Niketan Class 6 Assamese Chapter 9 বৰষুণ

Niketan Class 6 Assamese Chapter 9 বৰষুণ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Assamese Chapter 9 বৰষুণ and select need one.

Niketan Class 6 Assamese Chapter 9 বৰষুণ

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Assamese Chapter 9 বৰষুণ Solutions for All Subjects, You can practice these here.

বৰষুণ

Chapter – 9

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। শব্দ – অর্থ 

শব্দঅর্থ 
খৰাংশুকান , বৰষুণ নােহােৱা , নীৰস
খৰালি কালযি সময়ত বৰষুণ নহয় , চাৰিওফাল শুকান
তৰাংঅগভীৰ , বাম
আলেখ লেখৰেহ – ৰূপ , গােপনে চল চোৱা গতিগােত্র 
আমনিবেজাৰ , বিৰক্তি
বিৰিখগছ – গছনি 
উকলিলঅন্ত হ’ল , চলি থাকি শেষ হ’ল
বিডভোলমুগ্ধ , মগ্ন , নিজক পাহৰা
গােটাসংগ্রহ কৰা
ধুনচখ , পিন্ধি উৰি বিভিন্ন ধৰণে নিজকে সজোৱাৰ ইচ্ছা
আমনিকৰবিৰক্ত হােৱাৰ বেলিকা , ভাল নলগা হােৱা অৱস্থা
পুনুআকৌ , পুনৰ
ৰঙআনন্দ , উল্লাস , উলাহ

প্রশ্ন ২। তলৰ প্ৰশ্নকেইটাৰ চমু উত্তৰ দিয়া –

( ক ) খৰালি কালত বৰষুণ আঁতৰি গ’লে প্ৰকৃতিৰ অৱস্থা কেনে হয় ? 

উত্তৰঃ খৰালি কালত বৰষুণ আঁতৰি গ’লে পানী শুকাই যায় , নৈ , বিল, পুখুৰীবােৰ তৰাং হৈ যায় । গছপাতবােৰৰ দুখ লগা অৱস্থা হয় । ধূলিৰ ধূসৰতাই আমনি লগাই দিয়ে । আকাশৰ নীলা ৰং আৰু গছ – বিৰিখৰ সেউজীয়া ৰূপ হেৰাই যায় ধূলিৰ মাজত । 

( খ ) বৰষুণৰ আগমনে প্রকৃতিৰ কেনে পৰিৱৰ্তন আনে ? 

উত্তৰঃ বৰষুণৰ আগমনে প্রকৃতিলৈ সজীৱতা আনে । গছ – লতা ঠন ধৰি উঠে আৰু ৰঙতে ফুলি উঠে ।

( গ ) সেউজীয়া পথাৰে কৃষকক কেনেভাৱে প্ৰভাৱিত কৰে ? ল’ৰাহঁতৰ কেনে লাগে ? 

উত্তৰঃ সেউজীয়া পথাৰে কৃষকৰ মনলৈ আনন্দ – উৎসাহ আৰু সাহস আনি দিয়ে । ল’ৰাহঁতে সেউজীয়া পথাৰৰ ৰূপ চাই , তলসৰা বকুল ফুল বুটলি আনন্দত আত্মহাৰা হয় । 

( ঘ ) কবিয়ে বৰষুণৰ এই অহা – যােৱাক কি বুলি কৈছে ? 

উত্তৰঃ কবিয়ে বৰষুণৰ এই অহা – যােৱাটো এটা ধুন অর্থাৎ চখ বুলি কৈছে । 

( ঙ ) কবিয়ে বৰষুণক শেষত কি কৰিবলৈ কৈছে ? তেওঁ কি আশা কৰিছে ? 

উত্তৰঃ কবিয়ে শেষত বৰষুণক আমনি লাগিলে গুচি যাবলৈ কৈছে । কবিয়ে আশা কৰিছে যে বৰষুণে আমনি লাগি গুচি গ’লেও বাৰে বাৰে আহি যেন সকলােকে সজীৱ আৰু আনন্দমুখৰ কৰি তােলে । 

( চ ) কবিতাটো পঢ়ি তােমাৰ কেনে লাগিল ? বৰষুণৰ শব্দই তােমাৰ মনলৈ কেনে ভাৱ আনি দিয়ে ? 

উত্তৰঃ কবিতাটো পঢ়ি খুব ভাল লাগিল । বৰষুণৰ শব্দই আমাৰ মনলৈ সজীৱতা আনে । বৰষুণে আমাৰ মন পুলকিত কৰে । বৰষুণে প্রকৃতিৰ ধূলি-বালিবােৰ ধুই নিকা কৰে । গছ – গছনিবােৰ সেউজীয়া হৈ ঠন ধৰি উঠে । ফুলবােৰ ফুলি উঠে । নৈ , বিল , জান – জুৰি পানীৰে উপচি পৰে লগতে আমাৰ মনবােৰাে আনন্দৰে ভৰি পৰে । 

