Assam Jatiya Bidyalay Class 7 Social Science Chapter 17 বতৰ আৰু জলবায়ু

Assam Jatiya Bidyalay Class 7 Social Science Chapter 17 বতৰ আৰু জলবায়ু, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 Social Science Chapter 17 বতৰ আৰু জলবায়ু Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বতৰ আৰু জলবায়ু

Chapter -17

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্ন ১। বতৰ বুলিলে কি বুজা?

উত্তৰঃ বতৰ হ’ল কোনো এখন ঠাইত কোনো এটা নিৰ্দিষ্ট দিনৰ সূৰ্যৰ পোহৰ, তাপ, বায়ুৰ চাপ, বতাহ, বৰষুণ, বায়ুত থকা জলীয় ভাপ আদি লগ লাগি সৃষ্টি কৰা অৱস্থা।

প্রশ্ন ২। জলবায়ু বুলিলে কি বুজা?

উত্তৰঃ জলবায়ু হ’ল এখন ঠাইৰ কমেও ৩০-৪০ বছৰৰ বতৰৰ গড় অৱস্থা।

সেয়েহে কোনো এখন ঠাইৰ জলবায়ু জানিবলৈ হ’লে কমেও ৩০ বছৰৰ বতৰৰ অৱস্থা জানিব লাগিব।

প্রশ্ন ৩। বতৰৰ উপাদানসমূহ কি কি? 

উত্তৰঃ বতৰৰ উপাদানসমূহ হ’ল এটা নিৰ্দিষ্ট দিনৰ সূৰ্যৰ পোহৰ, তাপ, বায়ুৰ চাপ, বতাহ, বৰষুণ জলীয় ভাপ আদি।

প্রশ্ন ৪। জলবায়ু নিয়ন্ত্রণ কৰা চাৰিটা কাৰকৰ নাম লিখা। 

উত্তৰঃ জলবায়ু নিয়ন্ত্ৰণ কৰা চাৰিটা কাৰক হ’ল— অক্ষাংশ, উচ্চতা, সমুদ্ৰৰ সান্নিধ্য, ভূ-প্রকৃতি।

প্রশ্ন ৫। কাৰণ দেখুওৱা :

ক) গুৱাহাটীৰ পৰা মাত্র ১০০ কিঃমিঃ দূৰত অৱস্থিত হ’লেও শ্বিলঙৰ জলবায়ু শীতল কিয়?

উত্তৰঃ উচ্চতা অনুসৰি দুখন ঠাইৰ জলবায়ু বেলেগ বেলেগ হয়। গুৱাহাটী আৰু শ্বিলং ওচৰা-ওচৰিকৈ অৱস্থিত হ’লেও দুয়োখন ঠাইৰ উচ্চতাৰ তাৰতম্য আছে। কিয়নো শ্বিলং সাগৰপৃষ্ঠৰ পৰা ১৬০০ মিটাৰ উচ্চতাত অৱস্থিত বাবে গুৱাহাটীত ৩৬° উষ্ণতা হলে সেই একে সময়তে শ্বিলঙৰ উষ্ণতা ৩০°

প্রশ্ন ৬। নিৰক্ষীয় অঞ্চলত গছবোৰ সেউজীয়া কিয়?

উত্তৰঃ নিৰক্ষীয় অঞ্চলত সূৰ্যৰ পোহৰ লম্বভাৱে পৰে। বায়ু গৰম হৈ পাতল হৈ ওপৰলৈ উঠে। সেই ঠাই পূৰাবলৈ ক্ৰান্তিদ্বয়ৰ পৰা বায়ু বৈ আহে। ইয়ে আয়ন বতাহ। আয়ন বতাহে দুই গোলার্ধতে সাগৰৰ পৰা জলীয় বাষ্প লৈ

মহাদেশবোৰৰ পূৰফালেদি বৈ যোৱা বাবে এই অঞ্চলত বৰষুণ হয়। এই অঞ্চলত বৰষুণৰ লগতে উত্তাপো বেছি। অধিক বৰষুণৰ ফলত ইয়াত গছবোৰ সেউজীয়া। 

প্রশ্ন ৭। ক্রান্তীয় অঞ্চলৰ পশ্চিমফালত পৃথিৱীৰ ডাঙৰ মৰুভূমিবোৰ অৱস্থিত কিয়?

