Class 11 Anthropology Chapter 2 আবয়বিক নৃতত্ত্ব দেহতত্ত্ব

Class 11 Anthropology Chapter 2 আবয়বিক নৃতত্ত্ব দেহতত্ত্ব, Class 11 Anthropology Question Answer AHSEC, HS 1st year Anthropology notes, আবয়বিক নৃতত্ত্ব দেহতত্ত্ব class 11 Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Anthropology Chapter 2 আবয়বিক নৃতত্ত্ব দেহতত্ত্ব and select needs one.

AHSEC Class 11 Anthropology Chapter 2 আবয়বিক নৃতত্ত্ব দেহতত্ত্ব

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 11 Anthropology Chapter 2 আবয়বিক নৃতত্ত্ব দেহতত্ত্ব Notes for All Subject, You can practice these here…

আবয়বিক নৃতত্ত্ব দেহতত্ত্ব

Chapter – 2

নৃতত্ত্ব

(ক) অতি চমু প্রশ্নোত্তৰ

১। মানৱ কংকাল কিমানডাল হাড়েৰে গঠিত ? 

উত্তৰঃ 206 ডাল । 

২। মানৱ কংকালৰ আটাইতকৈ দীঘল আৰু শক্তিশালী হাড় কোনডাল ?  

উত্তৰঃ উৰ্বাস্থি । 

৩ । মানুহৰ লাওখোলাত কিমান টুকুৰা হাড় আছে ? 

উত্তৰঃ লাওখোলাত মুঠতে 22 ডাল হাড় আছে । লাওখোলাটো ৰাজহাড়ৰ ওপৰ মূৰত অৱস্থিত । ইয়াক দুটা ভাগত ভগাব পাৰি । যেনে— 

( ক ) কৰোটি । আৰু 

( খ ) মুখমণ্ডল । 

কৰোটিত ৪ ডাল আৰু মুখমণ্ডলত 14 ডাল হাড় আছে । 

৪। অনুকপাল অস্থিৰ ৰন্ধ্ৰটোৰ নাম কি ? 

উত্তৰঃ মহাৰন্ধ্ৰ । 

৫। মানুহৰ ৰাজহাড়ত কিমানডোখৰ হাড় আছে উল্লেখ কৰা ? 

উত্তৰঃ 33 ডোখৰ ।

৬। মধ্যনিউকেল ৰেখা দুডাল লগ লগা বিন্দুটোক কি বোলে ? 

উত্তৰঃ ইনিয়ন । 

৭। অধ্যাক্ষি সীৰলু লাওখোলাৰ কোন হাড়ত অৱস্থিত উল্লেখ কৰা ? 

উত্তৰঃ ললাটিকাস্থিৰ । 

৮। মানুহৰ ৰাজহাড়ৰ আকাৰ কেনেধৰণৰ ? 

উত্তৰঃ মানুহৰ ৰাজহাড়ৰ আকাৰ ইংৰাজী S আখৰটোৰ নিচিনা । 

৯। দুই মস্তক পার্শ্বাস্থিৰ মাজৰ শীৱন ৰেখাডালৰ নাম উল্লেখ কৰা । 

উত্তৰঃ সমমিতাধী শীৱন । 

১০। কৰ্ণকুহৰ কোনডাল হাড়ত অৱস্থিত ? 

উত্তৰঃ শংখাস্থিত । 

১১। কনডাইলাৰ আৰু ক’ৰ’নয়ড প্ৰবন্ধৰ মাজৰ খাজটোৰ নাম কি ? 

উত্তৰঃ চিবুকাস্থি খাজ । 

১২। ___সমমিতাধী শীথৰ আছে ।

উত্তৰঃ মস্তক পাৰ্শ্বাস্থি । – 

১৩। লাওখোলাৰ দুডাল হাড়ৰ মাজৰ যোৰাক __ বোলে ৷ 

উত্তৰঃ শীৱন ।

১৪ ।  মানুহৰ ৰাজহাড়ৰ আকৃতি কেনেকুৱা ? 

