Assam Jatiya Bidyalay Class 6 Social Science Chapter 15 পৃথিৱীৰ আবৰ্তন আৰু পৰিভ্ৰমণ

Assam Jatiya Bidyalay Class 6 Social Science Chapter 15 পৃথিৱীৰ আবৰ্তন আৰু পৰিভ্ৰমণ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 15 পৃথিৱীৰ আবৰ্তন আৰু পৰিভ্ৰমণ Class 6 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Social Science Chapter 15 পৃথিৱীৰ আবৰ্তন আৰু পৰিভ্ৰমণ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Social Science Chapter 15 পৃথিৱীৰ আবৰ্তন আৰু পৰিভ্ৰমণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

পৃথিৱীৰ আবৰ্তন আৰু পৰিভ্ৰমণ

Chapter – 15

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১৷ আহ্নিক গতি কাক বোলে ?

উত্তৰঃ পৃথিৱীখনে নিজ মেৰুদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি এপাক ঘূৰিবলৈ ২৪ ঘন্টা সময় লয়। ইয়াকে আহ্নিক গতি বা আবর্তন বোলে।

২৷ বার্ষিক গতি কাক বোলে ?

উত্তৰঃ পৃথিৱীয়ে এটা নির্দিষ্ট পথেৰে সূৰ্যৰ চাৰিওফালে এবছৰত এপাক মাৰে। ইয়াকে বার্ষিক গতি বোলে। 

৩৷ অধিবর্ষ বুলিলে কি বুজা ?

উত্তৰঃ যিটো বছৰত ফেব্ৰুৱাৰী মাহটো ২৯ দিনীয়া, সেই বছৰটোক অধিবর্ষ বা লিপইয়েৰ বুলি কোৱা হয়।

৪৷ অপসূৰ কাক বোলে ? ই কোন তাৰিখে সংঘটিত হয় ?

উত্তৰঃ পৃথিৱীয়ে উপ বৃত্তকাৰ পথেৰে সূৰ্যৰ পৰা বহু দূৰত অৱস্থান কৰে। পৃথিৱীৰ এই অৱস্থানক অপসূৰ বোলে।  ৪ জুলাইত অসপূৰ সংঘটিত হয়।

৫৷ কর্কট সংক্রান্তি কাক বোলে ? ই কোন তাৰিখে হয় ?

উত্তৰঃ ২১ জুনৰ দিনা সূৰ্য কৰ্কট ক্ৰান্তিৰ ওপৰত লম্বভাৱে থাকে। ইয়াক কৰ্কট সংক্রান্তি বুলি কোৱা হয়। ২১ জুনত কৰ্কট সংক্রান্তি সংঘটিত হয়। 

খালী ঠাই পূৰ কৰা :

(ক) পৃথিৱীৰ মেৰুদণ্ডডালে কক্ষতলৰ লগত ___কোণ কৰি থাকে।

(খ) জানুৱাৰী মাহৰ তিন তাৰিখে হোৱা সূৰ্যৰ অৱস্থানটোক ___বোলে।

(গ) মহাবিষুব ___তাৰিখে সংঘটিত হয়।

(ঘ) মকৰ সংক্রান্তি ___তাৰিখে হয়।

(ঙ) অপসূৰত পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব ___কিঃমিঃ হয়।

উত্তৰঃ (ক) পৃথিৱীৰ মেৰুদণ্ডডালে কক্ষতলৰ লগত ৬৬ ১/২ কোণ কৰি থাকে।

(খ) জানুৱাৰী মাহৰ তিন তাৰিখে হোৱা সূৰ্যৰ অৱস্থানটোক অনুসুৰ বোলে। 

(গ) মহাবিষুৱ ২১ মার্চ তাৰিখে সংঘটিত হয়।

(ঘ) মকৰ সংক্রান্তি ২১ ডিচেম্বৰ তাৰিখে হয়।

(ঙ) অপসূৰত পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব ১৫ কোটি ২০ লাখ কিঃমিঃ হয়। 

১৷ আহ্নিক গতিৰ ফলত কেনেদৰে দিন-ৰাতি হয় ছবি আঁকি বুজাই লিখা। 

উত্তৰঃ পৃথিৱীয়ে নিজ মেৰুদণ্ডত পশ্চিমৰ পৰা পূবলৈ ঘূৰে। পশ্চিমৰ পৰা পূবলৈ ঘূৰোতে যিটো অংশত সূৰ্যৰ পোহৰ পৰে তাত দিন হয় আৰু তাৰ ঠিক বিপৰীত অংশত ৰাতি হয়। 

