Class 11 Economics Chapter 21 উপভোক্তাৰ আচৰণৰ তত্ত্ব

Class 11 Economics Chapter 21 উপভোক্তাৰ আচৰণৰ তত্ত্ব Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters AHSEC Class 11 Economics Chapter 21 উপভোক্তাৰ আচৰণৰ তত্ত্ব and select needs one.

Class 11 Economics Chapter 21 উপভোক্তাৰ আচৰণৰ তত্ত্ব

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 11 Economics Chapter 21 উপভোক্তাৰ আচৰণৰ তত্ত্ব Solutions for All Subject, You can practice these here…

উপভোক্তাৰ আচৰণৰ তত্ত্ব

Chapter – 2

প্ৰথম খণ্ড

( ক ) অতি চমু উত্তৰঃ

প্রশ্ন ১। উপযােগিতাৰ সংজ্ঞা দিয়া । 

উত্তৰঃ বস্তুৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাকে উপযােগিতা বােলে । 

প্রশ্ন ২। এজন উপভােক্তাৰ উপযােগিতাক কিহে প্রতিনিধিত্ব কৰে ? 

উত্তৰঃ চাহিদাই । 

প্রশ্ন ৩। এজন উপভােক্তাৰ বাবে নির্ধাৰিত বাজেট কি ? 

উত্তৰঃ সীমিত আয়ক বুজায় । 

প্রশ্ন ৪। বাজেট ৰেখা কি ? 

উত্তৰঃ বাজেট ৰেখাডাল সেইবিলাক টোপােলাৰ দ্বাৰা গঠিত যিবিলাক উপভােগৰ ব্যয় উপভােক্তাজনৰ আয়ৰ ঠিক সমান। 

প্রশ্ন ৫। বাজেট ৰেখাৰ হেলনীয়াটো কি ? 

উত্তৰঃ এটা দ্রব্যৰ এক এককতকৈ অধিক উপভােগ কৰিলে আনটো দ্রব্যৰ অলপ পৰিমাণ উপভােগৰ পৰা বিৰত থকা বুজায় । 

প্রশ্ন ৬। প্রান্তিক উৎপাদন শূন্য হলে মুঠ উৎপাদন কি হ’ব ? 

উত্তৰঃ সর্বোচ্চ । 

প্রশ্ন ৭। উপভােক্তাৰ বাজেট ৰেখাৰ হেলনীয়াটোৱে কি নির্ধাৰণ কৰে । 

উত্তৰঃ বাজেট ৰেখাৰ হেলনীয়াটো হৈছে ঋণাত্মক । অর্থাৎ বাজেট ৰেখাৰ হেলনীয়াটোৱে এই ৰেডালত এবিধ দ্ৰব্যৰ এক একক পৰিৱৰ্তনৰ কাৰণে আনবিধ দ্ৰব্যৰ কিমান পৰিৱৰ্তন হয় তাক নির্ণয় কৰে । অর্থাৎ বাজেট ৰেখাৰ ঢাল ঋণাত্মক ।

প্রশ্ন ৮। উপভােক্তাৰ বাজেট ৰেখাৰ তলৰ বিন্দুবােৰে কি সূচায়? 

উত্তৰঃ মুঠ আয়তকৈ কম খৰচ হােৱা এটা টোপােলা প্রতিনিধিত্ব কৰে । 

প্রশ্ন ৯। দুটা দ্ৰব্যৰ মাজৰ বিকল্পৰ নিৰিখটোৱে কিহৰ জোখ দিয়ে ? 

উত্তৰঃ প্রতিকল্পনৰ প্রান্তিক হাৰ । 

প্রশ্ন ১০। এডাল নিৰপেক্ষ ৰেখা তলমুৱাকৈ হেলনীয়া কিয় ? 

উত্তৰঃ নিৰপেক্ষ ৰেখাডালত 1নং দ্ৰব্যৰ পৰিমাণ পৃদ্ধিয়ে 2 নং দ্ৰব্যৰ পৰিমাণ হ্রাস কৰে বাবে ৰেখাডাল তলমুৱাকৈ হেলনীয়া । 

প্রশ্ন ১১। খালী ঠাই পূৰ কৰা ।

অর্থনীতিত এইটো সাধাৰণতে ধৰি লােৱা হয় যে উপভােক্তাগৰাকী এগৰাকী ……….ব্যক্তি । 

উত্তৰঃ যুক্তিসংগত । 

প্রশ্ন ১২। উপভােক্তাৰ যুক্তিযুক্ত আচৰনতাই কিহৰ ইংগিত দিয়ে । 

উত্তৰঃ উপভােক্তাৰ যুক্তিযুক্ত আচৰণতাই অগ্রাধিকাৰৰ ইংগিত দিয়ে । 

প্রশ্ন ১৩। সঠিক অংশটো বাছি উলিওৱা : 

উপভােক্তাৰ অগ্রাধিকাৰৰ শীর্ষ বিন্দুটো বাজেট ৰেখাৰ ওপৰত / বাজেট ৰেখাৰ তলত / বাজেট ৰেখাত স্থাপন কৰিব পাৰি । 

উত্তৰঃ উপভােক্তাৰ অগ্ৰাধিকাৰৰ শীর্ষ বিন্দুটো বাজেট ৰেখাৰ ওপৰত স্থাপন কৰিব পাৰি । 

প্রশ্ন ১৪। ধৰি লােৱা হওক x আৰু y দুটা চলক আৰু y ৰ মূল্য নির্ভৰ কৰে x ৰ মূল্যৰ ওপৰত । এতেকে y চলকটো স্বতন্ত্র নে নিৰ্ভৰশীল লিখা । 

উত্তৰঃ y চলকটো নিৰ্ভৰশীল । 

প্রশ্ন ১৫। যিকোনাে দুটা চলক x আৰু y ক বিবেচনাৰ বাবে লােৱা । y ৰ মূল্য নির্ভৰ কৰে x ৰ মূল্যৰ ওপৰত । এতেকে দুয়ােটা চলকৰ মাজৰ কাৰ্যমূলক সম্পর্ক লিখা । 

উত্তৰঃ ইয়াত x হৈছে স্বতন্ত্র আৰু y হৈছে নিৰ্ভৰশীল চলক । গতিকে x আৰু y ৰ মাজৰ সম্পর্ক হ’ল y = f ( x ) ।

প্রশ্ন ১৬। অর্থনীতিত এটা কাৰ্যৰ লেখচিত্র অংকণৰ বাবে অভিলম্বীয় অক্ষৰ লগতে জোখা হয় নিৰ্ভৰশীল চলক । শুদ্ধ নে অশুদ্ধ লিখা । 

উত্তৰঃ অশুদ্ধ ।

প্রশ্ন ১৭। খালী ঠাই পূৰ কৰাঃ 

চাহিদা ৰেখাৰ হেলনীয়া প্ৰৱণতাই ……….ৰ জোখ লয় , যত চাহিদা সলনি হয় ইয়াৰ দাম অনুসৰি । 

উত্তৰঃ চাহিদাৰ স্থিতিস্থাপক । 

প্রশ্ন ১৮। চাহিদা কার্য ( বা ফলন ) কি ? 

উত্তৰঃ চাহিদা কার্যই দ্রব্য এটাৰ দাম আৰু চাহিদাৰ পৰিমাণৰ মাজৰ সম্পৰ্কক বুজায় ।

প্রশ্ন ১৯। স্বাভাবিক দ্রব্য কি ? 

উত্তৰঃ বেছিভাগ দ্ৰব্যৰ ক্ষেত্ৰত আয় বৃদ্ধি হলে দ্রব্যবিধৰ চাহিদাৰ পৰিমাণ বৃদ্ধি হয় আৰু আয় কমিলে চাহিদা কমে । যিবােৰ সামগ্ৰীৰ ক্ষেত্ৰত ভােত্তাজনৰ আয় আৰু চাহিদাৰ একমুখী সম্পর্ক থাকে, তেনে সামগ্রীক স্বাভাৱিক দ্রব্য বােলে।

প্রশ্ন ২০। নিকৃষ্ট ধর্মী দ্রব্য কি ? 

অথবা, নিকৃষ্ট দ্রব্য বুলিলে কি বুজায় ? 

উত্তৰঃ যিবােৰ দ্ৰব্যৰ চাহিদা আৰু ভােক্তাজনৰ আয় বিপৰীত দিশত গতি কৰে তেনেকুৱা দ্রব্যক নিকৃষ্ট দ্রব্য বােলা হয় । নিকৃষ্ট দ্রব্যৰ ক্ষেত্ৰত আয় বৃদ্ধি হ’লে চাহিদা হ্রাস পায় আৰু যেতিয়া আয় কমে , নিকৃিষ্ট দ্রব্যৰ চাহিদা বাঢ়ে । নিকৃষ্ট দ্রব্যৰ উদাহৰণ হ’ল— নিম্ন মানদণ্ডৰ খাদ্য সামগ্রী, নিম্ন মানদণ্ডৰ সাজপাৰ আদি । 

প্রশ্ন ২১। পৰিপূৰক দ্ৰব্যৰ সংজ্ঞা দিয়া । 

উত্তৰঃ যিবিলাক দ্রব্য একেলগে উপভােগ কৰা হয় , সেইবিলাক দ্রব্য পৰিপূৰক দ্রব্য বােলা হয় । উদাহৰণ— কলম আৰু চিয়াহী , জোতা আৰু মােজা ইত্যাদি । পৰিপূৰক দ্ৰব্যৰ ক্ষেত্ৰত এটা সামগ্ৰীৰ চাহিদা বৃদ্ধি হ’লে আনটো দ্ৰব্যৰ চাহিদাও বৃদ্ধি হয় । যেনে— কলমৰ চাহিদা বৃদ্ধি হলে চিয়াহীৰ চাহিদাও বৃদ্ধি হ’ব । 

প্রশ্ন ২২। পৰিপূৰক দ্ৰব্যৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ চিয়াহী আৰু কলম ।

প্রশ্ন ২৩। শুদ্ধ ৰূপটো বাছি উলিওৱা :

এটা দ্ৰব্যৰ চাহিদা তাৰ বিকল্প / পৰিপূৰক দ্ৰব্যৰ দামৰ বিপৰীত দিশত সাধাৰণতে গতি কৰে । 

উত্তৰঃ এটা দ্ৰব্যৰ চাহিদা তাৰ পৰিপূৰক দ্ৰব্যৰ দামৰ বিপৰীত দিশত সাধাৰণতে গতি কৰে । 

প্রশ্ন ২৪। শুদ্ধ নে অশুদ্ধ লিখাঃ 

চাহিদাৰ স্থিতিস্থাপকতা এটা বিশুদ্ধ ৰাশি । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ২৫। এবিধ পণ্যৰ ৫ টা গােট উপভােগৰ পিছত এগৰাকী উপভােক্তাৰ মুঠ উপযােগিতা পােৱা গ’ল ৬০ । ৪ টা গােট উপভােগৰ পিছত তেওঁৰ মুঠ উপযােগিতা আছিল ৫৬ । তেওঁৰ প্রান্তিক উপযােগিতা নির্ণয় কৰা । 

উত্তৰঃ যিহেতু পঞ্চমটো অতিৰিক্ত গােট উপভােগ কৰােতে মুঠ উপযােগিতা 60 ৰ পৰা 56 লৈ বৃদ্ধি হৈছে , গতিকে প্রান্তিক উপযােগিতা হ’ব 60-56 = 4 । 

প্রশ্ন ২৬। যদিহে এবিধ পণ্যৰ দাম ১০ শতাংশ বৃদ্ধি হয় আৰু সেই পণ্যবিধৰ ক্ষেত্ৰত উপভােক্তাগৰাকীৰ মুঠ ব্যয় অপৰিৱৰ্তিত হৈয়ে থাকে । তেন্তে চাহিদাৰ স্থিতিস্থাপকতা কি হ’ব ? 

