Niketan Class 5 Assamese Chapter 14 ৰজা ভাস্কৰবৰ্মা আৰু সেই সময়ৰ অসম

Niketan Class 5 Assamese Chapter 14 ৰজা ভাস্কৰবৰ্মা আৰু সেই সময়ৰ অসম Sankardev Sishu Niketan Chapter 14 ৰজা ভাস্কৰবৰ্মা আৰু সেই সময়ৰ অসম Class 5 Assamese Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Assamese Chapter 14 ৰজা ভাস্কৰবৰ্মা আৰু সেই সময়ৰ অসম

Join Telegram channel

Sankardev Class 5 Assamese Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Assamese Chapter 14 ৰজা ভাস্কৰবৰ্মা আৰু সেই সময়ৰ অসম gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

ৰজা ভাস্কৰবৰ্মা আৰু সেই সময়ৰ অসম

Chapter – 14

ASSAMESE

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। ( ক ) প্রাচীন কালত অসমখন কি বুলি জনাজাত আছিল ? 

উত্তৰঃ কামৰূপ বুলি জনাজাত আছিল । 

( খ ) ভাস্কৰবর্মা কোন বংশৰ ৰজা আছিল ? কোন বছৰত তেওঁ ৰাজপাটত বহিছিল ? 

উত্তৰঃ ভৌমবর্মন বংশৰ ৰজা আছিল । ৫৯৪ খ্রীষ্টাব্দত । 

( গ ) ভাস্কৰৰ্মাৰ পূৰ্বপুৰুষ কোন আছিল ? 

উত্তৰঃ ৰজা নৰকাসুৰ । 

( ঘ ) সুস্থিতবৰ্মাৰ পুত্র দুজনৰ নাম কি আছিল ? 

উত্তৰঃ প্রতিষ্ঠিতবর্মা আৰু ভাস্কৰবর্মা । 

( ঙ ) অব্দ মানে কি ? ‘ ভাস্কৰাব্দ ’ ৰ সূচনা কেতিয়া আৰু কিয় হৈছিল ? 

উত্তৰঃ ‘ অব্দ ’ মানে বছৰ । ৫৯৪ খ্রীষ্টাব্দৰ পহিলা ব’হাগত ‘ ভাস্কৰাব্দ ‘ ৰ সূচনা হৈছিল । এই দিনটোত ভাস্কৰবৰ্মাৰ ৰাজ – অভিষেক হয় । অসমৰ ঐতিহ্য , সংস্কৃতিলৈ ভাস্কৰবৰ্মাই আগবঢ়োৱা অৱদানৰ স্বীকৃতি হিচাপে ভাস্কৰাব্দৰ সূচনা কৰা হৈছিল । 

( চ ) কাউৰংগৰ ঢাল কি ? 

উত্তৰঃ কাউৰংগ নামৰ এঠাইত উৎপন্ন হােৱা জন্তুৰ ছালেৰে নির্মিত ঢাল । এই ঢাল গঁড়ৰ ছালেৰে তৈয়াৰী বুলি অনুমান কৰা হয় । 

( ছ ) ‘ হর্ষ চৰিত ’ পুথিখন কোনে ৰচনা কৰিছিল ? 

উত্তৰঃ বাণভট্টই । 

( জ ) ভাস্কৰবৰ্মাই কিয় বৌদ্ধধর্ম গ্রহণ কৰিছিল ? 

উত্তৰঃ হিউৱেন চাঙৰ প্ৰভাৱত পৰি ভাস্কৰবৰ্মাই বৌদ্ধ ধর্ম গ্রহণ কৰিছিল । 

( ঝ ) ভাস্কৰবৰ্মাই হর্ষবর্ধনৰ বাজসভালৈ পঠোৱা দূতজনৰ নাম কি আছিল ? 

উত্তৰঃ হংসবেগ । 

( ঞ ) ভাস্কৰবৰ্মা ক’ৰ ৰজা আছিল ? 

উত্তৰঃ কামৰূপৰ ।

( ট ) ২০১৫ খ্রীষ্টাব্দৰ পহিলা বহাগত আৰম্ভ হােৱা বৰ্ষটো কিমান ভাস্কৰাব্দ হব ? 

