Niketan Class 5 Assamese Chapter 13 কুলি

Niketan Class 5 Assamese Chapter 13 কুলি Sankardev Sishu Niketan Chapter 13 কুলি Class 5 Assamese Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Assamese Chapter 13 কুলি

Join Telegram channel

Sankardev Class 5 Assamese Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Assamese Chapter 13 কুলি gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

কুলি

Chapter – 13

ASSAMESE

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। তলত দিয়া প্রশ্নবােৰৰ চমু উত্তৰ দিয়া – 

( ক ) বাৰীত ফুলিল ছিল তিহু 

         মলিয়ালে বাৰীৰ আম 

         কোমল কোমল পাত’ 

—এই বর্ণনাই কোনটো ঋতুৰ পৰিচয় দিছে ? 

উত্তৰঃ বসন্ত ঋতুৰ বর্ণনা দিছে । 

( খ ) কুলিয়ে চ’তৰ বিহু ওচৰ চপাৰ জাননী কেনেকৈ দিয়ে ? 

উত্তৰঃ কুলিয়ে মৌ বৰষা গানেৰে চ’তৰ বিহু ওচৰ চপাৰ জাননী দিয়ে । 

( গ ) কবিয়ে কুলি চৰাইক আৰু দুমাহমান কিয় ৰৈ যাবলৈ কৈছে ? 

উত্তৰঃ কুলি চৰাই বসন্ত ঋতুৰ সময়ত আহে । সেই সময়ত আমে মলিয়াই , কঠালে মুচি পেলায় আৰু দুমাহমান পাছত গ্রীষ্ম ঋতুত আম – কঁঠালবােৰ পকিবলৈ ধৰে । এই পকা আম – কঁঠাল লৈ যােৱাৰ বাবে কবিয়ে কুলি চৰাইক আৰু দুমাহমান ৰৈ যাবলৈ কৈছে ।

( ঘ ) কুলি চৰায়ে কি বুলি মাতে ? 

উত্তৰঃ কুলি চৰায়ে কুউ – কুউ – কুউ বুলি মাতে । 

( ঙ ) কোনটো ঋতুত আম , কাঁঠাল পকে ? 

উত্তৰঃ গ্রীষ্ম ঋতুত । 

( চ ) কোন সময়ত কুলি চৰাই আহে ? 

উত্তৰঃ বসন্ত কালত । 

প্রশ্ন ২। তলৰ বাক্যকেইটাৰ খালি ঠাই পূৰণ কৰা –

( ক’লা , লুকাই , কর্কশ , নাজানে , কাউৰীৰ , পােৱালি , জানে , শুৱলা, মলিয়ায় ) 

( ক ) কুলি আৰু কাউৰী দুয়ােৰে বৰণ ……………।

উত্তৰঃ কুলি আৰু কাউৰী দুয়ােৰে বৰণ ক’লা । 

( খ ) কুলিব মাত …………… কাউৰীৰ মাত …………..।

উত্তৰঃ কুলিৰ মাত শুৱলা , কাউৰীৰ মাত কর্কশ । 

( গ ) কুলিয়ে পাতৰ আঁৰত …………….. থাকি গীত গায় । কাউৰী গছৰ ডালত পৰি ……………..।

উত্তৰঃ কুলিয়ে পাতৰ আঁৰত লুকাই থাকি গীত গায় । কাউৰী গছৰ ডালত পৰি ৰমলিয়াই । 

( ঘ ) কুলিয়ে বাহ সাজিব ……………. ; কাউৰীয়ে বাহ সাজিব ……………….।

উত্তৰঃ কুলিয়ে বাহ সাজিব নাজানে , কাউৰীয়ে বাহ সাজিব জানে । 

( ঙ ) কুলিয়ে কাউৰীৰ বাহত কণী থৈ আঁতৰি যায়। কাউৰিয়ে কুলিৰ কণী উমনি দি …………….. জগায় । 

উত্তৰঃ কুলিয়ে কাউৰীৰ বাহত কণী থৈ আঁতৰি যায় । কাউৰিয়ে কুলিৰ কণী উমনি দি পােৱালি জগায় । 

প্রশ্ন ৩। বসন্ত ঋতুৰ লক্ষণবােৰ কেনেকুৱা জানি লােৱা আৰু তলত দিয়া বাক্যকেইটাৰ খালি ঠাই পূৰণ কৰা । 

( ব্যৱহাৰ কৰিবলগীয়া শব্দঃ পছোৱা , কলি , মলিয়ায় , মুচি , কুঁহিপাত, বৰদৈচিলা )

( ক ) আমে ………………… পেলায় । 

( খ ) কঁঠালে ……………….. পেলায় । 

( গ ) ফুলে …………………… পেলায় ।

( ঘ ) গছৰ …………………….. ওলায় । 

( ঙ ) …………………. বতাহ বয় । 

( চ ) বসন্ত ঋতুৰ শেষৰ ফালে ……………… বয় ।

উত্তৰঃ ( ক ) আমে মলিয়ায় । 

( খ ) কঠালে মুচি পেলায় । 

( গ ) ফুলে কলি পেলায় । 

( ঘ ) গছৰ কুঁহিপাত ওলায় । 

( ঙ ) পছােৱা বতাহ বয় । 

( চ ) বসন্ত ঋতুৰ শেষৰ ফালে বৰদৈচিলা বয় । 

প্রশ্ন ৪। তলৰ শব্দৰ যোৰবােৰৰ পার্থক্য বুজাবলৈ বাক্য ৰচনা কৰা । 

( ক ) কলা , ক’লা ( খ ) আচল , আঁচল ( গ ) গড় , গঁড় ( ঘ ) মৰা , ম’ৰা ( ঙ ) কত , ক’ত ( চ ) মহ , ম’হ , ( ছ ) দল , দ’ল ( জ ) বল , ব’ল 

