Assam Jatiya Bidyalay Class 5 Assamese Chapter 5 পোহৰ

Assam Jatiya Bidyalay Class 5 Assamese Chapter 5 পোহৰ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 5 পোহৰ Class 5 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Assamese Chapter 5 পোহৰ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Assamese Chapter 5 পোহৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

পোহৰ

Chapter – 5

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

* তলৰ শব্দবোৰৰ অর্থ লিখা।

বিনিময়, সুকলমে, প্ৰস্তাৱ, দোহৰা, চিকুণ, কৃত্ৰিম, সংকট, পৰম্পৰাগত, ৰাহি, আইন, প্ৰণয়ন, প্ৰৱৰ্ত্তন, নাটনি।

উত্তৰ :- 

শব্দ  অর্থ
বিনিময়সলনি।
সুকলমেনিয়াৰিকৈ; বাধা নোপোৱাকৈ।
প্ৰস্তাৱপ্ৰসংগ; আলোচনাৰ বিষয়।
দোহৰাআকৌ কোৱা।
চিকুণসুন্দৰ।
কৃত্ৰিমপ্ৰাকৃতিক বা স্বাভাৱিক বস্তুৰ অনুকৰণত মানুহে কৰা বা সজা; নকল।
সংকটডাঙৰ বিপদ; সমস্যা।
পৰম্পৰাগতচলি অহা; ব্যৱহাৰ কৰি অহা।
ৰাহিঅৱশিষ্ট; সঞ্চয় হোৱা।
আইনপ্ৰশাসনীয় বিধি-ব্যৱস্থা।
প্ৰণয়নৰচনা; নিৰ্মাণ।
নাটনিঅভাৱ; কম হোৱা অৱস্থা।

পাঠভিত্তিক ক্ৰিয়া-কলাপৰ প্ৰশ্নোত্তৰ

১। প্ৰথমে কোৱা, তাৰ পিছত লিখা :

(ক) ৰূপম আৰু অৰুণে কি বিষয়ে আলোচনা কৰি আছিল ?

উত্তৰ :- ৰূপম আৰু অৰুণে পঢ়া-শুনাৰ বিষয়ে অৰ্থাৎ কোনে কিমান সময় পঢ়ে বা কিমান সময় পঢ়িলে সিহঁতে সুকলমে নিজৰ নিজৰ পাঠ্যক্ৰম পঢ়ি শেষ কৰিব পাৰিব – সেই বিষয়ে আলোচনা কৰি আছিল।

(খ) ৰূপমে অৰুণক কি প্ৰস্তাৱ দিছিল ?

উত্তৰ :- ৰূপমে অৰুণক দিনটোত এঘন্টা বঢ়াই ল’বলৈ প্ৰস্তাৱ দিছিল।

(গ) ৰূপমে কিদৰে দিনটোত এঘণ্টা বঢ়াই লয় ?

উত্তৰ :- ৰূপমে দিনৰ ভাগত অৰ্থাৎ সূৰ্যৰ পোহৰত কাম কৰাৰ সময় এঘণ্টা বঢ়াই লয়। সেইবাবে নিশা সোনকালে শুই ৰাতিপুৱা ৫ বজাতেই উঠি চাৰে পাঁচ বজাৰ পৰা পঢ়িবলৈ আৰম্ভ কৰে। ফলত লাইট নজ্বলোৱাকৈয়ে সূৰ্যৰ পোহৰ এঘণ্টা বেছিকৈ ব্যৱহাৰ কৰে। এইদৰে ৰূপমে দিনটো মানে সূৰ্যৰ পোহৰ থকা সময়খিনি এঘণ্টা বঢ়াই লয়।

(ঘ) অৰুণে কিদৰে শক্তিৰ অপচয় কৰিছে ?