উত্তৰঃ ‘ S ‘ আকৃতিৰ ।

১৫ । মানুহৰ মুখমণ্ডলৰ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী হাড় কোনডাল ? 

উত্তৰঃ চিবুকাস্থি ।

( খ ) চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰ : 

১৬। কৰোটিৰ হাড়সমূহৰ বিষয়ে চমুকৈ লিখা ?

উত্তৰঃ মানুহৰ লাওখোলাটোক দুটা ভাগত ভাগ কৰিব পাৰি । কৰোটি আৰু মুখমণ্ডল । কৰোটিত থকা হাড়ৰ সংখ্যা ৪ ডাল । যেনে— 

( i ) ললাটিকা অস্থি ।

( ii ) মস্তক পার্শ্বাস্থি শংখস্থি ডাল ।

( iii ) অনুকপাল অস্থি । 

( iv ) এথময়ড । আৰু 

( v ) স্ফেনয়ড । 

( i ) ললাটিকা অস্থি :- ললাটিকা অস্থি এডাল । এইডাল হাড় কৰোটিৰ সন্মুখ ভাগত থাকে । কপালখন এই হাড়েৰে গঠিত । ই দেখাত মসৃণ আৰু বাহিৰলৈ উত্তল । অধ্যাক্ষি সীৰলু দুয়োকাষৰ ললাটিকাস্ফীতিৰ সহায়ত ইয়াক সহজে চিনাক্ত কৰিব পাৰি । ললাটিকা অস্থিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিন্দুটো হ’ল গ্লেবেলা । অধ্যাক্ষি সীৰলুৰ আটাইতকৈ মধ্য বিন্দুটোৱেই হৈছে গ্লেবেলা । ই নাসিকা দণ্ডৰ একেবাৰে শেষৰ অংশটো আৰু দুই চেলাউৰিৰ মাজত অৱস্থিত । ললাটিকা অস্থি আৰু মস্তক পার্শ্বাস্থি লগ লগোৱা সীৱনডালক ললাটিকা লীৱন বোলে । 

( ii ) মস্তক পার্শ্বাস্থি :- মস্তক পার্শ্বাস্থি দুডাল । এই হাড় দুডাল দেখাত চাৰিকোণীয়া । এই হাড় দুডাল মগজুৰ দুয়োফালে আৰু ওপৰৰ অংশ আবৰি থাকে । এই হাড় দুডালত থকা মস্তক পার্শ্বাস্থিৰ স্ফীতিৰ সহায়ত ইয়াক চিনাক্ত কৰা হয় । দুইডাল মস্তাক পার্শ্বাস্থি লগ লাগি থকা শীৱনডালক সমমিতাধী লীৱন বোলে । ললাটিকা শীৱন আৰু সমমিতাধী শীৱন লগ লগোৱা বিন্দুটোক ব্লেগমা বোলে । 

( iii ) শংখাস্থি :- এই হাড় দুডাল । এই হাৰ দুডাল মস্তক পার্শ্বাস্থিৰ তলপিনে মগজুৰ দুয়োফালে আবৰি থাকে । এই হাড় দুডালত থকা বিশেষ অংশসমূহৰ ভিতৰত কৰ্ণকুহৰ , ষ্টাইলড প্রবন্ধ , মেছাটয়ড প্রবন্ধ আৰু কপাল অস্থিৰ ভাঁজ আছে । শংখাস্থি আৰু মস্তক পাৰ্শ্বাস্থি লগ লগা শীৱনডাল হ’ল শংখ শীৱন । 

