Assam Jatiya Bidyalay Class 5 Social Science Chapter 14 পৃথিৱীৰ আকৃতি

Assam Jatiya Bidyalay Class 5 Social Science Chapter 14 পৃথিৱীৰ আকৃতি, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 14 পৃথিৱীৰ আকৃতি Class 5 Social Science Question Answer can be of great value to excel in the examination.

Assam Jatiya Bidyalay Class 5 Social Science Chapter 14 পৃথিৱীৰ আকৃতি Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Social Science Chapter 14 পৃথিৱীৰ আকৃতি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

পৃথিৱীৰ আকৃতি

Chapter – 14

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। একোটিকৈ বাক্যত উত্তৰ লিখা।

(ক) ‘জীয়ইদ’ মানে কি ?

উত্তৰঃ পৃথিৱীখনৰ আকৃতি সুমথিৰা টেঙাৰ দৰে হোৱা বাবে বিজ্ঞানীসকলে পৃথিৱীৰ আকৃতিক ‘জীয়ইদ’ বুলি নামকৰণ কৰিছে যাৰ অৰ্থ পৃথিৱীসদৃশ।

(খ) মেগলান নামৰ নাৱিকজনে কি প্ৰমাণ কৰিছিল ?

উত্তৰঃ মেগলান নামৰ পৰ্তুগীজ নাৱিকজনে পৃথিৱীখন ঘূৰণীয়া বুলি প্ৰমাণ কৰিছিল।

(গ) পৃথিৱীৰ পৰিধি সৰ্বপ্রথমে কোনে জুখি উলিয়াইছিল ?

উত্তৰঃ পৃথিৱীৰ পৰিধি সৰ্বপ্রথমে গ্ৰীক পণ্ডিত পাইথাগোৰাছে ৫৩২ খ্ৰীষ্টপূৰ্বত জুখি উলিয়াইছিল।

(ঘ) পৃথিৱীৰ মেৰুদণ্ড বুলিলে কি বুজা ?

উত্তৰঃ পৃথিৱীৰ একেবাৰে উত্তৰৰ মেৰু বিন্দু আৰু একেবাৰে দক্ষিণৰ মেৰু বিন্দুক সংযোগ কৰি কল্পনা কৰি লোৱা ৰেখাডালকে পৃথিৱীৰ মেৰুদণ্ড বোলে।

(ঙ) বিষুৱীয় ব্যাস কাক বোলে ?

উত্তৰঃ পৃথিৱীৰ দুই মেৰুৰ পৰা সমান দূৰত থকা পৃথিৱীৰ মাজেৰে কল্পনা কৰা ৰেখাডালক বিষুৱীয় ব্যাস বোলে।

(চ) বিষুৱীয় ব্যাস আৰু মেৰু ব্যাসৰ মাজৰ পাৰ্থক্য পৰিলক্ষিত হোৱা কাৰণ কি ?

উত্তৰঃ পৃথিৱী যিহেতু সম্পূৰ্ণ গোলাকাৰ নহয়, দুয়োমূৰ অলপ চেপেটা, সেইবাবে মেৰু ব্যাস আৰু বিষুৱীয় ব্যাসৰ জোখ একে নহয়।

(ছ) বিষুৱৰেখা কি ?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰে দুই মেৰুৰ পৰা সমান দূৰত্বত পূৱা-পশ্চিমাকৈ কল্পনা কৰা বৃত্তাকাৰ ৰেখাডালকে বিষুৱৰেখা বোলে।

(জ) দ্ৰাঘিমাৰেখা কি ?

উত্তৰঃ পৃথিৱীৰ দুই মেৰুবিন্দু লগ লগাই উত্তৰা-দক্ষিনাকৈ কল্পনা কৰা অৰ্ধবৃত্তাকাৰ ৰেখাবোৰকে দ্ৰাঘিমাৰেখা বোলে।

(ঝ) গুৰুবৃত কাক বোলে ?

