্রেতা জন হ’ল দৰ নিৰ্ধাৰণ কৰােতা , কিন্তু পূর্ণ প্রতিযােগিতামূলক বজাৰৰ প্রতিষ্ঠান এটাই কেৱল নির্ধাৰিত দৰতহে দ্রব্যটোৰ যােগান ধৰে । অর্থাৎ এনে প্রতিষ্ঠান দৰ গ্ৰহণ কৰােতা । 

( ii ) পূর্ণ প্রতিযােগিতামূলক বজাৰত P = AR = MR হয় , কিন্তু একচেটিয়া বজাৰত P = AR > MR হয় । 

( iv ) পূর্ণ প্রতিযােগিতামূলক বজাৰত গড় ব্যয়ৰ সর্বনিম্ন বিন্দুত প্ৰতিষ্ঠানৰ ভাৰসাম্য লাভ হয় , কিন্তু একচেটিয়া বজাৰত গড় ব্যয়ৰ সর্বনিম্ন বিন্দুত ভাৰসাম্য অর্জন কৰিব নােৱাৰে । 

( খ ) চমু উত্তৰৰ প্ৰশ্নাৱলী : 

প্রশ্ন ১। দীর্ঘকালত ব্যবসায়িক প্রতিষ্ঠানে লাভ অর্জন কৰিব নােৱাৰে , কিন্তু একচেটীয়া ব্যৱসায়িক প্রতিষ্ঠানৰ ক্ষেত্ৰত তেনে নহয় কিয় ? ব্যাখ্যা কৰা ।

উত্তৰঃ দীর্ঘকালত মুক্ত প্রৱেশ আৰু প্ৰস্থানৰ সহিতে পূর্ণপ্রতিযােগিতামূলক প্রতিষ্ঠানবােৰে শূন্যলাভ অর্জন কৰে । এইটো হােৱাৰ কাৰণ হ’ল , যদি প্রতিষ্ঠানবােৰে যােগাত্মক লাভ অর্জন কৰে তেতিয়া প্রতিষ্ঠানসমূহ বেছিকৈ বজাৰত সােমাব আৰু বর্ধিত উৎপাদনে দাম কমাব আৰু আগৰে পৰা থকা প্রতিষ্ঠানবােৰৰ আয় সংকুচিত হ’ব । একচেটীয়া প্ৰতিষ্ঠানৰ ক্ষেত্ৰত এয়া একে নহয় । যিহেতু আন প্রতিষ্ঠানত এই বজাৰত সােমাব দিয়া নহয় , একচেচীয়া প্রতিষ্ঠানে অর্জন কৰা লাভ দীর্ঘকালত গুচি নাযায় । ইয়াক চিত্রত দেখুওৱা হ’ল— 

চিত্ৰৰ E ভাৰসাম্য বিদুত একচেটীয়া বিক্রেতা জনে OQ ভাৰসাম্য পৰিমাণ OP দামত বিক্ৰী কৰে । OP দাম > AC হােৱাত , বিক্রেতাজনে PABC লাভ কৰে । দীর্ঘকালত এনে বিক্রেতাই লাভ অর্জন কৰিলেহে উৎপাদন কৰে ।

প্রশ্ন ২। এটা একচেটীয়া ব্যৱসায়িক প্রতিষ্ঠান প্রান্তিক ৰাজহ আৰু চাহিদাৰ দাম স্থিতিস্থাপকতাৰ মাজৰ সম্পর্ক দেখুওৱা । 

উত্তৰঃ প্রান্তিক আয় ( MR ) আৰু চাহিদাৰ দৰ স্থিতিস্থাপকতাৰ মাজত বিশেষ সম্পর্ক আছে । এটা সামগ্ৰীৰ প্রান্তিক আয় হ্রাস হােৱাৰ লগে লগে চাহিদাৰ স্থিতিস্থাপকতাও হ্রাস হ’বলৈ ধৰে । কিন্তু MR যােগাত্মক হলে , চাহিদাৰ স্থিতিস্থাপকতা 1 তকৈ অধিক বা স্থিতিস্থাপক হয় । আনহাতে চাহিদা ৰেখাড়াল অস্থিতিস্থাপক বা তকৈ কম হয় যদিহে MR বিয়ােগাত্মক হয় । 

প্রশ্ন ৩। একচেটীয়া ধৰণৰ প্রতিযােগিতাত ব্যবসায়িক প্রতিষ্ঠানসমূহৰ দীর্ঘকালত লাভ কিয় শূন্য হৈ পৰে ব্যাখ্যা কৰা। 

উত্তৰঃ পূর্ণ প্রতিযােগিতামূলক বজাৰৰ দৰেই একাধিকাৰ প্রতিযােগিতামূলক বজাৰতাে দীর্ঘকালত প্রতিষ্ঠানৰ সামগ্রী উৎপাদনৰ ক্ষেত্ৰত মুক্ত প্রৱেশ আৰু প্রস্থান থাকে । যদি কোনাে প্রতিষ্ঠানে দীর্ঘকালত অস্বাভাৱিক লাভ অর্জন কৰে তেন্তে ই নতুন প্রতিষ্ঠানক আকৃষ্ট কৰিব আৰু বজাৰত সামগ্ৰীটোৰ যােগান বৃদ্ধিৰ ফলত দাম হ্রাস হ’ব আৰু অস্বাভাৱিক লাভ নােহােৱা হ’ব । অর্থাৎ লাভ শূন্য হ’ব । আকৌ , কোনাে প্রতিষ্ঠানে যদি লােকচান ভৰিব লগা হয় তেন্তে ই বজাৰৰ পৰা ওলাই যাব । ফলত যােগান হ্রাস হৈ দাম বৃদ্ধি পাব । 

প্রশ্ন ৪। একচেটীয়া বজাৰৰ অস্তিত্ব সমাজৰ বাবে লাভদায়ক হ’ব পাৰে মতামত দিয়া । 

উত্তৰঃ একচেটীয়া বজাৰৰ উপস্থিতি সমাজৰ বাবে লাভজনক হয় । যিহেতু একচেটীয়া প্রতিষ্ঠানে বৃহৎ লাভ অর্জন কৰে , তেওঁলােকৰ হাতত যথেষ্ট পুঁজি থাকে গৱেষণা আৰু উন্নয়নৰ কাম কৰিবলৈ , যিটো সৰু – সুৰা পূর্ণ প্রতিযােগী প্রতিষ্ঠানে কৰিব নােৱাৰে । তেনে ধৰণৰ গৱেষণাৰ জৰিয়তে একচেটীয়া প্রতিষ্ঠানবােৰে উচ্চ গুণসম্পন্ন সামগ্রী প্রস্তুত কৰিব পাৰে । আকৌ , এই প্রতিষ্ঠানবােৰে আধুনিক প্রযুক্তি ব্যৱহাৰ কৰিবলৈ সক্ষম হােৱা বাবে , তেওঁলােকৰ প্রান্তিক ব্যয় ইমান কম হ’ব পাৰে যে ভাৰসাম্য উৎপন্ন স্তৰ , য’ত MC = MR আনকি পূর্ণ প্রতিযােগিতাতকৈ বেছি হ’ব পাৰে । 

প্রশ্ন ৫। তুমি ক’ব পাৰানে যে নিভাজ একচেটীয়া পৰিস্থিতিৰ অস্তিত্ব নাই ? চমুকৈ ব্যাখ্যা কৰা । 

উত্তৰঃ একচেটীয়া বজাৰৰ অস্তিত্ব বাস্তৱ পৃথিৱীত থাকিব নােৱাৰে । কাৰণ , সকলাে সামগ্ৰীয়েই এক অৰ্থত এটা আনটোৰ প্রতিকল্প । এইটো হােৱাৰ আকৌ কাৰণটো হ’ল এই যে সামগ্রী উৎপাদনকাৰী সকলাে প্রতিষ্ঠানে শেষ বিশ্লেষণত ভােক্তাৰ হাতত থকা আয়খিনি সংগ্রহ কৰিবলৈ এটাই আনটোৰ লগত ফেৰ মাৰে । 

প্রশ্ন ৬। একচেটীয়া বজাৰৰ বৈশিষ্ট্যবােৰ কি ? 