উত্তৰ :- অৰুণে ৰূপমৰ লগত পঢ়াৰ সময় একে ৰাখিবলৈ ৰাতি এঘণ্টা বেছিকৈ পঢ়ে। এই এঘণ্টা অৰুণে বিজুলী চাকিৰ পোহৰত, বিজুলী নাথাকিলে মমবাতি বা কেৰাচিন ব্যৱহাৰ কৰে। কৃটিম পোহৰত পঢ়া বাবে অতিৰিক্ত শক্তি খৰচ হয়। কিন্তু দিনৰ পোহৰত পঢ়া হ’লে এইখিনি শক্তি খৰচ নহ’লহেতেন। অৰুণে এইদৰে শক্তিৰ অপচয় কৰিছে।

(ঙ) পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি কোনবোৰ ?

উত্তৰ :- পৰম্পৰাগত শক্তিৰ উৎসসমূহ হ’ল – পেট্ৰ’ল, ডিজেল, কেৰাচিন, কয়লা, এল.পি.গেছ আদি।

আনহাতে অপৰম্পৰাগত শক্তিসমূহ হ’ল সৌৰশক্তি, জোৱাৰ-ভাটাৰ শক্তি, গোৱৰ গেছ, বায়ুশক্তি আদি।

(চ) ৰূপমে সিঁহতৰ কথাৰ মোখনি মাৰিবলৈ কি কৈছিল ?

উত্তৰ :- ৰূপমে সিহঁতৰ কথাৰ মোখনি মাৰিবলৈ গৈ কৈছিল যে সি অৰুণক কোৱা কথাবোৰ কিন্তু নতুন নহয়। ইতিমধ্যে বহু দেশে সূৰ্যৰ পোহৰৰ সদব্যৱহাৰৰ অৰ্থে আইন প্ৰণয়ন কৰিছে। এই ক্ষেত্ৰত ১৯১৫ চনতেই পোন প্ৰথমে জাৰ্মানীয়ে চিন্তা-চৰ্চা কৰি আইন প্ৰণয়ন কৰিছে। ১৯১৬  চনত ইংলেণ্ড আৰু ১৯১৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই আইন প্ৰবৰ্তন কৰিছে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বিভিন্ন দেশত শক্তিৰ নাটনিয়ে দেখা দিয়াত কৃটিম পোহৰৰ ব্যৱহাৰৰ পৰা হাত সাৰিবলৈ মানুহে আন্ধাৰ হোৱাৰ লগে লগে বিছনালৈ যাবলগীয়া হৈছিল। ওঠৰ শতিকাতেই চিন্তাবিদ বেঞ্জামিন ফ্ৰেংকলিনে মানুহৰ মনত সূৰ্যৰ পোহৰৰ সদব্যৱহাৰ কৰা ধাৰণাটো সুমুৱাই দিবলৈ চেষ্টা কৰিছিল। ফ্ৰান্সৰ পেৰিছ চহৰত থকা সময়ছোৱাত তেওঁ এই বিষয়ে বুজাবলৈ যত্ন কৰিছিল যদিও ৰাইজে তেওঁৰ কথাত গুৰুত্ব দিয়া নাছিল।

(ছ) খেতিপথাৰত ৰাতিপুৱা কাম কৰিলে কিয় বেছি ভাগৰ নালাগে ?

উত্তৰ :- ৰাতিপুৱা সূৰ্যৰ তাপ কমকৈ গাত লাগে বাবে খেতিপথাৰত ৰাতিপুৱা কাম কৰিলে বেছি ভাগৰ নালাগে।

২। বুজা আৰু লিখা :

মানুহজনমানুহবোৰ
ৰামৰামহঁত
তই_________
তুমি_________
মই_________
আপুনি_________
সি_________
তাই_________

উত্তৰ :- 

মানুহজনমানুহবোৰ
ৰামৰামহঁত
তইতহঁত
তুমিতোমালোক
মইআমি
আপুনিআপোনালোক
সিসিহঁত; তেওঁলোক
তাইসিহঁত; তেওঁলোক