উত্তৰঃ এই অঞ্চলৰ পৰা আয়ন আৰু পশ্চিমা বতাহ বিষুব অঞ্চললৈ প্রবাহিত হয়। কিন্তু এই অঞ্চললৈ কোনো জলীয় বাষ্পপূর্ণ বতাহ প্রবাহিত নহয়। এই অঞ্চলটো সাগৰৰ পৰা বহু দূৰত অৱস্থিত। এই অঞ্চলত বৰষুণ নহয়। আনকি অঞ্চলটোৰ কোনো কোনো ঠাইত কেইবা বছৰ ধৰি বৰষুণ নহয়। সেয়েহে এই অঞ্চলত ডাঙৰ মৰুভূমিবোৰ অৱস্থিত।

প্রশ্ন ৮। পার্থক্য দেখুওৱা –

ক) বতৰ আৰু জলবায়ু।

উত্তৰঃ ১) বতৰ হ’ল কোনো এখন ঠাইৰ এটা নিৰ্দিষ্ট সময়ৰ সূৰ্যৰ তাপ, বায়ুৰ চাপ, বতাহ, বৰষুণ, বায়ুত থকা জলীয় ভাপ আদি লগ লাগি সৃষ্টি কৰা অৱস্থা। জলবায়ু হ’ল কমেও ৩০-৪০ বছৰৰ বতৰৰ গড় অৱস্থা। 

২) বতৰ সঘনে সলনি হয়। কিন্তু জলবায়ু সঘনে সলনি নহয়।

খ) তুন্দ্ৰা জলবায়ু আৰু পাৰ্বত্য জলবায়ু তুদ্ৰা জলবায়ু অতি ঠাণ্ডা, বছৰৰ ছমাহ ইয়াত সূৰ্যৰ পোহৰ অতি হেলনীয়াকৈ পৰে। পার্বত্য জলবায়ুত আকৌ তাৰতম্য ঘটে। পৰ্বতৰ নামনি অংশত নিৰক্ষীয় জলবায়ু আৰু শৃংগত তুদ্ৰা জলবায়ু বিৰাজ কৰে।

প্রশ্ন ৯। কোন দেশত সূর্য মাজৰাতি দেখা পোৱা যায়? 

উত্তৰঃ নৰৱে।

প্রশ্ন ১০। আক্ষাংশৰ ভিত্তিত পৃথিৱীক জলবায়ু অঞ্চলত ভাগ কৰা। 

উত্তৰঃ অক্ষাংশৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীক নিম্নোক্ত জলবায়ু অঞ্চলত ভাগ কৰিব পাৰি।

কৰ্কটক্রান্তিৰ পৰা মকৰক্ৰান্তিলৈ (২৩° উ) উষ্ণমণ্ডল। কর্কটক্রান্তিৰ পৰা সূমেৰু বৃত্তলৈ (৬৬ – উ) আৰু মকৰক্ৰান্তিৰ পৰা কুমেৰু বৃত্তলৈ (২৩-দ) নাতিশীতোষ্ণ মণ্ডল আৰু সুমেৰু বৃত্তৰ পৰা উত্তৰ মেৰুবিন্দুলৈ, কুমেক বৃত্তৰ পৰা দক্ষিণ মেৰু বিন্দুলৈ হিমমণ্ডল বা শীতমণ্ডল।

প্রশ্ন ১১। বিষুবীয় অঞ্চলৰ অন্তৰ্গত অঞ্চলসমূহৰ নাম লিখা। 

উত্তৰঃ বিষুৱীয় অঞ্চলৰ অন্তৰ্গত অঞ্চলসমূহ হ’ল— মালয়ছিয়া, ইণ্ড নৈছিয়া, আমাজান আৰু কঙ্গনদীৰ অৱবাহিকা, আফ্ৰিকাৰ গিনি উপকূল, পশ্চিম ভাৰতীয় দীপপুঞ্জ, মালয় উপদ্বীপ, নিউগিনি।

