SEBA Class 10 Social Science Model Paper – 3 | দশম শ্ৰেণীৰ সমাজ বিজ্ঞান প্ৰশ্নকাকত

SEBA Class 10 Social Science Model Paper – 3, HSLC Social Science Sample Question Answer, দশম শ্ৰেণীৰ সমাজ বিজ্ঞান প্ৰশ্নকাকত to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Social Science Model Paper Class 10 SEBA can be of great value to excel in the examination.

SEBA Class 10 Social Science Simple Paper and Question Answer

SEBA Class 10 Social Science Model Paper – 3

Join Telegram channel

HSLC Model Question Paper provided is as per the Latest Assam Board Curriculum and covers all the questions from the SEBA Textbooks. Access the detailed SEBA Class 10 Social Science Model Paper – 3 provided here and get a good grip on the subject. Access the SEBA Class 10 Social Science Model Paper – 3, Class X Social Science Model Question Answer of Assamese in Page Format. Make use of them during your practice and score well in the exams.

সমাজ বিজ্ঞান প্ৰশ্নকাকত

PART – III

SOCIAL SCIENCE

MODEL QUESTION ANSWER

Group – A

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(i) উদ্ভিদ তলৰ কোনটো সম্পদৰ অন্তৰ্ভুক্ত

(a) জীৱীয় সম্পদ

(b) অজীৱীয় সম্পদ

(c) মানৱ সৃষ্ট সম্পদ

(d) অনবীকরণযোগ্য সম্পদ

উত্তৰঃ (a) জীৱীয় সম্পদ ৷

(ii) তলৰ কোনখন এছিয়া মহাদেশৰ এখন অন্তর্বাহী নদী ?

(a) টাইগ্রীছ৷ 

(b) মেকং৷

(c) আমুৰ৷

(d) হেলমাণ্ড৷

উত্তৰঃ (d) হেলমাণ্ড ৷

(iii) কোন বছৰত ব্ৰিটিছ চৰকাৰে বংগ-ভংগ আঁচনি বাতিল কৰিছিল ?

(a) ১৯০৯ চনত৷

(b) ১৯১২ চনত৷

(c) ১৯১১ চনত৷

(d) ১৯১৫ চনত৷

উত্তৰঃ (c) ১৯১১ চনত ৷

(iv) তলৰ কোনখন ৰাষ্ট্ৰ ৰাষ্ট্ৰসংঘৰ ভেট’ ক্ষমতাৰ অধিকাৰী নহয় ?

(a) ইংলেণ্ড৷

(b) জাপান৷

(c) আমেৰিকা যুক্তৰাষ্ট্ৰ৷

(d) চীন৷

উত্তৰঃ (b) জাপান ৷

(v) ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয় ?

(a) ২১ অক্টোবৰ৷

(b) ২৪ অক্টোবৰ৷

(c) ২৬ অক্টোবৰ৷

(d) ২৭ অক্টোবৰ৷

উত্তৰঃ (b) ২৪ অক্টোবৰ ৷

2. ইংলেণ্ডৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি ?

উত্তৰ : বেংক অৱ ইংলেণ্ড ৷

3. ক্ষুদিৰাম বসুক কিয় ফাঁচী দিয়া হৈছিল ?

উত্তৰঃ এজন ব্ৰিটিছ বিষয়াক হত্যা কৰাৰ অপৰাধত ক্ষুদিৰাম বসুক ফাঁচী দিয়া হৈছিল।

4. ভাৰতীয় সংবিধানৰ কিমানতম সংশোধনীত মৌলিক কর্তব্যসমূহ সংযোজন কৰা হৈছে ?

উত্তৰঃ ভাৰতীয় সংবিধানৰ ৪২ তম সংশোধনীত মৌলিক কর্তব্যসমূহ সংযোজন কৰা হৈছে।

5. প্রকৃত মুদ্রা কাক বোলে ?

উত্তৰঃ দেশৰ সকলো মানুহৰ মাজত প্ৰচলিত মুদ্ৰাক প্রকৃত মুদ্রা বোলে।

6. বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল ?

উত্তৰঃ লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসন কালত বংগ বিভাজন হৈছিল। 

7. কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল ?

উত্তৰঃ লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত হোৱা এটা চাইমন বিৰোধী সমদলৰ ওপৰত পুলিছে নির্দয়ভাৱে লাঠি চালনা কৰে, য’ত লাজপত ৰায় বেয়াকৈ আহত হয় আৰু তাৰ ফলতেই তেওঁ মৃত্যু বৰণ কৰে। 

8. অর্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু কি ?

উত্তৰঃ আমি দৰাচলতে পৃথিৱীত থকা প্রাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশৰ উপাদানসমূহৰ বিভিন্নতাৰ বাবে মানুহৰ দ্বাৰা অৱলম্বন কৰা অৰ্থনৈতিক কার্যকলাপ হৈছে অর্থনৈতিক ভূগোলৰ প্ৰধান বিষয়বস্তু। 

9. জাতীয় আয় কাক বোলে ?

উত্তৰঃ এটা বিত্তীয় বছৰত (অর্থাৎ ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ) দেশ এখনত উৎপাদিত হোৱা সৰ্বমুঠ সা-সামগ্ৰীৰ মুদ্ৰাগত মূল্যই হ’ল জাতীয় আয় বোলে।

10. মহীসোপান আৰু মহীডালৰ পাৰ্থক্য লিখা। 

উত্তৰঃ মহীসোপান আৰু মহীডাল : উপকূলৰ চাৰিওকাষে থকা সাগৰ মহাসাগৰৰ অগভীব (প্রায় ২০০০ মিটার পর্যন্ত) অংশকে মহীসোপান বোলে। মহীসোপানৰ পিছৰ যথেষ্ট গভীৰ (প্রায় ২০০ মিটাৰ পর্যন্ত) অংশটোক মহীডাল বোলা

হয়। 

11. মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱনে ?