উত্তৰঃ একচেটীয়া বজাৰৰ বৈশিষ্ট্য হল— 

( ক ) একচেটীয়া বজাৰত কেৱল মাত্ৰ এজনহে বিক্রেতা থাকে । গতিকে তেওঁ কোনাে প্রতিযােগিতাৰ সন্মুখীন নহয় ।

( খ ) একচেটীয়া বজাৰত সামগ্ৰীটোৰ কোনাে বিকল্প নাথাকে । 

( গ ) একচেটীয়া বজাবত সামগ্ৰীটোৰ ব্যৱসায় কৰিবলৈ কোনাে নতুন বিক্রেতা বজাৰত প্রৱেশ কৰিব নােৱাৰে । 

( গ ) চমু উত্তৰৰ প্ৰশ্নাৱলী :

প্রশ্ন ১। একচেটীয়া ধৰণৰ প্ৰতিযােগিতাত হ্রস্বকালত এখন ব্যৱসায়িক প্রতিষ্ঠানৰ দাম উৎপন্ন নির্ধাৰণৰ বিষয়ে ব্যাখ্যা কৰা । 

উত্তৰঃ একচেটীয়া বজাৰ হৈছে এক বজাৰ গাঁথনি য’ত মাত্ৰ এজন বিক্রেতাই সামগ্ৰীটো উৎপন্ন কৰে , যিটো সামগ্ৰীৰ কোনাে বিকল্প সামগ্রী নাথাকে । তাৰােপৰি এনে বজাৰত কোনাে নতুন প্রতিষ্ঠানে প্রৱেশ কৰিব নােৱাৰে । যিহেতু একচেটীয়া ব্যৱসায়ীজন দাম নির্ধাৰণ কৰোঁতা , এনে বজাৰত সদায় AR আৰু MR ৰেখা দুডাল তলফালে ঢাল খায় য’ত MR ৰেখাড়াল AR ৰেখাৰ তলত থাকে । উল্লেখযোেগ্য যে AR ৰেখাড়াল হৈছে এনে ব্যৱসায়ী / বজাৰ চাহিদা ৰেখা ।

হ্রস্বকাল হৈছে এনে এটা সময় য’ত উৎপাদনকাৰীজনে কেতবােৰ উপাদান যেনে— মূলধন , স্থায়ী শ্রমিক আদিৰ পৰিৱৰ্তন কৰিব নােৱাৰে । অর্থাৎ হ্রস্বকালত স্থিৰ ব্যয় আৰু পৰিৱর্তনশীল ব্যয় থাকে । চিত্ৰৰ সহায়ত হ্রস্বাকলৰ ভাৰসাম্য অৱস্থা উপস্থাপন কৰা হ’ল ।

চিত্ৰৰ E ভাৰসাম্য বিন্দুত OQ ভাৰসাম্য উৎপন্ন , OP দামত বিক্ৰী কৰা হৈছে । ফলত বিক্রেতাজনৰ PACB অত্যাধিক লাভ অর্জন কৰে । কাৰণ ভাৰসাম্য উৎপন্নত দাম QA , গড় ব্যয় QC তকৈ CA পৰিমাণত অধিক । অর্থাৎ বিক্রেতাজনে চিত্ৰৰ ভাৰসাম্য অৱস্থাত সর্বোচ্চ লাভ উৎপন্ন কৰিবলৈ সক্ষম হয় । 

যদি কেতিয়াবা P = AVC হয় , বিক্রেতাজনে লােকচান বহন কৰিও উৎপন্ন কৰে । কাৰণ উৎপাদন বন্ধ কৰিলেও স্থিৰ ব্যয়বহন কৰিবলৈ বাধ্য । কিন্তু যদি AVC > P হয় , উৎপাদনকাৰীজনে উৎপাদন কার্যবন্ধ কৰে । অর্থাৎ হ্রস্বকালত ব্যৱসায়ীজনৰ অত্যাধিক লাভ বা লােকচান দুয়ােটাই হ’ব পাৰে । 

প্রশ্ন ২। এটা উৎপাদন গােট প্রান্তিক ৰাজহ ( MR ) সূচী তলত দিয়া হৈছে । মুঠ ৰাজহ ( TR ) আৰু গড় ৰাজহ ( AR ) সূচী নির্ণয় কৰা ।

পৰিমাণ12345678
MR2018171612852

উত্তৰঃ    

QTRMRAR
1202020
2183819
3175518.33
4167117.75
5128316.6
689115.16
759613.71
829812.25

প্রশ্ন ৩। এগৰাকী একচেটীয়া ব্যৱসায়ীৰ মুঠ ৰাজহ ( TR ) সূচী তলত দিয়া হৈছে । একচেটীয়া ব্যৱসায়ীগৰাকীৰ প্রান্তিক ৰাজহ ( MR ) আৰু চাহিদা ( AR ) সূচী নির্ণয় কৰা ।

পৰিমাণ12345678910
TR 203957728596106114120125

উত্তৰঃ

QTRMRAR
1202020
2391919.5
3571819
4721518
5851317
6961116
71061015.14
8114814.25
9120613.33
10125512.5

প্রশ্ন ৪। এটা উৎপাদন গােট প্রান্তিক আয় ( MR ) আৰু প্রান্তিক ব্যয় ( MC ) সূচী তলত দিয়া হৈছে । উৎপন্নৰ ( Q ) সন্তলন স্তৰ নিৰূপণ কৰা । 

Q12345678
MR3025222812853
MC2521181512182530

সন্তলন স্তৰ ( Q ) = 5 একক কাৰণ ইয়াত MR আৰু MC ৰ মান পৰম্পৰ সমান । 

প্রশ্ন ৫। দীর্ঘকালত একচেটীয়া লাভ কিয় আতৰি নাযায় ব্যাখ্যা কৰা । 

উত্তৰঃ এখন বজাৰ একচেটীয়া বজাৰ হ’বলৈ হ’লে মাত্ৰ এজন বিক্রেতা থাকে , সামগ্ৰীটোৰ কোনাে বিকল্প নাথাকে আৰু অন্য কোনাে নতুন প্রতিষ্ঠানে বজাৰত প্ৰৱেশ কৰিব নােৱাৰে । 

