Class 9 Science Chapter 10 মহাকর্ষণ

Class 9 Science Chapter 10 মহাকর্ষণ, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Science Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 9 Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Science Chapter 10 মহাকর্ষণ Question Answer can be of great value to excel in the examination.

Class 9 Science Chapter 10 মহাকর্ষণ

Join Telegram channel

SEBA Class 9 General Science Chapter 10 মহাকর্ষণ Notes cover all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Science Chapter 10 মহাকর্ষণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

মহাকর্ষণ

Chapter – 10

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

1. মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো লিখা।

উত্তৰঃ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে আন প্ৰতিটো বস্তুক আকৰ্ষণ কৰা বল, বস্তু টাৰ ভৰৰ গুণফলৰ সামানুপাতিক আৰু বস্তু দুটাৰ মাজৰ দুৰত্বৰ বৰ্গৰ ব্যাস্তাণুপাতিক।

M1 আৰু m2  ভৰৰ দুটাৰ বক্তৰ মাজৰ দূৰত্ব যদি r আৰু বস্তু দুটাৰ আকর্ষনী বল Fহয় তেন্তে মহাকৰ্ষণৰ বিশ্বজনীন সূত্র মতে –

        F α  m₁m₂ / r²

বা F = G m₁m₂ / r²

2. পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত অৱস্থিত বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলৰ মান উলিওৱা সূত্ৰটো লিখা।

উত্তৰঃ ধৰাহ’ল, পৃথিৱীৰ ভৰ M আৰু পৃথিৱীৰ পৃষ্ঠত থকা বস্তুটোৰ ভৰ m। ধৰা হ’ল পৃথিৱীৰ ব্যাসার্ধ R

পৃথিৱী আৰু বস্তুটোৰ মাজৰ মহাকর্ষণীয় বল Fহ’লে, F = GmM / R²

য’ত G মহাকর্ষণীক ধ্রুৱক। Gৰ মান

 6.67 × 10⁻¹¹Nm²/kg²। 

প্রশ্নাৱলী

1. মুক্ত অধোগমন মানে কি বুজা?

উত্তৰঃ এটা বস্তু মুক্তভাৱে মাধ্যাকৰ্ষণৰ ফলত তললৈ সৰি পৰাকে মুক্ত অধোগমন বুলি কোৱা হয়।

2. মাধ্যাকর্ষণিক ত্বৰণ মনে কি বুজা?

উত্তৰঃ পৃথিৱীৰ মাধ্যাকৰ্ষণৰ বাবে সৃষ্টি হেৱা ত্বৰণক মাধ্যাকর্ষণিক ত্বৰণ বোলে।

প্রশ্নাৱলী

1. বস্তু এটাৰ ভৰ আৰু ওজনৰ মাজৰ পাৰ্থক্যসমূহ কি কি?

উত্তৰঃ

ভৰ  ওজন
1. বস্তু এটাত নিহিত হৈ থকা পদাৰ্থৰ পৰিমাণক বস্তুটোৰ ভৰ বোলে।1. বস্তু এটাক পৃথিৱীয়ে নিজ কেন্দ্ৰৰ ফালে যিমান বলেৰে আকৰ্ষণ কৰে সেইবলক বস্তুটোৰ ওজন বোলে।
2. ভৰ এটা স্কেলাৰ ৰাশি।2. ওজন ভেক্টৰ ৰাশি।
3. ভৰৰ মান সদায় একে থাকে।3. ওজনৰ মান ঠাই বিশেষে বেলেগ বেলেগ হয়।

2. চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন পৃথিৱীৰ ওজনৰ অংশ হয় কিয় ? 

উত্তৰঃ পৃথিৱীৰ মাধ্যাকর্ষণীক বল চন্দ্ৰৰ মাধ্যাকর্ষণীক বলৰ 6 গুণ। সেইবাবে  চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন পৃথিৱীপৃষ্ঠৰ ওজনৰ  ⅙ অংশ হয়।

প্রশ্নাৱলী

1. মিহি কিন্তু মজবুত ৰচীৰ ফিটা লগোৱা স্কুল বেগ এটা লৈ ফুৰাত অসুবিধা হয় কিয়?

উত্তৰঃ আমি জানো যে,

                চাপ =   হেঁচা / ক্ষেত্রফল

                      = বেগটোৰ ওজন / দেহত লাগি থকা ৰচীৰ ক্ষেত্রফল

দেখা যায় যে দেহত লাগি থকা ৰচীৰ ক্ষেত্রফল বেগটোৰ ওজনৰ তুলনাত খুব কম হয়। ফলত চাপৰ পৰিমাণ বেচি হয় আৰু বেগটো লৈ ফুৰাত অসুবিধা হয়। 

2. প্লাবিতা মানে কি বুজা?

উত্তৰঃ যেতিয়া বস্তু এটা জুলীয়া বা গেছত থোৱা হয় তেতিয়া বস্তুটোৰ ওপৰত এটা উৰ্দ্ধমুখী বলে ক্রিয়া কৰে। ফলত বস্তুটোৰ ওজন কম হোৱা দেখা যায়। বস্তুটোক সম্পূৰ্ণকৈ ডুৱাই ৰাখিবলৈ হ’লে জুলীয়া পদাৰ্থবিধে প্ৰয়োগ কৰা উর্ধমুখী বলক সঙ্কলিত কৰাটো আবশ্যক। বাহিৰৰ পৰা নিম্নমুখী বল প্ৰয়োগৰ দ্বাৰা এটি উদ্দেশ্য সাধন কৰিব পাৰি। জুলীয়া পদাৰ্থবিধে প্ৰয়োগ কৰা উৰ্দ্ধমুখী হেঁচাক প্লাবিতা বোলে। তৰলত ডুবালৈ সকলো বস্তুৱেই প্লাবিতা বল অনুভব কৰে। প্লাবিতা বলৰ মান তৰলৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰে।

3. বস্তু এটা পানীৰ পৃষ্ঠত থলে ই উপত্তা বা ডুবাৰ কাৰণ কি? 

উত্তৰঃ যিবিলাক বস্তুৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কম সেইবিলাক পানীত উপঙে। যিবিলাক বস্তুৰ ঘনত্ব পানীৰ ঘনত্বতকৈ বেছি সেইবিলাক পানীত ডুবে।

প্রশ্নাৱলী

1. ওজন জোখা যন্ত্ৰ এটাৰ পাঠ অনুসৰি তোমাৰ ভৰ 42 kg তোমাৰ ভৰ 42 kg তকৈ কম নে বেছি?

