শৈক্ষিক ভ্রমণ ৰচনা | Educational Travel Essay in Assamese

শৈক্ষিক ভ্রমণ ৰচনা | Educational Travel Essay in Assamese

Join Telegram channel

মানুহ গতিশীল। মানুহৰ মনৰ গতিশীলতাক হাত-ভৰি আদি অংগ-প্রতংগই বাস্তৱায়িত কৰে। সকলাে মানুহৰে ভ্ৰমণৰ আকাংক্ষা থাকে। মানুহৰ তেজত ভ্ৰমণৰ তীব্র অনুভূতি সময়ত জাগ্রত হয়। মানুহ স্বভাৱতঃ ভ্রমণবিলাসী। এই বিশাল পৃথিৱীত কত বিচিত্র দেশ-দেশাশুৰ, কত নদী-নিজৰা, জান-জুৰি, পৰ্বত-পাহাৰ, সেউজী অৰণ্য আৰু বিশাল সমুদ্রশিয়ে মানুহক হাত বাউল দি অহর্নিশে আহ্বান কৰি আছে।

এই বিশাল-বিপুলা ধৰিত্ৰীক জানিবলৈ সকলােৰে আগ্রহ হয়, উৎকণ্ঠা জাগে। এই নিসর্গ জগতখনৰ লগত মানৱ অন্তৰৰ এটা নিগুঢ় যােগসূত্র যুগে যুগে স্থাপিত হৈ আহিছে। এই যােগসূত্ৰৰ বাবেই কবি ৱৰ্ডছৱৰ্থে নিজেক “A worshipper of Nature” বুলি অভিহিত কৰিছে। কবি বাইৰণেও প্রকৃতিক ইমানেই ভাল পাই কৈছিল “I love not man the less, but Nature more” গতিকে মানুহৰ অন্তৰাত্মাৰ মর্মবাণী হৈছে- “চবৈবেতি চৰৈবেতি’- চলা চলা, গৈ থাকা, গৈ থাকা। এই পৃথিৱীৰ সকলাে দেশ, সকলাে মানুহ, সকলাে ঠাই দেখাটো মানৱ জীৱনত সম্ভৱপৰ নহয়। আমাৰ অজ্ঞাতে কত দেশ, কত ঠাই, কত বিচিত্র মানৱ সমাজ আৰু কেনে তেওঁলােকৰ জীৱন-ধাৰা আদি- অদৃশ্যভাৱেই ৰৈ যায় । সেইবাবেই ভ্ৰমণৰ প্রবল ইচ্ছা মানুহৰ অন্তৰত জাগ্রত হয়।

শৈক্ষিক ভ্রমণ ৰচনা

শৈক্ষিক ভ্রমণে সামগ্রিক ভ্রমণৰে এটি অংগ। ইংৰাজীত শৈক্ষিক ভ্রমণক Educational Tour বােলে। ছাত্র-ছাত্ৰীসকলে শিক্ষাজীৱনত সাহিত্য, বুৰঞ্জী, ভূগােল, বিজ্ঞান আদি বিষয় সম্বন্ধে অধ্যয়ন কৰি স্কুল কলেজ শিক্ষাত পুথিগত শিক্ষাইহে প্রাধান্য লাভ কৰে। ছাত্র-ছাত্রীসকলে শিক্ষা-দীক্ষা লৈ যেতিয়া সংসাৰ যাত্ৰাত প্ৰৱেশ কৰে, তেতিয়া তেওঁলােকে আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হয়। কেৱল পুথিগত শিক্ষাই শিক্ষাক পৰিপূৰ্ণ কৰিব নােৱাৰে। শিক্ষাৰ পৰিপূৰ্ণতাৰ বাবে শৈক্ষিক ভ্রমণ অপৰিহাৰ্য। ভ্রমণ শিক্ষাই ছাত্ৰ-ছাত্ৰীক বিভিন্ন দেশৰ লোেক-জীৱন, লােক-সংস্কৃতি, বেপাৰ-বাণিজ্য, শিল্প-উদ্যোগ, অর্থনীতি, খেতি বাতিৰ লগতে নানাদেশৰ ভূ-প্রকৃতিৰ বিষয়েও জ্ঞান দিব পাৰে। বর্তমান যুগত সেইবাবে স্কুল-কলেজৰ শিক্ষাৰ লগে লগে শিক্ষাৰ পৰিপূর্ণতা লাভৰ বাবে শৈক্ষিক ভ্ৰমণৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে।