দীর্ঘকালত মুক্ত প্রৱেশ আৰু প্রস্থানৰ সহিতে পূর্ণপ্রতিযােগিতামূলক প্রতিষ্ঠানবােৰে শূন্যলাভ অর্জন কৰে । এইটো হােৱাৰ কাৰণ হ’ল , যদি প্রতিষ্ঠানবােৰে যােগাত্মক লাভ অর্জন কৰে তেতিয়া প্রতিষ্ঠানসমূহ বেছিকৈ বজাৰত সােমাব আৰু বর্ধিত উৎপাদনে দাম কমাব আৰু আগৰে পৰা থকা প্রতিষ্ঠানবােৰৰ আয় সংকুচিত হ’ব । একচেটীয়া প্ৰতিষ্ঠানৰ ক্ষেত্ৰত এয়া একে নহয় । যিহেতু আন প্রতিষ্ঠানত এই বজাৰত সােমাব দিয়া নহয় , একচেচীয়া প্রতিষ্ঠানে অর্জন কৰা লাভ দীর্ঘকালত গুচি নাযায় । ইয়াক চিত্রত দেখুওৱা হ’ল –

চিত্ৰৰ E ভাৰসাম্য বিন্দুত একচেটীয়া বিক্রেতা জনে OQ ভাৰসাম্য পৰিমাণ OP দামত বিক্ৰী কৰে । OP দাম > AC হােৱাত , বিক্রেতাজনে PABC লাভ কৰে । দীর্ঘকালত এনে বিক্রেতাই লাভ অর্জন কৰিলেহে উৎপাদন কৰে । 

প্রশ্ন ৬। এগৰাকী একচেটীয়া ব্যৱসায়ীৰ গড় ৰাজহ কার্য তলত দিয়া হৈছেঃ 

পৰিমাণ ( Q ):12345678
গড় আয় ( AR ): 4038353230282522

মুঠ ৰাজহ আৰু প্রান্তিক ৰাজহ কার্য নির্ণয় কৰা ।

উত্তৰঃ 

QMRTRAR
1404040
2387636
33510529
43212823
53015022
62816818
7251757
8221761

প্রশ্ন ৭। একাধিক বজাৰৰ সংজ্ঞা লিখা । অথবা , একাধিকাৰ প্রতিযােগিতামূলক বজাৰ কি ? 

উত্তৰঃ একাধিকাৰ প্ৰতিযােগিতামূলক বজাৰ হৈছে এনে এক বজাৰ গাঁথনি য’ত প্ৰতিষ্ঠানৰ সংখ্যা বহুতাে প্রতিষ্ঠানৰ মুক্ত প্রৱেশ আৰু প্ৰস্থান থাকে , কিন্তু তেওঁলােকে উৎপাদন কৰা দ্রব্যবােৰ একেজাতীয় হলেও সম্পূর্ণ সদৃশ নহয় । এনে বজাৰৰ প্রধান বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল— 

( ক ) বহুতাে প্রতিষ্ঠান :- ইয়াত থকা প্ৰতিষ্ঠানৰ সংখ্যা এজনতকৈ অধিক , কিন্তু অসংখ্য নহয় । 

( খ ) বিকল্পসামগ্রীঃ- পূর্ণ প্রতিযােগিতামূলক বজাৰৰ বিপৰীতে এনে বজাৰত দ্রব্য পৃথকীকৰণ দেখা যায় । অর্থাৎ এটা দ্ৰব্যৰ বিকল্প সামগ্রী থাকে । 

( গ ) বিজ্ঞাপন ব্যয়ঃ- এনে বজাৰত ব্যয় দুটা । যেনে— উৎপাদন ব্যয় আৰু বিজ্ঞাপন ব্যয় । বিজ্ঞাপন ব্যয় হ’ল এটা প্রতিষ্ঠানে অন্য প্রতিষ্ঠানৰ পৰা গ্ৰাহকক আকর্ষিত কৰিবলৈ ব্যৱহাৰ কৰা ব্যয় । ইয়াক বিক্রী ব্যয়াে বােলে । যেন – বিভিন্ন ধৰণৰ পেকেজিং , ট্রেড মার্ক , ৰেহাই মূল্যত বিক্রী ইত্যাদি । 

ওপৰত উল্লেখ কৰা বিভিন্ন বৈশিষ্ট্যৰ কাৰণে ইয়াৰ বিক্রেতাসমূহ এজন আনজনৰ ওপৰত কিছু পৰিমাণে হ’লেও নিৰ্ভৰশীল । কিন্তু বিক্ৰী দাম সদায় দ্রব্যটোৰ বিক্রেতাই নির্ধাৰণ কৰে । এনে বিক্রেতাই দাম হ্রাস কৰি বিক্ৰীৰ পৰিমাণ অধিক কৰে । ফলস্বৰূপে একচেটীয়া বজাৰৰ দৰেই চাহিদা ৰেখাডল ঋণাত্মক ঢালযুক্ত হয় । কিন্তু একচেটীয়া বজাৰতকৈ একাধিকাৰ বজাৰত অধিক বিক্রেতা থকাৰ কাৰণে চাহিদা ৰেখাডালৰ স্থিতিস্থাপকতা একচেটীয়া বজাতৰতৈ বেছি । ইয়াক তলত চিত্ৰৰ সহায়ত দেখুওৱা হ’ল ।

প্রশ্ন ৮। একচেটীয়া প্রতিষ্ঠান হ’ল দাম স্রষ্টা ব্যাখ্যা কৰা ।

উত্তৰঃ একচেটীয়া বজাৰ হৈছে এনে এক বজাৰ গাথনি য’ত মাত্ৰ এজন বিকল্প সামগ্রী নথকা দ্রব্য বিক্ৰী কৰে য’ত কোনাে নতুন প্রতিষ্ঠানে বজাৰত প্ৰৱেশ কৰিব নােৱাৰে । গতিকে একচেটীয়া বিক্রেতাজনে দাম উচ্চ স্তৰত কৰিলে বিক্রী কম হয় আৰু দাম হ্রাস কৰিলে বিক্রী বৃদ্ধি হয় । গতিকে এনে বজাৰৰ AR ৰেখাড়াল সাধাৰণ চাহিদা ৰেখা হয় । ফলস্বৰূপে AR ৰেখাড়াল চিত্রত দেখুওৱাৰ দৰে বাওপিনৰ ওপৰৰ পৰা সোপিনৰ তললৈ ঢাল খায় । 

চিত্ৰৰ AR ৰেখাড়ালে বিক্রেতাজনৰ চাহিদা ৰেখাও বুজাইছে । কাৰণ বিক্রেতাজনে দ্রব্যটোৰ দাম P ৰ পৰা P₁ লৈ হ্রাস কৰোঁতে বিক্ৰীৰ পৰিমাণ Q ৰ পৰা Q₁ লৈ বৃদ্ধি পাইছে । অর্থাৎ এনে বিক্রেতাই দাম সৃষ্টি কৰিব পাৰে । 

( ঘ ) দীঘলীয়া প্ৰশ্নোত্তৰ :

প্রশ্ন ১। এগৰাকী একচেটীয়া ব্যবসায় প্রান্তিক আয় ( MR ) আৰু প্রান্তিক ব্যয় ( MC ) সূচী তলত দিয়া হৈছেঃ এতিয়া , 

( ক ) উৎপন্নৰ সন্তুলন স্তৰ নির্ণয় কৰা । 

( খ ) সন্তুলন উৎপন্নত লাভৰ স্তৰ কি ? 

