Class 9 Science Chapter 11 কাৰ্য্য আৰু শক্তি

Class 9 Science Chapter 11 কাৰ্য্য আৰু শক্তি, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Science Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 9 Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Science Chapter 11 কাৰ্য্য আৰু শক্তি Question Answer can be of great value to excel in the examination.

Class 9 Science Chapter 11 কাৰ্য্য আৰু শক্তি

Join Telegram channel

SEBA Class 9 General Science Chapter 11 কাৰ্য্য আৰু শক্তি Notes cover all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Science Chapter 11 কাৰ্য্য আৰু শক্তি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

কাৰ্য্য আৰু শক্তি

Chapter – 11

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

1. কেতিয়া আমি কাৰ্য্য সম্পাদন হোৱা বুলি কওঁ ? 

উত্তৰঃ কোনো বস্তুৰ ওপৰত বলে ক্রিয়া কৰাৰ ফলত বলৰ প্ৰয়োগ বিন্দুৰ স্থানান্তৰ হ’লৈ কাৰ্য্য সম্পাদন হোৱা বুলি কোৱা হয়। 

2. বস্তু এটাৰ সৰণৰ দিশত প্ৰয়োগ হোৱা বলৰ দ্বাৰা সম্পাদিত কাৰ্য্যৰ প্ৰকাশৰাশি লিখা।

উত্তৰ যদি বল F আৰু সৰণ S হয় তেন্তে কাৰ্য্য

W = F  × S

3. এক জুল কাৰ্য্যৰ সংজ্ঞা দিয়া।

উত্তৰঃ কোনো বস্তুৰ ওপৰত এক নিউটন বল প্রয়োগ কৰিলে যদি বস্তুটোৰ বলৰ দিশত এক মিটাৰ সৰণ হয়, তেনেহএল সম্পাদিত কাৰ্য্যৰ পৰিমাণ এক জুল। 

4. এহাল বলধে নাঙলত IN বল প্রয়োগ কৰা হাল বোৱা পথাৰখন 15m দীঘল। পথাৰত হাল বাওঁতে কিমান কাৰ্য্য কৰা হ’ল উলিওৱা।

উত্তৰঃ ইয়াত,  F = 1N

                    S = 15m

                   W = ?

আমি জানো যে, W = F × S

                          = 1 × 15 N.m

                          = 15 J

               ∴    W = 15 J

প্রশ্নাৱলী

1. বস্তু এটাৰ গতিশক্তি বুলিলে কি বুজা?

উত্তৰঃ  বস্তুৱে গতিৰ ফলত লাভ কৰা শক্তিক গতিশক্তি বুলি কোৱা হয়। গতিশীল বস্তুৱে কাৰ্য্য সম্পাদন কৰিব পাৰে।

2. বস্তু এটাৰ গতিশক্তিৰ প্ৰকাশ ৰাশি লিখা।

উত্তৰ: ‘m’ ভৰৰ বস্তু এটাৰ বেগ ‘v’হ’লে বস্তুটোৰ গতিশক্তি, , K.E. = ½ mv²

3. 5m/sec বেগেৰে   গতিশীল এটা m ভৰৰ বস্তু এটাৰ গতিশক্তি 25 J ৷ ইয়াৰ বেগ দুগুণ কৰিলে গতিশক্তি কিমান হ’ব বেগ তিনিগুণলৈ বৃদ্ধি কৰিলে গতিশক্তি কিমান হ’ব?

উত্তৰঃ ইয়াত V = 5m/sec

               K.E = 25 J

                  m = ?

আমি জানো যে, KE = ½ mv²

                        =  25  = ½ m.5²

                        =  25 =  ½  m.25

                        = ½m  = 1

                        = m = 2 kg

এতিয়া,    V = 2 × v

                 = 2 x 5m/sec

                 = 10m/sec

          KE  =  ?

          K.E.= ½ mv¹²  

                 = ½ × 2 × 10²

           K.E. = 100 J

আকৌ, V   = 3  × v

               = 3 × 5m/sec

               = 15m/sec

        K.E.=  ½ mv¹²

               = ½ × 2 × 15²

               = 225 

       K.E. = 225 J

প্রশ্নাৱলী

1. ক্ষমতা কাক বোলে?

উত্তৰঃ একক সময়ত সম্পাদিত হোৱা কাৰ্য্যৰ পৰিমাণক ক্ষমতা বোলে। 

2. 1 ৱাট ক্ষমতাৰ সংজ্ঞা দিয়া।

উত্তৰঃ এক ছেকেণ্ডত। জুল কাৰ্য্য সম্পাদিত হ’লে ক্ষমতাৰ পৰিমাণক এক বাটা বোলা হয়। 

3. বাল্ব এটাই 10Sত  100J বৈদ্যুতিক শক্তি ব্যায় কৰে। ইয়াৰ ক্ষমতা কিমান? 

উত্তৰঃ ইয়াত, W = 100 J

                     t = 10 S

                      P = ?

