Niketan Class 8 Science Chapter 14 বিদ্যুৎ প্রবাহৰ ৰাসায়নিক ক্রিয়া

Niketan Class 8 Science Chapter 14 বিদ্যুৎ প্রবাহৰ ৰাসায়নিক ক্রিয়া is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Science Chapter 14 বিদ্যুৎ প্রবাহৰ ৰাসায়নিক ক্রিয়া and select need one.

Niketan Class 8 Science Chapter 14 বিদ্যুৎ প্রবাহৰ ৰাসায়নিক ক্রিয়া

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Science Chapter 14 বিদ্যুৎ প্রবাহৰ ৰাসায়নিক ক্রিয়া Solutions for All Subjects, You can practice these here…

বিদ্যুৎ প্রবাহৰ ৰাসায়নিক ক্রিয়া

Chapter – 14

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

১। খালী ঠাই পূৰ কৰা –

(ক) বিদ্যুৎ পৰিবহন কৰা বেছি ভাগ জুলীয়া পদার্থই —— ,—— , —— ৰ দ্ৰৱ ।

উত্তৰঃ এচিড, ক্ষাৰক, লৱনৰ ।  

(খ) দ্ৰৱ এটাৰ মাজেৰে প্ৰবাহিত হোৱা বিদ্যুতে —— ক্ৰিয়াৰ সৃষ্টি কৰে ৷

উত্তৰঃ ৰাসায়নিক । 

(গ) কপাৰ ছালফেট দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্রবাহিত কৰিলে বেটাৰীৰ —— মেৰুৰ লগত সংযোগ কৰা পাতৰ ওপৰত তামৰ প্ৰলেপ পৰিব।

উত্তৰ : ঋণাত্মক । 

(ঘ) বিদ্যুতৰ দ্বাৰা কোনো এবিধ বিচৰা ধাতুৰ লেপন আন এটা বস্তুৰ ওপৰত দিয়া কার্যক ——- বোলে ৷

উত্তৰঃ বিদ্যুৎ লেপন ।

২। যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা দ্ৰৱ এটাত ডুবাই দিয়া হয় তেতিয়া চুম্বক শলাই বিক্ষেপন দেখুৱায়। তুমি কাৰণটো ব্যাখ্যা কৰা।

উত্তৰঃ যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা দ্ৰব এটাত ডুবাই দিয়া হয়, টেষ্টাৰৰ মুক্ত মূৰ দুটাৰ মাজত খালী ঠাই খিনিৰে বিদ্যুৎ প্রবাহিত হোৱা কাৰণে চুম্বক শলাই বিক্ষেপন দেখুৱায় ৷

৩। তিনিবিধ জুলীয়া পদাৰ্থৰ নাম লিখা, যিবোৰ চিত্ৰত দেখুৱা ধৰণে পৰীক্ষা কৰিলে চৌম্বিক শলাৰ বিক্ষেপন ঘটিব পাৰে ।

উত্তৰঃ নিমখ পানী,  ভিনেগাৰ আৰু নলৰ পানী।

৪। চিত্ৰত দেখুওৱা ব্যৱস্থাত বাল্বটো জ্বলা নাই। সম্ভৱপৰ কাৰণবোৰ লিখা। তোমাৰ উত্তৰ ব্যাখ্যা কৰিবা।

উত্তৰঃ বাল্বটো নজ্বলাৰ সম্ভৱপৰ কাৰণ বোৰ হ’ল –

(ক) বর্তনীটোৰ সংযোগ ঠিকমতে টানকৈ লগা নাই।

  (খ) বাল্বটো ফিউজড্  হ’ব পাৰে।

(গ) বেটাৰীটোৰ কোষবোৰ শেষ হ’ব পাৰে ৷

(ঘ) পাত্ৰত থকা দ্ৰৱখিনি পতিত পানী হ’ব পাৰে।

৫। বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহন কৰেনে ? যদি নকৰে, তেন্তে ইয়াক পৰিবাহী কৰিবলৈ আমি কি কৰিব পাৰো ?