Q123456789
MR504542383230252018
MC705040352830343845

উত্তৰঃ  

QMRMCMR-MC
15070-20
24550-5
342402
438353
532284
630300
72534-9
82038-18
91845-27

উৎপন্নৰ সন্তুলন স্তৰ ( q ) = 6 একক , কাৰণ ইয়াত MR = MC হৈছে । 

( খ ) উৎপন্নৰ সন্তুলন স্তৰত ভােক্তাজনৰ লাভ ( π ) = TR – TC = 237 – 253 = – 16 , অৰ্থাৎ লােকচানহে , বহন কৰিব লগা হয় । 

প্রশ্ন ২। এগৰাকী একচেটীয়া ব্যৱসায়ীয়ে উৎপন্নৰ বিভিন্ন স্তৰত সম্মুখীন হােৱা মুঠ ব্যয় ( TC ) সূচী আৰু দাম স্তৰ ( P ) তলত দিয়া হৈছে : উৎপন্নৰ সন্তলন স্তৰ নিৰূপণ কৰা ।

Q12345678
TC2035455158667688
P15141312111098

উত্তৰঃ  

QTCPTR=P.Q( π )=TR-TC
1201515-5
2351428-7
3451339-6
4511248-3
5581155-3
6661060-6
776963-13
888864-24

উৎপন্নৰ সন্তুলন স্থৰত TR আৰু TC ৰ পার্থক্য সর্বাধিক হ’ব লাগিব । ইয়াত TR আৰু TC ৰ পার্থক্য সকলাে এককৰ বিপৰীতে ঋণাত্মক , গতিকে এনে তথ্যৰ ভেটিত ভাৰসাম্য সম্ভলন নির্ণয় কৰিব নােৱাৰি । 

প্রশ্ন ৩। এগৰাকী একচেটীয়া ব্যৱসায়ীৰ মুঠ ৰাজহ ( TR ) আৰু মুঠ ব্যয় ( TC ) সূচী তলৰ তালিকাত দিয়া হৈছেঃ 

Q12345678910
TR30567781103113122129134138
TC35628297105115130152187137

( ক ) প্রান্তিক আয় ( MR ) আৰু প্রান্তিক ব্যয় ( MC ) সূচী নির্ণয় কৰা ৷ 

( খ ) উৎপন্নৰ সন্তুলন স্তৰ উলিওৱা । 

উত্তৰঃ 

QTCTCMRMC
130353035
256622627
377822120
48197415
5103105228
61131151010
7122130915
8129152722
9134187535
10138137450

( b ) বিক্রেতাজনে 6 নম্বৰ গােট উৎপাদনত ভাৰসাম্য লাভ কৰিছে । 

প্রশ্ন ৪। একচেটীয়া ব্যৱসায়িক প্রতিষ্ঠান হ’ল এক দাম স্ৰজক ’ – ব্যাখ্যা কৰা । 

উত্তৰঃ একচেটীয়া বজাৰ হ’ল এনে এক বজাৰ ব্যৱস্থা য’ত কেৱল মাত্ৰ এজন ব্যক্তিয়ে দ্রব্যটোৰ সমগ্ৰ বজাৰ যােগান । দ্রব্যটোৰ কোনাে বিকল্প দ্রব্যও বজাৰত ক্ৰয় কৰিবলৈ গ্রাহকে নাপায় । অর্থাৎ বিক্রেতাজনে দ্রব্যটোৰ দাম নির্ধাৰণ কৰি বজাৰত বিক্ৰী কৰে । গতিকে একচেটীয়া বিক্রেতাজনক দাম স্ৰজক বুলি কোৱা হয় । 

এজন একচেটীয়া বিক্রেতাই যি দামত দ্রব্যৰ এক একক বিক্রী কৰে তাকে গড় আয় বা AR বােলে । আনহাতে MR হ’ল একচেটীয়া বিক্রেতাজনে প্রান্তিক একক বিক্ৰী কৰি পােৱা আয় । অর্থাৎ AR আৰু MR ৰ মাজত এক বিশেষ সম্পর্ক আছে । একচেটীয়া বিক্রেতাজনে উৎপাদিত দ্রব্যৰ বিক্ৰীৰ পৰিমাণ বৃদ্ধি কৰিবলৈ দামৰ পৰিমাণ হ্রাস কৰে । অর্থাৎ দাম উচ্চ স্তৰত নিৰ্ধাৰণ কৰিলে বিক্রী কম হয় আৰু দাম হ্রাস কৰিলে বিক্রী বৃদ্ধি হয় । ফলত AR ৰ মান সদায় MR তকৈ অধিক হয় । ইয়াক তলৰ তালিকাত দেখুওৱা হ’ল ।

পৰিমাণ ( Q ) দাম ( P ) = ARTR = AR.Q MR 
1101010
29188
38246
47284

তালিকাৰ পৰা স্পষ্ট যে একচেটীয়া বিক্রেতাজনে দাম হ্রাস কৰিলে বিক্ৰীৰ পৰিমাণ বৃদ্ধি হয় । ফলস্বৰূপে AR হ্রাস হােৱাত MR ৰ মানাে হ্রাস হয় । ইয়াত MR হ্রাস হােৱাৰ হাৰ , AR হ্রাস হােৱাৰ হাৰতকৈ অধিক । গতিকে MR ৰেখাড়াল চিত্রত দেখুওৱাৰ দৰে AR ৰ ওপৰত থাকে । MR কিন্তু AR আৰু MR দুয়ােডাল ৰেখাই বাঁওফালৰ পৰা সেফালৰ তললৈ ঢাল খােৱা হয় । 

প্রশ্ন ৫। এখন কাল্পনিক তালিকা আৰু ৰেখা চিত্ৰৰ সহায়ত এখন একচেটীয়া ব্যৱসায়িক প্রতিষ্ঠানৰ TR , AR আৰু MR ৰ মাজৰ সম্পর্ক ব্যাখ্যা কৰা । 

উত্তৰঃ একচেটীয়া বজাৰ হৈছে এনে এক বজাৰ গাঁথনি যত মাত্ৰ এজন বিক্রেতাই বিকল্প নথকা সামগ্রী বিক্ৰী কৰে আৰু সেই সামগ্ৰীটো উৎপাদন কৰিবলৈ নতুন প্রতিষ্ঠান বজাৰলৈ প্রৱেশ কৰাত প্রতিবন্ধকতা থাকে । আমি জানাে যে এখন বজাৰত দাম সদায় গড় আয় বা AR । আনহাতে , মুঠ আয় ( TR ) হৈছে সামগ্ৰীটোৰ দাম আৰু বিক্ৰীৰ পূৰণফল । অর্থাৎ TR = AR x Q । আকৌ বিক্রেতাজনৰ প্রান্তিক আয় ( MR ) হৈছে প্রান্তিক গােটৰ পৰা লাভ কৰা , বিক্ৰী আয় । অর্থাৎ MR = TRn – TR , য’ত n = মুঠ বিক্ৰীৰ পৰিমাণ ।

