Niketan Class 4 Social Chapter 11 ভাৰতৰ সংস্কাৰ আন্দোলন

Niketan Class 4 Social Chapter 11 ভাৰতৰ সংস্কাৰ আন্দোলন, Sankardev Sishu Niketan Chapter 11 ভাৰতৰ সংস্কাৰ আন্দোলন Class 4 Social Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel

ভাৰতৰ সংস্কাৰ আন্দোলন

Chapter – 11

SANKARDEV SISHU NIKETAN

প্রশ্নোত্তৰ

প্রশ্ন ১ : ব্ৰিটিছ শাসনৰ সময়ত ভাৰতীয় সমাজ ব্যৱস্থাৰ সংস্কাৰৰ বাবে কি কি অনুষ্ঠান গঢ় লৈ উঠিছিল ?

উত্তৰ : ব্ৰিটিছ শাসনৰ সময়ত ভাৰতীয় সমাজ ব্যৱস্থাৰ সংস্কাৰৰ বাবে গঢ় লৈ উঠা অনুষ্ঠানবোৰ হ’ল— ব্রাহ্মসমাজ, প্রার্থনা সমাজ, আর্য সমাজ, ৰামকৃষ্ণ মিছন আদি। 

প্রশ্ন ২ : ভাৰতৰ চাৰিগৰাকী সমাজ সংস্কাৰকৰ নাম লিখা।

উত্তৰ : ৰাজা ৰামমোহন ৰায়, কেশৱ চন্দ্র সেন, স্বামী দয়ানন্দ সৰস্বতী আৰু স্বামী বিবেকানন্দ।

প্রশ্ন ৩ : ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই শুদ্ধ বাক্যৰে লিখা—

‘ক’‘খ’
(ক) ৰাজা ৰামমোহন ৰায়েৰামকৃষ্ণ মিছন প্রতিষ্ঠা কৰিছিল।
(খ) কেশৱ চন্দ্র সেনেআর্য সমাজ স্থাপন কৰিছিল।
(গ) স্বামী দয়ানন্দ সৰস্বতীয়েব্রাহ্মসমাজ স্থাপন কৰিছিল।
(ঘ) স্বামী বিবেকানন্দইপ্রার্থনা সমাজ স্থাপন কৰিছিল।

উত্তৰ :

‘ক’‘খ’
(ক) ৰাজা ৰামমোহন ৰায়েব্রাহ্মসমাজ স্থাপন কৰিছিল।
(খ) কেশৱ চন্দ্র সেনেপ্রার্থনা সমাজ স্থাপন কৰিছিল।
(গ) স্বামী দয়ানন্দ সৰস্বতীয়েআর্য সমাজ স্থাপন কৰিছিল।
(ঘ) স্বামী বিবেকানন্দইৰামকৃষ্ণ মিছন প্রতিষ্ঠা কৰিছিল।

প্রশ্ন ৪: চমুটোকা লিখা প্ৰাৰ্থনা সমাজ, ৰামকৃষ্ণ মিছন

উত্তৰ : প্রার্থনা সমাজ : ঊনবিংশ শতিকাত ভাৰতৰ সমাজ ব্যৱস্থাত সংস্কাৰৰ বাবে গঢ় লৈ উঠা অনুষ্ঠানসমূহৰ ভিতৰত প্ৰাৰ্থনা সমাজ অন্যতম অনুষ্ঠান। ১৮৬৭ চনত কেশৱ চন্দ্র সেনে মহাৰাষ্ট্ৰত প্ৰাৰ্থনা সমাজ গঠন কৰে। ৰামকৃষ্ণ গোপাল ভাণ্ডাৰকাৰ আৰু মহাদেৱ গোবিন্দ ৰাণাড়ে আছিল প্রার্থনা সমাজৰ মুখ্য পৃষ্ঠপোষক। প্রার্থনা সমাজে ভাৰতীয় সমাজৰ সেই সময়ত প্ৰচলিত কু-প্রথাবোৰ দূৰীকৰণৰ বাবে প্ৰচেষ্টা চলাইছিল। তিৰোতা আৰু দুৰ্বল শ্ৰেণীৰ লোকৰ উন্নতি সাধন, বিধৱাসকলৰ উন্নতি সাধন, ভিন্ন জাতিৰ মাজত বিবাহৰ প্ৰচলন আদি প্ৰাৰ্থনা সমাজৰ মুখ্য উদ্দেশ্য আছিল। এই সমাজে অনাথ আশ্রম খুলি অনাথসকলৰ বাবে ভৰণ-পোষণৰ ব্যৱস্থা লৈছিল আৰু শিক্ষাৰ ব্যৱস্থা কৰিছিল।

ৰামকৃষ্ণ মিছন : ১৮৯৬ চনত স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন স্থাপন কৰিছিল। – এই মিছনৰ মতে সকলো ধৰ্মৰ নীতি আৰু মূল লক্ষ্য একে৷ ধৰ্মৰ ভিত্তিত মানুহৰ মাজত কোনো ধৰণৰ ভেদাভেদ থকা উচিত নহয়। বিবেকানন্দৰ মতে মানুহক ভালপোৱাই হ’ল ঈশ্বৰক ভাল পোৱা, কাৰণ প্রত্যেক মানুহৰ অন্তৰত ঈশ্বৰ আছে। বিবেকানন্দই জাতিভেদ, অন্ধবিশ্বাস পৰিহাৰ কৰি স্বাধীনতা, সমতা, ভাতৃত্ববোধৰ ভাব জগাই তুলিবলৈ জনসাধাৰণক আহ্বান জনাইছিল। এই মিছনে বহুতো স্কুল, চিকিৎসালয় আদি সমাজৰ দুৰ্বল লোকসকলৰ সহায়ৰ কাৰণে স্থাপন কৰিছিল আৰু বর্তমানেও সিবিলাকে বিভিন্ন ঠাইত সক্রিয়ভাৱে সেৱা আগবঢ়াই আছে।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১ : ব্ৰিটিছ শাসনৰ সময়ত ভাৰতৰ সমাজ ব্যৱস্থাত প্রচলিত কেইটামান কু প্ৰথাৰ নাম লিখা।

উত্তৰ : ব্ৰিটিছ শাসনৰ সময়ত ভাৰতৰ সমাজ ব্যৱস্থাত প্ৰচলিত কেইটামান কু প্ৰথা আছিল— বাল্য বিবাহ, সতীদাহ প্রথা, পর্দা প্রথা, স্ত্রী শিক্ষাত গুৰুত্ব নিদিয়া ইত্যাদি। 

প্রশ্ন ২: ভাৰতবৰ্ষত কেতিয়া আৰু ক’ত প্ৰথমে মহিলাৰ কাৰণে পৃথক বিদ্যালয় স্থাপন কৰা হৈছিল ?

উত্তৰ : ১৯১৬ চনত মহাৰাষ্ট্ৰৰ পূণে চহৰত। 

প্রশ্ন ৩ : ভাৰতৰ কোনগৰাকী সমাজ সংস্কাৰকে চিকাগোত অনুষ্ঠিত বিশ্ব ধর্ম সন্মিলনত বক্তৃতা দিছিল ?

উত্তৰ : স্বামী বিবেকানন্দই।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top