Niketan Class 8 Assamese Chapter 15 অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী

Niketan Class 8 Assamese Chapter 15 অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Assamese Chapter 15 অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী and select need one.

Niketan Class 8 Assamese Chapter 15 অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Assamese Chapter 15 অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী Solutions for All Subjects, You can practice these here…

অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী

Chapter – 15

ASSAMESE

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


ক্ৰিয়া-কলাপ

প্ৰশ্ন ১: চমু উত্তৰ দিয়া –

( ক ) চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল ? 

উত্তৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম দৈশিঙ্গৰী গাৱত ১৯০১ চনত জন্ম হৈছিল । 

( খ ) চন্দ্ৰপ্ৰভাৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল ? 

উত্তৰঃ চন্দ্রপ্রভাৰ পিতৃৰ নাম আছিল ৰাতিম মজুমদাৰ আৰু মাতৃৰ নাম গংগাপ্রিয়া মজুমদাৰ ।

( গ ) চন্দ্ৰপ্ৰভাৰ কেইগৰাকী বাই – ভনী আছিল আৰু তেওঁলােকৰ জীৱনৰ লক্ষ্য কি আছিল ?

উত্তৰঃ চন্দ্ৰপ্ৰভাৰ ৰামেশ্বৰী নামৰ একেগৰাকী ভনীয়েক আছিল । চন্দ্ৰপ্ৰভাৰ জীৱনৰ লক্ষ্য আছিল দেশসেৱিকা হােৱা আৰু ৰামেশ্বৰীৰ লক্ষ্য আছিল ডাক্তৰণী হােৱা । 

( ঘ ) চন্দ্রপ্রভাহঁতে প্রাইমাৰী স্কুলত পঢ়িবলৈ ক’লৈ যাবলগীয়া হৈছিল ? 

উত্তৰঃ ভালুকমাৰী গাঁৱৰ মাহীয়েকৰ ঘৰলৈ যাবলগীয়া হৈছিল । 

( ঙ ) অসমত সহ – শিক্ষাৰ কোনে পাতনি মেলিছিল ? 

উত্তৰঃ চন্দ্রপ্রভা আৰু তেওঁৰ ভনীয়েক ৰামেশ্বৰীয়ে ( ৰজনী প্রভা ) অসমত সহ শিক্ষাৰ পাতনি মেলিছিল । 

( চ ) চন্দ্ৰপ্ৰভাৰ পূৰ্বৰ নাম কি আছিল ?

উত্তৰঃ চন্দ্ৰপ্ৰভাৰ পূৰ্বৰ নাম আছিল চন্দ্রপ্রিয়া ।

( ছ ) কোনে চন্দ্রপ্রভাক নগাঁৱৰ মিছ স্কুলত পঢ়াৰ সুবিধা কৰি দিছিল ? 

উত্তৰঃ সেই সময়ৰ স্কুলৰ উপ – পৰিদৰ্শক নীলকান্ত বৰুৱাই সুবিধা কৰি দিছিল । 

( জ ) ১৯১৮ চনত তেজপুৰত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনৰ বছৰেকীয়া অধিৱেশনৰ সভাপতি কোন আছিল ? 

উত্তৰঃ ১৯১৮ চনত তেজপুৰত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনৰ বছৰেকীয়া অধিৱেশনৰ সভাপতি  আচার্য প্রফুল্ল চন্দ্ৰ ৰায় আছিল । 

( ঝ ) সাহিত্য সভাৰ কোনগৰাকী সভাপতিয়ে চন্দ্রপ্রভাক মহিলা সংগঠন এটা গঢ়ি তুলিবলৈ আহ্বান জনাইছিল ? 

উত্তৰঃ সাহিত্য সভাৰ ধুবুৰী অধিৱেশনৰ সভাপতি বেণুধৰ ৰাজখােৱাই মহিলা সংগঠন এটা গঢ়ি তুলিবলৈ আহ্বান জনাইছিল ।

( ঞ ) চন্দ্ৰপ্ৰভাই সম্পাদনা কৰা আলােচনী খনৰ নাম কি আছিল ? 