উত্তৰঃ মৰুকৰণজনিত সমস্যাৰ সমাধান সমগ্র বিশ্ববাসীৰ সমুখত এতিয়া এটা জটিল প্রত্যাহ্বান। আন্তর্জাতিক সহযোগ অবিহনে এই সমস্যাৰ সমাধান সম্ভৱ নহয়। গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে প্ৰক্ৰিয়াৰ লগত জড়িত থকাৰ কাৰণে মকৰণ সমস্যা ক্রমে জটিল হৈ আহিছে। মানুহৰ কাৰ্যাৱলী প্ৰকৃতিৰ বিৰুদ্ধে পৰিচালিত হ’লে ভবি এই সমস্যা আৰু অধিক জটিল হৈ পৰিব। 

12. নৱীকৰণযোগ্য বা পুনঃপুর্ণীকৃত সম্পদ কাক বোলে ?

উত্তৰঃ যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণৰ বা পুনঃপূৰ্ণীকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ নোহোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদবোৰক নৱীকৰণযোগ্য বা পুনঃপুর্ণীকৃত সম্পদ (Renewalble or Inexhaustible Resource) বোলা হয়। যেনে– সূৰ্যৰ ৰশ্মি, বায়ু-পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য ইত্যাদি।

13. আজাদ হিন্দ ফৌজৰ লক্ষ্য কি আছিল ?

উত্তৰঃ আজাদ হিন্দ ফৌজৰ লক্ষ্য আছিল ব্ৰিটিছৰ কবলৰপৰা ভাৰতবৰ্ষক মুক্ত কৰা আৰু যিকোনো পৰিস্থিতিতেই জাপানক ভাৰতবৰ্ষত নিজৰ অধিকাৰ স্থাপন কৰাৰপৰা বিৰত কৰা।

14. বংগ বিভাজনে সৃষ্টি কৰা ‘পূৰ্ববংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা।

উত্তৰঃ বংগ বিভাজনে সৃষ্টি কৰা ‘পূৰ্ববংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগ দেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল হ’ল–

ৰাজসাহী, ঢাকা আৰু চট্টগ্রাম। 

15. অনা-বেংক প্রতিষ্ঠানসমূহ বেংকতকৈ কি অৰ্থত বেলেগ ? 

উত্তৰঃ বেংকৰ দৰে অনা-বেংক বিত্তীয় প্রতিষ্ঠানসমূহেও সঞ্চয়কাৰীৰপৰা সঞ্চয় বা আমানত সংগ্রহ কৰে আৰু সেই সঞ্চয় বিভিন্নজনলৈ ঋণ হিচাপে আগবঢ়ায়। কিন্তু বেংকৰ ক্ষেত্ৰত যিদৰে চেকৰ জৰিয়তে সঞ্চয়কাৰীয়ে নিজৰ জমা ধন উলিয়াই আনিব পাৰে, অনা-বেংক প্রতিষ্ঠানসমূহে চেকৰ যোগান নধৰে আৰু সেয়ে চেকৰ জৰিয়তে এনেবোৰ প্ৰতিষ্ঠানৰপৰা সঞ্চয়কাৰীয়ে নিজৰ জমা ধন উলিয়াই অনাৰ সুযোগ লাভ নকৰে। তদুপৰি বেংকৰ ক্ষেত্ৰত জমাকাৰীয়ে সঞ্চয় বীমা আঁচনি থাকে কিন্তু অনা-বেংক প্রতিষ্ঠানসমূহত এনে বীমাকৰণৰ ব্যৱস্থা নাথাকে। 

16. সসীম বিহিত আৰু অসীম বিহিত মুদ্ৰাৰ পার্থক্য কি ?

উত্তৰঃ যি বিহিত মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেনদেনহে সম্পন্ন কৰিব পাৰি সেই মুদ্ৰা সসীম বিহিত মুদ্ৰা হ’ব৷ আনহাতে, যি বিহিত মুদ্ৰাৰ সহায়ত অসীমিত মূল্য লেনদেন সম্পন্ন কৰিব পাৰি, তাক অসীম বিহিত মুদ্রা বোলে। 

17. সংবিধান সভা কেনেকৈ গঠন কৰা হৈছিল ?

উত্তৰঃ ১৯৪৬ চনত কেবিনেট মিছন ভাৰতলৈ আহিছিল আৰু এই কেবিনেট মিছনৰ পৰামৰ্শাৱলীৰ ভিত্তিতে সংবিধান সভা গঠন কৰাৰ কাম আগবাঢ়িছিল। সংবিধান সভাৰ মুঠ সদস্য সংখ্যা আছিল ৩৮৯ জন। কিন্তু দেশীয় ৰাজ্যসমূহে তেওঁলোকৰ বাবে নিৰ্ধাৰিত ৯৩ জন সদস্য বাছি দিয়া নাছিল। সেয়ে মুঠ সদস্য সংখ্যা ২৯৬ জনলৈ হ্ৰাস কৰা হৈছিল।

18. ‘সার্বভৌম’ মানে কি বুজা ?

উত্তৰঃ সাৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা। অর্থাৎ বাহ্যিকভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাবেও ভাৰতবৰ্ষ কোনো শক্তিৰ দ্বাৰা পৰিচালিত নহয়।

19. কোন চনৰ কিমান সংখ্যক সংশোধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দ দুটা সন্নিবিষ্ট কৰা হৈছে ?

উত্তৰঃ সংবিধানৰ ৪২ নং সংশোধনী আইনৰ জৰিয়তে ১৯৭৬ চনত সংবিধানৰ প্রস্তাৱনাত ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষ’ শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছে।

20. অসমৰ ঝুম খেতিৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ অসমৰ কাৰ্বি আংলং আৰু ডিমা হাছাও পার্বত্য জিলা দুখন সামৰি লোৱা পার্বত্য কৃষি-জলবায়ৱীয় অঞ্চলটোত ঝুম খেতিয়ে (Shifting cultivation) প্রাধান্য লাভ কৰিছে। সাধাৰণতে পাহাৰৰ সূচল ঢালত হাবি-জংঘল পুৰি খেতিৰ ঠাই মুকলি কৰি পৰম্পৰাগত পদ্ধতিৰে জনজাতীয় লোকসকলে ঝুম খেতি কৰে। একেডোখৰ মাটিতে কেইবাবছৰো ঝুম খেতি কৰে।

21. ২০১১ চনৰ তথ্য মতে অসমত কেইখন প্রথম শ্ৰেণীৰ আৰু কেইখন দ্বিতীয় শ্ৰেণীৰ চহৰ আছে ?

