Class 7 Assamese Important Chapter 8 ৰূপান্তৰ Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 7 Assamese Important Chapter 8 ৰূপান্তৰ Solutions and select need one. SEBA Class 7 Assamese Additional Notes Download PDF. SEBA Class 7 Assamese Important Question Answer.
Class 7 Assamese Important Chapter 8 ৰূপান্তৰ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per State Council of Educational Research and Training (SCERT) Book guidelines. SCERT Class 7 Assamese Additional Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Assamese External Question Answer for All Chapters, You can practice these here.
ৰূপান্তৰ
Chapter: 8
| IMPORTANT QUESTION ANSWER |
চমু প্ৰশ্ন আৰু উত্তৰ:
১। নাটিকাখনৰ নাম কি?
উত্তৰঃ নাটিকাখনৰ নাম হৈছে ‘ৰূপান্তৰ’।
২। প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বয়স কিমান?
উত্তৰঃ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বয়স প্ৰায় ৪৫ বছৰ।
৩। সাগৰিকাৰ বয়স কিমান?
উত্তৰঃ সাগৰিকাৰ বয়স ১২-১৩ বছৰ।
৪। ৰাষ্ট্ৰীয় সংগীত গাবলৈ যাওঁতে শ্ৰেণীকোঠাত কোনে কান্দি আছিল?
উত্তৰঃ ৰাষ্ট্ৰীয় সংগীত গাবলৈ যাওঁতে শ্ৰেণীকোঠাত সাগৰিকাই কান্দি আছিল।
৫। সাগৰিকাৰ কাষত কোন কোন থিয় হৈ আছিল?
উত্তৰঃ সাগৰিকাৰ কাষত হাচ্নাহানা আৰু মন বাহাদুৰ থিয় হৈ আছিল।
৬। সাগৰিকাক কোনে অফিচৰ আলমাৰিৰ পৰা ছেনিটেৰী নেপকিন আনি দিছিল?
উত্তৰঃ জয়া শইকীয়া শিক্ষয়িত্ৰীয়ে সাগৰিকাক অফিচৰ আলমাৰিৰ পৰা ছেনিটেৰী নেপকিন আনি দিছিল।
৭। সাগৰিকাৰ মাকৰ মতে সাগৰিকাৰ কি হৈছিল?
উত্তৰঃ সাগৰিকাৰ মাকৰ মতে সাগৰিকাৰ ‘তোলনি বিয়া’ৰ ক্ষণটো বৰ শুভ নাছিল।
৮। সাগৰিকাক কেইদিনৰ বাবে ভিতৰৰ কোঠালিত সোমাই থোৱা হৈছিল?
উত্তৰঃ সাগৰিকাক একৈশ দিনৰ বাবে ভিতৰৰ কোঠালিত সোমাই থোৱা হৈছিল।
৯। সাগৰিকাক মাক-দেউতাকে কি খাবলৈ দিছিল?
উত্তৰঃ সাগৰিকাক মাক-দেউতাকে বুট-মগু খাবলৈ দিছিল।
১০। বিদ্যালয়ত আয়োজন কৰা সজাগতা সভাখনৰ বিষয়বস্তু কি আছিল?
উত্তৰঃ বিদ্যালয়ত আয়োজন কৰা সজাগতা সভাখনৰ বিষয়বস্তু আছিল ‘শাৰীৰিক আৰু মানসিক স্বাস্থ্যত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰভাৱ’।
১১। সজাগতা সভাখনত বিশিষ্ট অতিথি হিচাপে কোনে অংশগ্ৰহণ কৰিছিল?
উত্তৰঃ সজাগতা সভাখনত বিশিষ্ট অতিথি হিচাপে ডাঃ অনুপমা মেচে অংশগ্ৰহণ কৰিছিল।
১২। ডাঃ অনুপমা মেচৰ পেচা কি আছিল?
উত্তৰঃ ডাঃ অনুপমা মেচ পেচাত এগৰাকী চিকিৎসক আছিল।
১৩। ডাঃ অনুপমা মেচে বয়ঃসন্ধি কাল বুলি কাক কৈছে?
উত্তৰঃ যিটো বয়সত শৰীৰ আৰু মনৰ বিভিন্ন পৰিৱৰ্তন ঘটে, সেই কালছোৱাক বয়ঃসন্ধি বুলি কোৱা হয়।
১৪। মাহেকীয়াৰ সময়ত কি ব্যৱহাৰ কৰিব লাগে বুলি ডাক্তৰে পৰামৰ্শ দিছিল?
উত্তৰঃ মাহেকীয়াৰ সময়ত লেতেৰা কাপোৰৰ সলনি ছেনিটেৰী পেডৰ ব্যৱহাৰ কৰিব লাগে বুলি ডাক্তৰে পৰামৰ্শ দিছিল।
১৫। যিবোৰ শব্দ সংস্কৃত ভাষাৰ পৰা আহি অসমীয়া ভাষাত অবিকৃত ৰূপত ব্যৱহৃত হৈছে, সেইবোৰক কি শব্দ বোলে?
উত্তৰঃ যিবোৰ শব্দ সংস্কৃত ভাষাৰ পৰা আহি অসমীয়া ভাষাত অবিকৃত ৰূপত ব্যৱহৃত হৈছে, সেইবোৰক তৎসম শব্দ বোলে।
দীঘল প্ৰশ্ন আৰু উত্তৰ:
১। প্ৰধান শিক্ষয়িত্ৰী আৰু জয়া শইকীয়াই সাগৰিকাৰ মাকক কিয় লগ কৰিবলৈ গৈছিল?
উত্তৰঃ সাগৰিকাই ঋতুমতী হোৱাৰ পিছত তাইৰ মাকে তাইক একৈশ দিনৰ বাবে ভিতৰৰ কোঠালিত সুমুৱাই ৰাখিছিল। তাইক নিয়মীয়া আহাৰৰ সলনি কেৱল বুট-মগু খাবলৈ দি মাটিৰ মজিয়াত শুবলৈ বাধ্য কৰিছিল। এইবোৰ অযুক্তিকৰ নীতি-নিয়মৰ পৰা সাগৰিকাক উদ্ধাৰ কৰিবলৈ আৰু মাকক বুজাই স্বাস্থ্য সজাগতা সভালৈ আমন্ত্ৰণ জনাবলৈ প্ৰধান শিক্ষয়িত্ৰী আৰু জয়া শইকীয়া তেওঁলোকৰ ঘৰলৈ গৈছিল।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