৩। তোমালোকে প্ৰতিদিনে ঘৰত যিখিনি সময় পঢ়া-শুনা কৰা তাৰে একোখন দিনলিপি প্ৰস্তুত কৰা।

উত্তৰ :- ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকৰ সহায় লৈ নিজে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিব।

৪। বুজা আৰু লিখা :

পাৰ (চৰাই) : আমাৰ ঘৰত পাৰ চৰাইৰ বাঁহ আছে।

পাৰ (দাঁতি) : ___________________

কাছ (প্ৰাণী) : ___________________

কাচ (স্বচ্ছ, ঠুনুকা বস্তু) : ___________________

ক’ত : ___________________

কত : ___________________

য’ত : ___________________

যত : ___________________

উত্তৰ :- পাৰ (চৰাই) :- আমাৰ ঘৰত পাৰ চৰাইৰ বাহ আছে।

পাৰ (দাঁতি) :- শালিকাহাল ভুৰুংকৈ উৰা মাৰি পুখুৰীত পাৰত পৰিলগৈ। 

কাছ (প্ৰাণী) :- হাজোৰ মাধৱ মন্দিৰৰ পুখুৰীটোত বহুকেইটা পুৰণি কাছ আছে।

কাচ (স্বচ্ছ, ঠুনুকা বস্তু) :- কিছুমান খোৱা বস্তু কাচৰ বটলত থ’লে বহুদিনলৈ ভালে থাকে।

ক’ত (প্ৰশ্নবোধক অৰ্থত) :- ভূগোলৰ জ্ঞান থাকিলেহে আমি আমাৰ দেশৰ গুৰুত্বপূৰ্ণ অঞ্চলসমূহ ক’ত আছে জানিব পাৰিম।

কত (বহুত) :- ভূপেন মামাৰ ‘কত জোৱানৰ মৃত্যু হ’ল’ গীতটোৱে আমাক সকলোকে দেশক ভাল পাবলৈ অনুপ্ৰাণিত কৰে।

য’ত (ঠাই বুজোৱা অৰ্থত) :- আমি জাৱৰ-জোথৰ য’তে-ত’তে পেলাই পৰিৱেশ প্ৰদূষিত কৰা অনুচিত।

যত (পৰিমাণ বুজোৱা অৰ্থ ) :- যত জীৱ তত শিৱ।

৫। তোমালোকে পাঠত বেঞ্জামিন ফ্ৰেংকলিনৰ নামটো পাইছা। এই পাঠৰ লগত সঙ্গতি থকা আন এজন বিজ্ঞানী হ’ল টমাছ আলভা এডিছন। তেওঁ বৈদ্যুতিক বাল্ব সৃষ্টি কৰিছিল। আকৌ ছাৰ আইজাক নিউটনে সূৰ্যৰ পোহৰত সাতোটা ৰং থকা বুলি প্ৰমাণ কৰিছিল। এওঁলোকৰ বিষয়ে আৰু কিছু কথা জানি টোকা লিখা। 

উত্তৰ :- ১৮৪৭ চনৰ ১১ফেব্ৰুৱাৰীত আমেৰিকাত জন্ম গ্ৰহণ কৰা টমাছ আলভা এডিছন আছিল এজন মহান বিজ্ঞানী। তেখেতে বহু যুগান্তকাৰী আৱিস্কাৰ কৰি থৈ গৈছে। তেওঁৰ অন্যতম এটা আৱিস্কাৰ হ’ল বিজুলী বাতিৰ আৱিস্কাৰ। সৰুতে মূৰ্খ ল’ৰা বুলি স্কুলৰ পৰা বাহিৰ কৰি দিয়া ছাত্ৰজনেই এদিন পৃথিৱীৰ মহান বিজ্ঞানী টমাছ আলভা এডিছন বুলি পৰিচিত হৈছিল। টমাছ আলভা এডিচনে প্ৰায় ১০০০ কৈ অধিক আৱিষ্কাৰ কৰিছিল। পৃথিৱীত আজিলৈকে যিমান বিজ্ঞানীয়ে জন্ম গ্ৰহণ কৰিছে আৰু যুগে যুগে যিমান বৈজ্ঞানিক আৱিষ্কাৰ হৈছে, তাৰ ভিতৰত টমাছ আলভা এডিচনেই সকলোতকৈ বেছি বিষয়ৰ গৱেষণা আৰু আৱিষ্কাৰ কৰিছে। ১৯৩১ চনৰ ১ আগষ্টত ভৱিষ্যতদ্ৰষ্টা এই মহান বিজ্ঞানীজনৰ দেহাৱসান ঘটে।

