SEBA Class 10 Social Science Sample Paper – 1 | দশম শ্ৰেণীৰ প্ৰশ্নকাকত

SEBA Class 10 Social Science Sample Paper – 1, HSLC Social Science Model Question Answer, দশম শ্ৰেণীৰ সমাজ বিজ্ঞান প্ৰশ্নকাকত to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Social Science Sample Paper Class 10 SEBA can be of great value to excel in the examination.

SEBA Class 10 Social Science Simple Paper and Question Answer

SEBA Class 10 Social Science Sample Paper – 1

Join Telegram channel

HSLC Model Question Paper provided is as per the Latest Assam Board Curriculum and covers all the questions from the SEBA Textbooks. Access the detailed SEBA Class 10 Social Science Sample Paper – 1 provided here and get a good grip on the subject. Access the SEBA Class 10 Social Science Sample Paper – 1, Class X Social Science Model Question Answer of Assamese in Page Format. Make use of them during your practice and score well in the exams.

সমাজ বিজ্ঞান প্ৰশ্নকাকত

PART – I

SOCIAL SCIENCE

MODEL QUESTION ANSWER

Group – A 

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা

(i) দ্বিতীয় ঘূৰণীয়া মেজমেলত কংগ্ৰেছৰ একমাত্র প্রতিনিধি আছিল—

(a) মতিলাল নেহৰু৷

(b) জৱাহৰলাল নেহৰু৷

(c) মহাত্মা গান্ধী৷

(d) ৰবীন্দ্ৰ নাথ ঠাকুৰ৷

উত্তৰঃ (c) মহাত্মা গান্ধী৷

(ii) মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল—

(a) যোৰহাট কাৰাগাৰত৷

(b) ৰেংগুন কাৰাগাৰত৷

(c) শিৱসাগৰ কাৰাগাৰত৷

(d) কলিকতা কাৰাগাৰত৷

উত্তৰঃ (a) যোৰহাট কাৰাগাৰত ৷

(iii) ‘জোনাকী’ ৰ প্ৰথম সম্পাদক আছিল–

(a) হেমচন্দ্র গোস্বামী৷ 

(b) চন্দ্ৰ কুমাৰ আগৰৱালা৷ 

(c) হেমচন্দ্ৰ বৰুৱা৷

(d) লক্ষ্মীনাথ বেজবৰুৱা৷

উত্তৰঃ (b) চন্দ্ৰ কুমাৰ আগৰৱালা ৷

(iv) ‘হস্তীবিদ্যার্ণৱ’ গ্ৰন্থখনৰ ৰচয়িতা হ’ল–

(a) শঙ্কৰদেৱ৷

(b) মাধৱদেৱ৷

(c) সুকুমাৰ বৰকাইথ৷

(d) লক্ষ্মীনাথ বেজবৰুৱা৷

উত্তৰঃ (c) সুকুমাৰ বৰকাইথ ৷

(v) তলৰ কোনটো মানবসৃষ্ট সম্পদ–

(a) অৰণ্য৷

(b) জলসিঞ্চন৷

(c) নদী৷

(d) খনিজ তেল৷

উত্তৰঃ (b) জলসিঞ্চন ৷

(vi) এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয়–

(a) মেৰু অঞ্চলত৷

(b) অৰণ্য অঞ্চলত৷

(c) ঔদ্যোগিক অঞ্চলত৷

(d) ঘাঁহনি অঞ্চলত৷

উত্তৰঃ (c) ঔদ্যোগিক অঞ্চলত ৷

(vii) পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰখন হ’ল– 

(a) প্রশান্ত মহাসাগৰ৷

(b) ভাৰত মহাসাগৰ৷

(c) আটলান্টিক মহাসাগৰ৷

(d) দক্ষিণ মহাসাগৰ৷

উত্তৰঃ (c) আটলান্টিক মহাসাগৰ ৷

(viii) সংবিধান সভাৰ প্ৰথম স্থায়ী সভাপতি আছিল–

(a) ড° বি. আৰ. আম্বেদকাৰ৷

(b) ড° সচ্ছিদানন্দ সিন্হা৷

(c) ড° ৰাজেন্দ্ৰ প্ৰসাদ৷

(d) ছৈয়দ মহম্মদ ছাদুল্লা৷

উত্তৰঃ (c) ড° ৰাজেন্দ্ৰ প্ৰসাদ ৷

Group -B

2. কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফট আন্দোলনৰ সূচনা হৈছিল ?

উত্তৰঃ মৌলানা চৌকত আলি, মহম্মদ আলি আৰু মহাত্মা গান্ধীৰ নেতৃত্বত। 

3. অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্রথম সভাপতি আৰু সম্পাদকৰ নাম লিখা।

উত্তৰঃ সভাপতি কুলধৰ চলিহা আৰু সম্পাদক নবীন চন্দ্ৰ বৰদলৈ।

4. আহোম ৰাজত্বকালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা। 

উত্তৰঃ কছাৰী বুৰঞ্জী আৰু জয়ন্তীয়া বুৰঞ্জী।

নাইবা

‘ওজাপালি’ৰ দুটা ভাগৰ নাম লিখা।

উত্তৰঃ ওজাপালিৰ দুটা ভাগ হ’ল – 

(ক) বাসৰ ওজা । আৰু 

(খ) সুকনান্নী ওজা। 

5. ব্ৰিটিছৰ বংগ বিভাজনৰ তিনিটা অন্তর্নিহিত উদ্দেশ্য লিখা। 

উত্তৰঃ লর্ড কার্জনৰ বংগ বিভাজনৰ অন্তর্নিহিত উদ্দেশ্য আছিল – ঐক্যবদ্ধ বংগশক্তিক দ্বিখণ্ডিত কৰা ।

6. স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা।

উত্তৰঃ স্বদেশী আন্দোলনৰ তিনিটা ফলাফল হ’ল– 

(ক) স্বদেশী আন্দোলনে ভাৰতবাসীক গণ-আন্দোলন সম্পর্কে এটা বাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল।

(খ) স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয়ই ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল।