আমি জানো যে,

                 P  = w/t 

                     = 100 /10

                     = 10 বাট

            ∴    P = 10 বাট

4. গড় ক্ষমতাৰ সংজ্ঞা দিয়া।

উত্তৰঃ  মুঠ কাৰ্য্য সম্পাদক মুঠ সময়েৰে হৰণ কৰিলে গড় ক্ষমতা পোৱা যায়। অর্থা —

গড় ক্ষমতা = মুঠ কাৰ্য্য / মুঠ সময়

অনুশীলনী

1. তলত দিয়া তালিকাৰ কাৰ্যকলাপবোৰলৈ মন কৰা। কাৰ্য ৰাশিটোৰ ওপৰত তোমাৰ ব্যুৎপত্তিৰ আধাৰত কাৰ্য সম্পন্ন হোৱা বা নোহোৱা সন্দৰ্ভত যুক্তি প্ৰদৰ্শন কৰা।

* সোমাই পুখুৰীত সাঁতুৰি আছে।

উত্তৰঃ কার্য সম্পাদন হৈছে। কাৰণ সাতোৰোতে বল প্রয়োগৰ দ্বাৰা স্থানৰ পৰিবৰ্তন হৈছে। 

* গাধ এটাই বোজা কঢ়িয়াই আছে।

উত্তৰঃ কার্য সম্পাদন হৈছে। কাৰণ গাধটোৱে প্ৰয়োগ কৰা বলৰ দিশত বোজাটোৱে গতি কৰিছে। (মাধ্যাকর্ষণ বলৰ দ্বাৰা কোনো কার্য সম্পাদন হোৱা নাই। কিয়নো মাধ্যাকর্ষণ বল আৰু বোজাটোৰ গতিৰ দিশ পৰস্পৰ লম্ব।) 

* বায়ুকল এটাই কুঁৱাৰ পৰা পানী তুলি আছে।

উত্তৰঃকার্য সম্পাদন হৈছে। এই ক্ষেত্ৰত বায়ু কলটোৱে প্ৰয়োগ কৰা বলব দিশত পানীখিনিৰ স্থানাস্তৰ হৈছে।

* সেউজীয়া গছ এডালে সালোকসংশ্লেষণ প্রক্রিয়া চলাই আছে।

উত্তৰঃ কোনো কার্য সম্পাদন হোৱা নাই। কাৰণ এই ক্ষেত্ৰত বল প্রয়োগ হোৱা নাই।

* ইঞ্জিন এটাই ট্রেইন এখন টানি আছে।

উত্তৰঃবল প্রয়োগ হৈছে। কাৰণ ইঞ্জিনটোৱে প্ৰয়োগ কৰা বলৰ দিশত ট্ৰেইনখনে গতি কৰিছে।

* সূৰ্য্যৰ তাপত শষ্য শুকাই আছে।

উত্তৰঃ কোনো কার্য সম্পাদন হোৱা নাই। কাৰণ কার্য সম্পাদন হ’বলৈ বস্তুটো স্থানান্তৰ হ’ব লাগিব। এই ক্ষেত্ৰত কোনো এটা চৰপূৰ হোৱা নাই। 

* বায়ু শক্তিৰে পালনাও এখন গৈ আছে।

উত্তৰঃ কার্য সম্পাদন হৈছে। এই ক্ষেত্ৰত বায়ুৱে প্ৰয়োগ কৰা বলৰ দিশত নাওঁখনে গতি কৰিছে।

2. ভূমিৰ লগত কোনো কোণত প্ৰক্ষেপ কৰা বস্তু এটাই বজ্ৰ পথেৰে গতি কৰি পুনৰায় ভূমিলৈ উভতি আহিল। বস্তুটোৰ যাত্ৰাপথৰ প্ৰাৰম্ভিক আৰু অন্তিম বিন্দু একেডাল অনুভূতিক ৰেখাত অৱস্থিত। মাধ্যাকর্ষণ বলে বস্তুটোৰ ওপৰত কিমান কাৰ্য কৰিলে? 

উত্তৰঃ মাধ্যাকর্ষণ বলে এই ক্ষেত্ৰত কোনো কাৰ্য কৰা নাই। কাৰণ মাধ্যাকর্ষণ বল আৰু বস্তুটোৰ স্থানান্তৰৰ দিশ পৰস্পৰ লম্ব হৈছে।

3. বেটেৰী এটাই বাল্ব এটা জ্বলালে। প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈ থকা শক্তিৰ ৰূপান্তৰবোৰৰ বৰ্ণনা দিয়া। 

উত্তৰঃ বেটাৰীৰে বাল্ব জ্বলালে প্ৰথমতে বেটাৰীত নিহিত থকা ৰাসায়নিক শক্তি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ হয়। তাৰপিছত বিদ্যুৎ শক্তিখনি ক্রমান্বয়ে তাপ শক্তি আৰু পোহৰ শক্তিলৈ ৰূপান্তৰ হয়।

4. 20 kg ভৰৰ ওপৰত প্ৰযুক্ত কোনো বলে তাৰ বেগ 5ms ৰ পৰা 2m⁻¹লৈ পৰিবৰ্তন কৰিলে। বলটোৱে সম্পাদন কৰা কাৰ্য নির্ণয় কৰা।

উত্তৰঃ ইয়াত, ভৰ,  m = 20 kg 

       প্ৰাৰম্ভিক বেগ, u = 5.m/s 

          অন্তিম বেগ, v = 2 m/s 

                   কার্য, w = ?

আমি জানো যে, 

  W = ½ mv² – ½ mu²

      = ½ × 20 × 2 – ½ × 20 × 5

      = 40 – 250

      = -210 J

নিৰ্ণেয় কাৰ্যৰ পৰিমাণ – 210J

5. 10 kg ভৰৰ বস্তু এটা টেবুল এখনৰ A বিন্দুত অৱস্থিত আছিল। ইয়াক B বিন্দুলৈ স্থানান্তৰিত কৰা হ’ল। যদি A আৰু Bক সংযোগ কৰা ৰেখাডাল অনুভূমিক হয় তেন্তে মাধ্যাকর্ষণিক বলে বস্তুটোৰ ওপৰত কৰা কাৰ্য কিমান হ’ব? তোমাৰ উত্তৰ ব্যাখ্যা কৰা।

উত্তৰঃ 0

6. মুক্তভাৱে অধোগামী বস্তুৰ স্থিতিশক্তি ক্রমান্বয়ে হ্রাস পায়। ই শক্তিৰ সংৰক্ষণ সূত্র ভঙ্গ কৰেনে? কিয়? 