( iv ) অনুকপাল অস্থি :- অনুকপাল অস্থি এডাল । এই হাড়ডাল মস্তক পাৰ্শ্বাস্থিৰ পাছফালে অৱস্থিত । ই মগজুৰ পাছফালে আৰু তলফালে আবৰি থাকে । এই হাড়ডাল থকা মহাৰৰ্দ্ধটোৰ দ্বাৰা ইয়াক সহজে চিনাক্ত কৰিব পাৰি । এই মহাৰন্ধ্ৰৰ মাজেৰে গৈ মেৰুৰজ্জু মগজুৰ লগত লগ লাগি থাকে । মহাৰৰ্দ্ধৰ দুয়োকাষে দুটা অস্থিদণ্ড আছে । অনুকপাল অস্থিত থকা তিনিডাল ৰেখাক নিউকেল ৰেখা বোলে । ইয়াৰে ওপৰটোক ঊর্ধ্ব নিউকেল ৰেখা , মাজৰটোক মধ্য নিউকেল ৰেখা আৰু তলৰটোক অর্ধ নিউকেল ৰেখা বোলে । এই নিউকেল ৰেখাকেইডাল অনুকপাল অস্থিৰ দুয়োপিনে মেল্‌ খোৱা আৰু মাজৰ ভাগত লগ লগা । মধ্য নিউকেল ৰেখাৰ লগ লগা অংশক ইনিয়ন বোলে । অনুকপাল অস্থিৰ এই ৰেখাবোৰ থকা অংশক ইনিয়ন বোলে । অনুকপাল অস্থিৰ এই ৰেখাবোৰ থকা অংশক অনুকপাল অস্থিৰ স্কোয়ামা বোলে ৷ অনুকপাল অস্থিত থকা স্ফীতিক অনুকপালাস্থি স্ফীতি বোলে । অনুকপাল শীৱন আৰু সমমিতাধী শ্ৰীৱন লগ লগা বিন্দুটোক লেমদা বোলে । 

( v ) স্ফেনয়ড :- এই হাড় এডাল । এইডাল হাড় দেখাত উৰি থকা বাদুলিৰ নিচিনা । এই হাড় শংখবিন্দুৰ সন্মুখৰ ফালে আৰু অনুকপালাস্থিৰ তলৰ পিনে অৱস্থিত । 

( vi ) এথময়ড :- এই হাড় এডাল । এই হাড়ডাল কৰোটিৰ ভিতৰফালে অৱস্থত । এইডাল হাড়ৰ দ্বাৰা নাকৰ বিন্ধাৰ ওপৰভাগ আৰু দুয়োফালে নাকৰ বিন্ধাৰ মাজৰ নাসিকা পদ আৰু চকুৰ কোটৰৰ ভিতৰৰ ফালে গঠিত । 

১৭ । মুখমণ্ডলৰ হাড়কেইডাল ? ইয়াৰ হাড়সমূহ কি কি ? 

উত্তৰঃ মুখমণ্ডল 14 ডোখৰ হাড়েৰে গঠিত । ইয়াৰে 13 ডোখৰ হাড় শীৱনৰ দ্বাৰা সংলগ্ন । কেৱল চিবুকাস্থি বা অৰ্ধঃহনু পৃথক হৈ থাকে । সেই কাৰণে মুখমণ্ডলৰ এই অংশ সহজে লচৰ কৰিব পাৰি । মুখমণ্ডলৰ হাড়সমূহ হৈছে— জংভিকা , পেলেটাইন , কপালাস্থি , নাসিকাস্থি , নাসিকা কনকাহ , অশ্রুঅস্থি , সীৰিকা অস্থি , চিবুকাস্থি বা অধোহনু । 

চিবুকাস্থি বা অধঃহনু :- এই হাড় এডাল । এই হাড়ৰ দ্বাৰা অধোহনু গঠিত হয় । এইডাল হাড় মুখমণ্ডলৰ আটাইতকৈ ডাঙৰ হাড় । এই হাড়তেই তলৰ শাৰীৰ দাঁতবোৰ অৱস্থিত ৷ চিবুকাস্থিৰ বাহিৰৰ পিনে থকা প্ৰৱন্ধ দুটা হ’ল – কনডাইলাৰ আৰু কৰ’নয়ড প্ৰবন্ধ । এই দুই প্ৰবন্ধৰ মাজৰ খাজটোক চিবুকাস্থি খাঁজ বোলে । এই হাড়ডালৰ মাজৰ অংশক বডি আৰু দুয়োকাষৰ অংশক ৰেমাচ বোলে । মুখমণ্ডলত 24 ডোখৰ হাড়ৰ ভিতৰত 13 ডোখৰ হাড় শীৱনৰ দ্বাৰা সহজভাৱে সংলগ্ন, কেৱল অধোহনু পৃথক হৈ থাকে । সেই কাৰণে মুখমণ্ডলৰ এই অংশ সহজে লৰচৰ কৰিব পাৰি । 

১৮। লাওখোলাৰ সর্বোচ্চ অংশটোৰ নাম কি ? 