(গ) স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সশস্ত্র বিপ্লৱ সূচনা হৈছিল। 

নাইবা 

স্বদেশী আন্দোলনত মহিলাৰ ভূমিকাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ বংগদেশৰ মধ্যবিত্ত নগৰীয়া নাৰী সমাজে পুৰুষৰ লগত সমানে সমানে স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰিছিল। স্বদেশী আন্দোলনৰ নাৰীসকলৰ ভিতৰত এগৰাকী আছিল সৰলা দেৱী চৌধুৰীনী। স্বদেশী আন্দোলনকে আগুৱাই নিবলৈ তেওঁ মহাৰাষ্ট্ৰৰ শিৱাজী উৎসৱৰ অনুকৰণত বীৰষ্টমী ব্রত, প্রতাপদিত্য উৎসর, উদয়াদিত্য উৎসৱ, ব্যায়াম সমিতি আদি উৎসৱ অনুষ্ঠান বংগদেশৰ বিভিন্ন ঠাইত আয়োজন কৰি যুৱক-যুৱতীসকলক লাঠীখেল আৰু কুক্তিৰ প্ৰশিক্ষণ দিয়াইছিল। ভাৰতীয় নামৰ পত্ৰিকা এখন সম্পাদন কৰি বংগদেশৰ যুৱশক্তিক তেওঁ জাতীয় আন্দোলনত জঁপিয়াই পৰিবলৈ প্ৰস্তুত কৰি তুলিছিল।

নাৰী আৰু যুৱক-যুৱতীসকলৰ মাজত জাগৰণ সৃষ্টিত প্ৰচুৰ বৰঙণি যোগোৱা আন এগৰাকী নাৰী আছিল ভগিনী নিবেদিতা। কলিকতাত থকা সময়ত তেওঁ ইয়ং মেন্‌ছ হিন্দু ইউনিয়ন, বিবেকানন্দ ছ’চাইটি, ডন ছ’চাইটি আৰু অনুশীলন সমিতিৰ লগত প্রত্যক্ষভাবে জড়িত হৈ নাৰী আৰু যুৱক-যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি স্বনির্ভৰশীল হ’বলৈ আহ্বান জনাইছিল। বংগৰ নাৰীৰ সাহসিকতা সম্পৰ্কে লণ্ডনৰ ‘ডিইলী টেলিগ্রাফ’ কাকতত প্ৰকাশ পাইছিল এনেদৰে – ‘বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুর্দম্য আৰু বিপজ্জনক’। কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনত সভাপতিত্ব কৰি কংগ্ৰেছৰ নৰ্মপন্থী নেতা গোপাল কৃষ্ণ গোখলে লর্ড কার্জনৰ বংগ আঁচনিক গৰিহণা দিয়াৰ লগতে তেওঁৰ প্ৰশাসনকো প্রতিক্রিয়াশীল বুলি অৱমাননা কৰিছিল। 

7. অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ তিনিটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যৰ্থ হোৱাৰ কাৰণসমূহ হ’ল –

(ক) প্ৰথমতে, অসমৰ বিদ্রোহীসকলৰ সংখ্যা অতি তাকৰীয়া আছিল। মণিৰাম দেৱানৰ সমর্থকসকল যোৰহাট আৰু শিৱসাগৰতে সীমাবদ্ধ আছিল।

(খ) দ্বিতীয়তে, বিদ্ৰোহৰ নেতাসকলৰ সময় জ্ঞান নাছিল। কিয়নো তেওঁলোকে প্রস্তুতি সম্পূৰ্ণ কৰিও সময়ত কাৰ্যকৰী কৰা নাছিল।

(গ) তৃতীয়তে, বিদ্ৰোহৰ মুখ্য সংগঠক মণিৰাম দেৱান বিদ্রোহীস্থলীৰ পৰা বহুত দূৰত আছিল। মণিৰাম কলিকতাৰ পৰা সোনকালে উভতি আহিব লাগিছিল। প্রশাসনিক অভিজ্ঞতা থাকিলেও এজন বিদ্রোহীৰ থাকিব লগা গুণসমূহ মণিৰাম দেৱনাৰ নাছিল।

(ঘ) চতুৰ্থতে, সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহকে বিদ্ৰোহত জড়িত কৰিবলৈ মণিৰাম দেৱান আৰু তেওঁৰ সহযোগীসকলে কোনো প্রচেষ্টা হাতত লোৱা নাছিল। 

(ঙ) পঞ্চমতে, অসমৰ বিদ্ৰোহীসকলে তেওঁলোকৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল। সকলোবোৰ পৰিকল্পনা ব্ৰিটিছ চৰকাৰে গম পাইছিল। 

(চ) ষষ্ঠতে, অসমৰ বিদ্রোহীসকলে প্রয়োজন অনুসৰি অস্ত্র-শস্ত্রৰ যোগান পোৱা নাছিল। মণিৰাম দেৱানে অস্ত্ৰ যোগান দিয়াৰ আগতেই ধৰা পৰিছিল।

(ছ) শেষত, ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ দৰে অসমতো ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যই মূল চালিকাশক্তি হিচাবে বিদ্রোহত অংশ লোৱা নাছিল। অসমৰ বিদ্ৰোহীসকলে মিৰাট, দিল্লী, লক্ষ্ণৌ আদিৰ দৰে চিপাহীসকলৰ সমৰ্থন আদায় কৰিব পৰা নাছিল। 

৪. ইতিহাসত ফুলগুৰি ধাৱাৰ গুৰুত্ব সম্পর্কে চমুকৈ লিখা। 

উত্তৰঃ ব্ৰিটিছ চৰকাৰে যদিও ফুলগুৰি ধাৱাক কানি খোৱা খেতিয়কৰ চৰকাৰৰ আফু খেতি বন্ধকৰণৰ প্ৰতিবাদত কৰা এক সামান্য বিদ্রোহ বুলি অভিহিত কৰিছিল, কিন্তু অসমৰ ইতিহাসত এই বিদ্ৰোহৰ এক সুদূৰপ্ৰসাৰী প্ৰভাৱ দেখা যায়। এই বিদ্ৰোহৰ গুৰুত্বসমূহ হ’ল– 