উত্তৰঃ ২০১১ চনৰ তথ্য মতে অসমত ৭ খন প্রথম শ্রেণীৰ আৰু ৬ খন দ্বিতীয় শ্ৰেণীৰ চহৰ আছে।

22. সম্পদ আৰু বিজ্ঞান-প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ আলোচনা কৰা। 

উত্তৰঃ সম্পদ আৰু বিজ্ঞান-প্রযুক্তিৰ মাজত যথেষ্ট সম্পর্ক আছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ লগে লগে বহুতো নিষ্ক্রিয় সামগ্রী সম্পদলৈ ৰূপান্তৰিত হোৱা দেখা গৈছে। বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে মানুহৰ জ্ঞান তথা বুদ্ধিৰ বিকাশ সাধন হয় আৰু ইয়াৰ ফলস্বৰূপে ন ন সম্পদ সৃষ্টি হোৱা দেখা যায়। মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান-প্ৰযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা বহুতো নিষ্ক্রিয় সামগ্রী (Neutral Staff) আৰু প্ৰতিৰোধক (Resource) মানুহৰ প্ৰচেষ্টাৰ ফলত মূল্যবান সম্পদলৈ ৰূপান্তৰিত হৈছে। উদাহৰণ স্বৰূপে দামোদৰ নদীৰ ওপৰত বান্ধ নিৰ্মাণ কৰি জলবিদ্যুৎ উৎপাদন কৰা কাৰ্যত বিজ্ঞান প্রযুক্তিয়ে মূল ভূমিকা পালন কৰিছে, যাৰ ফলস্বৰূপে মানৱ জাতিৰ কল্যাণ তথা উপকাৰ সাধন হৈছে। 

23. ভাৰতীয় যুক্তৰাষ্ট্ৰক কিয় অর্ধ-যুক্তৰাষ্ট্ৰ আখ্যা দিয়া হয় ?

উত্তৰঃ ভাৰত এখন যুক্তৰাষ্ট্ৰ। কাৰণ যুক্তৰাষ্ট্ৰৰ সকলো বৈশিষ্ট্য সংবিধানত পৰিলক্ষিত হৈছে। যেনে— দুই প্ৰকাৰৰ চৰকাৰ, ক্ষমতাৰ বিভাজন, কেন্দ্রীয় সূচী, ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচী, লিখিত অনমনীয় সংবিধান, উচ্চতম ন্যায়ালয় ইত্যাদি। সেই কাৰণেই ভাৰতক যুক্তৰাষ্ট্ৰ বুলি গণ্য কৰা হয়, কিন্তু ‘যুক্তৰাষ্ট্ৰ’ শব্দটি ভাৰতৰ সংবিধানত ক’তো উল্লেখ কৰা নাই। আনহাতে, ‘ৰাজ্যৰ সন্মিলন’ বুলিহে উল্লেখ আছে। জৰুৰীকালীন অৱস্থাত ভাৰতীয় যুক্তৰাষ্ট্ৰখন একাত্মক ৰাষ্ট্ৰত পৰিণত হয়। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ তুলনাত যথেষ্ট শক্তিশালী। আৱশ্যক অনুযায়ী কেন্দ্রীয় সংসদে ৰাজ্যিক সূচীৰ ওপৰতো আইন প্রণয়ন কৰিব পাৰে। এইবোৰৰপৰা প্ৰমাণ হয় ভাৰতবৰ্ষৰ্থন গঠনত যুক্তৰাষ্ট্ৰ হ’লেও কার্যতঃ একাত্মক ৰাষ্ট্ৰহে। সেইবাবে ভাৰতবৰ্ষৰ্থন ‘অৰ্ধ-যুক্তৰাষ্ট্ৰ’ বুলিও কোৱা হয়।

24. বংগ বিভাজন বিৰোধী আন্দোলনে ‘স্বদেশী আন্দোলন’ নাম কিয় পাইছিল চমুকৈ লিখা। 

উত্তৰঃ চৰকাৰৰ ফালৰ পৰা বংগচ্ছেদ কার্যত পৰিণত কৰাৰ মনোভাব স্পষ্টকৈ প্রকাশ পোৱাৰ পিছত বংগদেশত চৰকাৰ বিৰোধী জনজাগৰণ ক্রমান্বয়ে বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছিল। জাতীয় জনমতক উপেক্ষা কৰাৰ লগতে বঙালী জাতীয়তাবাদক ধ্বংস কৰি হিন্দু-মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিবলৈকে চৰকাৰে গ্ৰহণ কৰিব বিচৰা বংগ বিভাজনৰ বিৰুদ্ধে সমগ্র বংগদেশত বিশাল জাতীয় আন্দোলনৰ সূচনা হৈছিল। লর্ড কার্জনে ভাৰতীয়সকলক শিক্ষা, সংবাদপত্র, স্থানীয় স্বায়ত্তশাসন আদি অধিকাৰৰ ওপৰত হস্তক্ষেপ কৰি ইতিমধ্যে সমগ্ৰ ভাৰতীয়ৰ মনত অসন্তুষ্টিৰ ভাব জগাই তুলিছিল। তেওঁৰ বংগ বিভাজনৰ পৰিকল্পনাও আছিল প্রতিক্রিয়াশীল। গতিকে বংগ ভংগৰ অসন্তুষ্টিৰ উত্তাপে প্রবল বিক্ষোভৰ সৃষ্টি কৰিছিল। ১৯০৩ খ্ৰীষ্টাব্দৰ ৬ ডিচেম্বৰ তাৰিখে বংগ দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱ উত্থাপিত হোৱাৰ পৰা ১৯০৫ খ্ৰীষ্টাব্দৰ ১৯ জুলাই তাৰিখে বংগ বিভাজনৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰালৈকে পূৰ্ব বংগ, উত্তৰ বংগ আৰু পশ্চিম বংগৰ বিভিন্ন ঠাইত অনুষ্ঠিত প্রতিবাদী সভাৰ যোগেদি প্রবল জনসংগ্ৰামৰ জোৱাৰ উঠিছিল। জাতি-বর্ণ নির্বিশেষে সকলো মানুহেই এই গণ সংগ্ৰামত জঁপিয়াই পৰিছিল। বংগচ্ছেদৰ পৰিণতি হিচাপে সংঘবদ্ধভাবে বিদেশী বস্তু (বিদেশত প্ৰস্তুত কৰা পণ্য) বর্জন আৰু স্বদেশী বস্তু (নিজ দেশত ভাৰতীয়ৰ হাতেৰে প্ৰস্তুত কৰা) গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পিছত এই আন্দোলন ‘স্বদেশী আন্দোলন’ নামে জনাজাত হয়। 

25. বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা।

উত্তৰঃ নিৰস্ত্ৰীকৰণৰ জৰিয়তে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধৰ পৰিৱেশ নাইকিয়া কৰাৰ অৰ্থে ৰাষ্ট্ৰসংঘই যোৱা দিনবিলাকত লোৱা পদক্ষেপ গুৰুত্বপূর্ণ। ১৯৫২ চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ আয়োগ (Disarmament Commission) গঠন কৰে। ৰাষ্ট্ৰসংঘৰ তৎপৰতাত ১৯৬৩ চনৰ ‘আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি’ (Partial Nuclear Test Ban Treaty), ১৯৬৭ চনত ‘বহিঃমহাকাশ চুক্তি’ (Outer Space Treaty), ১৯৬৮ চনত ‘পাৰমাণৱিক অস্ত্র সংকোচন চুক্তি’ (Nuclear Non-proliferation Treaty), ১৯৭১ চনত ‘সমুদ্রতলি নিয়ন্ত্রণ চুক্তি’ (Sea bed Control Treaty), ১৯৭২ চনত ‘ছল্ট-১’ চুক্তি (SALT I, Strategic Arms Reduction Treaty), ১৯৭৯ চনত ‘ছল্ট-২’ চুক্তি (SALT II), ১৯৯৩ চনত পাৰমাণৱিক অস্ত্র নিয়ন্ত্রণ চুক্তি (Nuclear Arms Control Treaty), ১৯৯১ আৰু ১৯৯৩ চনত START-1 আৰু START-2 (Strategic Arms Reduction Treaty), ১৯৯৬ চনত ১৫৮ খন ৰাষ্ট্ৰৰ সমৰ্থনত সম্পাদিত হোৱা ‘পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি’ (Comprehensive Test Ban Treaty, CTBT) কে ধৰি বৰ্তমানলৈকে ভালেমান চুক্তি স্বাক্ষৰ হোৱা ঘটনাই নিশ্চয়কৈ বিশ্বলৈ শান্তিৰ বাতাৱৰণ অনাত বিশেষ বৰঙণি যোগাইছে। ২০০৭ চনৰ জুন মাহত ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা ‘প্ৰতিবোধমূলক কূটনীতি’ (Preventive Diplomacy)ৰ সহায়ত বিবাদ মীমাংসাৰে শান্তিৰ পৰিৱেশ অনাত আগভাগ লোৱাটোও এটা গুৰুত্বপূৰ্ণ পদক্ষেপ।

26. মুদ্ৰাৰ যিকোনো চাৰিটা প্ৰধান বৈশিষ্ট্য ব্যাখ্যা কৰা।

উত্তৰঃ মুদ্ৰাৰ চাৰিটা প্ৰধান বৈশিষ্ট্য তলত দিয়া হ’ল–

(ক) মুদ্রা সহজেই নষ্ট হৈ যোৱা সামগ্ৰী হ’ব নোৱাৰে। মাছ, কণী, গাখীৰ ইত্যাদিৰ কোনোটোৱেই মুদ্ৰা হ’ব নোৱাৰে। কাৰণ এইবোৰ সামগ্ৰী বেছি দিনলৈ নিটিকে। মুদ্রা সঞ্চয়ৰ ভাণ্ডাৰ হ’ব লাগিলে মুদ্রা বেছি দিনলৈ টিকিব লাগিব।

(খ) মুদ্রা সমজাতীয় বা পূর্ণ সাদৃশ্যযুক্ত হ’ব লাগিব। উদাহৰণস্বৰূপে, যদি এখন ১০০ টকীয়া নোটৰ আকাৰ ডাক টিকটটোৰ দৰে একেবাৰে সৰু আৰু আন এখন ১০০ টকীয়া নোট বাতৰি কাকত এখনৰ সমান বৃহৎ আকাৰৰ তেনেহ’লে সামগ্ৰীৰ লেনদেনৰ ক্ষেত্ৰত বেমেজালিয়ে দেখা দিব। গতিকে সকলোবোৰ ১০০ টকীয়া নোট সকলো পিনৰপৰা একে হ’ব লাগিব। বাকীবোৰ মুদ্ৰাৰ ক্ষেত্ৰতো এই একেটা কথাই খাটিব।

(গ) মুদ্ৰাৰ সাধাৰণ গ্রহণযোগ্যতা থাকিব লাগিব নহ’লে মুদ্রা বিনিময়ৰ মাধ্যম হ’ব নোৱাৰে। মুদ্ৰাৰ বৈশিষ্ট্যসমূহৰ ভিতৰত এইটোৱেই সবাতোকৈ গুরুত্বপূর্ণ বৈশিষ্ট্য।

(ঘ) মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ’ব লাগিব। আন সকলোবোৰ সামগ্ৰীতকৈ ই বেলেগ হ’ব লাগিব। মুদ্ৰাৰ চিনাক্তকৰণ সহজ নহ’লে সামগ্রী বেচা-কিনাৰ সময়ত জটিলতাই দেখা দিব।

