Class 9 Science Chapter 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ

Class 9 Science Chapter 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Science Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 9 Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Science Chapter 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ Question Answer can be of great value to excel in the examination.

Class 9 Science Chapter 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ

Join Telegram channel

SEBA Class 9 General Science Chapter 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ Notes cover all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Science Chapter 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আমাৰ চাৰিওকাষৰ বস্তুবোৰ

Chapter – 1

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

1. তলৰ কোনবোৰ পদার্থ ?

চকী, বায়ু, প্রেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা, ঠাণ্ডা পনীয়, সুগন্ধি দ্ৰৱৰ সুবাস।

উত্তৰঃ চকী, বায়ু, বাদাম, ঠাণ্ডা – পানীয়, সুগন্ধি দ্ৰৱৰ সুবাস।

2. তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দর্শোৱা । 

কঢ়াকৈ ভজা গৰম বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়। কিন্তু ঠাণ্ড বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে।

উত্তৰঃ ইয়াৰ কাৰণ হ’ল গেছৰ ব্যাপনৰ মাত্ৰা উষ্ণতাৰ বৃদ্ধিৰ লগে লগে বাঢ়ে। গৰম বস্তুৰ ক্ষেত্ৰত ব্যাপনৰ মাত্ৰা বাঢ়ে বাবে বস্তুৰ গোন্ধ বহু দূৰলৈ বাঢ়ি যায়। আনহাতে ঠাণ্ডা বস্তুৰ ক্ষেত্ৰত ব্যাপনৰ মাত্ৰা কম হয় বাবে গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে।

3. এজন ডুবাৰুৱে সাতোৰাৰ সময়ত পুখুৰীৰ পীী ফালি সোমাই যাব পাৰে। পদাৰ্থৰ কি ধৰ্মৰ ভিত্তিত এইটো সম্ভব ? 

উত্তৰঃ পানীৰ অনুসমূহৰ মাজত আকর্ষণী বল কম হোৱা বাবে ডুবাৰুৱে পানী ফালি সোমাই যাব পাৰে।

(4) পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য বিলাক কি কি?

উত্তৰঃ পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য হ’ল –

(i) ইহঁতৰ মাজত খালী ঠাই থাকে।

(ii) ইহঁতৰ মাজত আকর্ষণী বল থাকে।

(iii) ইহঁত সদায় গতিশীল।

5. পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে।

ঘনত্ব = ভৰ /আয়তন

তলৰ পদাৰ্থবোৰ ঘনত্বৰ উৰ্দ্ধক্ৰমত সজোৱা – 

বায়ু, চিমনিৰ পৰা ওলোৱা ধোৱা, মৌ, পানী, চকমাটি, কপাহ আৰু লো।

উত্তৰঃ উৰ্দ্ধক্ৰমত সজালে হ’ব,

চিমনিৰ পৰা ওলোৱা ধোৱা < বায়ু < কপাহ <চক < মৌ <লো।

6. (a) পদাৰ্থৰ বিভিন্ন অবস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱাই এখন তালিকা কৰা।

(b) তলৰ বিষয়বিলাকৰ ওপৰত মন্তব্য দিয়া —

দৃঢ়তা (rigidity), সংকোচনশীলতা (compressibility), প্রবাহীতা (fluidity), আকাৰ (shape), গতিশক্তি (kinetic energy) আৰু ঘনত্ব (density)

উত্তৰ :  (a) বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যৰ পাৰ্থক্য —

বৈশিষ্ট্যগোটাজুলীয়াগেছীয়
1. খালী ঠাই 
2. অনুৰ মাজৰ আকর্ষণীয় বল
3. দৃঢ়তা 
4. ঘনত্ব
খুব কম
খুব বেছি

খুব বেছি
খুব বেছি
কম
কম

কম
কম
বেছি
কম

খুব কম
দৃঢ় নহয় খুব কম

(b) দৃঢ়তা (Rigidity) : দৃঢ়তা পদাৰ্থৰ এটা বৈশিষ্ট্য যাৰ বাবে পাদার্থই এটা নির্দিষ্ট আকৃতি লয়। কঠিন পদাৰ্থৰ দৃঢ়তা খুব বেছি। সেইবাবে ইহঁতৰ ওপৰত বল প্ৰয়োগ কৰিলে ভাঙি যাব পাৰে, কিন্তু আকৃতিৰ পৰিবৰ্তন কৰা টান ৷ জুলীয়া পদাৰ্থৰ দৃঢ়তা কম। আনহাতে গেছীয় পদার্থ দৃঢ় নহয়৷

