Niketan Class 4 Social Chapter 9 ভাৰতবৰ্ষৰ প্ৰাকৃতিক বিভাগ আৰু জলবায়ু

Niketan Class 4 Social Chapter 9 ভাৰতবৰ্ষৰ প্ৰাকৃতিক বিভাগ আৰু জলবায়ু, Sankardev Sishu Niketan Chapter 9 ভাৰতবৰ্ষৰ প্ৰাকৃতিক বিভাগ আৰু জলবায়ু Class 4 Social Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel

ভাৰতবৰ্ষৰ প্ৰাকৃতিক বিভাগ আৰু জলবায়ু

Chapter – 9

SANKARDEV SISHU NIKETAN

প্রশ্নোত্তৰ

প্রশ্ন ১ : চমু উত্তৰ লিখা—

(ক) অক্ষাংশ আৰু দ্রাঘিমাংশ হিচাবত ভাৰতৰ বিস্তৃতি লিখা।

উত্তৰ : ভাৰতবৰ্ষৰ মূল ভূ-খণ্ড ৮°৪′ উত্তৰ অক্ষাংক্ষৰ পৰা ৩৭°৬′ উত্তৰ অক্ষাংশলৈ আৰু ৬৮°৭ পূব দ্রাঘিমাংশৰ পৰা ৯৭°২৫′ দ্রাঘিমাংশলৈ বিস্তৃত হৈ আছে।

(খ) ভাৰতৰ উত্তৰা-দক্ষিণা আৰু পূবা-পশ্চিমাকৈ বিস্তৃতি কিমান ? 

উত্তৰ : উত্তৰা-দক্ষিণাকৈ ৩,২১৪ কিলোমিটাৰ আৰু পূবা-পশ্চিমাকৈ ২,৯৩৩ কিলোমিটাৰ।

(গ) উত্তৰৰ সমভূমি অঞ্চলৰ নদীসমূহত কিয় সঘনাই বানপানী হোৱা দেখা যায় ?

উত্তৰ : উত্তৰৰ সমভূমি অঞ্চলৰ নদীসমূহৰ পৃষ্ঠ কিছু বাম আৰু গতিপথ একা বেঁকা। ফলস্বৰূপে একেৰাহে মুষলধাৰে হৈ থকা বৰষুণৰ পানী এই নদীবোৰে লগে লগে বোৱাই নিব নোৱাৰে। সেইবাবেই উত্তৰৰ সমভূমি অঞ্চলৰ নদীসমূহত সঘনাই বানপানী হোৱা দেখিবলৈ পোৱা যায়।

(ঘ) বতৰ বুলিলে কি বুজা ?

উত্তৰ : এখন ঠাইৰ সূৰ্যৰ তাপ আৰু পোহৰ, বায়ুৰ চাপ, বতাহ, বৰষুণ, বায়ুত থকা জলীয় ভাপৰ পৰিমাণ আহি লগ লাগি এক অৱস্থাৰ সৃষ্টি কৰে। এই অবস্থাকে সেই সময়ৰ সেই ঠাইখনৰ বতৰ বুলি কোৱা হয়। 

(ঙ) কোনো এখন ঠাইৰ জলবায়ুক প্ৰভাৱিত কৰা কাৰণসমূহৰ বিষয়ে লিখা।

উত্তৰ : কোনো এখন ঠাইৰ জলবায়ুক প্ৰভাৱিত কৰা কাৰকসমূহ হৈছে—বিভিন্ন ঠাইৰ অক্ষাংশ আৰু দ্রাঘিমাংশৰ মান, সূৰ্যৰ তাপ, বায়ু প্ৰৱাহ, সাগৰৰপৰা দূৰত্ব ঠাইখনৰ উচ্চতা, বায়ুত থকা জাতীয় বাষ্পৰ পৰিমাণ আদি।