সেইদৰে ১৬৪২ চনৰ ২৫ ডিচেম্বৰত জন্ম গ্ৰহণ কৰা ছাৰ আইজাক নিউটন আছিল এজন বিখ্যাত গণিতজ্ঞ, পদাৰ্থ তথা জ্যোতিবিজ্ঞানী। পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তি থকা বুলি তেৱেই আৱিস্কাৰ কৰিছিল। গছৰ পৰা আপেল সৰি পৰাৰ দৰে সাধাৰণ ঘটনা এটিক অধ্যয়ন কৰিয়ে তেখেত এই আৱিস্কাৰ কৰিছিল। তেখেতে আৱিস্কাৰ কৰা সূএকেইটাক ‘নিউটন গতি সূত্ৰ’ নামেৰে জনা যায়। পদাৰ্থৰ গতি সম্পৰ্কীয় এই বিখ্যাত সূত্ৰ তিনিটা হ’ল- 

(১) বাহ্যিক বলৰ দ্বাৰা অৱস্থাৰ পৰিৱৰ্তন নোহোৱা পৰ্যন্ত অচল বস্তু অচল অৱস্থাত আৰু সচল বস্তু সুষম দ্ৰুতিৰে ঋজুৰেখ গতিত চলি থাকে।

(২) এটা বস্তুৰ ভৰবেগৰ পৰিবৰ্তন হাৰ বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা বাহ্যিক বলৰ সমানুপাতিক আৰু ই সদায় বলৰ দিশমুখী।

(৩) প্ৰতিটো ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে। নিউটনে লিখা বিখ্যাত গ্ৰন্থখন হ’ল ‘প্ৰিন্সিপিয়া মেথামেটিকা’। প্ৰকাশৰ পৰা প্ৰায় দুশবছৰ ধৰি এই গ্ৰন্থখনে বৌদ্ধিক মহলক পুলকিত কৰি আহিছে। ছাৰ আইজাক নিউটনে সূৰ্যৰ পোহৰত সাতোটা ৰং থকা বুলি প্ৰমাণ কৰিছিল। ১৭২৭ চনৰ ২০ মার্চত ছাৰ আইজাক নিউটনৰ মৃত্যু হয়।

পাঠভিত্তিক ব্যাকৰণৰ আলোচনা

১। বচন কাক বোলে ? ই কেইবিধ  আৰু কি কি ? উদাহৰণসহ বুজাই লিখা।

উত্তৰ :- আমি পোৱা কিছুমান শব্দই এটা বস্তু বা এজন মানুহক বুজায় আৰু কিছুমান শব্দই একাধিক পৰিমাণৰ বস্তুক বুজায়। এনেদৰে সংখ্যা বুজোৱা শব্দক ‘বচন’ বোলে। অৰ্থাৎ যিবোৰ শব্দই এক বা ততোধিক পৰিমাণৰ বস্তুক বুজায় তাকে বচন বোলে।

 অসমীয়া ভাষাত বচন দুবিধ –

(ক) একবচন।আৰু 

(খ) বহুবচন।

(ক) একবচন :- যিবোৰ শব্দই এক সংখ্যা, এজন মানুহ বা এটা বস্তুক বুজায় তাকে একবচন বোলে। যেনে – এক, এটা, এজন, ৰাম (এজনক বুজায়), টো ইত্যাদি।

