শিশু শ্রমিক ৰচনা | Child Labour Essay in Assamese

শিশু শ্রমিক ৰচনা | Child Labour Essay in Assamese

Join Telegram channel

ফুল কুমলীয়া শিশুসকলে যিটো সময়ত হাঁহি-মাতি, ৰং-ধেমালিৰ মাজেদি মাটিৰ পৃথিৱীক স্বৰ্গৰ নন্দন কানন সদৃশ আনন্দময় কৰি তোলাটো হ’ব লাগিছিল অনিবার্য, সেই সময়ছোৱাতে একাংশ শিশুৱে জীৱনৰ সোণাময় অমূল্য শিশুকালছোৱা নিজৰ জীৱন ধাৰণৰ ভূমিকাত অৱতীৰ্ণ হৈ ব্যক্তি জীৱনলৈ যি দৰে অন্ধকাৰ নমাই আনিবলগা হৈছে সেইদৰে দেশ বা জাতিৰ জীৱনলৈও অন্ধকাৰ নমাই আনিবলগা হৈছে। এই ঘটনা যি দৰে অত্যন্ত হৃদয় বিদাৰক, সেইদৰে লজ্জাজনকো, হ’লেও এয়াই বাস্তৱ, এয়াই সত্য। অথচ এই কথা সকলোৰে জ্ঞাত, অৱনতি সম্পূৰ্ণ শিশুসকলৰ ওপৰতে নিৰ্ভৰশীল।

শিশু শ্রমিক ৰচনা | Child labour Essay in Assamese

শিশু শ্রমিক ৰচনা | Child Labour Essay in Assamese

সেয়ে কোনো দেশ বা জাতিৰ শিশুসকলৰ জীৱন-ধাৰণৰ মানদণ্ডলৈ লক্ষ্য কৰি সেই দেশ বা জাতিৰ ভৱিষ্যৎ উন্নতি, অৱনতি সম্পর্কে সমাজ-বিজ্ঞানীসকলে এটি সম্যক ধাৰণা কৰিব পাৰে। এই সময়ছোৱাতে শিশুসকলৰ বাবে আৱশ্যকীয় সেৱাসমূহ যেনে- সুস্থ পৰিৱেশযুক্ত বাসস্থান, উপযুক্ত খাদ্য, চিকিৎসা, শাৰীৰিক আৰু মানসিক শিক্ষা, যথোচিত আদৰ-যত্ন আদিৰ ব্যৱস্থা কৰিব লাগে। এনে ব্যৱস্থাৰ জৰিয়তেহে শিশুসকলৰ শাৰীৰিক আৰু মানসিকভাৱে উন্নত মানদণ্ডৰ অধিকাৰী হৈ দেশ বা জাতিৰ উপযুক্ত নাগৰিক ৰূপে গঢ় লৈ দেশ বা জাতিৰ উন্নয়নত অংশ গ্ৰহণ কৰিব পৰা উপযুক্ততা অৰ্জন কৰিবলৈ সক্ষম হৈ উঠে।

যি দেশ বা জাতিয়ে শিশুসকলৰ বাবে আৱশ্যকীয় সেৱাসমূহৰ কাৰ্য্যসূচী সঠিকভাৱে ৰূপায়ণ কৰিব পাৰে সেই দেশ বা জাতিৰ শিশুসকলো ভৱিষ্যতে সেই দেশ বা জাতিৰ উপযুক্ত নাগৰিক ৰূপে গঢ় লৈ উঠিব পাৰে আৰু যি দেশ বা জাতিৰ শিশুসকল উল্লিখিত সেৱাসমূহৰপৰা বঞ্চিত হ’ব লগাত পৰে সেই দেশ বা জাতিৰ ভৱিষ্যৎ নাগৰিক সকলো উপযুক্ত নাগৰিক ৰূপে গঢ় লৈ উঠিব পৰা গুণৰ অধিকাৰী হোৱাটো আশা কৰিব নোৱাৰি। মানৱ জীৱনৰ বাবে অত্যধিক গুৰুত্বপূৰ্ণ এই শিশু কালছোৱাৰ সৎ ব্যৱহাৰৰ ওপৰতে মানৱ জীৱনৰ পৰৱৰ্তী কালছোৱাই জীৱনক সাৰ্থক বা অসাৰ্থক ৰূপত গঢ় দিয়ে।

