অসমীয়া ভাষা আৰু সাহিত্য সাধাৰণ জ্ঞান | Assamese language and literature

অসমীয়া ভাষা আৰু সাহিত্য সাধাৰণ জ্ঞান | Assamese language and literature GK – Today We Discuss Assamese language and literature Any Government competitive exam, we try to give you most Important MCQ type Question and Answer,

অসমীয়া ভাষা আৰু সাহিত্য সাধাৰণ জ্ঞান

Join Telegram channel

অসমীয়া ভাষা আৰু সাহিত্য সাধাৰণ জ্ঞান | Assamese language and literature GK we cover under the All Competitive exam Assamese language and literature GK as follows, Assam Govt Recruitment Grade II, Grade III & Grade IV Any of the Post, APSC, Assam Police, Post Office Exam, PNRD Exam, any Medical Exam, Forest Guard Exam, APDCL Exam, Agriculture Exam, and other state exams. You can follow these Apps and Youtube Channel prepares for all exams.

অসমীয়া ভাষা আৰু সাহিত্য সাধাৰণ জ্ঞান

1. অসমীয়া ভাষাৰ মূল ভাষা কি ? 

উত্তৰঃ সংস্কৃত।

2. কেতিয়া অসমীয়া ভাষাৰ উদ্ভৱ হয় ?

উত্তৰঃ নৱম আৰু দশম শতিকাত।

3. অসমীয়া ভাষা এক আৰ্যমূলীয় ভাষা হয়নে ?

উত্তৰঃ হয়।

4. অসমীয়া ভাষাটো ভাৰতীয় কোন ভাষা গোষ্ঠীৰ অন্তর্গত ?

উত্তৰঃ আৰ্য ভাষা গোষ্ঠীৰ  অন্তৰ্গত।

5. পশ্চিম অসমত অসমীয়া ভাষাটো কি সুকীয়া নামেৰে পৰিচিত ?

উত্তৰঃ কামৰূপী ভাষা।

6. অসমীয়া ভাষা-সাহিত্যৰ পিতৃ বুলি কাক আখ্যা দিয়া হয় ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱক।

7. অসমীয়া নাট্য সাহিত্যৰ জনক কোন ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ।

8. শংকৰদেৱে তেওঁৰ নাটকসমূহ কি ভাষাত ৰচনা কৰিছিল ?

উত্তৰঃ অসমীয়া, বঙালী  আৰু সংস্কৃত ভাষা মিশ্ৰিত ‘বজ্ৰাৱলী’ নামে এক কৃত্ৰিম ভাষাত।

9. কোন চনত অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পায় ?

উত্তৰঃ ১৯৬০ চনত।

10. অসমীয়া চুটিগল্পৰ  পিতৃস্বৰূপ কোন ?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা।

11. অসমীয়া ভাষাত ৰচনা কৰা প্রথম পাঠ্যপুথি কোনখন ?

উত্তৰঃ আনন্দৰাম ঢেকীয়াল ফুকনৰ দ্বাৰা ৰচিত ‘অসমীয়া ল’ৰাৰ মিত্ৰ’ নামৰ কিতাপখনেই অসমীয়া ভাষাত ৰচনা কৰা প্ৰথম পাঠ্যপুথি।

12. অসমীয়া গদ্য সাহিত্যৰ পিতৃস্বৰূপ কোন ?

উত্তৰঃ ভট্টদেৱ (বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য)।

13. ভট্টদেৱৰ দ্বাৰা ৰচনা কৰা অসমীয়া গদ্য পুথিখনৰ নাম কি ?

উত্তৰঃ কথা গীতা।

14. প্রথম অসমীয়া অভিধান কোনে ৰচনা কৰে ?

উত্তৰঃ আমেৰিকান মিচনেৰী মাইকেল ব্রঞ্চন চাহােব ১৮৬৭ চনত।

15. অসমীয়া ভাষালৈ অনুবাদ কৰা প্রথম ইংৰাজী নাটক কোনখন ?

উত্তৰঃ উইলিয়াম শ্বেক্সপীয়েৰৰ ‘কমেডি অফ ইৰ’ৰচ’।

16. কোনে ইংৰাজী বাইলেৰ প্রথম অসমীয়া ভাঙনি কৰে ?

উত্তৰঃ আত্মৰাম শৰ্মাই ১৮৩৩ চনত।

17. অসমীয়া ভাষা লিখনিত কোনে প্রথমে ‘শ্বৰ্ট হেণ্ড’ (Short Hand) পদ্ধতি প্রৱৰ্তন কৰে ?

উত্তৰঃ ফণী শৰ্মাই।

18. প্রথম অসমীয়া উপন্যাস কোনখন ?