উত্তৰঃ চাহিদাৰ স্থিতিস্থাপকতা একতকৈ কম হব । 

প্রশ্ন ২৭। উপভােক্তাৰ বাজেট বাধ্যবাধকতাৰ অৰ্থ লিখা । 

উত্তৰঃ উপভােক্তাৰ বাজেট সীমাবদ্ধতা হৈছে উপভােক্তাজনে সর্বাধিক তেওঁৰ আয়ৰ সমান মূল্যৰ টোপােলা বাছনি কৰিব পাৰে । অর্থাৎ উপভােক্তাৰ আয় M হ’লে আৰু X₁ আৰু X₂ দ্রব্যৰ দৰ ক্ৰমে P₁আৰু P₂ হ’লে বাজেট সীমাবদ্ধতাক তলৰ সমীকৰণেৰে দেখুৱাব পাৰি         

প্রশ্ন ২৮। দুটা দ্ৰব্যৰ মাজত বিকল্পকৰণৰ হাৰৰ অৰ্থ লিখা । 

উত্তৰঃ এটা দ্ৰব্যৰ এক অতিৰিক্ত এককৰ কাৰণে কিমান পৰিমাণৰ আনটো দ্রব্য উপভােক্তাজনে এৰি দিবলৈ ইচ্ছা কৰে তাকে বুজায় । 

প্রশ্ন ২৯। উত্তল অগ্রাধিকাৰ কি ? 

উত্তৰঃ যেতিয়া 1নং দ্ৰব্যৰ পৰিমাণ বৃদ্ধি হয় , তেতিয়া 2 নং দ্ৰব্য আৰু 1নং দ্ৰব্যৰ মাজত প্রতিকল্পনৰ হাৰ হ্রাস পায় । ইয়াকে উত্তল অগ্রাধিকাৰ বােলে ।

প্রশ্ন ৩০। নিৰপেক্ষ ৰেখা কি ? 

উত্তৰঃ এডাল নিৰপেক্ষ ৰেখা হ’ল সকলােবিলাক টোপােলা প্রতিনিধিত্ব কৰা বিন্দুবােৰৰ সংহতি , যিবিলাক টোপােলাৰ কাৰণে ভােক্তাজনৰ সন্তুষ্টি নিৰপেক্ষ হৈ থাকে । 

প্রশ্ন ৩১। গিফেন দ্রব্য কি ? 

উত্তৰঃ যিবােৰ দ্ৰব্যৰ দাম আৰু চাহিদাৰ মাজত একমুখী সম্পর্ক থাকে, সেই দ্রব্যবােৰ হল গিফেন দ্রব্য । 

প্রশ্ন ৩২। এবিধ পণ্যৰ ১০ টা গােট উপভােগৰ পিছত এজন উপভােক্তাৰ মুঠ উপযােগিতা পােৱা গ’ল ৮০। ১১ সংখ্যক গােটটো উপভােগৰ পৰা তেওঁ পােৱা প্রান্তিক উপযােগিতা হ’ল ৯ । ১১ সংখ্যক গােটটো উপভােগৰ পিছত মুঠ উপযযাগিতা নির্ণয় কৰা । 

উত্তৰঃ যিহেতু 11সংখ্যক গােটৰ প্রান্তিক উপযােগিতা 9 গতিকে 11 সংখ্যক গােট উপভােগ কৰাৰ পিছত মুঠ উপযােগিতা হ’ব 80 + 9 = 89 । 

প্রশ্ন ৩৩। এবিধ পণ্যৰ ১০ টা গােট উপভােগৰ পিছত এজন উপভােক্তাৰ মুঠ উপযােগিতা পােৱা গ’ল ৭০। তেওঁ এটা গােটৰ উপভােগ হ্রাস কৰিলে তেওঁৰ মুঠ উপযােগিতা ৬০ লৈ কমে । উপভােক্তাজনৰ প্রান্তিক উপযােগিতা নির্ণয় কৰা । 

উত্তৰঃ 10 । 

প্রশ্ন ৩৪। যদিহে চাহিদাৰ স্থিতিস্থাপকতা শূন্য হয় আৰু এবিধ পণ্যৰ দাম ১০ শতাংশ কমে, তেন্তে চাহিদালব্ধ কি পৰিমাণত পৰিৱৰ্তন হ’ব ? 

উত্তৰঃ চাহিদাৰ কোনাে পৰিৱৰ্তন নহয় । 

প্রশ্ন ৩৫। চাহিদালব্ধ পৰিমাণৰ শতাংশ যদিহে দামৰ পৰিৱর্তনৰ শতাংশৰ সৈতে সমান হয় , তেনে চাহিদাৰ দাম স্থিতিস্থাপকতা কি হ’ব ? 

উত্তৰঃ চাহিদাৰ স্থিতিস্থাপকতা একৰ সমান । 

প্রশ্ন ৩৬। চূড়ান্ত দ্রব্যৰ সংজ্ঞা দিয়া । 

উত্তৰঃ যিবােৰ দ্ৰব্য পােনপটীয়াকৈ ভােগকাৰ্য্যত ব্যৱহাৰ কৰিব পাৰি তাকে চূড়ান্ত দ্রব্য বােলে । 

প্রশ্ন ৩৭। উপভােগ টোপােলা কি ? 

উত্তৰঃ উপভােগ টোপােলা হ’ল বিভিন্ন দ্রব্যৰ পৰিমাণেৰে গঠিত । 

প্রশ্ন ৩৮। এবিধ দ্ৰব্যৰ দৰৰ পৰিবর্তন সত্ত্বেও যদি চাহিদাৰ পৰিমাণৰ কোনাে পৰিবর্তন নহয়, তেনেহ’লে চাহিদাৰ দৰ স্থিতিস্থাপকতা ( Ep ) কিমান হ’ব ? 

উত্তৰঃ চাহিদাৰ দৰ স্থিতিস্থাপকতা ( Ep ) ‘0’ ( শূন্য ) হ’ব । 

প্রশ্ন ৩৯। যদিহে X দ্রব্যৰ দৰ বৃদ্ধিয়ে Y দ্রব্যৰ চাহিদা বৃদ্ধি কৰে তেন্তে দ্রব্য দুটা কি ধৰণেৰে সম্পর্কিত ? 

উত্তৰঃ দ্ৰব্য দুটা এটা আনটোৰ বিকল্প হ’ব ।

( খ ) চমু উত্তৰৰ প্রশ্ন 

প্রশ্ন ১। কি ধাৰণাৰ অধীনত উপভােক্তাৰ চাহিদা ৰেখা অংকণ কৰা হয় লিখা ? 

উত্তৰঃ চাহিদা ৰেখা অংকন কৰোতে স্বতন্ত্র চলক ( দৰ ) ক উলম্ব অক্ষত আৰু নিৰ্ভৰশীল চলকটো ( চাহিদা ) আনুভূমিক অক্ষত লােৱা হয় । দৰ আৰু চাহিদাৰ বিপৰীতমুখী সম্পর্ক কাৰণে চাহিদা ৰেখা লেখচিত্ৰত ঋণাত্মক ঢালযুক্ত হয় । 

প্রশ্ন ২। চাহিদাৰ দাম স্থিতিস্থাপকতাৰ সংজ্ঞা দিয়া ।

উত্তৰঃ কোনাে এটা দ্ৰব্যৰ দৰৰ পৰিৱর্তন ঘটিলে দ্রব্যটোৰ চাহিদাৰ যি পৰিৱৰ্তন ঘটে , তাকে চাহিদাৰ দৰ স্থিতিস্থাপকতা বােলে । চাহিদাৰ দৰ স্থিতিস্থাপকতা হ’ল চাহিদাৰ শতকৰা পৰিৱৰ্তন আৰু দ্ৰব্যৰ দশকৰা পৰিৱর্তনৰ অনুপাত । এটা দ্ৰব্যৰ চাহিদাৰ দৰ স্থিতিস্থাপকতা—

চাহিদাৰ স্থিতিস্থাপকতা সদায় চৰম মান হিচাপে লােৱা হয় । 

প্রশ্ন ৩। বাজেট ৰেখা কি ? ইয়াৰ প্ৰৱণতা কিয় নিন্মমুখী ? 

উত্তৰঃ বাজেট ৰেখাড়াল সেইবিলাক টোপােলাৰ দ্বাৰা গঠি যিবিলাকৰ উপভােগৰ ব্যয় উপভােক্তাজনৰ নির্দিষ্ট আয়ৰ সৈতে সমান হয় । বাজেট ৰেখাড়াল ঋণাত্মক ঢলিযুক্ত । 

বাজেট ৰেখাৰ সমীকৰণটো তলত উল্লেখ কৰা হল— XPx + YPy = M 

উপভোক্তাজনে 1নং দ্ৰব্যৰ এক একক বেছিকৈ উপভােগ কৰিব বিচাৰে তেন্তে তেওঁ আনটো দ্ৰব্যৰ অলপ পৰিমাণ উপভােগ কৰাৰ পৰা বিৰত থাকিব লাগিব । ফলত ৰেখাড়ালৰ ঢাল ঋণাত্মক হয় । 

প্রশ্ন ৪। উপভােক্তাৰ একঘেয়ামী অগ্রাধিকাৰ কি ? 

উত্তৰঃ এজন উপভােক্তাৰ অগ্রাধিকাৰক পৰিৱর্তনীয় বুলি কোৱা হয় , যদিহে যিকোনাে দুটা টোপােলাৰ ভিতৰত উপভােক্তাজনে সেইটো টোপােলাক অগ্রাধিকাৰ দিয়ে , যিটো টোপােলাত আনটো টোপােলাতকৈ কমেও এটা দ্রব্য বেছিকৈ থাকে আৰু আনটো দ্রব্য কম নাথাকে । 

প্রশ্ন ৫। বিকল্পকৰণৰ হ্রাসমান হাৰ কি ? 

উত্তৰঃ উপভােক্তাই এটা দ্রব্যৰ অধিক পাবলৈ আনটো দ্রব্যৰ ক্রমান্বয়ে কম কমকৈ ত্যাগ কৰিবলৈ ইচ্ছা কৰে । ইয়াকে দ্রব্যদুবিধৰ মাজৰ ক্রমহ্রাসমান বিকল্পকৰণৰ হাৰ বােলে ।

প্রশ্ন ৬। নিৰপেক্ষ মানচিত্রই কি সূচায় ?              

উত্তৰঃ                                   

নিৰপেক্ষ মানচিত্র হ’ল বহুতাে নিৰপেক্ষ ৰেখাৰ সংহতি । এনে মানচিত্ৰত ওপৰৰ নিৰপেক্ষ ৰেখা এডালে তলৰ ৰেখা এডালতকৈ অধিক সন্তুষ্টি প্রদান কৰে । 

প্রশ্ন ৭। চাহিদা ৰেখা কি ? ই কি সূচায় ? 