পাঠ্য পুথিৰ বিষয় জ্ঞান-লাভ

ছাত্ৰ-ছাত্ৰীসকলে ছাত্রজীৱনত সাহিত্য, বিজ্ঞান, সমাজ-অধ্যয়ন, বুৰঞ্জী, ভূগােল, নীতিশাস্ত্র, অর্থনীতি, দর্শন আদি বিবিধ বিষয়ৰ জ্ঞান লাভ কৰে। এই জ্ঞান পাঠ্যপুথিৰসৰা পােৱা পুথিগত জ্ঞানহে। ইয়াৰপৰা বাস্তৱ জ্ঞান লাভ কৰা সহ নহয়। কিছু বিষয়ৰ ওপৰত বাস্তব জ্ঞান লাভত ভ্রমণে বিশেষভাৱে সহায় কৰে। আমাৰ চকুৰ আগত উন্মুক্ত আকাশৰ তলত জীৱন্ত পৃথিৱীখন, নানা দেশ, নানা ৰঙৰ প্রকৃতি পৰিত গছে। এই জীৱন্ত পৃথিৱীখনৰ অধিবাসীসকলৰ সংগ লাভকৰি তেওঁলােকৰ জীৱনধাৰা সম্পর্কে যি জ্ঞান লাভ কৰা যায়; সিহে প্রকৃত জ্ঞান।

ভ্রমণ বাস্তব জ্ঞান লাভৰ সমল

মানুহে নিজৰ দৈনন্দিন কর্মময় জীৱনৰপৰা মুক্তি পাবলৈ কেতিয়াবা বিচাৰে। দেশ ভ্রমণৰ দ্বাৰা এই মুক্তি পাবলৈ কেতিয়াবা বিচাৰে। দেশ ভ্রমণৰ দ্বাৰা এই মুক্তি সম্ভৱপৰ হয়। প্রত্যেক মানুহেবৃহত্তৰ মাজত নিজকে চাবলৈ বিচাৰে। মানুহৰ মনত আন বহুতৰ মাজত নিজকে মিলাই দিয়াৰ অনন্ত আকুতি জন্মে। সেইবাবে ছাত্র-ছাত্রীসকলে যাতে দেশৰ ইতিহাসপ্রসিদ্ধ আৰু ভৌগােলিক বৈশিষ্ট্যপূর্ণ স্থানসমূহ, ভ্ৰমণ কৰি বাস্তৱৰ লগত মুখামুখি হৈ পৰিচিত হ’ব পাৰে তাৰবাবে শৈক্ষিক ভ্ৰমণৰব্যৱস্থা কৰা হৈছে। দেশৰ মহান কবি, সাহিত্যিক, মনীষীসকলৰ বৈশিষ্ট্যপূর্ণবাসগৃহ, জন্মভূমি, ইতিহাস-প্রসিদ্ধ স্থান আৰু সাংস্কৃতিক ভৌগােলিক বৈশিষ্ট্যপূর্ণ স্থানসমূহ যাতে ছাত্ৰসকলে কম খৰচতে গ্রীষ্ম বা পূজাবন্ধৰ সময়ত চাব পাৰে তাৰ বাবে স্কুল-কলেজ কর্তৃপক্ষই ব্যৱস্থা কৰে। এই শৈক্ষিক ভ্ৰমণৰ বাবে চৰকাৰৰপৰা অর্থসাহায্যও দিয়া হয়। ছাত্র-ছাত্রীৰ এই ভ্ৰমণৰ সাৰথি হয় বিদ্যালয়ৰ শিক্ষক বা কলেজৰ কোনাে কোনাে অধ্যাপক। এই ভ্ৰমণৰ ফলত ছাত্র-ছাত্ৰীসকলে নানা স্থান দেখি, ভিন্ন ভিন্ন ঠাইৰ মানুহৰ লগত সম্পর্ক ঘটাইযি বাস্তৱ জ্ঞান লাভ কৰে সিয়ে নৱজীৱন দান কৰে। ভ্ৰমণৰ এয়ে ৰহস্য- এয়ে বিশেষ তাৎপর্য।

