Assam Jatiya Bidyalay Class 5 Assamese Chapter 4 ভোগালী বিহু

Assam Jatiya Bidyalay Class 5 Assamese Chapter 4 ভোগালী বিহু, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 4 ভোগালী বিহু Class 5 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Assamese Chapter 4 ভোগালী বিহু Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Assamese Chapter 4 ভোগালী বিহু provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ভোগালী বিহু

Chapter – 4

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

* তলৰ শব্দবোৰৰ অৰ্থ লিখা :

নিচেই, দুনাই, শীতল, কাতৰ, বাহী গা, খোল, থাপনা, আদৰ, কেটেৰা মাত, বেজাৰ, ওলমি, ফুলবছা, দন্দ, ঠেহপেচ, চিৰকাল।

উত্তৰ :- 

শব্দ                      অৰ্থ
নিচেইএকেবাৰে ওচৰত।
দুনাইদ্বিতীয়বাৰ।
শীতলচেচা, ঠাণ্ডা।
কাতৰদুঃখিত; পীড়িত।
বাহী গাৰাতিপুৱা স্নান নকৰা গা।
খোলকলপটুৱাৰে প্ৰস্তুত কৰা দোনা।
থাপনাসেৱা-পূজা আদি কৰিবলৈ পাতি লোৱা ওখ বেদী।
আদৰমৰম; চেনেহ।
কেটেৰা মাতখঙেৰে টানকৈ মতা মাত।
বেজাৰদুখ।
ওমলিৰং ধেমালি কৰি।
ফুলবছাফুল তোলা।
দন্দকাজিয়া।
ঠেহপেচবেজাৰ পাই মনে মনে কৰা খং।
চিৰকালসদায়।

পাঠভিত্তিক ক্ৰিয়া-কলাপৰ প্ৰশ্নোত্তৰঃ

১। কবিতাটি মনত ৰাখাঁ।

উত্তৰ :- ছাত্ৰ-ছাত্ৰীসকলে প্ৰথমে কবিতাটি মুখস্থ কৰিব আৰু মনত ৰখাৰ চেষ্টা কৰিব।

২। প্ৰথমে কোৱা, তাৰ পাছত লিখা :

(ক) কবিয়ে বায়েকক কিয় নিচেই পুৱাই জগাবলৈ কৈছে ?

উত্তৰ :- পুহ মাহৰ শেষৰ অহা ভোগালী বিহুৰ প্ৰথম দিনা ৰাতিপুৱাই মেজি জ্বলোৱা হয়। এই মেজি জ্বলাবৰ বাবে সাজু হ’বৰ বাবে কবিয়ে বায়েকক নিচেই পুৱাই জগাবলৈ কৈছে।

(খ) গা নোধোৱাকৈ থাকিলে কি কৰিব নোৱাৰিব ?

উত্তৰ :- মেজিৰ ওচৰ চাপিব নোৱাৰিব।

(গ) বিহুৰ দিনা মেজিৰ কাষত কবিয়ে কি কৰিব ?

উত্তৰ :- বিহুৰ দিনা মেজিৰ কাষত কবিয়ে থাপনা পাতি মেজিত জুই লগাই হৰিনাম গাব।

(ঘ) কবিয়ে বিহু কিয় বৰ ভাল পায় ?

উত্তৰ :- বিহুৰ দিনত সকলোৱে কবিক চেনেহ-আদৰ যাচে। কবিৰ মাহীয়েক, পেহীয়েকহঁতে বিহু খাবলৈ নিমন্ত্ৰণ জনায়। কবিৰ গাত তত নাইকীয়া হয়। সেইবাবে কবিয়ে বিহু বৰ ভাল পায়।

(ঙ) আইতাক কিয় বেজাৰত তলমুৱা হ’ব ?

উত্তৰ :- বিহুৰ দিনত বায়েকে কবিক যদি কেটেৰা মাতেৰে মাতে আৰু আইতাকে যদি শুনা পায় তেওঁ বেজাৰত তলমুৱা হ’ব।

(চ) বিহুৰ দিনা কবিয়ে কাক কাক প্ৰণাম জনাব ?