উত্তৰঃ ভৰ সদায় ধ্ৰুৱক। গতিকে ভৰ কম বেছি হ’ব নোৱাৰে যদি যন্ত্ৰ এটাৰ পাঠ অনুসৰ ওজন 42 kg তেতিয়া হ’লে প্ৰকৃত ওজন 42 kg তকৈ বেছি হ’ব। 

2. তোমাৰ হাতত কপাহৰ মোনা এটা আৰু লোৰ দণ্ড এডাল আছে। ওজন জোখা যন্ত্রত প্রত্যেকৰে ভৰ 100 kg পোৱা গ’ল। বাস্তব ক্ষেত্ৰত এটা আনটোতকৈ গধুৰ। কোনটো বেছি গধুৰ আৰু সি কিয় বেছি গধুৰ ক’ব পাৰিবানে?

উত্তৰঃ কপাহৰ মোনাটো লোৰ দণ্ডডালতকৈ বেছি গধুৰ হ’ব। কাৰণ কপাহৰ মোনাটোৰ আয়তন বেছি বাবে ই বেছি বায়ু অপসাৰণ কৰে। ফলত মেচিনত ইয়াৰ ওজন আচল ওচনকৈ কমি যায়।

অনুশীলনী

1. দুটা বস্তুৰ মাজৰ দূৰত্ব যদি পূৰ্বৰ তুলনাত আধা কৰি দিয়া হয় তেন্তে ইহঁতৰ মাজৰ মহাকৰ্ষণিক আকৰ্ষণ পূৰ্বৰ তুলনাত কিমান হ’ব?

উত্তৰঃ আমি জানে যে দুটা বস্তুৰ মাজৰ মহাকর্ষণিক আকর্ষণ বল যদি F আৰু ভৰ ক্ৰমে m₁ আৰু m₂হয় আৰু বস্তু দুটাৰ মাজৰ দুৰত্ব হয়  তেন্তে —

          F α m₁m₂ আৰু F α 1/r²

          বা F = G m₁m₂ / r²

এতিয়া যদি rৰ r / 2 মান হয় তেন্তে

           F’ = Gm₁m₂ / (r/2)²

              = Gm₁m₂ / r2 /r

               = 4Gm₁m₂ / r²

               = 4.F

এতেকে মহাকর্ষণিক আকর্ষণ বল পূৰ্বৰ তুলনাত 4 গুণ বৃদ্ধি হ’ব। 

2. মহাকৰ্ষণিক বলে সকলো বস্তুৰ ওপৰততাৰ ভৰৰ সমানুপাতিকভাবে ক্রিয়া কৰে। তেন্তে গধূৰ বস্তু এটা পাতল বস্তু এটাতকৈ খৰকৈ নপৰে নকয় ? 

উত্তৰঃ যদিও মহাকর্ষণিক বল বস্তুৰ ভৰৰ সামানুপাতিক কিন্তু মুক্তভাৱে তললৈ পৰা বস্তুৰ মাধ্যাকর্ষণীক ত্বৰণ ‘g’ ৰ মান সকলো সম্ভৰ ক্ষেত্ৰতে একে। অর্থাৎ ‘g’ ৰ মান ধ্রুবক। 

এতিয়া v = u + gt ৰ পৰা আমি পাওঁ যে সমান সময়ত সকলো  ক্ষেত্ৰতে ৷ u আৰু gৰ মান একে থাকে। ফলত ‘v”ৰ মান একে থাকে।

3. পৃথিৱী আৰু ইয়াৰ পৃষ্ঠত থকা 1 kg ভৰৰ বস্তু এটাৰ মাজৰ মহাকরণিক বলৰ মান কিমান? (পৃথিৱীৰ ভৰ 6 × 10²⁴ kg আৰু পৃথিৱীৰ ব্যাসার্স 6.4 × 106m )

উত্তৰঃ ইয়াত,     m = 1kg

                       M = 6×10²⁴kg

                       R = 6.4 x 10⁶m

                       F = ?

                       G = 6.67 x 10⁻¹¹Nm² / kg²

আমি জানো যে,

         F =  GmM / R²

            = 6.67×10⁻¹¹ × 1× 6 ×10²⁴ / (6.4×10⁶)²

            = 6.67x6x10⁻¹¹⁺²⁴⁻¹² / 6.4 × 6.4

           = 0.977 x 10¹

           = 9.77 N

∴      F = 9.77 N

4. পৃথিৱী আৰু চন্দ্ৰ মহাকর্ষণিক বলৰ দ্বাৰা পৰস্পৰে আকৰ্ষিত হয়। চাই পৃথিৱীক যি বলেৰে আকৰ্ষণ কৰে তাৰ তুলনাত পৃথিৱীয়ে চন্দ্ৰৰ ওপৰত প্ৰয়োগ কৰা আকর্ষণী বল সমান নে কম নে বেছি? কিয়? 

উত্তৰঃ চন্দ্ৰই যি বলেৰে পৃথিৱীক আকর্ষণ কৰে সেই একে সমান বলেৰে পৃথিৱীয়েও চন্দ্ৰক আকৰ্ষণ কৰে। কাৰণ আকর্ষণী বল বস্তু দুটাৰ ভৰৰ পুৰণফল আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ ওপৰত নিৰ্ভৰশীল। যিহেতু দুয়োটা ক্ষেত্ৰতে চন্দ্ৰ আৰু পৃথিৱীৰ ভৰ আৰু ইহঁতৰ মাজৰ দূৰত্ব একে থাকে গতিকে দুয়োটা ক্ষেত্ৰতে আকর্ষণী বল একে।

5. চন্দ্ৰই পৃথিৱীক আকৰ্ষণ কৰি থকা স্বত্ত্বেও পৃথিৱীখন চন্দ্ৰৰ দিশত ধাৱমান নহয় কিয়?

উত্তৰঃ কাৰণ পৃথিৱীয়েও চন্দ্ৰক সমান বলেৰে আকৰ্ষণ কৰি আছে। আকর্ষণী বল সমান হোৱা বাবে কোনেও কাৰো ফালে ধাৱমান নহয়।

6. দুটা বস্তুৰ মাজৰ বলৰ কি পৰিবৰ্তন হ’ব যদি এটা 

(i) বস্তুৰ ভৰ দুগুণ কৰা হয় ? –

(ii) বস্তু দুটাৰ মাজৰ দূৰত্ব দুগুণ আৰু তিনিগুণ কৰা হয়?