(ক) প্ৰথমতে, ফুলগুৰি কৃষক বিদ্ৰোহত ঘাইকৈ লালুং জনজাতি আৰু মাছমৰীয়া সম্প্ৰদায়ৰ আন্তৰিক যোগদানে ইয়াক গণভিত্তি প্রদান কৰে। কৃষকসকলে অন্যান্য শ্ৰেণীৰ লোকৰ পৰাও সমর্থন আদায় কৰিবলৈ সক্ষম হৈছিল। কিয়নো মাটিৰ খাজনা বৃদ্ধিৰ দ্বাৰা ক্ষতিগ্রস্ত হোৱা শিক্ষিত আৰু অসমীয়া মধ্যবিত্ত শ্রেণী, ব্যৱসায়ী, মৌজাদাৰ কিছুমানে পৰোক্ষভাৱে হ’লেও বিদ্রোহীসকলক সহায়-সমৰ্থন কৰিছিল। তদানীন্তন অসমৰ কমিচনাৰ হপকিনছনে স্বীকাৰ কৰিছিল যে তেজপুৰৰ দ্বিতীয় লাইট ইনফ্লেণ্ট্ৰিৰ ৫০ জন সৈন্য আৰু গুৱাহাটীৰ ৮০জন সৈন্য আনি বিদ্ৰোহটো দমন নকৰা হ’লে বিদ্রোহটো সম্প্ৰসাৰিত হৈ গৈ থাকিলেহেঁতেন। সেই অৱস্থাত ইয়াক দমন কৰাটো কঠিন হ’লহেঁতেন। সামগ্রিকভাবে এই বিদ্রোহ সফল হৈছিল বুলি ক’ব পাৰি, কিয়নো বিদ্ৰোহৰ পিছত চৰকাৰে আৰু কেতিয়াও তামোল-পাণ খেতিৰ ওপৰত কৰ বহুওৱা নাছিল।

(খ) দ্বিতীয়তে, ফুলগুৰি বিদ্রোহ ব্ৰিটিছ সাম্রাজ্যবাদৰ কবলৰপৰা মুক্ত হোৱা সাধাৰণ জনগণৰ প্ৰয়াসৰ এক নিদর্শন আছিল। ১৮৫৭-৫৮ চনৰ বিদ্রোহত অসমৰ আহোমৰ ৰাজতন্ত্ৰৰ অধীনৰ অভিজাত শ্ৰেণীৰ কিছু লোক যিসকলে ব্ৰিটিছ শাসনব অধীনত আগৰ সা-সুবিধাৰ পৰা বঞ্চিত হৈছিল তেওঁলোকে বিদ্ৰোহত যোগ দিছিল। 

9. অসহযোগ আন্দোলনৰ কাৰণসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ ১৯২০-২১ চনত অসহযোগ আন্দোলনত বিভিন্ন কাৰকে বিভিন্ন সময়ত অৰিহণা যোগাইছিল। ইয়াৰ কিছুমান কাৰক হ’ল–

(ক) প্রথম বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টি, কিয়নো ইয়াৰ ফলত ভাৰতৰ অর্থনীতি আৰু ইয়াৰ মানৱ সম্পদত বিৰূপ প্ৰভাৱ পৰিছিল।

(খ) ১৯১৯ চনৰ ৰাওলাট এক্টৰ জৰিয়তে ব্ৰিটিছৰ বৰ্ধিত দমনমূলক নীতি গ্রহণ।

(গ) ১৯১৯ চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড। 

(ঘ) ব্ৰিটিছসকলৰ দ্বাৰা ভাৰতবৰ্ষত অর্থনৈতিক শোষণ।

(ঙ) ভাৰতীয় মুছলমানসকলৰ দ্বাৰা আৰৱ সাম্রাজ্যক সুৰক্ষাৰ হকে আৰম্ভ হোৱা খিলাফৎ আন্দোলনৰ প্ৰতি সমর্থন।

10. অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ অসমত সপ্তম শতিকামানৰ পৰা উত্তৰ ভাৰতীয় ক্ষুদ্রাকৃতিৰ পুথি চিত্ৰসমূহৰ অনুৰূপ ৰজাঘৰীয়া পৃষ্ঠপোষকতাত অথবা সত্ৰীয়া সৃষ্টিৰে চিত্ৰকলাৰ এটা পৰম্পৰা আৰম্ভ হয়। এনে কেইখনমান সচিত্ৰ পুথি হ’ল আনন্দলহৰী, হস্তীবিদ্যার্ণৱ, চিত্ৰ ভাগৱত, গীত গোবিন্দ, কুমৰ হৰণ, শংখচূড় বধ, লৱ-কুশৰ যুদ্ধ আদি সাঁচিপতীয়া পুথি। স্থানীয়ভাৱে আহৰণ কৰা সামগ্ৰীৰ পৰা প্ৰাকৃতিক ৰঙেৰে বহুৰঙীয়া এই চিত্রসমূহ অঁকা হৈছিল। প্ৰথমতে চিত্ৰৰ পটভূমিত একোটা নির্দিষ্ট ৰং বোলাই লোৱা হয়। তাৰ ওপৰত চিত্ৰসমূহ অঁকা হৈছিল। চিত্ৰসমূহত ৰজা, ৰাজদৰবাৰ, দেৱীমূৰ্তি, যুদ্ধৰ চিত্ৰ, হাতী, জীৱ-জন্তু আদি সংশ্লিষ্ট পুথিৰ বিষয়বস্তুৰ লগত সংগতি ৰাখি অঁকা হৈছিল। খালী ঠাইবোৰত ফুল, লতা আদি আঁকি দিয়া হৈছিল। সাধাৰণতে ৰঙা, সেউজীয়া, হালধীয়া আৰু ক’লা ৰঙৰ পয়োভৰ দেখা যায়। সমুখাংশ আৰু পার্শ্বাংশ দুয়োধৰণৰ চিত্র অংকন কৰা দেখা যায়। মানুহ আৰু জীৱ-জন্তুৰ ছবিবোৰত মুখাবয়বৰ নিখুঁত প্রকাশ, শৰীৰৰ অনুপাত, মনৰ অনুভূতি প্রকাশক সূক্ষ্ম কৌশলৰ প্ৰয়োগ কৰাৰ দক্ষতা দেখা নাযায়, চিত্ৰবোৰ সহজ-সৰল যদিও দৃষ্টিনন্দন বুলি ক’ব লাগিব। সুকুমাৰ বৰকাইথে ৰচনা কৰা ‘হস্তীবিদ্যাৰ্ণৱ’ পুথিখনত বিভিন্ন আকাৰ আৰু বৰণৰ হাতীৰ ছবি আছে। দিলবৰ আৰু দোচাই নামে দুগৰাকী চিত্ৰকৰে এই চিত্ৰসমূহ অংকন কৰিছিল। এই গ্ৰন্থসমূহৰ কেইবাখনো গ্রন্থ ছপা আকাৰে ইতিমধ্যে প্রকাশ পাইছে।

11. অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰঃ ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠিত হৈছিল। এই সভাৰ ভূমিকা গ্ৰহণ কৰিছিল সেই সময়ৰ প্ৰসিদ্ধ ছাত্র হেমচন্দ্র গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, কনকলাল বৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা আৰু ৰমাকান্ত বৰকাকতীয়ে। এই সভাই অসমীয়াসকলৰ মাজত একতা আৰু জাতীয়তাবাদৰ ভাব গঢ়ি তুলিবলৈ সক্ষম হৈছিল।

অঃ ভাঃ উঃ সাঃ সভাই অসমীয়া ভাষাৰ এক শক্তিশালী বিজ্ঞানসন্মত উত্তৰণৰ লগতে অসমৰ সকলো পাঠশালাত পৰিশুদ্ধ আৰু উন্নত মানব ব্যাকরণ প্রয়োগৰ বাবে পদক্ষেপ গ্রহণ কৰিছিল। এই সভাই অসমৰ এক সর্বাত্মক সামাজিক ইতিহাস সংকলন আৰু সংস্কৃত বা অন্যান্য ভাষাৰ উল্লেখনীয় পুথিসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰা কামো হাতত লৈছিল। এই সভাৰ প্ৰচেষ্টাতে চৰকাৰে হেমচন্দ্ৰ বৰুৱাৰ ‘হেমকোষ’ প্রকাশিত হৈছিল।

অঃ ভাঃ উঃ সাঃ সভাই বুৰঞ্জী, সংস্কৃত, সাহিত্য আৰু ভাষা সম্পর্কে অসমৰ ভিন্ন প্ৰান্তৰ মাজত ইয়াৰ শাখা প্ৰতিষ্ঠাৰ বাবে প্রচেষ্টা চলাইছিল। এই সভাৰ দ্বাৰা প্রকাশিত আলোচনী ‘জোনাকী’য়ে অসমত এক নতুন যুগৰ সূচনা কৰিছিল।

নাইবা

স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষেপে বিৱৰণ দিয়া। 

উত্তৰঃ স্বদেশী আন্দোলনৰ প্ৰতিক্ৰিয়া অসমলৈকো বিস্তাৰিত হৈছিল। বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধুবুৰী, গৌৰীপুৰ, গোৱালপাৰা, গুৱাহাটী, তেজপুৰ, ডিব্ৰুগড় আদিৰ নগৰ অঞ্চলত এই আন্দোলনৰ প্ৰভাৱ পৰিছিল। অসমকেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী আৰু গোবিন্দ লাহিড়ীয়ে গুৱাহাটীৰ ছাত্ৰসকলৰ মাজত বিদ্রোহী সংগঠন গঢ়ি তুলিছিল। তেওঁলোকে অসমৰ জিলাসমূহত স্বদেশী বস্তু ব্যৱহাৰৰ বাবে প্ৰচাৰ চলাইছিল। ফলত অসমৰ মানুহে নিমখৰ পৰিৱৰ্তে খাৰ, বিদেশী চেনিৰ সলনি বেনাৰসৰ চেনি, বিদেশী বস্তুৰ বিপৰীতে থলুৱা এড়ী, মুগা, কপাহী আৰু খাদী বস্ত্ৰ ব্যৱহাৰ কৰিছিল। গুৱাহাটীৰ এদল ছাত্ৰই সপ্তাহত দুদিন জাহাজঘাটত কুলীৰ কাম কৰি উপাৰ্জন কৰা ধন স্বদেশী আন্দোলনৰ পুঁজিলৈ দান কৰিছিল। অম্বিকাগিৰীয়ে ‘বন্দিনী ভাৰত’ নামৰ এখন বিদ্ৰোহাত্মক নাটক ৰচনা কৰিছিল। কটন কলেজিয়েট হাইস্কুলত নাটকখন অভিনয় (৩১ জুলাই, ১৯০৬) চলি থকাৰ মাজতে পুলিচে মঞ্চৰ পৰা নাটকখনৰ পাণ্ডুলিপি বাজেয়াপ্ত কৰিছিল। খুদিৰাম বসু, বাৰীন্দ্র ঘোষ, উল্লাস কৰ দত্তৰ লগত যোগাযোগ কৰি অম্বিকাগিৰীয়ে ‘সেৱা সংঘ’ নামৰ এটা বিপ্লৱী সংগঠন গঢ়ি তুলিছিল। ১৯০৬ খ্রীষ্টাব্দৰ ৭ ছেপ্টেম্বৰ তাৰিখে ব্যমফিল্ড ফুলাৰক হত্যা কৰাৰ উদ্দেশ্যে গুৱাহাটী শিলং পথত এটা বোমা পুঁতিছিল। পুলিচে সম্ভেদ পাই এই সন্দৰ্ভত অম্বিকাগিৰীক জেৰা কৰিছিল। ফলস্বৰূপে তেওঁ ১৯১৪ খ্রীষ্টাব্দলৈকে বৰপেটাত অন্তৰীণ বন্দী রূপে থাকিবলগীয়া হৈছিল। ব্ৰিটিছ চৰকাৰে ব্ৰহ্মপুত্ৰ উপত্যকাবাসীক স্বদেশী আন্দোলনৰ প্ৰভাৱৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিছিল।

