Class 10 Social Science Sample Paper – 2 | দশম শ্ৰেণীৰ সমাজ বিজ্ঞান প্ৰশ্নকাকত

Class 10 Social Science Sample Paper – 2, HSLC Social Science Model Question Answer, দশম শ্ৰেণীৰ সমাজ বিজ্ঞান প্ৰশ্নকাকত to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Social Science Sample Paper Class 10 SEBA can be of great value to excel in the examination.

SEBA Class 10 Social Science Simple Paper and Question Answer

SEBA Class 10 Social Science Sample Paper – 2

Join Telegram channel

HSLC Model Question Paper provided is as per the Latest Assam Board Curriculum and covers all the questions from the SEBA Textbooks. Access the detailed SEBA Class 10 Social Science Sample Paper – 2 provided here and get a good grip on the subject. Access the SEBA Class 10 Social Science Sample Paper – 2, Class X Social Science Model Question Answer of Assamese in Page Format. Make use of them during your practice and score well in the exams.

সমাজ বিজ্ঞান প্ৰশ্নকাকত

PART – II

SOCIAL SCIENCE

MODEL QUESTION ANSWER

Group – A 

1. A. জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত কোনে ব্ৰিটিছ প্ৰদত্ত ‘নাইট’ উপাধি ত্যাগ কৰিছিল ?

(i) গোপাল কৃষ্ণ গোখলে৷

(ii) ৰবীন্দ্ৰনাথ ঠাকুৰ৷

(iii) চৰ্দাৰ বল্লভ ভাই পেটেল৷

(iv) দাদা ভাই নৌৰজী৷

উত্তৰঃ (ii) ৰবীন্দ্ৰনাথ ঠাকুৰ ৷

B. মহাত্মা গান্ধীয়ে পোনপ্রথমে ‘সত্যাগ্রহ’ নীতি প্ৰয়োগ কৰিছিল– 

(i) দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদ বিৰোধী আন্দোলনত (১৮৮৩)৷ 

(ii) চম্পাৰণৰ কৃষক আন্দোলনত৷

(iii) খেড়াৰ কৃষক আন্দোলনত৷

(iv) ১৯১৯ চনৰ সত্যাগ্রহ আন্দোলনত৷

উত্তৰঃ (i) দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদ বিৰোধী আন্দোলনত (১৮৮৩) ৷

C. আছাম এছ ছিয়েচনৰ প্ৰথমগৰাকী নিৰ্বাচিত সম্পাদক কোন আছিল ? 

(i) জগন্নাথ বৰুৱা৷

(ii) প্রভাত চন্দ্ৰ বৰুৱা৷

(iii) হেমচন্দ্ৰ বৰুৱা৷

(iv) মানিক চন্দ্ৰ বৰুৱা৷

উত্তৰঃ (iv) মানিক চন্দ্ৰ বৰুৱা ৷

D. ‘সপ্তকাণ্ড ৰামায়ণ’ কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল?

(i) ৰুদ্ৰ কন্দলি৷ 

(ii) হৰিবৰ বিপ্ৰ৷

(iii) মাধৱ কন্দলি৷

(iv) হেম সৰস্বতী৷

উত্তৰঃ (iii) মাধৱ কন্দলি ৷

E. ভূ-মণ্ডলৰ উষ্ণতা বৃদ্ধি এটা–

(i) স্থানীয় সমস্যা৷

(ii) আঞ্চলিক সমস্যা৷

(iii) ব্যক্তিগত সমস্যা৷

(iv) আন্তঃৰাষ্ট্ৰীয় সমস্যা৷

উত্তৰঃ (iv) আন্তঃৰাষ্ট্ৰীয় সমস্যা ৷

F. তলত উল্লেখ কৰাবোৰৰ কোনবিধ ঔষধ উদ্ভিদ নহয় ?

(i) শাল৷

(ii) মধুৰীআম৷ 

(iii) কালমেঘ৷

(iv) অর্জুন৷

উত্তৰঃ (i) শাল ৷

G. ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত ?

(i) আটলান্টিক মহাসাগৰ৷

(ii) উত্তৰ মহাসাগৰ৷

(iii) প্রশান্ত মহাসাগৰ৷

(iv) ভাৰত মহাসাগৰ৷

উত্তৰঃ (i) আটলান্টিক মহাসাগৰ ৷

H. কিমান নং সংশোধনী অনুযায়ী ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ‘ধৰ্মনিৰপেক্ষ’ শব্দটো সন্নিবিষ্ট হৈছে ? 

(i) ৪২ নং৷

(ii) ৪৩ নং৷

(iii) ৪৪ নং৷

(iv) ৪৫ নং৷

উত্তৰঃ (i) ৪২ নং ৷

Group – B

2. ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত আৰু কেতিয়া পূৰ্ণ স্বৰাজৰ দাবী ভাৰতীয়সকলৰ মূল দাবী হিচাবে উত্থাপন কৰা হৈছিল ?

উত্তৰঃ ১৯২৯ চনত লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত বহা কংগ্ৰেছ অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাবে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল।

3. অসমীয়া ভাষা উন্নতি সাধিনী সভাই কৰা যিকোনো দুটা কামৰ বিষয়ে লিখা।

উত্তৰঃ অঃ ভাঃ উঃ সাঃ সভাই অসমীয়া ভাষাৰ এক শক্তিশালী বিজ্ঞানসন্মত উত্তৰণৰ লগতে অসমৰ সকলো পাঠশালাত পৰিশুদ্ধ আৰু উন্নত মানৰ ব্যাকরণ প্রয়োগৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল। এই সভাই অসমৰ এক সর্বাত্মক সামাজিক ইতিহাস সংকলন আৰু সংস্কৃত বা অন্যান্য ভাষাৰ উল্লেখনীয় পুথিসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰা কামো হাতত লৈছিল। এই সভাব প্রচেষ্টাতে চৰকাৰে হেমচন্দ্ৰ বৰুৱাৰ ‘হেমকোষ’ প্রকাশিত হৈছিল।

অঃ ভাঃ উঃ সাঃ সভাই বুৰঞ্জী, সংস্কৃত, সাহিত্য আৰু ভাষা সম্পর্কে অসমৰ ভিন্ন প্ৰান্তৰ মাজত ইয়াৰ শাখা প্ৰতিষ্ঠাৰ বাবে প্রচেষ্টা চলাইছিল। এই সভাৰ দ্বাৰা প্রকাশিত আলোচনী ‘জোনাকী’য়ে অসমত এক নতুন যুগৰ সূচনা কৰিছিল।

4. বিহুৰ সমধৰ্মী হিচাবে নামনি অসমত উদযাপিত হোৱা দুটা স্থানীয় উৎসৱৰ নাম লিখা।

উত্তৰঃ পুৰণি কামৰূপৰ ভঠেলি আৰু পুৰণি গোৱালপৰীয়া জিলাৰ বাঁসপূজা। 

5. বংগ ভংগ কাৰ্যকৰী হোৱাৰ দিনা বংগবাসীয়ে কেনেকুৱা কাৰ্যসূচী পালন কৰিছিল লিখা।

উত্তৰঃ ১৯০৫ চনৰ ২০ জুলাইত ভাৰতৰ ভাইচৰয় লর্ড কার্জনে বংগ বিভাজনৰ ঘোষণা কৰাৰ লগে লগে স্বদেশী আন্দোলনৰ আৰম্ভ হয়।

স্বদেশী আন্দোলনৰ প্ৰধান অংগ বা কাৰ্যসূচীসমূহ হ’ল – 

(ক) স্বদেশী।

(খ) বয়কট।আৰু 

(গ) জাতীয় শিক্ষা।

(ক) স্বদেশী : স্বদেশীৰ মাধ্যমৰদ্বাৰা স্বদেশী নেতাসকলে দেশীয় সামগ্রী বা ভাৰতবৰ্ষত প্রস্তুত কৰা সকলো ধৰণৰ পণ্য ব্যৱহাৰৰ ওপৰত যথেষ্ট জোৰ দিছিল। এই স্বদেশীয়ে আত্মনির্ভরশীলতা আৰু আত্মসহায়তাকো সামৰি লৈছিল। উগ্র জাতীয়তাবাদীসকলৰ বাবে স্বদেশী আছিল ব্ৰিটিছৰ বিৰুদ্ধে এক অর্থনৈতিক, ৰাজনৈতিক আৰু আধ্যাত্মিক আন্দোলনৰ অস্ত্র। এইবিলাকৰ অৰ্থ আছিল সকলো ক্ষেত্ৰতে স্বাবলম্বী হোৱা। 

