Assam Jatiya Bidyalay Class 6 Social Science Chapter 10 জনসংখ্যা আৰু অসম

Assam Jatiya Bidyalay Class 6 Social Science Chapter 10 জনসংখ্যা আৰু অসম, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 10 জনসংখ্যা আৰু অসম Class 6 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Social Science Chapter 10 জনসংখ্যা আৰু অসম Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Social Science Chapter 10 জনসংখ্যা আৰু অসম provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

জনসংখ্যা আৰু অসম

Chapter – 10

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১৷ জনসংখ্যা বুলিলে কি বুজা ?

উত্তৰঃ জনসংখ্যা বুলিলে এটা অঞ্চলৰ বা কোনো এখন ঠাইৰ কোনো এক নিৰ্দিষ্ট সময়ৰ মুঠ মানুহৰ সংখ্যাক বুজায়। 

২৷ প্ৰৱজন মানে কি ?

উত্তৰঃ যেতিয়া মানুহে এঠাইৰ পৰা আন ঠাইলৈ বাসস্থান সলায়, তেতিয়া তাক প্ৰবজন বোলা হয়।

৩৷ লোকপিয়ল কাক বোলে ?

উত্তৰঃ মানুহৰ ঘৰে ঘৰে গৈ দেশৰ জনসংখ্যা গণনা কৰাকে লোকপিয়ল বোলে।

৪৷ বহি : প্রব্রজন আন্তঃপ্রব্রজন কাক বোলে ? 

উত্তৰঃ যেতিয়া এঠাইৰ পৰা মানুহ আন ঠাইলৈ যায় তেতিয়া সেই ঠাইত জনসংখ্যা কমে। ইয়াক বহি: প্ৰব্ৰজন বোলে। 

আকৌ যি ঠাইলৈ আন ঠাইৰ পৰা মানুহ আহে সেই ঠাইত জনসংখ্যা বাঢ়ে। ইয়াক আন্ত:প্ৰব্ৰজন বোলে।

৫৷ ভাৰতবৰ্ষত কিমান বছৰৰ মূৰে মূৰে লোক পিয়ল কৰা হয় ? 

উত্তৰঃ ভাৰতবৰ্ষত প্ৰতি দহ বছৰৰ মূৰে মূৰে লোকপিয়ল কৰা হয়।

৬৷ ২০১১ চনৰ লোকপিয়ল মতে অসমৰ কোনখন জিলাত অধিক জনবসতি পূর্ণ ?

উত্তৰঃ ২০১১ চনৰ লোকপিয়ল মতে অসমৰ নগাঁও জিলাত অধিক জনৱসতি পূর্ণ। 

৭৷ অসমৰ কেইখন জিলাত শিক্ষিত ব্যক্তিৰ সংখ্যা আটাইতকৈ অধিক ? 

উত্তৰঃ অসমৰ যোৰহাট জিলাত শিক্ষিত ব্যক্তিৰ সংখ্যা আটাইতকৈ বেছি। 

৮৷ অসমৰ কোনখন জিলাত শিক্ষিত ব্যক্তিৰ সংখ্যা আটাইতকৈ কম ? 

উত্তৰঃ অসমৰ ধুবুৰী জিলাত শিক্ষিত ব্যক্তিৰ সংখ্যা আটাইতকৈ কম।

৯৷ জনসংখ্যা হ্রাস পোৱাৰ কাৰণ লিখা। 

উত্তৰঃ ভীষণ দুর্ভিক্ষ আৰু ৰাষ্ট্ৰজোৰা মহামাৰী হ’লে জনসংখ্যা হ্রাস পায়।

১০৷ বহি:প্রব্রজন আৰু আন্তঃপ্ৰব্ৰজন কাক বোলে ? 

উত্তৰঃ কোনো এখন ঠাইৰপৰা মানুহ আন ঠাইলৈ গ’লে সেই ঠাইত জনসংখ্যা কমে। ইয়াক বহি:প্রব্রজন বোলে।

আনহাতে কোনো এখন ঠাইৰপৰা মানুহ আহিলে, সেই ঠাইত জনসংখ্যা বাঢ়ে। ইয়াক আন্ত:প্রব্রজন বোলে। 

১১৷ জনসংখ্যাৰ বিতৰণ বুলিলে কি বুজা ?

উত্তৰঃ সকলো ঠাইতে জনসংখ্যা সমানে নাথাকে। ঠাইভেদে জনসংখ্যা সিচঁৰতি হৈ থকাকে জনসংখ্যা বিতৰণ বোলে।

১২৷ জনসংখ্যাৰ ঘনত্ব মানে কি ? জনসংখ্যার ঘনত্ব কেনেদৰে উলিওৱা হয় ?

উত্তৰঃ জনসংখ্যার ঘনত্ব মানে হ’ল প্ৰতি বৰ্গ কিল’মিটাৰত বাস কৰা মানুহৰ সংখ্যা। জনসংখ্যাৰ ঘনত্ব এইদৰে উলিয়াব পাৰি। 

১৩৷ অসমলৈ প্ৰধানকৈ ক’ৰ ক’ৰ পৰা প্ৰব্ৰজনকাৰী আহে ?