PART-II

12. সম্পদ আৰু সম্পত্তিৰ মাজত দুটা গাৰ্থক্য লিখা।

উত্তৰঃ সম্পদ আৰু সম্পত্তিৰ দুটা পার্থক্য হল–

(ক) সম্পদ বিনিময় মূল্য নাই, সম্পত্তিৰ বিনিময় মূল্য আছে। 

(খ) সম্পদক এজনৰ পৰা আন এজনলৈ মূল্যৰ জৰিয়তে হস্তান্তৰ কৰিব নোৱাৰি, আনহাতে সম্পত্তিক পাৰি।

13. গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ দুটা উপায় লিখা।

উত্তৰঃ গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ দুটা উপায় হ’ল–

(ক) বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ হ্রাস কৰা। 

(খ) যান-বাহন, উদ্যোগ, ৰন্ধন গেছ আদিৰ পৰা নিৰ্গত হোৱা ধোঁৱা আদিয়ে বায়ুমণ্ডললৈ যথেষ্ট পৰিমাণৰ CO₂ পঠিয়ায়। ইয়াৰ পৰিমাণ হ্রাস কৰা। 

14. মহীসোপান আৰু মহীঢালৰ পাৰ্থক্য লিখা।

উত্তৰঃ মহীসোপান আৰু মহীঢালৰ মাজৰ পাৰ্থক্য হ’ল

(ক) মহীসোপান হ’ল পানীত নিমজ্জিত মহাদেশৰ এটা অংশ। আনহাতে, গভীৰ সমুদ্রতল আৰু মহীসোপানৰ মাজৰ অংশ হ’ল মহীঢাল।

(খ) মহীসোপান উপকূল অঞ্চলৰ পৰা প্ৰায় ১০০-২০০ মিটাৰ গভীৰতালৈ থাকে। আনহাতে মহীঢাল অঞ্চলৰ পৰা প্ৰায় ২০০০ মিটাৰ গভীৰতালৈ বিয়পি থাকে।

15. অসমৰ দুবিধ চিৰসেউজীয়া উদ্ভিদৰ নাম লিখা।

উত্তৰঃ নাহৰ আৰু হলখ।

16. পাৰিৱেশিক সমস্যাৰ ভৌগোলিক ভাগবোৰ কি কি ? 

উত্তৰঃ পাৰিৱেশিক সমস্যাৰ ভৌগোলিক ভাগবোৰ হ’ল– 

(ক) স্থানীয় সমস্যা।

(খ) আঞ্চলিক সমস্যা।আৰু 

(গ) গোলকীয় সমস্যা। 

(ক) স্থানীয় সমস্যা : উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা যিবোৰ সমস্যা একোটা সৰু এলেকাতে সীমাবদ্ধ হৈ থাকে, সেই সমস্যাবোৰক স্থানীয় সমস্যা বোলা হয়।

(খ) আঞ্চলিক সমস্যা : যিবোৰ পাৰিৱেশিক সমস্যা একো একোটা ভৌগোলিক অঞ্চল জুৰি সৃষ্টি হয়। সেই সমস্যাবোৰক আঞ্চলিক সমস্যা বোলা হয়।

(গ) গোলকীয় সমস্যা : যিবোৰ পাৰিৱেশিক সমস্যাই সমগ্র পৃথিৱীকে সামৰি লয়, সেই সমস্যাবোৰকে গোলকীয় সমস্যা বোলা হয়। 

17. মহাসাগৰৰ তলিভাগৰ ভূ-অৱয়ব সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ মহাসাগৰৰ তলিভাগৰ ভূ-প্রকৃতি তেনেই অসমান। স্থলভাগৰ দৰে মহাসাগৰৰ তলিভাগো শৈলসিবা, দ্রোণী, সামুদ্রিক টিলা, খাত আদিয়ে ওখোৰা মোখোৰা। গড় হিচাপে মহাসাগৰৰ গভীৰতা প্রায় ৪০০০ মিটাৰ। সাধাৰণতে স্থলমণ্ডল আৰু জলমণ্ডলৰ সংযোগ ৰেখাৰ পৰা মহাসাগৰৰ মাজভাগলৈ ক্রমান্বয়ে গভীবতা বৃদ্ধি পায় আৰু বিভিন্ন প্রকাৰৰ অৱয়ব পোৱা যায়। এই ভূ-অৱয়ববোৰৰ ভিতৰত মহীসোপান, মহীঢাল, গভীৰ সমুদ্রতল, সমুদ্রতলীয় দ্ৰোণী, সামুদ্রিক শৈলসিৰা আৰু দ্বীপ, গভীৰ সমুদ্র খাত আদি পোৱা যায়।

18. সম্পদ সংৰক্ষণৰ পদ্ধতি চাৰিটা চমুকৈ লিখা। 

উত্তৰঃ সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাব্যপূর্ণ ব্যৱহাৰ কৰা কাৰ্য বা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয়।

সম্পদ সংৰক্ষণ প্ৰক্ৰিয়াটোক নিজে নিজে কার্যক্ষম হৈ থাকিব নোৱাৰে। ইয়াৰ সঠিক ৰূপায়নৰ বা সুবিবেচিত আৰু সুপৰিকল্পিত কিছুমান আঁচনিৰ প্ৰয়োজন। সেয়েহে সম্পদ সংৰক্ষণ পদ্ধতিটো ফলদায়ক কৰিবলৈ কিছুমান পদ্ধতি বা আঁচনিৰ প্ৰয়োজন। সেইবোৰ হ’ল – 