উত্তৰঃ ভাৰটেক্স ।

১৯। মানুহক জন্তুৰ পৰা পৃথক কৰা দুটা আবয়বিক লক্ষণ লিখা ।

উত্তৰঃ ( i ) মানুহৰ ৰাজহাড়ডাল ধেনুভিৰীয়া হোৱাৰ কাৰণে দুই ভৰিৰ ওপৰত থিয় হৈ খোজ কাঢ়িব পাৰে । 

( ii ) মানুহৰ মগজু জটিল আৰু কৰোটিৰ ধাৰণ ক্ষমতা 1200 পৰা 1600 ঘন ছেণ্টিমিটাৰৰ ভিতৰত । 

( iii ) উৰ্বাস্থিৰ উৰ্বিকা ৰেখা সুস্পষ্ট । 

( iv ) ভৰিৰ বৃদ্ধাগুলি প্ৰতিমুখী নহয় । 

( v ) মানুহৰ এটা মাত্ৰ জিন্‌ছ হম ’ আৰু এটা স্পেচিছ চেপিয়েন্‌ছৰ অন্তৰ্ভূক্ত । 

২০। গ্রীবা অঞ্চল কেইডোখৰ কশেৰুকাৰে গঠিত ? 

উত্তৰঃ মূৰৰ পিনৰ পৰা ৰাজহাড়ৰ প্ৰথম সাতডোখৰ কশেৰুকাৰ দ্বাৰা ডিঙিৰ হাড় গঠিত । ইয়াৰ নাম হ’ল গ্রীবা কশেৰুকা । ইয়াৰ প্ৰথমডোখৰ কশেৰুকাৰ আটলাছ আৰু দ্বিতীয় ডোখৰক এক্সিছ বোলে । 

২১ । মানুহৰ আঙুলিৰ কিমানডোখৰ হাড় আছে উল্লেখ কৰা ? 

উত্তৰঃ মানুহৰ হাতত 27 ডোখৰ সৰু সৰু হাড় আছে । হাৰৰ তিনিটা অংশ আছে , সেইকেইটা হৈছে মণিবন্ধ ( Carpus ) , কৰভিকা ( Metacarpus ) আৰু অংগুলাস্থি ( Phalanges ) মণিবন্ধৰ হাড়ৰ সংখ্যা 7 ডোখৰ । এইকেইডাল হ’ল— নৌকাস্থি , নব চন্দ্ৰকাৰ অস্থি , ত্রিকোনিকা অস্থি , পিছিফম , ট্রেপিজিয়াম , কেপিটেট আৰু হেমেট । কৰভিকাৰ হাড়ৰ সংখ্যা 5 ডাল । আংগুলাস্থি কৰভিকাৰ অস্থিৰ লগত লগ লগা । এই লগ লগা অংশক সংধান বোলে । 

কৰভিকাৰ হাড় :- মণিবন্ধ আৰু আঙুলিৰ ফাকৰ অংশত থকা হাড় পাঁচডোখৰেই হৈছে কৰভিকাৰ হাড় । এই হাড়কেইডাল দীঘল । 

আঙুলিৰ হাড় :- এই হাড়ৰ সংখ্যা 14 ডোখৰ । বুঢ়া আঙুলিৰ বাহিৰে বাকীবোৰত হাড়ৰ সংখ্যা তিনিডোখৰ । বুঢ়া আঙুলিত 2 ডোখৰ হাড় থাকে। 

২২ । অগ্রবাহু কেইডাল হাড়েৰে গঠিত । 

উত্তৰঃ অগ্রবাহু দুডাল হাড়েৰে গঠিত । সেইকেইডাল হৈছে– অঃপ্রকাষ্ঠীকা বহিঃ প্ৰকোষ্ঠিকা ।

২৩। ললাটিকা শীৱন কাক বোলে ? 