উত্তৰঃ অন্যান্য দ্রব্যৰ দৰ , ভােক্তাৰ আয় আৰু তেওঁৰ ৰুচি আৰু অগ্রাধিকাৰ অপৰিৱর্তিত থকা অৱস্থাত ভোক্তাজনৰ চাহিদা ৰেখাই বিভিন্ন দৰত দ্ৰব্যৰ কিমান পৰিমাণৰ বাছনি কৰে তাকে নির্ণয় কৰে । 

চাহিদা ৰেখাডাল ঋণাত্মক ঢালযুক্ত । অর্থাৎ দাম আৰু চাহিদাৰ মাজত বিপৰীতমুখী সম্পর্ক থাকে । অর্থাৎ দাম কমিলেহে , চাহিদাৰ পৰিমাণ বৃদ্ধি হয় । ই ভােক্তা ক্রমহ্রাসমান প্রান্তিক উপযােগিতাৰ কথা সূচায় । 

প্রশ্ন ৮। এডাল অভিলম্বীয় চাহিদা ৰেখা আঁকা আৰু ইয়াত দাম স্থিতিস্থাপকতাৰ প্রকৃতি উলেখ কৰা । 

উত্তৰঃ

এই চাহিদাৰ ৰেখাডালত দামৰ পৰিৱর্তন হ’লেও চাহিদাৰ কোনাে ধৰণৰ পৰিৱৰ্তন নহয় , তেনে স্থিতিস্থাপকতাক , সম্পূর্ণ । অস্থিতিস্থাপক চাহিদা বােলা হয় । 

প্রশ্ন ৯। এবিধ দ্ৰব্যৰ চাহিদাৰ দাম স্থিতিস্থাপকতা কিদৰে তাৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে ব্যাখ্যা কৰা । 

উত্তৰঃ যদি দ্রব্যটো অত্যাৱশ্যকীয় হয়— যেনে চাউল , নিমখ ইত্যাদি দ্রব্যৰ চাহিদা 1তকৈ কম বা অস্থিতিস্থাপক হয় । আনহাতে বিলাসী দ্রব্যৰ যেনে — গাড়ী , শীত-তাপ নিয়ন্ত্রক ইত্যাদিৰ স্থিতিস্থাপকতা 1তকৈ অধিক হয় । 

প্রশ্ন ১০। এজন উপভােক্তাৰ মুঠ ধন আয় হ’ল M আৰু তেওঁৰ সমস্ত ধন আয় খৰছ কৰে দুটা দ্ৰব্যৰ যেনে x আৰু y ৰ উপভােগত । x আৰু y ৰ দাম হ’ল ক্রমে Pₓ আৰু Pʏ । বাজেটসমীকৰণ উল্লেখ কৰা । 

উত্তৰঃ x আৰু y দ্ৰব্যৰ দৰ যথাক্রমে Pₓ আৰু Pʏ হ’লে আৰু x আৰু y দ্ৰব্যৰ ওপৰত হােৱা মুঠ ব্যয়ৰ পৰিমাণ হ’ব ক্রমে xPₓ আৰু yPʏ । আমি জানাে যে দুয়ােবিধ দ্রব্যত হােৱা মুঠ ব্যয় উপভােক্তাৰ আয়ৰ পৰিমাণ ( M ) বা তাতােকৈ কম হ’ব লাগিব । গতিকে বাজেট সমীকৰণটো  হ’ল— M = xPₓ + yPʏ।

প্রশ্ন ১১। এজন উপভােক্তাৰ হাতত থকা x আৰু y ৰ দুটা হ’ল ( 10, 8) আৰু ( 8, 6 ) । যদিহে উপভােক্তা জনৰ অগ্রাধিকাৰ সুস্থিৰ তেন্তে এই দুটা যুটীৰ মাজত উপভােক্তাজন । নিৰপেক্ষ হ’বনে ? ব্যাখ্যা কৰা । 

উত্তৰঃ উপভােক্তাজনৰ অগ্ৰাধিকাৰ অপৰিৱর্তনীয় হ’লে তেওঁ ( 10, ৪) আৰু ( 8, 6 ) টোপােলা দুটাৰ মাজত নিৰপেক্ষ হ’ব নােৱাৰে । কাৰণ প্রথম টোপােলাটোত পােৱা সন্তুষ্টি পৰিমাণ দ্বিতীয় টোপােলাটোতকৈ অধিক । যিহেতু প্রথম টোপােলাত দুয়ােটা সামগ্ৰীয়েই দ্বিতীয় টোপােলাতকৈ অধিক আছে ।

প্রশ্ন ১২। দুটা দ্রব্য x আৰু y দুই যুটী ( 10, 6 ) আৰু ( 8, 6 ) ৰ মাজত উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষৰ এজন ছাত্র নিৰপেক্ষ । তেওঁৰ অগ্ৰাধিকাৰ সুস্থিৰ হয় নে নহয় ব্যাখ্যা কৰা । 

উত্তৰঃ ছাত্ৰজনৰ অগ্রাধিকাৰ অপৰিৱর্তনীয় হ’বলৈ হলে তেওঁ ( 10, 6) টোপােলাটোক অগ্রাধিকাৰ দিব লাগিব । কিন্তু টোপােলা দুটাৰ মাজত যিহেতু তেওঁ নিৰপেক্ষ বুলি কৈছে , সেয়ে তেওঁৰ অগ্রাধিকাৰ সুস্থিৰ নহয় । 

প্রশ্ন ১৩। তলত দিয়া তালিকাখনত এবিধ পণ্যৰ দাম আৰু চাহিদালব্ধ পৰিমাণৰ বিভিন্ন যুটী দিয়া হৈছে । তাৰ ভিত্তিত চাহিদা ৰেখা অংকণ কৰা ।

উত্তৰঃ 

প্রশ্ন ১৪। এবিধ পণ্যৰ দাম 10 টকা , চাহিদালব্ধ পৰিমাণ 20 গােট । ধৰা হ’ল দাম ৪ টকালৈ কমিল আৰু চাহিদালব্ধ পৰিমাণ হ’লগৈ 15 গােট । চাহিদাৰ স্থিতিস্থাপকতা নির্ণয় কৰা। 

উত্তৰঃ পণ্যৰ দাম ( P₀ ) = 10 টকা পণ্যৰ চাহিদা ( q₀ ) = 20 গােট 

 প্রশ্ন ১৫। ধৰা হ’ল এবিধ পণ্যr দাম 4 % বাঢ়িল , পণ্যবিধৰ ক্ষেত্ৰত মুঠ ব্যয় বাঢ়িল 3 শতাংশ । পণ্যবিধৰ প্রকৃতি ব্যাখ্যা কৰা । 

উত্তৰঃ দৰৰ পৰিৱৰ্তনৰ লগত দ্রব্যটোত কৰা ব্যয় একে দিশত পৰিৱৰ্তন হ’লে দ্রব্যটোৰ দৰ অস্থিতিস্থাপক হ’ব । ইয়াত দাম 4 % বৃদ্ধি পােৱাত মুঠ ব্যয় 3 % বৃদ্ধি পায় । অর্থাৎ দ্রব্যটো স্থিতিস্থাপক দ্রব্য ।

প্রশ্ন ১৬। এজন উপভােক্তাৰ বাবে বস্তু এবিধৰ 4 আৰু 5 গােটৰ মুঠ উপযােগিতা ক্রমে 56 আৰু 60 হ’লে তেওঁৰ বাবে বস্তুবিধৰ 5 গােটৰ প্রান্তিক উপযােগিতা কি ? 

উত্তৰঃ 5 গােট প্রান্তিক উপযােগিতা = 60-56 = 4 

প্ৰশ্ন ১৭। এডাল নিৰপেক্ষ ৰেখা আঁকা আৰু ইয়াৰ প্ৰৱণতা নিম্নমুখী হােৱাৰ কাৰণ উল্লেখ কৰা । 

উত্তৰঃ চিত্ৰৰ 1ৰেখাডাল ঋণাত্মক ঢালযুক্ত । বিভিন্ন জোটৰ মাজত ভােত্তাজন নিৰপেক্ষ হ’বলৈ হ’লে এটা সামগ্ৰীৰ ভােগকার্য বৃদ্ধি পালে , আনটো সামগ্ৰীৰ ভােগকার্য হ্রাস পায় । ফলত নিৰপেক্ষ ৰেখাডাল বাওঁফালৰ পুৰা সোঁফালৰ তললৈ ঢাল খায় । ইয়াক চিত্রৰ সহায়ত দেখুওৱা হ’ল ।

প্রশ্ন ১৮। বিকল্প আৰু পৰিপূৰক দ্রব্যৰ মাজৰ পার্থক্য নিৰূপণ কৰা । 

উত্তৰঃ যিবিলাক দ্রব্য একেলগে উপভােগ কৰা হয় , সেইবিলাক দ্রব্যক পৰিপূৰক দ্রব্য বােলা হয় । উদাহৰণ— কলম আৰু চিয়াঁহী , জোতা আৰু মােজা ইত্যাদি । পৰিপূৰক দ্রব্যৰ ক্ষেত্ৰত এটা সামগ্ৰীৰ চাহিদা বৃদ্ধি হ’লে আনটো সামগ্ৰীৰাে চাহিদা বৃদ্ধি হয় । যেনে কলম চাহিদা বৃদ্ধি হলে চিয়াঁহীৰো চাহিদা বৃদ্ধি হ’ব লাগিব । 

যিবােৰ সামগ্রীৰ ক্ষেত্ৰত এটাৰ চাহিদা বৃদ্ধি পালে আনটো দ্রব্যৰ চাহিদা হ্রাস হয়, তেনে দ্রব্যক বিকল্প বা প্রতিযােগিতামূলক দ্রব্য বােলে । যেনে— চাহ আৰু কফি , পেপচি আৰু ক’কক’লা, কলগেট আৰু পেপচুডেন্ট ইত্যাদি । এনে সামগ্রী এটাৰ দাম বৃদ্ধি হলে বিকল্প সামগ্ৰীটোৰ চাহিদা বৃদ্ধি হয় । 

প্রশ্ন ১৯। বিকল্প আৰু পৰিপূৰক দ্ৰব্যৰ মাজৰ প্রভেদ উলিওৱা। 

উত্তৰঃ বিকল্প আৰু পৰিপূৰক দ্রব্যৰ মাজৰ প্ৰভেদ হ’ল— 

 (১) বিকল্প দ্রব্য 

১. এনে দ্রব্য একেলগে ব্যৱহাৰ নহয় । 

২। এনে দ্রব্য এটাৰ দাম বৃদ্ধি হলে আনটো দ্ৰব্যৰ চাহিদা বৃদ্ধি হয় । 

৩। যেনে— চাহ আৰু কফি 

 (২) পৰিপূৰক দ্ৰব্য

১। এনে দ্রব্য ভােক্তাজনে একেলগে ব্যৱহাৰ কৰিলেহে নির্দিষ্ট অভাৱটো পূৰণ হয় । 

২।পৰিপূৰক দ্ৰব্যৰ এটাৰ দাম বৃদ্ধি হলে আনটো সম্পর্কিত দ্রব্যৰ চাহিদা হ্রাস হয় । 

৩। যেনে – কলম আৰু চিয়াঁহী । 

প্রশ্ন ২০। ‘বিলাসী দ্রব্যৰ চাহিদা অধিক স্থিতিস্থাপক হয়’— ব্যাখ্যা কৰা । 

উত্তৰঃ বিলাসী সামগ্ৰীৰ দৰ সামান্য পৰিৱৰ্তন হ’লে চাহিদা বিশেষ পৰিৱৰ্তন হয় । অর্থাৎ এনে সামগ্ৰীৰ চাহিদা দৰ পৰিৱর্তনৰ ফলত বিশেষভাৱে পৰিৱর্তন হয় । গতিকে চাহিদা অধিক স্থিতিস্থাপক ।

প্রশ্ন ২১। উপযােগিতা কার্যৰ ধাৰণাটো লিখা । 

উত্তৰঃ উপযােগিতা কাৰ্যটো হ’ল দ্ৰব্যৰ উপভােগ আৰু উপযােগিতাৰ মাজৰ সম্পর্ক । উপযােগিতাই দ্ৰব্যৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক বুজায় । এটা দ্ৰব্যৰ যেনে x ৰ উপভােগৰ ফলত ভােক্তাজনে লাভ কৰা উপযােগিতাক তলৰ ফলনটোৰ সহায়ত দেখুৱাব পাৰি । 

U = f( x ) 

প্রশ্ন ২২। ধৰা হ’ল পঞ্চম শ্রেণীৰ এজন ছাত্ৰই এটা যুটী ( 9, 1) তকৈ আন এটা যুটী ( 10, 2 ) ক অগ্রাধিকাৰ দিয়ে । তেওঁৰ এই অগ্রাধিকাৰক সুস্থিৰ বুলি ক’ব পাৰিনে ? 

