Niketan Class 5 Assamese Chapter 12 ঘোঁৰা ডাঙৰীয়া

Niketan Class 5 Assamese Chapter 12 ঘোঁৰা ডাঙৰীয়া Sankardev Sishu Niketan Chapter 12 ঘোঁৰা ডাঙৰীয়া Class 5 Assamese Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Assamese Chapter 12 ঘোঁৰা ডাঙৰীয়া

Join Telegram channel

Sankardev Class 5 Assamese Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Assamese Chapter 12 ঘোঁৰা ডাঙৰীয়া gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

ঘোঁৰা ডাঙৰীয়া

Chapter – 12

ASSAMESE

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। আস্তাবলত থকা ঘোঁৰাটো বাটলৈ কিয় ওলাই আহিছিল ? 

উত্তৰঃ আস্তাবলত থাকি আমনি লগাৰ বাবে ওলাই আহিছিল । 

প্রশ্ন ২। গাধ পােৱালিটো ক’লৈ গৈ আছিল ? 

উত্তৰঃ গাধ পােৱালিটো গৰাকীৰ ওচৰলৈ গৈ আছিল । 

প্রশ্ন ৩। ঘোঁৰাটোৱে গাধ পােৱালিটোক কিয় গালি পাৰিছিল ? 

উত্তৰঃ ঘোঁৰাটোৱে গৈ থকা একেটা বাটেৰে গাধ পােৱালিটোৱে আহি থকা বাবে বাটতো এৰি দিবলৈ কৈ গালি পাৰিছিল । 

প্রশ্ন ৪। ঘোঁৰাটোৱে নিজকে কেনেদৰে প্রশংসা কৰিছিল ? 

উত্তৰঃ ঘোঁৰাটোৱে নিজকে বৰ তেজী ঘোঁৰা , ঘোঁৰা দৌৰ খেলৰ ঘোঁৰা বুলি কৈছিল । তাৰ খুৰাৰ খটখটনিত হেনাে আলিবাট কঁপি উঠে । মানুহ তাৰ চাকৰ । মানুহে তাৰ ভৰি মলি দিয়ে , ধুৱাই – পখলাই বুৰুজ মাৰি দিয়ে , মহে খাব নােৱাৰাকৈ আঁঠুৱা তৰি দিয়ে . তাক ভাল ভাল খানা খুৱায় । সি মানুহক বহু যুদ্ধত জিকাই দিছে । মানুহে তাক দেৱতা পূজা কৰাদি পূজা কৰে — এনে ধৰণৰ নানা কথা কৈ ঘোঁৰাটোৱে নিজকে প্রশংসা কৰিছিল । 

প্রশ্ন ৫। গাধটোক কোনে কেনেকৈ খালত পেলাই দিছিল ? খালত পৰি গাধটোৱে কি কথা কৈছিল ? 

উত্তৰঃ গাধটোক ঘোঁৰাটোৱে ঠেঙেৰে লাঠি মাৰি খালত পেলাই দিছিল । খালত পৰি গাটোৱে ঘোঁৰাটোক কৈছিল যে ইমান অহঙ্কাৰ ভাল নহয় । 

প্রশ্ন ৬। ঘোঁৰা ডাঙৰীয়া খালত পৰিল কেনেকৈ ? 

উত্তৰঃ ঘোঁৰা ডাঙৰীয়াক পাছ ফালৰ পৰা অহা প্ৰকাণ্ড মটৰ বাছ এখনে খুন্দা মাৰি খালত পেলায়। 

প্রশ্ন ৭। বলীয়ে দুর্বলীৰ ওপৰত অত্যাচাৰ কৰিলে বাৰু তাৰ শাস্তি ঈশ্বৰে নিদিয়েনে ? —এই কথা কোনে , কেতিয়া কৈছিল ? 

উত্তৰঃ ওপৰৰ কথাখিনি ঘোঁৰাটোৱে কৈছিল । পাছফালৰ পৰা অহা বাছ এখনে খুন্দা মাৰি ঘোঁৰাটোক খালত পেলাই দিয়াৰ পাছত গাধটোক উদ্দেশ্য কৰি ঘোঁৰাটোৱে কথাখিনি কৈছিল । 

প্রশ্ন ৮ তলৰ শব্দবােৰৰ বিপৰীত অর্থ বুজোৱা শব্দ লিখা ? 

         পুৰস্কাৰ , বলী , ওখ , গধুৰ , দুখ , ওচৰ 

উত্তৰঃ পুৰস্কাৰ         –         শাস্তি

          বলী             –         দুর্বলী 

          ওখ              –         চাপৰ  

          গধুৰ            –         পাতল  

          দুখ              –          সুখ 

          ওচৰ            –          দূৰ 

প্রশ্ন ৯। ধাতু কাক বলে ? বুজাই লিখা । 

উত্তৰঃ ক্রিয়া পদৰ মূল শব্দটোক ধাতু বােলে । যেনে — ‘ বাইছে ’ ক্রিয়া পদে , ইয়াৰ ধাতু ‘ বা ‘ ‘ বা ‘ ধাতুৰ লগত ‘ ইছে ’ প্রত্যয় যোগ হৈ ‘ বাইছে ’ ক্রিয়াপদ সম্পন্ন হৈছে ।

প্রশ্ন ১০। ‘ চা ’ ধাতু ক্রিয়াপদ কি কি হব পাৰে লিখা । 

উত্তৰঃ ‘ চা ’ ধাতুৰ পৰা সম্পন্ন হ’ব পৰা ক্রিয়াপদ হৈছে — চাব , চালে, চাইছিল , চাইছিলোঁ , চাইছা , চাওঁ , চালােহেঁতেন ইত্যাদি ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top