প্রশ্ন ১২। বিষুৱীয় অঞ্চলৰ উদ্ভিদৰ বিষয়ে লিখা।

উত্তৰঃ অধিক উত্তাপ আৰু বৃষ্টিপাতৰ বাবে গছ-গছনিবোৰ ওখ আৰু ডাঙৰ। ঢেঁকীয়াজাতীয় গছ-লতা আৰু পৰাশ্রয়ী উদ্ভিদ যথেষ্ট বেছি। গছৰ পাতবোৰ সেউজীয়া আৰু নসৰে। সেয়ে অঞ্চলটোৰ অৰণ্যক চিৰসেউজীয়া অৰণ্য বুলি কোৱা হয়। মেহগনি, ৰবৰ, কফি, ক’ক আদি গভীৰ অৰণ্য অঞ্চলৰ উদ্ভিদ। তাল, নাৰিকল আদি উপকূল অঞ্চলত হোৱা উদ্ভিদ। আমাজান অৱবাহিকাৰ এনে চিৰসেউজীয়া অৰণ্যক ছেলভা বুলি কোৱা হয়।

প্রশ্ন ১৩। কি কাৰণে মৰুভূমিৰ সৃষ্টি হৈছে বুজাই লিখা।

উত্তৰঃ কৰ্কটক্রান্তি আৰু মকৰক্ৰান্তিৰ ওপৰত সদায় উচ্চ চাপ বিৰাজ কৰে। এই অঞ্চলৰ পৰা আয়ন আৰু পশ্চিমা বতাহ বিষুৱ অঞ্চললৈ প্ৰৱাহিত হয়। কিন্তু এই অঞ্চলসমূহলৈ কোনো জলীয় বাষ্পপূর্ণ বতাহ প্রবাহিত নহয়। সেয়েহে, সাগৰৰ পৰা দূৰত অৱস্থিত ঠাইবোৰ অত্যন্ত গৰম। ইয়াৰ ওপৰত থকা বায়ুৰ ঘণীভৱন হৈ বৰষুণ নহয়। অঞ্চলটোৰ কোনো ঠাইত কেইবাবছৰ ধৰি বৰষুণ নোহোৱাকৈ থাকে। সেইবাবে এই অঞ্চলত মৰুভূমিৰ সৃষ্টি হয়।

প্রশ্ন ১৪। মৌচুমী জলবায়ুৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ উত্তৰ আৰু দক্ষিণে ১০°-৩০° অক্ষাংশৰ মাজত থকা মহাদেশবোৰৰ পূব অংশত এই জলবায়ু পোৱা যায়। এই অঞ্চলত গ্ৰীষ্মকালত উষ্ণতা আৰু বৃষ্টিপাত দুয়োটাই অধিক হয়। শীতকাল বৃষ্টিহীন আৰু শুকান হয়। কিন্তু কিছুমান অঞ্চলত, যেনে তামিলনাডুৰ পূব উপকূলত, ফিলিপাইন আৰু আমেৰিকাৰ পূব উপকূলত শীতকালতো বৰষুণ হয়।

এই জলবায়ুৰ অন্তৰ্গত অঞ্চলবোৰ হ’ল ভাৰত, বাংলাদেশ, দক্ষিণ পূব এছিয়া, দক্ষিণ চীন, ইণ্ড’নেছিয়া, উত্তৰ অষ্ট্ৰেলিয়া, উত্তৰ-পূব আফ্রিকা, আফ্ৰিকাৰ গিনি উপকূল মেক্সিক’ উপকূল।

২০০ ছেঃমিঃৰ অধিক বৰষুণৰ ঠাইত ৰবৰ গছ হয়। আনবোৰ ঠাইত শাল, চেগুণ, চন্দন, শলখ, তিতাচপা আদি গছ-গছনি হয়। অঞ্চলটোত নানা প্ৰজাতিৰ বাঘ-ভালুক, হাতী, গঁড়, হৰিণ, বান্দৰ, কুকুৰ, ভালুক ইত্যাদি জন্তু পোৱা যায়।

গ্রীষ্মকালত খেতি ভাল হয়। শীতকালটো শুকান আৰু বৃষ্টিহীন হোৱা বাবে পৰিৱেশ স্বাস্থ্যকৰ আৰু জনবসতিৰ বাবে উপযুক্ত।