27. ভাৰতবৰ্ষৰ দশম পঞ্চবার্ষিক পৰিকল্পনাৰ যিকোনো চাৰিটা উদ্দেশ্য লিখা।

উত্তৰঃ ভাৰতবৰ্ষৰ দশম পঞ্চবার্ষিক পৰিকল্পানৰ চাৰিটা বৈশিষ্ট্য হ’ল– 

(১) বছৰি ৮ শতাংশ হাৰত মুঠ ৰাষ্ট্ৰীয় উৎপাদন বৃদ্ধিৰ লক্ষ্য স্থিৰ কৰি লোৱা। 

(২) জনসংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি লাভজনক আৰু উচ্চ মানৰ কৰ্মসংস্থানৰ উপায় উদ্ভাৱন কৰি কাৰ্যকৰী কৰা।

(৩) ৰাষ্ট্ৰৰ সকলো ল’ৰা-ছোৱালীৰ বাবে প্ৰাথমিক শিক্ষা গ্ৰহণৰ সুবিধা ২০০৭ চনৰ ভিতৰত সম্পন্ন কৰিবলৈ লক্ষ্য স্থিৰ কৰি লোৱা। 

(৪) জনসংখ্যা বৃদ্ধিৰ হাৰ ২০০১-২০১১ দশকৰ ভিতৰত ১৬.২ শতাংশলৈ হ্রাস কৰা।

28. স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিছিল ?

উত্তৰঃ চৰকাৰে কঠোৰ আইন প্রয়োগ কৰি জনমত প্ৰকাশত বাধা আৰোপ কৰিছিল। ৩ জুনত (১৯০৭) ব্ৰিটিছ চৰকাৰে সকলো দেশীয় সংবাদপত্ৰৰ ওপৰত সতৰ্কীকৰণ জাৰি কৰিছিল। বংগভংগ বিৰোধী আন্দোলনত গৌৰৱময় ভূমিকা পালন কৰা তিনিখন পত্ৰিকাৰ সম্পাদক ভূপেন্দ্রনাথ দত্ত (স্বামী বিবেকানন্দৰ ভাতৃ), ‘সন্ধ্যা’ৰ সম্পাদক ব্রহ্মবান্ধব উপাধ্যায় আৰু ‘বন্দে মাতৰম’ৰ সম্পাদক অৰবিন্দ ঘোষক ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধী সজাই তেওঁলোকৰ ওপৰত দমনমূলক আইন প্রয়োগ কৰি কঠোৰ শাস্তি বিহিছিল। ‘বন্দে মাতৰম’ গীতটো ভাৰতবৰ্ষত নিষিদ্ধ কৰা হৈছিল (১৫ আগষ্ট, ১৯০৭)।

বিভেদকামী নীতিৰ প্ৰশ্ৰয় দি ব্ৰিটিছে ঔপনিবেশিক শোষণ অক্ষুণ্ণ ৰখাৰ চেষ্টা চলাইছিল। হিন্দু আৰু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰি মুছলমানসকলৰ পৰা বংগ বিভাজনত তেওঁলোকৰ সহযোগ আদায় কৰিব বিচাৰিছিল।

চৰকাৰে বংগ ভংগ বিৰোধী গণ আন্দোলনক খর্ব কৰাৰ উদ্দেশ্যে পুলিচ আৰু সৈন্যবাহিনীৰ যোগেদি হিংসা-সন্ত্রাস চলাইছিল। ১৯০৮ খ্রীষ্টাব্দৰ ১১ ডিচেম্বৰ তাৰিখে বংগ ভংগ বিৰোধী আন্দোলনৰ শীর্ষ নেতা কৃষ্ণকুমাৰ দত্ত, মনোৰঞ্জন গুহ ঠাকুৰতা, সুবোধচন্দ্র মল্লিক, শ্যামসুন্দৰ চক্ৰৱৰ্তী, শচীন্দ্রপ্রসাদ বসু, সতীশচন্দ্র চট্টোপাধ্যায়, ভূপেন্দ্র চন্দ্র নাগ, পুলিন বিহাৰী দাস, অশ্বিনী কুমাৰ দত্তক নির্বাসন দণ্ড বিহিছিল। 

29. অসমৰ জনসংখ্যাৰ ঘনত্ব ২০১১ ৰ এটা মেপ অংকন কৰা।

 উত্তৰ :

30. ১৯২০-২২ চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল ? ইয়াৰ কাৰ্যসূচী কি আছিল ? গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল ?

উত্তৰঃ অসহযোগ আন্দোলন আছিল মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত প্ৰথমটো ব্ৰিটিছ বিৰোধী ৰাজনৈতিক আন্দোলন। কুখ্যাত ৰাওলাট আইনৰ বিৰুদ্ধে এই আন্দোলন আৰম্ভ হৈছিল। তদুপৰি তুৰস্কত হোৱা খিলাফৎ আন্দোলন আৰু জালিৱানৱালাবাগ হত্যাকাণ্ডৰদ্বাৰাও এই আন্দোলন প্রভাবিত হৈছিল।

গান্ধীজীৰ নেতৃত্বত আৰম্ভ হোৱা এই অসহযোগ কাৰ্যসূচীসমূহক মূলতঃ দুটা ভাগত ভাগ কৰিব পাৰি— তাৰে এটা গঠনমূলক, আনটো ধ্বংসমূলক। গঠনমূলক কাৰ্যসূচীৰ ভিতৰত শিক্ষাৰ জাতীয়কৰণ, স্বদেশী গ্ৰহণ আৰু প্ৰচাৰ, যঁতৰ তথা খাদীৰ ব্যৱহাৰ, আনহাতে ধ্বংসমূলক কাৰ্যসূচীসমূহৰ ভিতৰত ব্ৰিটিছ আইন-আদালত বৰ্জন কৰা, বিধান পৰিষদৰ নিৰ্বাচন বর্জন কৰা, চৰকাৰী কাৰ্যসূচী, উৎসৱ বৰ্জন কৰা, ব্ৰিটিছ পণ্য বর্জন কৰা আদি।