(খ) বয়কট : স্বদেশী আন্দোলনৰ দ্বিতীয়টো অংগ আছিল বয়কট। এই বয়কটৰ জবিয়তে সকলো ভাৰতীয় লোকে ইংলেণ্ডত উৎপাদিত সকলো পণ্য, কাপোৰ, চেনি আৰু নিমথ ত্যাগ কৰিব।

দ্বিতীয়তে, ইংৰাজী ভাষা পৰিত্যাগ কৰিব। তৃতীয়তে, ভাৰতীয়সকলে ইংৰাজে দিয়া৷ সকলো উপাধি আৰু অবৈতনিক বাব আৰু পৰিষদৰ সদস্য পদ ত্যাগ কৰিব। চতুৰ্থতে, ইংলেণ্ডত উৎপাদিত সামগ্ৰী ব্যৱহাৰ কৰা লোকক সামাজিক বর্জন কৰিব। ইয়াৰ অৰ্থ আছিল ইংলেণ্ডৰ ওপৰত অৱৰোধ কাৰ্য চলাই সেই দেশত অর্থনৈতিকভাবে ক্ষতিগ্রস্ত কৰা।

(গ) জাতীয় শিক্ষা : স্বদেশী আন্দোলনৰ তৃতীয়টো অংগ আছিল জাতীয় শিক্ষা। ইয়াৰ দ্বাৰা ব্ৰিটিছে প্ৰদান কৰা আৰু প্ৰৱৰ্তন কৰা ইংৰাজী শিক্ষা বৰ্জন কৰি জাতীয় শিক্ষা গ্ৰহণ কৰিব। এই কাৰ্যসূচী ৰূপায়ন কৰোঁতে প্রাচীন ভাৰতীয় শিক্ষা, সাহিত্য সংস্কৃতি আৰু ভাষাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল।

স্বদেশী আন্দোলনৰ এই তিনিটা কাৰ্যসূচীক স্বদেশীসকলে ব্রিটিছৰ বিৰুদ্ধে ৰাজনৈতিক অস্ত্ৰ হিচাবে ব্যৱহাৰ কৰিছিল। স্বদেশী আন্দোলনৰ প্রধান উদ্দেশ্য আছিল অতীত ভাৰতবৰ্ষৰ গৌৰৱ অক্ষুণ্ণ ৰখা আৰু ভাৰতীয় জনগণৰ মাজত জাতীয় চেতনাৰ ভাব জগাই তোলা।

স্বদেশী আন্দোলনৰ ফলতেই বংগদেশত জাতীয় শিক্ষাৰ যথেষ্ট প্ৰচাৰ হৈছিল। এই আন্দোলনৰ ফলতেই বহুতো জাতীয় শিক্ষানুষ্ঠান গঢ়ি উঠিছিল। ইয়াৰ ফলস্বৰূপে ১৯০৬ চনৰ ১৫ আগষ্টত কলকাতাত জাতীয় শিক্ষা পৰিষদ নামে এটি অনুষ্ঠান গঢ়ি তোলা হৈছিল।

কিছুদিনৰ পিছত ব্ৰিটিছৰ সাম্প্ৰদায়িক ভেদ নীতিৰে মুছলমানসকলক বংগ ভংগ তথা স্বদেশী আন্দোলনৰ পৰা আঁতৰাই নিয়ে। ইয়াৰ উপৰিও আন্দোলনটো শেষ কৰিবলৈ দমনমূলক কাৰ্য আৰম্ভ কৰিছিল। ইয়াৰ ফলস্বৰূপে ১৯১১ চনৰ ২ ডিচেম্বৰত দিল্লীত বহা দৰবাৰত বংগ বিভাজন আঁচনি বাতিল কৰে আৰু ইয়াৰ লগে লগে স্বদেশী আন্দোলনৰ অন্ত পৰে।

6. ভাৰতবৰ্ষত স্বদেশী আন্দোলনৰ কালছোৱাত মুছলিম লীগৰ উত্থান সম্পর্কে চমু বিশ্লেষণ দিয়া। 

উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত ভাৰতবাসীৰ স্বাধীনতাৰ দাবী যেতিয়া তীব্র হয়, তেতিয়া ইয়াক দমন কৰাৰ উদ্দেশ্যে ইংৰাজ চৰকাৰে নানা দমনমূলক নীতি আৰু বিভেদকামী নীতি অবলম্বন কৰিছিল। ব্ৰিটিছসকলৰ এই দমনমূলক আৰু বিভেদকামী নীতিৰ দ্বাৰা মুছলমানসকলক বংগ ভংগ তথা স্বদেশী আন্দোলনৰ পৰা আঁতৰাই বাখিছিল। লর্ড কার্জনে মুছলমানসকলক আশ্বাস দি কৈছিল যে তেওঁলোকে পূর্ববংগ আৰু অসম নামে নতুনকৈ গঠন করা প্রদেশ দুখনত এখন নিজস্ব গৃহভূমি লাভ কৰিব। গতিকে তেওঁলোকে আন্দোলন কৰিব নালাগে। তেওঁলোকৰ উত্তৰাধিকাৰী ব্ৰিটিছ ভাইচৰয় লর্ড মিন্টোৱে ১৯০৬ চনত তেওঁলোকক পৃথকভাৱে ৰাজনৈতিক সংগঠন মুছলিম লীগ গঠন কৰাত সহায় কৰিছিল আৰু ইয়াৰ ফলতেই পাকিস্তানৰ সৃষ্টি হৈছিল।

ব্ৰিটিছ ভাইচৰয় লর্ড মিন্টোৰ প্ৰধান উদ্দেশ্য আছিল ভারতীয় মুছলমানসকলক স্বদেশী আন্দোলনৰ পৰা আঁতৰাই অনা আৰু চৰকাৰৰ সহযোগীৰূপে এটি ৰাজনৈতিক দল মুছলিম লীগ নামৰ এটি সংগঠন গঢ়ি তোলা। ১৯০৬ চনত ইংৰাজ চৰকাৰে ভাৰতবাসীক কিছুমান শাসন সম্পৰ্কীয় অধিকাৰ দিয়াৰ কথা ঘোষণা কৰিছিল। এই ঘোষণাৰ পাছতেই মুছলমানসকলৰ কিছুমান নেতাৰ মনত এটা মনোভাবৰ সৃষ্টি হৈছিল যে এই শাসন সংস্কাৰৰ ফলত কেৱল হিন্দুসকলৰহে সুবিধা হ’ব। 

কৰ্ণেল ডানলপ স্মিথৰ উচটনি আৰু সহযোগতেই ১৯০৬ চনৰ অক্টোবৰ মাহত বিশিষ্ট নেতা আগাখীৰ নেতৃত্বত মুছলমান দল এটাই চিমলাত লর্ড ভাইচৰয় মিণ্টোৰ সৈতে গোপন আলোচনাত মিলিত হয়। এই মুছলমান দলটিৰ আন সদস্যসকল হ’ল ঢাকার নবাব ছলিমুল্লা, নৱাব মহছিন-উল-মূলক আদি মুছলমান জমিদাৰ আৰু নৱাব। কেন্দ্ৰীয় চৰকাৰে ঢাকাৰ নৱাব ছলিমুল্লাক ১৪,০০,০০০ টকাৰ ঋণ দি ব্ৰিটিছৰ পক্ষলৈ লৈ যায়। এই মুছলমান দলটোৱে ভাৰতীয় মুছলমানসকলক পৃথক সম্প্ৰদায়ৰ স্বীকৃতি দিবলৈ আৰু নতুন শাসন সংস্কাৰত তেওঁলোকৰ পৃথক ভোটাধিকাৰৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছিল। এই সজাতী দলটোৰ সদস্যসকলৰ নেতৃত্বতেই আৰু ব্ৰিটিছৰ প্রত্যক্ষ সহযোগত ১৯০৬ চনৰ ডিচেম্বৰ মাহত ৰাজনৈতিক দল হিচাবে নিখিল ভাৰত মুছলিম লীগৰ জন্ম হৈছিল।

মুছলিম লীগৰ উদ্দেশ্য আছিল ইংৰাজ চৰকাৰৰ সৈতে সহযোগিতা কৰি মুছলমানসকলক সমাজত এক বিশেষ সুবিধা প্ৰদান কৰা আৰু এটা প্রতিদ্বন্দ্বী ৰাজনৈতিক দলত পৰিণত হৈ সমগ্ৰ ভাৰতীয় মুছলমান সম্প্ৰদায়ৰ প্ৰতিনিধিত্বৰ দাবী কৰা। 