উত্তৰঃ চন্দ্ৰপ্ৰভাই সম্পাদনা কৰা আলােচনী খনৰ নাম হ’ল অভিযাত্রী ।

( ট ) প্রথম অসমীয়া মহিলা ডাক্তৰণী কোন ?

উত্তৰঃ প্রথম অসমীয়া মহিলা ডাক্তৰণী হ’লৰ- জনীপ্রভা মজুমদাৰ ।

প্রশ্ন ২: পাঠটিৰ আধাৰত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ব্যক্তিত্বৰ চমু আভাস দিয়া। 

উত্তৰঃ অসমৰ এখন অতি পিছপৰা গাঁৱত জন্ম লাভ কৰা চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নিজৰ প্রতিভা আৰু ব্যক্তিত্বৰ গুণত সামাজিক , ৰাজনৈতিক , অর্থনৈতিক আদি সকলাে দিশতে নিজৰ অধিকাৰ সাব্যস্ত কৰি উদ্ভাসিত হৈ উঠিছিল । স্বাধীনচিতীয়া , দৃঢ়মনা চন্দ্রপ্রভা আছিল একাধাৰে — এগৰাকী আদর্শবান শিক্ষয়িত্রী , দেশসেৱিকা , বিপ্লৱী , নাৰীমুক্তিৰ প্ৰবক্তা , সুবক্তা আৰু লেখিকা। নিজৰ লক্ষ্যত উপনীত হােৱাৰ ক্ষেত্ৰত কোনাে ধৰণৰ বাধাৰ ওচৰত হাৰ নমনা চন্দ্ৰপ্ৰভাৰ মনৰ দৃঢ়তাৰ উমান পােৱা যায় । এম . ভিস্কুলত ল’ৰাৰ স’তে সহ – শিক্ষা গ্রহণ কৰা কথাটোতে , যিটো কথা সেইসময়ত প্রায় অকল্পনীয় আছিল।নগাঁৱৰ মিছ স্কুলৰ অধ্যক্ষৰ অন্যায় কাৰ্যৰ বিৰুদ্ধে প্রতিবাদ কৰা কথাটোৰ মাজত ফুলকুমলীয়া অৱস্থাতে তেওঁৰ বিপ্লৱী সত্বাৰ ঘূৰণ ঘটা দেখিবলৈ পােৱা যায় । সৰু কালতে দেশসেৱিকা হােৱাৰ লক্ষ্য স্থিৰ কৰি লােৱা চন্দ্ৰপ্ৰভাই মহাত্মাগান্ধীৰ সান্নিধ্য পােৱাৰ পিছতে দেশ সেৱাত একান্তভাৱে নামি পাৰিছিল । তেওঁ এগৰাকী ভাল লেখিকাও আছিল । ‘ অভিযাত্রী ’ নামৰ আলােচনী এখন তেওঁ সম্পাদনাও কৰিছিল। 

কিন্তু সর্বান্তঃ কৰণে মহিলাৰ উন্নতি বিচৰা চন্দ্ৰপ্ৰভাই নাৰীমুক্তিৰ কামত অহৰহ লাগি থাকোতে তেওঁৰ সাহিত্য – চৰ্চাৰ দিশতাে বাদ পৰি গৈছিল। চন্দ্ৰপ্ৰভাই বিভিন্ন সভা – সমিতিত প্ৰদান কৰা সাৰ গৰ্ভ আৰু তেজস্বী বক্তৃতাৰ জৰিয়তে এগৰাকী সুবক্তা হিচাপেও পৰিচিতি লাভ কৰিছিল। অনন্য ব্যক্তিত্বৰ অধিকাৰী চন্দ্ৰপ্ৰভা শইকীয়ানী কংগ্ৰেছৰ এগৰাকী নিঃস্বার্থ কর্মী আছিল । ১৯২৬ চনত গুৱাহাটীত অনুষ্ঠিত কংগ্ৰেছৰ অধিবেশনলৈ যােৱাৰ বাবে শিক্ষা বিভাগ কর্তৃপক্ষই তেওঁক স্কুলৰ পৰা ছুটী নিদিয়াত তেওঁ প্রধান শিক্ষয়িত্ৰীৰ চাকৰি ত্যাগ কৰি অধিৱেশনত যােগ দিছিলগৈ । তেওঁৰ জীৱন আৰু কৰ্মৰাজি অসমৰ ইতিহাসৰ এক আদৰণীয় অধ্যায় হৈ ৰব । 