Read Also: ভাৰতৰ নিবনুৱা সমস্যা ৰচনা | The Unemployment Problem in India Essay in Assamese

উদ্ভৱৰ কাৰণ | Causes of origin

বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ ন-ন আৱিষ্কাৰ আৰু প্ৰয়োগেৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই বিভিন্ন দিশত বিশ্ববাসীক চমকৃত কৰি তুলিছে যদিও বিশ্ববাসীৰ মৌলিক প্রয়োজনসমূহ, যেনে- সুস্থ পৰিৱেশযুক্ত বাসস্থান, শিক্ষা, চিকিৎসা আৰু ভাত-কাপোৰৰ সমস্যাটো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আজিও সমাধান কৰিব পৰা নাই৷ ইয়াৰ ফলত বিশ্বৰ উন্নত দেশকেইখন বাদ দি বিশেষকৈ তৃতীয় বিশ্বৰ গৰীব দেশসমূহত চৰম দৰিদ্ৰ অৱস্থা বিৰাজমান। খাবলৈ এমুঠি ভাত আৰু পিন্ধিবলৈ এডোখৰ সাধাৰণ বস্ত্ৰ এইটোৱে এইবোৰ দেশৰ ঘাই সমস্যা। এইবোৰ দেশ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকৰ সংখ্যাই সৰহ।

এই সকল লোকৰ গৰীব অৱস্থাৰ সুযোগ লৈয়ে সামান্যতম পাৰিশ্ৰমিকৰ বিনিময়ত লাভখোৰ ব্যৱসায়ী, সুযোগ-সন্ধানী মধ্যবিত্ত শ্ৰেণীৰ তথাকথিত ভদ্রলোকসকলে নিজ স্বাৰ্থ পূৰণ কৰিবলৈ গৈ শিশু শ্ৰমিকৰ সৃষ্টি কৰে। গতিকে দৰিদ্ৰতাই হ’ল শিশু শ্ৰমিকৰ উৎপত্তি স্থল। যি দেশত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকৰ সংখ্যা সৰহ সেই দেশত শিশু শ্ৰমিকৰ সংখ্যাও নিম্নগামী হ’বলৈ বাধ্য। ফলত অজ্ঞতা হেতু, পৰিয়াল পৰিকল্পনা আঁচনিও এইবোৰ দেশত ব্যৰ্থ হৈ পৰে বাবে জনসংখ্যাৰ বিস্ফোৰণ ঘটে আৰু জনসংখ্যা বিস্ফোৰণ ঘটাৰ সৈতে সঙ্গতি ৰক্ষা কৰি দৰিদ্ৰ অৱস্থাও অধিক শোচনীয় হৈ পৰি আৰু শিশু শ্ৰমিকৰ সংখ্যাও দিনে দিনে বৃদ্ধি পাবলৈ ধৰে।

গতিকে শিশু-শ্রমিক এই জ্বলন্ত সমস্যাটো এই হঠাৎ উদ্ভৱ হোৱা বিচ্ছিন্ন ঘটনা নহয়। দেশ বা সমাজৰ আৰ্থ-সামাজিক দু লিতাৰ সুৰুঙাৰে প্ৰৱেশ কৰা এই শিশু-শ্রমিকৰ সমস্যাটোৱে জনসংখ্যা বৃদ্ধিৰ লগে লগে ক্ৰমশঃ বৃদ্ধি পাই গৈ আছে আৰু দিনে দিনে এই সমস্যাটো জটিলৰপৰা জটিলতৰ অৱস্থালৈ গতি কৰি এই সমস্যাটো বিশ্ববাসীৰ বাবে এক অভিশাপত পৰিণত হৈছে।