7. ফুলগুৰি ধাৱা কি? ইয়াৰ দুটা কাৰণ লিখা।

উত্তৰঃ ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত হোৱা কৃষক ৰাইজে নগাঁৱৰ পৰা কিছু দূৰত ফুলগুৰি নামৰ ঠাইত কৰা বিদ্ৰোহ। ব্ৰিটিছ চৰকাৰে ১৮৬৩ চনত আফু খেতি কৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াত সমগ্ৰ তিৱা জনজাতি লোকসকল অসন্তুষ্ট হৈ পৰে। ইয়াৰ উপৰিও তামোল-পাণৰ ওপৰত চৰকাৰে লগোৱা কৰৰ বাবে ফুলগুৰিত বিদ্রোহ সংঘটিত হৈছিল।

অথবা

১৮৯৪ চনৰ পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ অত্যধিক বর্ধিত হাৰত বঢ়া ৰাজহৰ কবলৰ পৰা মুক্তি লাভ কৰাৰ কাৰণে ১৮৯৪ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্রোহ সংঘটিত হয়। ২৬ তাৰিখৰ পৰা ২৮ তাৰিখলৈ প্রায় তিনি দিন ধৰি কৃষক ৰাইজে গৈ তাত সমৱেত হৈছিল। সেই সময়ত দৰং জিলাৰ মহকুমাধিপতি আছিল জে. দি. এণ্ডাৰচন।

তেওঁ সমৱেত হোৱা কৃষকসকলৰ পৰা হ’ব পৰা বিদ্ৰোহৰ প্ৰতি সজাগ হৈ পথৰুঘাটলৈ বহুতো সামাজিক লোকক প্ৰেৰণ কৰে। ইতিমধ্যে পথৰুঘাটৰ তহচিলদাৰে বৰ্দ্ধিত হাৰত খাজনা সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি ব্যৰ্থ হোৱাৰ পিছত ৰায়তৰ সম্পত্তি ক্রোক কৰিবলৈ চেষ্টা কৰি ব্যৰ্থ হয়। চৰকাৰৰ এনে কাৰ্যক কৃষক ৰাইজ অধিক অসন্তুষ্ট হয়। ফলত দুয়োপক্ষৰ মাজত তয়াময়া সংঘৰ্ষৰ সৃষ্টি হয়। পিছত হাজাৰ হাজাৰ কৃষক ৰাইজ চৰকাৰী ৰেষ্টকেম্পৰ সন্মুখত সমবেত হয়। এনে পৰিস্থিতিত জিলাধিপতি এণ্ডাৰচনে কৃষকসকলক আঁতৰি যাবলৈ নিৰ্দেশ দিয়ে। কিন্তু কৃষকসকলে এনে আদেশৰ প্ৰতি কোনো কাণসাৰ নিদিলে। হাজাৰ হাজাৰ কৃষক ৰাইজ বেষ্টকেম্পৰ পিনে গতি কৰে। পৰিস্থিতি বিষম যেন দেখি শেষত জিলাধিপতিয়ে কৃষকৰ ওপৰত গুলিবর্ষণ কৰাৰ কাৰণে আদেশ দিয়ে। 

লগে লগে চৰকাৰী পক্ষই নিৰীহ কৃষকৰ ওপৰত ধাৰাসাৰে গুলিবর্ষণ কৰে। ফলত বহুতো কৃষকৰ মৃত্যু ঘটাৰ লগতে বহুতো কৃষক ৰাইজ আঘাতপ্রাপ্ত হয়। এক বেচৰকাৰী হিচাপ মতে পথৰুঘাটৰ কৃষকসকলৰ ওপৰত কৰা গুলিবর্ষণৰ ফলত প্রায় ১৪০জন কৃষকৰ মৃত্যু হয় আৰু ৭৫০জন আহত হৈছিল। উল্লেখযোগ্য যে পুলিচৰ গুলিত মৃত্যুবৰণ কৰা আটাইবোৰ কৃষককে ওচৰৰে পুখুৰী এটাত পেলাই পুতি থোৱা হৈছিল। এনেদৰে পথৰুঘাটৰ কৃষক বিদ্রোহ ব্যৰ্থ হ’ব লগা হৈছিল। তথাপিও চৰকাৰী তথ্যমতে পথৰুঘাটৰ কৃষক বিদ্ৰোহ অত্যন্ত শক্তিশালী আৰু সুসংগঠিত আছিল। এইখিনিতে উল্লেখ কৰিব পাৰি যে নৰোত্তম দাস ৰচিত ‘দলিপুৰাণ’ৰ পৰা পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ কাহিনীৰ বিষয়ে বিস্তৃতভাৱে জানিব পাৰি।

৪. চমুটোকা লিখা :

উত্তৰঃ (ক) জালিয়ানৱালাবাগৰ নৰসংহাৰ : ১৯১৯ চনৰ মাৰ্চত ৰাওলাট আইন বলবৎকৰণৰ প্ৰতিবাদত সহস্রাধিক লোক জালিয়ানৱালাবাগত সমন্বেত হওঁতে এই হত্যাকাণ্ড সংঘটিত হৈছিল। উক্ত আইনখনৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ হৈছিল। ১৯১৯ চনৰ ৩০ মাৰ্চ আৰু ৬ এপ্ৰিলত অমৃতসৰত হৰতাল পালন কৰা হৈছিল। পঞ্জাৱৰ লেফটেনেণ্ট গৱৰ্ণৰ মাইকেল অ’ ডায়াৰে পঞ্জাৱত সামৰিক আইন জাৰি কৰিছিল আৰু প্ৰশাসন জেনেৰেল ৰেজিনেল্ড ডায়াৰৰ হাতত অৰ্পণ কৰিছিল। ৰাওলাট আইনৰ বিৰুদ্ধে প্রতিবাদ কৰিবলৈ ১৯১৯ চনৰ ১৩ এপ্ৰিলত জালিয়ানৱালাবাগত প্রায় ২০,০০০ লোক সমৱেত হৈছিল। জেনেৰেল ডায়াৰে কোনো সতর্কবাণী নিদিয়াকৈ প্রতিবাদকাৰীৰ ওপৰত গুলিবৰ্ষণৰ নিৰ্দেশ দিয়াত ৩৭৯জন লোক থিতাতে নিহত হোৱাৰ উপৰিও আন ১৫০০জন লোক আহত হৈছিল।

(খ) চৌৰিচৌৰাৰ হিংসাত্মক ঘটনা : মহাত্মা গান্ধীৰ নেতৃত্বত পৰিচালিত হোৱা অসহযোগ আন্দোলনৰ সময়ছোৱাত পুলিচৰ দ্বাৰা উত্তৰ প্ৰদেশৰ বহু লোক নির্যাতিত হৈছিল। এনে পুলিচী নির্যাতনত অতীষ্ঠ হৈ উত্তৰ প্ৰদেশৰ চৌৰিচৌৰাৰ কৃষকসকলে ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰী তাৰিখে তাৰ এটি পুলিচ চকী জ্বলাই পুৰি পেলাইছিল। এই অগ্নিকাণ্ডত পুলিত চকীটোৰ জামাদাৰ আৰু দাবোগাসহ প্রায় ১৮ৰ পৰা ২২জনমান পুলিচকর্মী অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰিছিল।

9. কি ৰাজনৈতিক পৰিস্থিতিত গান্ধী আবউইন চুক্তি স্বাক্ষৰ কৰা হৈছিল ? ইয়াৰ মূল চৰ্ত তিনিটা উল্লেখ কৰা ।