উত্তৰঃ ই শক্তি সংৰক্ষণ সূত্ৰ ভংগ নকৰে। এই ক্ষেত্ৰত হ্রাস পোৱা স্থিতি গতিশক্তিলৈ ৰূপান্তৰ হয়।

7. তুমি চাইকেল চলোৱা অৱস্থাত সংঘটিত শক্তিৰ বিভিন্ন ৰূপান্তৰবোৰ কি কি? 

উত্তৰঃ চাইকেল চলাওতে শাৰীৰিক শক্তি (পেশী শক্তি) গতি শক্তিলৈ ৰূপান্তৰ হয়। বেল বজাওতে শাৰীৰিক শক্তি আকৌ শব্দ শক্তিলৈ ৰূপান্তৰ হয়। যদি চাইকেলত লাইটৰ ব্যৱস্থা থাকে তেন্তে তেতিয়া গতিশক্তি প্রথমতে বিদ্যুৎ শক্তিলৈ আৰু বিদ্যুৎ শক্তি পোহৰ শক্তিলৈ ৰূপান্তৰ হয়।

8. তুমি প্রকাণ্ড শিল এটা সৰ্বশক্তিৰে ঠেলাৰ প্ৰচেষ্ঠা চলাই বিফল হ’লে শক্তিৰ কিবা ৰূপান্তৰ ঘটিবনে? তুমি ব্যয় কৰা শক্তিখিনি ক’লৈ গ’ল? 

উত্তৰঃ শক্তিৰ ৰূপান্তৰ হ’ব। এই ক্ষেত্ৰত শাৰীৰিক শক্তিখিনি ৰাসায়নিক শক্তিলৈ (শ্বসন) আৰু তাপ শক্তিলৈ ৰূপান্তৰ হ’ব। 

9. কোনো এটা ঘৰত এমাহত মুঠ 250 ‘ইউনিট’ ব্যায় হয়। এই শক্তি জুল এককত কিমান হ’ব? 

উত্তৰঃ ব্যয় হোৱা শক্তি = 250 একক

                              = 250kwh

                              = 250×1000×60×60w sec

                              = 9 × 10⁹ JI1

10. 40 kg ভৰৰ বস্তু এটা ভূমিৰ পৰা 5m ওপৰলৈ উঠোৱা হ’ল। ইয়াৰ স্থিতিশক্তি কিমান হ’ব? যদি বস্তুটো পৰিবলৈ দিয়া হয় তেন্তে আসা দূৰত্ব অতিক্ৰম কৰাৰ মূহুৰ্তত তাৰ গতিশক্তি উলিওৱা।

উত্তৰঃ দিয়া আছে.  

m = 40kg

g = 10m/s² (প্রায়)

h= 5m

Ep = ?

আমি জানো যে, Ep = mgh 

                             = 40 × 10 × 5

                             = 2000j

বস্তুটো আধা দূৰত্ব অতিক্রম কৰোতে স্থিতি শক্তি হ’ব,

Ep = mg h/2

     = 2000 / 2

      = 1000H

এই হেৰোৱা শক্তিখিনি গতিশক্তিলৈ ৰূপান্তৰ হ’ব। অর্থাৎ সেই বিন্দুত বস্তুটোৰ গতি শক্তি হ’ব 1000 J 

11. পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা উপগ্ৰহ এটাত মাধ্যাকর্ষণিক বলে কিমান কার্য সম্পন্ন কৰে? তোমাৰ উত্তৰ যুক্তিৰে প্ৰতিপন্ন কৰা। 

উত্তৰঃ কোনো কাৰ্য নকৰে। কাৰণ আমি জানো যে বলৰ প্ৰয়োগৰ দিশ আৰু বস্তুটোৰ গতিৰ দিশ পৰস্পৰ লম্ব হলে কোনো কার্য সম্পাদন নহয়। উপগ্ৰহটোৰ ওপৰত পৃথিৱীয়ে নিজৰ নহয়। উপগ্ৰহটোৰ ওপৰত পৃথিৱীয়ে নিজৰ কেন্দ্ৰৰ ফালে বল প্রয়োগ কৰিছে কিন্তু উপগ্ৰহটোৱে এই বলৰ লম্ব দিশতহে গতি কৰিছে।

12. বস্তুৰ ওপৰত বল প্রয়োগ নোহোৱাকৈ তাৰ সৰণ হ’ব পাৰেনে? চিন্তা কৰা তদুপৰি প্ৰশ্নটোৰ বিষয়ে বন্ধু-বান্ধব আৰু শিক্ষকৰ সৈতে আলোচনা কৰা? 

উত্তৰঃ পাৰে । কিয়নো গতিশীল বস্তুত বাধা প্রদান নকৰিলে ই সদায় গতিয়েই কাৰি থাকিব অর্থাৎ বস্তুটোৰ সৰণ হৈ থাকিব। 

13. মানুহ এজনে মুৰত এমুঠা খেৰ লৈ ৪ ঘণ্টা সময় ৰৈ থাকি ভাগৰ অনুভব কৰিলে, তেওঁ কিবা কাৰ্য কৰিলেনে? তোমাৰ উত্তৰ যুক্তিৰে প্ৰতিপন্ন কৰা।

উত্তৰঃ কোনো কাৰ্য কৰা নাই। আমি জানো কার্য সম্পাদন হ’বলৈ কোনো বস্তুত বল প্রয়োগ হ’ব লাগিব আৰু বলৰ দিশত বস্তুটোৰ স্থানান্তৰ হ’ব লাগিব। এই ক্ষেত্ৰত বল প্রয়োগ হৈছে যদিও বস্তুটো স্থিৰ হৈ থকা কাৰণে কোনো কার্য সম্পাদন নহ’ল। 