প্রশ্ন ২ : খালী ঠাই পূৰ কৰা—

(ক) ভাৰতৰ মুঠ মাটিকালি……….বর্গ কিলোমিটাৰ৷

উত্তৰ : ভাৰতৰ মুঠ মাটিকালি ৩২,৮৭,২৬৩ বর্গ কিলোমিটাৰ।

(খ) হিমালয় পর্বতমালাক প্ৰধানকৈ………..টা শৃংখলত ভাগ কৰা হৈছে।

উত্তৰ : হিমালয় পর্বতমালাক প্ৰধানকৈ তিনিটা শৃংখলত ভাগ কৰা হৈছে।

(গ) ……….. ভাৰতৰ সৰ্বোচ্চ শৃংগ।

উত্তৰ : কাঞ্চনজংঘা ভাৰতৰ সৰ্বোচ্চ শৃংগ।

(ঘ) হিমালয়ৰ হিমবাহৰপৰা………ব্ৰহ্মপুত্ৰ নদীখনৰ উৎপত্তি হৈছে।

উত্তৰ : হিমালয়ৰ টামচুক খামবাব হিমবাহৰপৰা ব্ৰহ্মপুত্ৰ নদীখনৰ উৎপত্তি হৈছে।

(ঙ) কাবেৰী নদী …….. . সাগৰত পৰিছে। 

উত্তৰ : কাবেৰী নদী বংগোপ সাগৰত পৰিছে।

প্রশ্ন ৩ : প্রাকৃতিকভাৱে ভাৰতক কেইটা ভাগত ভাগ কৰা হৈছে ? প্ৰতিটো ভাগৰে বৰ্ণনা কৰা।

উত্তৰ : প্রাকৃতিকভাৱে ভাৰতক চাৰিটা ভাগত ভাগ কৰা হৈছে—

(ক) উত্তৰৰ হিমালয় পার্বত্য অঞ্চল।

(খ) উত্তৰৰ সমভূমি অঞ্চল।

(গ) দাক্ষিণাত্যৰ মালভূমি অঞ্চল আৰু

(ঘ) উকূল অঞ্চল।

(ক) উত্তৰৰ হিমালয় পার্বত্য অঞ্চল : এই অঞ্চলটো পূবে অৰুণাচল প্ৰদেশৰপৰা পশ্চিমে পাকিস্তানৰ সিন্ধ প্ৰদেশলৈকে বিস্তৃত হৈ আছে। ই দীঘলে প্রায় ২,৫০০ কিলোমিটাৰ আৰু বহুলে প্রায় ১৫০ কিলোমিটাৰৰপৰা ৪০০ কিলোমিটার। এই পর্বতমালা তুলনামূলকভাৱে হিমাচল প্রদেশ আৰু কাশ্মীৰৰ ওচৰত বহল আৰু পূব নেপালৰ ওচৰত ইয়াৰ উচ্চতা বেছি। প্রায় ৫০ নিযুত বছৰ আগতে ‘টেথিছ’ নামৰ এখন বৃহৎ সাগৰৰ তলিৰ পৰা হিমালয়ৰ সৃষ্টি হৈছিল বুলি ভূ-বিজ্ঞানীসকলে কয়।

(খ) উত্তৰৰ সমভূমি অঞ্চল : এই অঞ্চলটো পূবা-পশ্চিমাকৈ হিমালয় আৰু দাক্ষিণাত্যৰ মালভূমি অঞ্চলৰ মাজত বিস্তৃত হৈ আছে। এই অঞ্চলটো ঠাই বিশেষে ২৪০ কিলোমিটাৰৰপৰা ৫০০ কিলোমিটাৰলৈকে বহল। শৃতলেজ সমভূমি, গংগা সমভূমি, গংগাৰ মোহনা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাক লৈ এই অঞ্চলটো গঠিত হৈছে।

(গ) দাক্ষিণাত্যৰ মালভূমি অঞ্চল : এই অঞ্চলৰ আকৃতিটো এক বৃহৎ ত্ৰিভুজৰ দৰে। এই অঞ্চলত দিল্লীৰ পৰা গুজৰাটৰ উত্তৰ-পূব অংশলৈ প্ৰায় ৭২৫ কিলোমিটাৰ জুৰি আৰাৱলী পর্বতশ্রেণী আছে। এই মালভূমিৰ দক্ষিণ-পূবত বিন্ধ্য পর্বত৷ ইয়াৰ উপৰি পশ্চিম উপকূলৰ পৰা অমৰ্কষ্টকলৈ প্ৰায় ৯০০ কিলোমিটাৰ দীঘল সাতপুৰা পৰ্বত আছে। দাক্ষিণাত্যৰ মালভূমি অঞ্চলতে চত্তীছগড় সমভূমি অঞ্চল ছোটানাগপুৰ মালভূমি অঞ্চল আৰু হাজৰিবাগ মালভূমি অৱস্থিত। এই মালভূমিৰ পূবত আছে পূর্বঘাট পর্বত আৰু পশ্চিমত আছে পশ্চিমঘাট পর্বত।

(ঘ) উপকূল অঞ্চল : ভাৰতৰ উপকূল অঞ্চলক পূব উপকূল আৰু পশ্চিম উপকূল এই দুটা ভাগত ভাগ কৰা হৈছে। পূব উপকুলটো সুন্দৰবনৰ পৰা কন্যাকুমাৰীলৈকে বিস্তৃত হৈ আছে। দাক্ষিণাত্য মালভূমিৰ তাণ্ডীৰ বাঁদে মহানদী,গোদাবৰী, কৃষ্ণা কাৱেৰী আদি সকলোবোৰ ডাঙৰ নদী পূব উপকূলেদি আহি বংগোপ সাগৰত পৰিছেহি। পশ্চিম উপকূলটো কাথিৱাৰ উপদ্বীপৰ পৰা কন্যাকুমাৰীলৈকে বিস্তৃত হৈ আছে। এই অঞ্চলৰ অন্তৰ্ভুক্ত প্রধান ঠাইসমূহ হৈছে— কছ উপদ্বীপ, কচ্ছৰ ৰাণ অঞ্চল, কাথিবাৰ আৰু গুজৰাটৰ সমভূমি অঞ্চল। 