প্রশ্ন ৩। বিপৰীত শব্দ লিখি তাৰ বাক্য ৰচনা কৰা –

           খৰালি , তৰাং , দুখ , ৰঙ , আঁতৰ  

উত্তৰঃ খৰালি   –  বাৰিষা 

বাৰিষা বৰষুণৰ পানীৰে খাল , বিল উপচি পৰে । 

           তৰাং  –  গভীৰ 

গভীৰ অৰণ্যৰ বুকুত জীৱ – জন্তুবোৰে নির্ভয়ে বিচৰণ কৰি ফুৰে । 

           দুখ     –  সুখ 

নিজৰ কু – স্বভাৱৰ বাবেই মানুহজনে জীৱনত অলপো সুখ নাপালে । 

          ৰঙ     –  বেজাৰ 

আব্দুল কালামৰ মৃত্যুৰ বাতৰিটোৱে মনত বৰ বেজাৰ দিলে ।

          আঁতৰ –  ওচৰ 

কামাখ্যা মন্দিৰৰ ওচৰতে আমাৰ ঘৰ । 

প্রশ্ন ৪। তৃতীয় ফাঁকি কবিতা গদ্যত লিখি উলিওৱা। 

উত্তৰঃ বৰষুণ নহ’লে গছ – লতাৰ দুখ লগা অৱস্থা হয় । বৰষুণ আহিলেহে গছ লতাৰ সেই দুৰৱস্থাৰ অন্ত পৰে । বাৰিষা কাল অহাৰ লগে লগে গছ – লতা ৰঙতে ফুলি উঠে । 

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। বৰষুণ কবিতাটোৰ সাৰাংশ লিখা । 

উত্তৰঃ ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱাই ‘ বৰষুণ ’ কবিতাটোৰ মাজেদি কৈছে যে বৰষুণৰ আগমনত হােৱা টিপ টাপ টাপ শব্দই কেৱল প্রকৃতি জগতকে যে উতলা আৰু সজীৱ কৰি তােলে এনে নহয় , প্রাণীজগত তথা মানুহৰ মনতাে আনন্দ জোৱাৰ আনে । খৰালিৰ খৰাং বতৰত পানী শুকাই যায় , নৈ , বিল , পুখুৰীবােৰ তৰাং হৈ যােৱাৰ লগতে গছ – পাতবােৰৰ শােকলগা অৱস্থা হয় । ধূলিৰ ধূসৰতাই আমনি লগাই দিয়ে ; আকাশৰ নীলা ৰং আৰু গছ – বিৰিখৰ সেউজীয়া ৰূপ হেৰাই যায় ধূসৰতাৰ মাজত । বাৰিষাকাল অহাৰ লগে লগে গছ – লতা সজীৱ হৈ পৰে আঁৰু ৰঙতে ফুলি উঠে ফুল । পানীৰে উপচি পৰা পথাৰে কৃষকৰ মনলৈও আনন্দ – উৎসাহ আৰু সাহস আনি দিয়ে । ল’ৰাহঁতে সেউজীয়া পথাৰৰ ৰূপ চাই , তলসৰা ফুল বুটলি আনন্দত আত্মহাৰা হয় । কবিৰ মতে বৰষুণৰ এই অহা – যােৱা যেন এটা ধুন ( চখ ) । আমনি লাগি গুচি গ’লেও যেন বাৰে বাৰে আহি আকৌ সকলােকে সজীৱ আৰু আনন্দমুখৰ কৰি তােলে — তাৰ বাবে কবিয়ে বৰষুণক আহ্বান জনাইছে। 

প্রশ্ন ২। বৰষুণ কবিতাটিৰ কবি কোন ? 

উত্তৰঃ বিনন্দ চন্দ্ৰ বৰুৱা । 

প্রশ্ন ৩। কবি বিনন্দ চন্দ্র বৰুৱাক কি কবি ৰূপে জনা যায় । 

উত্তৰঃ ধ্বনি কবি ।

প্রশ্ন ৪। বিনন্দ চন্দ্র বৰুৱাৰ কবিতা পুথি তিনিখনৰ নাম লিখা । 

উত্তৰঃ ( ক ) শংখধ্বনি ( ১৯২৫ ) ।

         ( খ ) প্রতিধ্বনি ( ১৯৪০ ) । আৰু

         ( গ ) জয়ধ্বনি ( ১৯৭৪ ) ।

প্রশ্ন ৫। বিনন্দ চন্দ্র বৰুৱাৰ দুখন নাটকৰ নাম লিখা । 

উত্তৰঃ ( ক ) পার্থ – সাৰথি । আৰু

         ( খ ) শৰাইঘাট ।

প্রশ্ন ৬। তেওঁৰ শিশু উপযােগী গ্রন্থ দুখন কি কি ? 

উত্তৰঃ ( ক ) মহাৰাজ নৰনাৰায়ণ । আৰু

         ( খ ) ৰাজস্থানৰ গল্প ।

প্রশ্ন ৭। তেওঁৰ কবিতাৰ এটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ ( ক ) জতুৱা ঠাঁচ , জতুৱা খণ্ডবাক্যৰ প্রয়ােগ তেওঁৰ ধ্বনিপ্রধান কবিতাৰ প্রধান বৈশিষ্ট্য।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top