Assam Jatiya Bidyalay Class 5 Assamese Chapter 8 আনন্দৰাম বৰুৱা

Assam Jatiya Bidyalay Class 5 Assamese Chapter 8 আনন্দৰাম বৰুৱা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 8 আনন্দৰাম বৰুৱা Class 5 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Assamese Chapter 8 আনন্দৰাম বৰুৱা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Assamese Chapter 8 আনন্দৰাম বৰুৱা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আনন্দৰাম বৰুৱা

Chapter – 8

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

* তলৰ শব্দবোৰৰ অৰ্থ লিখা :

চহকী, জননী, মাধুৰ্য, চৰ্চা, বৰঙণি, যশস্বী, নিৰ্জনতাপ্ৰিয়, জাকৰুৱা, অহংকাৰ, সৰ্বোচ্চ, সৰ্বোৎকৃষ্ট, পাৰদৰ্শিতা, বৃত্তি, আই চি এছ, চোকা, অপব্যয়, চঞ্চল, একাণপতীয়া, অনুসন্ধিৎসু, অজম্ৰ, বঙলা, বদলি, পাণ্ডিত্য, মুগ্ধ, ছপাখনা, সমল, ভাৰ্যা, মেজিষ্ট্ৰেট, অনাহাৰী, নিৰাশ্ৰয়, অনুকৰণীয়।

উত্তৰ :-

শব্দ                 অৰ্থ
চহকীধনী।
জননী মাতৃ; মা; জন্মদাত্ৰী।
মাধুৰ্যমধুৰ গুণ; মধুৰতা।
চৰ্চাঅভ্যাস; অনুশীলন।
বৰঙণিমহৎ কাৰ্যলৈ আগবঢ়োৱা সাহায্য।
যশস্বীখ্যাতিমন্ত; যি যশস্যা লাভ কৰিছে।
নিৰ্জনতাপ্ৰিয়নিজান পৰিৱেশ ভালপোৱা।
জাকৰুৱাজাক পাতি থকা।
অহংকাৰগৰ্ব; মইবৰ ভাব।
সৰ্বোচ্চসকলোতকৈ উচ্চ বা ওখ; সকললোতকৈ ওপৰত।
সৰ্বোৎকৃষ্টশ্ৰেষ্ঠ, সকলোৰে মাজত উত্তম।
পাৰদৰ্শিতাপটুতা; নিপুণতা।
বৃত্তিজলপান; জীৱিকা; ব্যৱসায়; সংস্থানৰ উপায়।
আই চি এছইণ্ডিয়ান চিভিল চাৰ্ভিচ (Indian Civil Service)।
চোকাচোক থকা; বৰ পাৰ্গত; তীক্ষ্ণ।
অপব্যয়অযথা খৰচ; বিচাৰহীনভাৱে কৰা ব্যয়।
চঞ্চলঅস্থিৰ; চটফটীয়া, বিচলিত।
একাণপতীয়াআন কোনো ফালে কাণ নকৰাকৈ একান্ত মনে লাগি থকা।
অনুসদ্ধিৎসুঅসুসন্ধান কৰিবলৈ অৰ্থাৎ জানিবলৈ ইচ্ছুক।
অজম্ৰঅসংখ্য; অপৰ্যাপ্ত।
বঙলাএবিধ দুটুপীয়া ডাঙৰ ঘৰ, (Bunglow)।
বদলিপৰিবৰ্তে; যি সলনি হয়; যি স্থানান্তৰ হয়।
পাণ্ডিত্যপণ্ডিতৰ গুণ।
মুগ্ধমোহিত; বশীভূত।
ছপাখানায’ত কিতাপ-পত্ৰ ছপা কৰা হয়।
সমলউপাদান।
ভাৰ্যাস্ত্ৰী; পত্নী।
মেজিষ্ট্ৰেটনিম্ন আদালতৰ বিচাৰক; হাকিম।
অনাহাৰীখাদ্যৰ অভাৱত থকা লোক।
নিৰাশ্ৰয়যাৰ আশ্ৰয় নাই।
অনুকৰণীয়(আনক চাই কৰা কাৰ্য-অনুকৰণ); অনুকৰণৰ যোগ্য।

পাঠভিত্তিক ক্ৰিয়া-কলাপৰ প্ৰশ্নোত্তৰঃ

১। প্ৰথমে কোঁৱা, তাৰ পিছত লিখা :

(ক) আনন্দৰাম বৰুৱাৰ জন্ম ক’ত হৈছিল ?

উত্তৰ :- আনন্দৰাম বৰুৱাৰ জন্ম হৈছিল কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত।

(খ) ছাত্ৰ অৱস্থাত আনন্দৰাম বৰুৱা কেনে প্ৰকৃতিৰ আছিল ?

উত্তৰ :- ছাত্ৰ অৱস্থাত আনন্দৰাম বৰুৱাই পঢ়া-শুনাৰ বাদে আন কথালৈ মন কাণ নিদিছিল। তেওঁ বৰ নিৰ্জনতাপ্ৰিয় আছিল বাবে জাকৰুৱা ছাত্ৰৰ লগত মিলি হাই-কাজিয়া কৰি নুফুৰিছিল। তেওঁ বৰ নম্ৰ আছিল, কেতিয়াও অহংকাৰ নেদেখুৱাইছিল। যথেষ্ট ধীৰ-স্থিৰ স্বভাৱৰ আনন্দৰাম বৰুৱাই একাণপতীয়াকৈ লিখা-পঢ়া কৰিছিল।