উত্তৰঃ পদ্মনাথ গোঁহাঞি বৰুৱাৰ দ্বাৰা ৰচিত ‘ভানুমতী’।

19. অসমত বসবাস কৰা কিমান শতাংশ লোকে অসমীয়া ভাষা কয় ?

উত্তৰঃ ৬০ % লোকে।

20. শংকৰদেৱৰ  দ্বাৰা ৰচনা কৰা এক অংকযুক্ত নাটকসমূহক কি বুলি কোৱা হয় ?

উত্তৰঃ অংকীয়া নাটক।

21. ‘জ্ঞানপীঠ বঁটা’ লাভ কৰা প্রথম অসমীয়া পুথি কোনখন ?

উত্তৰঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘মৃতুঞ্জয়’ নামৰ উপন্যাসখন।

22. ‘মৃতুঞ্জয়’ উপন্যাসখনে কিমান চনত জ্ঞানপীঠ বঁটা লাভ কৰে ?

উত্তৰঃ ১৯৭৯ চনত।

23. সাহিত্য একাডেমী বঁটা লাভ কৰা প্রথম অসমীয়া পুথি কোনখন ?

উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাৰ ‘বনফুল’।

24. বনফুল পুথিখনে কোন চনত সাহিত্য একাডেমীৰ পুৰস্কাৰ লাভ কৰে ?

উত্তৰঃ ১৯৫৫ চনত।

25. অসমত মঞ্চস্থ হোৱা প্রথম ভাওনা বা অংকীয়া নাটক কোনখন ?

উত্তৰঃ শংকৰদেৱৰ ‘চিহ্নযাত্ৰা’।

26. অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ উন্নয়নৰ বাবে গঠিত হোৱা সন্থাটোৰ নাম কি ?

উত্তৰঃ অসম সাহিত্য সভা।

27. অসম সাহিত্য সভাই প্রকাশ কৰা প্রথম অসমীয়া অভিধান কোনখন ?

উত্তৰঃ চন্দ্ৰকান্ত অভিধান।

28. কোনে ওমৰ খৈয়ামৰ ‘ৰুবায়ত’ নামৰ পুথিখন অসমীয়ালৈ  অনুবাদ কৰে ?

উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰাই।

29. সংগীতৰ ওপৰত ৰচনা কৰা প্রথম অসমীয়া পুথি কোনখন ?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচনা কৰা ‘সংগীত কোষ’ নামৰ পুথিখন।

30.‘শোণিত কুঁৱৰী’ নাটকখনৰ ৰচক কোন ?

উত্তৰঃ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।

31. হিন্দী ভাষালৈ অনুদিত হোৱা প্রথম অসমীয়া গ্রন্থ কোনখন ?

উত্তৰঃ চিত্ৰ ভাগৱত।

32. ‘উত্তৰাকাণ্ড  ৰামায়ণৰ’ অসমীয়া অনুবাদ কোনে কৰিছিল ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে।

33. অসমীয়া ভাষাত সৰ্বাধিক কিতাপ ৰচনা কৰা সাহিত্যিকজন কোন ?

উত্তৰঃ ৰঞ্জু  হাজৰিকা।

34. ‘চি-ইউ-কি’ নামৰ পুথিখনৰ ৰচক কোন ?

উত্তৰঃ হিউয়েনচাং।

35. অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা প্রথম অসমীয়া নাটক কোনখন ?

উত্তৰঃ বীণ বৰাগী।

36. সংস্কৃত ‘ৰামায়ণ’খন কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল ?

উত্তৰঃ মাধৱ কন্দলিয়ে।

37. Grammatical Notes of the Assamese Language নামৰ পুথিখন কোনে ৰচনা কৰিছিল ?

উত্তৰঃ নাথান ব্রাউন ।

38. অসমীয়া ভাষাত ৰচিত প্রথম বুৰঞ্জীমূলক পুথি কোনখন আৰু ইয়াৰ ৰচক কোন ?

উত্তৰঃ ‘অসম বুৰঞ্জী’ আৰু ইয়াৰ ৰচক দুজন হ’ল – ৰাধানাথ বৰবৰুৱা আৰু কাশীনাথ তামুলী ফুকন।

39. সংস্কৃত ‘মহাভাৰত’খন কোনে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল ?

উত্তৰঃ ৰাম সৰস্বতী।

40. ‘চৰিত পুথি’ কি ?

উত্তৰঃ বৈষ্ণৱ ধৰ্ম প্ৰচাৰক বা বৈষ্ণৱ ধৰ্মগুৰুসকলৰ জীৱনৰ ওপৰত ৰচিত এক প্ৰকাৰৰ জীৱনীমূলক সাহিত্যক ‘চৰিত পুথি’ বুলি কোৱা হয়।

41. ‘সূৰ্য সিদ্ধান্ত’ পুথিখনৰ ৰচক কোন ?