(iii) দুয়োটা বস্তুৰ ভৰ দুগুণ কৰা হয়? 

উত্তৰঃ আমি জানো যে m₁আৰু m₂ভৰৰr দুৰত্বত থকা দুটা বস্তুৰ মাজৰ আকর্ষণী বল —

F  =  Gm₁m2₂ / r²

(i) এটা বস্তুৰ ভৰ যদি দুগুণ কৰা হয় তেন্তে –

F = 2 Gm₁m₂ / r²

গতিকে বল দুগুণ হ’ব। 

(ii) বস্তু দুটাৰ মাজৰ দুৰত্ব দুগুণ কৰিলে অৰ্থাৎrৰ মান 2x কৰিলে –

F = Gm₁m₂/ (2r)²

= Gm₁m₂ / 4r²

= ¼ 1 Gm₁m₂ / r²

গতিকে বল আগৰ বাৰ ¼  গুণ হ’ব।

বস্তু দুটাৰ মাজৰ দুৰত্ব তিনিগুণ কৰিলে অর্থাৎ r ৰ মান 3r কৰিলে।

                F = Gm₁m₂ / (3r)²

                   = Gm₁m₂ / 9r²

                   = 1/9 Gm₁n₂ / r²

1 গতিকে বল আগৰ বলৰ 1/9 গুণ হ’ব।  

(iii) দুটোটা বস্তুৰ ভৰ দুগুণ কৰিলে অৰ্থাৎ m1ৰ মান 2m1 আৰু m2ৰ মান 2m² কৰিলে 

       F = G.2m₁. 2m₂ / r²

          = 4 Gm₁m₂ / r²

          = 4.Gm₁m₂ / r²

গতিকে বল আগৰ বলৰ 4 গুণ হ’ব।

7. মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব কিমান? 

উত্তৰঃ মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ পৰা আমি পাওঁ যে –

(i) সকলো বস্তুৱে ইটোৱে সিটোক আকৰ্ষণ কৰি আছে। 

(ii) মহাকৰ্ষণ বলৰ বাবে চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে ঘুৰি আছে।

(iii) মহাকৰ্ষণ বলৰ বাবে পৃথিৱী আৰু অন্য গ্ৰহই সূৰ্য্যৰ চাৰিওফালে ঘুৰি থাকিব পাৰিছে।

(iv) কৃত্রিম উপগ্রহসমূহ মহাকৰ্ষণিক বলৰ বাবে পৃথিৱীৰ চাৰিওফালে ঘুৰি থাকিব পাৰিছে।

(v) পৃথিৱীত থকা প্ৰাণীসমূহ মহাকর্ষনীক বলৰ বাবে এটা বান্ধোনত থাকিব পাৰিছে।

8. মুক্ত অধোগমনৰ ধৰণ কিমান? 

উত্তৰঃ মুক্ত অধোগমনৰ ত্বৰণ হ’ল মাধ্যাকর্ষণীক ত্বৰণ ‘g’ । ইয়াৰ মান 9.8 m/Sec² ।

9. পৃথিৱী আৰু বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলক আমি কি বুলি কওঁ? 

উত্তৰঃ মাধ্যাকর্ষণিক বল। 

10. অমিতে তেওঁৰ বন্ধু এজনৰ পৰামৰ্শ অনুসৰি মেৰু অঞ্চলত কেইগ্ৰামমান সোণ কিনিলে। বিষুব অঞ্চলত তেওঁৰ ভেটাভেটি হলত সোণখিনি। তেওঁলৈ হস্তান্তৰ কৰিলে। বন্ধুজনে ক্ৰয় কৰা সোণখিনিৰ ওজনটো মানি লবনে? যদি নলয় ভেস্তে কিয়? (ইংগিতঃ বিষুব অঞ্চলতকৈ মেৰু অঞ্চলতgৰ মান বেছি।)

উত্তৰঃ বিষুব অঞ্চলতকৈ মেৰু অঞ্চলত’g’ৰ মান বেছি। সেয়েহে মেৰু অঞ্চলত বস্তুৰ ওজন বিষুব অঞ্চলতকৈ বেছি হয়। মেরু অঞ্চলত কিনা সোণখিনিত ওজন বিষুব অঞ্চলত কম হ’ব। সেয়েহে বন্ধুজনে ক্ৰয় কৰা সোনখিনিৰ ওজন মানি নলব।

11. কাগজ মোহাৰি তৈয়াৰ কৰা বল এটাতকৈ কাগজখিলা লাহে লাহে পৰাৰ কাৰণ কি?

উত্তৰঃ কাগজ মোহাৰি তৈয়াৰ কৰা বল এটাতকৈ মেলখাই থকা কাগজখিলাই বায়ুৰ বাবে বেছি ঘর্ষণ বল অনুভব কৰে। ফলত কাগজখিলাৰ গতিত বাধাৰ সৃষ্টি হয়। মেল খাই থকা কাগজখিলাৰ কালি বলটোৰ কালিতকৈ বেছি হয়। সেইবাবে মেলখাই থকা কাগজকিাৰ ঘৰ্ষণ বল বেছি হয়।

12. চন্দ্ৰপৃষ্ঠত মহাকৰ্ষণিক বল ভূ-পৃষ্ঠৰ মহাকৰ্ষণিক বলৰ ⅙ অংশ । 10 kg ভৰৰ বস্তু এটাৰ চন্দ্ৰপৃষ্ঠত আৰু ভূপৃষ্ঠত নিউটন এককত ওজন কিমান হ’ব?

উত্তৰঃ ইয়াত m = 10kg

   পৃথিৱীত ge   =  9.8 m/se 

∴  ভূপৃষ্ঠত ওজন = mge

                       = 10  9.8 kg.m/sec²

                       = 98N

  চন্দ্ৰপৃষ্ঠত gm  = ⅙ × 9.8 m/sec²

                       =   9.8 / 6 m/sec²

∴   চন্দ্ৰপৃষ্ঠত ওজন =   mgm

                          = 10 × 9.8 6 kg. m/sec²

                          = 16.33 N

13. বল এটা উলম্বভাৱে ওপৰলৈ 49 m/sec বেগেৰে দলিওৱা হ’ল

(i) ই আৰোহণ কৰা সর্ব্বোচ্চ উচ্চতা।আৰু

(ii) ভূ-পৃষ্ঠলৈ উভতিবলৈ প্ৰয়োজন হোৱা মুঠ সময় নির্ণয় কৰা।

উত্তৰঃ ইয়াত,

u = 49m/sec

a = -9.8 m/sec

v = 0

h=s = ?

t=?