(ক) বিকল্প সম্পদৰ সন্ধান।

(খ) পুনৰাৱৰ্তন।

(গ) অভিযোজন বা নবপ্রচলন।

(ঘ) বর্জিত দ্ৰব্যৰ পৰিমাণ হ্রাস।

(ক) বিকল্প সম্পদৰ সন্ধান : কোনো এটা ব্যৱহৃত সম্পদৰ উৎপাদন চলি থকা অৱস্থাতে ইয়াৰ বিকল্প সম্পদৰ সম্ভাৱনা উদ্ঘাটনৰ বাবে প্ৰয়োজনীয় গবেষণা আৰু জৰীপ চলাই থাকিব লাগে। উদাহৰণস্বৰূপে কপাহী সূতাৰ পৰিৱৰ্তে কৃত্ৰিম আঁহ, প্রাকৃতিক বববৰ সলনি কৃত্রিম ৰবৰ আদি একো একোটা বিকল্প সম্পদ। ইয়াৰ উপৰিও অনবীকৰণযোগ্য সম্পদ যেনে– কয়লা, খনিজ তেল আদিৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ সৌৰশক্তি, জলবিদ্যুৎ শক্তি, বতাহ শক্তি, জৈৱ শক্তি আদি নবীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগে।

(খ) পুনৰাবৰ্তন : সীমিত পৰিমাণত কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্রব্য পুনৰাবৰ্তন প্ৰক্ৰিয়াৰ যোগেদি পুনৰ ব্যৱহাৰ কৰিব পাৰি। উদাহৰণস্বৰূপে পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাবৰ্তনৰ জৰিয়তে সংশ্লিষ্ট সম্পদ কেঁচা সামগ্ৰী কিছু পৰিমাণে সংৰক্ষণ কৰিব পাৰি।

(গ) অভিযোজন বা নৱপ্ৰচলন : অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰোপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন বা নৱপ্ৰচলন প্ৰক্ৰিয়াৰ প্ৰয়োগ কৰিব লাগে। ৰাসায়নিক সাৰ প্ৰয়োগৰ দ্বাৰা মাটিত হ’ব পৰা ঋণাত্মক প্ৰভাৱ ৰোধ কৰিবলৈ জৈৱ সাৰ প্ৰয়োগত বেছি গুৰুত্ব প্রদান কৰিব লাগে।

(ঘ) বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্রাস : কেঁচা সামগ্ৰীৰ পৰা প্ৰয়োজনীয় সম্পদলৈ ৰূপান্তৰ কৰোঁতে বৰ্জিত দ্ৰব্যৰ উৎপাদন সীমিত কৰি ৰখাৰ ব্যৱস্থা কৰিলে যথেষ্ট পৰিমাণে সম্পদ সংৰক্ষণ হ’ব পাৰে।

19. অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে আলোচনা কৰা। 

উত্তৰঃ অসমৰ ঔদ্যোগিক বিকাশ মন্থৰ হৈ থকাৰ কাৰণবোৰ হ’ল– (ক) ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে ঔদ্যোগিক উন্নয়ন কৰিবলৈ সুসংহত পৰিকল্পনাৰ অভাৱ।

(খ) প্ৰচুৰ সম্ভাৱনা থকা সত্বেও কৃষিভিত্তিক উদ্যোগ খণ্ডৰ সীমিত আৰু লেহেমীয়া বিকাশ।

(গ) অনুন্নত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা।

(ঘ) মূলধনৰ অভাৱ। 

(ঙ) ৰাজ্যখনত শক্তিৰ চাহিদা অনুপাতে ইয়াৰ যোগান আৰু বিতৰণ নিয়মীয়া আৰু পর্যাপ্ত নহয়।

(চ) স্থানীয় লোকৰ মাজত উদ্যোগী স্পৃহা (Enterprising) বঢ়াবলৈ উপযুক্ত পৰিকল্পনাৰ অভাৱ।

(ছ) উদ্যোগ স্থাপনৰ বাবে সৰল আৰু শিথিল উদ্যোগ নীতিৰ অভাৱ। 

(জ) বিনিয়োগ সন্তোষজনক নহয়, বিশেষকৈ ৰাজ্যখনত উদ্ভৱ হোৱা বিদ্ৰোহী সমস্যাৰ বাবে অসমত বিনিয়োগ কৰিবলৈ বাহিৰৰ বিনিয়োগকাৰীসকল আগ্রহী নহয়। 

(ঝ) ৰাজ্যখনত প্ৰচুৰ সম্ভাৱনা থকা সত্বেও পর্যটন খণ্ডত অপর্যাপ্ত মূলধন বিনিয়োগ, অনুন্নত পৰিবহণ ব্যবস্থা, বিদেশী পর্যটক আকর্ষণ কৰিব পৰা পৰিৱেশৰ অভাৱ, পৰ্যটনস্থলীসমূহৰ দুৰ্বল আন্তঃগাঁথনি আদি সমস্যাৰ বাবে পৰ্যটন উদ্যোগৰ আশানুৰূপ উন্নতি হোৱা নাই। 

(ঞ) সহজে পচনশীল (Perishable) কৃষিজাত শস্যৰ সংৰক্ষণৰ বাবে উপযুক্ত ভঁৰালৰ অভাৱত খাদ্য প্রস্তুতকৰণ উদ্যোগে আশা কৰা মতে উন্নতি লাভ কৰিব পৰা নাই।

(ট) সর্বোপৰি ঔদ্যোগিকৰণৰ বাবে লাগতিয়াল আন্তঃগাঁথনিৰ অভাৱ। 

নাইবা,

অসমৰ জনসংখ্যা বিতৰণৰ বিভিন্নতাৰ কাৰণবোৰ উদাহৰণসহ আলোচনা কৰা। 

উত্তৰঃ সাধাৰণতে যিবিলাক অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ অনুকূল নহয়, যাতায়াত আৰু অৰ্থনৈতিক অৱস্থা উন্নত নহয়, সেইবিলাক অঞ্চলত জনবসতি সেবেঙা আৰু জনসংখ্যাও কম হ’ব।

আনহাতে, অনুকূল প্রাকৃতিক আৰু অৰ্থনৈতিক অৱস্থা বিৰাজ কৰা অঞ্চলবোৰত জনবসতি ঘন হয়। উদাহৰণস্বৰূপে,