(খ) বহুবচন :- যিবোৰ শব্দই দুটা বা ততোধিক বস্তু, মানুহ, সংখ্যা আদি বুজায় তাকে বহুবচন বোলে। যেনে – গৰুবোৰ, চৰাইবোৰ, অৰুণহঁত, দুই, তিনি ইত্যাদি। 

আনহাতে কিছুমান শব্দৰ একবচনৰ ৰূপ নাই। যেনে – ৰাইজ।

২। স্বৰান্ত শব্দ আৰু ব্যঞ্জনান্ত শব্দ কাক বোলে ? উদাহৰণ দি বুজাই লিখা।

উত্তৰ :- আমি কিছুমান শব্দ উচ্চাৰণ কৰোঁতে শব্দটো স্বৰবৰ্ণ বা অ-ফলাৰে শেষ হয়। এইবোৰক স্বৰান্ত শব্দ বোলে। যেনে : পাৰ = প্ + আ + ৰ্ + অ

আনহাতে কিছুমান শব্দ উচ্চাৰণ কৰোতে ব্যঞ্জনবৰ্ণ বা ক-ফলাৰে শেষ হয়; সেইবোৰ শব্দক ব্যঞ্জনান্ত শব্দ বোলে। যেনে- পাৰ্ = প + আ + ৰ্

ব্যঞ্জনান্ত শব্দত হসন্ত চিন ব্যৱহাৰ কৰিব পাৰি।

অতিৰিক্ত পাঠভিত্তিক প্ৰশ্নোত্তৰ

১। স্কুলৰ জিৰণিৰ সময়ত অৰুণ আৰু ৰূপমে কি কৰে ?

উত্তৰ :- স্কুলৰ জিৰণিৰ সময়ত অৰুণ আৰু ৰূপমে বিভিন্ন বিষয়ৰ কথা পাতে।

২। অৰুণ আৰু ৰূপমে পুৱা কেইবজাত টোপনিৰ পৰা উঠে ?

উত্তৰ :- অৰুণে ছয় বজাত পিছত আৰু ৰূপমে পাঁচ বজাতেই টোপনিৰ পৰা উঠে।

৩। ৰূপমৰ পঢ়া টেবুলখন ক’ত আছে ? ইয়াৰ ফলত কি সুবিধা হৈছে ?

উত্তৰ :- ৰূপমৰ পঢ়া টেবুলখন খিৰিকীৰ কাষত আছে। সেইবাবে নিচেই পুৱাতে পঢ়িলেও ৰূপমে লাইট নজ্বলোৱাকৈয়ে দিনত পোহৰতে পঢ়া আৰম্ভ কৰিব পাৰে।

৪। অৰুণে ৰূপমৰ লগত পঢ়াৰ সময় একে ৰাখিবলৈ কি কৰে ?

উত্তৰ :- অৰুণে ৰূপমৰ লগত পঢ়াৰ সময় একে ৰাখিবলৈ ৰাতি এঘণ্টা বেছিকৈ পঢ়ে।

৫। পৰম্পৰাগত শক্তিৰ উৎসসমূহ আৰু কিমান বছৰলৈ থাকিব ?

উত্তৰ :- আগন্তুক বিছ-পঁচিছ বছৰমানলৈ থাকিব বুলি অনুমান কৰিব পাৰি।

৬। চৰকাৰে অফিচ-কাছাৰীৰ সময় সলনি কৰি থকাৰ কাৰণ কি ?

উত্তৰ :- কৃত্ৰিম পোহৰৰ ব্যৱহাৰৰ পৰা হাত সাৰিবলৈ অৰ্থাৎ দিনৰ পোহৰত কাম শেষ কৰাৰ বাবে চৰকাৰে বিশেষ বিশেষ মাহত অফিচ-কাছাৰীৰ সময় সলনি কৰি থাকে। 

৭। ৰাতিপুৱাৰ ভাগত বেছিকৈ কাম কৰাৰ উপকাৰিত কি ?