উত্তৰঃ কিৰোটিৰ হাড়বোৰৰ মাজত জোৰা থাকে । এই জোৰাক শীৱন বোলে । কেঁচুৱা অৱস্থাত জোৰাবোৰৰ মাজত যথেষ্ট ফাক থাকে । বয়স বঢ়াৰ লগে লগে জোৰাবোৰ লগ লাগি যায় । ললাটিকা অস্থি আৰু মস্তক পার্শ্বাস্থি লগ লগোৱা শীৱনডালক ললাটিকা শীৱন বোলে ৷ 

২৪ । বক্ষাস্থি কাক বোলে ? 

উত্তৰঃ বুকুৰ সন্মুখ ভাগত থকা দীঘল , চেপেটা হাড়ডালেই হৈছে বক্ষাস্থি । এই হাড়ডালৰ তিনিটা অংশ আছে । ওপৰৰ অংশৰ নাম হ’ল মেনুব্রিয়াম , একেবাৰে তলৰ অংশৰ নাম হ’ল ষ্টাইলয়ড প্রবন্ধ আৰু দুয়ো অংশৰ মাজত থকা অংশক শৰীৰ বা মূল বোলে ৷ 

২৫। মুখ্য কামীহাড় কি ? 

উত্তৰঃ মানৱ দেহৰ বক্ষাস্থিৰ দুয়োফালে থকা মিহি চেপেটা হাড়বোৰেই হ’ল কামীহাড় ৷ মানৱ শৰীৰত 12 জোৰ কামীহাড় থাকে । মানুহৰ কামীহাড়বোৰ ধেনুভিৰীয়া হৈ পিঠিৰ পিনে ৰাজহাড়ৰ লগত আৰু বুকুৰ পিনে বক্ষাস্থিৰ লগত উপাস্থিৰ দ্বাৰা সংযুক্ত হৈ থাকে । কামীহাড় 24 ডাল সোঁপিনে 12 ডাল । এই হাড়বোৰ কামী হাড়ৰ 7 জোৰ বক্ষাস্থিৰ লগত লগ লগা । এইবোৰক মুখ্য কামীহাড় …… বোলে । ইয়াৰ পিছৰ তিনিযোৰ কামীহাড় বক্ষাস্থি লগত লগ লগোৱা নহয় । প্রত্যেকযোৰ কামীহাড় তাৰ ওপৰৰ কামীহাড়ৰ লগত উপাস্থিৰ দ্বাৰা লগ লাগি থাকে।এই তিনিজোৰ কামীহাড় নকল কামীহাড় ( False ribs ) বোলে। শেষৰ দুযোৰ কামীহাড়ো বক্ষাস্থিৰ লগত লগ লগোৱা নহয় । এই দুযোৰ কামীহাড় সমুখৰ পিনে উলমি থাকে । ইয়াক উপঙা কামীহাড় বোলে ( Floating ) । 

২৬। পৃষ্ঠ কশেৰুকা কাক বোলে ? 

উত্তৰঃ মানুহৰ ৰাজহাড়ডাল 33 ডোখৰ হাড়ৰ দ্বাৰা গঠিত । প্রত্যেক ডোখৰক কশেৰুকা বোলে । লাওখোলাৰ তলৰ পৰা ৰাজ হাড়ডালৰ প্ৰথম সাতডোখৰ কশেৰুকাক ডিঙিৰ হাড়ে বা গ্রীবা কশেৰুকা বোলে । গ্রীবা কশেৰুকাৰ তলৰ 12 ডোখৰ কশেৰুকাক পৃষ্ঠ কশেৰুকা বোলে । ইয়াৰ দ্বাৰা পিঠিৰ হাড় গঠিত । এই কশেৰুকাবোৰ ওপৰৰ পৰা তললৈ ক্ৰমান্বয়ে ডাঙৰ ।