তলৰ তালিকাৰ পৰা একচেটীয়া বজাৰৰ AR , TR আৰু MR ৰ সম্পর্ক ব্যাখ্যা কৰিব পাৰি –

একক ( Q ) AR = R টকা TR = AR.Q MR = TRn -TR 
1555
2483
3391
428-1
515-3

ওপৰৰ তালিকাখনৰ AR , TR আৰু MR ৰ সম্পৰ্কক কাষৰ চিত্ৰত উপস্থাপন কৰিব পাৰি ।

চিত্ৰৰ পৰা স্পষ্ট যে TR সর্বোচ্চ হ’লে MR = 0 হয় । ইয়াৰ পিছত TR হ্রাস পােৱাৰ লগে লগে MR বিয়ােগাত্মক হয় । 

প্রশ্ন ৬। দেখুওৱা যে উৎপন্নৰ যিকোনাে স্তৰত এখন একচেটীয়া ব্যৱসায়িক প্রতিষ্ঠান প্রান্তিক আয় উৎপন্নৰ সেই স্তৰতে মুঠ আয় ৰেখাৰ প্ৰৱণতাৰ জৰিয়তে থাকিব পাৰে । 

উত্তৰঃ একচেটীয়া বজাৰত এজন বিক্রেতাই দ্রব্যটো সমগ্র যােগান নিয়ন্ত্রণ কৰে । তেওঁ দাম স্ৰজন কৰিব পাৰে কাৰণ দ্রব্যটোৰ কোনাে নিকট বিকল্প দ্রব্য নাথাকে ফলত দাম হ্রাস কৰি বিক্ৰী কৰিব পাৰে । দাম আৰু বিক্ৰীৰ পৰিমাণৰ মাজত বিপৰীতমুখী সম্পৰ্কৰ কাৰণে TR ৰেখাড়াল তলৰ চিত্ৰত দেখুওৱাৰ দৰে প্রথমে ওপৰলৈ ঢাল খায় আৰু সর্বোচ্চ বিন্দু পােৱাৰ পিছত এই ৰেখাড়াল তললৈ ঢাল খায় । 

আনহাতে উৎপন্নৰ যিকোনাে পৰিমাণত প্রান্তিক আয় আমি মুঠ আয় ৰেখাৰ পৰা নির্ণয় কৰিব পাৰাে । প্রান্তিক আয় হ’ল প্রান্তিক একক বিক্ৰী কৰি পােৱা আয় । এটা অতিৰিক্ত গােট বিক্ৰীৰ ফলত মুঠ বিক্রী TR আয়ৰ পৰিৱৰ্তনক প্রান্তিক বিক্রী আয় বুলি অভিহিত কৰা হয় । যেতিয়া বিক্ৰীৰ পৰিমাণ বাঢ়ি যায় , মুঠ বিক্রী আয় বেছি লাহে লাহেকৈ বৃদ্ধি পায় আৰু পৰিমাণ সর্বোচ্চ হােৱাৰ পাছত মুঠ বিক্ৰী আয় কমিবলৈ ধৰে।

পৰিমাণ q বঢ়াৰ লগে লগে প্রান্তিক বিক্রী আয়ৰ মান কমি যায় । পৰিমাণ Q গােট পােৱাৰ পিছত প্রান্তিক বিক্রী আয়ৰ মান ঋণাত্মক হয় । কাষৰ চিত্ৰত বক্ৰৰেখাডালৰ দ্বাৰা প্রান্তিক বিক্রী , আয় অংকিত কৰা হ’ল ।

প্রশ্ন ৭। ৰেখা চিত্রৰ সহায়ত এখন একচেটীয়া বজাৰৰ AR আৰু MR ৰ মাজৰ সম্পর্ক ব্যাখ্যা কৰা । 

উত্তৰঃ এখন একচেটীয়া বজাৰ হ’বলৈ হ’লে মাত্ৰ এজন বিক্রেতা থাকে , সামগ্ৰীটোৰ কোনাে বিকল্প নাথাকে আৰু অন্য কোনাে নতুন প্রতিষ্ঠানে বজাৰত প্ৰৱেশ কৰিব নােৱাৰে । 

এজন একচেটীয়া বিক্রেতাই যি দামত দ্রব্যৰ এক একক বিক্রী কৰে তাকে গড় আয় বা AR বােলে । আনহাতে MR হ’ল একচেটীয়া বিক্রেতাজনে প্রান্তিক একক বিক্ৰী কৰি পােৱা আয় । অর্থাৎ AR আৰু MR ৰ মাজত এক বিশেষ সম্পর্ক আছে । একচেটীয়া বিক্রেতাজনে উৎপাদিত দ্রব্যৰ বিক্ৰীৰ পৰিমাণ বৃদ্ধি কৰিবলৈ দামৰ পৰিমাণ হ্রাস কৰে । অর্থাৎ দাম উচ্চ স্তৰত নিৰ্ধাৰণ কৰিলে বিক্রী কম হয় আৰু দাম হ্রাস কৰিলে বিক্রী বৃদ্ধি হয় । ফলত AR ৰ মান সদায় MR তকৈ অধিক হয় । ইয়াক তলৰ তালিকাত দেখুওৱা হ’ল । 

পৰিমাণ ( Q ) দাম ( P ) = AR TR = AR.Q MR 
1101010
29188
38246
47284

তালিকাৰ পৰা স্পষ্ট যে একচেটীয়া বিক্রেতাজনে দাম হ্রাস কৰিলে বিক্ৰীৰ পৰিমাণ বৃদ্ধি হয় । ফলস্বৰূপে AR হ্রাস হােৱাত MR ৰ মানাে হ্রাস হয় । ইয়াত MR হ্রাস হােৱাৰ হাৰ , AR হ্রাস হােৱাৰ হাৰতকৈ অধিক । গতিকে MR ৰেখাড়াল  চিত্রত দেখুওৱাৰ দৰে AR ৰ ওপৰত থাকে । কিন্তু AR আৰু MR দুয়ােডাল ৰেখাই বাওফালৰ পৰা সোঁফালৰ তললৈ ঢাল খােৱা হয় । 

চিত্ৰৰ পৰা স্পষ্ট যে দাম হ্রাস হােৱাত চাহিদাৰ পৰিমাণ বৃদ্ধি হয় । সেয়েহে এনে বজাৰৰ AR ৰেখাড়ালক চাহিদা ৰেখাও বােলা হয় । 

প্রশ্ন ৮। শূন্য ব্যয়ৰ ধাৰণাৰে এখন একচেটীয়া বজাৰৰ হ্রস্বকালীন সন্তুলনৰ ধাৰণাটো ব্যাখ্যা কৰা ।