উত্তৰ :- আইতাক, দেউতাক আৰু বায়েকক কবিয়ে বিহুৰ দিনা প্ৰণাম জনাব।

(ছ) বিহুৰ দিনা কবিয়ে বায়েকক কি খুজিব বুলি কৈছে ?

উত্তৰ :-বিহুৰ দিনা কবিয়ে বায়েকক ফুলবছা গামোছাখিনি খুজিব বুলি কৈছে।

(জ) বিহুৰ দিনাৰপৰা নতুন জীৱন পাবলৈ কবিয়ে কি শেষ কৰাৰ কথা কৈছে ?

উত্তৰ :- মিছা কোৱা, দন্দ কৰা আৰু ঠেহপেচ পতা শেষ কৰাৰ কথা কৈছে।

৩। পঢ়া, বুজা আৰু লিখা :

ভোগভোগালী
তৰা_____
মেঘ_____
পূৱ_____

উত্তৰ :- 

ভোগভোগালী
তৰাতৰালী
মেঘমেঘালী
পূৱপূৱালী

৪। পঢ়া, বুজা আৰু লিখা :

ৰং – ৰংঘৰ, ৰংমন ৰংপুৰ, ৰংচঙীয়া

বিহু – ….., ………, ………, ……….

ৰাজ – ……, ………, ………, ……..

উত্তৰ :- ৰং – ৰংঘৰ, ৰংমন, ৰংপুৰ, ৰংচঙীয়া

বিহু – বিহুৱান, বিহুচেৰা, বিহুবলীয়া, বিহুৱা

ৰাজ – ৰাজপ্ৰাসাদ, ৰাজকীয়, ৰাজাধিৰাজ, ৰাজ-দৰবাৰ

৫। (ক) ভোগালী বিহুত কবিয়ে কি কি কৰিব ? কবিতাটি পঢ়ি লিখা।

উত্তৰ :- ভোগালী বিহুৰ দিনা কবিয়ে পুৱাতেই শীতল পানীৰে গা ধুই মেজিৰ ওচৰ পাব। পিছত বাইদেৱেকে সজাই দিয়া মাহ-প্ৰসাদৰ খোলটিৰে মেজিৰ কাষত থাপনা পাতি মেজিত জুই লগাই হৰিধ্বনি দিব। তাৰ পিছত পেহীয়েক, মাহীয়েকহতঁৰ নিমন্ত্ৰণক্ৰমে বিহু খাবলৈ যাব। আইতাক, দেউতাক আৰু বায়েকক প্ৰণাম জনাই মুকলি মনেৰে ফুৰিবলৈ ওলাই যাব। বায়েকক কবিয়ে বিহুৰ দিনা আইতাকে বেজাৰ পাব বুলি কেটেৰা মাতিবলৈ হাক দিব। লগতে বায়েকক ফুলবছা গামোছাখিনি খুজিব। মিছা কোৱা, দন্দ কৰা, ঠেহপেচ পতা আদি কাৰ্যবোৰ বিহুৰ আগদিনাৰপৰা শেষ কৰি কবিয়ে বিহুৰ দিনাৰ পৰা এক নতুন জীৱন আৰম্ভ কৰিব বুলি সংকল্প হৈছে।

(খ) ভোগালী বিহুত তুমি কি কি কৰা লিখা।

উত্তৰ :- ভোগালী বিহুত আগদিনা অৰ্থাৎ উৰুকাৰ দিনা আমি পৰিয়ালৰ আটায়ে মিলি ভোজভাত খাওঁ। সিদিনা সন্দিয়াৰপৰা মা-বাইদেউহঁতে বনোৱা পিঠা-পনাৰো জুতি লওঁ। পিছদিনাখন নিচেই পুৱাতে উঠি গা-পা ধুই অগ্নি দেৱতাক প্ৰণাম জনাই মেজি জ্বলাও। মেজি জ্বলোৱাৰ পিছত ঘৰলৈ আহি পৰিয়ালৰ ডাঙৰ সকলক সেৱা জনাই আশীৰ্বাদ লওঁ। তাৰ পিছত চাহ জলপান খাই ফুৰিবলৈ ওলাই আহো। বিহু উপলক্ষে ৰাজহুৱা ঠাইত আয়োজন কৰা কণীযুঁজত আৰু অন্যান্য খেলসমূহৰ অংশ গ্ৰহণ কৰো। দুপৰীয়া ঘৰলৈ উভতি আহি ভাত-পানী খাই জিৰণি লওঁ আৰু আবেলি মামাহঁতৰ ঘৰলৈ যাওঁ।