উত্তৰঃ ( ক ) কলা ― মানুহৰ লগত কথা পতা বৰ অসুবিধা । 

ক’লা — গৰমৰ দিনত কলা কাপােৰ পিন্ধিব নালাগে । 

( খ ) আচল ― অমিতে অকণৰ লগত কাজিয়া কৰাৰ আচল কাৰণটো কোনেও নাজানিলে । 

আঁচল ― সৰুতে মই মাৰ চাদৰৰ আঁচলত ধৰি পিছে পিছে ঘূৰি ফুৰিছিলোঁ । 

( গ ) গড় ― আহােম ৰজাই শত্রুক ভেটিবলৈ গড সজাইছিল । 

গঁড় ― গঁড় এবিধ আপুৰুগীয়া প্রাণী ।

( ঘ ) মৰা — মৰা জীৱ – জন্তু য’তে – ত’তে পেলাব নালাগে । 

ম’ৰা — ম’ৰা চৰাই বৰ ধুনীয়া । 

( ঙ ) কত ― কত মানুহ পূজা চাবলৈ গ’ল , মইহে যাব নােৱাৰিলোঁ । 

ক’ত ― তােমাৰ ঘৰ ক’ত ? 

( চ ) মহ ― যােৱাৰাতি খুব মহ পৰিছিল । 

ম’হ ― মহৰ দৈ খাবলৈ ভাল । 

( ছ ) দল ― যােৱাকালি আমি দল বান্ধি ফুটবল খেল চাবলৈ গৈছিলোঁ । 

দ’ল ― এইবাৰ পূজাৰ বন্ধত মই শিৱদ’ল চাবলৈ যাম ।

( জ ) বল ― শৰীৰত বল নাথাকিলে টান কাম কৰিব নালাগে । 

ব’ল ― এতিয়া ঘৰলৈ যাওঁ ব’ল । 

প্রশ্ন ৫। পাঁচটা গীত গােৱা চৰাইৰ নাম লিখা । 

উত্তৰঃ কুলি , কেতেকী , দহিকতৰা , মইনা আৰু ভাটৌ । 

প্রশ্ন ৬। তলত দিয়া প্রাণীবােৰৰ মাত বুজাবলৈ উপযুক্ত শব্দ প্রয়ােগ কৰা। 

( প্রয়ােগ কৰিবলগীয়া শব্দঃ গুণগুণায় , কুৰুলিয়াই , ভুকভুকায় , গােজৰে , ৰুণ দিয়ে , ভুনভুনায় , টোৰটোৰায় , খেক খেকায় । ) 

( ক ) ভেকুলীয়ে …………………।

( খ ) কুকুৰে ………………….। 

( গ ) ফেঁচাই …………………. । 

( ঘ ) কপৌ চৰায়ে ……………….।

( ঙ ) সিংহই ………………….। 

( চ ) ভােমােৰাই ……………………।

( ছ ) মৌ-মাখিয়ে ……………………..।

( জ ) বান্দৰে ……………………..।

উত্তৰঃ ( ক ) ভেকুলীয়ে টোৰটোৰায় । 

( খ ) কুকৰে ভুকভুকায় । 

( গ ) ফেঁচাই কুৰুলিয়ায় । 

( ঘ ) কপৌ চৰায়ে ৰুণ দিয়ে । 

( ঙ ) সিংহই গােজৰে । 

( চ ) ভােমােৰাই ভুনভুনায় । 

( ছ ) মৌ – মাখিয়ে গুণগুণায় । 

( জ ) বান্দৰে খেকুখেকায় । 

প্রশ্ন ৭। বাক্য ৰচনা কৰা –

          দোকোলটকা , মৌ বৰষা , কুঁহিপাত , শপত 

উত্তৰঃ দোকোল টকা ― বাৰিষা কালত নদীত দোকোলটকা বান আহে। 

মৌ বৰষা — বসন্ত কালত কুলি চৰায়ে মৌ বৰষা গীত জুৰে । 

কুঁহিপাত ― কুঁহিপাত মেলিলে গছবােৰ শুৱনি হৈ পৰে । 

শপত ― কবিয়ে কুলি চৰাইটোক দুমাহমান ৰৈ যােৱাৰ বাবে শপত দি কৈছিল । 

প্রশ্ন ৮। অসমৰ এগৰাকী কবিক ‘ বিহগী কবি ’ বুলি কোৱা হয় তেওঁৰ নাম কি ? আৰু তেওঁক কিয় ‘ বিহগী কবি ’ বুলি কোৱা হয় ? 

উত্তৰঃ ৰঘুনাথ চৌধাৰী । চৰাইক বিহগ বুলিও কোৱা হয় । ৰঘুনাথ চৌধাৰীয়ে চৰাইৰ ওপৰত কেবাটাও বিখ্যাত কবিতা লিখিছিল । সেইবাবেই তেওঁক ‘ বিহগী কবি ‘ বুলি কোৱা হয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top