Read Also: স্বদেশপ্রেম ৰচনা | Patriotism Essay in Assamese

শিক্ষামূলক ভ্ৰমণৰ তাৎপর্য

শিক্ষামূলক ভ্ৰমণৰ বিশেষ তাৎপর্য আছে। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ মনৰ বিকাশ ঘটে, সাহস বাঢ়ে তথাবাকপটুতাও বাড়ে। দেশৰ অর্থনৈতিক, সাংস্কৃতিক, সামাজিক, ভৌগােলিক পৰিস্থিতিৰ লগত পৰিচয় ঘটাৰ ফলত ছাত্র-ছাত্রীৰ চিন্তাশক্তি বৃদ্ধি পায় আৰু মনত কিবা কৰাৰ প্ৰেৰণা লাভ কৰে। এনেদৰে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ পাঠ্যপুথি অধ্যয়ন কৰি যি জ্ঞান লাভ কৰে, ভ্ৰমণৰপৰা পােৱা বাস্তৱ জ্ঞানক মিলাই যি মিল আৰু অমিল দেখে, সিয়ে তেওঁলােকক দেশৰ পৰিৱৰ্নশীল অৱস্থাকে বিশেষভাৱে প্রত্যক্ষ কৰায়। এই শিক্ষামণৰ জ্ঞানে অধীত জ্ঞান সম্প্রসাৰিত কৰে আৰু পূর্ণতা দান কৰে। তদুপৰি ইয়ে ছাত্র-ছাত্ৰীসকলৰ মনৰ সংকীর্ণতা দূৰ কৰায়।ভ্রমণকালত পােৱা মানুহৰ লগত হােৱা আলাপ-আলােচনাই তেওঁলােকৰ মনুষ্যত্বৰ বিকাশ ঘটাই তাক এটা বৃহত্তৰ পৰিস্থিতিলৈ আগবঢ়াই নিয়ে। ভ্রমণে ভি ভি ঠাইৰ মানুহৰ আচাৰ, ব্যৱহাৰ, ৰীতিনীতি ধর্ম-কর্ম, সভ্যতা-সংস্কৃতিৰ লগত পৰিচিত হােৱাৰ ফলত বৃহত্তৰ মানৱীয় জীৱনকো উপলব্ধি কৰায়। শিক্ষা ভ্ৰমণৰ ফলত মানৱ সংস্কৃতি বিকাশৰ পথে সুগম হয়।