উত্তৰঃ দ্ৰাঘিমা ৰেখাসমূহ সিহঁতৰ ঠিক বিপৰীতে থকা দ্ৰাঘিমা ৰেখাসমূহৰ লগ লাগি সৃষ্টি কৰা বৃতবোৰক গুৰুবৃত বোলে ।

২। খালী ঠাই পূৰ কৰা।

(ক) পৃথিৱীৰ আকৃতি ________।

উত্তৰঃ পৃথিৱীৰ আকৃতি গোলাকাৰ।

(খ) গোলক পৃথিৱীৰ __________।

উত্তৰঃ গোলক পৃথিৱীৰ আৰ্হি।

(গ) পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰুবিন্দু লগ লগাই কল্পনা কৰা ৰেখাডালক _________ বোলে।

উত্তৰঃ পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰুবিন্দু লগ লগাই কল্পনা কৰা ৰেখাডালক দ্ৰাঘিমাৰেখা বোলে।

(ঘ) পৃথিৱীৰ বিষুৱীয় ব্যাসতকৈ মেৰুব্যাসডাল _________।

উত্তৰঃ পৃথিৱীৰ বিষুৱীয় ব্যাসতকৈ মেৰুব্যাসডাল ছুটি।

(ঙ) বিষুৱৰেখাৰ সমান্তৰালকৈ কল্পনা কৰা ৰেখাডালক ________ বোলে।

উত্তৰঃ বিষুৱৰেখাৰ সমান্তৰালকৈ কল্পনা কৰা ৰেখাডালক অক্ষৰেখা বোলে।

(চ) ২৩_১/২ উত্তৰ অক্ষৰেখাডালক _________ বোলে।

উত্তৰঃ ২৩_১/২ উত্তৰ অক্ষৰেখাডালক কৰ্কটক্ৰান্তি বোলে।

(ছ) ২৩_১/২ দক্ষিণ অক্ষৰেখাডালক ________ বোলে।

উত্তৰঃ ২৩_১/২ দক্ষিণ অক্ষৰেখাডালক কুমেৰু বৃত্ত বোলে।

(জ) গোটেই পৃথিৱীত মুঠতে ______ ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে।

উত্তৰঃ গোটেই পৃথিৱীত মুঠতে ৩৬০ ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে।

(ঝ) 0° দ্ৰাঘিমা ৰেখা আৰু  ________দ্ৰাঘিমা ৰেখাডালে লগ লাগি এটা গুৰুবৃত্তৰ সৃষ্টি কৰিছে।

উত্তৰঃ 0° দ্ৰাঘিমা ৰেখা আৰু ১৮০° দ্ৰাঘিমা ৰেখাডালে লগ লাগি এটা গুৰুবৃত্তৰ সৃষ্টি কৰিছে।

(ঞ) ________ ৰেখাবোৰ অৰ্ধবৃত্তাকাৰ।

উত্তৰঃ দ্ৰাঘিমা ৰেখাবোৰ অৰ্ধবৃত্তাকাৰ।

৩। শুদ্ধ নে অশুদ্ধ লিখা।

(ক) ভাৰতবৰ্ষত দিন হলে আমেৰিকাত ৰাতি হয়।

উত্তৰঃ শুদ্ধ।

(খ) পৃথিৱীৰ আকৃতি থাল এখনৰ দৰে ঘূৰণীয়া।

উত্তৰঃ অশুদ্ধ।

(গ) পৃথিৱীৰ উপৰিভাগ সমান।

উত্তৰঃ অশুদ্ধ।

(ঘ) পৃথিৱীৰ মেৰু ব্যাস আৰু বিষুৱীয় ব্যাসৰ দৈৰ্ঘ্য সমান।

উত্তৰঃ অশুদ্ধ।

(ঙ) পৃথিৱীৰ ওপৰেৰে কল্পনা কৰা অক্ষৰেখাবোৰ বৃত্তাকাৰ।

উত্তৰঃ শুদ্ধ।

(চ) বিষুৱৰেখাডাল পৃথিৱীক উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত ভাগ কৰিছে।