২৭। মানুহৰ পদত কিমানডোখৰ হাড় আছে উল্লেখ কৰা । 

উত্তৰঃ 26 ডোখৰ সৰু সৰু হাড় আছে । পদৰ তিনিটা প্ৰধান ভাগ আছে।যেনে— গুল্ফ ( tarsus ) , প্ৰপদিক ( metatarsus ) আৰু অংগুলাস্থি ( Phalanges ) । 

গুল্ফ :- ই 7 ডোখৰ হাড়েৰে গঠিত । এইবোৰ হ’ল টেলাচ কেলকেনিয়াম, মধ্যমা কিউনিফৰ্ম , পার্শ্ব কিউনিফৰ্ম , মধ্য কিউনিফৰ্ম , কিউবয়ড আৰু নৌকাস্থি । 

প্ৰপছিকা :- ইয়াত 5 ডাল হাড় আছে । এই হাড় সমুখৰ পিনে আঙুলিৰ হাড়ৰ লগত আৰু পিছপিনে গুল্ফ লগত লগ লাগি আছে । 

আঙুলি :- ইয়াত হাড় 14 ডোখৰ ৷ বুঢ়া আঙুলিত দুডোখৰ আৰু বাকী আঙুলিবোৰত প্রত্যেকতে তিনিডোখৰকৈ অংগুলাস্থি হাড় আছে । 

২৮। উৰ্বস্থিৰ চিত্ৰ আঁকা আৰু বহলাই বৰ্ণনা কৰা। 

উত্তৰঃ                    

উৰ্বস্থিৰ চিত্ৰ

মানৱ কংকালৰ এই হাড়ডালেই আটাইতকৈ দীঘল আৰু শক্তিশালী হাড় । এই হাড়ৰ তিনিটা অংশ আছে । ওপৰৰ মূৰ আৰু তলৰ মূৰ আৰু এই দুই মূৰৰ মাজৰ দণ্ড । উৰ্বস্থিৰ ওপৰৰ মূৰত মস্তক ( head ) , গ্রীবা (neck ) , বৃহৎ শিখৰক ( Greater trochanter ) , ক্ষুদ্ৰ শিখৰক (Smaller trochanter ) আৰু অন্তৰা শিখৰক ৰেখা (Intertrochanteric line ) আছে । মস্তক অর্ধগোলাকাৰ আৰু মসৃন মস্তকৰ লগত শ্রেণী বেষ্টনীৰ এছটানবুলাম লগ লাগি থাকে । মস্তক আৰু দণ্ডৰ সংযোগস্থলৰ নাম গ্রীবা । এই সংযোগস্থলৰ ওপৰৰ পিনে বৃহৎ শিখৰ আৰু তলৰ পিনে ক্ষুদ্ৰ শিথৰ অৱস্থিত । এই দুই শিখৰৰ মাজৰ ৰেখাডালক অন্তৰ শিখৰা ৰেখা বোলে ৷ 

উবাস্থিৰ তলমূৰ বহল ৷ ইয়াৰ পাৰ্শ্বদিশত পার্শ্ব অস্থিকন্দ ( lateral condyle ) আৰু ভিতৰৰ মধ্যমা অস্থিকন্দ , অৱস্থিত । ই উপাস্থিৰ পশ্চাৎপৃষ্ঠত অৱস্থিত । এই খাজৰ লগত চৰণৰ হাড় দুডাল গ্রন্থিবদ্ধ হৈ থাকে । অস্থিকান্দৰ দুয়োপিনে পার্শ্ব অস্থিকান্দ আৰু মধ্যমা অস্থিকন্দ অৱস্থিত । অন্তৰা অস্থিকন্দৰ খাঁজৰ বিপৰীতে ফালে থকা মসৃণ অংশত আঁঠুৰ ঘিলা সংলগ্ন হৈ থাকে । 

উৰ্বিকাৰ দুই মূৰৰ মাজৰ দীঘল অংশটোৱেই হ’ল দণ্ড । দণ্ডৰ মাজভাগৰ পশ্চাৎপ্ৰান্তত থকা সীৰলু ( Ridge ) ডালক উৰ্বিকা ৰেখা (linea aspera ) বোলে । দণ্ডৰ নিম্নাংশত পশ্চৎপৃষ্ঠত থকা ত্রিভুজ আকৃতিৰ মসৃন অংশক পপলিটিয়েল পৃষ্ঠ বোলে । 

২৯। মানুহৰ দাঁতৰ সূত্ৰ লিখা ? 