Read Also: Class 11 English Question Answer

কেগৰাকীমান ঐতিহাসিক ভ্ৰমণকাৰী

বিশ্বৰ কেইগৰাকীমান বিশিষ্ট পব্রিাজক গােটেই বিশ্ববাসীৰে অমূল্য সম্পদস্বরূপ। তেওঁলােক হৈছে- হিউৱেন চাং, ফা হিয়ান, আলবেৰুণী, ইবনবতুতা আদি। এই প্রখ্যাত পর্যটকসকলে বিশ্বৰ দেশ-দেশান্তৰৰ সভ্যতা-সংস্কৃতিৰ সম্যক পৰিচয় লাভৰ বাবে নানা ঘাত-প্রতিঘাত সহ্য কৰি, জীৱনকো তুচ্ছ জ্ঞান কৰি দুৰ্গম ঠাইলৈও গৈছিল। এওঁলােকৰ ভ্ৰমণ বৃত্তান্তত অতীতকালৰ দেশ কিছুমানৰ ৰাজনৈতিক, সামাজিক, অর্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক অৱস্থাৰ সুন্দৰ নিদর্শন পােৱা যায়। এওঁলােকৰ উপৰি পৃথিৱীৰ আৰু কেইগৰাকীমান পৰ্যটকৰ নাম বিশ্ব ইতিহাসত পােৱা যায়। তেওঁলােক হৈছে- ভাস্কো-ডা-গামা, কলম্বাছ, লিভিংষ্টোন, কেপ্তেইন কুক আৰু মার্কো পােলাে প্রভৃতি। এওঁলােকৰ দুৰ্বাৰ অথচ দুঃসাহসিক পর্যটনৰ ফলত আজি পৃথিৱীৰ দুৰ্গম দেশ-দেশান্তৰ মানুহৰ জ্ঞান হাতৰ মুঠিলৈ আহিছে। তেওঁলােকৰ দুৰ্বাৰ কষ্টসাধ্য পর্যটনৰ ফলত পৃথিৱীৰ অনেক অজ্ঞাত স্থান, গিৰি-গুহা, পর্বত-নদী, সাগৰ-মহাসাগৰ, দেশ-দেশান্তৰ আৱিষ্কাৰ হােৱাৰ ফলত আজি মানুহৰ জ্ঞান-ভাণ্ডাৰ যথেষ্ট সমৃদ্ধ হৈ উঠিছে।

দেশ ব্যৱস্থাৰ উন্নতি

অতি প্রাচীন কালত পর্যটন ব্যৱস্থা কষ্টসাধ্য আছিল। কিন্তু বর্তমান বৈজ্ঞানিক পৰিবহণ ব্যৱস্থা আৰু উন্নত মানৰ ৰাস্তা-ঘাটৰ সা-সুবিধাৰ বাবে দেশ ভ্রমণ যথেষ্ট সহজসাধ্য হৈ উঠিছে। দেশে দেশে। ৰেলপথৰ বিস্তৃতি ঘটিছে, ডাঙৰ ডাঙৰ নদীৰ ওপৰত বিশালকায় দলং তৈয়াৰ হৈছে। ৰেল, মটৰ, জাহাজ, এবােপ্লেন আদি যানবাহন প্রচলন হােৱাৰ ফলত বাট-পথৰ বাধা-বিঘিনি প্রায় উপশম হৈছে। তদুপৰি পর্যটন ব্যৱস্থাত সাহায্য কৰাৰ বাবে চৰকাৰীভাৱে দেশে দেশে, টুৰিষ্টব্যুৰাে’স্থাপন কৰা হৈছেএই ট্যুৰিষ্টব্যুৰােবা পর্যটন দপ্তৰৰ দ্বাৰা ভ্রমণকাৰীৰ সুবিধাৰ বাবে দ্রষ্টব্য স্থান সম্বন্ধে বিশদ বিৱৰণ, পথৰ বৰ্ণনা, মানচিত্র আদি যােগান ধৰি পর্যটকসকলক নানাভাৱে সহায় কৰা হয়।