কর্মক্ষেত্র | Workplace

শিশু-শ্রমিকৰ কৰ্মস্থল থাউকতে নিৰ্ণয় কৰা টান। থোৰতে ক’বলৈ হ’লে সেয়ে এনেদৰে হে কোৱা যুক্তিসংগত যে শিশুৱে কৰিব পৰা এনে কোনো কর্মস্থল নাই, য’ত শিশু-শ্রমিক জড়িত নহয়। তথাপি কেইটামান নির্দিষ্ট স্থূলত শিশু-শ্রমিক সততে জড়িত হৈ থকা দেখা যায়। এই স্থলসমূহ হ’ল ৰেল-বাছ সেৱাৰ যাত্ৰীৰ মাল পৰিবহণ, কয়লা বোটলা, খাদ পৰিষ্কাৰ কৰা, চিমেণ্ট-শিল্প, ঘৰনির্মাণ, বস্ত্ৰ-শিল্প, কার্পেট তৈয়াৰী শিল্প, কাপোৰত ছাপ মৰা, ৰং কৰা, বিড়ি বন্ধা, অভ্রশিল্প, হোটেল আৰু ৰেষ্টোৰেণ্ট, মুদ্রণ-শিল্প, ইলেকট্রনিক-উদ্যোগ, দিয়াশলাই আৰু আতচবাজী তৈয়াৰী কাৰখানা, গ্ৰন্থ-বন্ধা কাৰখানা, খাদ্য-সম্ভাৰ পেকেটত ভৰোৱা কাৰখানা আদি।

এইবোৰত হাজাৰ হাজাৰ শিশু-শ্রমিকে শ্রমিকৰূপে কাম কৰে। ইয়াৰ বাহিৰেও উচ্চ আৰু মধ্যবিত্ত পৰিয়ালৰ গৃহ সহায়কাৰী হিচাপেও অসংখ্য শিশুৱে শ্ৰমদান কৰে। প্ৰত্যেক দেশতে শিশুসকলৰ ৰক্ষণাবেক্ষণৰ বাবে আইন আছে যদিও আইনী ব্যৱস্থাইশিশু-শ্রমিক নিয়োগ কৰাটো বন্ধ কৰিব পৰা নাই। বৰ হৃদয়বিদাৰক ঘটনা যে এই শিশু শ্রমিকসকলে সামান্য বেতনতে কাম কৰিব লগা হয়। তাতে আকৌ কর্মস্থানসমূহত সামান্য কথাতে শিশুসকলৰ ওপৰত শাৰীৰিক নির্যাতনো কৰা হয়। তেওঁলোকক অস্বাস্থ্যকৰ অৱস্থাত ৰখা হয়। তেওঁলোকৰ মানসিক বা শাৰীৰিক উন্নতিৰ প্ৰতি কোনো ধৰণৰ লক্ষ্য ৰখা নহয়। থোৰতে ক’বলৈ হ’লে অত্যন্ত বেয়া পৰিৱেশৰ মাজত এই শিশু শ্রমিকসকলে জীৱন-যাপন কৰিব লগা হয়। দেশীয় চৰকাৰ, পুলিচ বা প্রশাসনেও এই ক্ষেত্ৰত কাৰ্যকৰী ভূমিকা গ্ৰহণ কৰা দেখা নাযায়। এই বিষয়ে যেন সকলো উদাসীন।

Read Also: Class 5 Environmental Question Answer

ভাৰতত শিশু শ্ৰমিকৰ সমস্যা | The problem of child labor in India

ভাৰতবৰ্ষ এখনি দুখীয়া দেশ। দুখীয়া দেশ হিচাপে এই দেশতো শিশু-শ্রমিকৰ সমস্যাটো এটা ঘাই সমস্যা হৈ উঠিছে। শিশু-শ্রমিক আইন ১৯৮৬ ৰ আধাৰত শিশু-শ্রমিক সম্পর্কে এটা সমীক্ষা যুগুতাই এই সমস্যাটোৰ ওপৰত আলোকপাত কৰিছিল। এই সমীক্ষাৰ মূল লক্ষ্য আছিল শিশু-শ্ৰমিকৰ কাৰ্যস্থলসমূহৰ চিনাক্তকৰণ। দেশীয় আইনী ব্যৱস্থাত শিশু-শ্রমিক নিয়োগ সম্পর্কে নিষেধাজ্ঞাও নথকা নহয়। তত্রাচ, আইনক ফাঁকি দি নিয়োগকর্তাসকলে শিশু-শ্রমিক নিয়োগ কৰি পূৰ্বৎ নিজ খুচিমতে নিজ স্বার্থ সিদ্ধি কৰি থকা অৱস্থাই এতিয়াও বিৰাজমান । শিশু-শ্ৰমিকৰ বিলোপ সাধন কৰাৰ উদ্দেশ্যে চৰকাৰে প্ৰকল্প হাতত লৈছে যদিও এই প্রকল্পই যথাৰ্থকাৰ্যকৰী ভূমিকা পালনত ব্যৰ্থ হোৱা হেতু এই দেশত শিশু শ্ৰমিকৰ সমস্যাটো আজিও এটা জটিল সমস্যা হৈয়ে আছে।