(i) আমি জানো যে,

v² – u² = 2as

= s   =  v² – u² / 2a

        = 0² – 49² / -2 × (-9.8)

        = – 49 × 49 / 2 × 9.8

        = 49 × 49 / 19.6

        = 122.5

∴ h = 122.5m

(iii) আমি জানো যে,

    V =  u + at

⇒  t = v – u / a 

       = 0 – 49 / – 9.8

      =  49 / 9.8

      = 490 /  98

       = 5

∴  t =  5 sec

14. 19.6m উচ্চতাৰ স্তম্ভ এটাৰ পৰা শিলগুটি এটা এৰি দিয়া হ’ল। মাটি স্পৰ্শ কৰাৰ আগমূহুৰ্তত ইয়াৰ অন্তিমবেগ কিমান হ’ব উলিওৱা।

উত্তৰঃ ইয়াত, h = s = 19.6m 

                   u = 0

                    v = ? 

                   a = 9.8 m / sec

আমি জানো যে,

               v² – u²  = 2as

⇒   v² = u²  + 2as

⇒   v²  = 0²  + 2 × 9.8 × 19.6

⇒   v² = 19.6 × 19.6 v 

          = 19.6 m/sec 

15. 40 m/sec বেগেৰে শিলগুটি এটা উলম্বভাবে ওপৰলৈ দলিওৱা হ’ল। gৰ মান 10 m/sec² ? ধৰি শিলগুটিটো সর্ব্বোচ্চ কিমান উচ্চতালৈ উঠিব উলিওৱা। শিলগুটিটোৰ মুঠ সৰণ আৰু মুঠ অতিক্ৰম কৰা দূৰত্ব উলিওৱা।

 উত্তৰঃ ইয়াত,     u = 40m/sec

                        g = – 10m/sec² 

                         h = s = ?

                          v = 0

আমি জানো যে,

              v² – u² = 2as

              ⇒  s    =  v² – u² / 2a

                         = 0² – 40² / 2 × (-10)

                         =  – 40×40 / -20

                          = 80

                 ∴ h    = 80 m

যিহেতু শিগুটিটো ৪০ m ওপৰলৈ গৈ পুনৰ পোনে পোনে তললৈ আগৰ স্থানলৈ নামি আহে গতিকে মুঠ সৰণ শূন্য।

মুঠ অতিক্ৰম কৰা দূৰত্ব = 80m + 80m = 160m

16. পৃথিৱী আৰু সূৰ্য্যৰ মাজৰ মহাকর্ষণ বল নিৰ্ণয় কৰা। দিয়া আছে পৃথিৱীৰ ভৰ = 6 × 10²⁴kg, সূৰ্য্য ভৰ 2 × 10³⁰kg, পৃথিৱী আৰু সূৰ্য্যৰ মাজৰ দূৰত্ব 1.5  × 10¹¹m

উত্তৰঃ ইয়াত,  

m = 6×10²⁴kg

M = 2 × 10³⁰kg 

r = 1.5 × 10¹¹ m

F = ?

G = 6.67 x 10⁻¹⁰ Nm²/kg²

আমি জানো যে,

F = GmM /  r²

= 6.67×10⁻¹¹×6×10²⁴ × 2× 10³⁰ / (1.5×10¹¹)² 

= 6.67×12×10⁻¹¹⁺²⁴⁺³⁰⁻²²+ / 2.25

= 6.67 × 12 / 2.25 × 10²¹

= 35.573 × 10²¹ 

∴ = 35.573 × 10²¹ N

17. 100m উচ্চতাৰ স্তম্ভ এটাৰ পৰা শিলগুটি এটা পৰিবলৈ দিয়া হ’ আৰু একে সময়তে অন্য এটা শিলগুটি 25m / sec বেগেৰে উলম্বভাবে ওপৰলৈ দলিওৱা হ’ল। কেতিয়া আৰু কত শিলগুটি দুটাৰ ভেটাভেটি হ’ব? 

উত্তৰঃ ধৰা হ’ল শিল দুটাই ওপৰৰ পৰা x মিটাৰ দূৰত্বত লগালগি হ’ব। তললৈ অহা শিলগুটিটোৰ ক্ষেত্ৰত –  

u = 0

s = xm

a = 10 m/sec²

t = t sec

এতিয়া,

= s = ut + ½ at² 

= x = 0 ×  t + ½ ×10 × t²

= x = 5t² k̂ ——— (1)

ওপৰলৈ যোৱা শিল গুটিটোৰ ক্ষেত্ৰত : 

u = 25 m/sec

a = – 10m/sec²

t = t sec

s = (100- x) m

এতিয়া,

s  = ut + ½ at²

= 100 – x = 25 × t + ½ × ( – 10 ) × t²     

=100 –x = 25t²  – 5t²  

=100 – 5t²  = 25t – 5t²

= 100 = 257

=  t = 4 sec

∴  (i)  =  x  =  5 t² 

        ⇒ x  = 5² × 4²  

                = 5 × 16

                = 80

∴  x = 80m 

∴ শিলগুটি দুটাই ওপৰৰ পৰা ৪০ মিটাৰ দূৰত্বত লগালগি হ’ব।

18. উলম্বভাৱে ওপৰলৈ প্ৰক্ষেপ কৰা শিলগুটি এটা 6 চেকেণ্ডৰ পিছত প্ৰক্ষেপকাৰীৰ ওচৰলৈ ঘূৰি আহিল।

(ক) ইয়াৰ উৰ্দ্ধমুখী প্ৰক্ষেপ বেগ।

(খ) ইআৰোহণ কৰা সর্ব্বোচ্চ উচ্চতা। 

(গ) 4 ছেকেণ্ড পিছত ইয়াৰ অৱস্থান নির্ণয় কৰা।

উত্তৰঃ (i) ইয়াত, উর্দ্ধমুখী সময়  = নিম্ন মুখী সময় । 

∴  উর্দ্ধমুখী সময়  = 6 / 2 sec

               = 3 sec

       u     = ?

      a    = – 9.8 m/sec²

    V     =  0

                   t     = 3 sec

আমি জানো যে,

  v =  u + at

 U =  V– at

   = 0 – (-9.8) × 3

   = 29.4

∴ u = 29.4 m/sec

h = s= ?

(ii) আমি জানো যে,

s = ut + ½ at²

  = 29.4 × 3 + ½ × (-9.8).3²

 = 88.2 44.1

= 44.1

∴ h =  44.1 m

(iii) 4 ছেকেণ্ড পিছত –

u = 0 m/sec

t = 4 – 3 = 1 sec

a = 9.8 m/sec²

S = ?