প্রশ্ন ৩: “ চন্দ্ৰপ্ৰভাৰ বিপ্লবী প্রাণত বিপ্লৱৰ জোৱাৰ উঠিল । ” — ইয়াত কি বিপ্লৱৰ জোঁৱাৰ উঠাৰ কথা কোৱা হৈছে । 

উত্তৰঃ চন্দ্রপ্রভা নগাঁৱৰ মিছ স্কুলত পঢ়ি থকা সময়ৰ কথা । সেই সময়ত এনেবােৰ স্কুলত ধর্মান্তৰ কৰাৰ প্রথা জোৰেৰে প্ৰচলিত আছিল । এজনী ছােৱালীক খৃষ্টান ধৰ্মলৈ ধর্মান্তৰ কৰা হৈছিল । স্কুলৰ অধ্যক্ষৰ কথামতে ধর্মান্তৰ গ্ৰহণ কৰিবলৈ অনিচ্ছা প্রকাশ কৰা নিৰাশ্রয়া ছােৱালীক এটা কোঠাত থাকিবলৈ দি কষ্ট দিবলৈ ধৰিলে । এই কথাটো চন্দ্ৰপ্ৰভাৰ সহ্য নহ’ল । তেওঁ নিজে নেতৃত্ব লৈ স্কুলৰ ছােৱালীবােৰক লগ লগাই এই অন্যায় কার্যৰ প্রতিবাদ কৰিলে । 

শেষত স্কুলৰ অধ্যক্ষই এই প্রতিবাদৰ ওচৰত সেও মানি ছাত্রীসকলৰ দাবীসমূহ মানি ল’লে । ফুলকুমলীয়া বয়সৰ ছাত্ৰী হৈ থকা অৱস্থাতে চন্দ্ৰপ্ৰভাই এই যে অন্যায়ৰ বিৰুদ্ধে গজি উঠাৰ সাহস আৰু মানসিক দৃঢ়তা দেখুৱালে তাকে “ চন্দ্ৰপ্ৰভাৰ বিপ্লৱী প্রাণত বিপ্লৱৰ জোৱাৰ উঠিল ” বুলি কোৱা হৈছে । 

প্ৰশ্ন ৪: নাৰীৰ শিক্ষা আৰু নাৰীৰ অধিকাৰৰ বাবে চন্দ্রপ্রভা শইকীয়ানীয়ে কেনেধৰণৰ ভূমিকা পালন কৰিছিল তােমাৰ ভাষাত লিখা। 

উত্তৰঃ চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নাৰীৰ শিক্ষা নাৰীৰ অধিকাৰ তথা নাৰীমুক্তিৰ কাৰণে জীৱনৰ সর্বস্ব ত্যাগ কৰিছিল । নাৰীৰ প্ৰতি কৰা অন্যায় – অবিচাৰ চন্দ্ৰপ্ৰভাৰ বিপ্লৱী সত্তাই সহ্য কৰিব নােৱাৰিছিল । য’তেই তেওঁ এনেকু কার্য দেখিছিল , তাতেই তেওঁ প্রতিবাদ কৰিছিল । ১৯২৫ চনত নগাঁৱত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনতে এনেকুৱা ঘটনা এটি ঘটিছিল । সেই অধিবেশনলৈ বিশিষ্ট অতিথি ৰূপে আমন্ত্রিত চন্দ্ৰপ্ৰভাই নির্দিষ্ট আসনৰ পৰা সন্মুখত বাঁহৰ চিৰ আগত বহা মহিলা দর্শকসকলক দেখি মঞ্চত থিয় হৈ তেওঁ এনে ব্যৱস্থাৰ তীব্র প্রতিবাদ জনাইছিল । নাৰীৰ অধিকাৰৰ স্বাৰ্থত কেইগৰাকীমান 

প্রগতিশীল মহিলাৰ সহযােগত তেওঁ এটি মহিলা সংগঠনো গঢ়ি তুলিছিল।তেওঁৰ সম্পাদনাত ওলােৱা ‘অভিযাত্রী’য়ে অসমত নাৰী – 