(গ) আনন্দৰাম বৰুৱাই পোৱা কেইটামান বৃত্তিৰ নাম লিখা।

উত্তৰ :- ছাত্ৰ অৱস্থাত আনন্দৰাম বৰুৱাই কেইবাটাও বৃত্তি লাভ কৰিছিল। তেওঁ পোৱা বৃত্তিসমূহ হ’ল – ‘ডাফ্ স্ক’লাৰশ্বিপ’, ‘ষ্টেইট স্ক’লাৰশ্বিপ’, ‘গিলক্ৰাইষ্ট স্ক’লাৰশ্বিপ’। ইয়াৰ উপৰিও আনন্দৰাম বৰুৱাই কলিকতা বিশ্ববিদ্যালয়ত সুন্দৰ পাৰদৰ্শিতা দেখুৱাই বিলাতত পঢ়িবলৈ বৃত্তি লাভ কৰে।

(ঘ) কি কি কথাৰ পৰা আনন্দৰাম বৰুৱাৰ সংস্কৃত বিষয়ৰ প্ৰতি ৰাপ থকা বুলি বুজিব পাৰি ?

উত্তৰ :- স্কুলত পঢ়ি থকা কালছোৱাতেই আনন্দৰাম বৰুৱাই সংস্কৃত অভিধান ‘অমৰকোষ’খন মুখস্থ কৰি পেলাইছিল। সংস্কৃত বিষয়ৰ প্ৰতি তেওঁৰ ইমানেই ৰাপ আছিল যে তেওঁ মুখে মুখে সদায় সংস্কৃত শ্লোককে আওঁৰাইছিল। পিছৰ জীৱনতো তেওঁ চাকৰিৰ পৰা দীঘলীয়া ছুটি লৈ পুনৰ বিদেশলৈ গৈ প্ৰথমে জাৰ্মানীৰ সংস্কৃত পণ্ডিতসকলক দেখা সাক্ষাৎ কৰি তেওঁলোকৰপৰা বিভিন্ন উপদেশ গ্ৰহণ কৰিছিল। তাৰ পাছত বিলাতলৈ গৈ বৃটিছ মিউজিয়াম আৰু বডেলিয়ান লাইব্ৰেৰী আদিত সংস্কৃত সাহিত্যৰ ভালেমান কিতাপ পঢ়ি মেলি গন্থ ৰচনাৰ সমল গোটাইছিল। এই সকলোবোৰৰ উপৰিও আনন্দৰাম বৰুৱাই সংস্কৃত বিষয়ক ভালেকেইখন অমূল্য গ্ৰন্থ ৰচনা কৰি গৈছে। ওপৰোক্ত কাৰ্যসমূহৰ পৰা আনন্দৰাম বৰুৱাৰ সংস্কৃত বিষয়ৰ প্ৰতি থকা ৰাপৰ বিষয়ে জানিব পাৰি।

(ঙ) আনন্দৰাম বৰুৱা বিলাতলৈ কি উদ্দেশ্যেৰে গৈছিল আৰু তাত তেওঁৰ সেই উদ্দেশ্যে কিদৰে পূৰণ হৈছিল ?

উত্তৰ :- আনন্দৰাম বৰুৱা বিলাতলৈ যোৱাৰ উদ্দেশ্য আছিল আই.চি. এছ পৰীক্ষা পাছ কৰা। লণ্ডনৰ বহুত ল’ৰা-ছোৱালীৰ মাজত তেওঁ সুখ্যাতিৰে আই.চি.এছ পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

(চ) কি কি কথাৰপৰা আনন্দৰাম বৰুৱাক স্বাধীনচিতীয়া মনৰ মানুহ বুলি বুজিব পাৰি ?

উত্তৰ :- শিৱসাগৰত সহকাৰী উপায়ুক্ত হৈ কালত এদিন আনন্দৰাম বৰুৱাৰ বঙলালৈ দিহিঙৰ স্থানীয় লোক (বৰসাজতোলা) এজনে দেখা কৰিবলৈ গৈছিল। দুয়ো দুখন চকীত বহি কথা পাতি আছিল। এনে সময়তে জিলা উপায়ুক্ত কৰ্ণেল কেম্পৱেলকে আদি কৰি কেইজনমান চাহাব সেই বঙলাটোত উপস্থিত হৈছিল। চাহাব যোৱা দেখি সেই লোকজনে বহাৰপৰা ঘপকৰে উঠিব খুজিলে। ইয়াকে দেখা পাই বৰুৱাই মানুহজনক ক’লে, “আপুনি স্বাধীন মানুহ, কেলেই উঠিব, বহি থাকক।”

উক্ত কথাৰ পৰা আনন্দৰাম বৰুৱাক স্বাধীনচিতীয়া মনৰ মানুহ বুলি বুজিব পাৰি।

(ছ) আনন্দৰাম বৰুৱাই ৰচনা কৰা কেইখনমান গ্ৰন্থৰ নাম লিখা।

উত্তৰ :- আনন্দৰাম বৰুৱাই ৰচনা কৰা কেইখনমান গ্ৰন্থৰ নাম হ’ল – ‘ব্যৱহাৰপযোগী ইংৰাজী-সংস্কৃত অভিধান’, ‘উচ্চ সংস্কৃত ব্যাকৰণ’, ‘ভৱভুতিৰ মহাবীৰ চৰিত,’ ‘সংস্কৃত শিক্ষাৰ্থীৰ সহচৰ,’ ‘ভৱভুতি আৰু সংস্কৃত সাহিত্যত তেওঁৰ ঠাই,’ ‘সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ’, ‘ধাতুকোষ,’ আৰু ‘ধাতুপাঠ’ ইত্যাদি।

(জ) নোৱাখালিত থাকোঁতে আনন্দৰাম বৰুৱাই সমাজৰ উন্নতিৰ হ’কে কি কি কাম কৰিছিল ?

