Class 10 Social Science Model Paper – 4 | দশম শ্ৰেণীৰ সমাজ বিজ্ঞান প্ৰশ্নকাকত

Class 10 Social Science Model Paper – 4, HSLC Social Science Sample Question Answer, দশম শ্ৰেণীৰ সমাজ বিজ্ঞান প্ৰশ্নকাকত to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Social Science Model Paper Class 10 SEBA can be of great value to excel in the examination.

SEBA Class 10 Social Science Simple Paper and Question Answer

SEBA Class 10 Social Science Model Paper – 4

Join Telegram channel

HSLC Model Question Paper provided is as per the Latest Assam Board Curriculum and covers all the questions from the SEBA Textbooks. Access the detailed SEBA Class 10 Social Science Model Paper – 4 provided here and get a good grip on the subject. Access the SEBA Class 10 Social Science Model Paper – 4, Class X Social Science Model Question Answer of Assamese in Page Format. Make use of them during your practice and score well in the exams.

সমাজ বিজ্ঞান প্ৰশ্নকাকত

PART – IV

SOCIAL SCIENCE

MODEL QUESTION ANSWER

Group – A

শুদ্ধ উত্তৰটো বাছি উলিওৱা :

1. ‘বন্দেমাতৰ্ম’ গীতটোৰ ৰচয়িতা হ’ল–

(a) বঙ্কিম চন্দ্ৰ চেটাৰ্জী৷

(b) ৰবীন্দ্ৰ নাথ ঠাকুৰ৷

(c) শৰৎ চন্দ্ৰ চেটাৰ্জী৷

(d) ক্ষুদিৰাম বসু৷

উত্তৰঃ (a) বঙ্কিম চন্দ্ৰ চেটাৰ্জী৷

2. ৰাষ্ট্ৰসংঘৰ ভেট’ ক্ষমতাৰ অধিকাৰী ৰাষ্ট্ৰৰ সংখ্যা কিমান ?

(a) ৩ খন৷

(b) 8 খ৷

(c) ৫ খন৷

(d) ৬ খন৷

উত্তৰঃ (c) ৫ খন ৷

3. তলৰ কোনটো জীৱীয় সম্পদ ?

(a) শস্য৷

(b) পানী৷

(c) বায়ু৷

(d) কয়লা৷

উত্তৰঃ (a) শস্য৷

4. কোনটো বেংকে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে ?

(a) কেন্দ্রীয় বেংকে৷

(b) ভূমি উন্নয়ন বেংকে৷

(c) বাণিজ্যিক বেংকে৷

(d) ভাৰতৰ ঔদ্যোগিক বেংকে৷

উত্তৰঃ  (c) বাণিজ্যিক বেংকে ৷

5. আজাদ হিন্দ ফৌজ’ৰ জন্মদাতা আছিল―

(a) খাঁ আব্দুল গফৰ খা৷

(b) কেপ্টেইল সোহান সিং৷

(c) গান্ধীজী৷

(d) সুভাষ চন্দ্র বসু৷

উত্তৰঃ (d) সুভাষ চন্দ্র বসু ৷

6. তলৰ কোনটো বিপুপ্তপ্রায় প্রাণী ?

(a) এশিঙিয়া গঁড়৷ 

(b) নল গাহৰি৷

(c) জিৰাফ৷

(d) মিথুন৷

উত্তৰঃ (b) নল গাহৰি ৷

7. অসম এছ চিয়েছন’ৰ কিমান চনত জন্ম হৈছিল ?

(a) ১৮৬৭ চনত৷

(c) ১৮৬৯ চনত৷

(b) ১৮৬৮ চনত৷

(d) ১৮৭০ চনত৷

উত্তৰঃ (a) ১৮৬৭ চনত ৷

Group – B

8. অতি সংক্ষিপ্ত প্রশ্নৰ উত্তৰ দিয়া :

(a) অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল ?

উত্তৰঃ ১৮৩৭ চনৰ পৰা অসমত বাংলা ভাষাৰ প্ৰচলন হৈছিল।

(b) ভাৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে ?

উত্তৰঃ ৬০০০ শ্লোক আছে।

(c) সিন্ধু সভ্যতাৰ পূৱ সীমা গাংগেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল ?

উত্তৰঃ মীৰাট পর্যন্ত বিস্তৃত আছিল। 

(d) ‘কেবিনেট মিছন’ ভাৰতলৈ কেতিয়া আহিছিল ?

উত্তৰঃ ১৯৪৬ চনৰ মাৰ্চ মাহত।

(e) বংগদেশত জাতীয় শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল ? 

উত্তৰঃ ১১ মার্চ (১৯০৬) তারিখে অনুষ্ঠিত সভাত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠানটো গঠন হৈছিল। 

9. সংক্ষিপ্ত প্রশ্নৰ উত্তৰ দিয়া।

(a) জেং বিহু মানে কি ?

উত্তৰঃ জেং বিহু হ’ল উজনি অসমৰ এখন পুৰাতন বিহু নৃত্য। এই নৃত্যত একমাত্র মহিলাইহে অংশ গ্ৰহণ কৰিব পাৰে। এই নৃত্যত জনবসতিপূর্ণ অঞ্চলতকৈ দূৰত জোনৰ পোহৰত কৰে। সম্ভৱতঃ এই জেং শব্দটোৰ অৰ্থ হ’ল নৃত্যত অংশ গ্রহণকাৰী আৰু দৰ্শকৰ মাজত থকা এটা প্রতি বন্ধক।

(b) হস্তিবিদ্যাৰ্ণৰ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা। 

উত্তৰঃ দিলৱৰ আৰু দোচাই।

(c) জোনাকী যুগ বুলিলে কোনটো সময়ক বুজোৱা হয় ? এই যুগৰ উল্লেখযোগ্য জাতীয়তাবাদী উত্তৰণৰ এটা আভাষ দিয়া।

উত্তৰঃ ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠিত হৈছিল। এই সভাৰ দ্বাৰা প্ৰকাশিত আলোচনী ‘জোনাকী’য়ে অসমত এক নতুন সূচনা কৰিছিল। অৰুণোদয়ৰ জৰিয়তে আৰম্ভ হোৱা সাহিত্যিক নৱজাগৰণে পৰিপূৰ্ণতা লাভ কৰিছিল জোনাকীৰ পাতত। এই সময়ক জোনাকী যুগ কোৱা হয়।

এই যুগত অসমীয়া ভাষাৰ এক শক্তিশালী বিজ্ঞানসন্মত উত্তৰণৰ লগতে অসমৰ সকলো পাঠশালাত পৰিশুদ্ধ আৰু উন্নতমানৰ ব্যাকৰণ প্ৰয়োগৰ বাবে পদক্ষেপ গ্রহণ কৰিছিল।