উত্তৰঃ ছাত্ৰজনৰ অগ্ৰাধিকাৰ সুস্থিৰ কাৰণ ( 10, 2 ) যুটীটো ( 9, 1 ) যুটীটোতকৈ দুয়ােটা দ্রব্যৰ পৰিমাণ অধিক । গতিকে ছাত্ৰজনে ( 10, 2) অগ্রাধিকাৰ দিয়ে । 

প্রশ্ন ২৩। ধৰা হ’ল এবিধ পণ্যৰ দাম 10 টকা আৰু চাহিদালব্দ পৰিমাণ 20 গােট । যদিহে দাম 15 টকালৈ বৃদ্ধি পায় আৰু চাহিদালব্ধ পৰিমাণ কমে 15 গােটলৈ , তেন্তে চাহিদাৰ দাম স্থিতিস্থাপকতা নির্ণয় কৰা । 

প্রশ্ন ২৪। দুবিধ দ্রব্যৰ দুই যুটী ( 10, 10 ) আৰু ( 5, 5 ) ৰ মাজত এগৰাকী ব্যক্তি নিৰপেক্ষ । এই অগ্রাধিকাৰ সুস্থিৰ হয় নে নহয় ব্যাখ্যা কৰা । 

উত্তৰঃ ( 10, 10 ) আৰু ( 5, 5 ) ৰ মাজত ভোক্তাজন নিৰপেক্ষ হ’ব নােৱাৰে । কাৰণ প্রথম  জোটটোত দুয়ােটা দ্ৰব্যৰ এককৰ পৰিমাণ দ্বিতীয় জোটতকৈ অধিক । 

প্রশ্ন ২৫। এগৰাকী ব্যক্তিৰ আয় 200 টকা আৰু তেওঁৰ সমস্ত আয়ৰ ধন দুই পণ্য ৰুটী আৰু কলত ব্যয় কৰে । যদিহে প্রতি গােট ৰুটীৰ দাম 20 টকা আৰু প্ৰতি গােট কলৰ দাম 10 টকা হয়, তেন্তে উপভােক্তা গৰাকীৰ বাজেট সমীকৰণটো লিখা আৰু এডাল বাজেট ৰেখা অংকন কৰা । 

উত্তৰঃ

                                             

প্রশ্ন ২৬। এগৰাকী উপভােক্তাৰ আয় হ’ল M আৰু তেওঁ আয়ৰ সমস্ত ধন খৰছ কৰে দুই পণ্য x আৰু y ত । যদিহে x পণ্যবিধৰ দাম হয় Pₓআৰু y ৰ দাম হয় Py

( ক ) উপভােক্তাগৰাকীৰ বাজেট ৰেখা আঁকা । 

( খ ) যদিহে উপভােক্তাগৰাকীৰ আয় M₁ হয় বাজেট ৰেখাডাল কিদৰে সলনি হ’ব ? 

উত্তৰঃ ( ক ) বাজেট ৰেখা হল—

( খ ) আয় M ৰ পৰা M₁ হয়, বাজেট ৰেখাডাল সমান্তৰালভাৱে সন্মুখৰ ফালে পব্বিৰ্তন হ’ব । 

প্রশ্ন ২৭ তলত এবিধ পণ্যৰ দাম ( Pₓ ) আৰু চাহিদালব্ধ পৰিমাণ সম্পর্কীয় তথ্যৰ তালিকা দিয়া হৈছে । চাহিদা ৰেখা আঁকা

উত্তৰঃ

প্রশ্ন ২৮। চাহিদা বিধিৰ দুটা ব্যতিক্রম লিখা । 

উত্তৰঃ ( i ) গিফেন দ্রব্যৰ ক্ষেত্ৰত চাহিদা বিধিটো প্রযােজ্য নহয় । 

( ii ) কৃপণৰ ক্ষেত্ৰত এই বিধিটো প্রয়ােগ নহয় । 

প্রশ্ন ২৯। ধৰি লােৱা এজন উপভােক্তাই দুটা সামগ্রী ভােগ কৰে । সামগ্রী দুটা X আৰু Y যদি হয় , তেন্তে উপভােক্তাজনৰ ভাৰসাম্যৰ ক্ষেত্ৰত প্রযােজ্য সমীকৰণটো লিখা । 

উত্তৰঃ   আয় = ( M ) , Px = x ৰ দাম , Py = y ৰ দাম । 

∴ ভাৰসাম্যত প্রযােজ্য সমীকৰণটো হ’ল— M = xPx + yPy 

প্রশ্ন ৩০। ধৰা হ’ল , এটা সামগ্ৰীৰ দাম 4 টকা হ’লে ইয়াৰ চাহিদাৰ পৰিমাণ 25 একক হয় । যেতিয়া সামগ্ৰীবিধৰ দাম 5 টকালৈ বাঢ়ে , চাহিদাৰ পৰ্মািণ 20 এককলৈ কমে । এনে ক্ষেত্ৰত চাহিদাৰ দৰ স্থিতিস্থাপকতা নির্ণয় কৰা ।

উত্তৰঃ দিয়া আছে , P₀ = 4 , q₀ = 25 , P₁ = 5 , 

q₁ = 20 

ইয়াত ΔP = P₁- P₀ = 5 – 4 = 1 , ΔQ =q₁- q₀= 20 – 25 = -5 

∴|ep|=1

প্রশ্ন ৩১। চাহিদা ৰেখা বাওঁফালে স্থানান্তৰ কৰাৰ দুটা কাৰণ উল্লেখ কৰা । 

উত্তৰঃ চাহিদা ৰেখা বাওঁফালে স্থানান্তৰ কৰাৰ দুটা কাৰণ হ’ল— 

( a ) আয়ৰ পৰিমাণ হ্রাস :- সামগ্রী এটাৰ দাম আৰু অন্যান্য অৱস্থাৰ কোনাে পৰিৱর্তন নহ’লে যদি ভােক্তাজনৰ আয় হ্রাস হয় , তেতিয়া চাহিদা ৰেখা বাওঁফালে স্থানান্তৰ হয় । 

( b ) অন্যান্য দ্রব্যৰ দৰ :- যদি সামগ্রী এটাৰ দৰ স্থিৰে থকা অৱস্থাত , অন্যান্য দ্রব্যৰ দৰ হ্রাস হয় , তেতিয়া চাহিদা ৰেখা বাওঁফালে স্থানান্তৰ হয় । 

প্রশ্ন ৩২। এটা দ্ৰব্যৰ স্থিতিস্থাপকতা 4 আৰু দৰৰ শতকৰা পৰিৱৰ্তন ৪ , চাহিদা শতকৰা পৰিৱৰ্তন গণনা কৰা ।

উত্তৰঃ চাহিদাৰ দৰ স্থিতিস্থাপকতা = 4 

          দৰৰ শতাংশ পৰিৱৰ্তন = ৪ 

          চাহিদাৰ শতাংশ পৰিৱৰ্তন = ? 

আমি জানাে যে –  

∴ চাহিদাৰ শতাংশ পৰিৱৰ্তন = ( 8 x 4 ) = 32

 ( গ ) চমু উত্তৰৰ প্রশ্নঃ 

প্রশ্ন ১। এগৰাকী উপভােক্তাৰ মাহেকীয়া আয় 300 টকা আৰু তেওঁৰ আয়ৰ সমস্ত ধন দুই পণ্য x আৰু y ত খৰছ কৰে । x আৰু y ৰ দাম ক্রমে 15 আৰু 25 টকা । উপভােক্তাগৰাকীৰ আয় বাঢ়ক 450 টকা পর্যন্ত । বাজেট ৰেখাত আয়ৰ এই পৰিৱর্তনৰ প্ৰভাৱ দেখুওৱা । 

উত্তৰঃ

প্রশ্ন ২। এগৰাকী উপভােক্তাই তেওঁৰ প্রদত্ত আয়ৰ ধনেৰে পণ্য x ৰ 20 গােট আৰু পণ্য y ৰ 12 গােট কিনিব পাৰে । X আৰু y ৰ প্রদত্ত দাম হ’ল ক্রমে 15 আৰু 25 টকা । উপভােক্তাগৰাকীৰ আয়ৰ স্তৰ নির্ণয় কৰা । 

উত্তৰঃ x = 20 , Px = 15    

         y = 12 , Py = 25 

∴ আয়ৰ স্তৰ ( M ) = xPx + yPy = 20.

        15 + 12.25 = 300 + 300 = 600

প্রশ্ন ৩। ধৰা হ’ল এখন বজাৰত দুগৰাকী উপভােক্তা আছে । প্রথম গৰাকী উপভােক্তাৰ চাহিদা কার্য হ’ল– d₁ ( P ) = 30- p ( যেতিয়া P ≤ 30 ) আৰু d₁ ( P ) = 0 ( যেতিয়া P > 30 ) 

দ্বিতীয় গৰাকী উপভােক্তাৰ চাহিদা কার্য হ’ল – d₂( P ) = 20 – 2P ( যেতিয়া P ≤10 ) আৰু d₂ ( P ) = 0 ( যেতিয়া P >10 ) 

বজাৰৰ চাহিদা কার্য নির্ণয় কৰা । 

উত্তৰঃ বজাৰ চাহিদা কার্য = ব্যক্তিগত চাহিদা কার্যৰ যােগফল। 

10 তকৈ কম বা 10 ৰ সমান যিকোনাে দৰত , বজাৰ চাহিদা কার্য = 50-3P 

30 তকৈ কম বা 30 ৰ সমান যিকোনাে দৰত , বজাৰ চাহিদা কার্য = 30 – P 

আৰু 30 তকৈ বেছি যিকোনাে দৰত , বজাৰ চাহিদা কার্য = 0

প্রশ্ন ৪। ধৰা হ’ল এখন বজাৰত 10 জন উপভােক্তা আছে আৰু তলত দিয়াৰ দৰে তেওঁলােকৰ চাহিদা কার্য একেধৰণৰ– 

d( P ) = 20–2p ; যদি P≤10 আৰু d( P ) = 0 ; যদি P > 10 বজাৰ চাহিদা কার্য নির্ণয় কৰা । 

উত্তৰঃ 10 তকৈ কম বা 10 ৰ সমান যিকোনাে দৰত 

বজাৰ চাহিদা = 10 ( 20-2P ) 

                   = 200-20P 

10 তকৈ বেছি যিকোনাে দৰত , বজাৰ চাহিদা = 0

প্রশ্ন ৫। ধৰাহ’ল এখন বজাৰত 10 জন উপভােক্তা আছে আৰু তলত দিয়াৰ দৰে তেওঁলােকৰ চাহিদা কার্য একেধৰণৰঃ 

উত্তৰঃ 

প্রশ্ন ৬। বিকল্প আৰু পৰিপূৰক দ্রব্যৰ উদাহৰণসহ পার্থক্য নির্ণয় কৰা ।

উত্তৰঃ যিবিলাক দ্রব্য একেলগে উপভােগ কৰা হয় , সেইবিলাক দ্রব্যক পৰিপূৰক দ্রব্য বােলা হয় । উদাহৰণ — কলম আৰু চিয়াহী , জোতা আৰু মােজা । পৰিপূৰক দ্ৰব্যৰ ক্ষেত্ৰত এটা সামগ্ৰীৰ চাহিদা বৃদ্ধি হ’লে আনটো দ্ৰব্যৰ চাহিদা বৃদ্ধি হয় । যেনে – কলমৰ চাহিদা বৃদ্ধি হ’লে । চিয়াহীৰ চাহিদাও বৃদ্ধি হ’ব লাগিব । 

আনহাতে , যিবােৰ সামগ্ৰীৰ ক্ষেত্ৰত এটাৰ চাহিদা বৃদ্ধি পালে আনটো দ্ৰব্যৰ চাহিদা হ্রাস হয় , তেনে দ্রব্যক বিকল্প বা প্রতিযােগিতামূলক দ্রব্য বােলা হয় । যেনে— চাহ আৰু কফি , পেপচি আৰু ক’কাক’লা , কলগেট আৰু পেপচুডেন্ট ইত্যাদি । এনে সামগ্রী এটাৰ দাম বৃদ্ধি হলে বিকল্প সামগ্ৰীটোৰ চাহিদা বৃদ্ধি হয় । 

প্রশ্ন ৭। প্রদত্ত ধন আয়েৰে এগৰাকী উপভােক্তাই পণ্য x ৰ 10 গােট বা পণ্য y ৰ 15 গােট কিনিব পাৰে । যদিহে উপভােক্তাগৰাকীৰ আয় 150 হয় , তেন্তে পণ্য x আৰু পণ্য y ৰ দাম নিৰূপণ কৰা । 

উত্তৰঃ  X=10,  Y=15 আৰু  M =150

প্রশ্ন ৮। ধৰা হ’ল বজাৰত দুগৰাকী উপভােক্তা আছে আৰু তলত দিয়াৰ দৰে তেওঁলােকৰ চাহিদা কার্য একেধৰণৰঃ d( P ) = 50 – 5p ; P ≤ 10    d( P ) = 0 ;  তেতিয়া P > 10 বজাৰ চাহিদা কার্য নির্ণয় কৰা । 

উত্তৰঃ বজাৰ চাহিদা = ব্যক্তিগত চাদিহাৰ যােগফল । 

          বজাৰ দৰ 10 তকৈ কম বা 10 ৰ সমান হ’লে বজাৰ চাদিহা 

                                                                  = 2 ( 50–5P ) 

                                                                  = 100 – 10P 

যদি বজাৰ দৰ 10 তকৈ বেছি হয় , বজাৰ চাহিদা = 0 হ’ব । 

প্রশ্ন ৯। এগৰাকী উপভােক্তাই তেওঁৰ প্রদত্ত ধন আয়েৰে হয়তাে পন্য x ৰ 20 গােট , নহ’লে পণ্য y ৰ 40 গােট কিনিব পাৰে । যদিহে পণ্য x ৰ  প্রতিগােটৰ দাম 20 টকা আৰু পণ্য y ৰ প্ৰতিটো গােটৰ দাম ১০ টকা হয় , তেন্তে উপভােক্তা গৰাকীৰ আয় নিৰূপণ কৰা ।

উত্তৰঃ  

অৰ্থাৎ, আয়স্থৰ (M) = 400 টকা ।

প্রশ্ন ১০। এগৰাকী উপভােক্তাৰ মাহেকীয়া আয় 400 টকা আৰু তেওঁৰ সমস্ত আয় ধন ব্যয় কৰে দুই পণ্য x আৰু y ত । পণ্য x ৰ দাম 20 টকা আৰু y ৰ দাম 5 টকা । ইয়াৰ ভিত্তিত— 

( ক ) উপভােক্তাগৰাকীৰ বাজেট ৰেখা আঁকা 

( খ ) যেতিয়া উপভােক্তাগৰাকীৰ আয় আৰু পণ্য x ৰ দাম একেদৰেই থাকে , তেনেক্ষেত্ৰত যদিহে পণ্য y ৰ দাম 20 টকালৈ কমে , বাজেট ৰেখাত কি হ’ব ? 

