Assam Jatiya Bidyalay Class 6 Social Science Chapter 13 বৃত্তি আৰু প্ৰযুক্তি

Assam Jatiya Bidyalay Class 6 Social Science Chapter 13 বৃত্তি আৰু প্ৰযুক্তি, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 13 বৃত্তি আৰু প্ৰযুক্তি Class 6 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Social Science Chapter 13 বৃত্তি আৰু প্ৰযুক্তি Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Social Science Chapter 13 বৃত্তি আৰু প্ৰযুক্তি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বৃত্তি আৰু প্ৰযুক্তি

Chapter – 13

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১৷ বৃত্তি বা জীৱিকা বুলিলে কি বুজা ? 

উত্তৰঃ যি কাম কৰি কোনো এজন ব্যক্তিয়ে নিজৰ লগতে পৰিয়ালৰ ভৰণ পোষণ কৰে সেয়ে হৈছে ব্যক্তি গৰাকীৰ বৃত্তি বা জীৱিকা।

২৷ মানুহৰ বৃত্তিসমূহ কি কি অর্থনৈতিক ক্ষেত্ৰত অন্তর্ভুক্ত কৰিব পাৰি ? 

উত্তৰঃ মানুহৰ বৃত্তিসমূহ তিনিটা অর্থনৈতিক ক্ষেত্ৰত অন্তর্ভুক্ত কৰিব পাৰি। কৃষি, উদ্যোগ আৰু সেৱাকার্য। 

৩৷ খেতিপথাৰৰ বন-বাত গুচাবলৈ ব্যৱহাৰ কৰা যন্ত্ৰবিধৰ নাম কি ?

উত্তৰঃ উইদাৰ।

৪৷ দুটা কুটিৰ উদ্যোগৰ নাম লিখা ?

উত্তৰঃ বাঁহ-বেতৰ শিল্প, কাঁহ পিতলৰ উদ্যোগ। 

৫৷ হৃৎপিণ্ড দুর্বল হোৱা লোকৰ বাবে কি যন্ত্র ব্যৱহাৰ কৰা হয়।

উত্তৰঃ পেছমেকাৰ।

৬৷ ইন্টাৰনেট টেলিভিচন আদিত খবৰবোৰ কিহৰ যোগেদি আহে ?

উত্তৰঃ কৃত্রিম উপগ্রহৰ যোগেদি।

৭৷ কুটিৰ উদ্যোগ কাক বোলে ?

উত্তৰঃ যিবোৰ উদ্যোগ অতি কম মূলধনেৰে ঘৰুৱাভাৱে প্রতিষ্ঠা কৰিব পাৰি আৰু মানুহে হাতেৰে সৰহভাগ কার্য কৰে তেনে উদ্যোগবোৰক কুটির উদ্যোগ বোলে। যেনে– হস্ত-তাঁত শিল্প

৮৷ তলত দিয়া বৃত্তিসমূহ কি কি অর্থনৈতিক ক্ষেত্ৰত অন্তর্ভুক্ত লিখা। 

খেতি বাতি, চাহ উদ্যোগ, মৃৎশিল্প, বেংক সেৱা, দুগ্ধ উৎপাদন, হস্ততাঁত শিল্প, চিকিৎসা সেৱা, পশুপালন

উত্তৰঃ খেতি-বাতি— কৃষি।

চাহ উদ্যোগ—উদ্যোগ

মৃৎশিল্প— কুটির শিল্প (উদ্যোগ)

বেংক সেৱা— সেৱা কার্য।

দুগ্ধ উৎপাদন— কৃষি।

চিকিৎসা সেৱা— সেৱা কাৰ্য

পশুপালন – কৃষি।

৯৷ কৃষিত প্ৰযুক্তিৰ ব্যৱহাৰ কেনেদৰে হৈছে আলোচনা কৰা। 

উত্তৰঃ বর্তমান কৃষিত ব্যাপকভাৱে প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। নাঙলৰ সলনি মাটি চহাবলৈ টেক্টব, পাৱাৰটিলাৰ ব্যৱহাৰ কৰা হৈছে। ইয়াৰ ফলত কম সময়ত অধিক মাটি ভালকৈ চহাব পাৰি। খেতি পথাৰত পানী যোগান ধৰিবলৈ জলসিঞ্চন ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত খেতিয়কসকলে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে।

বৰ্তমান সময়ত বৈজ্ঞানিক পদ্ধতিৰে উৎপাদিত বীজ খেতিয়কসকলে ব্যৱহাৰ কৰা হৈছে। বৈজ্ঞানিক পদ্ধতিৰে উৎপাদিত বীজসমূহ অধিক উৎপাদনক্ষম হয়। 

কীটনাশক দৰব আদি ছটিওৱাৰ ফলত পোক পৰুৱাই শস্য নষ্ট কৰাৰ পৰা হাত সাৰিব পৰা হৈছে। কীটনাশক দৰৱ ছটিয়াবলৈ স্প্রেয়াৰ যন্ত্ৰ ব্যৱহাৰ কৰা হৈছে।