সংকোচনশীলতা (compressibility) : যি ধৰ্মৰ বাবে বল বা চাপ প্রয়োগ কৰাৰ ফলত বস্তুৰ আয়তন কমি যায় তাক সংকোচনশীলতা বোলে। গেছৰ অনুসমূহৰ মাজৰ খালী ঠাই বেছি বাবে ইহঁত খুব বেছি সংকোচনশীল।

প্রবাহীতা (Fluidity) : যি ধৰ্মৰ বাবে পদাৰ্থৰ অনুসমূহ এঠাইৰ পৰা আন ঠাইলৈ বাগৰি যাব পাৰে তাক প্ৰবাহীতা বোলে। জুলীয়া পদাৰ্থৰ অনুসমূহে ধর্ম দেখুৱায়।

আকাৰ (Shape) : এইটো পদাৰ্থৰ অনুৰ এটা নির্দিষ্ট জ্যামিডীয় সজ্জা। কঠিন পদাৰ্থৰ অনুসমূহৰ নিৰ্দিষ্ট আকাৰ আছে। আনহাতে গেছীয় আৰু জুলীয়া পদাৰ্থৰ নিৰ্দিষ্ট আকাৰ নাই।

গতিশক্তি (kinetic Energy) : অনুসমূহৰ গতিৰ ফলত পোৱা শক্তিক গতিশক্তি বোলে। গেছীয় পদাৰ্থৰ গতিশক্তি বেছি।

ঘনত্ব (density) : পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণক ঘনত্ব বোলে।

ঘনত্ব = ভৰ/আয়তন

7. কাৰণ দৰ্শোৱাঃ

(a) ৰখা পাত্ৰটোত গেছ এটা সম্পূৰ্ণৰূপে ভৰি পৰে।

(b) ধাৰক পাত্ৰৰ বেৰত গেছ এটাই চাপ দিয়ে।

(c) কাঠৰ টেবুল এখনক কঠিন পদাৰ্থ বুলি পাৰি।

(d) বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰো কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন।

উত্তৰঃ (a) কাৰণ গেছীয় পদাৰ্থৰ অনুসমূহৰ মাজৰ আকৰ্ষণ বল খুব কম আৰু অনুসমূহে যেনিয়ে তেনিয়ে খুব বেগত ঘুৰি ফুৰে। 

(b) কাৰণ গেছৰ অনুসমূহে বাহিৰলৈ আহিবলৈ খুব জোৰেৰে চেষ্টা কৰে।

(c) কাৰণ টেবুলখনৰ নিৰ্দিষ্ট আকাৰ, ভৰ আৰু আয়তন আছে।

(d) কাৰণ গেছীয় পদাৰ্থৰ অনুসমূহৰ মাজৰ আকৰ্ষণী বল খুব কম। কিন্তু কঠিন পদাৰ্থৰ অনুসমূহৰ মাজৰ আকৰ্ষণী বল খুব বেছি।

8. কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম। কিন্তু দেখিছানে বৰফ পানীত ওপঙে; কিয় বাৰু ? 

উত্তৰঃ বৰফ পানীত ওপঙে কাৰণ বৰফৰ ঘনত্ব জুলীয়া পানীতকৈ কম। কাৰণ পানীৰ তুলনাত বৰফৰ ভৰতকৈ আয়তনৰ পৰিমাণ বেছি হয়।

9. তলত দিয়া উষ্ণতাবোৰ চেণ্টিগ্ৰেড স্কেলত প্ৰকাশ কৰা। 

(a) 300k        

(b) 573k

উত্তৰঃ (a) 300k = 300-273

                        = 27°C

(b) 573k = 573-273

               = 300°C

10. তলৰ উষ্ণতাবিলাকত পানীৰ ভৌতিক অৱস্থা কি হ’ব ?

(a) 250°C         

(b) 100°C

উত্তৰঃ (a) গেছ।   

(b) গেছ।

11. কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিবৰ্তনৰ সময়চোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয় ? 