উত্তৰঃ   

প্রশ্ন ১১। এটা উদাহৰণ দি অপৰিৱৰ্তনীয় অগ্রাধিকাৰ ধাৰণাটো ব্যাখ্যা কৰা । 

উত্তৰঃ এজন উপভােক্তাৰ অগ্রাধিকাৰক অপৰিৱর্তনীয় বুলি কোৱা হয় , যদিহে যিকোনাে দুটা টোপােলাৰ ভিতৰত উপভােক্তাজনে সেইটো টোপােলাক অগ্রাধিকাৰ দিয়ে , যিটো টোপােলাত আনটো টোপােলাতকৈ কমেও এটা দ্রব্য বেছিকৈ থাকে আৰু আনটো দ্রব্য কম নাথাকে । 

যিহেতু উপভােক্তাৰ অগ্রাধিকাৰ অপৰিৱর্তনীয় গতিকে তেওঁৰ অগ্ৰাধিকাৰ স্থান সম্পর্কে ক’ব পাৰি যে প্রথম টোপােলা ( 10 , 10 ) ৰ ক্ষেত্ৰত অগ্রাধিকাৰ ( 10 , 9 ) টোপােলাতকৈ বেছি । কাৰণ প্রথম টোপােলাত সামগ্ৰীৰ পৰিমাণ দ্বিতীয় টোপােলাটোতকৈ বেছি আৰু সেয়েহে ইয়াত সন্তুষ্টি পৰিমাণে অধিক । 

ঠিক একেদৰে দ্বিতীয় টোপােলাটোত থকা সামগ্ৰীৰ পৰিমাণ তৃতীয় টোপােলা ( 9 , 9 ) তকৈ অধিক আৰু সেয়ে ইয়াৰ পৰা পােৱা সন্তুষ্টিৰ পৰিমাণে অধিক । গতিকে , উপভােক্তাজনে দ্বিতীয় টোপােলাটোক অগ্রাধিকাৰ দিব । 

প্রশ্ন ১২। ধৰা হ’ল বজাৰত এটা দ্রব্যৰ ১০ জন উপভােক্তা আছে আৰু তেওঁলােকৰ চাহিদা ফলন একেই : d( p ) = 20 – 2p ; যদি p ≤10 d( p ) = 0 ; যদি p > 10 বজাৰৰ চাহিদা ফলন কি হ’ব ? 

উত্তৰঃ দাম 10 তকৈ কম বা 10 ৰ সমান হ’লে , বজাৰ চাহিদা ফলন 

         = 10 ( 20-2P )

         = 200-20P 

দাম 10 তকৈ বেছি হ’লে , বজাৰ চাহিদা ফলন = 0 হ’ব । 

প্রশ্ন ১৩। ৪ টকা দৰত দ্রব্য এটাৰ বজাৰ চাহিদা হৈছে ১০০ টকা একক । দৰ বৃদ্ধি পােৱাৰ বাবে দ্রব্যটোৰ চাহিদা ৭৫ এককলৈ হ্রাস পালে । যদি চাহিদাৰ স্থিতিস্থাপকতা ১ হয় , তেন্তে দ্রব্যটোৰ নতুন দৰ কি হ’ব ? 

উত্তৰঃ

প্রশ্ন ১৪। মুঠ উপযােগিতা আৰু প্রান্তিক উপযােগিতাৰ মাজৰ সম্পর্ক উল্লেখ কৰা । 

উত্তৰঃ এটা দ্ৰব্যৰ সকলাে একক ভােগ কৰাৰ ফলত লাভ কৰা উপযােগিতাকে মুঠ উপযােগিতা বােলে । অন্যহাতে দ্রব্য এটাৰ অতিৰিক্ত এক একক ভােগ কৰিলে লাভ কৰা উপযােগিতাকে প্রান্তিক উপযােগিতা বােলে । 

মুঠ উপযােগিতা আৰু প্রান্তিক উপযােগিতাৰ সম্পৰ্কক তলৰ তালিকাত দেখুওৱা হ’ল—  

( ii ) দ্রব্য এটাৰ ভােগকার্য বৃদ্ধি হলে প্রান্তিক উপযােগিতা হ্রাস হৈ শূন্য হােৱাৰ পিছত প্রান্তিক উপযােগিতা ঋণাত্মক হয় । 

( iii ) প্রান্তিক উপযােগিতা শূন্য ( 0 ) হ’লে , মুঠ উপযােগিতা সর্বোচ্চ হয় । আৰু প্রান্তিক উপযােগিতা ঋণাত্মক হলে মুঠ উপযােগিতা হ্রাস হয় ।

( iv ) মুঠ উপযােগিতা হল প্রান্তিক উপযােগিতাৰ যােগফল । আনহাতে প্রান্তিক উপযােগিতা হ’ল মুঠ উপযোগিতাৰ পৰিৱর্তন । 

প্রশ্ন ১৫। চাহিদাৰ পৰিমাণৰ পৰিৱৰ্তন আৰু চাহিদাৰ পৰিৱৰ্তনৰ মাজৰ পার্থক্য দেখুওৱা । 

উত্তৰঃ চাহিদাৰ পৰিমাণৰ পৰিৱৰ্তন দ্রব্যটোৰ দামৰ পৰিৱর্তনৰ ওপৰত নিৰ্ভৰ কবে । চাহিদার পৰিৱৰ্তন আৰু দামৰ পৰিৱর্তনৰ মাজত ঋণাত্মক সম্পর্ক থাকে । দাম বৃদ্ধি হ’লে চাহিদাৰ পৰিমাণ  হ্রাস হয় । আৰু দাম হ্রাস হলে চাহিদাৰ পৰিমাণ বৃদ্ধি হয় । ফলত চাহিদাৰ ৰেখা এডাল বাঁওফালৰ চাহিদা ওপৰৰ পৰা সোঁফালৰ তললৈ ঢাল খায় । কাষৰ চিত্ৰত চাহিদাৰ পৰিমাণৰ পৰিৱৰ্তন দেখুওৱা হ’ল –   

দাম OP ৰপৰা OP₁লৈ হ্রাস হােৱাত চাহিদা পৰিমাণ OQ ৰ পৰা OQ₁লৈ বৃদ্ধি হৈছে । চাহিদাৰ পৰিৱৰ্তন হ’বলৈ হলে দ্রব্যটোৰ দৰ অপৰিৱৰ্তনীয় হৈ থাকিলে ভােক্তাৰ আয় , অন্যান্য দ্রব্যৰ দৰ আৰু ৰুচি – অভিৰুচিৰ পৰিৱৰ্তন হলে , চাহিদাৰ পৰিৱর্তন হয় । ইয়াক কাষৰ চিত্ৰত দেখুওৱা হ’ল । 

চিত্ৰৰ D চাহিদা ৰেখা D₁লৈ পৰিৱৰ্তন হােৱাৰ কাৰণ ভােক্তাৰ আয় বৃদ্ধি , অথবা অন্যান্য দ্রব্যৰ দৰ বৃদ্ধি অথবা দ্রব্যটোৰ প্ৰতি ৰুচি বৃদ্ধি হ’লে চাহিদাৰ পৰিমাণে বৃদ্ধি হ’ব । কিন্তু দ্রব্যটোৰ দৰ OP ত স্থিৰ হৈ আছে ।

( ঘ ) দীঘল প্ৰশ্ন উত্তৰ 

প্রশ্ন ১। ধৰা হ’ল এজন উপভােক্তাই উপভােগ কৰিবলৈ বিচাৰিছে দুটা দ্রব্য , যেনে x আৰু y । উপভােক্তাগৰাকীৰ আয় 40 টকা । দ্রব্য দুটাৰ মূল্য ক্রমে ৪ টকা আৰু 10 টকা । তেওঁৰ বাজেট ৰেখাৰ এটা সমীকৰণ লিখা আৰু তাৰ ব্যাখ্যা আগবঢ়োৱা । 

উত্তৰঃ দিয়া আছে দাম ( M ) = 40 , Px = 8 , Py = 10 

∴ বাজেট ৰেখাৰ সমীকৰণটো হ’ল— M = xPx + yPy ⇒40 = 8x + 10y

বাজেট ৰেখা হ’ল সেইবিলাক টোপোলাৰ দ্বাৰা গঠিত যিবিলাকৰ উপভােগৰ ব্যয় ভােক্তাজনৰ আয়ৰ সৈতে সমান হয় । বাজেট ৰেখাডাল ঋণাত্মক ঢালযুক্ত হয় । কাৰণ , নির্ধাৰিত আয়ৰ জৰিয়তে x ৰ পৰিমাণ বৃদ্ধি কৰিলে , ভােক্তাজনে y ৰ পৰিমাণ হ্রাস কৰিব লাগিব । 

প্রশ্ন ২। 

ওপৰৰ ৰেখাচিত্রটিৰ বাজেট ৰেখাডালত A , B আৰু C তিনিটা বিন্দু দেখুওৱা হৈছে । বিন্দু তিনিটাৰ বৈশিষ্ট্যবােৰ লিখা আৰু এগৰাকী উপভোক্তাই C বিন্দুত কিয় উপভােগ নকৰিব তাৰ ব্যাখ্যা কৰা । 

উত্তৰঃ A আৰু B বিন্দুত ভােক্তাজনে ভােগ কৰিলে তেওঁৰ আয়স্তৰ ( M) আৰু ব্যয়ৰ পৰিমাণ সমান হয় । গতিকে A অথবা B ত , বাজেট ৰেখাৰ সমীকৰণ M = xPx + yPy প্রযােজ্য । হয় । A বিন্দুত ভােগ কৰিলে ভােক্তাজনে y ৰ ভােগকার্য x ৰ ভােগকার্যতকৈ অধিক হয় । আনহাতে ‘ B ‘ ত ভােক্তাজনে ‘ x ‘ ৰ ভােগকার্য বৃদ্ধি হয় আৰু y ৰ ভােগকাৰ্য ‘ A ‘ তকৈ কম হয় । 

‘ C ‘ বিদ্যুত ভােক্তাজনৰ ব্যয়ৰ পৰিমাণ আয়স্তৰতকৈ কম হয় । গতিকে C বিন্দুত xPx + yPy < M হয় আৰু ‘ C ‘ বিন্দুটো বাজেট ৰেখাৰ তলত আছে । ভােক্তাজনে ‘ C ‘ বিন্দুটোৰ পৰা পােৱা সন্তুষ্টি A আৰু B তকৈ কম হয় । গতিকে A আৰু B ৰ তুলনাত A হ’ল নিকৃষ্ট টোপােলা । 