এই দেশত স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্রী জৱাহৰলাল নেহেৰুৰ জন্মদিন ১৪ নৱেম্বৰ তাৰিখটো “শিশু দিৱস” হিচাপে পালন কৰি দেশবাসীক শিশু সম্পর্কে সচেতন হ’বলৈ সকীয়াই দিয়া হয় যদিও ভাৰতৰ দৰে গৰীব আৰু অশিক্ষিত জনসংখ্যাৰে ভৰপূৰ দেশ এখনত এনে ব্যৱস্থাই বৃহৎ জনগণৰ কিমান সংখ্যকক শিশু সম্পর্কে সচেতন কৰে সেয়া সন্দেহজনক। সেয়েহে এই দেশত এতিয়াও ল’ৰা-ছোৱালীক বিদ্যালয়লৈ পঠিওৱাৰ পৰিৱৰ্তে ল’ৰা-ছোৱালীয়ে কাম বনত-লাগি দুপইচা উপার্জন কৰাটোহে একাংশ অভিভাৱকে অধিক মনোযোগ দিয়ে। এনে পটভূমিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে শিশু-শ্রমিক নিয়োগ সম্পৰ্কে কঠোৰ আইনী ব্যৱস্থা কাৰ্যকৰী কৰি তোলাৰ লগতে দেশৰ আৰ্থ-সামাজিক অৱস্থাৰো যথোচিত উন্নয়ন ঘটাব লাগিব। আর্থ-সামাজিক উন্নয়ন অবিহনে শিশু শ্রমিকৰ সমস্যাৰ ওৰ পৰা কোনোপধ্যে সম্ভৱপৰ নহয়। তৃতীয় বিশ্বৰ গৰীব দেশসমূহতে শিশু-শ্রমিকৰ সমস্যাটো অধিক ব্যাপক।

গতিকে তৃতীয় বিশ্বৰ সমগ্ৰ দেশসমূহৰ উন্নতি-অৱনতিৰ সৈতে শিশু শ্ৰমিকৰ সমস্যটোও ওতপ্রোতভাৱে জড়িত। সেয়ে এই দেশসমূহৰ আৰ্থ-সামাজিক অৱস্থাৰ উন্নতি নঘটিলে এইবোৰ দেশৰপৰা শিশু শ্রমিকৰ জটিল সমস্যটো কিছু পৰিমাণে হ’লেও লাঘৱ কৰাত সহায় কৰিব পাৰে। সমাজকর্মী, সমাজ সেৱা-প্রতিষ্ঠান, সংগঠন, ৰাজনৈতিক নেতা, শিল্পী-সাহিত্যিক, সমাজ-বিজ্ঞানী আৰু প্ৰধানকৈ চৰকাওঁ সেই সমস্যাটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ইয়াৰ নিৰাময়ৰ বাবে যথোচিত প্রচেষ্টা অব্যাহত ৰাখিলে সমস্যাটো একেবাৰে নিৰ্মূল কৰা কঠিন হ’লৈও অন্ততঃ সমস্যাটো কিছু লাঘৱ কৰিব পৰা যাব। গতিকে এই সমস্যা ওৰ পেলাবলৈ অধিক চিন্তা-চৰ্চা কৰা বাঞ্ছনীয় । এই ক্ষেত্ৰত সকলোৱে এনে লক্ষ্য লোৱা উচিত যাতে ফুল কুমলীয়া শিশুসকলক আমি ফুলৰ দৰে ফুটি উঠা বা বিকশিত হোৱাৰ সুযোগ-সুবিধা প্ৰদান কৰিব পাৰোঁ । কাৰণ আজিৰ শিশু-কাইলৈ দেশৰ নাগৰিক৷ আমাৰ কাইলৈৰ নাগৰিক-সকলেই হ’ল আমাৰ দেশৰ ধৰণী।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top