উত্তৰঃ কাৰণ প্ৰয়োগ কৰা তাপ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল অতিক্রম কৰি অৱস্থাৰ পৰিবৰ্তন ঘটাবলৈ ব্যৱহাৰ কৰা হয়।

12. বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা।

উত্তৰঃ বায়ুমণ্ডলীয়া গেছচাপ দি ঠাণ্ডা কৰিলে জুলীয়া হয়। 

13. Desert Cooler এটাই শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয় ?

উত্তৰঃ কাৰণ শুকান গৰম দিনত উষ্ণতাৰ বৃদ্ধি আৰু আদ্রতা কম হোৱা বাবে পানীৰ বাস্পীভবন খৰতকীয়া হয়।

14. গ্রীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয় ? 

উত্তৰঃ কাৰণ মাটিৰ কলহৰ চিদ্ৰৰ মাজেৰে পানী বাহিৰলৈ ওলাই আহে। এই পানীৰ বাস্পীভবন হয়। বাস্পীভবনৰ বাবে ভিতৰৰ পানী ঠাণ্ডা হৈ থাকে। 

15. হাতৰ তলুৱাত এচিটন, পেট্ৰ’ল বা সুগন্ধি আতৰ ঢালি ললে ঠাণ্ডা অনুভব হয় কিয় ? 

উত্তৰঃ কাৰণ এচিটন, পেট্ৰ’ল বা সুগন্ধি আতৰৰ অনুবোৰে হাতৰ তলুৱা আৰু ইয়াৰ চাৰিওফালৰ পৰা তাপ শক্তি সংগ্ৰহ কৰে আৰু বাস্পীভূত হয়। বাস্পীভৱনৰ বাবে হাতৰ তলুৱাত ঠাণ্ডা অনুভব হয়।

16. গৰম চাহ বা গাখীৰ কাপত লৈ খোৱতকৈ প্লেটত লৈ খোৱা সহজ কিয় ? 

উত্তৰঃ কাৰণ কাপতকৈ প্লেটৰ পৃষ্ঠকালি বেছি। ফলত প্লেটত বাষ্পীভবন খৰতকীয়া হয় আৰু চাহ বা গাখীৰ সোনকালে ঠাণ্ডা হয়।

17. গ্রীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে ? 

উত্তৰঃ বগা কপাহী কাপোৰ।

অনুশীলনী

1. তলৰ উষ্ণতাবিলাক ছেণ্টিগ্ৰেডত প্ৰকাশ কৰা—

(a) 293k 

(b) 470k

উত্তৰঃ (a) 293 k = 293-273

                         = 20°C

(b) 470k = 470-273

              = 197°C

2. তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা –

(a) 25°C          

(b) 373°C

উত্তৰঃ (a) 25°C = 273 +25

                        = 298k

(b) 373°C = 273 + 373 

                 = 646k

3. কাৰণ দৰ্শোৱাঃ

(a) খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়।  

(b) দূৰৰ পৰাই আতৰৰ গোন্ধ পোৱা যায়।

উত্তৰঃ (a) কাৰণ উৰ্ধপাতন প্ৰক্ৰিয়াৰে নেফথেলিন বল পোনে পোনে গেছীয় অৱস্থালৈ ৰূপান্তৰিত হয়।

(b) কাৰণ আতৰৰ অনুসমূহে খুব বেগত ছাৰিওফালে গতি কৰে।

4. কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ উৰ্দ্ধক্ৰমত সজোৱাঃ

পানী, চেনি আৰু অক্সিজেন 

উত্তৰঃ অক্সিজেন < পানী < চেনী।

5. তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি ?

(a) 25°C

(b) 0°C

(c) 100°C

উত্তৰঃ (a) জুলীয়া।

(b) গোটা।

(c) গেছীয়।

6. যুক্তি দৰ্শাই ব্যাখ্যা কৰা —

(a) সাধাৰণ উষ্ণতাত পানী জুলীয়া।

(b) সাধাৰণ উষ্ণতাত লোৰ আলমাৰি কঠিন।

উত্তৰঃ (a) সাধাৰণ উষ্ণতাত পানী জুলীয়া কাৰণ পানীৰ অনুসমূহৰ মাজৰ আকৰ্ষণ বল কম আৰু ইহঁতে এঠাইৰপৰা আনঠাইলৈ বাগৰি যাব পাৰে।

(b) সাধাৰণ উষ্ণতাত লোৰ আলমাৰিৰ অনুসমূহৰ মাজৰ আকর্ষণী বল খুব বেছি আৰু ইহঁতৰ মাজৰ ব্যাৱধান খুব কম হোৱা বাবে আলমাৰিটো দৃঢ় হয়। সেইবাবে আলমাৰিটো কঠিন। 

7. 273k উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয় ?