প্রশ্ন ৩। দ্রব্য দুটাৰ দাম স্থিৰ হৈ থকা সময়ত উপভােক্তাৰ আয়ৰ পৰিৱর্তনে বাজেট ৰেখাত কি পৰিৱৰ্তন আনিব দেখুওৱা। 

উত্তৰঃ এজন ভােক্তাৰ আয় বৃদ্ধি হ’লে আৰু অন্যান্য অৱস্থাৰ পৰিৱৰ্তন নহ’লে নতুন বাজেট ৰেখাডাল বাহিৰৰ ফালে সমান্তৰালভাৱে পৰিৱর্তন হয় । 

আনহাতে , আয় হ্রাস হলে বাজেট ৰেখাডাল সমান্তৰালভাৱে ভিতৰফালে পৰিৱর্তন হয় । ইয়াক চিত্ৰত দেখুওৱা হ’ল-  

প্রশ্ন ৪। দ্রব্য -২ ৰ দাম আৰু উপভােক্তাৰ আয় অপৰিৱৰ্তিত হৈ থকাৰ সময়ত দ্রব্য -১ দামৰ পৰিৱৰ্তনৰ ফলত বাজেট ৰেখাত হােৱা পৰিৱৰ্তনবােৰ দেখুওৱা আৰু ব্যাখ্যা কৰা । 

উত্তৰঃ যদি অন্যান্য অৱস্থাৰ পৰিৱৰ্তন নহয় আৰু Pₓ বৃদ্ধি হয় , বাজেট ৰেখাডাল ভিতৰফালে পৰিবর্তন হয় কাৰণ । ভােক্তাজনে কম পৰিমাণৰ x ভােগ কৰিব । 

আনহাতে যদি Pₓ বদাম হ্রাস পায়, তেন্তে বাজেট ৰেখাডাল বাহিৰৰ ফালে পৰিৱর্তন হয় । ইয়াক চিত্রত দেখুওৱা হ’ল ।

প্রশ্ন ৫। অগ্রাধিকাৰে কিদৰে উপভােক্তাৰ আচৰণত প্ৰভাৱ পেলায় ব্যাখ্যা কৰা । 

উত্তৰঃ সকলােবােৰ সম্ভৱপৰ টোপােলাৰ প্রতি উপভােক্তা এজনৰ অগ্রাধিকাৰ দিয়া দেখা যায় । তেওঁ অগ্রাধিকাৰৰ ওপৰত ভিত্তি কৰি সম্ভৱপৰ টোপােলাবিলাকক স্থান দিব পাবে । তলৰ তালিকাৰ পৰা এই কথা স্পষ্ট হয় । 

টোপােলা                       স্থান 

( 2,2 )                             প্ৰথম 

( 1,3 ) , ( 3 , 1 )              দ্বিতীয়  

( 1,2 ) , ( 2 , 1 ) ,            তৃতীয় 

 ( 1,1)                            চতুর্থ

( 0,0 ) , ( 0,1) ( 0,2 ) , ( 0,3 ) , ( 0,4 ) , ( 0,5 ) ,  ( 1,0 ) , (2,0 ) , ( 3,0 ) , ( 4,0 ) , ( 5,0 ) ,

                                     পঞ্চম

এজন উপভােক্তাৰ অগ্রাধিকাৰক অপৰিৱৰ্তনীয় বুলি কোৱা হয় , যদিহে যিকোনাে দুটা , টোপােলাৰ ভিতৰত উপভােক্তাজনে সেইটো টোপােলাক অগ্রাধিকাৰ দিয়ে যিটো টোপােলাত আনটো টোপােলাতকৈ কমেও এটা দ্রব্য বেছিকৈ থাকে আৰু আনটো দ্রব্য কম থাকে । 

উপভােক্তাৰ অগ্রাধিকাৰ অপৰিৱৰ্তনীয় হ’লে ( 10 , 8 ) আৰু ( 8 , 6 ) টোপােলা দুটাৰ মাজত নিৰপেক্ষ হ’ব নােৱাৰে । কাৰণ প্রথম টোপােলাত পােৱা সন্তুষ্টিৰ পৰিমাণ দ্বিতীয় টোপােলাতকৈ অধিক যিহেতু প্রথম টোপােলাত দুয়ােটা সামগ্ৰীয়েই দ্বিতীয় টোপােলাতকৈ অধিক আছে । 

প্রশ্ন ৬। এক নিৰপেক্ষ ৰেখাৰ উপভােক্তাৰ সর্বোচ্চ বিন্দু বিকল্পকৰণৰ প্রান্তিক হাৰ দামৰ অনুপাতৰ সমান । প্রমাণ কৰা । 

উত্তৰঃ উপভােক্তাৰ কাম্য টোপােলাটো সেইটো বিন্দুত অৱস্থিত যত বাজেট ৰেখাই যিকোনাে এডাল নিৰপেক্ষ ৰেখাক স্পর্শ কৰিছে । যদি এডাল বাজেট ৰেখাই এডাল নিৰপেক্ষ ৰেখাৰ এটা বিন্দুত স্পর্শ কৰে তেন্তে সেই বিন্দুটোত নিৰপেক্ষ ৰেখাৰ ঢালৰ ( MRS ) চৰম মান আৰু বাজেট ৰেখাৰ ঢালৰ ( দৰ অনুপাত ) চৰম মান একে হ’ব । নিৰপেক্ষ ৰেখাৰ ঢাল হৈছে এটা দ্ৰব্যৰ লগত আন এটা এটা দ্রব্যৰ প্রতিকল্পন কৰিব পৰা হাৰ । কাম্য বিন্দুত এই দুয়ােটা হাৰ সমান হ’ব লাগিব । প্রতিপন্ন কৰিবলৈ এই দুয়ােটা হাৰ সমান নােহােৱা এটা বিন্দু লােৱা হ’ল । ধৰাহ’ল এনেকুৱা এটা বিদ্যুত MRS হ’ল 2 আৰু ধৰা হ’ল দুয়ােটা দ্রব্যৰে দৰ সমান । এই বিন্দুত উপভােক্তাজনে 2 নং দ্ৰব্যৰ 2 টা একক এৰি দিবলৈ ইচ্ছা কৰিব যদিহে তেওঁ 1নং দ্ৰব্যৰ এটা অতিৰিক্ত একক লাভ কৰে । কিন্তু বজাৰত যদি তেওঁ 2 নং দ্ৰব্যৰ মাত্র এক একক এৰি দি তেওঁ যদি 1নং দ্ৰব্যৰ এক অতিৰিক্ত একক কিনে , তেওঁ বিদুটোৱে প্রতিনিধিত্ব কৰা টোপােলাটোতকৈ দুয়ােটা দ্রব্য বেছিকৈ পাব আৰু সেয়েহে এটা অগ্রাধিকাৰৰ টোপােলালৈ গতি কৰিব । এইদৰে যি বিদুত MRS বেছি তাত দৰ অনুপাত কাম্য নহয় । দৰ অনুপাততকৈ MRS কম হােৱা যিকোনাে বিন্দুৰ ক্ষেত্ৰত একে ধৰণেৰে যুক্তি দেখুৱাব পাৰি । অর্থাৎ ইয়াৰ পৰা স্পষ্ট যে ভাৰসাম্য অৱস্থাত  

প্রশ্ন ৭। উপভােক্তাৰ সর্বোচ্চ বিন্দুত বাজেট ৰেখা কিয় নিৰপেক্ষ ৰেখা স্পর্শী হােৱা উচিত ৰেখাচিত্রৰ সহায়ত ব্যাখ্যা কৰা । বা , এজন উপভােক্তাই কেৱল দুবিধ দ্রব্য ভােগ কৰে বুলি ধৰি লৈ ভাৰসাম্যৰ চৰ্ত দুটা ব্যাখ্যা কৰা । অথবা , নিৰপেক্ষ ৰেখা পদ্ধতি সহায়ত ভােক্তাৰ ভাৰসাম্য ব্যাখ্যা কৰা। 

উত্তৰঃ ভাৰসাম্য অৱস্থা বুলিলে এটা স্থিৰ অৱস্থাক বুজায় , য’ৰ পৰা ভােক্তাজনে সর্বাধিক সন্তুষ্টি লাভ কৰে । নিৰপেক্ষ ৰেখাৰ জৰিয়তে ভাৰসাম্য অৱস্থা ব্যাখ্যা কৰোঁতে তলৰ । অভিধাৰণাসমূহ গ্রহণ কৰা হয় । 

( i ) ভােত্তাজন বিবেচক ব্যক্তি । 

( ii ) ভােক্তাজনৰ আয় Pₓ, Py নির্ধাৰিত হৈ থাকে । 

( iii ) ভােক্তাজনৰ ৰুচি – অভিৰুচিৰ পৰিৱর্তন হয় । 

( iv ) ভােক্তাজনে সন্তুষ্টি সর্বাধিক কৰিব বিচাৰে । 

ওপৰৰ অভিধাৰণাৰ পৰা স্পষ্ট যে ভােক্তাজনৰ কাৰণে এডাল নির্ধাৰিত বাজেট ৰেখা থাকে । এই বাজেট বেখাডালৰ ঢাল = -Px/Py অর্থাৎ সামগ্রী দুটাৰ দামৰ অনুপাত আৰু এই ঢাল ঋণাত্মক । আনহাতে , নিৰপেক্ষ ৰেখা Py, হ’ল এনে এডাল ৰেখা যত ভােক্তাজনে বিভিন্ন টোপােলাসমূহৰ পৰা সমান সন্তুষ্টি লাভ কৰে । নিৰপেক্ষ ৰেখাৰ ঢাল ঋণাত্মক আৰু এনে ৰেখা বাঁওফালৰ পৰা সোঁফালৰ তললৈ ঢাল খােৱা । 

ভােক্তা এজনৰ ভাৰসাম্য অৱস্থা তলৰ ৰৈখিক চিত্রৰ সহায়ত ব্যাখ্যা কৰা হ’ল—   

চিত্ৰৰ পৰা স্পষ্ট যে M জোটটো ভােক্তাই ভােগ কৰিব নােৱাৰে । কাৰণ, সীমিত আয়ৰ জৰিয়তে সেই জোটটো লাভ নকৰে । আকৌ , R আৰু S জোট দুটা ভোক্তাই ক্রয় কৰিব পাৰে যদিও – ভােক্তাজনে ভাৰসাম্য লাভ নকৰে । কাৰণ এই জোট দুটা তলৰ নিৰপেক্ষ ৰেখা 1₁ত থাকে । গতিকে ভােক্তাজনৰ কাৰণে E হৈছে ভাৰসাম্য জোট , য’ত তলৰ চৰ্ত দুটা পূৰণ হৈছে– 

( i ) E জোটত বাজেট ৰেখাডাল নিৰপেক্ষ ৰেখাত স্পর্শক হৈছে । 

( ii ) নিৰপেক্ষ ৰেখভাল ভাৰসাম্য বিদ্যুত কেন্দ্ৰৰ ফালে উত্তল । ওপৰৰ ব্যাখ্যাৰ পৰা স্পষ্ট যে E বিন্দুটো ভাৰসাম্য বিন্দু য’ত ( OX₁ + OY₁ ) ভােগ কৰে । 

প্রশ্ন ৮। চাহিদা কার্য কি ? লেখচিত্ৰৰে ব্যাখ্যা কৰা । 

উত্তৰঃ চাহিদা কাৰ্য্যই এটা দ্ৰব্যৰ দাম আৰু দ্রব্যটোৰ চাহিদাৰ পৰিমাণৰ মাজৰ ফলনক বুজায় , য’ত দাম হ’ল স্বতন্ত্র চলক আৰু চাহিদাৰ পৰিমাণ হ’ল পৰতন্ত্র চলক । চাহিদা কার্যক তলত দিয়া ধৰণে দেখুৱাব পাৰি ।

Dx = f (Px ), ইয়াত , Dx = x ৰ চাহিদা Px =x ৰ দাম ।

অন্যান্য অৱস্থাৰ পৰিৱৰ্তন নহ’লে , চাহিদা কার্যহ দ্রব্য এটাৰ দাম ( Px) আৰু চাহিদাৰ পৰিমাণ ( Dx ) ৰ মাজৰ বিপৰীতমুখী সম্পর্কক বুজায় । চাহিদা কার্যক তলৰ অনুসূচী খনত দেখুৱাব পাৰি ।