আমি জানো যে,

s = ut + ½ at²  

  = 0 × 1+ ½ × 9.8 × 1² 

  = ½ × 9.8

  = 4.9

∴ 4 ছেকেণ্ড পিছত সর্বোচ্চ উচ্চতাৰ পৰা 4.9 মিটাৰ তলত শিলটোৰ অৱস্থান হ’ব।

19. তৰলত নিমজ্জিত বস্তুৰ ওপৰত গ্লাবিতা বলে কোন দিশত ক্রিয়া কৰে? 

উত্তৰঃ উৰ্দ্ধমুখী দিশত। 

20. পানীৰ তলত এৰি দিয়া প্লাষ্টিকৰ টুকুৰা এটা পানীৰ পৃষ্ঠলৈ কিয় ঘুৰি আহে? 

উত্তৰঃ পাষ্টিকৰ টুকুৰাটোৱে অপসৰণ কৰা পানীৰ ওজন পাষ্টিকৰ টুকুৰাটোৰ ওজনতকৈ বেছি হয়। প্লাবিতাৰ বাবে টুকুৰাটো পানীৰ পৃষ্ঠলৈ ঘুৰি আহে।।

21. 50gm ভৰৰ বস্তু এটাৰ আয়তন 20cm। যদি পানীৰ ঘনত্ব 1gm/ cm’হয় তেন্তে বস্তুটো পানীত উপভিবনে ডুবিব?

উত্তৰঃ বস্তুটোৰ ঘনত্ব = ভৰ / আয়তন =

                            = 50gm / 20cm³

                            = 2.5gm/cm³ 

∴ পানীৰ ঘনত্ব 1gm/cm³

∴ বস্তুটোৰ ঘনত্ব > পানীৰ ঘনত্ব 

∴ বস্তুটো পানীত ডুবিব।

22. 500gm ভৰৰ বন্ধ পেকেট এটাৰ আয়তন 350cm³ । পানীৰ ঘনত্ব 1gm/cm³ হ’লে পেকেটটো পানীত উপদ্ভিবনে ডুবিব ? পেকেটটোৱে অপসাৰিত কৰা পানীৰ ভৰ কিমান?

উত্তৰঃ পেকেটটোৰ ঘনত্ব = ভৰ / আয়তন

                                = 500gm 350cm³

                                = 1.429 g/cm³

∴ পেকেটটোৰ ঘনত্ব > পানীৰ ঘনত্ব

∴ পেকেটটো ডুবিব।

অপসাৰিত পানীৰ ভৰ = অপসাৰিত পানীৰ আয়তন x পানীৰ ঘনত্ব

m   = 350 cm³  × 1gm /cm³

      = 350gm

∴ m = 350gm

অতিৰিক্ত প্রশ্নোত্তৰঃ

1. মহাকর্ষণ মানে কি?

উত্তৰঃ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে ইটোৱে সিটোক আকৰ্ষণ কৰি আছে। এই আকর্ষণী বলক মহাকর্ষণ লে।

2. মহাকৰ্ষণ আৰু মাধ্যাকৰ্ষণৰ মাজৰ পাৰ্থক্য কি?

উত্তৰঃ মহাকৰ্ষণ হ’ল বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৰ জৰ আকৰ্ষণ। আনহাতে মাধ্যাকর্ষণ হ’ল পৃথিৱী আৰু অন্য এটা বস্তুৰ মাজৰ আকৰ্ষণ। 

3. পৃথিৱীৰ সকলো ঠাইতেgৰ মান কিয় বেলগে বেলেগ?

উত্তৰঃ মাধ্যকর্ষণীক ত্বৰণ, g = GM / R²

ইয়াত G = ধ্রুবক

M = পৃথিৱীৰ ভৰ

R = পৃথিৱীৰ ব্যাসার্ধ।

যিহেতু পৃথিৱীৰ ব্যাসার্ধ (R) ঠাই বিশেষে বেলেগ বেলেগ গতিকেg ৰ মানো বেলেগ বেলেগ হয়।

4. g ৰ মান কিমান? 

উত্তৰঃ g ৰ মান 9.8 m/sec²

5. 100 gm ভৰৰ এটা আলেৰ ওজন কিমান?

উত্তৰঃ ইয়াত 

m = 100 gm = 0.1 kg

g  = 9.8 m/sec²

w = ?

আমি জানো যে,

w  = mg 

    = 0.1 × 9.8 kg.m/sec² 

    = 0.98 N

6. মহাকর্ষণ বিশ্বজনীন ধ্ৰুৱক Gৰ মান কিমান ?

উত্তৰঃ 6.67 × 10⁻¹¹Nm²/kg²

7. ভৰৰ একক কি আৰু ওজনৰ একক কি? 

উত্তৰঃ ভৰৰ একক  → কিলোগ্রাম (S)

এজনৰ একক. →  নিউটন

8. বাধাহীন পতনৰ দুটা উদাহৰণ দিয়া?

উত্তৰঃ (i) গছৰ পৰা ফল সৰি পৰা। 

(ii) ধ্বংসপ্রাপ্ত হৈ আকাশৰ পৰা এৰোপ্লেন খহি পৰা।

9. বাধাহীন পতনৰ সমীকৰণ সমূহ কি কি?

উত্তৰঃ (i) v = u + at

 (ii) s = ut + ½ at²

(iii) v2 = u 2 + 2as

ইয়াত u = প্ৰাৰম্ভিক বেগ

v = অন্তিম বেগ

a = ত্বৰণ

t = সময়

s = দূৰত্ব

10. খালী ঠাই পূৰ কৰা-

(i) বিশ্বজনীন মহাকর্ষণ সূত্র আবিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম ——।

উত্তৰঃ নিউটন।

(ii) পৃথিৱীৰ মহাকৰ্ষণৰ এটা বিশেষ নাম আছে, ই হ’ল 

—— ।

উত্তৰঃ মাধ্যাকর্ষণ।

(iii) g ৰ মান 9.81, ইয়াৰ একক —— ।

উত্তৰঃ মিটাৰ / ছেকেণ্ড²।

(iv) বিশ্বব্রহ্মাণ্ডৰ প্ৰতিটো বস্তুৱে আন প্ৰতিটো বস্তুক আকৰ্ষণ কৰা বল বস্তু দুটাৰ ভৰৰ —— সমানুপাতিক আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ।