উত্তৰঃ ধৰাহ’ল আন গাওবােৰৰ পৰা যথেষ্ট বহু দূৰত এখন গাও অৱস্থিত । এই গাঁওখনত এটাই মাত্ৰ কুঁৱা আছে য’ৰ পৰা পানী পােৱা যায় । গাঁওখনৰ সকলাে বাসিদাই তেওঁলােকৰ প্রয়ােজনীয় পানীৰ বাবে এই কুঁৱাটোৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল । এই কুঁৱাটোৰ মালিক এজন ব্যক্তি যিয়ে পানী ক্ৰয় কৰা ব্যক্তিসকলৰ বাদে আনসকলে কুঁৱাটোৰ পৰা পানী সংগ্রহ কৰাত বাধা দিবলৈ সক্ষম হয় । যি ব্যক্তিয়ে পানী কিনে, তেওঁ কুৱাৰ পৰা পানী সংগ্রহ কৰি ল’ব লাগে । গতিকে , কুঁৱাটোৰ মালিকজন এটা একচেটীয় প্রতিষ্ঠান যিয়ে দ্রব্যবিধ উৎপাদন কৰোঁতে বহন কৰা ব্যয় হ’ল শূন্য । 

বিক্ৰী হােৱা পানীৰ পৰিমাণ আৰু দাম নির্ধাৰণ কৰিবলৈ শূন্য ব্যয় বহনকাৰী একচেটীয়া প্ৰতিষ্ঠানৰ এই সৰল উদাহৰণটো চিত্ৰত দেখুওৱা হ’ল । 

প্রতিষ্ঠানটোৱে পােৱা মুঠ বিক্রী আয়ৰ পৰা মুঠ ব্যয় বিয়ােগ কৰিলে প্রতিষ্ঠানটোৱে অৰ্জন কৰা লাভ পােৱা যায় । অর্থাৎ লাভ = মুঠ বিক্রী আয় – মুঠ ব্যয় । যিহেতু এই উদাহৰণটোত মুঠ ব্যয় শূন্য , যেতিয়া মুঠ বিক্রী আয় সর্বোচ্চ হয় , তেতিয়া লাভ সর্বোচ্চ হয় । আমি লক্ষ্য কৰিছো যে এইটো সংঘটিত হয় যেতিয়া উৎপন্নৰ পৰিমাণ Q গােট হয় । উৎপন্নৰ এই স্তৰত প্রান্তিক বিক্রী আয় শূন্যৰ সমান হয় । ‘ a ‘ ৰ পৰা আনুভূমিক অক্ষলৈ উলম্ব ৰেখাখণ্ডৰ দূৰত্বই লাভৰ পৰিমাণ দিয়ে । 

ভােত্তাবােৰে সমূহীয়াভাৱে যিটো দাম দিবলৈ ইচ্ছুক , সেই দামতেই এই উৎপন্নখিনি বিক্ৰী কৰা হ’ব । বজাৰ চাহিদা ৰেখা D ৰ পৰা এয়া পােৱা যায় । Q গােটৰ উৎপন্ন স্তৰত দাম হ’ল P টকা । যিহেতু বজাৰ চাহিদা ৰেখাডাল একচেটীয়া  প্রতিষ্ঠানটোৰ বাবে গড় বিক্ৰী আয় ৰেখা , P টকা হ’ল প্রতিষ্ঠানটোৱে লাভ কৰা গড় বিক্রী আয় । গড় বিক্ৰী আয় আৰু বিক্ৰীৰ পৰিমাণ পূৰণ কৰি মুঠ উৎপন্ন বিক্রী আয় পােৱা যায় , অর্থাৎ P টকা x Q গােট । 

প্রশ্ন ৯। এগৰাকী একচেটীয়া ব্যৱসায়ীয়ে কিদৰে লাভ অর্জন কৰে তাক মুঠ ব্যয় ৰেখা আৰু মুঠ আয় ৰেখা ব্যৱহাৰ কৰি দেখুওৱা । 

উত্তৰঃ একচেটীয়া বজাৰ হ’ল এনে এখন বজাৰ য’ত এজন মাত্র বিক্রেতাই সামগ্ৰীটো উৎপন্ন কৰে যাৰ কোনাে বিকল্প সামগ্রী নাথাকে । তাৰােপৰি এনে বজাৰত বিক্রেতাৰ কোনাে প্রৱেশ নঘটে বা প্রৱেশত বাধা থাকে । গতিকে একচেটীয়া ব্যৱসায়ীজনে বিক্ৰীৰ পৰিমাণ সর্বাধিক কৰিবলৈ গৈ দামৰ পৰিমাণ হ্রাস কৰে । ফলত MR ৰেখাড়াল AR ৰেখাৰ তলত থাকে আৰু TR বেখাড়াল ক্রমে ওপৰলৈ ঢাল খাই সর্বোচ্চ বিন্দু পােৱাৰ পিছত তললৈ নামি আহে । আনহাতে পৰিৱৰ্তনশীল অনুপাত বিধি অনুসৰি হ্রস্ব কালত TC ৰেখাড়ালে ইংৰাজী বর্ণমালাৰ প্রায় S বর্ণটোৰ আকৃতি লয় । উল্লেখযােগ্য যে লাভ ( π ) = TR – TC আৰু য’তেই সর্বাধিক হয় , সেই এককটোৱেই হ’ব ভাৰসাম্য উৎপন্ন বা একক । ইয়াক লৈখিক চিত্রৰ সহায়ত দেখুওৱা হ’ল ।

চিত্ৰত X অক্ষত পৰিমাণ / একক / উৎপাদন / উৎপন্ন দেখুওৱা হৈছে । আনহাতে Y অক্ষত আয় আৰু ব্যয় তথা দাম দেখুওৱা হৈছে । চিত্রৰ Qₒ উৎপন্ন TR আৰু TC ৰ পার্থক্য সর্বাধিক হােৱাত ভােক্তাজনৰ ভাৰসাম্য উৎপন্ন হ’ব Qₒ ৷ উল্লেখযােগ্য যে Q আৰু Q₁ উৎপন্নত TR আৰু TC পৰম্পৰ সমান হােৱাত , লাভ ( π ) = 0 হয় । লাভ ৰেখাডাল X অক্ষৰ তলত থাকে যেতিয়া TC > TR হয় । 

প্রশ্ন ১০। এগৰাকী একচেটীয়া ব্যৱসায়ীয়ে কিদৰে ইয়াৰ সন্তুলন স্তৰত উপনীত হয় তাক গড় আৰু প্রান্তিক ব্যয় ৰেখা ব্যৱহাৰ কৰি ব্যাখ্যা কৰা । এই ক্ষেত্ৰত সর্বাধিক লাভৰ স্তৰটো দেখুওৱা । 

উত্তৰঃ আমি গড় আৰু প্রান্তিক বিক্রী আয় আৰু গড় আৰু প্রান্তিক ব্যয় ব্যৱহাৰ কৰি কৰিব পাৰাে । তলৰ চিত্ৰত গড় ব্যয় ( AC ) আৰু প্রান্তিক ব্যয় ( MC ) ৰেখাবােৰ চাহিদা ( গড় বিক্রী আয় ) ৰেখা আৰু প্রান্তিক বিক্রী আয় ৰেখাৰ লগত অংকন কৰা হৈছে । 