প্রশ্ন ১৫। ভূমধ্য সাগৰীয় জলবায়ুৰ বৈশিষ্ট্য লিখা। 

উত্তৰঃ প্ৰধানকৈ ভূমধ্য সাগৰৰ আশে-পাশে এই জলবায়ু বিৰাজ কৰা দেখা যায়। ৩৫°-৪৫° অক্ষাংশৰ মাজত দুয়ো গোলাৰ্ধতে ভূমধ্য সাগৰীয় জলবায়ু পোৱা যায়। সূৰ্যৰ পোহৰ উত্তৰ গোলাৰ্ধত আৰু দক্ষিণ গোলাৰ্ধত লম্ব হৈ পৰা সময়ছোৱাত পৃথিৱীৰ উপৰিভাগৰ চাপবলয় দুটাও উত্তৰ আৰু দক্ষিণলৈ অলপ বাঢ়ি যায়। সেইকাৰণে গ্ৰীষ্মকালত ৩০°-৪০° অক্ষাংশত দুয়ো গোলার্ধত আয়ন বতাহ বলে। এই বতাহ স্থলভাগৰ পৰা আহে বাবে ইয়াত জলীয় ভাপ নাথাকে আৰু বৰষুণ নহয়। শীতকালত অঞ্চলটোলৈ সাগৰৰ পৰা পশ্চিমা বতাহ বয়। এই বতাহত প্ৰচুৰ পৰিমাণে জলীয় ভাপ থাকে বাবে ইয়াৰ ফলত বৰষুণ হয়। গতিকে ভূমধ্য সাগৰীয় জলবায়ুৰ ঠাইবোৰত গ্রীষ্মকাল গৰম আৰু বৃষ্টিহীন আৰু শীতকাল বৃষ্টিযুক্ত হয়।

এই জলবায়ু ভূমধ্য সাগৰৰ কাষৰ ঠাইসমূহৰ বাহিৰেও অষ্ট্ৰেলিয়া আৰু আফ্ৰিকাৰ দক্ষিণ-পশ্চিম অঞ্চল, যুক্তৰাষ্ট্ৰৰ কেলিফর্নিয়া আৰু চিলিত ক্রীয়াশীল।

গ্রীষ্মকাল শুকান বাবে গছবোৰ বেছি ওখ-ডাঙৰ নহয়। ইয়াত আঙুৰ, আপেল, কমলা, নেমু, জলফাই, নাছপতি আদি বিভিন্ন ফলৰ গছ হয়।

প্রশ্ন ১৬। পার্বত্য জলবায়ুৰ বিষয়ে লিখা।

উত্তৰঃ সাগৰ পৃষ্ঠৰ পৰা পৰ্বতৰ উচ্চতা বহুত বেছি হয়। সেয়েহে পার্বত্য অঞ্চলত উচ্চতাৰ তাৰতম্য অনুসৰি জলবায়ু বেলেগ বেলেগ হয়। উদাহৰণস্বৰূপে হিমালয়, ৰকি, এণ্ডিজ, আল্পছ আদি সুউচ্চ পৰ্বতত নামনিৰ পৰা শৃংগলৈকে বেলেগ বেলেহ জলবায়ু বিৰাজ কৰে। বিষুৱ ৰেখাৰ ওচৰত থকা কিলিমাঞ্জাৰ পৰ্বতৰ নামনি অংশত নিৰক্ষীয় জলবায়ু আৰু ইয়াৰ ৫,৫০০ মিটাৰ উচ্চতার শৃংগত তুন্দ্ৰা জলবায়ু বিৰাজ কৰে। এই অঞ্চল শীতল আৰু ইয়াত প্ৰচুৰ বৃষ্টিপাত হয়।

পৰ্বতৰ ওপৰৰ চিৰতুষাৰ অঞ্চলৰ জলবায়ু একে ধৰণৰ নহয়। কাৰণ উচ্চ পর্বতৰ শিখৰৰ বায়ু অতি পাতল বাবে এনে হয়।

প্রশ্ন ১৭। জলবায়ুৰে কেনেদৰে মানুহৰ সাজপাৰ আৰু বাসস্থানৰ ওপৰত প্রভাব পেলায় লিখা।

উত্তৰঃ জলবায়ুৱে মানুহৰ কাম-কাজ, ঘৰ-বাৰী, খাদ্যভ্যাস, সাজ-পোছাকৰ ওপৰত প্ৰভাৱ পেলায়। মানুহে কেনেধৰণৰ কাম-কাজ কৰিব, কেনেধৰণৰ -সাজ-পাৰ পৰিধান কৰিব সেইটো জলবায়ু অনুসৰি নিৰ্ভৰ কৰে।