জাগৰণত ইন্ধন যােগােৱাৰ উপৰিও বহুতাে সু – লেখিকা গঢ় দিয়াত সহায় কৰে । চন্দ্ৰপ্ৰভাই তেজপুৰৰ ছােৱালী মজলীয়া স্কুলৰ প্রধান শিক্ষয়িত্ৰীৰ চাকৰি এৰি নিজ ঘৰলৈ উভতি অহাৰ পিছত নাৰী শিক্ষা আৰু নাৰীৰ অধিকাৰৰ বিষয়ে গাঁৱে – ভূঞে প্ৰচাৰ কৰি ফুৰিছিল । ওপৰৰ কথাবােৰৰ পৰা বুজা যায় অসমৰ অগ্নিকন্যা স্বৰূপ চন্দ্রপ্রভা শইকীয়ানীয়ে নাৰীৰ শিক্ষা আৰু নাৰীৰ অধিকাৰ বাবে যথেষ্ট কাম কৰিছিল । 

প্রশ্ন ৫: ব্যাখ্যা কৰা –

( ক ) সকলাে ত্যাগ কৰিবা — কিন্তু অধিকাৰ ত্যাগ নকৰিবা । 

উত্তৰঃ কথাফাকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট , লক্ষ্যধৰ চৌধুৰীদেৱে লিখা “ অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়ানী ” নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে । 

মানুহে যে নিজৰ অধিকাৰ সম্বন্ধে সচেতন হােৱা উচিত , সেই কথাটোকে লিখকে আমাক উক্ত বাক্যটিৰ মাজেৰে কৈছে । 

সামাজিক , ৰাজনৈতিক , অর্থনৈতিক , শৈক্ষিক , ধর্মীয় আদি বিভিন্ন ক্ষেত্ৰত মানুহৰ নিজ নিজ অধিকাৰ থাকে । এই অধিকাৰবােৰৰ প্রতি মানুহ সচেতন হােৱা দৰকাৰ । মানুহে এই অধিকাৰ ত্যাগ কৰিলে বা কোনােবাই তেওঁৰ অধিকাৰ খর্ব কৰিলে মানুহজনে ইয়াৰ কুফল ভােগ কৰিবলগীয়া হয় । সামাজিক অধিকাৰ নােহােৱা হ’লে সমাজত মানুহৰ অস্তিত্বই বিপন্ন হৈ পৰে । শৈক্ষিক অধিকাৰ হেৰুৱালে মানুহৰ জীৱন অজ্ঞানতাৰ অন্ধকাৰত নিমজ্জিত হ’ব । অন্যান্য অধিকাৰ নােহােৱা হ’লেও মানুহে নিশ্চিতভাৱে তাৰ কু – ফল ভােগ কৰিব লাগিব । সেয়েহে

লিখকে সকলাে ত্যাগ কৰিলেও অধিকাৰ ত্যাগ নকৰিবলৈ সকলােকে সকিয়াই দিছে । 

( খ ) সেইসন্মিলনত চন্দ্ৰপ্ৰভাই নির্দিষ্ট আসনৰ পৰা সন্মুখত বাঁহৰ চিকৰ আগত বহা মহিলা দর্শকসকলক দেখি গুজৰি উঠিল । 

উত্তৰঃ কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তর্ভুক্ত লক্ষ্যধৰ চৌধুৰীদেৱে লিখা “ অগ্নিকন্যা চন্দ্রপ্রভা শইকীয়ানী ” নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে । 

বাক্যটিৰ মাজেৰে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ প্রতিবাদী তথা বিপ্লৱী মানসিকতাৰ প্রকাশ পাইছে । 

চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নাৰীশিক্ষা , নাৰী – অধিকাৰ – তথা নাৰীযুক্তিৰ নামত সর্বস্ব ত্যাগ কৰিছিল । নাৰীৰ প্ৰতি কৰা অন্যায় , অবিচাৰ তেওঁৰ বিপ্লৱী মনে কেতিয়াও গ্ৰহণ কৰিব নােৱাৰিছিল। য’তেই তেওঁ এইবােৰ হােৱা দেখিছিল , তাতেই তেওঁ প্রতিবাদ মুখৰ হৈ উঠিছিল । ১৯২৫ চনত নগাঁৱত অনুষ্ঠিত অসম সাহিত্য সভাৰ বছৰেকীয়া অধিবেশনত তেনেকুৱা ঘটনা এটাই ঘটিছিল । সেই অধিৱেশনত মহিলা দর্শকসকলক মঞ্চৰ সন্মুখত বাঁহৰ চিকৰ আগত বহিবলৈ দিয়া হৈছিল । অধিবেশন খনলৈ চন্দ্রপ্রভা শইকীয়ানীয়ে বিশিষ্ট অতিথিৰূপে নিমন্ত্রিত হৈ গৈছিল । মঞ্চৰ নির্দিষ্ট আসনৰ পৰা মঞ্চৰ সন্মুখত বাঁহৰ চিকৰ আগত বহি থকা মহিলা দর্শকসকলক দেখি চন্দ্ৰপ্ৰভাৰ বিপ্লৱী তেজে পিপিৰাই উঠিল আৰু লগে লগে তেওঁ মঞ্চত থিয় হৈ এনে ৱস্থাৰ তীব্র প্রতিবাদ জনালে । 

প্রশ্ন ৬: খালী ঠাই পূৰ কৰা –

( ক ) সকলো ত্যাগ কৰিবা কিন্তু __ ত্যাগ নকৰিবা । 

উত্তৰঃ সকলাে ত্যাগ কৰিবা কিন্তু অধিকাৰ ত্যাগ নকৰিবা । 

( খ ) নগাঁৱৰ মিছ স্কুলতেই চন্দ্রপ্রিয়া __ নামেৰে আৰু ৰামেশ্বৰী ____ নামেৰে পৰিচিত হয় । 

উত্তৰঃ নগাঁৱৰ মিছ স্কুলতেই চন্দ্রপ্রিয়া চন্দ্রপ্রভা নামেৰে আৰু ৰামেশ্বৰী ৰজনীপ্রভা নামেৰে পৰিচিত হয় । 

( গ ) ___ চনত ছয়দুৱাৰত চন্দ্ৰপ্ৰভাৰ সভানেত্রীত্বত ৰায়ত মহিলা সমাৰোহ অনুষ্ঠিত হৈছিল ।

উত্তৰঃ ১৯২১ চনত ছয়দুৱাৰত চন্দ্ৰপ্ৰভাৰ সভানেত্রীত্বত ৰায়ত মহিলা সমাৰােহ অনুষ্ঠিত হৈছিল । 

( ঘ ) চন্দ্ৰপ্ৰভাৰ সম্পাদনাত ওলােৱা ____ য়ে অসমৰ নাৰী জাগৰণত ইন্ধন যােগােৱাৰ উপৰিও বহুতাে সু – লেখিকা গঢ় দিয়াত সহায় কৰে । 

উত্তৰঃ চন্দ্ৰপ্ৰভাৰ সম্পাদনাত ওলােৱা অভিযাত্রীয়ে অসমৰ নাৰী জাগৰণত ইন্ধন । যােগােৱাৰ উপৰিও বহুতাে সু – লেখিকা গঢ় দিয়াত সহায় কৰে । 