ব্ৰিটিছ বিৰোধী আন্দোলনৰ প্ৰতি পূৰ্বৰেপৰা জনসাধাৰণৰ মাজত ভালেমান আকর্ষণ আৰু উত্তেজনা বিৰাজ কৰাৰ ফলত আন্দোলন আৰম্ভ কৰাৰ লগে লগে সমগ্ৰ ভাৰতবৰ্ষতে জনসাধাৰণে গান্ধীৰ নেতৃত্বত আন্দোলনত অংশগ্ৰহণ কৰিছিল। আন্দোলনৰ কাৰ্যসূচী মতে দেশৰ বহু ঠাইত জাতীয় শিক্ষানুষ্ঠান গঢ়ি তোলা হৈছিল আৰু চৰকাৰী স্কুল-কলেজ বর্জন করা ছাত্র-ছাত্রীসকলে উক্ত জাতীয় শিক্ষানুষ্ঠানত নামভৰ্তি কৰিছিল। গাঁও অঞ্চলত ডেকা, যুৱকসকলৰ লগতে হাজাৰ হাজাৰ কৃষকে অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰিছিল। দেশৰ বহু শিল্প প্রতিষ্ঠান আৰু কাৰখানাৰ শ্রমিকেও আন্দোলনত অংশগ্ৰহণ কৰি নিৰ্মল স্বাধীনতা স্পৃহাৰ নিদৰ্শন দাঙি ধৰিছিল।

অসহযোগ আন্দোলনটো গান্ধীয়ে অহিংস প্ৰথাৰে চলাব বিচাৰিছিল যদিও চৌৰীচৌৰাতে আন্দোলনকাৰীসকলে পুলিচ চকী জ্বলাই হিংসাৰ পথ লোৱাত ১৯২২ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে অসহযোগ আন্দোলন স্থগিত ঘোষণা কৰে। 

31. সম্পদ সংৰক্ষণ পদ্ধতি সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ সম্পদ সংৰক্ষণক ফলপ্ৰসূ কৰিবলৈ কিছুমান পদ্ধতির প্রয়োজন। এই পদ্ধতিবোৰ এনে ধৰণৰ :

(ক) বিকল্প সম্পদৰ সন্ধান : কপাহী সূতাৰ ব্যৱহাৰ চলি থাকোঁতেই কৃত্রিম সূতাৰ আঁহ, প্রাকৃতিক ববৰৰ সলনি কৃত্রিম ৰবৰৰ সন্ধানৰ প্ৰয়োজন। 

(খ) পুনৰাৱৰ্তন : সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বর্জিত দ্রব্য পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ যোগেদি পুনৰ ব্যৱহাৰৰ ব্যৱস্থা কৰা। 

(গ) অভিযোজন বা নৱপ্রচলন : অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰপৰা আহৰণ কৰা সম্পদক ব্যৱহাৰোপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন বা নৱপ্রচলন প্রক্রিয়া প্রয়োগ কৰিব লাগে।

(ঘ) বৰ্জিত দ্রব্যৰ পৰিমাণ হ্রাস : কেঁচা সামগ্ৰীৰপৰা প্ৰয়োজনীয় সম্পদলৈ ৰূপান্তৰিত কৰোতে বৰ্জিত দ্ৰব্যৰ উৎপাদন সীমিত কৰি ৰখাৰ ব্যৱস্থা কৰিলে যথেষ্ট পৰিমাণে সম্পদ সংৰক্ষণ হ’ব পাৰে।

(ঙ) জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ : জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণৰ যোগেদি সম্পদৰ অযথা অপচয় ৰোধৰ বাবে জনগণৰ মাজত সচেতনতা বৃদ্ধি কৰিব পাৰি।

(চ) সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ : সম্পদ সংৰক্ষণৰ বাবে আইনৰ ব্যৱস্থা কটুকটীয়া আৰু সুনিশ্চিত হ’ব লাগে।

(ছ) সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন : ইয়াৰ জৰিয়তে অপ্রয়োজনীয় ব্যৱহাৰক নিয়ন্ত্ৰিত কৰিব পাৰি আৰু বিকল্প সম্পদৰ সন্ধানত গুৰুত্ব আনিব পাৰি। 

(জ) সম্পদসমূহৰ ভৱিষ্যতৰ প্ৰয়োজন নিৰ্ধাৰণ : সম্পদ এটাৰ বৰ্তমানৰ ব্যৱহাৰৰ মান আৰু জনসংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ভবিষ্যতৰ প্ৰয়োজনীয়তা নির্ণয় কৰাটো অতি দৰকাৰ।

32. গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখা ? 

উত্তৰঃ গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত এই পৃথিৱীৰ মানুহকে আদি কৰি প্ৰায় সকলো জীৱ সম্প্ৰদায়ৰ মাজত নানা ধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। যিবোৰৰ ফলাফল সুদূৰপ্ৰসাৰী হ’ব বুলি বিজ্ঞানীসকলে মত দাঙি ধৰিছে। সেই সমস্যাবোৰৰ কিছু প্রধান সমস্যা তলত দাঙি ধৰা হ’ল :

(ক) জলবায়ুৰ পৰিৱৰ্তন।

(খ) কৃষিৰ ব্যাপক পৰিৱৰ্তনৰ সম্ভাৱনা।

(গ) সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি।

(ঘ) মৰুভূমিৰ সৃষ্টি অথবা প্ৰসাৰ। 

(ঙ) জৈৱ-বৈচিত্ৰ্যৰ ওপৰত প্রভাৱ।

বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিৰ ফলত পৃথিৱীৰ জলবায়ুৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পৰিব অর্থাৎ প্রচলিত জলবায়ুৰ সলনি হৈ অন্যধৰণৰ জলবায়ুৰ প্ৰভাৱ পৰিব। জলবায়ুৰ পৰিৱৰ্তনৰ লগে লগে উত্তাপ বৃদ্ধিৰ ফলত কৃষিখণ্ডৰ আমূল পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা খুবেই প্রকট। খাদ্যশস্যৰ উৎপাদন হ্রাস হৈ যাব পাৰে। গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত বৰফ গলি সাগৰপৃষ্ঠৰ উচ্চতা বাঢ়িব। ফলত উপকূল অঞ্চলৰ প্রায় ৫ নিযুত বর্গকিলোমিটাৰ পৰিমাণৰ ভূমি জলমগ্ন হৈ পৰিব আৰু বহু লোক গৃহহীন হ’ব।

বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিয়ে মৰুভূমিৰ সৃষ্টি কৰাৰ সম্ভাৱনা অতি প্ৰকট হোৱাৰ লগতে মৰুভূমি অঞ্চলৰ প্ৰসাৰো ঘটাব। এইবিলাকৰ উপৰি বিভিন্ন অঞ্চলত বসবাস কৰা বিভিন্ন জীৱ-জন্তুৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা অধিক। 

33. স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ভাৰতীয় কংগ্ৰেছৰ কি কি পৰিবৰ্তন সংঘটিত হৈছিল চমুকৈ লিখা। 

উত্তৰঃ বংগ বিভাজনে সৃষ্টি কৰা স্বদেশী আন্দোলনৰ প্ৰভাৱ জাতীয় কংগ্ৰেছৰ ওপৰত পৰিছিল। উত্তপ্ত পৰিস্থিতিৰ মাজতে গোপালকৃষ্ণ গোখলেৰ সভাপতিত্বত জাতীয় কংগ্ৰেছৰ একবিংশতিতম অধিৱেশন বাৰাণসীত অনুষ্ঠিত হৈছিল। বংগদেশক পৰা এই অধিৱেশনত অংশগ্ৰহণ কৰা ৬৫০ জন ব্যক্তিয়ে তিনিটা প্রস্তাব উত্থাপন কৰিছিল।

(১) বংগ-বিচ্ছেদ বন্ধ কৰা।

(২) বিদেশী পণ্যবস্তু বৰ্জন কৰা।

(৩) ইংলেণ্ডৰ যুৱৰাজৰ (সপ্তম এডৱাৰ্ড) ভাৰত ভ্রমণৰ সময়ত আয়োজিত সকলো কাৰ্যসূচী ভাৰতীয়সকলে বৰ্জন কৰা।

ইয়াকে প্রথম দুটা প্ৰস্তাৱ সৰ্বসম্মতিক্রমে গৃহীত হৈছিল। কিন্তু তৃতীয় প্রস্তাৱক কেন্দ্ৰ কৰি বাক্‌-বিতণ্ডাৰ সূত্ৰপাত হৈছিল। কাৰণ জাতীয় কংগ্ৰেছৰ পূৰ্বৱৰ্তী অধিবেশনে যুৱৰাজৰ ভাৰত পদার্পণক স্বাগতম জনোৱাৰ লগতে অধিবেশন উপলক্ষে তেওঁৰ পদধূলা-বিচাৰি প্ৰস্তাৱহে গ্ৰহণ কৰিছিল। গতিকে উক্ত বিষয়টোক লৈ কংগ্ৰেছক প্রতিনিধিৰ মাজত মতভেদৰ সূত্ৰপাত হৈছিল। একে সময়তে বিপিনচন্দ্র পালে সভাপতি গোখলেক অনুনয়-বিনয় ত্যাগ কৰি কঠোৰ পন্থাৰে আৰু স্বদেশী চিন্তাৰে কংগ্ৰেছক আগুৱাই নিবলৈ সকীয়াই দিয়া ঘটনাক কেন্দ্ৰ কৰি কংগ্ৰেছত মতানৈক্যৰ সৃষ্টি হৈছিল। জাতীয় কংগ্ৰেছৰ ভিতৰচ’ৰাত উগ্র জাতীয়তাবাদী ইংৰাজবিৰোধী এটা শক্তিশালী গোটৰ আত্মপ্রকাশ ঘটিছিল। পিছলৈ এই গোটটো ‘চমপন্থী’ গোট নামেৰে জনাজাত হৈছিল আৰু ইয়াৰ বিপৰীত গোটটোৱে ‘নৰ্মপন্থী’ নাম পাইছিল।

১৯০৬ খ্ৰীষ্টাব্দৰ ২১ নৱেম্বৰ তাৰিখে জাতীয় কংগ্ৰেছৰ দ্বাবিংশতিতম অধিবেশন কলিকতাত অনুষ্ঠিত হৈছিল। বিপিনচন্দ্ৰ পালে সভাপতি পদৰ কাৰণে বাল গংগাধৰ তিলকৰ নামটো প্ৰস্তাৱ কৰিছিল। নমপন্থীসকলে আপত্তি দর্শোৱাত সভাপতি নির্বাচনক কেন্দ্ৰ কৰি দুয়োটা গোটৰ মাজত তীব্র মতবিৰোধৰ সৃষ্টি হয়। পিছত অৱশ্যে দুয়োটা গোটৰ পছন্দৰ ব্যক্তি দাদাভাই নৌৰজী সভাপতি নির্বাচিত হয়। নৌৰজীয়ে তেওঁৰ তেজস্বী ভাষণত বংগ বিচ্ছেদ চৰকাৰৰ এটা ভাৰতবিৰোধী চক্রান্ত বুলি উল্লেখ কৰে। তেওঁ সমগ্ৰ ভাৰতবাসীক বংগ ভংগৰ বিৰুদ্ধে স্বদেশী আন্দোলনৰ প্ৰতি সমর্থন জনাবলৈ আহ্বান জনায়। নৌৰজীৰ সভাপতিত্বত জাতীয় কংগ্ৰেছৰ মঞ্চত পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয়ৰ বাবে ‘স্বৰাজ’ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয়। বিদেশী পণ্য বর্জনৰ প্ৰস্তাৱ বিপুল ভোটত গৃহীত হয়। নৰমপন্থীসকলে ‘স্ববাজ’ প্ৰস্তাৱৰ প্ৰতি মুক্ত সঁহাৰি জনোৱা নাছিল। পৰৱৰ্তী নাগপুৰ অধিৱেশনত স্বৰাজ দাবী কৰা প্ৰস্তাৱটো বাতিল কৰাৰ সিদ্ধান্ত হৈছিল।