উত্তৰঃ 273 k উষ্ণতাত বৰফৰ কণিকাবোৰৰ তুলনাত পানীৰ কণিকাবোৰত নিহিত শক্তিৰ পৰিমাণ অধিক। সেইবাবে একে উষ্ণতাত বৰফ পানীতকৈ বেছি ঠাণ্ডা।

8. উতলা পানী আৰু ভাপৰ কোনটোৱে বেছিকৈ পুৰিব ?

 উত্তৰঃ পানীৰ ভাপে বেছিকৈ পুৰিব।

9. অৱস্থাৰ পৰিবৰ্তন দেখুৱাই তলৰ চিত্ৰত A, B, C, D, E আৰু F ৰ  নাম দিয়া।

উত্তৰঃ A→ বিগলন

B → বাষ্পীকৰণ

C → ঘনীভবন

D →

E → উর্ধপাতন

F→ উর্ধপাতন

অতিৰিক্ত প্ৰশ্নঃ

1. পদার্থ বুলিলে কি বুজা ?

উত্তৰঃ যিবোৰৰ ভৰ আছে আৰু যিবোৰো ঠাই আগুৰে সেইবোৰকে পদাৰ্থ বোলা হয়।

2. পদাৰ্থৰ অবস্থা তিনিটা কি কি ?

 উত্তৰঃ গোটা, জুলীয়া, গেছীয়।

3. পঞ্চ-তত্ত্ব কি ?

উত্তৰঃ পুৰণি দার্শনিক সকলে পদার্থ বিলাকক পাঁচটা মৌলিক কণিকা যেনে – বায়ু, পৃথিৱী, জুই, আকাশ আৰু পানীৰ দ্বাৰা গঠিত বুলি বিশ্বাস কৰিছিল। ইয়াকে পঞ্চ-তত্ব বোলে।

4. পোহৰ আৰু শব্দক পদাৰ্থ হিচাপে গণ্য কৰা নহয়। কি ?

উত্তৰঃ কাৰণ ইহঁতৰ ভৰ নাই আৰু ইহঁতে ঠাই অধিকাৰ নকৰে।

5. বাষ্পীভবন কি ?

উত্তৰঃ উতলাংকৰ তলৰ যিকোনো উষ্ণতাত কোনো জুলীয়া পদার্থ ভাগলৈ পৰিবৰ্তিত হোৱা ঘটনাক বাষ্পীভবন বোলে।

6. ব্যাপন কাক বোলে ?

উত্তৰ দুটা বেলেগ বেলেগ পদাৰ্থৰ কণিকাবোৰ পৰস্পৰ মিহলি হোৱাকে ব্যাপন বোলে।

7. পদাৰ্থ গৰম কৰিলে ব্যাপনৰ মাত্ৰা বাঢ়ে। কিয় ?

উত্তৰঃ কাৰণ উষ্ণতা বৃদ্ধিৰ লগে লগে কণিকাবোৰৰ গতি বৃদ্ধি হয়। ফলত ইহঁতে সোনকালে আন কণিকাৰ খালি ঠাইৰ মাজত সোমাই পৰে। সেইবাবে ব্যাপনৰ মাত্ৰা বৃদ্ধি হয় ।

8. কঠিন পদার্থ কিয় দৃঢ় ?

উত্তৰঃ বাহ্যিক বল প্রয়োগ কৰিলেও গোটা পদাৰ্থই তাৰ নিজৰ আকৃতি সহজে সলনি নকৰে। অত্যাধিক বল প্ৰয়োগ কৰিলে গোটা পদাৰ্থ ভাঙি যাব পাৰে; কিন্তু সিহঁতৰ আকৃতিৰ পৰিবৰ্তন কৰা টান।

কঠিন পদাৰ্থৰ অনুসমূহ খুব বেছি আকর্ষণী বলৰ দ্বাৰা ইটোৱে আনটোক বান্ধি ৰাখে। সেইবাবে ইহঁত দৃঢ়।

9. জুলীয়া পদার্থ কিয় দৃঢ় নহয় ?

উত্তৰঃ কাৰণ জুলীয়া পদাৰ্থৰ অনুবোৰৰ মাজৰ দূৰত্ব বেছি আৰু আকৰ্ষণী বল দূর্বল। সেইবাবে ইহঁত দৃঢ় নহয়

10. ৰবৰৰ ব্যেও এটুকাৰাৰ টানিলে আকৃতি সলনি হয়। ই গোটা পদার্থ নে ? 