14. এটা বৈদ্যুতিক ইস্ত্ৰিৰ ক্ষমতা 1500 ৱাট। 10 ঘণ্টাত ই কিমান শক্তি ব্যয় কৰিব।

উত্তৰঃ ব্যায় হোৱা শক্তি = 1500 × 10 ৱাট ঘণ্টা

                                = 15000 ৱাট ঘণ্টা 

                                = 15 কিল’ৱাট ঘণ্টা

                                = 15 একক

15. দোলক এটাৰ পিণ্ডটো এফাললৈ টানি তাক দুলিবলৈ এৰি দিলে সংগঠিত হোৱা শক্তিৰ ৰূপান্তৰবোৰ আলোচনাৰ যোগেদি শক্তি সংৰক্ষণৰ সূত্ৰৰ সহায়ত ব্যাখ্যা কৰা। পিণ্ডটো অৱশেষত স্থিতিশীল অবস্থা প্রাপ্ত কিয় হয়? অৱশেষত ইয়াৰ শক্তিখিনি কি হয় ? ই শক্তিৰ সংৰক্ষণৰ সূত্ৰ ভংগ কৰে নেকি?

উত্তৰঃ

ধৰা হ’ল দোলকৰ পিওটো 0 অৱস্থানত আছে। এই বিন্দুত পিণ্ডটোত স্থিতিশক্তি নিহিত হৈ আছে।

যেতিয়া ইয়াক স্থানান্তৰ (Aলৈ) কৰা হ’ল তেতিয়া ই গতিশক্তিলৈ ৰূপান্তৰিত হৈ A বিন্দুত পুনৰ স্থিতিশক্তিলৈ ৰূপান্তৰ হ’ল। Aৰ পৰা 0 হৈ Bলৈ আহোতে পুনৰ স্থিতি শক্তি হ্রাস পাই গতিশক্তি বৃদ্ধি পায়। এনেদৰে এবাৰ গতি-শক্তি আৰু স্থিতি শক্তিৰ ৰূপান্তৰ ঘটি থাকে।

বায়ুৰ বাধাৰ কাৰণে অৱশেষত পিণ্ডটোৰ স্থিতিশীল অৱস্থালৈ আহে। শেষত ইপুনৰ স্থিতিশক্তিৰে পূৰ্ণ হৈ থাকে। ক্ষেত্ৰত ইশক্তিৰ ৰক্ষণশীলতাৰ সূত্ৰ ভংগ নকৰে। 

16. m ভৰৰ বস্তু এটাই স্থিৰ বেগ vৰে গতি কৰি আছে। বস্তুটোক স্থিতিশীল অৱস্থালৈ আনিবলৈ কিমান কার্য কৰিব লাগিব?

উত্তৰঃ আমি জানে যে গতিশক্তিৰ পৰিবৰ্ত্তনেই হ’ল কৰা কাৰ্যৰ পৰিমাণ। ইয়াত, 

প্ৰাৰম্ভিক বেগ = v

   অন্তিম বেগ = 0

     অর্থাৎ, W = ½ – mv² – ½mv²

                    = ½ mv²

17. 60 km/h বেগেৰে গৈ থকা 1500 kg ভৰৰ গাড়ী এখন ৰখাবলৈ কিমান কাৰ্য কৰিব লাগিব?

উত্তৰঃ ইয়াত, u = 60 km/h

                      = 60000m / 60×60 sec

               ⇒ u = 100 / 6 m/s

                   m = 1500kg

                    V = 0

                    W = ?

আমি জানো যে,

   W =  ½ – mv² – ½ mu²

        = ½ × 1500 × 0 × 750x(100/6)²

        = – 125 × 100 × 100 / 6 × 6

        = – 20833.33 J 

         = – 2.083 × 10⁴

18. তলত প্ৰতিটোতে m ভৰৰ বস্তু এটাত F বল প্রয়োগ কৰা হৈছে। দীঘল কাড়েৰে ইয়াৰ সৰণৰ দিশ পশ্চিমৰ পৰা পূবলৈ বুলি দেখুওৱা হৈছে। চিত্ৰবোৰ ভালদৰে মন কৰা আৰু বলে সম্পাদন কৰা কাৰ্য ঋণাত্মক, ধণাত্মক নে শূন্য ঠাৱৰ কৰা।

উত্তৰঃ (a) ইয়াত বল সৰণৰ সিপাৰত লম্ব। 

w = Fs Cos 90° = 0

(b) ইয়াত Fআৰু S পৰস্পৰ বিপৰীত দিশত

 W = Fs Cos 180°

= Fs (1) =-Fs = ঋণাত্মক কাৰক 

19. চনিয়ে কৈছে যে বস্তু এটাত কেইবাটাও বল ক্রিয়াশীল হৈ থকা অৱস্থাটো তাৰ ত্বম শূণ্য হ’ব পাৰে। তাইৰ সৈতে তুমি সহমত নে? কিয়?