মানুহৰ জীৱিকাৰ ওপৰতো জলবায়ুৰ প্ৰভাৱ অপৰিসীম। কোনো এটা অঞ্চল কৃষিৰ বাবে উপযুক্ত নে ফলমূলৰ বাবে উপযুক্ত বা মানুহ পশুপালক বা চিকাৰীজীৱী হ’ব সেইটোও জলবায়ুৱে নিৰূপণ কৰে।

বাসস্থানৰ নিৰ্ণয়ৰ ক্ষেত্ৰতো জলবায়ুৰ প্ৰভাৱ অপৰিসীম। বৰষুণসিক্ত অঞ্চলৰ ঘৰ আৰু মৰুভূমিৰ অঞ্চলৰ ঘৰ একে নহয়। বেছিকৈ বৰষুণ দিয়া অঞ্চলৰ ঘৰবোৰ ছাল থিয়কৈ সজোৱা হয়। যাতে বৰষুণৰ পানী সোনকালে নামি আহিব পাৰে। বৃষ্টিহীন অঞ্চলৰ ঘৰবোৰত -মাটিৰ ডাঠ বেৰ দিয়া হয় যাতে অসহ্য গৰমৰ পৰা ৰক্ষা কৰিব পাৰে। মেৰু অঞ্চলত আকৌ বৰফ কাটি থাকিবলৈ ঘৰ সাজি লয়। এনে ঘৰক ইগলু বোলে।

প্রশ্ন ১৮। গোলকীয় উষ্ণতা বুলিলে কি বুজা? কি কি কাৰণত গোলকীয় উষ্ণতা বৃদ্ধি পাইছে?

উত্তৰঃ উদ্যোগ, কল-কাৰখানা, মটৰ গাড়ী আদিৰ পৰা বিভিন্ন ধৰণৰ গেছ নির্গত হয় আৰু পৃথিৱীৰ বায়ুমণ্ডল প্ৰদূষিত কৰি ডাঠ আৱৰণ এখনৰ সৃষ্টি কৰে, লগতে গৰম উদ্ভব হয়। উদ্ভৱ হোৱা গৰম বতাহ আৱৰণখনৰ পৰা ওলাই নগৈ পুনৰ পৃথিৱীলৈ ঘূৰি আহে। এই গোটেই প্ৰক্ৰিয়াটোকে গোলকীয় উষ্ণতা বোলে।

গোলকীয় উষ্ণতা বৃদ্ধি হোৱাৰ বহুতো কাৰণ আছে। তাৰ ভিতৰত প্ৰধান কাৰণবোৰ হ’ল- মানুহে বাসস্থানৰ বাবে গছ-বন কাটি থকাৰ বাবে ঠাই উলিয়াই লৈছে। ব্যাপক পৰিবহণ ব্যৱস্থাৰ ফলত পৰিৱেশ বিনষ্ট হৈছে। মানুহে প্ৰকৃতিৰ ঠাই উলিয়াই লৈছে। ব্যাপক পৰিবহণ ব্যৱস্থাৰ ফলত পৰিৱেশ বিনষ্ট হৈছে। মানুহে প্ৰকৃতিৰ ওপৰত বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰিছে।

গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে নগৰীকৰণ আৰু উদ্যোগীকৰণ। যান-বাহন আৰু কল-কাৰখানাৰ পৰা ওলোৱা কার্বন-ডাই-অক্সাইড আৰু অন্যান্য গেছ আৰু ধূলিৰ কণিকাৰে বায়ুমণ্ডল ভৰি পৰিছে। বন-বিনাশৰ বাবে উদ্ভিদে গ্ৰহণ কৰা কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণো হ্রাস পাইছে।

বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়িছে বাবে উষ্ণতাও বাঢ়িছে।

প্রশ্ন ১৯। চৰম জলবায়ু মানে কি?

উত্তৰঃ চৰম জলবায়ু মানে হ’ল গৰমৰ দিনত উৎকট গৰম আৰু শীতৰ দিনত ভীষণ চেঁচা।

প্রশ্ন ২০। চিৰসেউজীয়া অৰণ্য কি অৰণ্যক বোলা হয়। 

উত্তৰঃ যিবোৰ অঞ্চলৰ গছৰ পাতবোৰ সেউজীয়া আৰু নসৰে, সেই অঞ্চলৰ অৰণ্যক চিৰসেউজীয়া অৰণ্য বোলা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top