ওপৰৰ অসনুসূচীত দেখা গ’ল যে দ্রব্যটোৰ দাম 2 টকাৰ পৰা 3 টকা আৰু 4 টকালৈ বৃদ্ধি পােৱাত চাহিদাৰ পৰিমাণ ক্রমে 15 কেজিৰ পৰা হাস হৈ 10 কেজি আৰু 5 কেজি হয় । অর্থাৎ দাম আৰু চাহিদাৰ মাজৰ ঋণাত্মক সম্পর্ক দেখা যায় । এই চাহিদা অনুসূচীখনক লেখচিত্রত উপস্থাপন কৰাত চাহিদা ৰেখা পােৱা যায় । ইয়াক তলৰ চিত্ৰত দেখুওৱা হ’ল ।

চিত্রত পৰতন্ত্র চলক পৰিমাণ X অক্ষত আৰু স্বতন্ত্র চলক দামক Y অক্ষত বুজোৱা হৈছে  ।  দ্রব্যটোৰ দাম আৰু চাহিদাৰ , পৰিমাণে মাজৰ বিপৰীতমুখী সম্পর্ক কাৰণে DD চাহিদা ৰেখাডাল বাওঁফালৰ ওপৰৰ পৰা সোঁফালৰ তললৈ ঢাল খােৱা । 

প্রশ্ন ৯। উপভােক্তাৰ চাহিদাৰ ক্ষেত্ৰত বিকল্পকৰণৰ প্ৰভাৱ ব্যাখ্যা কৰা । 

উত্তৰঃ এজন উপভােক্তা হ’ল বিবেচক ব্যক্তি । গতিকে তেওঁ সন্তুষ্টিৰ পৰিমাণ সর্বাধিক কৰিব পৰা টোপােলাহে চাহিদা কৰে । চাহিদাৰ ক্ষেত্ৰত বিকল্পকৰণৰ বিশেষ প্ৰভাৱ দেখা যায় । ইয়াক চিত্রৰ সহায়ত ব্যাখ্যা কৰা হ’ল । 

চিত্ৰত BL ৰেখাডাল  M পৰিমাণৰ আয়ত আৰু দ্রব্য দুবিধৰ দৰ p₁ আৰু p₂ ত উপভােক্তাৰ বাজেট ৰেখা বুজায় । বাজেট ৰেখাডালত থকা তাৰ আৰু তাৰ তলত থকা সকলােবােৰ বিন্দু উপভােক্তাৰ উপলব্ধ । যিহেতু উপভােক্তাজনৰ অগ্রাধিকাৰ অপৰিৱর্তনীয় , কাম্য টোপােলা (x₁,x₂) বাজেট ৰেখাডালত থাকে । B₁L₁ ৰেখাডালে 1নং দ্ৰব্যৰ দৰ হ্রাস পােৱাৰ পাছৰ বাজেট ৰেখা বুজায় । যদি উপভােক্তজনৰ আয় Δp₁ , X*₁পৰিমাণৰ হ্রাস কৰা হয় তেতিয়া বাজেট 

ৰেখাডাল সমান্তৰালভাৱে বাওঁফাললৈ স্থানান্তৰিত হ’ব । 

প্রশ্ন ১০। চাহিদা ৰেখাৰ পৰিৱৰ্তন দেখুওৱা আৰু এই পৰিৱৰ্তন হােৱাৰ পৰিস্থিতি ব্যাখ্যা কৰা । 

উত্তৰঃ অন্যান্য দ্রব্যৰ দৰ উপভােক্তাজনৰ আয় আৰু তেওঁ ৰুচি তথা অভিৰুচি স্থিৰে থাকে বুলি অনুমান কৰি লৈ চাহিদা ৰেখা অংকন কৰা হয় । যদি ইয়াৰ যিকোনাে এটাৰ পৰিৱর্তন হয় , চাহিদা ৰেখাৰ স্থানান্তৰ ঘটে । 

চাহিদাৰেখা স্থানান্তৰৰ পৰিস্থিতি তলত ব্যাখ্যা কৰা হ’ল— আয়ৰ পৰিৱর্তনঃ সামগ্রী এটাৰ দাম আৰু অন্যান্য অৱস্থাৰ কোনাে পৰিৱৰ্তন নহ’লে , যদি ভােক্তাজনৰ আয় বৃদ্ধি হয় , চাহিদা ৰেখা সোঁফালে পৰিৱর্তন হয় । আনহাতে , আয় হ্রাস হ’লে চাহিদা ৰেখা বাঁওফালে পৰিৱর্তন হয় । ইয়াক চিত্রত দেখুওৱা হ’ল ।

অন্যান্য দ্রব্যৰ দৰ পৰিৱর্তন :- ভােক্তাজনৰ সকলাে অৱস্থা স্থিৰে থাকিলে যদি অন্যান্য দ্রব্যৰ দৰ হ্রাস পায় , বিকল্প দ্রব্যৰ চাহিদা হ্রাস হয় । আনহাতে অন্যান্য দ্রব্যৰ দৰ বৃদ্ধি হলে , বিকল্প দ্রব্যটোৰ চাহিদা বৃদ্ধি হয় । চাহিদা ৰেখাৰ স্থানান্তৰ ওপৰৰ চিত্ৰত দেখুওৱা হৈছে । 

ৰুচি অভিৰুচিৰ পৰিৱৰ্তন :- ভােক্তাজনে ভােগ কৰা সামগ্ৰীটোৰ প্রতি ৰুচি – অভিৰুচি যােগাত্মক হলে , অর্থাৎ অগ্রাধিকাৰ পালে আৰু অন্যান্য অৱস্থাৰ পৰিৱর্তন নহ’লেও সামগ্ৰীটোৰ চাহিদা বৃদ্ধি হয় । অর্থাৎ চাহিদা ৰেখাডালে সোফালে স্থানান্তৰ হয় । বিপৰীতক্রমে যদি সামগ্ৰীটোৰ প্রতি গ্রাহক জনৰ ৰুচি কমি যায় , অপৰিৱৰ্তিত দামতাে গ্রাহকজনে চাহিদা হ্রাস কৰে । ওপৰ চিত্ৰত কাঁড় চিনৰ সহায়ত দেখুওৱা হৈছে । 

প্রশ্ন ১১। চাহিদা বিধিটো উল্লেখ আৰু ব্যাখ্যা কৰা । 

উত্তৰঃ এজন উপভােক্তাৰ দ্ৰব্যৰ প্ৰতি থকা চাহিদা আৰু দ্রব্যবিধৰ দৰৰ মাজত বিপৰীতমুখী সম্পর্ক থাকে । ইয়াক চাহিদা বিধি বােলে । চাহিদা বিধিটো কেতবােৰ অভিধাৰণাৰ ওপৰত প্রতিষ্ঠিত । 

( i ) ভােক্তাজন বিবেচক হ’ব লাগিব । 

( ii ) ভােক্তাজনৰ আয় , অন্যান্য সামগ্ৰীৰ দাম স্থিৰে থাকিব লাগিব । 

( iii ) ৰুচি – অভিৰুচিৰ পৰিৱর্তন নহয় । চাহিদা বিধিটো চাহিদা ফলনটোৰ জৰিয়তে দেখুৱাব পাৰি– Dx = f ( Px ) ইয়াত Dx হ’ল x ৰ চাহিদা , Px হ’ল x ৰ দাম । এই চাহিদা ফলনটোক এটা সমীকৰণৰ সহায়ত দেখুৱাব পাৰি । D = a – bP ইয়াত p ≥ 0 )

ওপৰৰ চাহিদা সমীকৰণটোক তলৰ কাল্পনিক অনুসূচীখনৰ জৰিয়তে দেখুৱা হ’ল –   

তালিকাৰ পৰা স্পষ্ট য়ে – p = 0 হ’লে D = 100 হয় , অর্থাৎ a = 100 

ওপৰৰ চাহিদা অনুসূচীখনৰ জৰিয়তে চাহিদা বিধিটোক এডাল ৰৈখিক চাহিদাৰেখাৰ জৰিয়তে দেখুওৱা হ’ল । 

ওপৰৰ চিত্ৰত X অক্ষত চাহিদা আৰু Y অক্ষত দাম বুজোৱা হৈছে । চিত্রৰ D ৰেখাডাল হ’ল চাহিদা ৰেখা যিডালে সামগ্ৰীটোৰ বিভিন্ন দামত চাহিদাৰ বিভিন্ন পৰিমাণ বুজাইছে । যিহেতু ,

দাম বৃদ্ধি হােৱাৰ লগে লগে চাহিদাৰ পৰিমাণ হ্রাস হয় , চাহিদাৰেখাডালৰ ঢাল ঋণাত্মক । অর্থাৎ ৰেখাডাল বাওঁফালৰ ওপৰৰ পৰা সোঁফালৰ তললৈ ঢাল খায় । 

প্রশ্ন ১২। ব্যক্তিগত চাহিদা ৰেখাৰ পৰা কিদৰে বজাৰ চাহিদা ৰেখা অংকণ কৰিব পাৰি ৰেখাচিত্ৰৰে দেখুওৱা । অথবা , ব্যক্তিগত চাহিদা ৰেখাৰ পৰা কেনেকৈ বজাৰ চাহিদা ৰেখা পাব পাৰি চিত্ৰৰ সহায়েৰে দেখুওৱা । 

উত্তৰঃ বজাৰ চাহিদা হ’ল এক নির্দিষ্ট দৰত সকলাে গ্রাহকে ক্রয় কৰা মুঠ দ্ৰব্যৰ সমষ্টি । বজাৰ চাহিদা ব্যক্তিগত চাহিদাৰ যােগফল বােলা হয় । আমি X দ্রব্যটোৰ বিভিন্ন বজাৰ চাহিদা তলত দিয়া ধৰণে নির্ণয় কৰিব পাৰাে , য’ত সামগ্ৰীটোৰ গ্রাহক দুজন বুলি ধৰা হৈছে । তলত ব্যক্তিগত চাহিদা আৰু বজাৰ চাহিদা অনুসূচী দেখুওৱা হ’ল— 

ওপৰৰ চাহিদা অনুসূচীখন তলৰ ৰৈখিক চিত্রত উপস্থাপন কৰা হ’ল –

ওপৰৰ অনুসূচী আৰু ৰৈখিক চিত্ৰৰ পৰা স্পষ্ট যে বজাৰ চাহিদা = ব্যক্তিগত চাহিদাৰ যােগফল । দুডাল ৰেখা যােগ কৰা এই পদ্ধতিক আনুভূমিক যােগফল বােলা হয় । 

প্রশ্ন ১৩। চাহিদাৰ দাম স্থিতিস্থাপকতাৰ ধাৰণাটো ব্যাখ্যা কৰা । 

উত্তৰঃ কোনাে এটা দ্ৰব্যৰ দৰৰ পৰিৱর্তন ঘটিলে দ্রব্যটোৰ চাহিদাৰ যি পৰিৱৰ্তন ঘটে , তাকে চাহিদাৰ দৰ স্থিতিস্থাপকতা বােলে । চাহিদাৰ দৰ স্থিতিস্থাপকতা হ’ল চাহিদাৰ শতকৰা পৰিৱৰ্তন আৰু দ্ৰব্যৰ দৰৰ শতকৰা পৰিৱৰ্তনৰ অনুপাত । এটা দ্রব্যৰ চাহিদাৰ পৰিৱর্তনৰ স্থিতিস্থাপকতা –  

চাহিদাৰ স্থিতিস্থাপকতা সদায়ে চৰম মান হিচাপে লােৱা হয় । চাহিদাৰ দৰ স্থিতিস্থাপকতা পাঁচ প্রকাৰৰ– 

( a ) 1তকৈ অধিক স্থিতিস্থাপক চাহিদা বা স্থিতিস্থাপক চাহিদা। 

( b ) 1তকৈ কম স্থিতিস্থাপক চাহিদা বা অস্থিতিস্থাপক চাহিদা। 

( c ) 1ৰ সমান স্থিতিস্থাপক চাহিদা । 

( d ) সম্পূর্ণ স্থিতিস্থাপক চাহিদা বা স্থিতিস্থাপকতা = ∝( অসীম) । 

( e ) সম্পূর্ণ অস্থিতিস্থাপক চাহিদা বা স্থিতিস্থাপকতা = 0

স্থিতিস্থাপক চাহিদাঃ এনে চাহিদাত Δp < Δq অর্থাৎ দামৰ সামান্য পৰিৱর্তনৰ কাৰণে চাহিদা বিশেষ পৰিৱর্তন হয় । ইয়াক চাহিদা ৰেখাত  দেখুওৱা হ’ল ।