উত্তৰঃ পূৰণফলৰ; ব্যাস্তানুপাতি।

11. তলৰ প্ৰত্যেক প্ৰশ্নৰে শুদ্ধ উত্তৰটো বাচি উলিওৱাঃ

(i) বলৰ একক।

(ক) গ্রাম।

(গ) জুল।

(খ) নিউটন।

(ঘ) ৱাট।

উত্তৰঃ (খ) নিউটন।

(ii) ভৰৰ একক ——।

(ক) গ্রাম।

(খ) ছেণ্টিমিটাৰ। 

(গ) নিউটন।

(ঘ) জুল।

উত্তৰঃ (ক) গ্রাম।

(iii) ত্বৰণৰ একক ——।

(ক) গ্রাম / ছেকেণ্ড।

(খ) মিটাৰ / ছেকেণ্ড।

(গ) মিটাৰ / ছেকেণ্ড।

(ঘ) নিউটন / ছেকেণ্ড।

উত্তৰঃ (গ) মিটাৰ / ছেকেণ্ড²।

(iv) এক কিলোগ্রাম ভৰৰ ওজন ——।

(ক) এক নিউটন।

(খ) দহ নিউটন।

(গ) এক জুল।

(ঘ) দহ জুল।

উত্তৰঃ (খ) দহ নিউটন।

(v) পাহাৰৰ ওপৰত gৰ মান ——।

(ক) সমুদ্রপৃষ্ঠৰ gৰ সৈতে সমান।

(খ) সমুদ্রপৃষ্ঠতকৈ কম।

(গ) সমুদ্রপৃষ্ঠতকৈ বেছি।

উত্তৰঃ (খ) সমুদ্রপৃষ্ঠতকৈ কম।

12. আমি বজাৰত সকলো বস্তু ভৰৰ হিচাপত কিনা-বেচা কৰো নে ওজনজৰ হিচাপত কৰো? 

উত্তৰঃ ভৰৰ হিচাপত ।

13. ত্বৰণৰ পিৰীত শব্দটো কি?

উত্তৰঃ মন্থৰণ।

14. এৰি দিলে বস্তু কিয় তললৈ সৰি পৰে? 

উত্তৰঃ পৃথিৱীৰ মাধ্যাকৰ্ষণিক বলৰ বাবে।

15. মহাকৰ্ষণৰ বিশ্বজনীন ধ্রুবক বুলিলে কি বুজা?

উত্তৰঃ নিউটনৰ বিশ্বজনীন মহাকৰ্ষণৰ সূত্ৰ অনুসৰি দুটা বস্তুৰ মাজৰ আকৰ্ষণী বল –

F = Gm₁m₂ / r²

ইয়াত G হ’ল সমানুপাতিক ধ্ৰুৱক। ইয়াক বিশ্বজনীন ধ্ৰুৱক বোলে।

16. দুটা বস্তুৰ ভৰ ক্ৰমে m₂আৰু m₂আৰু ইহঁতৰ মাজৰ দূৰত্ব d। বস্তু দুটাৰ মাজত মহাকৰ্ষণ বলৰ মান কিমান হ’ব?

উত্তৰঃ মহাকর্ষণ বল 

F = Gm₁m /d² 

17. মাধ্যাকর্ষণিক ত্বণ কাক বোলে? ইয়াক কি আখৰেৰে অভিহিত কৰা হয়। ইয়াৰ মান কিমান?

উত্তৰঃ পৃথিৱীৰ মাধ্যাকৰ্ষণৰ বাবে সৃষ্টি হোৱা ত্বৰণক মাধ্যাকৰ্ষণীক ত্বৰণ বোলে। ইয়াক ‘g’ আখৰেৰে সুচিত কৰা হয়। ইয়াৰ মান 9.81 মিটাৰ / ছেকেণ্ড²।

18. মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱকৰ একক নিৰ্ণয় কৰা। 

উত্তৰঃ নিউটনৰ মহাকৰ্ষণ বলৰ সূত্ৰ মতে –

F = Gm₁m₂ / R²

= G = F × R / m₁m₂

S.I পদ্ধতিত বলৰ একক নিউটন (N)

দুৰত্বৰ একক মিটাৰ (m) 

ভৰৰ একক কিলোগ্রাম (kg)

∴ G  = নিউটন × মিটাৰ²  / কিলোগ্রাম × কিলোগ্রাম 

= N.m² / kg.kg

= Nm² / kg²

= Nm²/kg² 

19. 50 কিলোগ্রাম ভৰৰ এজন লৰাৰ ওজন কিমান?

উত্তৰঃ ইয়াত,

m = 50 kg

g = 9.8 m/sec²

W=?

আমি জানো যে,

w = mg

   = 50 x 9.8 kg.m/sec² 

   = 490 N

20. ‘g’ আৰু ‘G’ ৰ মাজত পার্থক্য কি?

উত্তৰঃ

gG
(i) g হ’ল মাধ্যাকর্ষণীক ত্বৰণ(i) G হ’ল বিশ্বজনীন মহাকর্ষণীক ধ্রুবক।
(ii) gৰ মান 9.8m/sec²(ii) Gৰ মান 6.67 x 10⁻¹¹Nm2/kg²
(iii)g = GM / R²(iii) G =  FR² / m₁.m₂

21. 200 কিলোগ্রাম ভৰৰ দুটা বস্তুৰ মাজৰ দূৰত্ব 3 মিটাৰ হ’লে ইহঁতৰ মাজৰ আকৰ্ষণী বল কিমান হ’ব?

উত্তৰঃ  ইয়াত, 

m₁ = 200 kg

m₂ = 200 kg

r   = 3m

F  = ?

G = 6.67 x 11⁻¹¹ Nm²/kg²

আমি জানো যে,

F = Gm₁m₂ / r² 

   = 6.67×10⁻¹¹ × 200 × 200 / 3²

   = 6.67× 40000 ×10⁻¹¹ / 9

   = .6.67 × 4 9 / 9 × 10⁻⁷

   = 26.68 / 9 × 10⁻⁷

∴ F = 26.68 / 9 × 10⁻⁷ N

22. প্ৰমাণ কৰা g = GM / R² । ইয়াত G, M আৰু ৰ মান বহুৱাই ৰ R মান নির্ণয় কৰা।

উত্তৰঃ ধৰা হ’ল,

পৃথিৱীৰ ভৰ = M

পৃথিৱীৰ ব্যাসার্ধ = R

পৃথিৱীৰ উপৰিভাগত থকা বস্তু এটাৰ ভৰ = m 

মহাকর্ষণ বল = F 

এতিয়া, F = G.m.M / R² ————  (i)

য’ত    G = ধ্রুবক

আকৌ, F=mg

∴ (i)  =  mg  = G.m.M / R² ————  (ii)

        = g   = GM / R²

G, M আৰু Rৰ মান বহুৱাই আমি পাওঁ

g = 6.7×10⁻¹¹ ×  6×10²⁴ / ( 6.4 × 16⁶ )²

   = 9.81 m/sec²

∴ g = 9.81 m/sec²

23. এটা বস্তু মাটিৰ পৰা 20 মিটাৰ উচ্চতাৰ পৰা এৰি দিয়া হ’ল বস্তুটো মাটিত পৰোতে কিমান সময় লাগিব ? মাটিত পৰাৰ আগমূহুৰ্তত বস্তুটোৰ  বেগ কিমান? 