১০৷ শিক্ষা সেৱাত প্ৰযুক্তিৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰা। 

উত্তৰঃ বর্তমান শিক্ষা ব্যৱস্থাত নতুন নতুন প্রযুক্তি প্রয়োগ হ’বলৈ ধৰিছে। বিভিন্ন শ্রাব্য-দৃশ্য সামগ্ৰীৰ জৰিয়তে ঘৰতে বহি শিক্ষা লাভ কৰিব পাৰি। ৰেডিঅ’, টেলিভিচনৰ বিভিন্ন কার্যসূচী অডিঅ’ টেপ, ভিডিও টেপ আদিৰ জৰিয়তে শ্ৰেণীকোঠা তথা ঘৰতে বহি নানা শিক্ষা লাভ কৰিব পাৰি। আজিকালি শিক্ষাৰ কাৰ্যসূচীত কম্পিউটাৰ প্ৰজেক্টৰ আদিৰ ব্যৱহাৰ হ’ব ধৰিছে। ইন্টাৰনেটৰ জৰিয়তে বিভিন্ন দেশৰ লাইব্ৰেৰীৰ কিতাপপত্ৰ পঢ়িব পাৰি। আনকি প্রয়োজনীয় বিভিন্ন তথ্য বা অইন লাইব্ৰেৰীৰ কিতাপপত্ৰ পঢ়িব পাৰি। আনকি প্রয়োজনীয় বিভিন্ন তথ্য বা অইন লাগতিয়াল কথা ৱেবছাইটৰ জৰিয়তে ঘৰতে বহি সংগ্ৰহ কৰিব পাৰি। বহুতো আলোচনী নিউজ পেপাৰ আদি ৱেবছাইটত পঢ়িব পাৰি। 

১১৷ প্ৰযুক্তিৰ ব্যৱহাৰে চিকিৎসা ব্যৱস্থাৰ উন্নতিত কেনে ধৰণৰ অৰিহণা যোগাইছে আলোচনা কৰা।

উত্তৰঃ চিকিৎসা সেৱাৰ ক্ষেত্ৰত ব্যাপকভাৱে প্ৰযুক্তিৰ ব্যৱহাৰ হ’ব ধৰিছে। | প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত নানা ধৰণৰ দুৰাৰোগ্য ৰোগৰ ঔষধ আবিষ্কাৰ হৈছে। বসন্ত, প্লেগ, কলেৰা আদি মহামাৰীসমূহ নিয়ন্ত্ৰণ হৈছে। শল্য চিকিৎসাৰ ক্ষেত্ৰত বহুতো উন্নতি হৈছে। ইয়াৰ ফলত হৃদপিণ্ড, বৃক, চকু আদিৰ অস্ত্ৰোপচাৰ সম্ভৱ হৈছে। কৃত্ৰিম অংগ তৈয়াৰ কৰি পংগু লোকৰ শৰীৰত সেইবোৰ সংযোগ কৰি | শাৰৰিক অক্ষমতা হ্রাস কৰা সম্ভৱ হৈছে। ঠিক তেনেকৈ কাণেৰে নুশুনা মানুহৰ বাবে শ্ৰৱণ সহায়ক যন্ত্র আৰু হৃদপিণ্ড দুর্বল হোৱা লোকৰ বাবে পেচমেকাৰ ব্যৱহাৰ হ’বলৈ ধৰিছে। এই সকলোবোৰ সম্ভৱ হৈছে চিকিৎসা সেৱাত ব্যৱহাৰ হোৱা নতুন নতুন প্রযুক্তিৰ বাবে।

১২৷ বৃত্তিধাৰী লোকে প্রযুক্তি ব্যৱহাৰৰ কৌশল আয়ত্ত কৰাৰ প্ৰয়োজনীয়তা কিয় ?

উত্তৰঃ আজিকালি সকলোবোৰ বৃত্তিত প্রযুক্তি ব্যৱহাৰ হ’ব ধৰিছে। গতিকে প্ৰায়ভাগ বৃত্তিধাৰী লোকে প্ৰযুক্তিৰ সঠিক জ্ঞান বা কৌশল আয়ত্ত কৰিব লাগিব। নতুন যন্ত্রপাতি কেনেদৰে পৰিচালনা কৰিব লাগিব তাৰ বাবে প্রশিক্ষণ লোৱাটো আৱশ্যক। যন্ত্রপাতি সুচাৰৰূপে পৰিচালনা কৰিবলৈ নাজানিলে সুফল পোৱা নাযায়। লগতে বিপদৰো আশঙ্কা থাকে। কিয়নো আজি-কালি প্ৰায়ভাগ বৃত্তিতে কম্পিউটাৰ ব্যৱহাৰ কৰা হয়। গতিকে বৃত্তিধাৰী সকলো লোকে কম্পিউটাৰ জনাটো অতি আৱশ্যক।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top