10. উত্তৰ দিয়া।

(a) যোৰহাট সার্বজনিক সভা সম্পর্কে এটি টোকা লিখা।

উত্তৰঃ ব্রজনাথ বেজবৰুৱা, ৰাজকুমাৰ নৰনাৰায়ণ সিংহ, জগন্নাথ বৰুৱা আদি বিশিষ্ট কেবাজনো লোকৰ চেষ্টা আৰু উদ্যোগত ১৮৮৬ চনৰ জুন মাহত যোৰহাটত ‘যোৰহাট সাৰ্বজনিক সভা’ নামে এক অনুষ্ঠান গঢ়ি উঠিছিল। ১৮৮৬ চনৰ প্ৰথম ভাগত অসম চৰকাৰে ‘Assam Land and Revenue Regulation’ নামে অসমৰ ভূমি সম্পৰ্কীয় আইন সেই চনৰে ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ গৃহীত কৰাৰ চেষ্টা চলাইছিল। প্রস্তাবিত এই আইনখনে জনসাধাৰণৰ মাজত গভীৰ অসন্তুষ্টিৰ সৃষ্টি কৰে। ভালেমান ঠাইত মধ্যবিত্ত শ্ৰেণীৰ সহযোগত প্রতিবাদী সভা অনুষ্ঠিত হৈছিল। ১৮৮৬ চনৰ ২ জুন তাৰিখে প্রায় দহ হাজাৰ লোক উপস্থিত তেনে এখন সভা হোৱাট অনুষ্ঠিত হৈছিল। এই সভাত উপস্থিত থাকি ভাষণ দিয়া বিশেষ ব্যক্তিসকলৰ ভিতৰত জগন্নাথ বৰুৱা, উপেন্দ্ৰ বৰুৱা, গোবিন্দ বেজবৰুৱা, দেৱীচৰণ বৰুৱা, ৰাজকুমাৰ হেমকান্ত গোহাঁই আদি লোকসকল উল্লেখযোগ্য আছিল। এই সভাতেই সম্ভৱতঃ যোৰহাট সার্বজনিক সভাৰ জন্ম হৈছিল। ইয়াৰ কাৰ্যকৰী সমিতিৰ বিষয়ববীয়াসকল হ’ল সভাপতি ৰমা নৰনাৰায়ণ সিংহ, উপ-সভাপতি ৰায়বাহাদুৰ জগন্নাথ বৰুৱা আৰু সম্পাদক দেৱীচৰণ বৰুৱা।

যোৰহাট সাৰ্বজনিক সভাৰ কিছুমান উদ্দেশ্য আছিল। দেশৰ শাসক আৰু শাসিতৰ মাজত সম্পৰ্ক ৰক্ষা কৰাৰ লগতে চকাৰৰ সৈতে যোগসূত্র স্থাপন কৰি, জনসাধাৰণৰ মাজতক গভীৰ অসন্তুষ্টি দূৰ কৰা।

(b) স্বদেশী আন্দোলনৰ তিনিটা অবদান উল্লেখ কৰা। 

উত্তৰঃ স্বদেশী আন্দোলনৰ তিনিটা অৱদান হ’ল–

(১) স্বদেশী আন্দোলনে ভাৰতবাসীক গণ-আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল। দেশৰ বেছিভাগ মানুহেই আন্দোলনত সমবেত হলে যে গণ আন্দোলনত জয়লাভ হোৱাটো সুনিশ্চিত, সেই কথা ভাৰতীয়ই স্বদেশী আন্দোলনৰ যোগেদি আয়ত্ত কৰিব পাৰিছিল।

(২) ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভণিৰে পৰা আবেদন-নিবেদনৰ মাজেৰে সহনশীল চিন্তাত বিশ্বাস ৰাখি ব্ৰিটিছ চৰকাৰৰ ওচৰত ভাৰতীয়ৰ উন্নতি আশা কৰিছিল। বংগ ভংগক কেন্দ্ৰ কৰি জাতীয় কংগ্ৰেছৰ চিন্তা-কৰ্মত পৰিৱৰ্তনৰ সূচনা হৈছিল। ‘একমাত্র গণ-সংগ্ৰামৰ যোগেদিহে ভাৰতীয়ৰ উন্নতি সম্ভৱ’— এই ভাবনা স্বদেশী আন্দোলনে জাতীয় কংগ্ৰেছক প্রদান কৰিছিল।

৩। লর্ড কার্জনে ভাইচৰয়ৰ আসনত বহিয়েই ঘোষণা কৰিছিল— ‘শাসন আৰু শোষণ একেলগে চলাই যোৱা হ’ব’ (Administration and exploitation will go hand in hand) । বংগবাসীয়ে সাম্রাজ্যবাদী শাসকৰ এই দম্ভোক্তিৰ উপযুক্ত উত্তৰ দিছিল বিদেশী পণ্য বর্জন, স্বদেশী পণ্য ব্যৱহাৰ আৰু স্বদেশী শিল্প গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰা মানসিক দৃঢ়তা আৰু একাগ্ৰতাৰ যোগেদি। সেই কাৰণেই ভাৰতৰ অর্থনীতি আৰু শিল্প বিকাশৰ ইতিহাসত স্বদেশী আন্দোলনৰ অৱদান চিৰকাল জিলিকি থাকিব।

11. উত্তৰ দিয়া : 

(a) চমুটোকা লিখা :

(i) কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ।

(ii) লাল-বাল-পাল।

উত্তৰঃ (i) কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ : ৰবীন্দ্ৰনাথ ঠাকুৰ কবি, নাট্যকাৰ, ঔপন্যাসিক, সঙ্গীতজ্ঞ, চিত্রশিল্পী, সমাজসেৱক আদি বহু বিধ প্রতিভাৰ অধিকাৰী। তেওঁৰ জন্ম ১৮৬১ আৰু মৃত্যু ১৯৪১ চনত। ‘গীতাঞ্জলি’ ৰচনাৰ বাবে তেওঁ সাহিত্যত নোবেল বঁটা লাভ কৰে ১৯১৩ চনত। তেৱেঁই ভাৰতীয় সাহিত্যক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰে। তেওঁ লিখা ‘গোৰা’, ‘গীতাঞ্জলি’, ‘সোণাৰ তৰী’, ‘চৈতালী’, ‘কল্পনা’, ‘বিসর্জন’ আদি উল্লেখযোগ্য গ্ৰন্থ ৷

বংগ ভংগ কার্যকৰী হোৱাৰ দিনা কবিগুৰুৰ আহ্বান ক্ৰমে কলিকতাৰ জনতাই জাতিৰ অখণ্ডতার প্রতীক হিচাপে সেইদিনা ৰাখীবন্ধন পালন কৰিছিল। স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰে ৰচনা কৰা ২৩ টি গীত ভাৰতীয় সংস্কৃতিৰ সম্পদ হৈ থাকিব। তেওঁ ‘বংগ জাতীয় বিদ্যালয়’ নামৰ জাতীয় শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰে। স্বদেশী আন্দোলনৰ পটভূমিত ৰচনা কৰা এটা বিখ্যাত প্রবন্ধ আছিল। ‘ভাই ভাই এক ঠাই।

(ii) লাল-বাল-পাল : লাল-বাল-পাল আছিল যথাক্রমে লালা লাজপত বায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্র পাল। বংগভংগ কার্যকৰী কৰাৰ আগে জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে লালা লাজপত ৰায় আৰু গোপালকৃষ্ণ গোখলে লণ্ডনত উপস্থিত হৈ প্ৰস্তাৱিত বংগ ভংগ আঁচনি পৰিত্যাগ কৰিবলৈ চৰকাৰৰ ওচৰত আৱেদন জনাইছিল। বংগবাসীৰ পৰা যুগুতোৱা স্বাক্ষৰ সহ প্রতিবাদী আবেদন তেওঁলোকে ভাৰত সচিবৰ হাতত অৰ্পণ কৰিছিল।

বাৰানসীত অনুষ্ঠিত হোৱা অধিৱেশনত ইংলেণ্ডৰ যুৱৰাজ ভাৰত ভ্ৰমণৰ সময়ত আয়োজিত সকলো কাৰ্যসূচী ভাৰতীয়সকলে বৰ্জন কৰাৰ প্ৰস্তাৱ উত্থাপন কৰিছিল। কিন্তু জাতীয় কংগ্ৰেছৰ সভাপতি গোপালকৃষ্ণ গোখলে ইয়াৰ বিৰোধিতা কৰে। একে সময়তে বিপিনচন্দ্র পালে সভাপতি গোখলেক অনুনয়-বিনয় ত্যাগ কৰি কঠোৰ পন্থাৰে আৰু স্বদেশী চিন্তাৰে কংগ্ৰেছক আগুৱাই নিবলৈ সকীয়াই দিয়া ঘটনাক কেন্দ্ৰ কৰি কংগ্ৰেছত মতানৈক্যৰ সৃষ্টি হৈছিল।

১৯০৬ খ্ৰীষ্টাব্দৰ ২১ নৱেম্বৰ তাৰিখে জাতীয় কংগ্ৰেছৰ অধিৱেশনত বিপিনচন্দ্ৰ পালে সভাপতি পদৰ কাৰণে বাল গংগাধৰ তিলকৰ নামটো প্ৰস্তাৱ কৰিছিল। নৰ্মপন্থীসকলে আপত্তি দর্শোৱাত সভাপতি নির্বাচনক কেন্দ্ৰ কৰি দুয়োটা গোটৰ মাজত তীব্র মতবিৰোধৰ সৃষ্টি হয়। লোকমান্য বাল গংগাধৰ তিলকে স্বৰাজ লাভৰ হকে তেওঁৰ ‘কেশৰী’ নামৰ পত্ৰিকাত ‘স্বৰাজ আমাৰ জন্ম স্বত্ব আৰু ই আমাৰ কাম্য’ বুলি প্ৰকাশ কৰা মন্তব্যই বংগদেশৰ উগ্র জাতীয়তাবাদী তৰুণসকলৰ মনতো তীব্র সংগ্রামমুখী মানসিকতা গঢ়ি তুলিছিল। 

(b) ‘আজাদ হিন্দ ফৌজ’ৰ ইতিহাস বিবৃত কৰা। কোনে এই ফৌজৰ জন্ম দিছিল ?

অথবা

ভাৰতীয় স্বাধীনতা সংগ্ৰামত আজাদ হিন্দ ফৌজৰ অবদান আলোচনা কৰা।

উত্তৰঃ ‘আজাদ হিন্দ ফৌজ’ৰ জন্মৰ লগত জড়িত ব্যক্তিজন আছিল কেপ্টেইন সোহান সিং। সোহান সিং পূৰ্বে ব্ৰিটিছ ভাৰত বাহিনীৰ সেনাবাহিনীৰ এজন কেপ্টেইন আছিল। ১৯৪১ চনৰ ডিচেম্বৰ মাহত জাপানে ব্রিটিছ শাসনাধীন মালয় আক্ৰমণ কৰি ব্ৰিটিছ সেনা বাহিনীটোক পৰাভূত কৰে। এনে সন্ধিক্ষণত কেপ্টেইন সোহান সিঙে এদল সৈন্য লৈ পলায়ন কৰে যদিও পিছলৈ জাপানী সৈন্যৰ হাতত আত্মসমর্পণ কৰে। পৰৱৰ্তী সময়ত সোহান সিঙে জাপানী সৈনিকসকলৰ পৰামৰ্শ মর্মে যুৱ বন্দী ভাৰতীয় সৈনিকসকলক লৈ এটি ব্ৰিটিছ বিৰোধী সেনাবাহিনী গঠন কৰে আৰু এই সেনাবাহিনীৰ নামেই হ’ল ‘আজাদ হিন্দ ফৌজ’। পৰৱৰ্তী সময়ত ভাৰতীয় বিপ্লৱী বাসবিহাৰী বসুরে জাপানত আশ্রয় লোৱাৰ সময়ত সোহান সিঙৰ সংস্পৰ্শলৈ আহে আৰু তেওঁলোকে গঠন কৰা ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ’ অভিৱৰ্তনৰ সিদ্ধান্ত অনুসৰি গৃহীত প্রস্তাৱ মর্মে সুভাষচন্দ্ৰ বসুক জার্মানীৰ পৰা জাপানলৈ মাতি আনে। 

সুভাষচন্দ্র বসুক টকিঅ’ত উপস্থিত হৈয়ে ৰাসবিহাৰী বসুৰ ঠাইত ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগ’ৰ সভাপতি পদত নিযুক্ত হয় আৰু ‘আজাদ হিন্দ ফৌজ’ৰ সেনাধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে। নেতাজী সুভাষৰ নেতৃত্বত ‘আজাদ হিন্দ ফৌজ’ৰ সৈন্যসকলে ভাৰতবৰ্ষৰ পিনে অগ্ৰসৰ হৈ দেশৰ প্ৰায় ১৫০ কিঃমিঃ অভ্যন্তৰলৈ সোমাই আহিছিল। দেশৰ স্বাধীনতা সংগ্ৰামত এই ফৌজৰ প্রায় ৪,০০০ সৈনিকে প্রাণ আহুতি দিছিল। কিন্তু এনে সময়তে যুদ্ধৰ গতিধাৰা মিত্রশক্তিৰ অনুকূলে যোৱাত ‘আজাদ হিন্দ ফৌজ’ৰ ভাৰত যাত্ৰা স্তব্ধ হৈ পৰিছিল। সি যি নহওক, সাময়িকভাৱে হ’লেও ‘আজাদ হিন্দ ফৌজে’ দেশৰ স্বাধীনতা আন্দোলনত যথেষ্ট অৰিহণা যোগাইছিল।

12. সত্যাগ্রহ বুলিলে কি বুজা ? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজীয়ে সত্যাগ্রহক প্রথমতে প্রয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা। 

উত্তৰঃ গান্ধীজীৰ মতে সত্যাগ্রহ হ’ল ‘এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধীকৰণ আৰু প্রায়শ্চিত্তকৰণৰ প্ৰক্ৰিয়া’। যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্রহক প্রথমতে প্রয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত দিয়া হ’ল–

(ক) ৰাওলাট আইন : প্রথম বিশ্বযুদ্ধৰ সময়ৰেপৰা দেশৰ ৰাজনৈতিক পৰিস্থিতি লাহে লাহে উত্তেজনাপূর্ণ হৈ আহিছিল। ১৯১৪ চনত আৰম্ভ হোৱা যুদ্ধৰ সময়তে ব্ৰিটিছ ভাৰত চৰকাৰে ১৯১৪ চনত দেশত ‘ভাৰত ৰক্ষা আইন’ প্ৰৱৰ্তন কৰি প্ৰয়োগ কৰিছিল আৰু লগতে আশ্বাস দিছিল যে যুদ্ধৰ সামৰণি পৰাৰ লগে লগে সেই আইন প্রত্যাহাৰ কৰিব। কিন্তু চৰকাৰে সেই প্রতিশ্রুতি পালন কৰাটো দুৰৰ কথা, যুদ্ধ শেষ হোৱাৰ পিছত ৰাওলাট আইনৰ দৰে কঠোৰ আইন প্রণয়ন কৰি প্ৰয়োগ কৰিছিল। এই আইন ১৯১৯ চনৰ ১৮ মাৰ্চৰপৰা বলবৎ কৰা হৈছিল। এই ঘটনাত দেশৰ ৰাজনৈতিক নেতাসকল অসন্তুষ্ট হৈ পৰিছিল। গান্ধীৰ পৰামৰ্শ মৰ্মে ১৯১৯ চনৰ ৬ এপ্রিল তাৰিখে সৰ্বভাৰতীয় স্তৰত সৰ্বাত্মক হৰতাল পালন কৰা হয়। এই ৰাওলাট আইন বিৰোধী

আন্দোলনক গান্ধীয়ে সত্যাগ্রহ আন্দোলনলৈ পৰিৱৰ্তিত কৰিবলৈ চেষ্টা কৰে আৰু এই আন্দোলন গোটেই ভাৰতবৰ্ষত বিয়পি পৰে। 

(খ) জালিয়ানবালাবাগৰ নৰহত্যা : উপৰি উক্ত ৰাওলাট আইনৰ প্ৰতিবাদ কৰিবলৈ ১৯১৯ চনৰ ১৩ এপ্রিল তাৰিখে পঞ্জাৱৰ জালিয়ানৱালাবাগত হাজাৰ হাজাৰ লোকৰ এক সমাবেশ অনুষ্ঠিত হৈছিল। পঞ্জাৱৰ দুৱলীয়া লাট ছাৰ মাইকেল অ’ ডায়াবে ইতিমধ্যে এজন ৰুক্ষ প্রশাসকৰূপে কুখ্যাতি অর্জন কৰিছিল। তেওঁ বিপদৰ আশংকা কৰি অমৃতসৰৰ শাসনভাৰ সামৰিক বিষয়া জেনেবেল বেজিনেল্ড ডায়াৰৰ হাতত অৰ্পণ কৰে। জালিয়ানৱালাবাগত প্রায় ২০,০০০ লোক সমবেত হৈছিল। এই সমাৱেশৰ মূল উদ্দেশ্য আছিল ইতিপূর্বে ১০ এপ্রিল তাৰিখে চৰকাৰে কৰা গুলীচালনাৰ প্ৰতিবাদ কৰা। ওখ দেৱালেৰে পৰিৱেষ্টিত বাগত ওলোৱা সোমোৱাৰ বাবে মাত্র এটাহে পথ আছিল। অমৃতসৰৰ সামৰিক বিষয়া জেনেৰেল ডায়াৰে লগত প্রায় ১৫০ জন বন্দুকধাৰী সৈনিক লৈ গৈ সেই বাগৰ একমাত্র পথটোতে অৱস্থান কৰি নিৰস্ত্ৰ লোকসকলৰ ওপৰত গুলীচালনা কৰিবলৈ হুকুম দিয়ে। প্রায় এঘণ্টা ধৰি অবিৰাম গুলিচালনা কৰাৰ ফলত পুৰুষ-মহিলা আৰু শিশুকে ধৰি ৩৭৯ জন লোক থিতাতে নিহত হৈছিল আৰু ১,৫০০ লোক চিৰদিনলৈ পংগু হৈছিল।

(গ) খিলাফৎ আন্দোলন : তুৰস্কৰ খলিফাৰ পদমর্যাদা আৰু তেওঁৰ ৰাজ্যৰ অখণ্ডতাৰ প্ৰতি ইংলেণ্ডে সৃষ্টি কৰা ভাবুকিয়ে ব্ৰিটিছৰ বিৰুদ্ধে ব্যাপক উত্তেজনাৰ সৃষ্টি কৰিছিল। ভাৰতবৰ্ষতো ইছলামধৰ্মীসকলৰ মাজত ব্ৰিটিছ বিৰোধী বিদ্বেষ তুংগত উঠিছিল। তুৰস্কৰ ৰাষ্ট্ৰীয় অখণ্ডতা আৰু খলিফাৰ পদমর্যাদাৰ ক্ষতিসাধন কৰাত তাৰ প্ৰতিবাদ কৰিবলৈ ভাৰতবৰ্ষত কেন্দ্রীয় খিলাফৎ সমিতি গঠন কৰা হৈছিল। ১৯২০ চনৰ জানুৱাৰী মাহত দিল্লীত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় খিলাফৎ সমিতিৰ সভাত মহাত্মা গান্ধীৰ উপস্থিতি আৰু পৰামৰ্শ মতে পোনতে ব্ৰিটিছ-ভাৰত চৰকাৰৰ সৈতে অসহযোগ আন্দোলনৰ নীতি আৰু কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। গতিকে দেখা যায় যে প্রধানতঃ তিনিটা কাৰণত অসহযোগ আন্দোলনৰ সূচনা হৈছিল – ৰাওলাট আইন, জালিৱানৱালাবাগৰ নৰহত্যা আৰু তুৰস্কৰ সমস্যা প্রধান।

নাইবা

স্বদেশী আন্দোলনৰ মূল কাৰ্যসূচী কি আছিল ? প্রতিটো কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰি চমুকৈ আলোচনা কৰা।

উত্তৰঃ ১৯০৫ চনত বংগ বিভাজনৰ পদক্ষেপৰ বিৰুদ্ধে হোৱা বিভাজন বিৰোধী আন্দোলনেই স্বদেশী আন্দোলন হিচাপে জনাজাত। ই স্বাধীনতা যুদ্ধৰ এক মাইলৰ খুঁটি হিচাপে বিবেচিত হয়, কিয়নো প্ৰথমবাৰৰ বাবে এই আন্দোলনে ভাৰতৰ ৰাজনৈতিক আন্দোলনত নতুন পদ্ধতিৰ সূচনা কৰিছিল। স্বদেশী আন্দোলনৰ মূল কাৰ্যসূচীসমূহ হ’ল :

(ক) স্বদেশী বস্তুৰ ব্যৱহাৰ : স্বদেশী আন্দোলনে প্রধানকৈ স্বদেশত নির্মিত সামগ্রী ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিছিল। ভাৰতীয় জাতীয় কংগ্রেছে বিদেশী সামগ্ৰীতকৈ ভাৰতত নিৰ্মিত সামগ্ৰী ব্যৱহাৰ কৰিবলৈ জনসাধাৰণক জোৰ দিছিল। তেওঁলোকে ভাৰতীয় অর্থনীতিৰ বিকাশ ঘটোৱাৰ উদ্দেশ্যে ভাৰতীয় ঔদ্যোগিক প্রতিষ্ঠান স্থাপনত উৎসাহ যোগাইছিল। এই সময়তে কলিকতাত বংগলক্ষ্মী কটন মিল স্থাপন কৰা হৈছিল। কলিকতা বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ অধ্যাপক আচার্য প্রফুল্লচন্দ্ৰ ৰায়ে বেংগল কেমিকেল নামৰ এটা ৰসায়ন কাৰখানা স্থাপন কৰিছিল। আনকি ৰবীন্দ্ৰনাথ ঠাকুৰেও স্বদেশী সামগ্ৰীৰ এখন দোকান খুলিছিল। এই আন্দোলনে ভাৰতৰ ওপৰত ব্ৰিটিছৰ অৰ্থনৈতিক দমন দুর্বল কৰিবলৈ এক উপায় হিচাপে থলুৱা সামগ্ৰীৰ ব্যৱহাৰৰ আৱশ্যকতাৰ ওপৰত জোৰ দিছিল।

(খ) বয়কট : স্বদেশী আন্দোলনৰ দ্বিতীয়টো মূল অংগ আছিল বয়কট। অর্থাৎ সকলো ভাৰতীয় লোকে ইংলেণ্ডত উৎপাদিত সকলো পণ্য, যেনে— কাপোৰ, চেনি আৰু নিমখ ত্যাগ কৰিব। দ্বিতীয়তে, ইংৰাজী ভাষা পৰিত্যাগ কৰিব। তৃতীয়তে, ভাৰতীয়সকলে ইংৰাজে দিয়া সকলো উপাধি আৰু অৰ্থনৈতিক বাব আৰু পৰিষদৰ সদস্য পদৰপৰা অব্যাহতি ল’ব। চতুৰ্থতে, ইংলেণ্ডত উৎপাদিত সামগ্ৰী ব্যৱহাৰ কৰা লোকক সামাজিক বৰ্জন কৰিব। ইয়াৰ অন্তর্নিহিত অর্থ আছিল ইংলেণ্ডৰ ওপৰত অৰ্থনৈতিক অৱৰোধ কাৰ্য চলাই সেই দেশক অর্থনৈতিকভাৱে ক্ষতিগ্রস্ত কৰা।

(গ) জাতীয় শিক্ষা : স্বদেশী আন্দোলনৰ তৃতীয়টো প্রধান অংগ আছিল জাতীয় শিক্ষা। ব্ৰিটিছে প্রদান আৰু প্ৰৱৰ্তন কৰা ইংৰাজী শিক্ষা বৰ্জন কৰি জাতীয় শিক্ষা গ্ৰহণ কৰিব। এই কাৰ্যসূচী ৰূপায়ণ কৰোঁতে প্রাচীন ভাৰতীয় শিক্ষা, সাহিত্য সংস্কৃতি আৰু ভাষাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল, যাতে মানুহে অতীতক লৈ গৌৰৱ বোধ কৰিব পাৰে। অর্থাৎ অতীতক গৌৰৱান্বিত কৰাটো জাতীয় শিক্ষাৰ লগতে স্বদেশী আন্দোলনৰো অন্যতম প্রধান উদ্দেশ্য আছিল। সংক্ষেপে ক’ব লাগিলে, স্বদেশী আন্দোলনৰ কাৰ্যসূচীসমূহ আছিল এহাতে ব্ৰিটিছ পণ্য সামগ্রী বিক্ৰী কৰা, দোকান-পোহাৰত পিকেটিং কৰা আৰু অন্যহাতে দেশীয় বস্তু বাহানিৰ ব্যৱহাৰ অধিক জনপ্ৰিয় কৰি তোলা।

Group – C

13. অতি চমু প্ৰশ্নৰ উত্তৰ দিয়া :

(a) জাতীয় সম্পদ কি ?

উত্তৰঃ এখন দেশৰ তত্বৱধানত থকা সকলোবোৰ সম্পদ যেনে— ৰাস্তা-ঘাট, ভূমি, নদ-নদী, দলং, অৰণ্যত থকা গছ-গছনি বা জীৱ-জন্তু, শিক্ষানুষ্ঠানত, প্রশাসনিক ব্যৱস্থা, চৰকাৰ আদিক জাতীয় সম্পদ বোলে।

(b) কোনবোৰ সমস্যাক গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয় লিখা। 

উত্তৰঃ নানা ধৰণৰ প্ৰদূষণ, মৰুকৰণ, ভূমিস্খলন, ভূমিক্ষয়, গোলকীয় উত্তাপ বৃদ্ধি, কৃত্রিম বান, সাগৰ পৃষ্ঠৰ উত্থান আদি সমস্যাক গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয়।

(c) কি অৱস্থাত পৰিৱেশৰ উপানিােৰৰ মাজত ভাৰসাম্য বিনষ্ট কৰিছে ? 

উত্তৰঃ জনবিস্ফোৰণৰ অৱস্থাই পৰিৱেশৰ উপাদানবোৰৰ মাজত ভাৰসাম্য বিনষ্ট কৰিছে।

(d) এণ্টার্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই কিয় ?

উত্তৰঃ এণ্টার্কটিকামহাদেশখন বৰফে আৱৰা। সেয়ে কোনো স্থায়ী জনবসতি নাই।

(e) উত্তৰ-পূব ভাৰতৰ এখন অন্যতম উল্লেখযোগ্য ৰাজ্যৰ নাম কি ?

উত্তৰঃ অসম।

14. সংক্ষিপ্ত প্রশ্নৰ উত্তৰ দিয়া :

(a) ২০১১ চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা আৰু আটাইতকৈ কম জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা জিলাৰ নাম উল্লেখ কৰা।

উত্তৰঃ ২০১১ চনৰ তথ্যমতে নগাঁৱৰ জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি আৰু উত্তৰ কাছাৰ পাৰ্বত্য (নতুন নাম ডিমা হাছাও) অঞ্চলৰ জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব আটাইতকৈ কম।

(b) সম্পদ সংৰক্ষণ বুলিলে কি বুজা ? ইয়াৰ প্ৰয়োজনীয়তা কি ?

উত্তৰঃ সম্পদ সংৰক্ষণ (Conservation Resource) হৈছে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য্য পুনর্ব্যৱহাৰ কৰা এক কাৰ্য। সম্পদ সংৰক্ষণৰ মুখ্য উদ্দেশ্য হৈছে আমি প্ৰকৃতিৰপৰা আহৰণ কৰা সম্পদসমূহ এনেদৰে ব্যৱহাৰ কৰিব লাগে যাতে, ইয়াৰদ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ। 

আমি সম্পদ সংৰক্ষণ কৰাটো অতি প্রয়োজনীয়। অৰণ্য সম্পদ ধ্বংসৰ ফলত জীৱ-জন্তুৰ বাসভূমি তথা জৈৱ বৈচিত্র্য হ্রাস পায় আৰু একো একোটা অঞ্চলৰ পাৰিৱেশিক ভাৰসাম্য বিনষ্ট হয়। সম্প্রতি উন্নত দেশবোৰত উচ্চমাত্ৰাত হোৱা প্ৰাকৃতিক সম্পদ নিঃশেষ হৈ যোৱাৰ উপক্ৰম হৈছে। তদুপৰি যান-বাহন আৰু উদ্যোগ প্রতিষ্ঠানৰ দ্রুত বৃদ্ধি আৰু মানুহৰ বিলাসী জীবন যাপন প্ৰসাৰৰ ফলত অনৱীকৰণযোগ্য শক্তি সম্পদ কয়লা, পেট্ৰ’লিয়াম, প্রাকৃতিক গেছ আদি নিঃশেষ হোৱাৰ উপক্ৰম হৈছে। সেয়ে পৃথিবীত মানুহ আৰু সভ্যতা বৰ্তি থাকিবলৈ হ’লে আৰু ভৱিষ্যৎ প্রজন্মৰ বাবে সম্পদ সংৰক্ষণক কৰাটো অতি দৰকাৰী। 

(c) মৰুভূমি কাক বোলে ? মকৰণৰ সংজ্ঞা দিয়া।

উত্তৰঃ যি ভূমিত বৰষুণৰ পৰিমাণ কম আৰু বাষ্পীভৱন বেছি, সেই ভূমিক মৰুভূমি বোলে।

মৰুকৰণ এনে এটা প্রক্রিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাবনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰু সদৃশ অৱস্থাৰ সৃষ্টি কৰে। মৰুকৰণ প্ৰক্ৰিয়াই ভূমিৰ উৎপাদিকা শক্তি হ্ৰাস কৰে আৰু মৰুভূমিৰ কাষৰীয়া বা দূৰৰ ভূমিভাগকো মৰুভূমিলৈ ৰূপান্তৰিত কৰে।

15. উত্তৰ দিয়া : 

(a) অর্থনৈতিক ভূগোল কাক বোলে ? ইয়াৰ মূল বিষয়বস্তু কি ? অর্থনৈতিক ভূগোলৰ প্রধান শাখাবোৰ উল্লেখ কৰা। 

উত্তৰঃ ভূগোলৰ যি শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ লগত জড়িত মানুহৰ কাৰ্যকলাপৰ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অর্থনৈতিক ভূগোল (Economic Geography) বোলে।

আমি দৰাচলতে পৃথিৱীত থকা প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশৰ উপাদানসমূহৰ বিভিন্নতাৰ বাবে মানুহৰদ্বাৰা অৱলম্বন কৰা অৰ্থনৈতিক কার্যকলাপ হৈছে অর্থনৈতিক ভূগোলৰ প্ৰধান বিষয়বস্তু।

অর্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ হ’ল এনেধৰণৰ– 

ক) কৃষি ভূগোল।

খ) ঔদ্যোগিক ভূগোল।

গ) সম্পদ ভূগোল।

ঘ) পৰিবহণ ভূগোল। 

ঙ) বজাৰ ভূগোল।

চ) পর্যটন ভূগোল আদি অন্যতম।

(b) গোলকীয় উত্তাপ বৃদ্ধি কি ? ইয়াৰ কাৰণবোৰ উল্লেখ কৰা। 

উত্তৰঃ মানুহৰ প্ৰকৃতি বিৰোধী কার্যকলাপৰ ফলত বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি পোৱা পৰিঘটনাটোৱে হৈছে গোলকীয় উত্তাপ বৃদ্ধি।

গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰণসমূহ হৈছে– বননিকৰণ ধ্বংস বা নিৰ্বনানীকৰণ, বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি আদি। সেউজগৃহ গেছবোৰে গোলকীয় উত্তাপ বৃদ্ধিত অৰিহণা যোগায়। তদুপৰি শিল্প বিপ্লৱৰ ফলস্বৰূপে দ্রুতগতিত বৃদ্ধি পোৱা উদ্যোগক্ষেত্ৰত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি পাইছে আৰু সেউজীয়া অৰণ্যৰ আৱৰণ ধ্বংস হ’বলৈ লৈছে। শিল্প উদ্যোগ, যান-বাহন আদিত জীৱাশ্ম ইন্ধনৰ বহুল ব্যৱহাৰে বায়ুমণ্ডলত কার্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি কৰিছে। 

ভূ-পৃষ্ঠত গছ গছনিৰ পৰিমাণ হ্রাস পাই অহাৰ ফলত বায়ুমণ্ডলত থকা কার্বন-ডাই-অক্সাইড গেছৰ শোষণ হ্রাস পাইছে। তদুপৰি আগ্নেয়গিৰিৰ উদ্‌গিৰণৰ ফলতো বায়ু বায়ুমণ্ডলত সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি পাইছে। পৃথিৱীত মানুহৰ কাৰ্যকলাপ ক্রমাগতভাবে বৃদ্ধি পাই থকাৰ ফলত বায়ুমণ্ডলত মিথেন, নাইট্রাছ অক্সাইড, ক্ল’বফুৰ কাৰ্বন আদি সৌরশক্তি শোষণ কৰা সেউজগৃহ গেছবোৰৰ পৰিমাণ বৃদ্ধি পাইছে। এনেবোৰ কাৰণতে প্ৰধানকৈ বননি ধ্বংসৰ ফলত বায়ুমণ্ডলত CO₂ গেছৰ পৰিমাণ বৃদ্ধি আৰু সেউজ গেছৰ পৰিমাণ বৃদ্ধিয়ে গোলকীয় উত্তাপ বৃদ্ধি কৰিছে।

16. উত্তৰ দিয়া :

(a) অসমৰ জলসম্পদৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ উত্তৰ-পূব ভাৰতৰ লগতে অসমৰ জল সম্পদত চহকী। অসমত অপর্যাপ্ত পৃষ্ঠজল সম্পদ (Surface water resource) আৰু ভূ-তল জলসম্পদ (Under ground water resource) আছে। প্ৰচুৰ বৰষুণ, গোটেই বছৰ ধৰি বৈ থকা (Peren nial) নদ-নদীৰ জলপ্রবাহ, খাল, পিতনি, জলাহ, আর্দ্রভূমি (Wetlands) আদিৰ জলৰাশিয়ে অসমৰ পৃষ্ঠ জলসম্পদ সমৃদ্ধ কৰিছে। ৰাজ্যখনৰ দুই প্রধান নদী— ব্রহ্মপুত্র আৰু বৰাক আৰু ইহঁতৰ অসংখ্য উপনৈবোৰে দেশৰ প্ৰায় এক তৃতীয়াংশ জলসম্পদ বহন কৰিছে। ৰাজ্যখনত অলেখ সৰ-বৰ পিতনি আৰু জলাহৰ উপৰি প্ৰায় তিনি হেজাৰৰো অধিক আৰ্দ্ৰভূমি আছে। এইবোৰত প্ৰধানকৈ নানা প্ৰকাৰৰ মাছ আৰু ভিন্ন প্ৰজাতিৰ জলজ উদ্ভিদ পোৱা যায়। পৃষ্ঠ জলভাগ বিশেষকৈ বোৱঁতী নদ-নদীৰ জলৰাশি কৃষি কাৰ্যৰ লগতে ঘৰুৱা প্ৰয়োজনত আৰু উদ্যোগ আৰু জল পৰিবহণ খণ্ডত ব্যৱহাৰ কৰা হৈছে। আনহাতে, সমগ্ৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত ভূ-তল জলসম্পদ প্ৰচুৰ পৰিমাণে সঞ্চিত হৈ আছে। সমভূমি অঞ্চলত ভূ-পৃষ্ঠৰপৰা প্ৰায় ৫ মিটাৰ গভীৰতাৰ ভিতৰতে ভূ-তল জলস্তৰ পোৱা যায়। পৃষ্ঠ জলৰাশিৰ দৰে ভূ-তল জলৰাশি ৰাজ্যখনৰ কৃষিৰ উপৰি ঘৰুৱা আৰু ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে। কিন্তু মন কৰিবলগীয়া কথা এয়ে যে অসমত প্ৰচুৰ পৃষ্ঠজল সম্পদ আৰু ভূ-তল জলসম্পদ আছে যদিও ইয়াৰ উপযুক্ত ব্যৱহাৰ এতিয়াও হোৱা নাই।

(b) এছিয়া মহাদেশক কিয় বিচিত্র মহাদেশ বুলি কোৱা হয়— আলোচনা কৰা। 

উত্তৰঃ এছিয়া মহাদেশ পৃথিৱীৰ ভিতৰত বৃহত্তম মহাদেশ। ই পৃথিৱীৰ প্ৰায় এক তৃতীয়াংশ ঠাই আগুৰি আছে। এছিয়া মহাদেশখন এখন বৈচিত্র্যপূর্ণ মহাদেশ। কিয়নো এইখন মহাদেশতে প্ৰকৃতিৰ সকলো বিচিত্রতা দেখা যায়। তলত সেইসমূহ উল্লেখ কৰা হ’ল—

(১) পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাবেষ্ট আৰু আনহাতে সবাতোকৈ নিম্ন স্থান মসাগৰ এছিয়া মহাদেশতহে আছে।

(২) আটাইতকৈ উচ্চ মালভূমি পামিব, আটাইতকৈ গভীৰ খাত মেৰিয়ানা আৰু দীর্ঘতম প্রণালী মালাক্কা ইয়াতে আছে।

(৩) আটাইতকৈ উষ্ণ ঠাই পাকিস্তানৰ জেকোৱাবাদ আৰু আনহাতে আটাইতকৈ চেঁচা ঠাই ছাইবেৰিয়াৰ ভার্চুয়ানস্ক এছিয়া মহাদেশতে আছে। 

(৪) এইখন মহাদেশতে আছে আটাইতকৈ গভীৰ হ্রদ বৈকাল আৰু বৃহত্তম হ্রদ কাস্পিয়ান। 

(৫) এই মহাদেশতে আছে আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই চেৰাপুঞ্জী আৰু ইয়াৰ ওচৰতে থকা মৌচিনৰাম। আনহাতে এইখন মহাদেশতে আছে আটাইতকৈ শুকান ঠাই গোবি মৰুভূমি।

এইবোৰ কাৰণতে ইয়াক এখন বৈচিত্র্যপূর্ণ দেশ বোলা হয়। 

17. অসমৰ এখন নক্সা মানচিত্র অংকন কৰি তলত দিয়াবোৰ বহুওৱা– 

(ক) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন ৰাষ্ট্ৰীয় উদ্যান ।

(খ) শিলচৰ ।

(গ) হাফলং।

উত্তৰঃ

Group – D

18. অতি চমু প্ৰশ্নৰ উত্তৰ দিয়া :

(a) ইংৰাজী Federation শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে ? 

উত্তৰঃ ‘Federation’ শব্দটো লেটিন শব্দ ‘Foedus ‘ৰ পৰা আহিছে।

(b) ভাৰতবৰ্ষত সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে ?

উত্তৰঃ ইংলেণ্ডৰ সংবিধান।

(c) ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা এটা এজেন্সির নাম লিখা।

উত্তৰঃ বিশ্ব স্বাস্থ্য সংস্থা (WHO) ৷

(d) অৰিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া।

উত্তৰঃ চেকমুদ্রা। 

(e) অসমৰ চলিত পঞ্চবার্ষিক পৰিকল্পনাত অগ্ৰাধিকাৰ লাভ কৰা খণ্ডটোৰ নাম উল্লেখ কৰা। 

উত্তৰঃ চলিত পৰিকল্পনাত অগ্ৰাধিকাৰ লাভ কৰা খণ্ডটো হৈছে গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন। এই উন্নয়নে কৃষি আৰু আনুষংগিক খণ্ড, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, হস্ততাত আৰু কুটিৰ শিল্পক সামৰি ল’ব আৰু নগৰ আৰু গাঁৱৰ মাজত থকা বৈষম্য দূৰীকৰণত সহায় কৰিব পাৰিব। 

19. চমু প্ৰশ্নৰ উত্তৰ দিয়া :

(a) ব্ৰিটিছ চৰকাৰে ‘কেবিনেট মিছন’ক কিয় ভাৰতলৈ পঠাইছিল ?

উত্তৰঃ ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্রস্তুতি চলাবৰ অৰ্থে ব্ৰিটিছ চৰকাৰে ১৯৪৬ চনৰ মাৰ্চ মাহত’কেবিনেট মিছন’ক ভাৰতবৰ্ষলৈ পঠাইছিল।

(b) আন্তর্জাতিক ন্যায়ালয় কিদৰে গঠিত হয় ? 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ ন্যায় বিচাৰৰ অনুষ্ঠান আন্তর্জাতিক ন্যায়ালয় ১৫ গৰাকী ন্যায়াধীশক লৈ গঠিত হয়। এই ন্যায়াধীশসকলক ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ আৰু নিৰাপত্তা পৰিষদে নির্বাচন কৰে। এখন দেশৰপৰা এজনকৈ ন্যয়াধীশ নির্বাচন কৰিব পাৰে। ন্যায়াধীশসকলক ৯ বছৰৰ বাবে নিৰ্বাচন কৰা হয়। ন্যায়াধীশসকলে তেওঁলোকৰ মাজৰ এগৰাকীক অধ্যক্ষ নির্বাচন কৰি লয়। অধ্যক্ষজনৰ কাৰ্যকাল তিনি বছৰীয়া। এই ন্যায়ালয়ৰ প্ৰতি তিনি বছৰৰ মূৰে মূৰে এক তৃতীয়াংশ ন্যায়াধীশে অৱসৰ গ্ৰহণ কৰে আৰু অৱসৰ গ্ৰহণ কৰা ন্যায়াধীশৰ বিপৰীতে এক সময়তে এক তৃতীয়াংশ ন্যায়াধীশ সাধাৰণ পৰিষদ আৰু নিৰাপত্তা পৰিষদে নির্বাচন কৰি নিযুক্তি দিয়ে। এনেদৰেই আন্তর্জাতিক ন্যায়ালয় গঠিত হয়। হলেণ্ডৰ দ্য হেগ চহৰত এই ন্যায়ালয়ৰ সদৰ কাৰ্যালয় অবস্থিত। 

(c) সংগতিবিহীন অভাৱে বিনিময় প্রথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে ?

উত্তৰঃ অভাৱৰ পাৰস্পৰিক সংগতি নাথাকিলে বিনিময় প্রথা কার্যকৰী নহয়। আনহাতে মানুহৰ অভাৱ অসীম। এই অভাব বিনিময় ব্যৱস্থাৰে পূৰ কৰা সম্ভৱ নহয়। অভাৱৰ পাৰস্পৰিক সংগতিবিহীনতাৰ বাবেই বিনিময় প্রথা সময়ত অচল হৈ পৰে।

20. প্রশ্নৰ উত্তৰ দিয়া : 

(a) ভাৰতীয় সংবিধানৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ ভাৰতীয় সংবিধানৰ তিনিটা প্রধান বৈশিষ্ট্য হল–

(ক) ই প্রস্তাবনাযুক্ত।

(খ) বিশ্বৰ দীর্ঘতম লিখিত সংবিধান।আৰু 

(গ) মৌলিক অধিকাৰৰ অন্তভুক্তি।

(b) অর্থনৈতিক উন্নয়নত বাণিজ্যিক বেংকৰ ভূমিকা চমুকৈ লিখা।

উত্তৰঃ ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল ৰাষ্ট্ৰৰ অৰ্থনৈতিক উন্নয়নত বাণিজ্যিক বেংকে বিশেষ ভূমিকা পালন কৰি আহিছে। এখন দেশৰ ঘৰুৱা উৎপাদনত সংশ্লিষ্ট দেশখনৰ ঋণ ব্যৱস্থাই যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। আনহাতে সঞ্চয় বৃদ্ধিও মূলধন গঠনৰ বাবে সমানেই প্রয়োজনীয়। বাণিজ্যিক বেংকে অর্থনৈতিক উন্নয়নৰ এই দুটা গুৰুত্বপূৰ্ণ দিশত পদক্ষেপ গ্ৰহণ কৰিব পাৰে। শাখা সম্প্ৰসাৰণ আৰু বিভিন্ন সঞ্চয় আঁচনি গ্রহণ কৰি বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। বেংকৰ ঋণৰ যোগেদি কৃষিখণ্ড, উদ্যোগ খণ্ড আৰু ব্যৱসায়-বাণিজ্যৰ দ্রুত সম্প্ৰসাৰণ ঘটিছে। বেংক ঋণৰ উৎপাদনমুখী হোৱাৰ ফলত উৎপাদনৰ মাত্ৰা দ্রুতগতিত বৃদ্ধি পাইছে।

বেংকৰ ঋণৰ সুবিধা গ্ৰহণ কৰি শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে স্বনিয়োজন আঁচনিসমূহ গ্ৰহণ কৰিব পাৰিছে। কেন্দ্ৰীয় বেংকৰ উদাৰ মুদ্ৰানীতিৰ অধীনত বাণিজ্যিক বেংকে সুতৰ হাৰ কমাই দিয়ে আৰু কম সুতত উন্নয়নমূলক কার্যত ঋণৰ সুবিধা আগবঢ়ায়। গ্রামাঞ্চলত খেতিয়ক, ক্ষুদ্র উদ্যোগী, মীনপালক, ক্ষুদ্র ব্যবসায়ী আৰু আন আন পিছপৰা শ্ৰেণীৰ মানুহক অগ্ৰাধিকাৰ দি কম সুতত ঋণ প্ৰদান কৰি বাণিজ্যিক বেংকে গ্রাম্য ঋণৰ অভাৱ ভালেখিনি দূৰ কৰি বাণিজ্যিক বেংকে দৰিদ্ৰতা দূৰীকৰণত সহায় কৰিছে। গাঁও আৰু অন্যান্য পিছপৰা অঞ্চলৰ শাখা সম্প্ৰসাৰণ কৰি বাণিজ্যিক বেংকে সাধাৰণ মানুহৰ মাজত বেংকৰ সুবিধা প্ৰদান কৰিছে। 

21. প্রশ্নৰ উত্তৰ দিয়া :

(a) বিশ্ব স্বাস্থ্য সংস্থা আৰু আন্তর্জাতিক মুদ্ৰানিধিৰ বিষয়ে চমুকৈ আলোচনা কৰা। 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ কেইবাটাও এজেন্সি বা অভিকৰণ আছে। এই অভিকৰণসমূহৰ সহায়ত ৰাষ্ট্ৰসংঘৰ বিভিন্ন ক্ষেত্ৰত কাম-কাজ চলোৱা হয়। এই এজেন্সি বা অভিকৰণসমূহৰ ভিতৰত বিশ্ব স্বাস্থ্য সংস্থা আৰু আন্তর্জাতিক মুদ্ৰানিধিৰ বিষয়ে চমুকৈ আলোচনা আগবঢ়োৱা হ’ল–

বিশ্ব স্বাস্থ্য সংস্থা (World Health Organisation চমুকৈ The WHO) : বিশ্ব স্বাস্থ্য সংস্থা ৰাষ্ট্ৰসংঘৰ এটা প্রধান এজেন্সি বা অভিকৰণ। ইয়াৰ মূল উদ্দেশ্য হৈছে পৃথিৱীৰ পৰা ৰোগ নিৰ্মূল কৰা আৰু জনসাধাৰণৰ স্বাস্থ্যৰ উন্নতি সাধন কৰা। ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰই এই সংস্থাৰ সদস্য হ’ব লাগে। এই সদস্যসকলৰ ভিতৰৰ পৰা ১৮ জন সদস্যৰে এই প্ৰশাসনিক পৰিষদ গঠিত হয়। বিশ্ব স্বাস্থ্য সংস্থাই পৃথিৱীৰপৰা ৰোগ নির্মূল কৰিবলৈ বিভিন্ন ধৰণে কাৰ্যপন্থা হাতত লয়।

আন্তর্জাতিক মুদ্রা নিধি (International Monetary Fund চমুকৈIMF) : ৰাষ্ট্ৰসংঘৰ আন এক উল্লেখযোগ্য অভিকৰণ বা এজেন্সি হৈছে আন্তর্জাতিক মুদ্ৰানিধি। এই মুদ্ৰানিধিৰ প্ৰধান উদ্দেশ্য হৈছে বিশ্বৰ বিভিন্ন দেশলৈ প্ৰয়োজন অনুসৰি আৰ্থিক সহায় আগবঢ়াব পাৰে।

(b) মুদ্ৰাই সম্পাদন কৰা চাৰিটা প্ৰধান কাৰ্য ব্যাখ্যা কৰা।

উত্তৰঃ বিনিময় মাধ্যম হিচাপে সাধাৰণতে গ্রহণযোগ্য যিকোনো এবিধ সামগ্ৰী, যাৰ সহায়ত সকলো বস্তু আৰু সেৱা কাৰ্যৰ মূল্য প্ৰকাশ কৰা হয় আৰু যাৰ যোগেদি সঞ্চয়, ঋণ গ্ৰহণ আৰু ঋণ পৰিশোধ কৰা হয় তাক মুদ্ৰা বোলে। অর্থনীতিবিদ বাকাৰৰ মতে, “মুদ্ৰাই যি কাৰ্য কৰে সিয়ে মুদ্ৰা।” অর্থনীতিবিদ জন হিক্সৰ মতে, “যাক মুদ্ৰা হিচাপে ব্যৱহাৰ কৰা হয় সিয়ে মুদ্রা।” অর্থনীতিবিদ জিয়ফ্ৰি ক্ৰাউথাৰৰ মতে, “যি বিনিময়ৰ মাধ্যম, সাধাৰণভাৱে গ্রহণযোগ্য আৰু লগতে মূল্যৰ মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাম কৰে সিয়ে মুদ্রা।”

মুদ্ৰাৰ প্ৰধান কাৰ্যাৱলী হ’ল :

(ক) বিনিময়ৰ মাধ্যম : মুদ্ৰাৰ প্ৰধান কাৰ্য হৈছে বিনিময়ৰ মাধ্যম হিচাপে সেৱা আগবঢ়োৱা সকলো বস্তু আৰু সেৱাৰ লেনদেনৰ মাধ্যম হিচাপে আমি মুদ্ৰা ব্যৱহাৰ কৰোঁ। মুদ্ৰাৰ সাধাৰণ গ্রহণযোগ্যতাৰ বাবে যিকোনো সামগ্রী বা সেৱা কাৰ্যৰ বিনিময় মুদ্ৰাৰ মাধ্যমেৰে সম্পাদন কৰাটো সহজসাধ্য হৈ পৰে।

(খ) মূল্যৰ মাপকাঠী : মুদ্ৰাই মূল্যৰ মাপকাঠী হিচাপে সকলো সামগ্ৰী আৰু সেৱা কাৰ্যৰ মূল্য নিৰ্ধাৰণ কৰে। মুদ্ৰাৰ পৰিমাণেৰে প্ৰকাশ কৰা বিনিময় মূল্য হৈছে বস্তুৰ দাম। মুদ্ৰা হিচাপ-নিকাচৰ সাধাৰণ একক। হিচাপ-নিকাচৰ একক হিচাপে সকলো বস্তুৰ উৎপাদন ব্যয় আৰু বিক্ৰী মূল্য বা বিনিময় মূল্য মুদ্ৰাৰ মাধ্যমেৰে প্ৰকাশ কৰা হয়। আৰু সেয়েহে মুদ্ৰা মূল্যৰ মাপকাঠী।

(গ) মূল্যৰ ভাণ্ডাৰ : মুদ্ৰাৰ স্থায়িত্ব গুণ অধিক আৰু মুদ্ৰাক সঞ্চয় কৰি ৰখা সহজ। মুদ্ৰাক দীর্ঘ সময়ৰ বাবে সাঁচি ৰাখিব পাৰি। অন্যান্য সামগ্ৰীৰ দৰে মুদ্ৰা সহজে নষ্ট নহয় আৰু প্ৰয়োজন অনুসৰি সামগ্ৰীলৈ ৰূপান্তৰ কৰিব পাৰি। সেয়েহে মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাম কৰে।

(ঘ) স্থগিত দেনা-পাওনাৰ মানদণ্ড : বিনিময়ৰ মাধ্যম মূল্যৰ মাপকাঠী আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে মুদ্ৰাৰ সাধাৰণ গ্রহণযোগ্যতা থকাৰ উপৰি মুদ্ৰা স্থগিত দেনা-পাওনাবো মানদণ্ড। আধুনিক অর্থ ব্যৱস্থাত মুদ্রাই কেবল চলিত লেনদেনৰ ওপৰতে নিৰ্ভৰ কৰি থাকিব নোৱাৰে। মুদ্ৰাৰ আন আন কাৰ্যবোৰৰ দৰে মুদ্ৰাই ভৱিষ্যতৰ দেনা-পাওনাৰ কাৰ্যসমূহ সম্পাদন কৰে। মুদ্ৰাই ঋণ গ্রহণ, ঋণ প্রদান আৰু ঋণ পৰিশোধ কার্য সহজ কৰি তোলে।

22. নেহৰুৰ উদ্দেশ্য সম্পর্কিত প্রস্তাবকেইটা আলোচনা কৰা। 

উত্তৰঃ নেহৰৱে উল্লেখ কৰা উদ্দেশ্য সম্পর্কিত প্ৰস্তাৱৰ মূল বিষয়সমূহ এনেধৰণৰ–

১। গণ পৰিষদে ভাৰতবৰ্ষক ‘স্বাধীন, সার্বভৌম, প্রজাতন্ত্র (Independent Sovereign Republic) হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্রতিজ্ঞ (পিছলৈ স্বাধীন শব্দটো বাদ দিয়া হয়)।

২। ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তৰ্ভুক্ত হ’ব বিচৰা দেশীয় ৰাজ্যবিলাকক লৈ ৰাজ্যসমূহৰ সংঘ (Union of states) গঠিত হ’ব। 

৩। ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, সমতা, ধর্মীয় স্বাধীনতা রক্ষা, চিন্তা আৰু মতামত প্ৰকাশৰ স্বাধীনতাক স্বীকৃতি প্রদান কৰা হ’ব।

৪। অনুসূচিত জাতি, জনজাতি, অনুন্নত সম্প্ৰদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব।

৫৷ দেশৰ স্বাধীনতা, সার্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ’ব। 

৬। আন্তর্জাতিক সু-সম্পর্ক, বিশ্ব শান্তি রক্ষা আৰু জনগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূর্ণ সহযোগিতা আগবঢ়াব। 

৭। জনসাধাৰণেই হ’ব সকলো ক্ষমতাৰ উৎস। সার্বভৌম দেশখনৰ চৰকাৰ আৰু সকলো অংগই জনসাধাৰণৰ পৰা ক্ষমতা লাভ কৰিব। 

৮। সংঘত যোগ দিয়া সহযোগী দেশীয় ৰাজ্যসমূহে অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্তশাসনৰ মাজেৰে অংগৰাজ্যৰ মৰ্যাদা লাভ কৰিব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top