উত্তৰ :- বঙ্গৰ নোৱাখালিত মেজিষ্ট্ৰেট হৈ থাকোতে আনন্দৰাম বৰুৱাই সমাজৰ উন্নতিৰ হ’কে যথেষ্ট কাম কৰিছিল। তাত তেওঁ দুখীয়া লোকৰ মাটি-বাৰীৰ বিভিন্ন সমস্যা সমাধান কৰিছিল। পানীৰ সমস্যা দূৰ কৰিবলৈ পুখুৰী খন্দাইছিল আৰু এখন হাট বহুৱাইছিল। ছোৱালীৰ শিক্ষাৰ বাবে এখন বালিকা বিদ্যালয় স্থাপন কৰিছিল। বহুত দুখীয়া ছাত্ৰক মাহিলী বৃত্তি দি সহায় কৰিছিল। কেতিয়াবা তেওঁ চহৰৰ বাহিৰলৈ গ’লে সদায় লগত দুগাড়ীমান দাইল-চাউল, বস্ত্ৰ আদি লৈ গৈছিল। বাটত কোনো অনাহাৰী, নিৰাশ্ৰয় মানুহ পালে সেইবোৰ বিলাই দিছিল।

২। কোনে কৈছিল, কাক কৈছিল ?

(ক) “নহয় দেউতা’, সেই ধন আপোনাৰ বঢ়া কালত লাগিব।’

উত্তৰ :- উক্ত কথাষাৰ আনন্দৰাম বৰুৱাই তেওঁৰ পিতাকক কৈছিল।

(খ) “আপুনি স্বাধীন মানুহ, কেলেই উঠিব, বহি থাকক।”

উত্তৰ :- উক্ত কথাষাৰ আনন্দৰাম বৰুৱাই তেওঁৰ বঙলাত দেখা কৰিবলৈ অহা দিহিঙৰ স্থানীয় লোক (বৰসাজতোলা) এজনক কৈছিল।

(গ) “এয়াই মোৰ ভাৰ্যা। এগৰাকী ভাৰ্যা থাকোতে আন এগৰাকীক কিদৰে গ্ৰহণ কৰো।” 

উত্তৰ :- উক্ত কথাষাৰ আনন্দৰাম বৰুৱাই তেওঁক বিয়াৰ প্ৰস্তাৱ দিয়া লোকসকলক উদ্দেশ্যি কৈছিল।

৩। চমুটোকা লিখা :

কালিদাস, ভৱভূতি, বিশ্বনাৰায়ণ শাস্ত্ৰী, পুৰুষোত্তম বিদ্যাবাগীশ, মেক্সমুলাৰ।

উত্তৰ :- (i) কালিদাস :- কালিদাস ধ্ৰুপদী সংস্কৃত সাহিত্যৰ কবি, সাহিত্যক আৰু নাট্যকাৰ। কালিদাসৰ জন্মৰ সময় সম্পৰ্কে বিভিন্ন মত শুনা যায়। মধ্যভাৰতৰ বিক্ৰমাদিত্য ৰজা (খ্ৰীষ্টপূৰ্ব ৩৮০-৪১৫) আৰু অগ্নিমিএ ৰজা (খ্ৰীষ্টপূৰ্ব ১৮৫-১৪৮) ৰ ৰাজত্বকালৰ মধ্যৱৰ্তী কোনো এক সময়ত কালিদাসৰ আবিৰ্ভাৱ হৈছিল বুলি ঐতিহাসিকসকলে অনুমান কৰিছে। তেওঁ গুপ্তবংশীয় সম্ৰাট দ্বিতীয় চন্দ্ৰগুপ্তৰ (খ্ৰীষ্টপূৰ্ব ৩৮০-৪১৫) সভাকবি আছিল। কালিদাসৰ ৰচনা সম্ভাৰৰ ভিতৰত ঋতুসংহাৰ ‘মেঘদুত’, ‘কুমাৰ সম্ভৱ’, ‘ৰঘুবংশ’, ‘মালবিকাগ্নিমিএ’, ‘বিক্ৰমোৱলী’, ‘অভিজ্ঞানম-শকুন্তলম’, আদি প্ৰধান।

সিংহলৰাজ্য (বৰ্তমান শ্ৰীলংকা)ত কালিদাসে শেষ নিশ্বাস ত্যাগ কৰে বুলি ঠাৱৰ কৰা হয়।

(ii) ভৱভূতি :- সপ্তম শতিকাৰ ভাৰতীয় সংস্কৃত নাট্যকাৰ আৰু কবি। ভৱভূতিৰ পিতৃৰ নাম আছিল নীলকণ্ঠ আৰু মাতৃৰ নাম আছিল জাতুকৰ্ণী। ভৱভূতিৰ প্ৰকৃত নাম আছিল মণ্ডন মিশ্ৰ। সুৰেশ্বৰ, বিশ্বৰূপ আদি নামেৰেও তেওঁ পৰিচিত। ব্যাকৰণ, অলংকাৰ, উপনিষদ, বেদ, যোগ, ন্যায় আদি শাস্ত্ৰত ভৱভূতি আছিল পাৰদৰ্শী। ভৱভূতিয়ে কণৌজৰ ৰজা যশোবৰ্মনৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। ভৱভূতি প্ৰধানকৈ তিনিখন নাটকৰ বাবে বিশেষভাৱে জনাজাত। সেই কেইখন হ’ল – দহোটা অংকবিশিষ্ট ‘মালতী মাধৱ’; সাতোটা অংকবিশিষ্ট ‘মহাবীৰ চৰিত’ আৰু ‘উত্তৰ ৰাম চৰিত’। এই আটাইকেইখন নাটকৰ ভিতৰত ‘উত্তৰ ৰাম ৰচিত’ নাটকৰ বিভিন্ন অংশত ভৱভূতিৰ অসাধাৰণ কবিত্বৰ পৰিচয় পোৱা যায়। নাটকখনত চিত্ৰিত হোৱা দাম্পত্য প্ৰেমৰ তুলনা সংস্কৃত সাহিত্যত বিৰল।