উত্তৰঃ ১৪৪২ ভাস্কৰাব্দ । 

প্রশ্ন ২। ভাস্কবৰ্মাই হর্ষবর্ধনলৈ পঠোৱা উপহাৰ সামগ্রীবােৰৰ এখন তালিকা কৰা । 

উত্তৰঃ ভাস্কৰ্মাই হর্ষবর্ধনলৈ পঠোৱা উপহাৰ সামগ্ৰীবােৰ আছিল — বৰণছত্র , কাউৰংগ ঢাল , কাঁহ – পিতলৰ বস্তু , মুকুটত পিন্ধা মণি , পাটৰ কাপােৰ , হৰিণৰ ছালেৰে তৈয়াৰী গাৰু , ভূর্জপত্ৰত অংকিত চিত্র , সাচিপাতত লিখা সাৰুৱা কথা , আগৰু তেল , কস্তুৰী , কৰ্পূৰ, লং , জাইফল , মৌ , নানান ঔষধ , মছলা , ফল , গছৰ পুলি , বনমানুহ , জলমানুহ , হৰিণ , ভাটৌ ইত্যাদি। 

প্রশ্ন ৩। হিউৱেন চাং কোন দেশৰ পৰা আহিছিল ? তেওঁ ৰচনা কৰা পুথিখনৰ নাম লিখা । তেওঁ ভাৰতলৈ কিয় আহিছিল ? তেওঁ সংস্কৃত ভাষা কত অধ্যয়ন কৰিছিল ? 

উত্তৰঃ চীন দেশৰ পৰা আহিছিল । হিউৱেন চাঙে ৰচনা কৰা পুথিখনৰ নাম ‘ চিউ কি ’ । বৌদ্ধ ধর্ম প্রচাৰ আৰু সংস্কৃত ভাষা অধ্যয়ন কৰাৰ বাবে হিউৱেন চাং ভাৰতলৈ আহিছিল । তেওঁ নালন্দা বিশ্ববিদ্যালয়ত সংস্কৃত ভাষা অধ্যয়ন কৰিছিল । 

প্রশ্ন ৪। হিউৱেন চাঙৰ মতে অসমৰ মানুহবােৰ কেনে আছিল ? 

উত্তৰঃ হিউৱেন চাঙৰ মতে অসমৰ মানুহবােৰ আছিল সহজ – সৰল , সাহিয়াল আৰু সত্যবাদী । বিদ্যালাভৰ বাবে তেওঁলােকৰ প্ৰৱল আগ্রহ আছিল । 

প্রশ্ন ৫। হিউৱেন চাঙৰ মতে অসমৰ মাটি কেনেকুৱা আছিল ? 

উত্তৰঃ দ আৰু সাৰুৱা । 

প্রশ্ন ৬। ভাস্কৰবৰ্মাৰ সময়ত কামৰূপ ৰাজ্যৰ সীমা ক’ত আছিল ? 

উত্তৰঃ পশ্চিমে বিহাৰ আৰু দক্ষিণে বংগােপসাগৰৰ মােহনালৈ আছিল । 

প্রশ্ন ৭। বৰুণছত্রৰ বিশেষত্ববােৰ কি আছিল ? 

উত্তৰঃ বৰুণছত্ৰটো আছিল কৌতূহলপূর্ণ আৰু আশ্চর্যকৰ । ছাতিটো মেলিলে সহস্র চন্দ্ৰৰ পােহৰে শােভা কৰিছিল । সেইটো জুয়ে পুৰিব নােৱাৰিছিল , পানীটো নিতিতিছিল আৰু ধূলিতে লেতেৰা নহৈছিল । ৰজা নৰকাসুৰে স্বৰ্গৰাজ্য জয় কৰি ৰুণছত্ৰটো কাঢ়ি লােৱা বুলি কোৱা হৈছিল । 

প্রশ্ন ৮। শশাংক কোন আছিল ? তেওঁক কোনে যুদ্ধত পৰাস্ত কৰিছিল ? 

উত্তৰঃ শশাংক গৌড়ৰ কর্ণসুৱৰ্ণৰ ৰজা আছিল । তেওঁক ভাস্কৰবৰ্মাই যুদ্ধত পৰাস্ত কৰিছিল ।