উত্তৰঃ ব্ৰিটিছ প্ৰধানমন্ত্রী বামজে মেকডোনাল্ডব সভাপতিত্বত ১৯৩০ চনৰ ১২ নৱেম্বৰৰ পৰা ১৯৩১ চনৰ ১৯ জানুৱাৰীলৈ লণ্ডনত প্ৰথম ঘূৰণীয়া মেজমেল বহিছিল। সেই মেলত কংগ্ৰেছৰ কোনো প্রতিনিধিয়ে অংশগ্রহণ কৰা নাছিল। প্রধানমন্ত্রী মেকডোনাল্ডকে ধৰি মেলত উপস্থিত থকা সকলোৱে উপলব্ধি কৰিছিল যে কংগ্ৰেছৰ উপস্থিতি অবিহনে ভাৰতবৰ্ষৰ ৰাজনৈতিক সমস্যাৰ কোনো সমাধান সম্ভৱ নহয়। আনহাতে তেতিয়া ভাৰতবৰ্ষত ব্ৰিটিছ পণ্যৰ বৰ্জন কাৰ্য তুংগত উঠিছিল। এনে এটা অৱস্থাত ব্ৰিটিছ গৃহ চৰকাৰেও কংগ্ৰেছৰ নেতৃবৃন্দৰ সৈতে এটি আপোচ কৰিবলৈ তৎপৰ হৈ পৰিছিল। গতিকে উত্তেজনাৰ উপশম ঘটাবলৈ ব্ৰিটিছ ভাইচৰয় লৰ্ড আউইনে ১৯৩১ চনৰ ২৫ জানুৱাৰী তাৰিখে সকলোবোৰ প্ৰধান ৰাজনৈতিক নেতাকে কাৰাগাৰৰ পৰা মুকলি কৰি দিয়ে। তেনে অৱস্থাত গান্ধী আৰু ভাইচৰয়ৰ মাজত এলানি আলোচনাও অনুষ্ঠিত হয়। এই আলোচনা প্রায় ১৫ দিন ধৰি চলিছিল আৰু অৱশেষত ৫ মার্চ তাৰিখে দুয়োজনৰ মাজত এটি চুক্তি স্বাক্ষৰ কৰা হয়। ইয়াকে গান্ধী-আউইন চুক্তি বোলা হয়।

এই চুক্তিৰ মূল চৰ্ত তিনিটা হ’ল–

(ক) ভাৰতবৰ্ষৰ ৰাজনৈতিক সমস্যা সমাধানৰ ক্ষেত্ৰত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক ভিত্তি হিচাবে লোৱা হ’ব। 

(খ) কংগ্ৰেছক ঘূৰণীয়া মেজমেললৈ নিমন্ত্রণ দিয়া হ’ব।

(গ) আইন অমান্য আন্দোলন স্থগিত কৰা হ’ব।

অথবা

9. ভাৰত স্বাধীন আইন, ১৯৪৭ চনৰ মূল দফাৰ কথাকেইটা উল্লেখ কৰা। 

উত্তৰঃ ১৯৪৭ চনৰ জুলাই মাহত ব্ৰিটিছ সংসদে ভাৰত স্বাধীন আইন অনুমোদন কৰে। ইয়াৰ মূল দফাসমূহ হ’ল–

(ক) ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিব।

(খ) ভাৰত আৰু পাকিস্তান নামেৰে দুখন স্বশাসিত দেশ গঠন কৰা হ’ব আৰু উক্ত দেশ দুখনৰ সংবিধান সভাই ব্ৰিটিছ কমনৱেলথত দেশ দুখনে যোগ দিব নে নিদিয়ে নিজাববীয়াকৈ সিদ্ধান্ত ল’ব। 

(গ) প্রতিখন স্বশাসিত দেশতে একোজনকৈ গৱৰ্ণৰ জেনেবেল ইংলেণ্ডৰ বজাই নিযুক্তি দিব । 

(ঘ) দুয়োখন দেশৰ বিধানমণ্ডলে সম্পূর্ণ নিজাববীয়াকৈ আইন প্রণয়নৰ অধিকাৰ লাভ কৰিব ।

10. কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তুৰ বিষয়ে লিখা ।

উত্তৰঃ কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু হ’ল – জীৱনৰ সুখ-দুখৰ, দেহৰ ক্ষণভংগুৰতা, জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব, দেৱ-দেৱীৰ প্ৰশক্তি আদিক লৈ এই লোকগীতসমূহ ৰচিত হয়।

অথবা

10. অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ অসমত সপ্তম শতিকামানৰ পৰা উত্তৰ ভাৰতীয় ক্ষুদ্রাকৃতিৰ পুথি চিত্ৰসমূহৰ অনুৰূপ ৰজাঘৰীয়া পৃষ্ঠপোষকতাত অথবা সত্ৰীয়া সৃষ্টিৰে চিত্ৰকলাৰ এটা পৰম্পৰা আৰম্ভ হয়। এনে কেইখনমান সচিত্ৰ পুথি হ’ল আনন্দলহৰী, হস্তীবিদ্যার্ণব, চিত্ৰ ভাগৱত, গীত গোবিন্দ, কুমৰ হৰণ, শংখচূড় বধ, লৱ-কুশৰ যুদ্ধ আদি সাঁচিপতীয়া পুথি। স্থানীয়ভাৱে আহৰণ কৰা সামগ্ৰীৰ পৰা প্ৰাকৃতিক ৰঙেৰে বহুৰঙীয়া এই চিত্রসমূহ অঁকা হৈছিল। প্ৰথমতে চিত্ৰৰ পটভূমিত একোটা নির্দিষ্ট ৰং বোলাই লোৱা হয়। তাৰ ওপৰত চিত্ৰসমূহ অঁকা হৈছিল। চিত্ৰসমূহত ৰজা, ৰাজদৰবাৰ, দেৱীমূৰ্তি, যুদ্ধৰ চিত্ৰ, হাতী, জীৱ-জন্তু আদি সংশ্লিষ্ট পুথিৰ বিষয়বস্তুৰ লগত সংগতি ৰাখি অঁকা হৈছিল। খালী ঠাইবোৰত ফুল, লতা আদি আঁকি দিয়া হৈছিল। সাধাৰণতে ৰঙা, সেউজীয়া, হালধীয়া আৰু ক’লা ৰঙৰ পয়োভৰ দেখা যায়। সমুখাংশ আৰু পাৰ্শ্বাংশ দুয়োধৰণৰ চিত্র অংকন কৰা দেখা যায়। মানুহ আৰু জীৱ-জন্তুৰ ছবিবোৰত মুখাৱয়বৰ নিখুঁত প্ৰকাশ, শৰীৰৰ অনুপাত, মনৰ অনুভূতি প্রকাশক সূক্ষ্ম কৌশলৰ প্ৰয়োগ কৰাৰ দক্ষতা দেখা নাযায়, চিত্ৰবোৰ সহজ-সৰল যদিও দৃষ্টিনন্দন বুলি ক’ব লাগিব। সুকুমাৰ বৰকাইথে ৰচনা কৰা ‘হস্তীবিদ্যার্ণব’ পুথিখনত বিভিন্ন আকাৰ আৰু বৰণৰ হাতীৰ ছবি আছে। দিলবৰ আৰু দোচাই নামে দুগৰাকী চিত্ৰকৰে এই চিত্ৰসমূহ অংকন কৰিছিল। এই গ্ৰন্থসমূহৰ কেইবাখনো গ্রন্থ ছপা আকাৰে ইতিমধ্যে প্রকাশ পাইছে। 

11. আছাম এছ’চিয়েছনে ব্রিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অবদান সম্পর্কে লিখা । 

উত্তৰঃ অসমৰ বিষয়ে সামগ্রিকভাৱে চিন্তা কৰিবলৈ আৰু অসমৰ জনসাধাৰণৰ ইচ্ছা-আকাংক্ষাক চৰকাৰৰ ওচৰত নিবেদন কৰাৰ বাবে ৰাত্ম চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আছাম এছ’চিয়েছন নামৰ অনুষ্ঠানটোৰ জন্ম হৈছিল। বত্মত্মপ্ত চনত আছাম এছ’চিয়েছনৰ প্ৰথমখন অধিবেশন ডিব্ৰুগড় চহৰত বহিছিল। আছাম এছ’চিয়েছনে অসমৰ ৰাইজৰ মুখপাত্র হিচাবে সেৱা আগবঢ়াইছিল। এই এছ’চিয়েছনখনে শান্তিপূর্ণভাৱে আৰু সাংবিধানিক আৰু প্ৰশাসনিক সংস্কাৰৰ মাধ্যমেৰে বাইজৰ সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা কৰিছিল। এই এছ’চিয়েছনৰ কাৰ্যাৱলীসমূহ হ’ল– 

১। পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল বোর্ডত চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰিছিল । 

২। এছ’চিয়েছনে স্থানীয় সমিতিসমূহৰ গণতান্ত্রিকীকৰণৰ দাবী উত্থাপন কৰিছিল।

৩। বর্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল । 

৪। শিক্ষাৰ দিশত অসমক আগবঢ়াই নিবলৈ চেষ্টা কৰিছিল। সেয়েহে এছ চিয়েছনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল। 