উত্তৰঃ একমত। কাৰণ বস্তুটোৰ ওপৰত ক্রিয়াশীল বলবোৰৰ লম্ব মান শূণ্য হ’লৈ তাৰ ত্বৰণো শূণ্য হ’ব।

20. 4 টা সঁজুলিত প্ৰতিটোৰ ক্ষমতা 500 ৱাট হ’লে আৰু সঁজুলি কেইটা 10 ঘণ্টা সময়ৰ বাব চলি থাকিলে ব্যয় হোৱা শক্তি KWH এককত উলিওৱা।

উত্তৰঃ  ব্যয় হোৱা শক্তি = 4 × 500 ×10 

                               = 200000 WH

                               = 20 KWH

21. মুক্তভাৱে অধোগামী বস্তুবোৰ অৱশেষত ভূমিত উপনীত হৈ ৰৈ যায়৷ ইহঁতৰ গতিশক্তিৰ কি দশা হয়। 

উত্তৰঃ গতিশক্তি হয়। এই শক্তি অন্য শক্তিলৈ পৰিবৰ্ত্তন হয় যেনে – শব্দ শক্তি।

অতিৰিক্ত প্রশ্নোত্তৰঃ

1. কাৰ্য্য স্কেলাৰ ৰাশি নে ভেক্টৰ ৰাশি ?

উত্তৰঃ কাৰ্য্য ভেক্টৰ ৰাশি।

2. বজাৰত শাক-পাচলি আৰু অন্যান্য সকলো বস্তু আমি ভৰ লেখত কিনা-বেচা কৰোনে, ওজনৰ লেখত?

উত্তৰঃ ভৰ লেখত।

3. কাৰ্য্য সম্পাদনৰ হাৰক কি বোলে?

উত্তৰঃ ক্ষমতা।

4. কাৰ্য্য সম্পাদন হ’বলৈ কি দুটা চৰ্ত পূৰণ হ’ব লাগিব ?

উত্তৰঃ (i) বস্তুৰ ওপৰত বলে ক্ৰিয়া কৰিব লাগিব। 

(ii) বলে ক্ৰিয়া কৰাৰ ফলত বস্তুটোৰ স্থানৰ পৰিবৰ্তন হ’ব লাগিব।

5. এজন মানুহে এটা বাল্টি দাঙি ধৰি থাকোতে কাৰ্য্য সম্পাদন হৈছেনে? যদি নাই হোৱা, কিয় নাই হোৱা?

উত্তৰঃ কাৰণ বাল্টিটো দাঙি ধৰি থাকোতে যদিও বল প্রয়োগ হৈছে কিন্তু প্রয়োগ বিন্দুৰ স্থানৰ পৰিবৰ্তন হোৱা নাই। অর্থাৎ S = 0। গতিকে

    W = F ×  S

        =  F × 0

        = 0

এতেকে কাৰ্য্য সম্পাদন হোৱা নাই।

6. কাৰ্য্য সম্পাদন নোহোৱা বল প্রয়োগৰ দুটা উদাহৰণ দিয়া। 

উত্তৰঃ (i) গধুৰ শিল এটা হাতেৰে ঠেলি থাকিলেও ই লৰচৰ নহয়।

(ii) মুৰৰ ওপৰত পাচি এটা লৈ ঠিয় হৈ থাকিলেও কাৰ্য্য সম্পদান নহয়। 

7. কাৰ্য্যৰ সংজ্ঞা লিখা।এছ. আই. পদ্ধতিত কাৰ্য্যৰ একক কি? 

উত্তৰঃ পৰিবৰ্তন বস্তুৰ ওপৰত বল প্রয়োগ কৰি প্ৰয়োগ বিন্দুৰ স্থানৰ পৰিবৰ্তন ঘটোৱাকে কাৰ্য্য বোলে। কাৰ্য্যৰ S.I একক জুল। 

8. 1 কিলোগ্রাম ভৰৰ ওজন কিমান? সমীকৰণৰ দ্বাৰা বুজাই লিখা।

উত্তৰঃ আমি জানো যে ওজন W = mg 

        ইয়াত, m = 1kg

                 g  = 9.8 m/sec²

          ∴     W = 1 ×  9.8 kg. m/sec²

                     = 9.8 N

9. অশ্ব ক্ষমতা বুলিলে কি বুজা ? ইয়াক চুটিকৈ কি বুলি লিখা হয় ? 

উত্তৰঃ অশ্ব ক্ষমতা হ’ল ক্ষমতা জাখাৰ এটা সচৰাচৰ ব্যাৱহাৰ হোৱা একক। 

1 অশ্ব ক্ষমতা = 746 ৱাট

ইয়াক চুটিকৈ H.P. বুলি লিখা হয়। 

10. যান্ত্রিক শক্তি মানে কি ? ইয়াৰ দুটা ভাগ কি কি?

উত্তৰঃ যি শক্তিৰ সহায়ত কোনো এটা বস্তুৱে যান্ত্ৰিক কাৰ্য্য কৰিবলৈ সামৰ্থ হয় তেনে শক্তিক যান্ত্রিক শক্তি বোলে।

ইয়াৰ ভাগ দুটা হ’ল-

(ক) স্থিতি শক্তি।

(খ) গতি শক্তি।

11. ভৰ (m), উচ্চতা (h), কাৰ্য্য (w) আৰু মাধ্যাকর্ষণীক ত্বৰণ (g) এই চাৰিটা ৰাশিৰ মাজত কি সমন্ধ সমীকৰণ আকাৰত লিখা। 

উত্তৰঃ W = mgh

12. বিভিন্ন ধৰণৰ শক্তিৰ নাম লিখা।

উত্তৰঃ (ক) যান্ত্রিক শক্তি।

(খ) তাপশক্তি।

(গ) সৌৰ শক্তি।

(ঘ) ৰাসায়নিক শক্তি।

(ঙ) নিউক্লিয় শক্তি।

(চ) বিদ্যুত শক্তি ইত্যাদি।

13. কাৰ্য্য আৰু শক্তিৰ একক কিয় একে? 