১৯০৭ খ্রীষ্টাব্দত জাতীয় কংগ্ৰেছৰ ত্ৰয়োবিংশতিতম অধিৱেশন চৰমপন্থী প্ৰভাৱিত এলেকা নাগপুৰত আয়োজিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও নমপন্থীসকলে এই অধিৱেশন চুৰাটলৈ (গুজৰাট) স্থানান্তৰ কৰে। অভ্যর্থনা সমিতিৰ সভাপতি ৰাসবিহাৰী বসুৰ ভাষণেৰে ২৬ ডিচেম্বৰত অধিৱেশন আৰম্ভ হৈছিল। স্বৰাজ সম্পর্কে গ্ৰহণ কৰা কলিকতা অধিৱেশনৰ প্ৰস্তাৱ আৰু বংগ বিভাজনৰ বিৰুদ্ধে গ্ৰহণ কৰা কংগ্ৰেছৰ স্থিতি সভাপতিৰ ভাষণত উল্লেখ কৰিবৰ বাবে তিলকে আগবঢ়োৱা পৰামৰ্শাৱলী নৰমপন্থীসকলে মানি লোৱা নাছিল। একেদৰে (মূল সভাখনৰ বাবে) সভাপতিৰ আসনত বহুৱাবলৈ চৰমপন্থী শিবিৰে দেখুৱাই দিয়া দুজন ব্যক্তিৰ ভিতৰত এজনকো নমপন্থীসকলে মানি নোলোৱাত (চৰমপন্থীৰ প্ৰাৰ্থী দুজন আছিল লালা লাজপত ৰয় আৰু অশ্বিনীকুমাৰ দত্ত) চৰমপন্থীসকলে অধিবেশথলী ত্যাগ কৰিছিল। জাতীয় কংগ্ৰেছ দুভাগত বিভক্ত হৈছিল। চমপন্থীসকলে অৰবিন্দ ঘোষক সভাপতি নির্বাচন কৰি কংগ্ৰেছৰ এটা সুকীয়া গোটৰ জন্ম দিছিল। এই সুকীয়া গোটে তেতিয়াৰ পৰা স্বদেশী আন্দোলনক চৰমপন্থী আদৰ্শেৰে আগুৱাই নিব বিচাৰিছিল। 

34. অসমৰ জল পৰিবহণৰ বিষয়ে এটি চমুটোকা লিখা।

উত্তৰঃ অসমৰ জল পৰিবহণ ব্যৱস্থা মূলতঃ আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা। অসম এখন নদী প্রধান ৰাজ্য। ভাৰতৰ মুঠ জলসম্পদৰ ৩২ শতাংশ জলসম্পদৰ অধিকাৰী ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইহঁতৰ অসংখ্য উপনৈ মিলি বিস্তৃত জলপথ সৃষ্টি কৰিছে। শদিয়াৰপৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ ৮৯১ কি.মি. নব্য জলপথ আৰু বৰাকৰ ১২১ কি.মি. নব্য জলপথ আছে। ব্ৰহ্মপুত্ৰৰ এই নব্য জলপথটো (৮৯১ কি.মি.) ১৯৮৮ চনত দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘোষণা কৰা হৈছিল। এই জলপথটোৱে অসমৰ লগত সমগ্ৰ উত্তৰ-পূব ভাৰতৰ অর্থনৈতিক উন্নয়নত অৰিহণা যোগাই আহিছে। আনহাতে, বৰাক নদীৰ লখিমপুৰৰপৰা ভাংগালৈ মুঠ ১২১ কি.মি. নব্য জলপথছোৱাক ভাৰত চৰকাৰে ২০১৩ চনত দেশৰ ষষ্ঠ ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিছে। এই জলপথেৰে চলাচল কৰা জাহাজৰ সহায়ত কম খৰচতে মাল-বস্তু পৰিবহণ কৰি সমগ্ৰ উত্তৰ-পূব ভাৰত বিশেষকৈ অসম, নাগালেণ্ড, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশৰ উন্নতি হ’ব বুলি আশা কৰা হৈছে। অসমত জলপৰিবহণ ব্যৱস্থাৰ উন্নতৰি হকে দুটা চৰকাৰী সংস্থাই প্রচেষ্টা চলাই আছে। এই সংস্থা দুটা হৈছে কেন্দ্রীয় আভ্যন্তৰীণ জলপৰিবহণ নিগম আৰু আভ্যন্তৰীণ জলপৰিবহণ সঞ্চালকালয়। এই সংস্থা দুটাৰ প্রধান দায়িত্ব হৈছে। জলপৰিবহণৰ ক্ষেত্ৰত জলসম্পদৰ উপযুক্ত ব্যৱহাৰ কৰা, সম্ভীয়া জলপৰিবহণৰ সহায়ত যাত্ৰী আৰু বয়বস্তু অনা-নিয়া কৰা, ব্যৱসায়িক ভিত্তিত অঞ্চলটোৰ জলপথসমূহ সঠিকভাবে ব্যৱহাৰ কৰা আদি। 

পাণ্ডুকে ধৰি ব্ৰহ্মপুত্ৰৰ কেইবাটাও সৰু-নদী বন্দৰ (River port) আছে। ইয়াৰ উপৰিও যাত্ৰী আৰু মাল-বস্তু কঢ়িয়াবলৈ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰত ৩০ যোৰতকৈও বেছি ফ্ৰেীঘাট আছে। বর্তমান সময়ত ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইহঁতৰ উপনৈবিলাকত আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ তিনিটা মণ্ডলত সৰ্বমুঠ ৯৬ খন ফেৰী চলি আছে। ইয়াৰ উপৰি ৰাজ্যখনৰ সুচল পথ পৰিবহণ নথকা ভিতৰুৱা অঞ্চলবিলাকক সামৰি যাত্ৰী আৰু বয়-বস্তু কঢ়িওৱাৰ বাবে বিভাগটোৱে ৬১ খন জাহাজ চলাচলৰ ব্যৱস্থা কৰিছে। তদুপৰি ব্যক্তিগত মালিকানাধীন ভালেমান ফেৰী সেৱা আৰু ভূটভূটী সেৱা আছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top