উত্তৰঃ বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহন নকৰে। ইয়াক পৰিবাহী কৰিবলৈ নিমখ মিহলাব পাৰো।

৬। অগ্নি কাণ্ডত অগ্নিনির্বাপক সকলে পানীৰ নল খোলাৰ আগতে সেই ঠাইখিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে। ইয়াৰ কাৰণ কি বুলি ভাবা ?

উত্তৰ: আমি জানো যে পানী বিদ্যুতৰ সুপৰিবাহী। গতিকে, সু-পৰিবাহীৰ মাজেৰে বিদ্যুত প্রবাহিত হয়। সেইবাবে অগ্নি নির্বাপক বাহিনীৰ পানীৰ নলেৰে ছটিওৱা পানীৰ দ্বাৰা যাতে ঠাইখিনিত বিদ্যুৎ প্রবাহিত নহয় সেই ঠাইখিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়া হয়।

৭। উপকূলীয় অঞ্চলত থকা এটি শিশুৱে তেওঁৰ টেষ্টাৰৰ সহায়তে খোৱা পানী আৰু সাগৰৰ পানী পৰীক্ষা কৰিলে। তেওঁ দেখিলে যে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক শলাৰ অধিক বিক্ষেপন হৈছে। কাৰণটো ব্যাখ্যা কৰা।

উত্তৰ: কাৰণ সাগৰৰ পানীত অধিক নিমখ থাকে। খোৱা পানীত যিহেতু নিমখ কম থাকে গতিকে খোৱা পানী বিদ্যুতৰ কু-পৰিবাহী।

 আনহাতে সাগৰৰ পানীত অধিক নিমখ থাকে বাবে সাগৰৰ নিমখ মিহলি পানী বিদ্যুত ৰসু-পৰিবাহী। সেইবাবে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক শলাৰ অধিক বিক্ষেপণ পৰিলক্ষিত হয়।

৮। ধাৰাসাৰ বৰষুণৰ সময়ত বিজুলী মিস্ত্ৰী এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতিৰ কাম কৰাটো তেওঁৰ বাবে নিৰাপদনে ? কাৰণ দৰ্শোৱা।

উত্তৰ: নহয় । ধাৰাসাৰ বৰষুণৰ সময়ত বাহিৰত বিদ্যুৎ পৃষ্ট হোৱাৰ অধিক সম্ভাৱনা থাকে। বৰষুণৰ পানীত লৱণ বা নিমখ মিহলি হৈ থাকে বাবে বৰষুণৰ পানী বিদ্যুতৰ সু-পৰিবাহী, যাৰ বাবে বৰষুণৰ পানীয়ে বিদ্যুৎ পৰিবহন কৰে ৷

৯। তোমাৰ চাৰিও ফালৰ বিদ্যুৎ লেপন বিশিষ্ট বস্তুবোৰৰ এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰ: আমাৰ চাৰিওফালৰ বিদ্যুৎ লেপন বিশিষ্ট বস্তুবোৰ হ’ল গাড়ীৰ যন্ত্রাংশ, বাথৰুমৰ নল, পাক ঘৰৰ গেছ বাৰ্ণাৰ, চাইকেলৰ হেণ্ডেল, চকাৰ ৰিং ইত্যাদি।

১০। পানীত কপাৰ ছালফেট মিহলালে কিয় বিদ্যুৎ পৰিবাহী হয় ?

উত্তৰ : পানীত কপাৰ ছালফেট মিহলালে কপাৰ ছালফেট অণু ভাঙি দুটা বৈদ্যুতিক ভাৱে আহিত আয়ন লৈ পৰিবৰ্তিত হয়। ইয়াৰে এটা আয়ন তাম। ই ধনাত্মকভাৱে আহিত । আনটো আয়ন ছালফেট। ই ঋণাত্মকভাৱে আহিত । সেইবাবে কপাৰ ছালফেট দ্ৰৱ বিদ্যুৎপৰিবাহী হয়।

১১। এটা বর্তনী চিত্র আঁকি কপাৰ ছালফেটৰ দ্ৰৱৰ মাজেৰে চালিত আয়নৰ দিশ দেখুওৱা ।

উত্তৰ:

১২। তড়িৎ লেপন কি ?