উত্তৰঃ হয়। কাৰণ বল প্রয়োগ কৰিলে ব্যেও ডালৰ আকৃতি সলনি হয় যদিও বল আঁতৰাই দিলে ই পুনৰ আগৰ অৱস্থালৈ আহে। যদি বেঠিকৈ বল প্রয়োগ কৰা যায় তেতিয়া ই চিঙিযায়।

11. স্পঞ্জ কিয় সংকুচিত কৰিব পাৰি ?

উত্তৰঃ স্পঞ্জৰ মাজৰ সৰু সৰু ৰন্ধ থাকে। ৰন্ধ্ৰৰ মাজত-বায়ু সোমাই থাকে। চাপ বা হেঁচা দিলে ৰন্ধ্ৰৰ মাজৰ বায়ু ওলাই যায় আৰু সেইকাৰণে স্পঞ্জডোখৰ সংকুচিত কৰিব পাৰি।

12. গলনাংক কি ?

উত্তৰঃ বায়ুমণ্ডলীয় চাপত যি নির্দিষ্ট উষ্ণতাত গোটা পদাৰ্থ গলিবলৈ ধৰে তাক গলনাংক বোলে।

13. উতলাংক কি ?

উত্তৰঃ বায়ুমণ্ডলীয় চাপত যি নির্দিষ্ট উষ্ণতাত জুলীয়া পদাৰ্থ উতলিব ধৰে তাক উতলাংক বোলে।

14. পানীৰ উতলাংক কিমান ?

উত্তৰঃ 100°C

15. জুলীয়া পদাৰ্থৰ ব্যাপন বেগ গোটা পদাৰ্থতকৈ কিয় বেছি ? 

উত্তৰঃ কাৰণ জুলীয়া পদাৰ্থৰ কণিকাবোৰ সহজে গতি কৰিব পাৰে আৰু গোটা পদাৰ্থৰ তুলনাত কণিকাবোৰৰ মাজৰ ব্যাৱধান বেছি।

16. বৰফৰ গলনাংক কিমান ?

উত্তৰঃ O°C বা 273 k

17. বিগলন কি ?

উত্তৰঃ কঠিনৰ পৰা জুলীয়া অৱস্থা হোৱা প্ৰক্ৰিয়াটোক বিগলন বোলে। 

18. বিগলনৰ লীনতাপ কি ?

উত্তৰঃ এক বায়ুমণ্ডলীয় চাপ আৰু গলনাংক উষ্ণতাত এক কিলোগ্রাম কঠিন পদাৰ্থ জুলীয়া অৱস্থালৈ নিবলৈ যি পৰিমাণৰ তাপৰ প্ৰয়োজন হয় তাকে পদাৰ্থটোৰ বিগলনৰ লীনতাপ বোলে। 

19. উর্ধপাতন কাক বোলে ?

উত্তৰঃ তাপৰ প্রভাবত জুলীয়া অৱস্থাপ্রাপ্ত নোহোৱাকৈ কঠিনৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ হোৱা ৰূপান্তৰ বা গেছীয়ৰ পৰা কঠিন হোৱা প্ৰক্ৰিয়াক উর্ধপাতন বোলে।

20. শুকান বৰফ বুলিলে কোনো বিধ পদার্থক বুজোৱা হয় ? 

উত্তৰঃ গোটা কার্বন-ডাই-অক্সাইডক।

21. বাস্পীভৱনে কেনেদৰে পৰিবেশ ঠাণ্ডা কৰি ৰখাত সহায় কৰে ? 

উত্তৰঃ জুলীয়া পদাৰ্থ অনবৰতে বাস্পীভূত হৈ থাকে। বাস্পীভবনৰ ফলত কমি যোৱা শক্তি পূৰাবলৈ জুলীয়া পদাৰ্থৰ কণিকাবোৰে তাৰ চাৰিওকাষৰ পৰা শক্তি আহৰণ কৰে। এইদৰে শক্তি আহৰণ বা শোষণৰ ফলত বাষ্পীভূত হোৱা ঠাইৰ ওচৰ পাজৰ ঠাণ্ডা হয়।

22. বায়ুৰ আৰ্দ্ৰতাই বাস্পীভৱনৰ ওপৰত কেনেদৰে প্রভাব বিস্তাৰ কৰে ?