(iii) মেক্সমুলাৰ :- জাৰ্মানীৰ ভাষাতত্ত্ববিদ আৰু প্ৰাচ্যতত্ত্ববিদ। তেখেতৰ সম্পূৰ্ণ নাম ফ্ৰেডেৰিক মেক্সমুলাৰ। ১৮২৩ চনৰ ৬ ডিচেম্বৰত জাৰ্মানীৰ দেছাইত জন্ম। মেক্সমুলাৰে ইষ্ট-ইণ্ডিয়া কোম্পানীৰ পৃষ্ঠপোষকতাত ১৮৪৯-১৮৭৪ চনৰ ভিতৰত ছয়টা খণ্ডত ‘ঋকবেদ সংহিতা’ পুথিখন সম্পাদনা আৰু প্ৰকাশ কৰে। মেক্সমুলাৰে তেওঁৰ সম-সাময়িক প্ৰাচ্যতত্ত্ববিদসকলৰ সহায়ত প্ৰাচ্যৰ কেইবাখনো বিশিষ্ট ধৰ্মমূলক গন্থ ইংৰাজীলৈ অনুবাদ কৰে। ইয়াৰ ভিতৰত ৫১টা খণ্ডত ‘ছেক্ৰেড বুকছ অৱ দা ইষ্ট (১৮৭৯-১৯১০)’; ‘ইণ্ডিয়া : হোৱাটো কেন ইট টিচ আছ (১৮৮৩)’; ‘ঝকবেদ প্ৰতিসাক্ষ টেক্সট্ উইথ  জাৰ্মান ট্ৰেন্সলেচন (১৮৫৯-৯৯)’; ‘এ হিষ্ট্ৰী অব্ এনচিয়েন্ট সংস্কৃত লিটাৰেচাৰ (১৮৫৯)’; ‘দি চিক্স চিষ্টেমচ্ অব্ ইণ্ডিয়ান ফিলছ’ফি (১৮৯৯)’ আদি প্ৰধান। ১৯০০ চনত মেক্সমুলাৰৰ মৃত্যু হয়।

৪। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা :

পুৰণি, চহকী, পণ্ডিত, উচ্চ, সুখ্যাতি, স্বাধীন, খৰচ, গ্ৰহণ, পৰিশ্ৰমী।

উত্তৰ :-

শব্দবিপৰীতাৰ্থক শব্দ
পুৰণিনতুন
চহকীদুখীয়া
পণ্ডিতমুখ
উচ্চনীচ
সুখ্যাতিকুখ্যাতি
স্বাধীনপৰাধীন
খৰচআয়; উপাৰ্জন
গ্ৰহণত্যাগ
পৰিশ্ৰমীএলেহুৱা

৫। তলৰ খালী ঠাইবোৰ পূৰ কৰি যুৰীয়া শব্দ গঠন কৰা আৰু উদাহৰণত দেখুওৱাৰ দৰে বাক্য সাজা :

কিতাপ-পত্ৰ : অৰ্চনাই নিজৰ কিতাপ-পত্ৰসমূহ পৰিপাটীকৈ ৰাখে।

হাই …… : …………………………………………..

টকা …… : …………………………………………

ঘৰ …….. : ………………………………………..

কথা ……. : …..……………………………………

নীতি ……. : ………..…….…………………………….

লিখা ……. : ……………………………………….

মন ………. : …….…………………………………

মাটি ……… : ………………………………………

উত্তৰ :- (i) হাই-কাজিয়া :- হাই-কাজিয়া কৰি ফুৰা ল’ৰা-ছোৱালীক কোনেও ভাল নেপায়।

(ii) টকা-পইচা :- হাতত টকা-পইচা নাথাকিলে আমাৰ মনবোৰ বেয়া লাগে।

(iii) ঘৰ-বাৰী :- গুৱাহাটীত ঘৰ-বাৰী নাই বাবে মিনুহঁতৰ ভাড়াঘৰত থাকে।

(iv) কথা-বতৰা :- মানুহজনৰ কথা-বতৰা বৰ ভাল।

(v) নীতি-নিয়ম :- আমি ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ নীতি-নিয়ম মানি চলা উচিত।

(vi) লিখা-পঢ়া :- লিখা-পঢ়া নিশিকিলে জীৱনত উন্নতি কৰিব নোৱাৰি।

(vii) মন-চন :- মাক-দেউতাকে এৰি যোৱা বাবে পখীৰ মন-চন বেয়া লাগি আছে।

(viii) মাটি-বাৰী :- বৰ্তমান যিটো হাৰত জনসংখ্যা বাঢ়ি আছে এসময়ত খেতি কৰিবলৈ মাটি-বাৰী নোহোৱা হ’ব।

৬। বিপৰীত লিঙ্গ বুজোৱা শব্দ লিখা :

পিতা, স্বামী, ককাইদেউ, বাঘ, পঠা, কলা, ক’লা, মুগা, বোন্দা, শ্ৰীমান, ভগৱান।

উত্তৰ :- 

শব্দবিপৰীত লিঙ্গ
পিতামাতা
স্বামীস্ত্ৰী
ককাইদেউবাইদেউ
বাঘবাঘিনী
পঠাপাঠি
কলাবগা
ক’লাবগা
বোন্দাজাই
শ্ৰীমানশ্ৰীমতী
ভগৱানদেৱী

৭। তলৰ বাক্যবোৰত থকা ভুলবোৰ শুধৰোৱা :

(ক) তোমাৰ মা ঘৰত আছেনে ?