উত্তৰঃ শুদ্ধ।

(ছ) পৃথিৱীৰ ওপৰেৰে কল্পনা কৰা অক্ষৰেখাবোৰ সমান্তৰাল আৰু সমান।

উত্তৰঃ অশুদ্ধ।

৪। উত্তৰ লিখা।

(ক) পৃথিৱীৰ আকৃতি গোলাকাৰ হোৱাৰ এটা প্ৰমাণ দিয়া।

উত্তৰঃ পৃথিৱীৰ সকলো ঠাইতে একে সময়তে দিন-ৰাতি নহয়। আমাৰ দেশত দিন হ’লে আমেৰিকাত ৰাতি হয়। পৃথিৱীখন চেপেটা হোৱা হ’লে সূৰ্যৰ পোহৰ একে সময়তে সকলো ঠাইতে পাৰিলেহেঁতেন। পৃথিৱীখন গোলাকাৰ হোৱাৰ বাবে তেনে নহয়।

(খ) পৃথিৱীৰ এটা অংশত দিন হলে আনটো অংশত ৰাতি হোৱাৰ কাৰণ কি ?

উত্তৰঃ পৃথিৱীখন গোলাকাৰ হোৱাৰ বাবে ইয়াৰ এফালত যেতিয়া পোহৰ পৰে , সেই সময়ত আনফালে আন্ধাৰ হৈ থাকে। পোহৰ পৰা অংশটোত দিন আৰু আন্ধাৰ ফালটোত ৰাতি হয়। গোলাকাৰ পৃথিৱীখনে নিজৰ মেৰুদণ্ডত ঘূৰি থকা কাৰণে আন্ধাৰ অংশটোত পোহৰলৈ আহে আৰু পোহৰৰ অংশটো আন্ধাৰলৈ যায়। এনেদৰেই দুয়োটা ফালেই দিন ৰাতি হয়।

(গ) পৃথিৱীৰ আকৃতি ব্যাখ্যা কৰা।

উত্তৰঃ পৃথিৱীখন গোলাকাৰ যদিও টেনিচ বল এটাৰ নিচিনা সম্পূৰ্ণ গোল নহয়। একেবাৰে উত্তৰৰ আৰু একেবাৰে দক্ষিণৰ ঠাইবোৰ অলপ চেপেটা আৰু মাজৰ ভাগ উফন্দি উঠে। সুমথিৰা টেঙাৰ লগত পৃথিৱীৰ আকৃতিৰ কিছু মিল থাকিলেও হুবহু একে নহয়। বিজ্ঞানীসকলে পৃথিৱীৰ এই বিশেষ আকৃতিটোক ‘জিওইড’বুলি কৈছে। জিওইড ৰ অৰ্থ হৈছে পৃথিৱীসদৃশ।

(ঘ) অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজত থকা পাৰ্থক্য সমূহ লিখা।

উত্তৰঃ অক্ষৰেখাবোৰ বিষুৱৰেখাৰ সমান্তৰাল। অৰ্থাৎ পূৱা-পশ্চিমা। দ্ৰাঘিমা ৰেখাবোৰ উত্তৰা-দক্ষিণা। অক্ষৰেখাবোৰ বিষুৱ ৰেখাৰ পৰা ক্ৰমান্বয়ে সৰু হৈ আহি দুইমূৰে দুটা বিন্দুত পৰিণত হৈছে।

দ্ৰাঘিমা ৰেখা অৰ্ধবৃত্তাকাৰ। দুই মেৰুবিন্দু লগ লগাই দ্ৰাঘিমা ৰেখাবোৰ কল্পনা কৰা হৈছে। অক্ষৰেখাৰ সংখ্যা ১৮১ ডাল আৰু দ্ৰাঘিমা ৰেখাৰ সংখ্যা ৩৬০ ডাল ।

৫। চিত্ৰ আঁকি দেখুওৱা।

(ক) বিষুৱীয় ব্যাস আৰু মেৰু ব্যাস।

উত্তৰঃ

(খ) বিষুৱৰেখা, উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ ।

উত্তৰঃ 

(গ) কৰ্কটক্ৰান্তি ৰেখা, মকৰক্ৰান্তি ৰেখা, সুমৰো বৃত্ত আৰু কুমেৰু বৃত্ত।

উত্তৰঃ 

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

1 thought on “Assam Jatiya Bidyalay Class 5 Social Science Chapter 14 পৃথিৱীৰ আকৃতি”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top