আহ্নিক গতিৰ ফলত কেনেকৈ দিন-ৰাতি হয় তাক এটা পৰীক্ষাৰ দ্বাৰা বুজিব পাৰি।এটা গোলক আৰু এডাল মম লোৱা হ’ল। গোলকটোক পৃথিৱী আৰু মমডালক সূর্য বুলি ধৰা হ’ল। চিত্ৰত দেখুৱাৰ দৰে গোলকটোৰ সমুখত অলপ আঁতৰত মমডাল জ্বলাই লোৱা হ’ল। দেখা যাব যে গোলকটোৰ সমুখৰ অংশতহে পোহৰ পৰিব। কিন্তু তাৰ বিপৰীত ফালত পোহৰ পৰা নাই। পোহৰ পৰা অংশটোক দিন আৰু পোহৰ নপৰা অংশটোক ৰাতি বুলি ধৰিব পাৰি। সূর্য স্থিৰ হৈ থকাৰ দৰে মমডালো স্থিৰ হৈ আছে আৰু আৰু পৃথিৱীখন ঘুৰাৰ দৰে গোলকটো ঘূৰালে পোহৰ হৈ থকা অংশটো লাহে লাহে আন্ধাৰত সোমাই পৰিব আৰু আন্ধাৰৰ অংশটো লাহে লাহে পোহৰ হৈ পৰিব। অর্থাৎ দিনৰ নিচিনা হৈছে। গতিকে পৰীক্ষাটোৰ পৰা দিন ৰাতি কেনেকৈ হয় বুজিব পৰা গ’ল।

২৷ বার্ষিক গতিৰ ফলাফল লিখা।

উত্তৰঃ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰোঁতে কেতিয়াবা উত্তৰ মেৰু আৰু কেতিয়াবা দক্ষিণ মেৰু সূৰ্যৰ ওচৰলৈ আহে। আমাৰ দেশ ভাৰতবৰ্ষ উত্তৰ গোলাৰ্ধৰ দেশ।

২১ মাৰ্চৰ দিনা সূৰ্যৰ ৰশ্মি বিষুর ৰেখাৰ ওপৰত লম্বভাৱে পৰে। সেইদিনা দুয়ো গোলার্ধত দিন ৰাতি সমান হয়। ২১ মাৰ্চৰ পৃথিৱীৰ এই অৱস্থানক মহাবিষুব বুলি কোৱা হয়। 

পৃথিৱীয়ে পৰিভ্ৰমণ কৰি ২১ জুনৰ দিনা এনে এটা অৱস্থান পায় সেইদিনা সূৰ্যৰ ৰশ্মি কৰ্কট ক্ৰান্তিৰ ওপৰত লম্বভাৱে পৰে। কৰ্কটক্রান্তি যেহেতু উত্তৰ গোলাৰ্ধৰ অক্ষৰেখা সেইকাৰণে সেইদিনা উত্তৰ গোলার্ধত দিন দীঘল আৰু ৰাতি চুটি হয়। লগে লগে গ্ৰীষ্মকাল আৰম্ভ হয়। আনহাতে দক্ষিণ গোলার্ধত দিন চুটি আৰু ৰাতি দীঘল হয়। লগে লগে শীতকাল আৰম্ভ হয়। মার্চ মাহৰ পৰাই উত্তৰ গোলার্ধ সূৰ্যৰ ফালে হালি গতি কৰাৰ ফলত মে’, জুন আৰু জুলাই মাহত অতি গৰম অনুভব কৰো। ২১ জুনৰ দিনা সূৰ্য কৰ্কটক্রান্তিৰ ওপৰত লম্বভাৱে থাকে। ইয়াক কর্কটক্রান্তি বুলি কোৱা হয়।

২১ জুনৰ পিছৰ পৰা পৃথিৱীয়ে আগৰ দৰে পৰিভ্ৰমণ কৰি আহি ২৩ ছেপ্টেম্বৰৰ দিনা আকৌ ২১ মাৰ্চৰ দৰে দুয়ো গোলাৰ্দ্ধতে দিন-ৰাতি সমান হয়। ২৩ ছেপ্টেম্বৰৰ এই অৱস্থানক জলবিষুব বোলে। ২৩ ছেপ্টেম্বৰৰ পাছত আগৰ দৰে আগবাঢ়ি গৈ থাকোতে ২১ ডিচেম্বৰৰ দিনা সূৰ্যৰ পোহৰ মকৰক্ৰান্তিৰ ওপৰত লম্ব হৈ পৰে। সেইদিনা দক্ষিণ গোলার্ধত দিন দীঘল আৰু ৰাতি চুটি হয় আৰু উত্তৰ গোলাৰ্দ্ধত দিন চুটি আৰু ৰাতি দীঘল হয়। লগে লগে শীতকাল আৰম্ভ হয়।

বাৰ্ষিক গতিৰ ফলত দিন-ৰাতি দীঘল চুটি হোৱাৰ উপৰিও ঋতু পৰিবৰ্তন হয়। 

৩৷ ঋতু কেইটা আৰু কি কি ?

উত্তৰঃ ঋতু ছয়টা। গ্রীষ্ম, বর্ষা, শৰত, হেমন্ত, শীত আৰু বসন্ত।

৪৷ চিত্ৰৰ সহায়ত মহাবিষুৱ আৰু জলবিষুবৰ অৱস্থান দেখুওৱা।

উত্তৰঃ

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top