উত্তৰ :- তোমাৰ মাৰা ঘৰত আছেনে ?

(খ) আইতা ফুৰিব গ’ল।

উত্তৰ :- আইতাই ফুৰিবলৈ গ’ল।

(গ) যোনে আহিব খোজে আহিব পাৰে।

উত্তৰ :- যিসকলে আহিব খোজে আহিব পাৰে।

(ঘ) কালি মই গুৱাহাটীলৈ যাম।

উত্তৰ :- অহাকালি মই গুৱাহাটীলৈ যাম।

(ঙ) তোৰ দেউতা ক’ত আছে ?

উত্তৰ :- তোমাৰ দেউতাৰা ক’ত আছে ? 

নাইবা 

তোমাৰ দেউতাৰা ক’ত থাকে ?

(চ) আজি তুমি আমাৰ ঘৰলৈ আহিবানে নাই ?

উত্তৰ :- তুমি আজি আমাৰ ঘৰলৈ আহিবানে ?

(ছ) বাইদেৱে বান্ধৱী এগৰাকীক লগ কৰিবলৈ গৈছে।

উত্তৰ :- বাইদেৱে বান্ধৱী এগৰাকীক লগ ধৰিবলৈ গৈছে।

৮। বুজাই লিখা :

(ক) যি মূলা বাঢ়ে তাৰ দুপাততে চিন।

উত্তৰ :- নতুনকৈ গজা মূলা পুলি এটা আগলৈ ভাল হ’ব নে নহয়, তাৰ চিন সৰুতেই পোৱা যায়। যিটো মূলা পুলি ভাল হ’ব, সি দুপতীয়াতে লহপহকৈ, ধুনীয়াকৈ বাঢ়ি আহিব। আনহাতে যিটো কেৰুণীয়া হ’ব, সি দুপতীয়াতো মেমেৰা হ’ব। এতেকে ভাল-বেয়াৰ চিন সৰুতেই পোৱা যায়। এই কথা সকলো ক্ষেত্ৰতে খাটে। যি ল’ৰা-ছোৱালী শৈশৱতেই সজ হ’ব, কামত আগৰণুৱা হ’ব আৰু তীক্ষ্ণ বুদ্ধিসম্পন্ন হ’ব, তেওঁলোকে ভৱিষ্যত জীৱনতো সকলোতে অগ্ৰণী আৰু প্ৰতিভাৱান হ’বই।

পাঠভিত্তিক ব্যাকৰণৰ আলোচনা

১। উপসৰ্গ কাক বোলে ? অসমীয়া ভাষাত সংস্কৃতৰপৰা অহা মুঠতে উপসৰ্গ কিমানটা ? উদাহৰণ দি বুজাই লিখা।

উত্তৰ :- প্ৰকৃতি বা মূলৰ আগত বহি অৰ্থপ্ৰকাশ কৰিব পৰা ধ্বনি বা ধ্বনিসমষ্টিকেই উপসৰ্গ বুলি কোৱা হয়।

অসমীয়া ভাষাত সংস্কৃতৰপৰা অহা উপসৰ্গ মুঠতে বিছটা। এইবোৰ হ’ল – প্ৰ, পৰা, অপ, সম্, অণু, অৱ, নিৰ্ (নি:), দুৰ্ (দু:), অভি, ৱি, অধি, সু, উৎ, অতি, নি, প্ৰতি, পৰি, অপি, উপ, আ। তলৰ উপসৰ্গ যোগ হোৱা শব্দ কিছুমানৰ উদাহৰণ দিয়া হ’ল – 

দুৰ্ + ভাগ্য = দুৰ্ভাগ্য

উৎ + কৃষ্ট = উৎকৃষ্ট

অণু + কৰণীয় = অণুকৰণীয়

অভি + ধান = অভিধান

অপ + ব্যয় = অপব্যয়

পৰি + শ্ৰম = পৰিশ্ৰম

২। বিশেষ্য পদ কাক বোলে ? উদাহৰণ দিয়া।

উত্তৰ :- নাম বুজোৱা পদক বিশেষ্য পদ বুলি কোৱা হয়। যেনে – ৰাম, পানী, আকাশ, ব্ৰাহ্মণ, গছ, ভাটৌ, তামোল ইত্যাদি।

৩। তলৰ বিশেষ্য পদবোৰ বাছি উলিওৱা :

আনন্দৰাম, সমস্যা, গুৱাহাটী, হাট, তেওঁ, মাত্ৰ, সদায়, ভাৰত, সংস্কৃত, চহকী, কিতাপ, ছাত্ৰ, আহিছে, মাধৱ, পণ্ডিত, মধুৰ, কবি।

উত্তৰ :- বিশেষ্য পদবোৰ হ’ল – আনন্দৰাম, গুৱাহাটী, হাট, ভাৰত, সংস্কৃত, কিতাপ, ছাত্ৰ, মাধৱ, কবি।

অতিৰিক্ত পাঠভিত্তিক প্ৰশ্নোত্তৰ

১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা :

(ক) সংস্কৃত ভাষাক ভাৰতবৰ্ষত প্ৰচলিত প্ৰায়বোৰ ভাষাৰেই জননী বুলি কোৱা হয় কিয় ?