(ক) ২০১১ চনৰ তথ্যমতে অসমৰ ভিতৰতে কামৰূপ মেট্ৰ’ত প্রতি বর্গ কি.মি.ত ২০১০ লোকে বাস কৰে। কাৰণ ইয়াত জীৱন ধাৰণৰ বাবে সকলোবোৰ সা-সুবিধা পোৱা যায়।

(খ) কিন্তু অসমৰ পাৰ্বত্য জিলা দুখনত জনবসতি সেৰেঙা। ২০১১ চনৰ তথ্যমতে প্রতি বর্গ কি. মিটাৰত মাত্র ৪৪ জনে বাস কৰে। কাৰণ ইয়াত জীৱন ধাৰণৰ বাবে সকলোবোৰ সুবিধা সহজলভ্য নহয়। কোনো এটা অঞ্চলত জনবসতি ভিন্নতাৰ কাৰণবোৰ হ’ল– উন্নত পৰিবহণ আৰু যাতায়াত ব্যবস্থা, নগৰীকৰণ, উন্নত সামাজিক পৰিৱেশ, পলসুৱা মাটি ইত্যাদিবোৰ।

20. মহাসাগৰৰ তলিভাগৰ ভূ-অৱয়ব সম্পৰ্কে চমুকৈ লিখা। 

উত্তৰঃ মহাসাগৰৰ তলিভাগৰ ভূ-প্রকৃতি তেনেই অসমান। স্থলভাগৰ দৰে মহাসাগৰৰ তলিভাগো শৈলসিৰা, দ্ৰোণী, সামুদ্রিক টিলা, খাত আদিৰে ওখোৰা মোখোৱা। গড় হিচাবে মহাসাগৰৰ গভীৰতা প্রায় ৪০০০ মিটাৰ। সাধাৰণতে স্থলমণ্ডল আৰু জলমণ্ডলৰ সংযোগ ৰেখাৰ পৰা মহাসাগৰৰ মাজভাগলৈ ক্রমান্বয়ে গভীৰতা বৃদ্ধি পায় আৰু বিভিন্ন প্ৰকাৰৰ অৱয়ব পোৱা যায়। এই ভূ-অৱয়ববোৰৰ ভিতৰত মহীসোপান, মহীতল, গভীর সমুদ্রতল, সমুদ্রতলীয় দ্রোণী, সামুদ্রিক শৈলসিৰা আৰু দ্বীপ, গভীর সমুদ্ৰখাত আদি পোৱা যায়। 

21. অসমৰ এখন নক্সা মানচিত্র অংকন কৰা আৰু তলত দিয়াসমূহ বহুওৱা–

(ক) ডিগবৈ তৈলক্ষেত্র 

(খ) লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ

(গ) মানাহ ৰাষ্ট্ৰীয় উদ্যান 

(ঘ) অসমৰ ৰাজধানী

উত্তৰঃ তোমালোকে নিজে চেষ্টা কৰা।

PART – III

22. ৰাষ্ট্ৰসংঘৰ দুটা প্রধান উদ্দেশ্য লিখা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য হ’ল–

(ক) আন্তৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।

(খ) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্রণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক প্রতিষ্ঠা কৰা।

23. মিশ্রিত অর্থনীতি বুলিলে কি বুজা ?

উত্তৰঃ যি আর্থিক ব্যৱস্থাত ৰাজহুৱা খণ্ড বা চৰকাৰী খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহাৱাস্থান হয় সেই আর্থিক ব্যৱস্থাই হ’ল মিশ্রিত আর্থিক ব্যৱস্থা।

24. বিনিময় প্রথাই সংগতিবিহীনভাবে কিদৰে সমস্যার সৃষ্টি কৰে ? 

উত্তৰঃ সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়েই হ’ল বিনিময় প্রথা। সাধাৰণতে বিনিময় মানে আদান-প্রদান বা সাল-সলনি।

25. বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা। 

উত্তৰঃ বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ হৈছে –

(ক) ১৯৫২ চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই ‘নিৰন্ত্ৰীকৰণ আয়োগ’ গঠন কৰে। 

(খ) ৰাষ্ট্ৰসংঘৰ প্ৰচেষ্টাত বৰ্তমানলৈকে স্বাক্ষৰ হোৱা চুক্তিসমূহৰ বাবেই বিশ্বলৈ শান্তিৰ বাতাবৰণ অনাত বিশেষ বৰঙণি আগবঢ়াইছে। এই চুক্তিসমূহ হৈছে– 

(i) ১৯৬৩ চনৰ ‘আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি’।

(ii) ১৯৬৭ চনৰ ‘বহিঃমহাকাশ চুক্তি’। 

(iii) ১৯৬৮ চনৰ ‘পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি’।

(iv) ১৯৭১ চনৰ ‘সমুদ্রতলি নিয়ন্ত্রণ চুক্তি’। 

(v) ১৯৭২ চনৰ ‘ছল্ট-১ চুক্তি’।

(vi) ১৯৭৯ চনৰ ‘ছল্ট-২ চুক্তি’।

(vii) ১৯৯৩ চনৰ পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্রণ চুক্তি।

(viii) ১৯৯১ চনৰ ‘START-1 চুক্তি’। 

(ix) ১৯৯৩ চনৰ ‘START-2 চুক্তি’।

(x) ১৯৯৬ চনৰ ‘পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি’।

(গ) ২০০৭ চনৰ জুন মাহত ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা ‘প্রতিনিধিমূলক কূটনীতি’ৰ সহায়ত বিবাদ মীমাংসাৰে শাস্তিৰ পৰিৱেশ অনাত আগভাগ লোৱাটোও এটা গুৰুত্বপূর্ণ পদক্ষেপ।

26. মুদ্ৰাৰ যিকোনো তিনিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ মুদ্ৰাৰ তিনিটা প্রধান বৈশিষ্ট্য হ’ল– 