উত্তৰঃ অসমলৈ প্ৰধানকৈ বাংলাদেশ, নেপাল আদি বিদেশী ৰাষ্ট্ৰৰ পৰা প্ৰজনকাৰী আহে। বিশেষকৈ বাংলাদেশীৰ অবৈধ অনুপ্রেবেশে অসমৰ জনসংখ্যাত গুৰুতৰ প্ৰভাৱ পেলাইছে।

১৪৷ কোনো অঞ্চলত জনসংখ্যা ঘন আৰু কোনো অঞ্চলত পাতল হোৱাৰ কাৰণসমূহ কি কি ? 

উত্তৰঃ যিবোৰ অঞ্চলত জীৱন ধাৰণৰ প্ৰণালী সহজ, যাতায়ত আৰু যোগাযোগৰ ভাল ব্যবস্থা আছে, শিক্ষা আৰু স্বাস্থ্য সেবা ভাল, ব্যৱসায় বাণিজ্যৰ সুবিধা বেছি, শিল্প উদ্যোগ আদি আছে তেনেবোৰ অঞ্চলত জনসংখ্যা ঘন হয়। 

আনহাতে যিবোৰ অঞ্চলত জীৱন-ধাৰণৰ প্ৰণালী কষ্টকৰ আৰু ওপৰত উল্লেখ কৰা সুবিধাসমূহ নাথাকে তেনেবোৰ অঞ্চলত জনসংখ্যা পাতল হয়। 

১৫৷ অসমত দ্রুতগতিত জনসংখ্যা বৃদ্ধি পোৱাৰ কাৰণসমূহ কি কি ?

উত্তৰঃ অসমলৈ নেপাল, বাংলাদেশ, আদি বিদেশী ৰাষ্ট্ৰৰ পৰা প্ৰব্ৰজনকাৰী আহে। বিশেষকৈ বাংলাদেশীৰ অবৈধ অনুপ্ৰৱেশ অসমৰ জনসংখ্যাত গুৰুত্বৰ প্ৰভাব পেলাইছে। অসমৰ সীমামূৰীয়া জিলা ধুবুৰী, কৰিমগঞ্জ, হাইলাকান্দি আদিত জনসংখ্যা অধিক হোৱাৰ মূল কাৰণ হৈছে বিদেশী প্ৰব্ৰজনকাৰীৰ অনুপ্ৰৱেশ। কাৰণ ইয়াত বাংলাদেশী প্ৰব্ৰজনকাৰী সকলে কম শ্ৰম কৰি অধিক টকা লাভ কৰিবলৈ সক্ষম হৈছে। 

১৬৷ জনসংখ্যা বৃদ্ধিৰ ফলত উদ্ভৱ হোৱা সমস্যাসমূহ ব্যাখা কৰা। 

উত্তৰঃ জনসংখ্যা বৃদ্ধিৰ ফলত বহুতো সমস্যাৰ সৃষ্টি হয়। তাৰ ভিতৰত তলত প্রধান কেইটামান সমস্যা উল্লেখ কৰা হ’ল।

(ক) নিবনুৱা সমস্যা :- জনসংখ্যা বৃদ্ধিৰ ফলত নিবনুৱাৰ সৃষ্টি হয়। উপযুক্ত অৰ্হতা থকা স্বত্বেও মানুহক কৰ্মত নিয়োগ কৰাত অসুবিধা হৈ পৰে। 

(খ) খাদ্য সমস্যা :- জনসংখ্যা বৃদ্ধিয়ে দেশত খাদ্য সমস্যাৰ সৃষ্টি কৰে। বর্ধিত জনসংখ্যাৰ তুলনাত উৎপাদন বৃদ্ধি নহ’লে খাদ্যৰ নাটনি হয়।

(গ) বসবাসৰ সমস্যা :- জনসংখ্যা বৃদ্ধিয়ে বসবাসৰ সমস্যাৰ সৃষ্টি কৰে। দ্রুতগতিত জনসংখ্যা বৃদ্ধিৰ ফলত সকলোৰে বাবে বাসস্থানৰ ব্যৱস্থা কৰাটো কঠিন হৈ পৰে। 

(ঘ) প্ৰদূষণৰ সমস্যা :- জনসংখ্যা বৃদ্ধিৰ ফলত চাৰিওফালে প্ৰদূষণ বৃদ্ধি পাইছে। য’তে ত’তে জাঁৱৰ জোঁথৰ পেলোৱাৰ ফলত পৰিৱেশ দূষিত হৈ বেমাৰ-আজাৰ বিয়পাইছে।

(ঙ) মূল্য বৃদ্ধিৰ সমস্যা :- জনসংখ্যা বৃদ্ধিৰ ফলত অত্যাবশ্যকীয় বস্তুৰ মূল্য বৃদ্ধি হৈছে।

(চ) কৃষি ভূমিৰ অভাৱ :- জনসংখ্যা বৃদ্ধিয়ে কৃষি কাৰ্যৰ বাবে উপযোগী মাটিৰ পৰিমাণ হ্ৰাস কৰিছে।

(ছ) বনাঞ্চল হ্রাস :- বর্ধিত জনসংখ্যাই হাবি জংঘল, গছ-গছনি আদি কাটি নিজৰ ব্যৱহাৰৰ উপযোগী কৰাত বনাঞ্চল হ্রাস পাইছে। 

(জ) ক্ষয়শীল সম্পদ অভাৱ :- জনসংখ্যা বৃদ্ধিৰ ফলত ক্ষয়শীল সম্পদসমূহৰ ব্যৱহাৰ বৃদ্ধি পাইছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top