উত্তৰ :- ৰাতিপুৱা সূৰ্যৰ তাপ গাত কমকৈ লাগে বাবে অধিক পৰিশ্ৰম কৰিলেও ভাগৰ নালাগে। ফলত আমাৰ স্বাস্থ্যৰক্ষাত সহায় হয়। তদুপৰি কৃত্ৰিম পোহৰ ব্যৱহাৰ নোহোৱাৰ বাবে শক্তিও কিছু ৰাহি হয়।

৮। বেঞ্জামিন ফ্ৰেংকলিনে কি বুজাবলৈ চেষ্টা কৰিছিল ?

উত্তৰ :- বেঞ্জামিন ফ্ৰেংকলিনে ফ্ৰান্সৰ পেৰিচ চহৰত থকা কালত সূৰ্যৰ পোহৰৰ সদব্যৱহাৰ কৰা ধাৰণাটো মানুহৰ মনত সুমুৱাই দিবলৈ চেষ্টা কৰিছিল।

৯। তুমি দিনটোত কৰা কামৰ এখন দিনলিপি প্ৰস্তুত কৰা।

উত্তৰ :- ছাত্ৰ-ছাত্ৰীসকলক তলত দিনলিপি লিখাৰ এটা আহি দিয়া হ’ল।

শ্ৰী ৰূপম কলিতা

তাৰিখ : ২২/০১/২০১০, শুক্ৰবাৰ

সময় কামৰ বিৱৰণ মন্তব্য
(i) ৰাতিপুৱা ৫ বজাৰপৰা ১০ বজালৈ(i) ৰাতিপুৱা শুই উঠি বিচনা-পত্ৰ ঠিক কৰিলো বাহিৰলৈ গৈ ১৫ মিনিট ফুৰিলো। মুখ-হাত ধুই চাহ-জলপান খাই পঢ়িবলৈ বহিলো। ৯ বজাত পঢ়া সামৰি গা-পা ধুলো, ভাত খালো। ৯.৩০ বজাত স্কুললৈ গ’লো।
(ii) ১০.৩০ বজাৰ পৰা আবেলি ৩.৩০ বজালৈ(ii) বিদ্যালয় পোৱাত শ্রেণীকোঠাত সোমালো। দৈনিক তালিকা অনুসৰি প্ৰতিটো পিৰিয়ডতে শিক্ষকে পঢ়ুওৱাখিনি মনোযোগেৰে শিকিলো। জিৰণিৰ সময়ত অৰুণৰ লগত কিছু কথা আলোচনা কৰিলো। ৩.৩০ বজাত বিদ্যালয় ছুটি হোৱাত ঘৰলৈ আহিলো।
(iii) আবেলি ৫ বজাৰ পৰা ৬ বজালৈ(iii) ঘৰলৈ আহি কিতাপ-বহী সামৰি থৈ কাপোৰ-কানি সলাই হাত-মুখ ধুলো। তাৰ পাছত লঘু আহাৰ খাই কিছু সময় জিৰণি ল’লো। ৫ বজাত ঘৰৰ ওচৰৰ ফিল্ডত খেলিবলৈ গ’লো। ৬ বজাত খেলি আহি ঘৰ পালো।
(iv) সন্ধিয়া ৬ বজাৰ পৰা নিশা ১০ বজালৈ(iv) হাত-ভৰি চাবোনেৰে ভালদৰে ধুই, চাহ জলপান খালো। তাৰ পিছত ৬.৩০ বজাৰ পৰা ৯.৩০ বজালৈ পঢ়িলো। ৯.৩০ বজাত ৰাতিৰ আহাৰ খালো। ১০ বজাত অহাকালি দিনটোত কৰিবলগীয়া কামৰ এখন তালিকা প্ৰস্তুত কৰিলো। তাৰ পাছত এই দিনলিপি লিখি উঠি শুবলৈ গ’লো।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top