উত্তৰঃ বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণকে বায়ুৰ আদ্রতা বোলে। এক নির্দিষ্ট উষ্ণতাত, বায়ুত এক নিৰ্দিষ্ট পৰিমাণৰ জলীয় বাষ্পহে থাকিব পাৰে। বায়ুত জলীয় বাষ্পৰ পৰিমাণ বেছি থাকিলে বাষ্পীভৱনৰ বেগ বা মাত্রা কমে। অর্থাৎ আদ্রতা কম হ’লে বাষ্পীভবন বাঢ়ে।

23. তলত দিয়াবোৰৰ সম্পূর্ণ নাম লিখা।

(a) LPG             

(b) CNG

উত্তৰঃ (a) LPG = Liquid Petroleum Gas 

(b) CNG = Compressed Natural Gas

24. সাধাৰণ নাম কি ?

(a) পদাৰ্থৰ দৃঢ় গঠন।

(b) পদাৰ্থৰ বৈ যোৱা গঠন।

উত্তৰঃ (a) কঠিন

(b) জুলীয়া আৰু গেছীয়।

25. গৰম কালি কিয় কপাহী কাপোৰ পিন্ধা উচিত ?

উত্তৰঃ কপাহী কাপোৰে আমাৰ গাৰ পৰা ওলোৱা ঘাম ভালদৰে শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে ৷ 

26. বৰফ পানী থকা গিলাচ এটাৰ বাহিৰৰ পৃষ্ঠত পানীৰ টোপাল বিৰিঙি থাকে কিয় ?

উত্তৰঃ বায়ুত থকা জলীয় বাষ্প ঠাণ্ডা গিলাচ পৃষ্ঠৰ সংস্পৰ্শলৈ আহি শক্তি বিকিৰণ কৰে আৰু ফলত জুলীয়া অৱস্থাপ্রাপ্ত হৈ পানীৰ কণিকা বিৰিঙে।

27. পদাৰ্থৰ দুটা নতুন অৱস্থা কি কি ? 

উত্তৰঃ প্লাজমা আৰু বোস আইনষ্টাইন কনডেনচেট।

বস্তু নিষ্ঠ প্ৰশ্নঃ

1. আটাইতকৈ কম সংকোচনশীল পদাৰ্থৰ অৱস্থাঃ

(a) কঠিন।

(b) জুলীয়া।

(c) গেছীয়।

(d) আটাইবোৰ সমান সংকোচনশীল।

উত্তৰঃ (a) কঠিন।

2. ——- উষ্ণতাত পানী বৰফ হয়

(a) 273k

(b) 273°C

(c) 564k

(d) – 273°C

উত্তৰ: (a) 273k

3. কোনটো খৰ প্ৰক্ৰিয়াঃ

(a) বাষ্পীভবন।

(b) উতলন।

(c) বিগলন।

(d) এটাও নহয়।

উত্তৰঃ (b) উতলন।

4. কোনটো পদাৰ্থ নহয়—

(a) প্রেম।

(b) শিল।

(c) গাখীৰ।

(d) কিতাপ।

উত্তৰঃ (a) প্রেম।

5. অনুসমূহৰ মাজৰ ব্যাৱধান কম—

(a) কঠিন পদাৰ্থৰ।

(b) জুলীয়া পদাৰ্থৰ।

(c) গেছীয় পদাৰ্থৰ।

(d) কঠিন আৰু জুলীয়া পদাৰ্থৰ।

উত্তৰঃ (a) কঠিন পদাৰ্থৰ।

6. গৰমৰ দিনত পিন্ধা উচিত :

(a) নাইলন কাপোৰ।

(b) চিল্কৰ কাপোৰ।

(c) কলা কপাহী কাপোৰ।

(d) বগা কপাহী কাপোৰ। 

উত্তৰঃ (d) বগা কপাহী কাপোৰ।

7. 10°C উষ্ণতাত পানীৰ ভৌতিক অবস্থা :