উত্তৰঃ কাৰ্য্য কৰিব পৰা সামৰ্থই যিহেতু শক্তি সেইবাবে কাৰ্য্যৰ দৰে শক্তিৰো একক একে।

14. গতিশক্তি আৰু স্থিতিশক্তিৰ একোটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ গতিশক্তিৰ উদাহৰণ : গতিশীল বায়ুৱে ঘৰ-দুৱাৰ, গছ-গছনি ভাঙিব পাৰে। স্থিতিশক্তিৰ 

উদাহৰণ : ওপৰৰ পৰা নাৰিকল এটাই মাটিত গাতৰ সৃষ্টি কৰিব পাৰে।

15. শক্তিৰ ৰূপান্তৰৰ কেইটামান উদাহৰণ দিয়া।

উত্তৰঃ (i) সৌৰ শক্তিক সৌৰকোষৰ জৰিয়তে বিদ্যুত শক্তিলৈ ৰূপান্তৰ কৰা। 

(ii) মটৰ গাড়ীত ব্যাৱহাৰ কৰা পেট্রল, ডিজেল আদি ৰাসায়নিক শক্তিক যান্ত্রিক শক্তিলৈ ৰূপান্তৰ কৰা হয়।

(iii) ইঞ্জি, হিটাৰ আদিত বিদ্যুত শক্তিক তাপ শক্তিলৈ ৰূপান্তৰ কৰা হয়।

(iv) ইলেকট্রিক বাল্বত বিদ্যুত শক্তিক পোহৰ শক্তিলৈ ৰূপান্তৰ কৰা হয় ।

16. বাট, এম্পিয়াৰ আৰু ভল্ট – এইতিনিটাৰ সম্বন্ধ সমীকৰণেৰে প্ৰকাশ কৰা। 

উত্তৰঃ 1 ৱাট = 1 এম্পিয়াৰ  × 1 ভল্ট

17. বাট, জুল, ছেকেণ্ড —এই তিনিটাৰ সম্বন্ধ কি?

উত্তৰঃ 1 ৱাট = 1 জুল / 1 ছেকেণ্ড

18. অশ্বক্ষমতা আৰু কিল’ৱাটৰ সমন্ধ কি?

উত্তৰঃ 1 কিলোৱাট = 1000 ৱাট 

        1 অশ্বক্ষমতা = 746 ৱাট

                         = 746 / 1000 কিল’ৱাট

                         = 0.746 কিল’ৱাট

19. কেৰাচিন জ্বলে। ইয়াত কোনবিধ শক্তি নিহিত থকাৰ ফলত এনে হয়? 

উত্তৰঃ  কেৰাচিনত ৰাসায়নিক শক্তি নিহিত হৈ থাকে। জ্বলোৱাৰ ফলত ৰাসায়নিক শক্তি তাপ আৰু পোহৰ শক্তিলৈ ৰাপান্তৰিত হয়।

20. বস্তুৰ স্থিতিশক্তি আৰু গতিশক্তি কি কি কাৰকৰ ওপৰত নিৰ্ভৰশীল।

উত্তৰঃ স্থিতিশক্তি বস্তুৰ ভৰ (m) আৰু উচ্চতা (h) ৰ ওপৰত নিৰ্ভৰশীল। গতিশক্তি বস্তুৰ ভৰ (m) আৰু বেগ (v)ৰ ওপৰত নিৰ্ভৰশীল। 

21. শক্তিৰ ৰাপান্তৰ মানে কি?

উত্তৰঃ প্ৰকৃতিত শক্তিক বিভিন্ন ৰূপত পোৱা যায়। এই শক্তিসমূহ এটাৰ পৰা আনটোলৈ পৰিবৰ্তন হোৱাকে শক্তিৰ ৰূপান্তৰ বোলে।

22. প্ৰমাণ কৰা যে – স্থিতি শক্তি = mgh

উত্তৰঃ ধৰা হ’ল ‘m’ ভৰৰ বস্তু এটা ‘h’ উচ্চতালৈ তোলা হৈছে। এই ক্ষেত্ৰত বস্তুটোৰ ওপৰত কৰা

কাৰ্য্য = বল × সৰণ

        = mg × h = mgh 

বস্তুটোৰ ওপৰত কৰা এই কাৰ্য্যই বস্তুটোত স্থিতিশক্তি হিচাপে নিহিত থাকে।

∴  স্থিতিশক্তি = কাৰ্য্য

                  = mgh

23. প্ৰমাণ কৰা যে, গতিশক্তি = ½ mv2

উত্তৰঃ

ধৰা হ’ল, m ভৰৰ বস্তু এটা V বেগেৰে P বিন্দুৰ পৰা Q বিন্দুলৈ গতি কৰিছে। বস্তুটোৰ ওপৰত বিপৰীতমুখী F বলে ক্ৰিয়া কৰাৰ ফলত বস্তুটো Q বিন্দুত ৰৈ যায়। গতিকে Fবলে বস্তুটো স্থিৰ অৱস্থালৈ নিবৰ কাৰণে কৰা কাৰ্য্যৰ পৰিমাণেই হ’ব m ভৰৰ বস্তুটোৰ গতি শক্তি।

বস্তুটোৰ গতি শক্তি K.E. = কাৰ্য্যৰ পৰিমাণ

                                 = বল x দূৰত্ব 

                                 = F × S — (i)

আকৌ, v²  = u² + 2as ———— (ii)

ইয়াত,/ u = প্ৰাৰম্ভিক বেগ

           v = অন্তিম বেগ

           a = ত্বৰণ

           s = দূৰত্ব 

এতিয়া    V = 0

             u = v

             a = – a

(ii) = 0² = v² + 2 ×(-a).S

     = 0 = v2 – 2as

     = v²  = 2as ———— (iii) 

আকৌ নিউটনৰ দ্বিতীয় সূত্ৰৰ পৰা

F = ma

   = a  = F / m

(iii) = v² = 2 × F / m × s

      = mv² =  2FS

      = FS = ½ mv²

(i) = KE = F ×  S

             = ½  mv²

 ∴  গতিশক্তি = ½  mv²

24. এজন লৰাৰ শৰীৰৰ ভৰ 50 kg, তেওঁৰ ওজন কিমান?