বংগ বিভাজনৰ বিৰোধিতা কৰি অসমত পূব বংগৰপৰা পৃথক কৰিবলৈ ১৯০৭ চনত এছ’চিয়েছনে চৰকাৰৰ ওচৰত স্মাৰক পত্ৰ দাখিল কৰিছিল। কিন্তু পিছত এছ’চিয়েছনেও বংগ বিভাজনৰ ক্ষেত্ৰত সাৰ্বজনিক সভাৰ দৰে এক ভূমিকা গ্ৰহণ কৰিছিল। এছ’চিয়েচনে বিধানসভাত প্রতিনিধিত্বৰ দাবী উত্থাপন কৰিছিল। ১৯১৪ চনৰ মণ্টেগ’ ছেমছফ’ৰ্ড ৰিপৰ্টৰ আধাৰত প্রস্তাৰিত শাসন সংস্কাৰত অসমকো সামৰি লোৱাৰ দাবী তুলিছিল। সেই উদ্দেশ্যেৰে ১৯১৭ চনত কলিকতালৈ এটি সাতজনীয়া সজাতী দল পঠিওৱা হৈছিল। আনকি এছ’চিয়েছনে নবীন চন্দ্ৰ বৰদলৈ আৰু প্ৰসন্ন কুমাৰ বৰুৱাক সজাতী হিচাবে লণ্ডনলৈ পঠিয়াইছিল। এছ’চিয়েছনৰ হেঁচাত অসম মণ্টেগ’ সংস্কাৰ আঁচনিৰ অন্তৰ্ভুক্ত হৈছিল। ১৯২০ চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবেও দাবী জনাইছিল।

১৯২১ চনৰ অসহযোগ আন্দোলনত এছচিয়েছনে সক্রিয়ভাৱে যোগদান কৰিছিল আৰু ভাৰতীয় জাতীয় আন্দোলনত সক্রিয়ভাৱে যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ১৯১৬ চনত এছ’চিয়েছনে জাতীয় কংগ্ৰেছৰ অধিৱেশনলৈ অসমৰ পৰা প্ৰতিনিধি পঠিয়াই এক যোগসূত্র স্থাপন কৰিছিল। নাগপুৰ অধিৱেশনতো এছ’চিয়েছনৰ প্ৰতিনিধিয়ে অংশগ্রহণ কৰিছিল। এইদৰে জাতীয় কংগ্ৰেছৰ প্ৰভাৱ বাঢ়িবলৈ ধৰাত ১৯২১ চনত এছ’চিয়েছনে নিজস্ব স্বতন্ত্র পৰিচয় পৰিত্যাগ কৰি জাতীয় কংগ্ৰেছৰ অসম প্রাদেশিক কংগ্ৰেছ কমিটিৰ লগত চামিল হ’ল ।

অথবা

11. অসহযোগ আন্দোলনত অসমৰ অংশগ্ৰহণৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত অসহযোগ আন্দোলন এক গুরুত্বপূর্ণ অধ্যায়। ভাৰতীয় কংগ্ৰেছৰ নেতৃত্বত এই আন্দোলন ১৯২০ চনৰ পৰা ১৯২১ চনলৈ চলিছিল। ১৯২১ চনত মহাত্মা গান্ধীৰ অসম আগমণে এই আন্দোলন অধিক জনপ্রিয় কৰি তুলিছিল। গান্ধীৰ আহ্বানক্রমে জনসাধাৰণে বিদেশী বস্তু বৰ্জন আন্দোলনত অংশগ্ৰহণ কৰি বিদেশী বস্তুসমূহৰ মেজি সাজি জুই লগাই দি ইয়াক বিসর্জন দিছিল। চন্দ্ৰনাথ শৰ্মা, হেমচন্দ্ৰ বৰুৱা, মুহিবুদ্দিন আহমেদ আদিৰ নেতৃত্বত অসমৰ যুৱকসকলেও চৰকাৰী শিক্ষানুষ্ঠানসমূহ বৰ্জন কৰি এই আন্দোলনত অংশগ্ৰহণ কৰিছিল। ছাত্ৰসকলক অনুসৰণ কৰি নবীন চন্দ্ৰ বৰদলৈ, চন্দ্ৰ বৰদলৈ, কুলধৰ চলিহা, তৰুণৰাম ফুকন, কামিনী কুমাৰ চন্দ, বিষ্ণুৰাম মেধি আদি উকীলসকলেও ওকালতি এৰি আন্দোলনত অংশগ্ৰহণ কৰিছিল। বহুতো চৰকাৰী বিষয়া আৰু শিক্ষকেও তেওঁলোকৰ দায়িত্ব এৰি দিছিল। আন্দোলনৰ বৰ্ধিত প্ৰভাৱৰ ফলতেই গুৱাহাটী, নলবাৰী, যোৰহাট, তেজপুৰ, শিৱসাগৰ, নগাঁও, কৰিমগঞ্জ, মৌলবী বজাৰ আদি ঠাইত জাতীয় শিক্ষানুষ্ঠান প্রতিষ্ঠা কৰা হৈছিল। ১৯২১ চনৰ ফেব্ৰুৱাৰী মাহত গুৱাহাটীত প্রথম জাতীয় শিক্ষানুষ্ঠান বাল গংগাধৰ তিলকৰ স্মৃতিত ‘তিলক সোঁৱৰণ স্কুল’ প্রতিষ্ঠা কৰা হৈছিল। এই শিক্ষানুষ্ঠান প্ৰথমে ৰোহিণী কুমাৰ চৌধুৰীৰ ভৰলুমুখৰ বাসভৱনৰ চৌহদত আৰম্ভ কৰা হৈছিল। পিছত উজান বজাৰৰ অসম ক্লাবতে স্কুলখন স্থাপন কৰা হ’ল। এই আন্দোলনৰ নেতৃবৃন্দই গঠনমূৰক কার্যপন্থাও গ্রহণ কৰিছিল।

অসমত এই আন্দোলনৰ এক উল্লেখযোগ্য প্ৰভাৱ আছিল কানিৰ প্ৰচলন বন্ধ। কংগ্ৰেছ কৰ্মীসকলে সবলৰূপে কানিৰ প্ৰচলন বন্ধ কৰিবৰ বাবে গ্ৰহণ কৰা কাৰ্যপন্থাৰ পৰিপ্ৰেক্ষিততে প্রচলিত কানিৰ শুষ্ক ১৯২০-২১ বিত্তীয় বৰ্ষত ১৬১৫ মোনৰ পৰা ১৯২২-২৩ বিত্তীয় বৰ্ষত ৯৯৩ মোন হৈছিল। কানি বিক্ৰীৰ ফলত উপার্জিত ৰাজহৰ পৰিমাণ ১৯ লাখ টকা পর্যন্ত কমি গৈছিল। এই আন্দোলনৰ আন এটা উল্লেখযোগ্য গঠনমূলক কাম আছিল– খাদীৰ প্ৰচলন জনপ্ৰিয় কৰি তোলাৰ লগতে ইয়াৰ উৎপাদন বৃদ্ধি কৰা।

বাগিচাৰ বনুৱাসকলৰ পৰাও এই আন্দোলনে প্ৰচুৰ সমৰ্থন লাভ কৰিছিল। বৃহৎ সংখ্যক চাহ বাগিচাৰ বনুৱাই এই আন্দোলনৰ দ্বাৰা তেওঁলোকৰ ওপৰত চলা ঔপনিৱেশিক শোষণৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল। চেগাচোৰোকাকৈ তেওঁলোকে কেইবাটাও হৰতাল পালনৰ লগতে কাম বন্ধ কৰি অসুবিধাৰ সৃষ্টি কৰিছিল। ১৯২১ চনৰ মে’ মাহত কৰিমগঞ্জ মহকুমাৰ অন্তৰ্গত চৰাগোলা আৰু লংগাই উপত্যকাৰ ১৩খন চাহ বাগিচাৰ প্ৰায় ৮০০০ বনুৱাই কংগ্ৰেছৰ নেতৃত্বত একেলগ হৈ তেওঁলোকৰ ঔপনিবেশিক শাসনৰ বিৰুদ্ধে প্রতিবাদ কৰিছিল। মজুৰি বৃদ্ধি দাবী জনোৱাৰ লগতে ‘গান্ধী মহাৰাজৰ জয়’ ধ্বনি দি তেওঁলোকে বাগিচাৰ পৰা ওলাই আহিছিল। মালিকসকলে বল প্রয়োগ কৰি ওভতাই আনিবলৈ জিলা প্ৰশাসনক হেঁচা দিছিল। এনে বল প্রয়োগৰ ফলত বহুতো বনুৱাৰ মৃত্যু হৈছিল আৰু বাকীসকল বাগিচালৈ উভতি আহিবলৈ বাধ্য হৈছিল।