৬। পঢ়া আৰু বুজা আৰু লিখা :

কাইলইকাইলৈ
আকউ_______
খাবলই_______
কাললই_______

উত্তৰ :- 

কাইলইকাইলৈ
আকউআকৌ
খাবলইখাবলৈ
কাললইকাললৈ

৭। কাষৰ বাকচত পৰা উপযুক্ত শব্দ বাছি তলৰ খালী ঠাইবোৰ পূৰ কৰা :

মাকৰ বাবে, মাকৰ, মাকে, মাকৰপৰা, মাকক

(ক) ________ মালাক বৰ মৰম কৰে।

(খ) তায়ো ________ বৰ ভাল পায়।

(গ) বনভোজৰ পৰা আহোঁতে মালাই ________ দুপাহ ফুল আনিলে।

(ঘ) ________ তাই নিতৌ সজ উপদেশ পায়।

(ঙ) তাই ________ আঁচলৰ ধন।

উত্তৰ :- (ক) মাকে মালাক বৰ মৰম কৰে।

(খ) তায়ো মাকক বৰ ভাল পায়।

(গ) বনভোজৰপৰা আহোঁতে মালাই মাকৰ বাবে দুপাহ ফুল আনিলে।

(ঘ) মাকৰ পৰা তাই নিতৌ সজ উপদেশ পায়।

(ঙ) তাই মাকৰ আঁচলৰ ধন।

৮। মাঘত বিহুৰ বিষয়ে দহোটামান বাক্যত এটি টোকা লিখা।

উত্তৰ :- মাঘ বিহু আৰম্ভ হয় পুহ মাহৰ সংক্ৰান্তিৰ দিনা। এই বিহুত নতুন ধান, মাহ, তিল আদি ওলায়। চিৰা, পিঠা, সান্দহ, দৈ আদি নানা বস্তুৰে উভৈনদী হৈ পৰে। এইবাবেই ইয়াৰ নাম ভোগালী বিহু। মাঘ বিহুৰ আগদিনাক উৰুকা বোলে। উৰুকাৰ দিনা গৰখীয়া ল’ৰবিলাকে পথাৰত সজা ভেলাঘৰত ভোজ-ভাত খায় আৰু পিছদিনা ৰাতি পুৱাবৰ সময়ত গা-পা ধুই মেজিবোৰত জুই জ্বলায়। মেজি পোৰা শেষ হ’লে সৰুৱে ডাঙৰক সেৱা-সন্মান কৰি চাহ-জলপান খায় আৰু পথাৰত নানা খেল-ধেমালি কৰা হয়। বয়সীয়ালোকে নামঘৰত পুথি পঢ়ে আৰু নাম-কীৰ্ত্তন কৰে। বিহুৰ কেইদিনত সকলোৱে ইজনে সিজনক নিমন্ত্ৰণ জনাই চেনেহ-আদৰ যাঁচে।