উত্তৰঃ কবিৰাজ চক্ৰৱৰ্তী।

42. ‘সন্ধিয়াৰ সুৰ’ নামৰ কাব্য পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ নলিনীৱালা দেৱী।

43. অসমীয়া ভাষাত ছপা হোৱা প্রথম পুথিখনৰ নাম কি ?

উত্তৰঃ ধৰ্ম পুস্তক।

44.‘পাটকাইৰ সিপাৰে মোৰ দেশ’ পুথিখনৰ ৰচক কোন ?

উত্তৰঃ চন্দনা গোস্বামী।

45.‘ধন্য নৰ তনু ভাল’ নামৰ পুথিখনৰ ৰচক কোন ?

উত্তৰঃ চৈয়দ আব্দুল মালিক।

46. অসমৰ প্রথম বাতৰি কাকত কোনখন ?

উত্তৰঃ অৰুনোদই।

47. অসমৰ প্রথম বাতৰি কাকত ‘অৰুনোদই’ কিমান চনত প্রথম প্রকাশিত হৈছিল ?

উত্তৰঃ ১৮৪৬ চনত।

48. ‘জোনাকী’ কাকত কেতিয়াৰ পৰা প্রকাশ আৰম্ভ হৈছিল ?

উত্তৰঃ ১৮৮৯ চন, কলিকতাৰ পৰা।

49. ইংৰাজী ভাষাৰ পৰা প্রথম অসমীয়ালৈ অনুদিত হোৱা উপন্যাস কোনখন ?

উত্তৰঃ জন বনিয়নৰ ‘Pilgrim’s Progress’  নামৰ উপন্যাসখন ‘যাত্ৰিকৰ যাত্ৰা’ নামেৰে অসমীয়া ভাষাত অনুদিত হোৱা প্ৰথম উপন্যাস।

50. অসমীয়া ভাষাত কোনে প্রথম সাধু কথাৰ পুথি ৰচনা কৰে ?

উত্তৰঃ এলিজা ব্রাউন, ১৮৫০ চনত।

51. জোনাকী যুগৰ ত্ৰিমূৰ্তি কোন ?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী।

52. ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ ৰ  প্রথম অধিৱেশন  কেতিয়া ক’ত হৈছিল ?

উত্তৰঃ ১৮৮৮ চনত, কলিকতাত।

53. কোনে কেতিয়া বিষ্ণু প্রসাদ ৰাভাক ‘কলাগুৰু’ উপাধি দিয়ে ?

উত্তৰঃ কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সবৰ্বপল্লী ৰাধাকৃষ্ণনে, ১৯৪০ চনত।

54.‘কীৰ্তন ঘোষা’ গ্রন্থখনৰ ৰচক কোন ?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ।

55. ‘নামঘোষা’ গ্রন্থ খনৰ ৰচক কোন ?

উত্তৰঃ শ্ৰী মাধৱদেৱ।

56. অসমৰ আটাইতকৈ পুৰণি সাদিনীয়া বাতৰি কাকত কোনখন ?

উত্তৰঃ জনমভূমি।

57. কম্পিউটাৰত কোনে প্রথমে অসমীয়া ভাষাত পুথি লিখি উলিয়াইছিল ?

উত্তৰঃ দিলীপ কুমাৰ দত্তই।

58. শংকৰদেৱে মুঠ কেইখন অংকীয়া নাটক ৰচনা কৰিছল ?

উত্তৰঃ ৬ খন।

59. প্রথম অসমীয়া বুৰঞ্জীমূলক উপন্যাসখনৰ নাম কি ?

উত্তৰঃ পদ্মনাথ গোঁহাঞি বৰুৱাৰ ‘ভানুমতী’।

60. মাধৱদেৱৰ শ্রেষ্ঠ  ৰচনাখনৰ নাম কি ?

উত্তৰঃ নামঘোষা।

61. কোনখন গ্রন্থক ‘হেজাৰী ঘোষা’ বুলিও কোৱা হয় ?

উত্তৰঃ ‘নামঘোষা’ক।

62. মাধৱদেৱৰ নাটকসমূহক কি নামেৰে জনা যায় ?

উত্তৰঃ ‘ঝুমুৰা’ বুলি জনা যায়।

63. ‘কাণখোৱা’ গ্রন্থখন কোনে ৰচনা কৰে ?

উত্তৰঃ শ্ৰীধৰ কন্দলিয়ে।

64. কবি মনকৰে কি গ্রন্থ  ৰচনা কৰিছিল ?

উত্তৰঃ পদ্ম পুৰাণৰ অংশ।

65. আহোম যুগৰ শ্রেষ্ঠ  কবি কোন ?