উত্তৰ :- সংস্কৃত ভাষা ভাৰতবৰ্ষৰ এক প্ৰাচীন ভাষা। ভাৰতবৰ্ষত প্ৰচলিত প্ৰায়বোৰ ভাষাৰ সৰহভাগ শব্দই সংস্কৃতৰপৰা অহা। আমি পঢ়া নানা সাধুকথা, বহু সজ উপদেশ, সাহিত্য-ব্যাকৰণ আদি সংস্কৃত সাহিত্যৰ পৰাই লাভ কৰিছোঁ। সেইবাবে সংস্কৃত ভাষাক ভাৰতবৰ্ষত প্ৰচলিত প্ৰায়বোৰ ভাষাৰেই জননী অৰ্থাৎ মাতৃভাষা বুলি কোৱা হয়।

(খ) সংস্কৃত ভাষাক দেৱভাষা বুলি কোৱাৰ কাৰণ কি ? শিক্ষকৰ সহায়ত জানি লোৱা।

উত্তৰ :- ভাৰতবৰ্ষৰ হিন্দুধৰ্মত দেৱ-দেৱীসকলে সংস্কৃত ভাষা ব্যৱহাৰ কৰা বুলি বিশ্বাস কৰা হয়। সেই অনুসৰি এই দেৱ-দেৱীসকলক পূজা কৰোঁতেও সংস্কৃত ভাষাৰেই পূজা কৰা হয়, মন্ত্ৰ পাঠ আদি কৰা হয়। সেইবাবে অতি মধুৰ এই ভাষাটোক ‘দেৱভাষা’ বুলি কোৱা হয়।

(গ) ভাৰতৰ আৰু বিদেশৰ সংস্কৃত পণ্ডিত তথা কবি-সাহিত্যকসকলৰ নাম লিখা।

উত্তৰ :- ভাৰতৰ কেইজনমান বিখ্যাত সংস্কৃত কবি-সাহিত্যক হ’ল – কালিদাস, ভৱভূতি, শ্ৰীহষ, বাণভট্ট, শূদ্ৰক, ভূওহৰি, ভাৰৱি, ভাস আদি।

বিদেশৰ ভিতৰত জাৰ্মান কবি হোৰেস হোম্যান্ উইলচন, ইংৰাজ সাহিত্যিক মেক্সমুলাৰ, এ.বি.স্মিথ্, এ.মেকড’নেল আদি সাহিত্যকসকলে সংস্কৃত ভাষা অধ্যয়ন কৰি বিভিন্ন কিতাপ-পত্ৰ প্ৰকাশ কৰি থৈ গৈছে।

(ঘ) সংস্কৃত সাহিত্যলৈ বৰঙণি আগবঢ়োৱা অসমীয়া সাহিত্যিককেইজনমানৰ নামবোৰ উল্লেখ কৰা।

উত্তৰ :- আনন্দৰাম বৰুৱা, কৃষ্ণকান্ত সন্দিকৈ, মনোৰঞ্জন শাস্ত্ৰী, পুৰুষোত্তম বিদ্যাবাগীশ, বিশ্ব নাৰায়ণ শাস্ত্ৰী, মুকুন্দ মাধৱ শর্মা আদি অসমীয়া ব্যক্তিসকলে সংস্কৃত সাহিত্যলৈ ভালেমান বৰঙণি আগবঢ়াইছে।

(ঙ) আনন্দৰাম বৰুৱাই কলিকতাৰ কোনখন কলেজত পঢ়িছিল ?

উত্তৰ :- আনন্দৰাম বৰুৱাই কলিকতা (এতিয়া কোলকাতা) ৰ বিখ্যাত প্ৰেন্সিডেন্সি কলেজত পঢ়িছিল।

(চ) লণ্ডন বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ কাৰ্পেন্টাৰে আনন্দৰাম বৰুৱা সম্পৰ্কে কি কৈছিল ?

উত্তৰ :- লণ্ডন বিশ্ববিদ্যালয়ৰ প্ৰসিদ্ধ অধ্যাপক ড° কাৰ্পেন্টাৰে আনন্দৰাম বৰুৱা সম্পৰ্কে কৈছিল, “মই ইমানদিন শিক্ষকতা কৰিছোঁ, কিন্তু এওঁৰ নিচিনা অনুসদ্ধিৎসু ছাত্ৰ আজিলৈকে পোৱা নাই।”

(ছ) কোনজন ইংৰাজ কবিয়ে তেওঁৰ ‘বিবিধ গীত’ নামৰ কবিতা পুথিত আনন্দৰাম বৰুৱাৰ নামত কবিতা লিখিছিল ? তেওঁ লিখা কবিতাটো কিমান দীঘল আছিল ?

উত্তৰ :- মি: এলেক মেকমিলান নামৰ ইংৰাজ কবিজনে তেওঁৰ ‘বিবিধ গীত’ নামৰ কবিতা পুথিত আনন্দৰাম বৰুৱাৰ নামেৰে এটি কবিতা লিখিছিল। তেওঁ লিখা এই কবিতাটো পোন্ধৰ পিঠীয়া দীঘল আছিল।

(জ) বিলাতৰ পৰা অসমলৈ আহিয়েই আনন্দৰাম বৰুৱাই প্ৰথমে কাক দেখা কৰিছিল ?