উত্তৰ : বিদ্যুৎ বিশ্লেষ্য তলত দুডাল ধাতুৰ দণ্ড আংশিকভাৱে ডুবাই ৰাখি দণ্ডদুডালৰ ওলাই থকা মুৰ দুটা বিদ্যুৎ কোষ এটাৰ মেৰু দুটাৰ লগত সংযোগ কৰিলে তলৰ মাজেদি বিদ্যুৎ প্রবাহিত হয়। বিদ্যুৎ প্রবাহৰ সময়ত ধনাত্মকভাৱে আহিত আয়ন ঋণাত্মকভাৱে আহিত ধাতুৰ পাত খনত জমা হয়। ইয়েই হ’ল তড়িৎলেপন ।

১৩। এখন লোৰ চামুচত তামৰ প্ৰলেপ দিব লাগে। এই প্রলেপ কেনেকৈ দিব পাৰি বৰ্তনী চিত্ৰৰে দেখুওৱা

উত্তৰ:

১৪। বিদ্যুত বিশ্লেষ্য তৰল কাক বোলে ? এনে তৰলৰ মাজেদি বিদ্যুত প্রবাহ কেনেদৰে চালিত হয় ।

উত্তৰঃ যিবোৰ তৰলৰ মাজেদি বিদ্যুত প্রবাহ চালিত হয় সেইবোৰ তৰলক বিদ্যুত বিশ্লেষ্য তলৰ বোলে।

এনে তৰলৰ মাজেদি বিদ্যুত প্রবাহ চালিত কি দৰে হয়, তাক এটা পৰীক্ষাত উল্লেখ কৰা হ’ল – এটা কাঁচৰ পাত্ৰত কপাৰ ছালফেট দ্ৰৱ লোৱা হ’ল ৷ দুখন লোৰ পাত ভালদৰে পৰিষ্কাৰ কৰি লৈ এই দ্ৰৱত আংশিকভাৱে ডুবাই ৰখা হ’ল। তাৰ পিছত এটা বিদ্যুৎ কোষৰ মেৰু দুটাৰ লগত পৰিবাহী তাঁৰৰ সহায়েৰে পাত দুখন সংযোগ কৰা হ’ল। কিছু সময়ৰ পিছত পাত দুখন উলিয়াই অনাত দেখা গ’ল যে যিখন পাত বিদ্যুৎ কোষৰ ঋণাত্মক মেৰুৰ লগত সংযোগ কৰা হৈছিল তাৰ ওপৰত তামৰ ৰঙচুৱা প্ৰলেপ পৰিছে। ইয়েই প্রমাণ কৰে যে বিদ্যৎ বিশ্লেষ্য তৰলৰ  (ক’পাৰ চালফেট ) মাজেদি বিদ্যুৎ প্রবাহ চালিত হৈছে আৰু কপাৰ আৰু ছালফেট আয়ন পৃথক হৈ পৰিছে।

১৫। বিদ্যুৎ লেপন কাক বোলে ? এই পদ্ধতিৰে ধাতুৰ পাত এখনৰ ওপৰত ৰূপৰ প্ৰলেপ কেনেদৰে দিব পাৰি ব্যাখ্যা কৰা ।

উত্তৰ: তৰলৰ মাজেদি বিদ্যুৎ প্রবাহ চালিত কৰি কোনো ধাতুৰ পাতত অন্য পদাৰ্থৰ প্ৰলেপ দিয়া পদ্ধতিটোক বিদ্যুত লেপন বোলে। 

 এই পদ্ধতিৰে কোনো ধাতুৰ পাত এখনৰ ওপৰত ৰূপৰ প্ৰলেপ দিব পাৰি ৷ তাৰ বাবে ,ছিলভাৰ থকা দ্রব এটাত যিকোনো ধাতুৰ পাত দুখন পৰিষ্কাৰ কৰিলৈ আংশিকভাৱে ডুবাই ৰখা হ’ল। তাৰ পিছত এটা বিদ্যুৎ কোষৰ মেৰু দুটাৰ লগত পৰিবাহী তাঁৰৰ সহায়েৰে পাত দুখন সংযোগ কৰা হ’ল। কিছুসময়ৰ পিছত পাত দুখন উলিয়াই অনাত দেখা গ’ল যে এখন পাতৰ ওপৰত ৰূপৰ বগা ৰঙৰ প্ৰলেপ পৰিছে। এনেদৰেই ধাতুৰ পাতত ৰূপৰ বিদ্যুৎ লেপন দিয়া হয়।

অতিৰিক্ত প্রশ্নোত্তৰ

১। বিদ্যুতৰ ৰাসায়নিক ক্রিয়া কাক বোলে ?