PART – II

12. নিৰপেক্ষ সামগ্রী কাক বোলে লিখি এটা উদাহৰণ দিয়া।

উত্তৰঃ যিবোৰ সামগ্ৰীয়ে মানুহৰ কোনো ধৰণৰ উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ বা নিষ্ক্রিয় সামগ্রী বোলা হয়। যেনে– মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল তেতিয়ালৈকে এইবোৰ কেৱল নিৰপেক্ষ সামগ্ৰীহে আছিল।

13. মৰুকৰণৰ যিকোনো দুটা কাৰণ লিখা।

উত্তৰঃ মকৰণৰ দুটা কাৰণ হ’ল– 

(ক) প্রাকৃতিক।আৰু 

(খ) মানৱ সৃষ্ট । 

প্রাকৃতিক কাৰণবোৰৰ ভিতৰত খৰাং বতৰ আৰু গোলকীয় উত্তাপ বৃদ্ধিয়েই প্রধান। আনহাতে মানৱসৃষ্ট কাৰণবোৰৰ ভিতৰত বননি ধ্বংস, জনসংখ্যা বৃদ্ধি, অত্যধিক পশুচাৰণ আদি প্রধান।

14. সংজ্ঞা লিখা : 

মহীসোপান, মহীঢাল 

উত্তৰঃ মহীসোপান : উপকূলৰ চাৰিওফালে থকা সাগৰ-মহাসাগৰৰ অগভীৰ অংশক মহীসোপান বোলে।

মহীঢাল : মহীসোপানৰ পাছত সাগৰৰ তলিলৈ থিয় ঢালযুক্ত মহাদেশীয় স্থলভাগৰ কাষটোক মহীঢাল বোলে। ইয়াৰ গভীৰতা ১৪০ৰ পৰা ৩৩৫০ মিটাৰ ৷ 

15. অসমৰ সকলোতকৈ বেছি আৰু সকলোতকৈ কম জনসংখ্যা থকা জিলা দুখনৰ নাম লিখা।

উত্তৰঃ অসমৰ সকলোতকৈ বেছি জনসংখ্যা থকা জিলাখন হ’ল— নগাঁও আৰু কম জনসংখ্যা থকা জিলাখন হ’ল– ডিমা হাছাও । 

16. ভৌগোলিক দিশৰ পৰা পৰিৱেশ সমস্যাক কি কি ভাগত ভগাব পাৰি লিখা।

উত্তৰঃ পৰিৱেশৰ প্ৰধান সমস্যাসমূহ হ’ল – 

(ক) ভূমিস্খলন।

(খ) ভূমিক্ষয়।

(গ) মৰুকৰণ।

(ঘ) গোলকীয় উত্তাপ বৃদ্ধি।

(ঙ) বিভিন্ন ধৰণৰ প্ৰদুষণ।

(চ) কৃত্রিম বান।

(ছ) সাগৰৰ পৃষ্ঠৰ উত্থান।

(জ) ভূমিকম্প আদি । 

17. জনসংখ্যা বিতৰণৰ ভিন্নতাৰ যিকোনো তিনিটা কাৰণ লিখা।

উত্তৰঃ সাধাৰণতে যিবিলাক অঞ্চলত প্ৰাকৃতিক পৰিৱেশ অনুকূল নহয়, যাতায়াত আৰু অৰ্থনৈতিক অবস্থা উন্নত নহয়, সেইবিলাক অঞ্চলত জনবসতি সেৰেঙা আৰু জনসংখ্যাও কম হ’ব।

আনহাতে, অনুকূল প্রাকৃতিক আৰু অর্থনৈতিক অৱস্থা বিৰাজ কৰা অঞ্চলবোৰত জনবসতি ঘন হয়। 

উদাহৰণস্বৰূপে :

(ক) ২০১১ চনৰ তথ্যমতে অসমৰ ভিতৰতে কামৰূপ মেট্ৰ’ত প্রতি বর্গ কি.মি.ত ২০১০ জন লোকে বাস কৰে। কাৰণ ইয়াত জীৱন ধাৰণৰ বাবে সকলোবোৰ সা-সুবিধা পোৱা যায়।

(খ) কিন্তু অসমৰ পার্বত্য জিলা দুখনত জনবসতি সেৰেঙা। ২০১১ চনৰ তথ্যমতে প্ৰতি বৰ্গ কি. মিটাৰত মাত্ৰ ৪৪ জনে বাস কৰে। কাৰণ ইয়াত জীৱন ধাৰণৰ বাবে সকলোবোৰ সুবিধা সহজলভ্য নহয়।

কোনো এটা অঞ্চলত জনবসতি ভিন্নতাৰ কাৰণবোৰ হ’ল– উন্নত পৰিবহণ আৰু যাতায়াত ব্যৱস্থা, নগৰীকৰণ, উন্নত সামাজিক পৰিৱেশ, পলসুৱা মাটি ইত্যাদিবোৰ । 

18. সম্পদ সংৰক্ষণৰ যিকোনো চাৰিটা পদ্ধতিৰ বিষয়ে লিখা। 

উত্তৰঃ সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাব্যপূর্ণ ব্যৱহাৰ কৰা কাৰ্য বা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয়। সম্পদ সংৰক্ষণৰ চাৰিটা পদ্ধতি হ’ল– 

(ক) বিকল্প সম্পদৰ সন্ধান।

(খ) পুনৰাৱৰ্তন।

(গ) অভিযোজন বা নৱপ্ৰচলন ।আৰু 

(ঘ) বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্রাস।

(ক) বিকল্প সম্পদৰ সন্ধান : কোনো এটা ব্যৱহৃত সম্পদৰ উৎপাদন চলি থকা অৱস্থাতে ইয়াৰ বিকল্প সম্পদৰ সম্ভাৱনা উদঘাটনৰ বাবে প্ৰয়োজনীয় গবেষণা আৰু জৰীপ চলাই থাকিব লাগে। উদাহৰণস্বৰূপে কপাহী সূতাৰ পৰিৱৰ্তে কৃত্রিম আঁহ, প্রাকৃতিক ৰবৰৰ সলনি কৃত্ৰিম ৰবৰ আদি একো একোটা বিকল্প সম্পদ। ইয়াৰ উপৰিও নৱীকৰণযোগ্য সম্পদ যেনে– কয়লা, খনিজ তেল আদিৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ সৌৰশক্তি, জলবিদ্যুৎ শক্তি, বতাহ শক্তি, জৈৱ শক্তি আদি নৱীকৰণযোগ্য সম্পদ ব্যৱহাৰ বৃদ্ধি কৰিব লাগে।

(খ) পুনৰাৱৰ্তন : সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বর্জিত দ্রব্য পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ যোগেদি পুনৰ ব্যৱহাৰ কৰিব পাৰি। উদাহৰণস্বৰূপে পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে সংশ্লিষ্ট সম্পদ কেঁচা সামগ্ৰী কিছু পৰিমাণে সংৰক্ষণ কৰিব পাৰি।

(গ) অভিযোজন বা নৱপ্ৰচলন : অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰোপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন বা নৱপ্ৰচলন প্ৰক্ৰিয়াৰ প্ৰয়োগ কৰিব লাগে। ৰাসায়নিক সাৰ প্ৰয়োগৰ দ্বাৰা মাটিত হ’ব পৰা ঋণাত্মক প্ৰভাৱ ৰোধ কৰিবলৈ জৈৱ সাৰ প্ৰয়োগত বেছি গুরুত্ব প্রদান কৰিব লাগে।

(ঘ) বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্রাস : কেঁচা সামগ্ৰীৰ পৰা প্ৰয়োজনীয় সম্পদলৈ ৰূপান্তৰ কৰোঁতে বৰ্জিত দ্ৰব্যৰ উৎপাদন সীমিত কৰি ৰখাৰ ব্যৱস্থা কৰিলে যথেষ্ট পৰিমাণে সম্পদ সংৰক্ষণ হ’ব পাৰে।

অথবা

18. সম্পদ বুলিলে কি বুজা ? অসমৰ প্ৰধান প্রাকৃতিক সম্পদবোৰ কি কি ?