সাধাৰণতে বিলাসী সামগ্ৰীৰ , যেনে — গাড়ী , সােণ , হীৰা , শীত –তাপ নিয়ন্ত্রিত যন্ত্র ইত্যাদিৰ ক্ষেত্রত স্থিতিস্থাপক চাহিদা হয় ।

অস্থিতিস্থাপক চাহিদাঃ এনে চাহিদাত Δp > Δq অর্থাৎ দামৰ বহু বেছি পৰিৱর্তনৰ কাৰণে চাহিদাৰ সামান্য পৰিৱর্তন হয় । ইয়াক চিত্রত দেখুওৱা হ’ল–

উদাহৰণ স্বৰূপে অত্যাৱশ্যকীয় সামগ্রী চাউল , আটা , নিমখ ইত্যাদিৰ ক্ষেত্ৰত চাহিদা অস্থিতিস্থাপক হয় ।

1 ৰ সমান স্থিতিস্থাপক চাহিদা :- যেতিয়া Δp = Δq হয় , চাহিদা ৰেখা এডালৰ স্থিতিস্থাপকতা পােৱা নাযায় । 1ৰ সমান স্থিতিস্তাপক চাহিদা ৰেখা অংকন কৰা হ’ল ।  

প্রশ্ন ১৪। পােন চাহিদা ৰেখাৰ বিভিন্ন বিদ্যুত চাহিদাৰ বিভিন্ন দাম স্থিতিস্থাপকতা দেখুওৱা আৰু ব্যাখ্যা কৰা । 

উত্তৰঃ এডাল ৰৈখিক চাহিদাত বিভিন্ন বিন্দুত চাহিদাৰ স্থিতিস্থাপকতা বেলেগ বেলেগ হয় । ৰৈখিক চাহিদা এডালত স্থিতিস্থাপকতা কোনাে এটা বিন্দু তলত দিয়া ধৰণে নির্ণয় কৰা হয় ।

প্রশ্ন ১৫৷ এডাল পােন চাহিদা ৰেখাত লেখচিত্ৰৰে স্থিতিস্থাপকতা কিদৰে জুখিব পাৰি দেখুওৱা । 

উত্তৰঃ এডাল ৰৈখিক চাহিদা ৰেখা q = a – bp লােৱা হ’ল । চাহিদা ৰেখাডালৰ যিকোনাে – 

স্থিতিস্থাপকতা 1তকৈ কম । a/2b তকৈ কম যিকোনাে দৰত স্থিতিস্থাপকতা 1তকৈ বেছি । চিত্ৰত ৰৈখিক চাহিদা ৰেখা এডালত চাহিদাৰ দৰ স্থিতিস্থাপকতাবিলাক দেখুওৱা হৈছে । 

প্রশ্ন ১৬। ধৰা হ’ল এগৰাকী উপভােক্তাই তেওঁৰ সমুদায় ধন আয় দুই পণ্য Y আৰু y ত খৰচ কৰে । উপভােক্তাগৰাকীৰ ধন আয় 100 টকা আৰু x পণ্যৰ ( Px ) দাম 10 টকা তথা y পণ্যৰ ( Py ) দাম 5 টকা । উপভােক্তা গৰাকীৰ বাজেট সমীকৰণ দেখুওৱা আৰু বাজেট ৰেখা অংকণ কৰা । যদিহে আয় 100 টকাৰ পৰা 200 টকাকৈ বাঢ়ে , তেন্তে বাজেট ৰেখাৰ পৰিৱৰ্তন কেনেকুৱা হ’ব ? 

তেতিয়া BL বাজেট ৰেখাডাল সন্মুখৰ ফালে সমান্তৰালভাৱে B₁L₁ লৈ পৰিৱৰ্তন হ’ব । 

প্রশ্ন ১৭। বজাৰত এটা পণ্যৰ প্রতি দুজন উপভােক্তাৰ ব্যক্তিগত চাহিদা কার্য তলত দিয়া ধৰণৰ :

বজাৰ চাহিদা কার্য নিৰূপণ কৰা আৰু বজাৰ চাহিদা ৰেখা অংকণ কৰা ।

চিত্ৰত ‘ X ‘ অক্ষত পৰিমাণ আৰু Y অক্ষত দাম বুজোৱা হৈছে । d₁ = প্রথম ভোক্তাজনৰ চাহিদা ৰেখা , d₂ = দ্বিতীয় ভােক্তাজনৰ চাহিদা ৰেখা আৰু dm = বজাৰ চাহিদা ৰেখা । dm ৰেখাডাল d₁ আৰু d₂ চাহিদা ৰেখাৰ আনুভূমিক যােগফল । d₁ আৰু d₂ চাহিদা ৰেখা দুডালৰ দৰেই dm চাহিদা ৰেখা ডালে বাওঁফালৰ ওপৰৰ পৰা সোঁফালৰ তললৈ ঢাল খােৱা । 

প্রশ্ন ১৮। যদি চাহিদাৰ স্থিতিস্থাপকতা 2 হয় আৰু পণ্যৰ দাম 9 % বাঢ়ে, তেন্তে পণ্যৰ চাহিদালব্ধ পৰিমাণৰ পৰিৱর্তন কি হব? 

প্রশ্ন ১৯। ধৰি লােৱা বজাৰত এটা সামগ্ৰীৰ দুজন উপভােক্তা আছে । তেওঁলােক দুজনৰ চাহিদা ফলন তলত দিয়া ধৰণৰ–

d₁ ( P ) = 20 – p যেতিয়া p ≤ 20 আৰু শূণ্য ( 0 ) যেতিয়া p > 20 

d₂( P ) = 30 – 2p যেতিয়া p ≤15 আৰু শূণ্য ( 0 ) যেতিয়া p > 15 বজাৰ চাহিদা ফলন নির্ণয় কৰা । 

উত্তৰঃ দাম 15 তকৈ কম বা সমান হলে , বজাৰ চাহিদা ফলন-

                                                                     = 50-3P 

দাম 20 তকৈ কম বা সমান হলে বজাৰ চাহিদা ফলন = 20 –P 

           দাম 20 তকৈ বেছি হ’লে বজাৰ চাহিদা ফলন = 0 হ’ব। 

প্রশ্ন ২০। পূর্ণ প্রতিযােগিতামূলক বজাৰৰ ব্যৱসায় প্রতিষ্ঠান এখনৰ চাহিদা আৰু যােগন ফলন তলত উল্লেখ কৰা ধৰণৰ :

Qd = 200 – 2P আৰু

Qs = -100+ 3P 

( i ) ভাৰসাম্য দৰ আৰু পৰিমাণ নির্ণয় কৰা । 

( ii ) ব্যয় বৃদ্ধিৰ বাবে যােগান ফলন ( Qs ) =– 200 + 3P হয় , তেন্তে ভাৰসাম্য দৰ আৰু পৰিমাণৰ কি পৰিৱৰ্তন হ’ব ? 

ভাৰসাম্য দাম ( 80 – 20 ) = 60 টকালৈ পৰিৱর্তন হয় আৰু ভাৰসাম্য পৰিমাণ ( 40 –160 ) = -120 অর্থাৎ 120 একক হ্রাস হয় । 

প্রশ্ন ২১। এগৰাকী একচেটিয়া ব্যৱসায়ীৰ উৎপাদনৰ বিভিন্ন গােটৰ বাবে মুঠ ব্যয় ( TC ) আৰু দাম ( P ) দিয়া আছে । 

( i ) মুঠ আয় ( TR ) , প্রান্তিক আয় ( MR ) আৰু প্রান্তিক ব্যয় ( MC ) অনুসূচী নির্ধাৰণ কৰা ।

( ii ) উৎপাদনৰ ভাৰসাম্য পৰিমাণ ( Q ) নির্ণয় কৰা । 

উত্তৰঃ  

( ii ) উৎপাদনৰ ভাৰসাম্য পৰিমাণ ( Q ) = 5 একক । কাৰণ এই পৰিমাণ MR আৰু MC সমান হৈছে ।

প্রশ্ন ২২। নিৰপেক্ষ ৰেখাৰ চাৰিটা বৈশিষ্ট্য আলােচনা কৰা । 

উত্তৰঃ ( i ) নিৰপেক্ষ ৰেখা সদায় বাওঁফালৰ ওপৰৰ পৰা সোঁফালৰ তললৈ ঢাল খায় , কাৰণ দুটা দ্ৰব্যৰ টোপােলাৰ এটা দ্রব্য হ্রাস হ’লে আনটো দ্রব্য বৃদ্ধি হয় । 

( ii ) নিৰপেক্ষ ৰেখা এডাল কেন্দ্ৰৰ ফালে উত্তল । অর্থাৎ প্রতিকল্পৰ প্রান্তিক হাৰ হ্রাস হয় । 

( iii ) দুডাল নিৰপেক্ষ ৰেখাই কেতিয়াও কটাকটি কৰিব নােৱাৰে । 

( iv ) নিৰপেক্ষ ৰেখাৰ মানচিত্ৰত ওপৰত থকা নিৰপেক্ষ ৰেখা এডালে তলৰ নিৰপেক্ষ ৰেখা এডালতকৈ অধিক সন্তুষ্টি প্রদান কৰে । 

প্রশ্ন ২৩। ব্যয় পদ্ধতিৰ জৰিয়তে স্থিতিস্থাপকতা গণনা কৰা । 

( i ) প্রতি একক দ্রব্যৰ দৰ 10 টকাৰ পৰা 12 টকালৈ বৃদ্ধি হ’লে চাহিদাৰ পৰিমাণ 25 এককৰ পৰা 20 এককলৈ হ্রাস হয়। 

( ii ) প্রতি একক দ্ৰব্যৰ দৰ ৪ টকাৰ পৰা 10 টকালৈ বৃদ্ধি হ’লে চাহিদাৰ পৰিমাণ 20 এককৰ পৰা 16 এককলৈ হ্রাস পায় । 

( i ) প্রতি একক দ্রব্যৰ দৰ 12 টকাৰ পৰা ৪ টকালৈ হ্রাস হ’লে চাহিদা 20 ৰ পৰা 28 এককলৈ বৃদ্ধি হয় ।

উত্তৰঃ ব্যয় পদ্ধতিৰ সহায়ত চাহিদাৰ স্থিতিস্থাপকতা নির্ণয় : 

(i) দাম(টকাত) চাহিদা(পৰিমাণত) মুঠ ব্যয় ( টকাত ) 

10     25      250 

12     20      240 

দাম বৃদ্ধি পােৱাত , মুঠ ব্যয় 250 টকাৰ পৰা 240 টকালৈ হ্রাস পাইছে, গতিকে চাহিদাৰ স্থিতিস্থাপকতা এককতকৈ অধিক অর্থাৎ স্থিতিস্থাপক চাহিদা । 

( ii ) দাম(টকাত) চাহিদা(পৰিমাণত) মুঠ ব্যয় ( টকাত ) 

8       20     160 

10    16      160 

দাম বৃদ্ধি হৈছে যদিও মুঠ ব্যয় 160 টকাত অপৰিৱৰ্তনীয় হৈ আছে , গতিকে দ্রব্যটোৰ দৰ চাহিদাৰ স্থিতিস্থাপকতা । ( একৰ ) সৈতে সমান । অর্থাৎ একক স্থিতিস্থাপকতা । 

( iii ) দাম(টকাত) চাহিদা(পৰিমাণত) মুঠ ব্যয় ( টকাত ) 

12     20      240 

8      28       224 

দাম হ্রাস হােৱাত মুঠ ব্যয়ৰ পৰিমাণে 240 টকাৰ পৰা 224 টকালৈ হ্রাস হৈছে । গতিকে দ্রব্যটোৰ চাহিদাৰ স্থিতিস্থাপকতা এককতকৈ কম অর্থাৎ অস্থিতি

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top