উত্তৰঃ ইয়াত 

m = 50kg 

g = 9.8 m/sec²

w = ?

আমি জানো যে,

W = mg

   = 50 × 9.8 kg.m/sec²

   = 490 N

25. 50g ভৰৰ এজন লৰাই চিৰি বগাই 30 মিটাৰ ওপৰলৈ উঠোতে তেওঁ কিমান কাৰ্য্য সম্পাদন কৰে?

উত্তৰঃ ইয়াত,

m = 50kg

h = 30m

W = ?

g = 9.8 m/sec²

আমি জানো যে,

W = mgh

    = 50 × 9.8 × 30kg.m/sec² m

    = 14700N.m

∴ w = 14700J

26. এটা বিদ্যুৎ মটৰৰ গাত 4HP লিখা আছে। ৱাট এককত ইয়াৰ ক্ষমতা কিমান হ’ব?

উত্তৰঃ দিয়া আছে, 

P = 4HP

= 4 ×  746 ৱাট

= 2984 ৱাট

∴ ক্ষমতা = 2984 ৱাট  

27. 50 কিল’গ্ৰাম ভৰৰ এজন লৰাই 24 খাপ থকা এটা চিৰি 3.5 ছেকেণ্ডত বগাব পাৰে। প্ৰতিটো খাপৰ উচ্চতা যদি 20 ছে.মি. হয় তেন্তে লৰাজনৰ ক্ষমতা ৱাট আৰু অশ্বক্ষমতাৰ এককত প্ৰকাশ কৰা।

উত্তৰঃ ইয়াত 

m = 50kg

t  = 3.5 sec 

h = 24 x 20cm

   = 480cm

   = 4.8 m 

p = ?

আমি জানো যে,

 P =  w / t 

    = mgh / t

    = 50× 9.8 × 4.8 / 3.5 ৱাট

    = 672 ৱাট

আকৌ 746 ৱাট = 1H.P

    ∴ 672 ৱাট  = 672 / 746 H.P.

                     = 0.90 H.P

28 30 kg ভৰৰ এটা বস্তু মজিয়াৰ পৰা 1 মিটাৰ উচ্চতাৰ এখন মেজলৈ

তোলা হ’ল। মেজত মজিয়াৰ সাপেক্ষে বস্তুটোৰ স্থিতিশক্তি কিমান?

উত্তৰঃ ইয়াত

m = 30kg

h= 1m

w= ?

g = 9.8 m/sec²

আমি জানো যে,

    w = mgh

       = 30  ×  9.8  ×  1 = 294 

∴   স্থিতিশক্তি = 294 J

29. স্থিৰ অৱস্থাৰ পৰা 30 kg ভৰ 5 sec তললৈ সৰি পৰাৰ পাচত ইয়াৰ গতি শক্তি কিমান হ’ব?

উত্তৰঃ ইয়াত,

       u = 0

       v  = ?

       m = 30 kg

       t = 5 sec

   K.E = ?

       g = 9.8 m/sec²

আমি জানো যে,

       v  =  u + gt 

           = 0 + 9.8 × 5 

           = 49m/sec

এতিয়া, K.E = ½  mv²

                 = ½ × 30 × 49 2

                  = 15 × 49 × 49

                  = 36015

        ∴  K.E. = 36015 J

30. 60 ৱাটৰ এটা বাল্ব 5 ঘণ্টা জ্বলিলে কিমান বিদ্যুত খৰচ হ’ব? 

উত্তৰ : ইয়াত, p = 60 ৱাট

                    t = 5 ঘণ্টা

∴ খৰচ হোৱা বিদ্যুত = p × t

                            = 60 × 5 ৱাট ঘণ্টা

                            = 300 বাট ঘণ্টা

                            = 300 / 1000 কিলোৱটি ঘণ্টা

                            = 0.3 কিলোৱাট ঘণ্টা

                           = 0.3kwh

31. খালী ঠাই পূৰ কৰা : 

(i) কাৰ্য, বল আৰু —— ৰ পূৰ্ণ ফল।

উত্তৰঃ সৰণৰ।

(ii) কাৰ্য্য জোখা এককৰ নাম হ’ল —— ।

উত্তৰঃ জুল।

(iii) gৰ মান 10 m/sec2 বুলি ধৰিলে, 100gm ভৰৰ এটা আপেল মজিয়াৰ পৰা 1 মিটাৰ এখন এখন মেজলৈ তোলোতে কৰিবলগীয়া  কাৰ্য্যৰ পৰিমাণ —— জুল ।

উত্তৰঃ 1 জুল।

(iv) একক সময়ত সম্পাদিত হোৱা কাৰ্য্যৰ পৰিমাণক —— বোল।

উত্তৰঃ ক্ষমতা।

(v) এক মেগাৱাট মানে —— বাট।

উত্তৰঃ 0⁶ 

32. তলৰ প্ৰত্যেক প্ৰশ্নৰে শুদ্ধ উত্তৰটো বাছি উলিওৱা

(i) কাৰ্য্যৰ একক – 

(ক) নিউটন।

(খ) জুল।

(গ) বাট।

(ঘ) অশ্বক্ষমতা।

উত্তৰঃ (খ) জুল।

(ii) শক্তিৰ একক – 

(ক) নিউটন।

(খ) জুল।

(গ) বাট।

(ঘ) কিলবাট ঘণ্টা।

উত্তৰঃ (খ) জুল।

(iii) ক্ষমতাৰ একক –

(ক) নিউটন/ ছেকেণ্ড।

(খ) জুল/ ছেকেণ্ড।

(গ) বাট/ ছেকেণ্ড।

(ঘ) জুল/ মিটাৰ।

উত্তৰঃ (খ) জুল/ ছেকেণ্ড।

(iv) এক বাট-

(ক) ভল্ট / এম্পিয়াৰ। 

(খ) এম্পিয়েৰ / ভল্ট।

(গ) ভল্ট × এম্পিয়েৰ।

উত্তৰঃ (গ) ভল্ট × এম্পিয়েৰ।

(v) গতিশক্তি –

(ক) mv² 

(খ) mgh

(গ) ½ mv²

(ঘ) ½ mgh

উত্তৰঃ (গ) ½ mv²

33. কাৰ্য্য কেতিয়া ঋণাত্মক হয়? এটা উদাহৰণ দিয়া।

উত্তৰঃ যেতিয়া বল প্রয়োগ কৰিলে সৰল বলৰ বিপৰীত দিশত হয় তেতিয়া কাৰ্য্য ঋণাত্মক হয়।

উদাহৰণ : নাওঁ চলাওতে বঠাৰে পানীত পিছফালে বল প্রয়োগ কৰা হয় কিন্তু নাওখন আগফালে গতি কৰে

34. সকলো শক্তিৰ মূল উৎস কি?

উত্তৰঃ সূৰ্য্য।

35. 20 kg ভৰৰ বস্তু এটা 4m উচ্চতাৰ পৰা পৰিব দিয়া হ’ল। প্রত্যেক ক্ষেত্ৰতে বস্তুটোৰ স্থিতিশক্তি আৰু গতিশক্তিৰ মান উলিয়াই তলৰ তালিকাখন পূৰ কৰা।

বস্তুটোৰ অৱস্থানৰ উচ্চতা m গতিশক্তিEp = mgh      jস্থিতিশক্তিEk = ½ mv²
    j
Ep + Ek

j
4
3
2
1
ভূমিৰ ঠিক ওপৰত( g ৰ মান 10m/sec²)

উত্তৰঃ

বস্তুটোৰ অৱস্থানৰ উচ্চতা mগতিশক্তিEp = mgh      jস্থিতিশক্তিEk = ½ mv²
    j
Ep + Ek

j
48000800
3600200800
2400400800
1200600800
ভূমিৰ ঠিক ওপৰত0800800

36. এটা পাতল আৰু এটা গধুৰ বস্তুৰ ভৰবেগ একে। সিহঁতৰ গতিশক্তিৰ অনুপাত কিমান? কাৰ গতিশক্তি বেছি?

উত্তৰঃ দিয়া আছে,

পাতল বস্তুটোৰ গতিশক্তি বেছি।

37. প্ৰতি চপৰা 22.5 N ওজনৰ 20 চপৰা ইটা A স্থানৰ পৰা B স্থানলৈ তোলোতে কিমান কাৰ্য্য কৰিব লাগিব?

উত্তৰঃ 

 20 চপৰা ইটাৰ ওজন = 20  × 22.5 N

                             = 450N

A আৰু Bৰ মাজৰ দূৰত্ব = 7 m 

আমি জানো যে, 

    কাৰ্য্য = ওজন x উচ্চতা

∴ প্রয়োজনীয় কাৰ্য্য = 450 × 7 

                         = 3150 J

38. 5 kg ভৰৰ এটা মাছ বৰশিৰে পানী পৃষ্ঠৰ পৰা 4m ওপৰৰ জাহাজৰ মজিয়ালৈ তুলিবৰ বাবে কিমান কাৰ্য্যৰ প্ৰয়োজন হ’ব?

উত্তৰঃ ইয়াত, m = 5kg

                    h = 4m

                   g = 10m/sec²

                   w = ?

এতিয়া    w = mgh

               = 5 × 10 × 4

               = 200 J

39. স্থিৰ অৱস্থাৰ পৰা 20 kg ভৰৰ এটা বস্তু তললৈ সৰি পৰোতে 5 ছেকেণ্ডৰ পিচত ইয়াৰ গতি শক্তি কিমান হ’ব?

উত্তৰঃ ইয়াত,  u = 0

                   m = 20 kg

                    t = 5 sec 

                   g = 9.8 m/sec²

                   KE = ?

এতিয়া,  V = u + gt

              = 0 + 9.8 ×5

             = 49

∴ v =  49m/sec

এতিয়া, K..E. = ½ mv² 

                   = ½ × 20 × 49²

                   = 10 ×  49 × 49

                   = 24010 J

40. এক বাট মানে কি ?

উত্তৰঃ এক ছেকেণ্ডত 1 জুল কার্য সম্পাদিত হ’লে ক্ষমতাৰ পৰিমাণক এক ঘাট বোলে।

41.তলৰ কোনটো শক্তিৰ একক নহয় ?

(ক) জুল।

(খ) নিউটন মিটাৰ।

(গ) কিলোৱাট।

(খ) কিলোৱাট ঘণ্টা।

উত্তৰঃ (গ) কিলোৱাট।

42. তলৰ কোনটো শুদ্ধ?

কাৰ্য্য→

(ক) সদায় ধণাত্মক।

(খ) সদায় ঋণাত্মক।

(গ) ধণাত্মক বা ঋণাত্মক বা শূণ্য হ’ব পাৰে।

উত্তৰঃ (গ)ধনাত্মক বা ঋণাত্মক বা শূণ্য হ’ব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top