উত্তৰ :- বিলাতৰ পৰা আই, চি, এছ পৰীক্ষাত সন্মানেৰে উত্তীৰ্ণ হৈ অসমলৈ আহিয়েই আনন্দৰাম বৰুৱাই পিতাকক দেখা কৰিছিল।

(ঝ) আনন্দৰাম বৰুৱাৰ কি গুণে তেওঁ চাকৰি কৰা শিৱসাগৰ আৰু বঙ্গঁদেশৰ লোকসকলক মুগ্ধ কৰিছিল ?

উত্তৰ :- আনন্দৰাম বৰুৱাৰ পাণ্ডিত্য আৰু সুন্দৰ আচৰণে সকলো ঠাইৰে মানুহৰ মন মুগ্ধ কৰিছিল।

(ঞ) কলিকতাত চাকৰি কৰা সময়ছোৱাত আনন্দৰাম বৰুৱাই নিজ ঘৰত স্থাপন কৰা ছপাখানাটোৰ নাম কি আছিল ?

উত্তৰ :- ‘মণিৰাম’ আছিল।

(ট) আনন্দৰাম বৰুৱাক কোনোবাই বিয়াৰ প্ৰস্তাৱ দিলে তেওঁ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ?

উত্তৰ :- আনন্দৰাম বৰুৱাক কোনোবাই বিয়াৰ প্ৰস্তাৱ দিলে তেওঁ তেওঁৰ কিতাপবোৰৰ ফালে আঙুলিয়াই কৈছিল, “এয়াই মোৰ ভাৰ্যা। এগৰাকী ভাৰ্যা থাকোতেই আন এগৰাকীক কিদৰে গ্ৰহণ কৰোঁ।”

(ঠ) আনন্দৰাম বৰুৱাই নিজকে কিদৰে পৰিচয় দিবলৈ ভাল পাইছিল ?

উত্তৰ :- কঠোৰ পৰিশ্ৰমী আনন্দৰাম বৰুৱাই নিজৰ নামটোৰে নহয়, কামেৰেহে আনৰ সৈতে পৰিচিত হ’বলৈ ভাল পাইছিল।

(ড) কিমান বছৰ বয়সত আনন্দৰাম বৰুৱাৰ মৃত্যু হৈছিল ?

উত্তৰ :- মাত্ৰ উনচল্লিশ বছৰ বয়সতে আনন্দৰাম বৰুৱাৰ অকাল মৃত্যু হৈছিল।

(ঢ) প্ৰৱন্ধ লিখকে ‘আনন্দৰাম বৰুৱা’ প্ৰৱন্ধটোৰ শেষত বৰুৱাদেৱক কি বিশেষণেৰে বিভূষিত কৰিছে ?

উত্তৰ :- প্ৰৱন্ধ লিখকে ‘আনন্দৰাম বৰুৱা’ শীৰ্ষক প্ৰৱন্ধটোত বৰুৱাদেৱক ‘ভাৰত গৌৰৱ’, ‘অসমী আইৰ আঁচলৰ মাণিক’, ‘পণ্ডিত প্ৰৱৰ’, ‘মহাত্মা’ বিশেষণেৰে বিভূষিত কৰিছে।

(ণ) কালিদাস, ভৱভূতি, শ্ৰীহৰ্ষ, বাণভট্ট, শূদ্ৰক, ভূওহৰি , ভাৰৱী, ভাস, কৃষ্ণকান্ত সন্দিকৈ, পুৰুষোত্তম বিদ্যাবাগীশ আদি সংস্কৃত পণ্ডিতসকলে লিখা গ্ৰন্থ কেইখনমানৰ নাম লিখা।

উত্তৰ :- 

লিখকৰ নামগ্ৰন্থৰ নাম
কালিদাসঅভিজ্ঞান-শকুন্তলম, মেঘদৃত ৰঘুবংশ, বলৱিকাগ্মিমিএ।
ভৱভূতিউত্তৰ ৰামচৰিত, মহাবীৰ চৰিত।
শ্ৰীহৰ্ষনৈষধ চৰিত।
বাণভট্টহৰ্ষ চৰিত, কাদম্বৰী।
শূদ্ৰকমৃচ্ছকটিকম্।
ভওহৰিনীতিশতক, শৃংগাৰ শতক,বৈৰাগ্যশতক।
ভাৰৱিকিৰাতাৰ্জুনীয়ম্।
ভাসস্বপ্নৱাসৱদওম্।
কৃষ্ণকান্ত সন্দিকৈনৈষধ চৰিত (ইংৰাজী),যশস্তিলক এণ্ড ইণ্ডিয়ান কালচাৰ (ইংৰাজী), সেতুবন্ধ (ইংৰাজী), কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ (অসমীয়া)।
পুৰুষোত্তম বিদ্যাবাগীশপ্ৰয়োগ-ৰত্নামালা ব্যাকৰণ।

৩। তুমি ভালপোৱা এজন মহৎ লোকৰ জীৱনী লিখা। ( শিক্ষকৰ সহায় লৈ )

উত্তৰ :- 

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ

জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে আটাইকে একেডাল ডোলেৰে গাঁথি আধুনিক অসমীয়া জাতিৰ ভেটি প্ৰতিষ্ঠা কৰি থৈ যোৱা শিৰোমণি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। তেওঁ একেৰাহে কবি, শিল্পী, গায়ক, বাদক, নৃত্যবিশাৰদ, চিত্ৰকাৰ, গীতিকাৰ, চিন্তা-নায়ক আৰু সমাজ সংস্কাৰক দ্ৰষ্টা পুৰুষ আছিল।