উত্তৰঃ সম্পদ বুলিলে আমাৰ পৰিৱেশত থকা সেইবিলাক দ্রব্য বা বস্তুকে বুজায় যিবিলাক ব্যৱহাৰ কৰি আমি আমাৰ অভাৱ আৰু অভিলাস পূৰণ কৰিব পাৰো। অসমৰ প্ৰধান প্রাকৃতিক সম্পদবোৰ হ’ল― ভূমি সম্পদ, বন সম্পদ, খনিজ সম্পদ আৰু জল সম্পদ। 

19. অসমৰ এখন নক্সা মানচিত্র অংকন কৰি তলত দিয়া ঠাইবোৰৰ যিকোনো দুটা বহুওৱা। 

(a) এখন তৈলক্ষেত্র 

(b) এটা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ

(c) পবিতৰা অভয়াৰণ্য

উত্তৰঃ তোমালোকে নিজে চেষ্টা কৰা।

20. মহাদেশীয় বিস্থাপন সূত্র অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল বর্ণনা কৰা।

উত্তৰঃ মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্র (Continental Drift Theory) অনুসৰি আদিতে (আজিৰ পৰা প্ৰায় ৩০০ নিযুত বছৰ পূৰ্বে) পৃথিৱীখন স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। একত্ৰিত হৈ থকা এই স্থলমণ্ডলটোক পেঞ্জিয়া (Pangaea) আৰু পেঞ্জিয়াৰ চাৰিওফালে আগুৰি থকা জলমণ্ডলটোক পান্থালাছা (Panthalassa) বোলা হয়। কিছুকাল অতিক্রম কৰাৰ পিছত পেঞ্জিয়াৰ প্ৰায় সোঁমাজেৰে পূবা-পশ্চিমাকৈ এটা সংকীর্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল। ইয়াক টেথিছ সাগৰ বোলা হয়।

অথবা

20. পৃথিবীৰ বৃহত্তম মহাসাগৰখনৰ বিষয়ে এটা টোকা লিখা। 

উত্তৰঃ প্রশান্ত মহাসাগৰ পৃথিৱীৰ বৃহত্তম মহাসাগৰ। ইয়াৰ মাটিকালি বছপ্ত নিযুত কিলোমিটাৰ। এই মহাসাগৰখনে পৃথিৱীৰ প্ৰায় এক তৃতীয়াংশ ঠাই আগুৰি আছে। মাটিকালি হিচাবে ই আটলান্টিক মহাসাগৰৰ দুগুণতকৈ কিছু বেছি।প্রশান্ত মহাসাগৰৰ চাৰিসীমা : 

উত্তৰে : আমেৰিকা যুক্তৰাষ্ট্ৰ আলস্কা চাইবেৰিয়াৰ পূব অংশ আৰু উত্তৰ মহাসাগৰ। 

দক্ষিণে : অষ্ট্রেলিয়া, নিউজিলেণ্ড আৰু দক্ষিণ মহাসাগৰ 

পূবে : উত্তৰ আৰু দক্ষিণ আমেৰিকা মহাদেশৰ পশ্চিম উপকূল

পশ্চিমে : এছিয়া মহাদেশৰ পূব উপকূল আৰু জাপান, ফিলিপাইন দ্বীপপুঞ্জ। 

প্রশান্ত মহাসাগৰৰ গড় গভীৰতা প্রায় ৫০০ মিটাৰ। মহাসাগৰখনত সৰু-বৰ কমেও ২০,০০০ টা সামুদ্রিক দ্বীপ আছে। এই দ্বীপসমূহৰ ভিতৰত জাপান, নিউজিলেণ্ড, টাইৱান, ফিলিপাইন, ইন্দোনেছিয়া, হাৱাই আদি উল্লেখযোগ্য। খাতসমূহৰ ভিতৰত উল্লেখযোগ্য খাত হ’ল– মেৰিয়ান খাত। বেৰিং সাগৰ, ওখটস্ক, জাপান, দক্ষিণ চীন, বেৰিং সাগৰ, ফিলিপাইন, আলস্কা সাগৰ আদি উল্লেখযোগ্য সাগৰ।

বিষুৱ ৰেখাই প্রশান্ত মহাসাগৰক দুভাগত বিভক্ত কৰিছে। ভাগ দুটা হ’ল – উত্তৰ প্ৰশান্ত মহাসাগৰ আৰু দক্ষিণ প্রশান্ত মহাসাগৰ।

21. অসমৰ অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনাবোৰ আলোচনা কৰা।

উত্তৰঃ অসমৰ অৰ্থনীতি মূলতঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল। অসমৰ প্ৰায় ৭৫ শতাংশ লোকে কৃষিক জীৱিকা হিচাপে গ্ৰহণ কৰি আহিছে। যোৱা কিছু বছৰ ধৰি সীমিত পৰিসৰত কৃষিখণ্ডত কিছুমান আধুনিক পদ্ধতিৰ প্ৰয়োগ লাহে লাহে হ’বলৈ ধৰিছে। ফলত কৃষি উৎপাদন বৃদ্ধি পাইছে।

বৰ্তমান ফল-মূল আৰু শাক-পাচলিৰ খেতিয়ে প্ৰসাৰ লাভ কৰা দেখা গৈছে। ৰাজ্যখনত উৎপন্ন হোৱা অৰ্থকৰী শস্য (cash crops) বিলাকৰ ভিতৰত– চাহ, মৰাপাট, কুঁহিয়াৰ আৰু ধপাতেই প্রধান। চাহ খেতিয়ে অসমৰ অৰ্থনীতিলৈ উল্লেখযোগ্য অৰিহণা যোগাই আহিছে। যোৱা দুই-তিনি দশক ধৰি ৰাজ্যখনত ঔদ্যোগিকৰণৰ বাবে প্রয়োজনীয় আন্তঃগাঁথনি উন্নত কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হৈছে। ফলস্বৰূপে কিছুমান উদ্যোগ গা কৰি উঠিছে। এই উদ্যোগসমূহৰ ভিতৰত তেল শোধনাগাৰ, সাৰ কাৰখানা, কাগজ কল, চিমেন্ট উদ্যোগ, চেনি কল, কপাহ আৰু মৰাপাট কল আদিয়েই প্রধান।

ইয়াৰ উপৰিও হস্ততাত আৰু হস্তশিল্প, যেনে–  এৰি, মুগা, বাঁহ-বেতৰ শিল্প, কাঁহ-পিতল শিল্পৰ ক্ষেত্ৰত অসম আগবঢ়া। মুগা সূতাৰ উৎপাদন অসমৰ এটা একচেটীয়া উদ্যোগ। এই উদ্যোগসমূহৰ আধুনিকীকৰণে অসমৰ অৰ্থনীতিলৈ উন্নতি কঢ়িয়াই অনাৰ প্ৰচুৰ সম্ভাবনা আছে। এই উদ্যোগসমূহৰ উপযুক্ত বজাৰ পৰ্যাপ্ত মূলধন বিনিয়োগ, আন্তগাঁথনি আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ কৰিব পাৰিলে অসমৰ অৰ্থনৈতিক উন্নয়নৰ বিকাশৰ প্ৰচুৰ সম্ভাৱনা আশা কৰিব পাৰি।

অথবা

21. অসমৰ কৃষিখণ্ডত দেখা পোৱা যিকোনো পাঁচটা সমস্যা উল্লেখ কৰা।

উত্তৰঃ অসমৰ কৃষি উন্নয়নত দেখা পোৱা পাঁচটা সমস্যা হ’ল–

(ক) অসমৰ সমভূমি অঞ্চলত পৰম্পৰাগত কৃষি আৰু পাহাৰীয়া অঞ্চলত ঝুম খেতি এতিয়াও পুৰণিকলীয়া পদ্ধতিৰে প্ৰচলিত হৈ আছে। 

(খ) অসমৰ খেতিয়কসকলৰ খেতি মাটি সাধাৰণতে সৰু সৰু খণ্ডত (Plot) বিভক্ত (Fragmented) হোৱাৰ বাবে সেইবোৰত আধুনিক কৃষি সঁজুলি আৰু কৌশল প্ৰয়োগ কৰিবলৈ অসুবিধা।

(গ) জলসিঞ্চন পদ্ধতি উন্নত নহয় আৰু জলসিঞ্চনৰ সুবিধা পর্যাপ্ত নহয়। 

(ঘ) অসমত ধান খেতি বিস্তৃতভাৱে কৰা হয় আৰু কৃষি অর্থনীতিত ইয়াৰ গুৰুত্ব অধিক। কিন্তু এই খেতিৰ উন্নতিৰ বাবে আধুনিক কৃষি পদ্ধতিৰ প্ৰয়োগত গুৰুত্ব প্ৰদান কৰা হোৱা নাই।