শৈক্ষিক ভ্ৰমণৰ উপকাৰিতা

বর্তমান কালত দেশভ্রমণ শিক্ষাৰ এটি অপৰিহার্য বিষয় হিচাপে স্বীকৃতি হৈছে। ছাত্র-ছাত্রীসকলে দেশ ভ্ৰমণৰ ফলত দেশ-বিদেশৰ প্ৰাকৃতিক, সাংস্কৃতিক, সামাজিক, ভৌগােলিক পৰিস্থিতিৰ আৰু মানুহৰ জীৱনধাৰণৰ প্ৰত্যক্ষ জ্ঞান লাভ কৰি সেইবােৰৰ বিষয়ে জাগ্রত হােৱা অনুভূতিৰাশি প্রকাশ কৰাৰ প্ৰেৰণা লাভ কৰে। শৈক্ষিক ভ্রমণে ছাত্ৰ-ছাত্ৰীৰ মনত দেশপ্ৰেমৰ অনুভূতি জাগ্রত কৰে। নিজৰ দেশৰ তুলনাত আন দেশৰ উন্নতি দেখি নিজৰ দেশৰ উন্নতিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মন উদ্বুদ্ধ হয়। এনে ভ্ৰমণৰ ফলত স্বদেশপ্রেমৰ লগে লগে ছাত্রসমাজৰ মনত মনুষ্যত্বৰৰ বিকাশ সধিত হয়। তদুপৰি ছাত্ৰ-ছাত্ৰীৰ বাবে মনৰ প্ৰসাৰতা, হৃদয়ৰ ব্যাপ্তি আৰু তাৰ লগে লগে পাৰস্পৰিক বুজা-পৰাৰ মাজেৰে অখণ্ড সংহতি স্থাপনাে দেশ ভ্রমণৰ এটা অতি গুৰুত্বপূৰ্ণ ফল।

স্কুল-কলেজে শৈক্ষিক ভ্ৰমণৰ বাবে চৰকাৰী আর্থিক অনুদান লাভ কৰাৰাে ব্যৱস্থা আছে। শিক্ষামূলক ভ্রমণৰ প্ৰতি ছাত্র-ছাত্রীসকল উৎসাহী হােৱাৰ ক্ষেত্ৰত শিক্ষক অধ্যাপকসকলৰৰ দায়িত্ব নােহােৱা নহয়।

সামৰণি

আজি গােটেই পৃথিৱীতেই দেশভ্রমণৰ জনপ্রিয়তা ছাত্র-সমাজৰ মনতাে বাঢ়িছে। ৰাষ্ট্ৰসংঘইও সামগ্রিকভাৱে দেশভ্রমণক বিশ্বশান্তিৰ অন্যতম উপায় বুলি অভিহিত কৰিছে। সেইবাবে আজি পৃথিৱীত নানা দেশৰ লাখ লাখ ভ্রমণ-বিলাসী মানুহৰ দল গােটেই পৃথিবীতে পিয়াপি দিব ধৰিছে। তথাপিত আজি উপলব্ধি হয়, শিক্ষা যেন মনুষ্যত্বৰ আদর্শ বিবর্জিত এটি বিলাসৰ বিষয়হে। আজি শিক্ষাৰ লগত জীৱনৰ সংযােগ সংগতি নাই। সমগ্র পৃথিৱী আজি মনুষ্যত্বৰ সংকটত অস্থিৰ। মানুহৰ লগত মানুহৰ নিবিড় সম্পর্ক স্থাপন হলে, মানুহে মানুহক মৰম-চেনেহ আৰু প্ৰীতিৰ এনাজৰীডালেৰে বান্ধিব পাৰিলে মানৱ জাতিৰ কল্যাণ হ’ব। বিশ্বত শান্তিয়ে বিৰাজ কৰিব।

শৈক্ষিক ভ্রমণে জ্ঞানৰ পৰিপূৰ্ণত সাধন কৰাৰ লগে লগে মানুহৰ লগত মানুহৰ সংযােগৰ ভাবটিও দৃঢ়তৰ কৰে। মানুহে মানুহৰ বাবে অকণ হ’লেও ভাবিবলৈ যত্ন কৰে। সেইবাবে শিক্ষা ভ্ৰমণৰ গুৰুত্ব আৰু বৈশিষ্ট্য বিশেষ তাৎপর্যপূর্ণ। ছাত্র-ছাত্রীসকলে এই তাৎপর্য উপলব্ধি কৰি নিজৰ জীৱন মহান কৰিবলৈ আগবঢ়া উচিত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top