উত্তৰঃ ইয়াত, 

u = 0

v = ?

h = s = 20 মিটাৰ

g = 10 মিটাৰ / ছেকেণ্ড²

আমি জানো যে,

s = ut + ½ at² 

=  20 = 0  × t + ½ ×10 x t²

= 20 = 5 ×  t²

= t²  = 20 / 5

= t² = 4

= t = 2

∴ t= 2 sec

আকৌ,

v²  = u + 2as

= v² = 0²  + 2 × 10 × 20

= v²  = 400

=  v = 20

∴  v = 20 m/sec

24. এটা শিলগুটি 20 মি/ছে. বেগেৰে ওপৰলৈ মাৰি পঠিওৱা হ’ল বায়ুৰ বাধা উপেক্ষা কৰি নিৰ্ণচছয় কৰা –

(ক) শিশুটিটো মাটিৰ পৰা কিমান ওপৰলৈ উঠিব।আৰু 

(খ) ঘূৰি আহি আকৌ মাটি পোৱালৈকে ইয়াৰ কিমান সময় লাগিব ?

উত্তৰঃ ইয়াত,

u = 20 m/sec

a = – 10m/sec²

v = 0m/sec 

(ক) s = h = ?

(খ) t = ?

আমি জানো যে,

v²  = u²  + 2as

= s = v² – u² / 2a

= 0 – 20² / 2 × (-10)

= -400 / -20

= 20

∴ h = s = 20m

আকৌ,

t = v – u / a 

  = 0 – 20 / – 10 

  = –20 / –10

  = 2

∴ ঘুৰি আহি মাটি পোৱালৈকে লগা সময় = 2 + 2

                                                   = 4 sec

25. নাদত পেলাই দিয়া এটা শিশুটিয়ে 1 ছেকেণ্ডৰ পিছত নাদৰ পানীত পৰিলগৈ। নিৰ্ণয় কৰা – 

(ক) কিমান বেগেৰে শিশুটিটোৱে নাদৰ পানীত খুন্দা মাৰিলেগৈ।

(খ) নাদৰ ওপৰৰ পৰা পানীৰ দূৰত্ব কিমান?

উত্তৰঃ ইয়াত,

t = 1 sec 

u = 0

v = ?

s = ? 

a = 10m/sec²

(ক) আমি জানো যে

v = u + at

⇒ v = 0 + 10 × 1

⇒ v = 10

∴ v = 10m/sec

(খ) আকৌ,

s = ut + ½  at²

⇒ s  = 0 × 1 + ½ × 10 × 1²

⇒ ½ × 10 × 1 

⇒ 5

∴ s = 5m

20. এটা বস্তু মাটিৰ পৰা 10 মিটাৰ ওপৰলৈ উঠিবৰ বাবে বস্তুটো কিমান বেগেৰে মাৰি পঠিয়াব লাগিব। সর্ব্বোচ্চ বিন্দুলৈ উটোতে বস্তুটোৰ কিমান সময় লাগিব?

উত্তৰঃ ইয়াত,

s = 10m

a = – 10m/sec²

u = ? 

V = 0 

t = ?

আমি জানো যে,

v = u²  + 2as 

⇒ u² = v² – 2as 

        = 0² – 2 × ( − 10) × 10

         = 200

∴ u = √200 m/sec

 আকৌ,

t = v – u / a 

  = 0 – √200 / -10 

  = √200 / 10

∴ = t = √200 / 10 sec.

27. মন্থৰণ কাক বোলে?

উত্তৰঃ যিকোনো এটা গতিশীল বস্তুৰ বেগ ক্ৰমাৎহ্রাস হোৱাকে মন্থৰণ বোলে। 

28. অভিকেন্দ্রিক বল কাক বোলে? এটা উদাহৰণ দিয়া।

উত্তৰঃ কেন্দ্ৰৰ দিশত ক্রিয়াশীল বলক অভিকেন্দ্ৰীক বল বোলে।

উদাহৰণ : পৃথিৱীৰ চাৰিওফলে চন্দ্ৰৰ গতি কাৰণ অভিকেন্দ্রীক বল।

29. কেপলাৰৰ সূত্ৰ কেইটা কি কি?

উত্তৰঃ কেপলাৰৰ সূত্ৰ তিনিটা হ’ল –

(i) গ্ৰহৰ কক্ষপথ উপবৃত্তাকাৰ আকৃতিৰ। ইয়াৰ কোনো এটা নাভিত সূৰ্যটো অৱস্থিত হয়। 

(2) গ্ৰহ আৰু সূৰ্য্য সংযোগী ৰেখাই সমান সময়ৰ অন্তৰালত সমান কালিৰ ওপৰেৰে পাৰ হয়। 

(3) গ্ৰহটোৰ সূৰ্য্যৰ পৰা গড় দূৰত্ব ইয়াৰ কক্ষপথৰ পৰ্য্যায়কাল Tৰ বৰ্গৰ সমানুপাতিক। অর্থাৎ,

r³ / T² = ধ্ৰুৱক।

30. সমুদ্র পৃষ্ঠত উঠা জোৱাৰৰ কাৰণ কি?

উত্তৰঃ চন্দ্ৰ আৰু সূৰ্য্যৰ মাজৰ মহাকৰ্ষণীক বল। 

31. গাড়ী এখন পাহাৰৰ পৰা নামি বাহিৰলৈ ওলাই থাক আংশ এটা বাগিৰিল আৰু 0.5 secত ভূপতিত হ’ল। ধৰা হওঁক g = 10m/sec2. 

(i) মাটিত পৰোতে ইয়াৰ দ্ৰুতি কিমান?

(ii) 0.5 secত ইয়াৰ গড় দ্ৰুতি কিমান?