উত্তৰঃ কবিৰাজ চক্ৰৱৰ্তী।

66. ‘জ্ঞানপীঠ’ বঁটাৰে সন্মানিত প্রথম অসমীয়া সাহিত্যিকজনৰ নাম কি ?

উত্তৰঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

67. প্রথম ৰেকৰ্ডিং কৰা অসমীয়া নাটকখনৰ নাম কি ?

উত্তৰঃ ৰুক্মিণী হৰণ।

68. কোনখন আলোচনী ওলোৱা সময়ৰ পৰা অসমীয়া সাহিত্যৰ আধুনিক যুগ আৰম্ভ হোৱা বুলি কোৱা হয় ?

উত্তৰঃ জোনাকী কাকত।

69. প্রথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি ?

উত্তৰঃ দৈনিক বাতৰি।

70. অসমৰ পৰা প্রকাশিত প্রথম ইংৰাজী দৈনিক বাতৰি কাকতখনৰ নাম কি ?

উত্তৰঃ দ্য আসাম ট্ৰিবিউন।

71. মহিলাসকলৰ বাবে প্রকাশিত প্রথম অসমীয়া আলোচনীখনৰ নাম কি ?

উত্তৰঃ ঘৰ জেউতি।

72. অসমত বাংলা ভাষা কেতিয়াৰ পৰা কেতিয়ালৈ প্রচলিত আছিল ?

উত্তৰঃ ১৮৩৬ চনৰ পৰা ১৮৭৩  চনলৈ।

73. কোনখিনি আধুনিক সময়ছোৱাক অসমীয়া সাহিত্যৰ অন্ধকাৰ যুগ বুলি কোৱা হয় ?

উত্তৰঃ ১৮৩৬ চনৰ পৰা ১৮৭৩  চনলৈ অৰ্থাৎ অসমত বাংলা ভাষা চলি থকা সময়ছোৱাত।

74. আমেৰিকাৰ বেপ্টিষ্ট মিছনেৰীসকল কেতিয়া অসমলৈ আহে ?

উত্তৰঃ ১৮৩৬ চনত।

75. গুৱাহাটীলৈ অহা প্রথম খ্রীষ্টান মিছনেৰীজনৰ নাম কি ?

উত্তৰঃ জেমছ ৰে (James Ray) ।

76. অৰুনোদয় যুগৰ এজন বিখ্যাত লিখকৰ নাম কোৱা ?

উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকন।

77. চন্দ্ৰকুমাৰ আগৰৱালাৰ কোনটো কবিতাৰ দ্বাৰা আধুনিক কবিতাৰ শুভাৰম্ভ হোৱা বুলি কোৱা হয় ?

উত্তৰঃ ‘বনকুঁৱৰী’ কবিতাৰে।

78. লক্ষ্মীনাথ  বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি ?

উত্তৰঃ কদমকলি।

79. অসমীয়া ভাষাত ৰচিত প্রথম চনেট পুথি কোনখন ?

উত্তৰঃ হিতেশ্বৰ বৰবৰুৱাৰ ‘মালচ’।

80. জ্যোতি প্রসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি ?

উত্তৰঃ ‘লুইতৰ পাৰৰ অগ্নিসুৰ’।

81. বিষ্ণু প্রসাদ ৰাভাৰ কবিতা পুথিখনৰ নাম কি ?

উত্তৰঃ সোণপাহি।

82. দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি ?

উত্তৰঃ ‘সাগৰ দেখিছা’।

83. অসমীয়া ভাষাৰ প্রথম চুটিগল্প  কোনটো ?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘কন্যা’।

84. কাক ‘অসমীয়া বেকন’ বুলি কোৱা হয় ?

উত্তৰঃ সত্যনাথ বৰাক।

85. প্রথম অসমীয়া সাহিত্য সভাৰ সভাপতিজনৰ নাম কি ?

উত্তৰঃ পদ্মনাথ গোহাঞি বৰুৱা।

86. চৈয়দ আব্দুল মালিক কেতিয়া কোনখন অসম সাহিত্য সভাৰ অধিেবশনত সভাপতিত্ব কৰিছিল ?

উত্তৰঃ ১৯৭৭  চনত, অভয়াপুৰী।

87. ‘অ’ মোৰ আপোনাৰ দেশ’ নামৰ গীতটোৰ ৰচক কোন ?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা।

88. দণ্ডিনাথ কলিতাৰ ঐতিহাসিক কাব্যখনৰ নাম কি ?

উত্তৰঃ অসম সন্ধ্যা।

89. ‘জ্ঞান-মালিনীৰ কবি’ কোন ?

উত্তৰঃ মফিজুদ্দিন হাজৰিকা।

90. ৰঘুনাথ চৌধাৰীৰ কথা-কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ নৱমল্লিকা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top