(a) গোটা।

(b) জুলীয়া।

(c) গেছীয়।

(d) গোটা বা জুলীয়া।

উত্তৰঃ (b) জুলীয়া।

8. অনুসমূহৰ মাজৰ আকর্ষনী বল আটাইতকৈ কম –

(a) কঠিন পদাৰ্থৰ। 

(b) জুলীয়া পদাৰ্থৰ।

(c) গেছীয় পদাৰ্থৰ।

(d) এটাও নহয়।

উত্তৰঃ (c) গেছীয় পদাৰ্থৰ।

9. অনুসমূহৰ মাজৰ আকৰ্ষণী বল আটাইতকৈ বেছি

(a) কঠিন পদাৰ্থৰ। 

(b) জুলীয়া পদাৰ্থৰ।

(c) গেছীয় পদাৰ্থৰ।

(d) এটাও নহয়।

উত্তৰঃ (a) কঠিন পদাৰ্থৰ।

10. 300k উষ্ণতাক লিখা হয় –

(a) 300°C

(b) 27°C 

(c) 127°C 

(d) 573°C

উত্তৰঃ (b) 27°C

Q. A অংশৰ লগত B অংশ মিলোৱা :

AB
(i) ভৰ(a) কিউবিক মিটাৰ
(ii) ঘনত্ব(b) কিলোগ্রাম
(iii) আয়তন(c) পাচকেল
(iv) উষ্ণতা(d) কেলভিন
(v) চাপ(e) কিলোগ্রাম / কিউবিক মিটাৰ

উত্তৰঃ 

AB
(i) ভৰ(b) কিলোগ্রাম
(ii) ঘনত্ব(e) কিলোগ্রাম / কিউবিক মিটাৰ
(iii) আয়তন(a) কিউবিক মিটাৰ
(iv) উষ্ণতা(d) কেলভিন
(v) চাপ(c) পাচকেল

Q. শুদ্ধনে অশুদ্ধ লিখা —

(a) বাষ্পীভবনে ঠাণ্ডা কৰে।

(b) বতাহে বাষ্পীভবনৰ হাৰ কমায়। 

(c) উষ্ণতা বাঢ়িলে বাষ্পীভবন কমে।

(d) আদ্রতা কমিলে বাষ্পীভবন বাঢ়ে।

(e) বাষ্পীভবন এটা ধীৰ প্ৰক্ৰিয়া।

(f) জুলীয়া পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি থাকে। 

(g) কঠিন পদার্থ উচ্চ সংকোচনশীল।

(h) গেছীয় আৰু জুলীয়া পদাৰ্থ বৈ যায়।

(i) গেছৰ ব্যাপন হয়।

(j) গেছ আৰু বাষ্প সদায় একে।

(k) জুলীয়া পদাৰ্থৰ এখন মুক্ত পৃষ্ঠ থাকে।

(l) অৱস্থাৰ পৰিবৰ্তনত উষ্ণতা হ্রাস হয়।

উত্তৰঃ 

(a) শুদ্ধ 

(b) অশুদ্ধ

(c) অশুদ্ধ

(d) শুদ্ধ

(e) শুদ্ধ 

(f) অশুদ্ধ

(g) অশুদ্ধ

(h) শুদ্ধ

(i) শুদ্ধ

(j) অশুদ্ধ 

(k) শুদ্ধ

(l) অশুদ্ধ

Q. খালী ঠাই পূৰ কৰা —

(a) পদাৰ্থৰ —–টা অৱস্থা।

(b) বাষ্পীভবনৰ ফলত —– হয়।

(c) জুলীয়া পদাৰ্থৰ —–খন মুক্ত পৃষ্ঠ।

(d) ——– ক শুকান বৰফ বোলা হয়।

(e) কঠিন পদাৰ্থৰ —– -খন মুক্ত পৃষ্ঠ থাকে।

উত্তৰঃ (a) তিনিটা।

(b) Stet

(c) এখন।

(d) গোটা কার্বনডাই অক্সাইড।

(e) অসংখ্য।

Q. 1. বোস-আইনষ্টাইন কনডেনচেট কি ? 

উত্তৰঃ 1920 চনত ভাৰতীয় পদার্থ বিজ্ঞানী সত্যেন্দ্র নাথ বোসদেৱে পদাৰ্থৰ পঞ্চম অবস্থাৰ ওপৰত কিছুমান গণনা কৰিছিল। তেখেতৰ গণনাৰ ওপৰত ভিত্তি কৰি এলবাৰ্ট আইনষ্টাইনে পদাৰ্থৰ এবিধ নতুন অৱস্থাৰ ভবিষ্যতবাণী কৰিছিল—বোস আইনষ্টাইন কনডেনচেট। অতি কম ঘনত্বৰ গেছ অতীব কম উষ্ণতালৈ চেচা কৰিলে BEC উৎপন্ন হয়।

2. BECৰ ওপৰত গবেষণা কৰি নবেল বটা পোৱা বিজ্ঞানী তিনিজনৰ নাম কি ?

উত্তৰঃ (a) Eric A. Cornell.