উত্তৰঃ মানুহৰ দাঁত দুই ধৰণৰ— গাখীৰ দাঁত আৰু স্থায়ী দাঁত । গাখীৰ দাঁত অস্থায়ী । কেঁচুৱাৰ ছয় – সাত মাহ বয়সৰ পৰা এই গাখীৰ দাঁত গজিবলৈ ধৰে আৰু পিছত ইয়াৰ ঠাইত স্থায়ী দাঁত গজে । গাখীৰ দাঁতৰ সংখ্যা 20 টা । প্রতি শাৰীত আগদাত 4 টা , কুকুৰ দাঁত দুটা আৰু জামু দাঁত চাৰিটাকৈ থাকে । এই দাঁতৰ সূত্ৰ হ’ল — 

মানুহৰ দাঁতৰ সূত্ৰ লিখা

স্থায়ী দাঁতৰ সংখ্যা হ’ল বত্রিশটা । প্রত্যেক শাৰীত আগ দাঁত চাৰিটা , কুকুৰ দাঁত দুটা , প্রাক জামু দাঁত ছটাকৈ থাকে । এই দাঁতৰ সূত্ৰ হ’ল—

মানুহৰ দাঁতৰ সূত্ৰ লিখা 1

দাঁতৰ তিনিটা অংশ । দাঁতৰ মাৰিৰ বাহিৰত ওলাই থকা অংশক দত্ত শিথৰ বোলে । মাৰিৰ কোটৰত সোমাই থকা অংশক তৰি ( root ) আৰু এই দুই অংশৰ ঠেক অংশক গ্রীবা বোলা হয় । 

আগদাঁত :- আগদাঁত হনুৰ সন্মুখ ভাগত থাকে । এই দাঁতৰ দস্তশিথৰ বহল আৰু চেপেটা । গুৰি এডাল । 

কুকুৰ দাঁত :- কুকুৰ দাঁতৰ দন্ত শিখৰ জোঙা । গুৰি এডাল । 

প্ৰাক্ জামুদাত :- এই দাঁতৰ দন্ত শিখৰত দুটা দুস্তাগ্ৰ চাৰিটা । দ্বিতীয় জামু দাঁতৰ দস্তাগ্ৰ তিনিটা বা চাৰিটা আৰু তৃতীয় জামু দাঁতৰ দস্তাগ্ৰ তিনিটা। প্রত্যেক জামু দাঁতৰ গুৰি তিনিডাল । 

৩০। মুখমণ্ডলৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা ৷ 

উত্তৰঃ মুখমণ্ডল চৈধ্যডোখৰ হাড়েৰে গঠিত । ইয়াৰ তেৰডোখৰ হাড় শীৱনৰ দ্বাৰা সংলগ্ন কেৱল অধঃহনু ( Lower jaw ) পৃথক হৈ থাকে সেই কাৰণে মুখমণ্ডলৰ এই অংশ সহজে লৰচৰ কৰিব পাৰি । 

জংভিকা :- দুডাল হাড়েৰে গঠিত ৷ নাকৰ বিন্ধাৰ দুয়োপিনে থকা হাড় দুডাল হ’ল জংভিকা । জংভিকা দুডাল নাকৰ বিন্ধাৰ তলফালে জোৰা লাগি থাকে । উর্বহনু আৰু তালুৰ বেছিভাগ অংশ এই দুডাল হাড়ৰ দ্বাৰা গঠিত । এই হাড়ত ওপৰ শাৰীৰ দাঁতবোৰ অৱস্থিত ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top