প্রশ্ন ৯। ভাস্কৰ বৰ্মাৰ বিষয়ে তুমি কি জানা চমুকৈ লিখা । 

উত্তৰঃ প্রায় এহেজাৰ চাৰিশ বছৰ আগতে ভাস্কৰবৰ্মাই অসম ( কামৰূপ ৰাজ্য ) ত ৰাজত্ব কৰিছিল । ককায়েক প্রতিষ্ঠিত বৰ্মাৰ মৃত্যুৰ পিছত ৫৯৪ খ্রীষ্টাব্দত পহিলা ব’হাগত ভাস্কৰবৰ্মাই ৰাজপাটত বহে । তেওঁ অতি সু – সংস্কৃতিৱান , প্রজাহিতৈষী আৰু পৰাক্ৰমী ৰজা আছিল । তেওঁ নিজ বাহুবলেৰে ৰাজ্য বিস্তাৰ কৰিছিল আৰু অসমৰ ঐতিহ্য , সংস্কৃতিৰ প্ৰচাৰ কৰিছিল । ধর্মচর্চা আৰু বিদ্যাচর্চাৰ প্ৰতি তেওঁ বৰ আগ্রহী আছিল।আৰু প্ৰজাসকলকো তাৰ বাবে উগণি দিছিল । ভাস্কৰবৰ্মাৰ প্ৰচেষ্টাৰ ফলত সেই সময়ৰ অসমৰ সংগীত আৰু সুকুমাৰ কলাই ভাৰতৰ আন আন ৰাজ্যত সমাদৰ লাভ কৰিছিল । প্রাচীন অসমৰ জাতীয় জীৱনত ঐক্য আৰু সংহতি সাধন কৰিব পৰাটো তেওঁৰ বিশেষ কৃতিত্ব । ভাস্কৰবৰ্মাৰ সু – শাসনৰ বাবে অসমবাসীয়ে আজিও গৌৰৱবােধ কৰে । 

প্রশ্ন ১০। বাক্য ৰচনা কৰা –

             মূল্যৱান , উপহাৰ , সামগ্রী , প্রাচীন , পৰাক্ৰমী , কৃতিত্ব । 

উত্তৰঃ মূল্যৱান :- সােণ এবিধ মূল্যৱান ধাতু । 

উপহাৰ :- এইবাৰ মােৰ জন্মদিনত দেউতাই মােক এখন অসমীয়া অভিধান উপহাৰ দিছে । 

সামগ্রী :- ভাস্কৰবৰ্মাই হর্ষবর্ধনলৈ উপহাৰ হিচাপে বহুতাে মূল্যৱান সামগ্রী পঠাইছিল । 

প্রাচীন :- প্রাচীন কালত অসমৰ নাম কামৰূপ আছিল । 

পৰাক্ৰমী :- ভাস্কৰবৰ্মা এজন পৰাক্ৰমী ৰজা আছিল । 

কৃতিত্ব :- ছাত্ৰৰ কৃতিত্বত শিক্ষকে গৌৰৱবােধ কৰে ।

প্রশ্ন ১১। আৰ্হি দেখুৱা ধৰণে তলৰ খালী ঠাইবােৰ পূৰণ কৰা – 

( ক ) ( আৰ্হি: সংস্কৃতি যাৰ আছে তেওঁ সংস্কৃতিৱান ) 

ধন যাৰ আছে তেওঁ ……………….।

বল যাৰ আছে তেওঁ ………………….।

ৰূপ যাৰ আছে তেওঁ …………………..।

দয়া যাৰ আছে তেওঁ …………………….।

উত্তৰঃ ( ক ) ধন যাৰ আছে তেওঁ ধনৱান । 

বল যাৰ আছে তেওঁ বলৱান । 

ৰূপ যাৰ আছে তেওঁ ৰূপৱান । 

দয়া যাৰ আছে তেওঁ দয়াবান । 

( খ ) ( আৰ্হি: সমৃদ্ধি যাৰ আছে তেওঁ সমৃদ্ধিশালী ) 

ক্ষমতা যাৰ আছে তেওঁ ………………….।

ঐশ্বর্য যাৰ আছে তেওঁ ……………………।

ঐশ্বর্যশালী । প্রতিপত্তি যাৰ আছে তেওঁ প্রতিপত্তিশালী ।

প্রতিপত্তি যাৰ আছে তেওঁ …………………।

উত্তৰঃ ক্ষমতা যাৰ আছে তেওঁ ক্ষমতাশালী ।

ঐশ্বর্য যাৰ আছে তেওঁ ঐশ্বর্যশালী । 

প্রতিপত্তি যাৰ আছে তেওঁ প্রতিপত্তিশালী ।

( গ ) ( আৰ্হিঃসত্য যিয়ে কয় তেওঁ সত্যবাদী । ) 

মিথ্যা যিয়ে কয় তেওঁ ………………।

উত্তৰঃ মিথ্যা যিয়ে কয় তেওঁ মিথ্যাবাদী ।

( ঘ ) ( আৰ্হিঃ সাহ থকা লােক , সাহিয়াল । ) 

ৰং থকা লােক …………………..।

উত্তৰঃ ৰং থকা লােক ৰঙিয়াল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top