(b) Wolfgang Kelterle.

(c) Carl E. Wieman.

3. উতলন আৰু বাষ্পীভৱনৰ মাজত দুটা পার্থক্য লিখা।

উত্তৰঃ

উতলন বাষ্পীভবন
1এটা নিৰ্দিষ্ট উষ্ণতাত উতলন আৰম্ভ হয় যাক উতলাংক বোলা হয়।হয়।

2. এইটো এটা খৰ প্ৰক্ৰিয়া।
1.সকলো উষ্ণতাতে বাষ্পীভবন হয়।



2. এইটো এটা ধীৰ প্ৰক্ৰিয়া।

4. গেছ, জুলীয়া অৱস্থালৈ আনিবলৈ প্ৰয়োগ কৰা দুটা পদ্ধতিৰ নাম লিখা।

উত্তৰঃ (i) উষ্ণতা হ্ৰাস কৰি।

(ii) চাপ বৃদ্ধি কৰি।

5. পানীৰ অবস্থা তিনিটা কি কি ?

উত্তৰঃ (i) গোটা অবস্থা বৰফ। 

(ii) জুলীয়া অৱস্থা পানী।

(iii) গেছীয় অৱস্থা জলীয় ভাপ।

 6. পানীৰ নমুনা এটাত দেখা গ’ল যে সাধাৰণ উষ্ণতা আৰু চাপত ই 102°C উষ্ণতাত উভলে। পানীখিনি বিশুদ্ধনে? পানীখিনি 0°C উষ্ণতাত বৰফ হ’বনে ?

উত্তৰঃ পানীখিনি বিশুদ্ধ নহয় কাৰণ বিশুদ্ধ পানী 100°C উষ্ণতাত উতলে। পানীখিনি 0°C উষ্ণতাৰ তলৰ উষ্ণতাত বৰফ হ’ব কাৰণ পানীখিনিত অশুদ্ধি

মিহলি হৈ থাকে।

7. প্লাজমা কি ?

উত্তৰঃ প্লাজমা পদাৰ্থৰ চতুৰ্থ অৱস্থা। এই অৱস্থাৰ কণিকাবিলাক খুব বেছি শক্তিযুক্ত আৰু অতি উত্তেজিত।

8. কঠিন পদাৰ্থৰে নিৰ্দিষ্ট আকাৰ আৰু আয়তন থাকে। কিয় ?

উত্তৰঃ কাৰণ —

(i) ইহঁতৰ কণিকাবোৰৰ মাজৰ খালী ঠাই খুব কম।

(ii) ইহঁতৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণী বল খুব বেছি। 

9. তলত উল্লেখ কৰা পৰিবৰ্তনবোৰত অৱস্থাৰ কেনকুেৱা পৰিবৰ্তন হৈছে লিখা। 

(a) ভিজা কাপোৰ শুকোৱা।

(b) সূৰ্য্যৰ ৰদত মম গলা।

(c) বৰফ গলা।

(d) মেঘৰ সৃষ্টি।

(e) মুক্ত অবস্থাত থলে নেফটেলিন বল সৰু হোৱা।

(f) পানী বাস্পীভূতহোৱা।

উত্তৰঃ (a) জুলীয়াৰ পৰা গেছীয় হোৱা।

(b) কঠিনৰ পৰা জুলীয়া হোৱা।

(c) কঠিনৰ পৰা জুলীয়া হোৱা। 

(d) জুলীয়াৰ পৰা গেছীয় হোৱা।

(c) কঠিনৰ পৰা গেছলৈ।

(f) জুলীয়াৰ পৰা গেছীয় হোৱা।

10. কি ঘটিব যেতিয়া জুলীয়া পদাৰ্থৰ কণিকাবোৰৰ মাজৰ দূৰত্ব কমি যাৰ ? এইটো কেনেকৈ সম্ভব হয় ?

উত্তৰঃ জুলীয়া পদাৰ্থৰ কণিকাবোৰৰ মাজৰ দূৰত্ব কমি গ’লে কঠিনলৈ পৰিবৰ্তন হ’ব। জুলীয়া পদাৰ্থৰ উষ্ণতা কমাই কঠিন কৰিব পাৰি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top