(ঙ) বানপানী আৰু গৰাখহনীয়াৰ দ্বাৰা অসমৰ কৃষি ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যখনৰ মুঠ খেতি কৰা মাটিৰ ২.৫ শতাংশতকৈও অধিক মাটিৰ শস্য বছৰি বানপানীয়ে নষ্ট কৰে আৰু গৰাখহনীয়াৰ ফলত প্ৰতি বছৰে বুজন পৰিমাণৰ সাৰুৱা পলসুৱা মাটি নদীৰ বুকুত জাহ গৈছে।

PART – III

22. নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম লিখা।

উত্তৰঃ নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম হ’ল– 

(ক) পাৰমাণৱিক অস্ত্র সংকোচন চুক্তি (NPT)

(খ) পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি (CTBT)

23. হিচাপ-নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰাৰ মাজৰ দুটা পার্থক্য লিখা। 

উত্তৰঃ হিচাপ-নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰাৰ মাজৰ দুটা প্রধান পার্থক্য হ’ল–

(ক) হিচাপ-নিকাচৰ মুদ্ৰা এটা ধাৰণাহে, কিন্তু প্রকৃত মুদ্ৰা হিচাপ-নিকাচৰ মুদ্ৰাহে। 

(খ) হিচাপ-নিকাচৰ মুদ্ৰাৰ ধাৰণাটো পৰিৱৰ্তন নহয়, কিন্তু প্রকৃত মুদ্ৰা ৰূপান্তৰ হয়।

24. অর্থনৈতিক পৰিকল্পনাৰ যিকোনো দুটা লক্ষ্য লিখা।

উত্তৰঃ নিৰ্ধাৰিত এছোৱা সময়ৰ ভিতৰত কেতবোৰ সুনির্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে এক কেন্দ্রীয় কর্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু দিগদর্শনেই হ’ল অর্থনৈতিক পৰিকল্পনা। 

25. ৰাষ্ট্ৰসংঘৰ যিকোনো তিনিটা নীতি উল্লেখ কৰা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ তিনিটা নীতি হ’ল– 

(ক) সকলো সদস্য ৰাষ্ট্ৰৰ সমান সাৰ্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হ’ব।

(খ) ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা নিয়মাৱলী মানি লৈ সকলো সদস্য ৰাষ্ট্ৰই নিজা দায়িত্ব পালন কৰিব লাগিব। 

(গ) আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্যায়ত কোনো আঘাত নোহোৱাকৈ সকলো সদস্য ৰাষ্ট্ৰই সকলো ধৰণৰ বিবাদ শান্তিপূর্ণভাবে মীমাংসা কৰিব লাগিব।

26. বিনিময় প্রথাৰ যিকোনো তিনিটা অসুবিধা ব্যাখ্যা কৰা। 

উত্তৰঃ বিনিময় প্ৰথাৰ তিনিটা অসুবিধা হ’ল –

(ক) সংগতিবিহীন অভাব।

(খ) হিচাপ-নিকাচৰ উমৈহতীয়া এককৰ অভাৱ।

(গ) বিভাজনীয়তাৰ অসুবিধা। 

27. অর্থনৈতিক সংস্কাৰ কাৰ্যসূচীয়ে সৃষ্টি কৰা তিনিটা সমস্যা লিখা।

উত্তৰঃ অর্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা তিনিটা অসুবিধা হল– 

(ক) প্রথমে এই অর্থনৈতিক সংস্কাৰ নীতিয়ে প্রতিযোগিতাৰ প্ৰসাৰ আৰু তীব্রতা দুয়োটাই কৰিছে। বিভিন্ন ধৰণৰ সা-সামগ্ৰী বজাৰলৈ আহিব ধৰিছে। 

(খ) দ্বিতীয়তে, পণ্যৰ প্ৰতি অত্যধিক আসক্তিয়ে ভোগবাদী অর্থনীতিৰ সৃষ্টি কৰিলে যি নৈতিকতাৰ প্ৰতি এক ভাবুকি হ’ব পাৰে। 

(গ) তৃতীয়তে, গোলকীকৰণৰ ফলত দেশখনে বা সমূহ জনসাধাৰণে নিজৰ পৰিচয় হেৰুৱাব নালাগিব।

27. ভাৰতবৰ্ষত অর্থনৈতিক সংস্কাৰ প্ৰবৰ্তনৰ তিনিট। মূল কাৰণ চমুকৈ ব্যাখ্যা কৰা।

অথবা

উত্তৰঃ অর্থনৈতিক সংস্কাৰৰ তিনিটা সুফল হল–

(ক) প্রথম, অর্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি হৈছে। প্ৰকৃততে ২০০৫ চনৰ পৰা ২০০৮ চনলৈকে বার্ষিক উন্নয়নৰ হাৰ আছিল যথাক্রমে ৯.৫ শতাংশ, ৯.৭ শতাংশ আৰু ৯.২ শতাংশ। শেহতীয়া অর্থনৈতিক সমীক্ষা অনুসৰি ২০১৩-১৪ চনত বাৰ্ষিক উন্নয়নৰ হাৰ আছিল ৭.২ শতাংশ।

(খ) দ্বিতীয়তে, পাইকাৰী মূলসূচী পূৰ্বৰ তুলনাত হ্রাস হৈছে। 

(গ) ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক বিজার্ভ বেংকত জমা হোৱা বৈদেশিক বিনিয়োগযোগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি হৈছে। এই পৰিমাণ বৰ্তমান বিলিয়ন ডলাৰ হৈছে। 

28. নেহৰুৰ উদ্দেশ্য সম্পর্কিত প্ৰস্তাৱকেইটা উল্লেখ কৰা।

উত্তৰঃ নেহৰৰ উদ্দেশ্য সম্পৰ্কীয় প্রস্তাৱকেইটা হ’ল– 

(ক) সংবিধান সভাই ভাৰতবৰ্ষক স্বাধীন, সার্বভৌম, প্রজাতন্ত্র হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্রতিজ্ঞ হোৱা। 

(খ) ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূ-খণ্ড আৰু ভাৰতৰ অন্তৰ্ভুক্ত হ’ব বিচৰা দেশীয় ৰাজ্যবিলাকক লৈ ৰাজ্যসমূহৰ সংঘ গঠিত হ’ব। 

(গ) ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, সমতা, ধর্মীয় স্বাধীনতা ৰক্ষা, চিন্তা আৰু মতামত প্ৰকাশৰ স্বাধীনতাক স্বীকৃতি প্রদান কৰা হ’ব।

(ঘ) অনুসূচিত জাতি, জনজাতি, অনুন্নত সম্প্রদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব।

(ঙ) দেশৰ স্বাধীনতা, সার্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰা হ’ব। 

(চ) আন্তর্জাতিক সু-সম্পর্ক, বিশ্বশান্তি ৰক্ষা আৰু জনগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূর্ণ সহযোগ কৰিব।

(ছ) জনসাধাৰণেই হ’ব সকলো ক্ষমতাৰ উৎস। সার্বভৌম দেশখনৰ চৰকাৰ আৰু সকলো অংগই জনসাধাৰণৰ পৰা ক্ষমতা লাভ কৰিব। 

(জ) সংঘত যোগ দিয়া সহযোগী দেশীয় ৰাজ্যসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্ত শাসনৰ মাজেৰে অংগ ৰাজ্যৰ মৰ্যাদা লাভ কৰিব।

অথবা

28. সংসদীয় গণতন্ত্র কাক বোলে ? ইংলেণ্ড আৰু ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ মাজত থকা তিনিটা পার্থক্য লিখা। 

উত্তৰঃ সংসদীয় গণতন্ত্র হ’ল এবিধ শাসন ব্যৱস্থা য’ত জনপ্রতিনিধিৰ দ্বাৰা গঠিত এটা সন্থাৰ ওচৰত শাসনৰ সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰা হয়। ইংলেণ্ডৰ সংসদীয় গণতন্ত্র আৰু ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্র মাজত থকা পার্থক্যবোৰ হ’ল―

(ক) ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্র প্রধানতঃ এখন গণৰাজ্য। কিন্তু ইংলেণ্ডৰ সংসদীয় গণতন্ত্র গণৰাজ্য নহয়।

(খ) ভাৰতবৰ্ষৰ সংসদৰ উচ্চ সদন ৰাজ্যস গঠন আৰু ক্ষমতা, কিন্তু ইংলেণ্ডৰ উচ্চ সদন হাউছ অব লৰ্ডছতকৈ পৃথক। 

(গ) ইংলেণ্ডৰ সংসদীয় গণতন্ত্রত সংসদখন অত্যন্ত শক্তিশালী, কিন্তু ভাৰতৰ সংসদ ইমান শক্তিশালী নহয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top