প্রশ্ন ৪ : জলবায়ু বুলিলে কি বুজা ? ভাৰতত আমি কেনেধৰণৰ জলবায়ু দেখিবলৈ পাওঁ বৰ্ণনা কৰা। 

উত্তৰ : এখন ঠাইৰ দীঘলীয়া সময়ৰ বতৰৰ বা সামগ্রিক অৱস্থাকে সেই ঠাইখনৰ জলবায়ু বুলি কোৱা হয়। ভাৰতত আমি বিভিন্ন ঠাইত বিভিন্ন জলবায়ু দেখিবলৈ পাওঁ। ভাৰতৰ উত্তৰ-পূব অংশত আন ঠাইৰ তুলনাত গৰম কম। কাৰণ এই অঞ্চলত বংগোপসাগৰৰ নিম্ন বায়ুচাপ আৰু মৌচুমী বায়ুৰ প্ৰভাৱত এপ্রিল মাহৰ পৰা অক্টোবৰ মাহলৈকে কম-বেছি পৰিমাণে বৰষুণ হৈ থাকে আৰু ফলস্বৰূপে এই অঞ্চলত উত্তাপ তুলনামূলকভাৱে কিছু কমি থাকে। আনহাতে, উত্তৰ-পশ্চিম ভাৰতত জহুকালি যথেষ্ট গৰম হয়। এই অঞ্চলত বৰষুণৰ পৰিমাণ যথেষ্ট কম। এই অঞ্চলত দিনত তাপমাত্রা অধিক হয় আৰু বাতি চেঁচ্চা হয়। হিমালয়ৰ পাৰ্বত্য অঞ্চলৰ উচ্চতা বেছি হোৱাৰ বাবে এই অঞ্চলত তুষারপাত হয় আৰু জহকালিও এই অঞ্চলত গৰম বেছি নহয়। হিমালয় পর্বতে শীতকালত উত্তৰ দিশৰ পৰা বৈ অহা চেঁচা, শুকান বতাহক বাধা দি বখা বাবে ভাৰতৰ ভৈয়াম অঞ্চলত শীতৰ তীব্রতা বহু পৰিমাণে কমি থাকে। ভাৰতৰ সাগৰৰ দুয়ো উপকূলত সাগৰীয়া বতাহৰ কাৰণে জাব-জহৰ তাৰতম্য হয়।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১ : হিমালয় পর্বতখন কৰপৰা সৃষ্টি হৈছিল বুলি ভূ-বিজ্ঞানীসকলে কয় ? 

উত্তৰ : ‘টেথিছ’ নামৰ এখন বৃহৎ সাগৰৰ তলিৰপৰা সৃষ্টি হৈছিল বুলি কয়। 

প্রশ্ন ২ : হিমালয় পর্বতমালাক কেইটা শৃংখল বা শ্ৰেণীত ভাগ কৰা হৈছে ? সেইবোৰৰ নামবোৰ লিখা।

উত্তৰ : তিনিটা শৃংখলত ভাগ কৰা হৈছে। সেইবোৰ হৈছে—

(১) বৰ্হি হিমালয় বা শিৱালিক শৃংখল।

(২) ক্ষুদ্রতম হিমালয়।আৰু

(৩) বৃহৎ হিমালয় বা হিমাদ্রী।

প্রশ্ন ৩ : ভাৰতৰ সর্বোচ্চ শৃংগ কাঞ্চনজংঘা হিমালয় পর্বতমালাৰ কোনটো শৃংখলত অৱস্থিত ?

উত্তৰ : বৃহৎ হিমালয় বা হিমাদ্রীত।

প্রশ্ন ৪ : দাক্ষিণাত্যৰ চাৰিখন উল্লেখযোগ্য নদীৰ নাম লিখা।

উত্তৰ : মহানদী, গোদাব্বী, নর্মদা আৰু তান্তী।

প্রশ্ন ৫ : পূর্ব ঘাট আৰু পশ্চিম ঘাট পর্বত ভাৰতৰ কোনটো প্রাকৃতিক ভাগত অৱস্থিত ?

উত্তৰ : দাক্ষিণাত্যৰ মালভূমি অঞ্চলত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top