চিত্ৰত দেখা গৈছে যে qₒ তকৈ কম পৰিমাণৰ স্তৰত , প্রান্তিক বিক্রী আয়ৰ স্তৰ প্রান্তিক ব্যয়ৰ স্তৰতকৈ বেছি । ইয়ে বুজায় যে সামগ্ৰীৰ এটা অতিৰিক্ত গােট বিক্রী কৰিলে মুঠ বিক্ৰী আয়ত হােৱা বৃদ্ধি অতিৰিক্ত গােটটো উৎপাদন কৰোঁতে মুঠ ব্যয়ত হােৱা বৃদ্ধিতকৈ বেছি । ইয়াৰ অর্থ হ’ল উৎপন্নৰ এটা অতিৰিক্ত গােটে  অতিৰিক্ত লাভৰ সৃষ্টি কৰিব , যিহেতু লাভৰ পৰিৱৰ্তন = মুঠ বিক্ৰী আয়ৰ পৰিৱৰ্তন – মুঠ ব্যয়ৰ পূৰিৱর্তন । 

গতিকে , প্রতিষ্ঠানটোৱে যদি qₒ উৎপন্ন স্তৰতকৈ কম উৎপাদন কৰি আছে , তেতিয়া হ’লে প্রতিষ্ঠানটোৱে নিজৰ লাভ বৃদ্ধিৰ বাবে উৎপন্ন বৃদ্ধি কৰিবলৈ ইচ্ছুক হয় । যেতিয়ালৈকে MR ৰেখাড়াল MC ৰেখাতকৈ ওপৰত থাকিব , ওপৰত উল্লিখিত যুক্তি প্রয়ােয্য হ’ব আৰু গতিকে প্রতিষ্ঠানটোৱে ইয়াৰ উৎপন্ন বৃদ্ধি কৰিব । যেতিয়া প্রতিষ্ঠানটোৱে qₒ উৎপন্ন স্তৰত উপনীত হ’ব , এই প্রক্রিয়াটো বন্ধ হ’ব কাৰণ এই স্তৰত প্রান্তিক বিক্রী আয় প্রান্তিক ব্যয়ৰ সমান হ’ব আৰু ইয়াতকৈ বেছি উৎপাদন বৃদ্ধিয়ে লাভ বৃদ্ধি নকৰে । 

আনহাতে প্রতিষ্ঠানটোৱে যদি qₒ তকৈ বেছি উৎপন্ন স্তৰত উৎপাদন কৰি আছিল , তেনেহ’লে প্রান্তিক ব্যয় প্রান্তিক বিক্রী আয়তকৈ বেছি । ইয়ে বুজায় যে এক গােট উৎপন্ন কমালে মুঠ বায়ত হােৱা হ্রাস এই গােটটোৰ উৎপাদন কমােৱাৰ বাবে মুঠ বিক্ৰী আয়ত হােৱা হ্রাসতকৈ বেছি । গতিকে , প্রতিষ্ঠানটোক উৎপাদন কমাবলৈ উপদেশ দিয়াটো যুগুত হ’ব। 

এই যুক্তিটো তেতিয়ালৈকে খাটিব যেতিয়ালৈকে প্রান্তিক ব্যয় ৰেখাড়াল প্রান্তিক বিক্রী আয় ৰেখাৰ ওপৰত থাকিব আৰু প্রতিষ্ঠানটোৱে ইয়াৰ উৎপাদন কমাব । যেতিয়াই উৎপন্ন স্তৰ q₀পাব , প্রান্তিক ব্যয় আৰু প্রান্তিক বিক্রী আয়ৰ মান সমান হ’ব আৰু প্রতিষ্ঠানটোৱে ইয়াৰ উৎপাদন হ্রাস বন্ধ কৰিব । 

যিহেতু প্রতিষ্ঠানটোৱে অনিবার্যভাৱে q₀ উৎপন্ন স্তৰ আহৰণ কৰে , এই স্তৰটোক কোৱা হয় ভাৰসাম্য উৎপন্ন স্তৰ । যিহেতু প্রান্তিক বিক্রী আয় আৰু প্রান্তিক ব্যয় সমান হােৱা বিন্দু অনুযায়ী এই ভাৰসাম্য উৎপন্ন স্তৰটো নিৰ্ধাৰণ হয় , এই সমানতা ( MR = MC ) টো একচেটীয়া প্রতিষ্ঠান এটাৰ উৎপন্ন উৎপাদনৰ ভাৰসাম্যতাৰ চৰ্ত বুলি কোৱা হয় । 

প্রশ্ন ১১। ব্যৱসায়িক প্রতিষ্ঠানে তাৰ দাম উৎপন্ন নির্ধাৰণত দেখুৱাব পৰা আচৰণৰ ভিত্তিস্বৰূপ তিনিটা চর্ত ব্যাখ্যা কৰা । 

উত্তৰঃ ব্যৱসায়িক প্রতিষ্ঠানে তাৰ দাম উৎপন্ন নির্ধাৰণত দেখুৱাব পৰা আচৰণৰ ভিত্তিস্বৰূপ তিনিটা চর্ত হ’ল –

চর্ত 1:- প্ৰথমতে , দ্বয়াধিকাৰ প্রতিষ্ঠান দুটাই গােপনে একলগ লাগিব পাৰে আৰু ইজনে আনজনৰ লগত প্রতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত ল’ব পাৰে আৰু এইদৰে দুয়ােটা প্রতিষ্ঠান মুঠ লাভ একেলগে সর্বোচ্চ কৰিব পাৰে । তেনে ক্ষেত্রত প্রতিষ্ঠান দুটাই একক একচেটীয়া প্রতিষ্ঠান নিচিনাকৈ আচৰণ কৰিব যিটোৰ সামগ্ৰীটো উৎপাদনৰ বাবে দুটা বেলেগ বেলেগ কাৰখানা , আছে । 

চর্ত 2:- দ্বিতীয়তে , দ্বয়াধিকাৰৰ এটা উদাহৰণ লােৱা হয় য’ত দুয়ােটা প্রতিষ্ঠানৰ প্রতিটোৱে নিজৰ লাভ সর্বোচ্চকাৰী কিমান পৰিমাণে উৎপাদন কৰিব সেই বিষয়ে সিদ্ধান্ত গ্রহণ কৰে এইটো ধৰি লৈ যে আন প্রতিষ্ঠানটোৰে নিজে যােগান ধৰি থকা পৰিমাণ পৰিৱৰ্তন নকৰিব । 