উত্তৰ: পৰিবাহী জুলীয়া পদাৰ্থত বিদ্যুতে ৰাসায়নিক ক্রিয়া সংঘটিত কৰে। লব্ধ ফলাফলবোৰকে বিদ্যুতৰ ৰাসায়নিক ক্রিয়া বোলে।

২। কেনেধৰণৰ তলৰ মাজেদি বিদ্যুত প্রবাহ হ’ব পাৰে ?

উত্তৰঃ যিবোৰ তৰল পদাৰ্থৰ ধনাত্মক আৰু ঋণাত্মকভাৱে আহিত তেনে ধৰণৰ তৰলৰ মাজেদি বিদ্যুত প্রবাহ হ’ব পাৰে। 

৩। লো সহজে ক্ষয় যায় আৰু মামৰে ধৰে। গতিকে ক্ষয়ৰোধ আৰু মামৰে ধৰাৰ পৰা বচাবলৈ ইয়াৰ ওপৰত কিহৰ প্ৰলেপ দিয়া হয় ৷

উত্তৰ: দস্তাৰ লেপন।

৪। তলত কিছুমান পদাৰ্থৰ নাম দিয়া হ’ল – তাৰ পৰা বিদ্যুতৰ পৰিবাহী আৰু অপৰিবাহী বাচি উলিওৱা  –

সংকৰ ধাতু, জীৱ-জন্তুৰ দেহ, শুকান কাঠ, ৰবৰ, মাটি, কাঁচ, নেমুৰ ৰস, ইব’নাইট, ভিনেগাৰ, পতিত পানী, নলৰ পানী, গাখীৰ ৷

উত্তৰ: বিদ্যুতৰ পৰিবাহী পদাৰ্থসমূহ হ’ল – সংকৰ ধাতু, জীৱ-জন্তুৰ দেহ, মাটি, নেমুৰ ৰস, ভিনেগাৰ, নলৰ পানী, গাখীৰ। বিদ্যুতৰ অপৰিবাহী পদাৰ্থসমূহ হ’ল – শুকান কাঠ, ৰবৰ, কাঁচ, ইব’নাইট, পাতিত পানী।

৫। ‘A’ আৰু ‘B’ বুলি চিহ্নিত দুটা জুলীয়া পদাৰ্থৰ পৰিবাহিতা পৰীক্ষা কৰিবলৈ এটা টেষ্টাৰ ব্যৱহাৰ কৰা হৈছে। দেখা গ’ল যে জুলীয়া পদাৰ্থ ‘A’ ৰ ক্ষেত্ৰত বাল্বটো উজ্জ্বলকৈ জ্বলিছে, আনহাতে, ‘B’ ৰ ক্ষেত্ৰত ই নিষ্প্রভ। তুমি সিদ্ধান্ত ল’বা যে –

(ক) জুলীয়া পদাৰ্থ ‘B’ তকৈ জুলীয়া পদাৰ্থ ‘A’ উন্নত পৰিবাহী।

(খ) জুলীয়া পদার্থ ‘A’ তকৈ জুলীয়া পদার্থ ‘B’ উন্নত পৰিবাহী।

(গ) দুয়োটা জুলীয়া পদাৰ্থ সমভাৱে পৰিবাহী।

(ঘ) জুলীয়া পদাৰ্থৰ পৰিবাহী গুণ এনেদৰে তুলনা কৰিব নোৱাৰি।

উত্তৰঃ (ক) জুলীয়া পদার্থ ‘B’ তকৈ জুলীয় পদাৰ্থ ‘A’ উন্নত পৰিবাহী।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top