(ক) মুদ্ৰাৰ সাধাৰণ গ্রহণযোগ্যতা থাকিব লাগিব নহ’লে মুদ্রা বিনিময়ৰ মাধ্যম হ’ব নোৱাৰে। মুদ্ৰাৰ বৈশিষ্ট্যসমূহৰ ভিতৰত এইটোৱেই সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য।

(খ) মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ’ব লাগিব। আন সকলোবোৰ সামগ্ৰীতকৈ ই বেলেগ হ’ব লাগিব। মুদ্ৰাৰ চিনাক্তকৰণ সহজ নহ’লে সামগ্ৰী বেচা-কিনাৰ সময়ত জটিলতাই দেখা দিব।

(গ) মুদ্রা সহজতেই নষ্ট হৈ যোৱা সামগ্ৰী হ’ব নোৱাৰিব। মাছ, কণী, গাখীৰ ইত্যাদিব কোনোটোৱেই মুদ্ৰা হ’ব নোৱাৰে। কাৰণ এইবোৰ সামগ্ৰী বেছি দিনলৈ নিটিকে। মুদ্ৰা সঞ্চয়ৰ ভাণ্ডাৰ হ’ব লাগিলে মুদ্ৰা বেছি দিনলৈ টিকিব লাগিব।

27. অর্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা। 

উত্তৰঃ অর্থনৈতিক সংস্কাৰৰ তিনিটা সুফল হ’ল–

(ক) প্রথম, অর্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি হৈছে। প্ৰকৃততে ২০০৫ চনৰ পৰা ২০০৮ চনলৈকে বার্ষিক উন্নয়নৰ হাৰ আছিল যথাক্রমে ৯.৫ শতাংশ, ৯.৭ শতাংশ আৰু ৯.২ শতাংশ। শেহতীয়া অৰ্থনৈতিক সমীক্ষা অনুসৰি ২০১৩-১৪ চনত বার্ষিক উন্নয়নৰ হাৰ আছিল ৭.২ শতাংশ।

(খ) দ্বিতীয়তে, পাইকাৰী মূল্যসূচী পূৰ্বৰ তুলনাত হ্ৰাস হৈছে। 

(গ) ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক ৰিজাৰ্ভ বেংকত জমা হোৱা বৈদেশিক বিনিয়োগযোগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি হৈছে। এই পরিমাণ বৰ্তমান বিলিয়ন ডলাৰ হৈছে। 

28. ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ আৰু ভাৰতৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা পার্থক্য লিখা।

উত্তৰঃ ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ আৰু ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ মাজত থকা পাৰ্থক্যবোৰ হ’ল–

(ক) ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্র প্রধানতঃ এখন গণৰাজ্য। কিন্তু ইংলেণ্ডৰ সংসদীয় গণতন্ত্র গণৰাজ্য নহয়।

(খ) ভাৰতবৰ্ষৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ গঠন আৰু ক্ষমতা, কিন্তু ইংলেণ্ডৰ উচ্চ সদন হাউছ অব লর্ডছতকৈ পৃথক।

(গ) ইংলেণ্ডৰ সংসদীয় গণতন্ত্রত সংসদখন অত্যন্ত শক্তিশালী, কিন্তু ভাৰতৰ সংসদ ইমান শক্তিশালী নহয়।

(ঘ) ভাৰতৰ সংসদীয় গণতন্ত্রৰ ৰাষ্ট্রপ্রধান পুৰুষানুক্রমে হোৱা ব্যক্তি নহয়, কিন্তু ইংলেণ্ডৰ ৰজা অথবা ৰাণীৰ বিপৰীতে আমাৰ ৰাষ্ট্ৰপ্ৰধান নির্বাচিত হোৱা ব্যক্তি।

নাইবা

ভাৰতৰ সংবিধানৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ হ’ল–

(ক) ক্ষমতাৰ বিকেন্দ্ৰীকৰণ : কেন্দ্ৰীয় চৰকাৰ আৰু অংগৰাজ্যবিলাকৰ চৰকাৰৰ মাজত ক্ষমতাৰ ভাগ-বিতৰণ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ প্ৰধান বৈশিষ্ট্য। 

(খ) ক্ষমতাৰ পৃথকীকৰণ : যুক্তৰাষ্ট্ৰীয় চৰকাৰত চৰকাৰৰ তিনিটা অংগ – কার্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা নিজৰ নিজৰ কৰ্মক্ষেত্ৰত স্বাধীন। এটা আনটোৰ পৰিপূৰক নহয়।

(গ) লিখিত আৰু দৃঢ় সংবিধান : যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সংবিধানখন হ’ল লিখিত সংবিধান। এই সংবিধানখন অনমনীয় অথবা দৃঢ়। এই সংবিধানখন সংশোধন কৰা পদ্ধতিও অতি জটিল।

(ঘ) দুই প্ৰকাৰৰ চৰকাৰ : যুক্তৰাষ্ট্ৰীয় চৰকাৰত দুই ধৰণৰ চৰকাৰ থাকে। এবিধ কেন্দ্ৰীয় চৰকাৰ আৰু আনবিধ ৰাজ্য চৰকাৰ। দুয়োবিধ চৰকাৰৰে নিজা নিজা সংবিধান থাকে।

(ঙ) দ্বৈত নাগৰিকত্ব : যুক্তৰাষ্ট্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰত জনসাধাৰণে দুবিধ নাগৰিকত্ব উপভোগ কৰিব পাৰে। সমগ্ৰ ৰাষ্ট্ৰখনৰ নাগৰিক হোৱাৰ লগতে ইয়াৰ নাগৰকিসকলে বাস কৰা ৰাজ্যখনৰ নাগৰিক হিচাবেও সুকীয়া মৰ্যাদা লাভ কৰে। 

(চ) স্বাধীন ন্যায়পালিকা : যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত এখন স্বাধীন আৰু নিৰপেক্ষ আদালতৰ ব্যৱস্থা থাকে, যিয়ে সংবিধানৰ চৰম কাৰ্যকৰ্তা আৰু অভিভাৱক হিচাবে দায়িত্ব পালন কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top