চর্ত 3:- তৃতীয়তে কিছুমান অর্থনীতিবিদে যুক্তি দর্শায় যে স্বল্পাধিকাৰ বজাৰ গাঁথনিয়ে সামগ্ৰীটোৰ বজাৰ দাম অদমনীয় কৰি তােলে , অর্থাৎ চাহিদা পৰিৱৰ্তনৰ লগে লগে বজাৰ দাম মুক্তভাৱে বিচৰণ নকৰে । কোনাে এটা প্রতিষ্ঠানে দাম পৰিৱৰ্তন আৰম্ভ কৰিলে বাকী স্বল্পাধিকাৰ প্রতিষ্ঠানটোৱে কি ধৰণে প্রতিক্রিয়া কৰে তাতেই ইয়াৰ কাৰণ নিহিত হৈ থাকে । এটা প্রতিষ্ঠানে যদি ভাবে যে দাম বৃদ্ধিয়ে লাভ বৃদ্ধি কৰিব আৰু গতিকে , প্রতিষ্ঠানটোৱে বিক্ৰী কৰা উৎপন্ন দাম বৃদ্ধি কৰে তেতিয়া বাকী প্রতিষ্ঠানবােৰে এয়া অনুসৰণ নকৰে । দাম বৃদ্ধিয়ে গতিকে প্রতিষ্ঠানটোৰ বিক্ৰী বৃহৎ পৰিমাণে কমাৰ , যিয়ে প্রতিষ্ঠানটোৰ বিক্ৰী আয় আৰু লাভাে কমাব ।

সেয়ে , কোনাে প্রতিষ্ঠানৰ বাবে দাম বঢ়োৱাটো যুক্তিসঙ্গত নহয় । আনহাতে , প্রতিষ্ঠান এটাই হয়তাে হিচাপ কৰিব পাৰে যে অধিক পৰিমাণৰ উৎপন্ন বিক্ৰীৰ জৰিয়তে বেছিকৈ বিক্রী আয় আৰু লাভ অর্জন কৰিব পৰা যাব আৰু সেয়ে মামগ্ৰীটো বিক্ৰী কৰা দাম কমাই দিয়ে । আন প্রতিষ্ঠানবােৰে এয়া এটা ভাবুকি বুলি ধাৰণা কৰিব আৰু সেয়েহে প্রথম প্রতিষ্ঠানটোক অনুসৰণ কৰিব আৰু তেওঁলােকৰ দামাে কমাই দিব । গতিকে, দাম কমাৰ ফলত মুঠ বিক্ৰীৰ পৰিমাণ যিখিনি বৃদ্ধি পায় সেইখিনিৰ ভাগ সকলাে প্রতিষ্ঠানে পায় আৰু যিটো প্রতিষ্ঠানে প্রথমতে দাম কমাইছিল সেইটোৱে বিক্ৰী কৰা পৰিমাণত মাত্র অলপহে বৃদ্ধি কৰিবলৈ সক্ষম হ’ব । 

প্রথম প্রতিষ্ঠানটোৰ দ্বাৰা তুলনামূলকভাৱে বেছিকৈ দাম কমালে বিক্ৰীৰ পৰিমাণ তুলনামূলকভাৱে কমকৈ বৃদ্ধি পাব । এইদৰে এই প্রতিষ্ঠানটোৱে এডাল অস্থিতিস্থাপক চাহিদা ৰেখা অনুভৱ কৰিব আৰু ইয়াৰ দাম কমােৱাৰ সিদ্ধান্তই প্রতিষ্ঠানটোৰ বিক্ৰী আয় আৰু লাভ কমাই আনিব । কোনাে প্রতিষ্ঠানে সেইবাবে প্রচলিত দাম পৰিৱৰ্তন কৰাটো যুক্তিসংগত যেন নেদেখিব আৰু ইয়ে দামক পূর্ণ প্রতিযােগিতাতকৈ বেছি আকর্ষণীয় কৰিব । 

প্রশ্ন ১২। এগৰাকী একচেটীয়া ব্যৱসায়ীৰ মুঠ ব্যয় ( TC ) আৰু মুঠ আয় ( TR ) তলত দিয়া ধৰণৰ : 

পৰিমাণ ( Q ) :1234567
গড় আয় ( AR ) :20385365758388
মুঠ ব্যয় ( TC ) : 1573742526787

উৎপন্ন সন্তুলন স্তৰ নির্ণয় কৰা ।

উত্তৰঃ 

QARTR=AR.QTCলাভ ( π ) =TR-TC
12020155
23876769
35315937122
46516042218
57537552323
68349867431
78861687529

লাভ সর্বাধিক 7 একক হৈছে । কাৰণ এই এককৰ বিপৰীতে TR আৰু TC ৰ পার্থক্য সর্বাধিক । গতিকে সন্তুলন স্তৰ ( q ) = 7 একক । 

প্রশ্ন ১৩। একাধিকাৰ বজাৰ প্রতিষ্ঠান এখনৰ উৎপাদনৰ পৰিমাণ পূৰ্ণ প্রতিযােগিতামূলক বজাৰৰ ব্যৱসায় প্রতিষ্ঠান এখনৰ তুলনাত অধিক / কম নে সমান লিখা । 

উত্তৰঃ পূর্ণ প্রতিযােগিতামূলক বজাৰতকৈ একাধিকাৰ বজাৰৰ প্রতিষ্ঠান এটাই কম উৎপাদন কৰিবলৈ সক্ষম হয় । কাৰণ ভাৰসাম্য অৱস্থাত প্রান্তিক ব্যয় ( MC ) ৰ পৰিমাণ প্রান্তিক আয় ( MR ) ৰ সৈতে সমান আৰু প্রান্তিক ব্যয় ( MC ) ৰেখাই প্রান্তিক আয় ( MR ) ৰেখাক তলফালৰ পৰা ছেদ কৰে । এনে বজাৰ চাহিদা ৰেখাড়াল স্থিতিস্থাপক চাহিদা ৰেখা হােৱাত প্রান্তিক আয় ( MR ) ৰেখাডাল চাহিদা ৰেখাৰ তলত থাকে । আনহাতে পূর্ণ প্রতিযােগিতামূলক বজাৰত প্রতিষ্ঠান এটা দাম গ্রহণ কৰোঁতা কাৰণে চাহিদা ৰেখা আৰু প্রান্তিক আয় ( MR ) ৰেখা দুডাল অভিন্ন হৈ থাকে আৰু চাহিদা ৰেখা তথা প্রান্তিক আয় ৰেখা X অক্ষৰ সমান্তৰাল হয় । ফলস্বৰূপে পূর্ণ প্রতিযােগিতামূলক বজাৰৰ ভাৰসাম্য অৱস্থাত প্রতিষ্ঠান এটাৰ উৎপাদনৰ পৰিমাণ একাধিকাৰ বজাৰৰ প্রতিষ্ঠানতকৈ অধিক হয় । ইয়াক তলৰ চিত্ৰত দেখুওৱা হ’ল । 

চিত্রত E বিন্দুয়ে একাধিকাৰ বজাৰৰ প্রতিষ্ঠান এটাৰ আৰু E₁ বিন্দুয়ে পূর্ণ প্রতিযােগিতামূলক বজাৰৰ ভাৰসাম্য দেখুওৱা হৈছে । E₁বিন্দুৰ ভাৰসাম্য পৰিমাণ ( OQ₁) E বিন্দুৰ ভাৰসাম্য পৰিমাণতকৈ ( OQ₀ ) অধিক , কিন্তু E বিদূৰ ভাৰসাম্য দাম ( OP₁ ) E₁ বিন্দুৰ ভাৰসাম্য দামতকৈ ( OP₀ ) অধিক ।

2 thoughts on “Class 11 Economics Chapter 25 অ-প্ৰতিযোগিতামূলক বজাৰ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top