৯। কাতি বিহু কঙালী         মাঘৰ বিহু ভোগালী

                    ব’হাগত হুঁচৰি মাৰে।

_ কবিতাফাঁকিৰ তাৎপৰ্য বুজাই লিখা।

উত্তৰ :- আমাৰ বিহু তিনিটা – কাতি বিহু, মাঘ বিহু, আৰু বহাগ বিহু।

আহিনৰ সংক্ৰান্তিৰ দিনা আৰম্ভ হোৱা কাতি বিহুত খোৱা বস্তু পাবলৈ নাই বাবে ইয়াৰ আন নাম কঙালী বিহু। আনহাতে পুহৰ সংক্ৰান্তিত আৰম্ভ হোৱা মাঘ বিহুত খোৱা বস্তু উভৈনদী হয় আৰু সকলোৱে ভোগ কৰিব পাৰে বাবে ইয়াক ভোগালী বিহু বোলা হয়। আনহাতে চ’ত মাহৰ সংক্ৰান্তিৰ দিনা আৰম্ভ হোৱা বহাগ বিহুত সকলোৱে ৰং-ৰহইচ কৰে। প্ৰকৃতিৰ ৰূপো সলনি হয়। ন-কুঁহিপাতে গছ-গছনিক ন-ৰূপ দিয়ে। নানা তৰহৰ ফুল ফুলে। মানুহৰ মন আনন্দত পুলকিত হয় আৰু সকলোৱে মিলি হুচৰি গীত গায় আৰু নাচে। সেইবাবে বহাগ বিহুক ৰঙালী বিহু বোলা হয়।

১০। বাক্য ৰচনা কৰা :

মাহ-প্ৰসাদ, তলমুৱা, চিৰকাল, দুনাই

উত্তৰ :- মাহ-প্ৰসাদ : গুৰুজনাৰ তিথিৰ দিনা নামঘৰত মাহ-প্ৰসাদ আগবঢ়াই ভক্তসকলে নাম কীৰ্ত্তন কৰে।

তলমুৱা : শিক্ষকৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি নৱনীতাই লাজতে তলমুৱা হ’ল।

চিৰকাল : হৰেণে সৰুতে চাইকেলৰ পৰা পৰি চিৰকাললৈ ঘূণীয়া হ’ল ।

দুনাই : মানুহে হেজাৰ চেষ্টা কৰিলেও শৈশৱৰ কালছোৱা দুনাই ঘূৰাই নাপায়।

পাঠভিত্তিক ব্যাকৰণৰ আলোচনা

১। ভাষা আৰু ধ্বনি কাক বোলে ?

উত্তৰ :- আমি মুখেৰে কথা কৈ মনৰ ভাৱ প্ৰকাশ কৰোঁ। এইবোৰকেই ভাষা বোলে।

আনহাতে মানুহে কথা-বতৰা পাতোঁতে মুখেৰে বায়ুৰ সোঁতৰ সহায়ত যি মাত উলিয়ায় সেই মাতৰ সৰু সৰু ভাগবোৰক ধ্বনি বোলে।

২। বৰ্ণ কাক বোলে ? ই কেইবিধ আৰু কি কি বুজাই লিখা।

উত্তৰ :- ধ্বনিৰ লিখিত ৰূপকেই বৰ্ণ বা আখৰ বুলি কোৱা হয়। এই বৰ্ণ দুবিধ স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ। স্বৰবৰ্ণ মুখৰ ভিতৰত কোনো বাধা নোপোৱাকৈ উচ্চাৰিত হয়।অৰ্থাৎ স্বৰবৰ্ণ উচ্চাৰণ কৰোঁতা একোৰে সহায় লব নালাগে।

আনহাতে ব্যঞ্জনবৰ্ণ উচ্চাৰণ কৰোতে মুখৰ ভিতৰত বাধা পাইহে উচ্চাৰিত হয়। ব্যঞ্জনবৰ্ণ উচ্চাৰণ কৰোঁতে স্বৰবৰ্ণৰ সহায় লব লাগে।

৩। শব্দ কাক বোলে ? উদাহৰণ দি বুজাই লিখা।

উত্তৰ :- কেইবাটাও বৰ্ণ লগ হৈ অৰ্থ প্ৰকাশ কৰিলে তাক শব্দ বুলি কোৱা হয়। অর্থাৎ অর্থ প্ৰকাশ কৰা বৰ্ণ বা বৰ্ণসমষ্টিকে শব্দ বোলে। যেনে – ভোগালী, গামোচা, পানী, প্ৰণাম, মেজি, থাপনা, জুই আদি একো একোটা শব্দ।