(iii) পাহাৰৰ গাৰ পৰা ওলাই থকা অংশটোৰ মাটিৰ পৰা উচ্চতা কিমান?

উত্তৰঃ ইয়াত, t = 0.5 sec

                   u = 0m/sec 

                   g = 10 m/sec²

                    a = 10m/sec²

(i) V   =  u + at

         = 0 + 10 × 0.5 

          = 5

  ⇒  v = 5m/sec

(ii) গড় দ্রুতি =  u + v / 2 

                  =  0 + 5 / 2

                  = 2.5 m/sec

(ii) s  =  ut + ½ at² 

        = 0 × t + ½ at ×  10 × 0.25²

        = 1.25m

32. প্ৰমাণ কৰা যে, চন্দ্ৰত বস্তুৰ ওজন = ⅙ × পৃথিৱীত বস্তুৰ ওজন

উত্তৰঃ ধৰা হ’ল, বস্তু এটাৰ ভৰ m আৰু চন্দ্ৰপৃষ্ঠত ইয়াৰ ওজন Wm চন্দ্ৰৰ ভৰ Mmআৰু ইয়াৰ ব্যাসার্ধ Rm মহাকৰ্ষণৰ বিশ্বজনীন সূত্রমতে চন্দ্ৰত বস্তুটোৰ ওজন হ’ব 

ধৰাহ হ’ল একেটা বস্তুৰ পৃথিৱীত ওজন We। পৃথিৱীৰ ভৰ M’ আৰু বাসার্ধ R I

= চন্দ্ৰত বস্তুৰ ওজন = ⅙ ×পৃথিৱীত বস্তুৰ ওজন।

35. পৃথিৱীপৃষ্ঠত বস্তু এটাৰ ওজন 10N। চন্দ্ৰপৃষ্ঠত ইয়াৰ ওজন কিমান হ’ব?

উত্তৰঃ ইয়াত,

We = 10N 

Wm = ?

আমি জানো যে,

Wn = ⅙ × W

       = ⅙ × 10 N

      = 1.67 N

34. লোৰ গজাল এটা পানীত কিয় ডুবে?

উত্তৰঃ লোৰ গজালৰ ঘনত্ব পানীৰ ঘনত্বতকৈ বেছি। অর্থাৎ গজালটোৰ ওপৰত পানীৰ উৰ্দ্ধমুখী হেঁচা গজালটোৰ ওজনতকৈ গম। গতিকে গজালটো পানীত ডুবে।

35. গাখীৰৰ বিশুদ্ধতা নির্ণয় কৰা যন্ত্ৰটোৰ নাম কি?

উত্তৰঃ লেক্টমিটাৰ।

36. জুলীয়া বস্তুৰ ঘনত্ব জোখা যন্ত্ৰটোৰ নাম কি?

উত্তৰঃ হাইড্ৰমিটাৰ।

37. আপেক্ষিক ঘনত্ব কি?

উত্তৰঃ বস্তু এটাৰ আপেক্ষিক ঘনত্ব হৈছে বস্তুটোৰ ঘনত্ব আৰু পানী ঘনত্বৰ অনুপাত। অর্থাৎ —

আপেক্ষিক ঘনত্ব = বস্তুটোৰ ঘনত্ব /পানীৰ ঘনত্ব

38. আপেক্ষিক ঘনত্বৰ একক কি? 

উত্তৰঃ আপেক্ষিক ঘনত্বৰ একক নাই।

39. ৰূপৰ আপেক্ষিক ঘনত্ব 10.81। পানীৰ ঘনত্ব 103kg/m³। SI এককত ৰূপৰ ঘনত্ব কিমান? 

উত্তৰঃ ৰূপৰ আপেক্ষিক ঘনত্ব = 10.81

⇒ ৰূপৰ ঘনত্ব = পানীৰ ঘনত্ব / পানীৰ ঘনত্ব = 10.81

⇒ ৰূপৰ ঘনত্ব = 10.81 × পানীৰ ঘনত্ব

                  = 10.81 × 103 kg/m³

                  = 10810 kg/m³

40. ওজন কি? 

উত্তৰঃ পৃথিৱীয়ে বস্তু এটাক যি বলেৰে আকৰ্ষণ কৰে তাকে বস্তুটোৰ ওজন বোলে।

41. ওজনৰ SI একক কি?

উত্তৰঃ নিউটন।

42. সূৰ্য্যৰ চাৰওফালে গ্ৰহবোৰৰ কক্ষপথ কেনেকুৱা?

উত্তৰঃ উপবৃত্তাকাৰ। 

43. পৃথিৱীৰ কেন্দ্ৰত ‘g’ৰ মান কিমান?

উত্তৰঃ শূন্য।

44. মুক্তভাবে অধোগমন বস্তু এটাৰ ক্ষেত্ৰত তলৰ কোনটো সত্য?

(a) দ্রুতি একে।

(b) বেগ একে।

(c) ত্বৰণ একে।

(d) বল একে।

উত্তৰঃ (c) ত্বৰণ একে।

45. আর্কিমিডিছৰ সূত্ৰটো কি?

উত্তৰঃ বস্তু এটা তৰলত সম্পূর্ণ বা আংশিকভাৱে ডুবালে ই উর্ধমুখী বল এটা অনুভব কৰে যিটো বস্তুটোৱে অপসাৰিত কৰা তৰলৰ ওজনৰ সমান।

46. আর্কিমিডিছৰ সূত্ৰৰ দুটা প্ৰয়োগ উল্লেখ কৰা। 

উত্তৰঃ (1) চাবমেৰিণৰ নক্সা তৈয়াৰ কৰাত।

(2) লেক্টমিটাৰৰ প্ৰস্তুতিত। 

47. বলে সদায় গতিৰ সৃষ্টি কৰেনে?

উত্তৰঃ নকৰে। বলৰ মান জড়তাতকৈ বেছি হ’লৈ গতিৰ সৃষ্টি হয়।

48. বস্তুৰ ওজন জুখিবলৈ ব্যাৱহাৰ কৰা এবিধ সজুলিৰ নাম লিখা।

উত্তৰঃ তুলাচনী।

49. পৃথিৱীৰ কেন্দ্ৰত 5 kg ভৰৰ বস্তু এটাৰ ওজন কিমান?

উত্তৰঃ শূন্য। কাৰণ W =mg; g = 0 

50. g আৰু Gৰ মাজত সম্পৰ্ক কি ?

উত্তৰঃ g = GM / R²

1 thought on “Class 9 Science Chapter 10 মহাকর্ষণ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top