প্রশ্ন ৭: বিপৰীত শব্দ লিখা — 

        গৌৰৱ , উত্তীর্ণ , অনিচ্ছা , এলাগী , মুক্তি , তীব্র , ত্যাগ 

উত্তৰঃ   গৌৰৱ    –   বদনাম , অপযশ , দুর্নাম । 

           উত্তীর্ণ     –   অনুত্তীর্ণ । 

           অনিচ্ছা   –   ইচ্ছা ।

           এলাগী    –   লাহী, ঘাই । 

            মুক্তি      –   বান্ধোন ।

            তীব্র       –   ধীৰ, লাহে লাহে । 

            ত্যাগ      –   গ্রহণ । 

প্রশ্ন ৮: ভাৱ সম্প্রসাৰণ কৰা –

( ক ) গুণীয়েহে গুণীৰ মােল বুজে ।

উত্তৰঃ সজ গুণৰ অধিকাৰী লােকে সদায় আনৰ গুণকো আদৰ কৰে । সমাজত বিভিন্ন গুণ সম্পন্ন মানুহ থাকে ; সকলাে মানুহ একে গুণ সম্পন্ন নহয় আৰু একেজন মানুহৰ গাত বিভিন্ন গুণ থাকিব পাৰে । গুণ মানুহৰ স্ব – অর্জিত । শিক্ষা , কৃষি , উদ্যোগ , অভিনয় , শিল্পকলা , সমাজসেৱা, ৰাজনীতি ইত্যাদি যি ক্ষেত্রতে জড়িত নহওঁক কিয় , নিজ কর্মক্ষেত্ৰত মানুহৰ গুণৰ প্রকাশ ঘটে । যি নিজে কোনাে গুণৰ অধিকাৰী হয় , তেওঁ আনৰ গুণৰ মূল্য বুজি পায় আৰু গুণী লােকক আদৰ – শ্রদ্ধা কৰে । এই ক্ষেত্ৰত তেওঁ মানুহৰ সামাজিক অৱস্থা , অর্থনৈতিক অৱস্থা বা জাত – পাত আদিৰ বিচাৰ নকৰে । কিন্তু সি নিজে কোনাে গুণৰ অধিকাৰী নহয় , তেওঁ আনৰ গুণৰ মােল বুজি নাপায় আৰু গুণী লােকৰ প্রতি তেওঁৰ আদৰ শ্ৰদ্ধাও নাথাকে । সেয়েহে , গুণীয়েহে গুণৰ মােল বুজি পায় বুলি কোৱা হয় । 

( খ ) বিদ্যাই পৰম বন্ধু ।

উত্তৰঃ বিদ্যাক পৰম বন্ধু অর্থাৎ শ্রেষ্ঠ বন্ধু বুলি কোৱা হয় । বিদ্যা অর্জন কৰিলে ই মানুহৰ লগ নেৰে , পৰম বন্ধুৰ দৰে ই মানুহৰ লগত থাকে । কোনাে বন্ধু লগত নহ’লেও বিদ্যাৰ সহায়ত কোনাে অসুবিধা নােহােৱাকৈ দেশ – বিদেশ ঘুৰিব পাৰে । বিদ্যাই মানুহৰ জীৱনৰ বাট মােকলাই দিয়ে । বিদ্বানলােকে বিদ্যাৰ বলতে আপদ বিপদ বা দুর্যোগত নিজকে বচাব পাৰে । এই ক্ষেত্ৰত বিদ্যাই তেওঁক পৰম বন্ধুৰ দৰে সহায় 

কৰে । বিদ্যা থাকিলে যিকোনাে ঠাইতে সম্মান পােৱা যায় , বন্ধু পােৱা যায় । কিন্তু বিদ্যাহীন মানুহ বন্ধুহীন মানুহৰ দৰে । নিজৰ বিদ্যা নাথাকিলে কিছুমান পৰিস্থিতিত মানুহৰ অসহায় অৱস্থাত পৰিবলগীয়া হয় । সেয়েহে বিদ্যাই পৰম বন্ধু বুলি মানুহে কয় । 

ভাষা-বিচাৰ

প্ৰশ্ন ১: শব্দার্থ লিখাঃ 

         গৌৰৱ , কাপুৰুষালি , প্রয়াস , স্বনামধন্য , উদ্ভাসিত , মহীয়সী , তাহানি 

উত্তৰঃ গৌৰৱ          –        সন্মান , মর্যাদা , মান্য । 

         কাপুৰুষালি     –        ভয়াতুৰ মানুহৰ কাম , নীচকর্ম । 

         প্রয়াস           –        চেষ্টা , যত্ন , পৰিশ্ৰম । 

         স্বনামধন্য      –        নিজ নামেৰেই প্রসংসনীয় বা খ্যাত । 

         উদ্ভাসিত       –        দীপ্ত , প্রকাশিত । 

         মহীয়সী        –        অতি মহৎ , অতিশয় মহান গুণৰ মহিমা । 

         তাহানি         –        পূর্ব কালত , আগৰ দিনত ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top