৪। ক্ৰিয়াপদ কাক বোলে ? নোহোৱা অৰ্থ প্ৰকাশ কৰিবলৈ ক্ৰিয়াপদত কি পৰিবৰ্তন কৰা হয় বুজাই লিখা।

উত্তৰ :- যি পদে কোনো কাম কৰা বা হোৱা বুজায়, তাক ক্ৰিয়াপদ বোলে। যেনে – পঢ়ো, গাওঁ, নাচো, কৰে ইত্যাদি।

নোহোৱা অৰ্থ প্ৰকাশ কৰিবলৈ ক্ৰিয়াপদৰ আগত ‘ন’ যোগ হয়। ক্ৰিয়াৰ আদি স্বৰটো ‘ন’ ৰ লগত যোগ হয়। ক্ৰিয়াৰ ১ম স্বৰটো ‘আ’ হ’লে কেতিয়াবা ই ‘এ’ লৈ পৰিবৰ্তন হয়। উদাহৰণস্বৰূপে – পাম-ন+পাম = নাপাম/নেপাম।

৫। তলৰ ক্ৰিয়াপদবোৰৰ নোহোৱা অৰ্থ প্ৰকাশ কৰি নতুন শব্দ সাজা :

চাপিবা – ন + চাপিবা = ___________

থ’বা – ন + থ’বা = ___________

পাওঁ – ন + পাওঁ = ___________

গাওঁ – ন + গাওঁ = ___________

হ’ব – ন + হ’ব = ___________

দিব – ন + দিব = ___________

শুনে – ন + শুনে = ___________

উত্তৰ :- চাপিবা – ন + চাপিবা = নেচাপিবা

থ’বা – ন + থ’বা = ন’থবা

পাওঁ – ন + পাওঁ = নাপাওঁ/নেপাওঁ

গাওঁ – ন + গাওঁ = নাগাওঁ/নেগাওঁ

হ’ব – ন + হ’ব = নহ’ব

দিব – ন + দিব = নিদিব

শুনে – ন + শুনে = নুশুনে

অতিৰিক্ত পাঠভিত্তিক প্ৰশ্নোত্তৰ

১। তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা :

(ক) ভোগালী বিহু কিহৰ শেষত আহে ?

উত্তৰ :- পুহ মাহৰ শেষত ভোগালী বিহু আহে।

(খ) কবিয়ে মেজিৰ কাষত থাপনা দিবৰ বাবে বায়েকক কিহৰ খোল সজাই দিবলৈ কৈছে ?

উত্তৰ :- মাহ-প্ৰসাদৰ খোল।

(গ) কবিৰ ঘৰত কোন কোন আছে ? সেয়া কিদৰে জানিব পাৰি ?

উত্তৰ :- কবিৰ ঘৰত আইতাক, দেউতাক আৰু বায়েক আছে। বিহুৰ দিনা প্ৰণাম জনোৱা কথাটোৰ পৰা সেয়া জানিব পাৰি।

(ঘ) বিহুৰ দিনা কবিয়ে কিয় মুকলি মনেৰে ফুৰাৰ কথা কৈছে ?

উত্তৰ :- বিহুৰ দিনা পঢ়াশালি বন্ধ থাকিব বাবে কবিয়ে মুকলি মনেৰে ফুৰিব পাৰিব।

(ঙ) ‘ভোগালী বিহু’ কবিতাটোৰ কবি কোন ?

উত্তৰ :- ‘ভোগালী বিহু’ কবিতাটোৰ কবি হ’ল শৈলধৰ ৰাজখোৱা।

(চ) কবি শৈলধৰ ৰাজখোৱাৰ এক চমু পৰিচয় দিয়া।

উত্তৰ :- কবি শৈলধৰ ৰাজখোৱা জন্ম হয় ইং ১৮৯২ চনত। এখেত একেধাৰে কবি আৰু নাট্যকাৰ। তেখেতৰ প্ৰকাশিত কবিতাপুথিখন হ’ল – নিজৰা। ইং ১৯৬৮ চনত ৰাজখোৱাদেৱৰ মৃত্যু হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top