১৪৪৯ খ্ৰীষ্টাব্দত বৰদ্ৰোৱাৰ আলিপুখুৰীত শংকৰদেৱৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল কুসুম্বৰ শিৰোমণি বৰভূঞা আৰু মাতৃৰ নাম সত্যসন্ধা। তেওঁৰ সৰুতে পিতৃ-মাতৃ ঢুকায়।বুঢ়িমাক খেৰসুতীয়ে শংকৰক তুলি-তালি ডাঙৰ -দীঘল কৰে।

বাৰবছৰ বয়সত বুঢ়ীমাকে শংকৰক মহেন্দ্ৰ কন্দলি নামে এজন ওজাৰ টোলত নামভৰ্ত্তি কৰি দিয়ে। শংকৰদেৱ বৰ তীক্ষ্ণ বুদ্ধিৰ আছিল। বৰ্ণমালাখন শিকিয়েই তেওঁ অ-কাৰ, উ-কাৰ নথকা এটা কবিতা লিখি উলিয়াইছিল। কেইবছৰমান শিক্ষালাভৰ অন্ততে শংকৰ অপ্ৰমাদী পণ্ডিত হৈ উঠে সকলোৰে বাবে শংকৰদেৱ হৈ।

শিক্ষাগুৰু মহেন্দ্ৰ কন্দলিৰ টোলৰপৰা ঘূৰি অহাৰ পিছত বুঢ়ী আই আৰু ইষ্ট-মিএ সকলোৱে বাৰভূঞাৰ শাসনভাৰ শংকৰৰ ওপৰত ন্যস্ত  কৰে আৰু সূৰ্যৱতী নামে এগৰাকী কন্যাৰ লগত বিয়া পাতি দিয়ে। ‘মনু’ নামৰ কন্যা সন্তান এটিৰ জন্মৰ পিছতে সূৰ্যৱতীৰ মৃত্যু হয় আৰু ডেকাগিৰি শংকৰৰ মনো লাহে লাহে বৈৰাগ্যৰ পিনে ঢাল খায়। তেওঁ হৰি ভূঞা নামৰ এজন ডেকাৰ লগত কন্যা মনুক গৌৰী দান কৰি প্ৰায় একুৰি বাৰ বছৰ বয়সত উত্তৰ ভাৰতৰ বিভিন্ন তীৰ্থস্থান ভ্ৰমণ কৰে। তীৰ্থ ভ্ৰমণৰ সময়তে শংকৰদেৱে স্বয়ং জগন্নাথ মহাপ্ৰভুৰ পৰা জ্ঞান-ভক্তিৰ বাণী লাভ কৰে আৰু সেইবোৰ তেওঁৰ অলেখ গীতে-গানে, নাটে-পদে প্ৰতিফলিত কৰিছিল। তীৰ্থভ্ৰমণৰ অন্তত শংকৰদেৱে পুনৰ বিবাহ কৰে। তেওঁৰ দ্বিতীয় ভাৰ্যাৰ নাম আছিল কালিন্দী আই।

শংকৰদেৱে গীতা, ভাগৱত আদিৰ সাৰ সংগ্ৰহ কৰি ‘বৈষ্ণৱ ধৰ্ম’ প্ৰচাৰ কৰে। শংকৰদেৱৰ ধর্ম হ’ল ‘একশৰণ নাম ধর্ম’। এই ধর্ম সাৰ্বজনীন; এই ধৰ্মত সকলোৰে সমান অধিকাৰ। অহিংসাৰ ওপৰত এই ধৰ্ম প্ৰতিষ্ঠিত। ধর্ম প্ৰচাৰৰ অৰ্থে শংকৰদেৱে সত্ৰ-নামঘৰ আদি প্ৰতিষ্ঠা কৰে।

মহাপুৰুষ শংকৰদেৱে অসমৰ সমাজ-সাহিত্য-সংস্কৃতিলৈ নানান অৱদান দি থৈ গৈছে। তেওঁ ভালেমান পুথি ৰচনা কৰিছিল। সেইবোৰৰ ভিতৰত কীৰ্ত্তন-দশম, ভাগৱত, গুণমালা, হৰিশ্চন্দ্ৰ উপাখ্যান; পাৰিজাত হৰণ, চিহ্নযাত্ৰা, ৰুক্মিণী হৰণ আদি নাট; বৰগীত আদি উল্লেখ কৰিব পাৰি। অসমত তেৱেঁই প্ৰথম ভাওনাৰ প্ৰচলন কৰে। মহাপুৰুষজনাই এখন বিভেদ আৰু বৈষম্যহীন সমাজৰ সু-সংগঠন কৰিছিল; গীত-মাত, নাট-ভাওনা, কলা-সংস্কৃতিৰ যোগেদি জনসাধাৰণৰ মনত সামাজিক চেতনা আৰু দায়িত্ববোধ, আত্মসন্মানবোধ, একাত্মবোধ আৰু সাম্য-মৈত্ৰীৰ ভাৱ জগাই তুলিছিল; অস্পৃশ্যতা আৰু কুসংস্কাৰমুক্ত কৰি সমাজক শুদ্ধ-নিকা কৰি থৈ গৈছিল।

১৫৬৮ খ্ৰীষ্টাব্দত কোচবিহাৰৰ মধুপুৰ সত্ৰত শংকৰদেৱৰ মৃত্যু হয়। অসমৰ ধৰ্ম, সাহিত্য, সংস্কৃতিৰ মহাগুৰু, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সম্পৰ্কে কবিয়ে কৈছে-

“বোৱালা ভক্তি সোঁত দিলা ধৰ্ম দিলা জ্ঞান।

 দিলা ভাষা অসমক কৰিলা জীৱন দান।।”

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising