Assam Jatiya Bidyalay Class 5 Assamese Chapter 3 পখীৰ মেকুৰী পোৱালি

Assam Jatiya Bidyalay Class 5 Assamese Chapter 3 পখীৰ মেকুৰী পোৱালি, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 3 পখীৰ মেকুৰী পোৱালি Class 5 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Assamese Chapter 3 পখীৰ মেকুৰী পোৱালি Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Assamese Chapter 3 পখীৰ মেকুৰী পোৱালি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

পখীৰ মেকুৰী পোৱালি

Chapter – 3

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

* তলৰ শব্দবোৰৰ অৰ্থ লিখা :

খৰধৰ, যতনাই, আপদীয়া, হেতালি, চকামকা, কাহ, কাঁহ, কথা, কঠা, কঁথা।

উত্তৰ :- 

শব্দ অৰ্থ
খৰধৰদৌৰা-দৌৰি ; ততাতৈয়া।
যতনাইপ্ৰস্তুত কৰি থোৱা।
আপদীয়াঅমঙ্গলীয়া।
হেতালিহাতৰ তলুৱাৰে খেলা খেল।
চকামকাঅষ্পষ্ট পোহৰ ; টোপনিৰ পৰা অলপমানকৈ সাৰ পোৱা অৱস্থা।
কাহডিঙত হোৱা এবিধ অসুখ।
কাঁহএবিধ ধাতু।
কঠামাটিৰ জোখ।
কঁথাফটা কাপোৰ লগ-লগাই সী লোৱা ডাঠ কাপোৰ।

পাঠভিত্তিক ক্ৰিয়া-কলাপৰ প্ৰশ্নোত্তৰঃ

১। প্ৰথমে কোঁৱা, তাৰ পিছত লিখা :

(ক) বিয়া খাবলৈ যাওঁতে মাক-দেউতাকে পখীক কাৰ লগত থৈ গৈছিল ?

উত্তৰ :- বিয়া খাবলৈ যাওঁতে মাক-দেউতাকে পখীক কাষৰ ঘৰৰে ৰমলা পেহীয়েকৰ লগত থৈ গৈছিল।

(খ) ৰমলা পেহীয়েকে পখীক কি খাবলৈ দিছিল ?

উত্তৰ :- ৰমলা পেহীয়েকে পখীক জলপান খাবলৈ দিছিল।

(গ) জলপান খাবলৈ মাতোঁতে পখীয়ে ফেকুৰি ফেকুৰি কিয় কান্দিছিল ?

উত্তৰ :- মাক দেউতাকে পখীক এৰি বিয়া খাবলৈ যোৱাত তাইৰ নিজকে বৰ অকলশৰীয়া যেন লাগিছিল আৰু সেয়ে পেহীয়েকে জলপান খাবলৈ মাতোঁতে পখীয়ে ফেকুৰি ফেকুৰি কান্দিছিল।

(ঘ) ৰমলা পেহীয়েকে পখীৰ লগত খেলা খেলবিধৰ নাম কি আছিল ?

উত্তৰ :- ৰমলা পেহীয়েকে পকীৰ লগত খেলা খেলবিধৰ নাম হেতালি আছিল।

(ঙ) পখীয়ে বাৰীৰ জোপাহাটোৰ কাষত পোৱা পোৱালিটো কিহৰ পোৱালি আছিল ?

উত্তৰ :- পখীয়ে বাৰীৰ জোপাহাটোৰ কাষত পোৱা পোৱালিটো এটা মেকুৰী পোৱালি আছিল।

(চ) পখীৰ মাকহঁত কেতিয়া ঘৰলৈ ঘূৰি আহিল ?

উত্তৰ :- সন্ধিয়াৰ পিছতে পখীৰ মাকহঁত ঘৰলৈ ঘূৰি আহিল।

(ছ) মাকহঁত ঘৰলৈ ঘূৰি অহাৰ সময়ত পখীয়ে কি কৰি আছিল ?

উত্তৰ :- মাকহঁত ঘৰলৈ ঘূৰি অহাৰ সময়ত পখীয়ে শুই আছিল।

(জ) পখীৰ মেকুৰী পোৱালিটোৰ কি হ’ল ?

উত্তৰ :- টোপনিৰ পৰা সাৰ পায়েই পখীয়ে মেকুৰী পোৱালিটোৰ কথা সুধিলে। “মেকুৰী পোৱালিটো ক’ত থ’লা পেহী ? এতিয়াই মোক আনি দিয়া” বুলি পখীয়ে কান্দিব ধৰিলে। এনেতে তাই আগফালৰ বাৰান্দাৰ ফালে চালে। চকা-মকা পোহৰত তাই দেখিলে যে তাইৰ অতি মৰমৰ মেকুৰী পোৱালিটো এখোজ-দুখোজকৈ মাকৰ সৈতে জপনামুখৰ ফালে গৈ আছে।

(ঝ) ‘পখীৰ মেকুৰী পোৱালি’ নামৰ কাহিনীটো তোমাৰ ভাষাৰে লিখা।

উত্তৰ :- আজি পখীৰ সম্পৰ্কীয় খুৰাক এজনৰ বিয়া। দিনে-পোহৰে উভতি আহিব লাগিব বুলি মাক – দেউতাকে ৰাতিপুৱাই ওলাইছে। পখীৰ গা-টোও বেয়া। আজি দুদিনমানৰপৰা পখীৰ কাহ হৈ আছে। সেইবাবে দেউতাকে পখীক তেওঁলোকৰ লগত নিনিলে। দিনটোৰ বাবে পখীৰ লগতে ঘৰখন চোৱা-চিতা কৰিবৰ বাবে মাকে কাষৰ ঘৰৰে ৰমলা পেহীয়েকক দায়িত্ব দি থৈ গ’ল। যাবৰ পৰত মাকে সোঁৱৰাই থৈ গ’ল যে পাকঘৰতে ভাত-পানী, জা-জলপান যতনাই থোৱা আছে।

এইদৰে মাক-দেউতাকে কেতিয়াবা এৰি গ’লে পখীৰ মনত বৰ দুখ লাগে। আজিও একেটাই হ’ল। তাইৰ নিজকে খুউব অকলশৰীয়া যেন লাগিল। সাধাৰণতে মাক-দেউতাকৰ লগত দূৰলৈ বাছেৰে গ’লে পখীৰ বৰ ভাল লাগে। বাছৰ খিৰিকীৰে দুৰৈৰ নীলা নীলা পাহাৰবোৰ আৰু পাহাৰৰ ফালে উৰি যোৱা বগলীৰ জাকবোৰ, সেউজীয়া বিস্তীৰ্ণ খেলপথাৰবোৰ আৰু সৰু ল’ৰা ছোৱালীবোৰে আনন্দতে বাটে-ঘাটে খেলি থকা দৃশ্যবোৰ দেখিলে পখীৰ মনত বৰ আনন্দ লাগে। এই আপদীয়া কাহটোৰ বাবে পখীৰ মনত এই আশা মনতে মাৰ গ’ল। কাহটোৰ ওপৰতে তাইৰ খং উঠিল।

মাক-দেউতাক যোৱাৰ পিছত পদূলিমুখৰ গুটিমালি জোপাৰপৰা ফুল দুপাহমান বুটলি তাই একে দৌৰে ঘৰৰ ভিতৰ পালেহি। ইফালে পেহীয়েকে পাকঘৰৰ ভিতৰৰ পৰা জলপান খাবলৈ পখীক মাতিলে। খাবলৈ মন যোৱা নাই বুলি পখীয়ে জলপান নোখোৱাকৈ থাকিল আৰু ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে। পেহীয়েকে তাইক তেনে নকৰিবলৈ বুজালে আৰু তাইৰ মন ভাল লগাবলৈ পাছফালৰ বাৰান্দাত তাইৰ লগত কিছু সময় হেতালি খেলিলে। পেহীয়েকে পুনৰ জলপান খাবলৈ কোৱাতো তাই নাখালে।

পখীয়ে সিহঁতৰ ভঁৰালঘৰৰ মুধচত শালিকা এহালে পোৱালিক টোপ খুৱাই থকা দেখা পালে। এই দৃশ্য চাই থাকোতেই শালিকাহাল ভুৰুংকৈ উৰা মাৰি পখীহঁতৰ বাৰীৰ কাষতে থকা পুখুৰীটোৰ পাৰতে পৰিলগৈ। পখীয়েও সিহঁতক চাবলৈ বুলি পুখুৰীৰ কাষলৈ গ’ল। কিন্তু পখীয়ে পুখুৰীৰ কাষৰ জোপাহটোৰ কাষত অকণমাণি মেকুৰী পোৱালি এটাই মিউ মিউ কৈ মাতি থকা দেখা পালে। তাই তাক কোলাত লৈ ঘৰ পালেহি। পেহীয়েকেও মৰমতে মেকুৰী পোৱালিটোক বাতি এটাত গাখীৰ খাবলৈ দিলে। পখীয়ে পোৱালিটোক মাক আহিলেও যাবলৈ নিদিও বুলি কোৱাত পেহীয়েকে তেনে নকৰিবলৈ পখীক হাক দিলে। জলপান খাই উঠি পখীয়ে গোটেই দিনটো মেকুৰী পোৱালিটোৰ লগতেই খেল থাকিল।

সন্ধিয়াৰ আগে আগে পেহীয়েকে সাধু শুনাই শুনাই পখীক শুৱাই থৈছিল। সন্ধিয়াৰ পাছতে পখীৰ মাকহঁত ঘৰ আহি পালে। মাকে পখীক জগোৱাৰ পিছত পখীয়ে সাৰ পায়েই মেকুৰী পোৱালিটোৰ কথাহে মাকক সুধিলে। মাকে একো বুজি নোপোৱাত পেহীয়েকে পখীৰ মেকুৰী পোৱালি পোৱাৰ কাহিনীটো বিৱৰি ক’লে। এনেতে পখীয়ে দেখিবলৈ পালে যে মেকুৰী পোৱালিটো মাকৰ সৈতে জপনামুখৰ ফালে গৈ আছে। পখীয়ে নিজকে মেকুৰী পোৱালিটোৰ লগত তুলনা কৰি মনত আনন্দ পালে। তাই মাকক আবদাৰ কৰিব ধৰিলে।

২। একে অৰ্থ বুজোৱা শব্দবোৰ মিলাই লিখা :

পখীৰান্ধনিঘৰ
গধুলিখোটালি
পাহাৰচৰাই
পাঁকঘৰসন্ধিয়া
পথাৰপৰ্বত
খিৰিকিপ্ৰান্তৰ
কোঠাবাতায়ন

উত্তৰ :- 

পখীচৰাই
গধুলিসন্দিয়া
পাহাৰপৰ্বত
পাঁকঘৰৰান্ধনিঘৰ
পথাৰপ্ৰান্তৰ
খিৰিকিবাতায়ন
কোঠাখোটালি

৩। বাক্য ৰচনা কৰা :

অকলশৰীয়া, বাটে-বাটে, ফেকুৰি-ফেকুৰি, ভুৰুংকৈ, কুচি-মুচি

উত্তৰ :- অকলশৰীয়া :- মাক-দেউতাকহঁতে এৰি যোৱাৰ পিছত পখীৰ নিজকে বৰ অকলশৰীয়া যেন লাগিল।

বাটে-বাটে :- বাটে-বাটে আমি বিভিন্ন মানুহ লগ পাওঁ।

ফেকুৰি-ফেকুৰি :- ডাঙৰ বেলুনটো ফাটি থকাত মইনাই ফেকুৰি-ফেকুৰি কান্দিছে।

ভুৰুংকৈ :- ভঁৰালঘৰৰ মুধচত থকা শালিকাহাল ভুৰুংকৈ উৰা মাৰি পুখুৰীৰ পাৰ পালে।

কুচি-মুচি :- মেকুৰী পোৱালিটো কুচি-মুচি পখীৰ কোলাত সোমাইছে।

৪। বিপৰীত অর্থ বুজোৱা শব্দবোৰ মিলাই লিখা :

শব্দ             অৰ্থ
আজিবেজাৰ
দুখকান্দোন
হাঁহিকালি
আনন্দপিছফাল
বেয়ানিৰাশা
আগফালভাল
আশাসুখ

উত্তৰ :-

শব্দ                      অৰ্থ
আজিকালি
দুখসুখ
হাঁহিকান্দোন
আনন্দবেজাৰ
বেয়াভাল
আগফালপিছফাল
আশানিৰাশা

৫। খালী ঠাই পূৰ কৰা :

ধান থোৱা ঘৰ ____________

নঙলা মুখত বাঁহেৰে

বৈ দিয়া বেৰ ____________

ভাত-পানী ৰন্ধা ঘৰ ____________

নঙলা মুখৰ পৰা

ঘৰলৈ দীঘল বাট ____________

উত্তৰ :- ধান থোৱা ঘৰ = ভঁৰাল ঘৰ

নঙলা মুখত বাঁহেৰে বৈ দিয়া বেৰ = জপনামুখ

ভাত-পানী ৰন্ধা ঘৰ = পাকঘৰ

নঙলা মুখৰ পৰা ঘৰলৈ দীঘল বাট = পদূলিমুখ

৬। পঢ়াঁ, বুজা আৰু লিখা :

অঁকৰাআঁকৰী
পেহা________
খুৰা ________
কলা________
কণা________
মহাশয়মহাশয়া
শ্ৰদ্ধেয়________
পূজনীয়________
মাক________
ডেকা________

উত্তৰ :-  

অঁকৰাআঁকৰী
পেহাপেহী
খুৰা কালবী
কলাকাণি
কণামহাশয়া
মহাশয়মহাশয়া
শ্ৰদ্ধেয়শ্ৰদ্ধেয়া
পূজনীয়পূজনীয়া
মাকদেউতাক
ডেকাডেকেৰী

৭। পঢ়া, বুজা আৰু খালী ঠাই পূৰ কৰা, তাৰ পাছত কি হয় চোঁৱা ?

মেকুৰীৰ গোটেই গাটো মিহি ……….. ঢকা। মুখখন ………… আৰু ইহঁতৰ দুপাৰি চোকা …… আছে। কাণ দুখন সৰু আৰু ……..। ঠেঙত জোঙা ……….. আছে, দীঘল ……. এডালো আছে। মুখত দুকোচা দীঘল ……… আছে। ইহঁতৰ ঘ্ৰাণ শক্তি …………। উমা লগা কোমল ঠাইত ………. ভাল পায়। চকু দুটা ……. আৰু ……। মানুহে খোৱা প্ৰায়বোৰ ……খায়। ভজা ……… আৰু ………. খাই বৰ ভাল পায়। সুবিধা পালে ……….. কৰি খাবলৈও নেৰে। পানী জিভাৰে ………… খায়; কিন্তু পানীলৈ বৰ ……. কৰে। মেকুৰী ……… প্ৰাণী, অৰ্থাৎ সহজে ……. মানে। য’তেই বসতি, ত’তেই ইহঁত থাকে। পৃথিৱীৰ সকলো ……… মেকুৰী পোৱা যায়। অৱশ্যে ……….. মেকুৰীও আছে। ইহঁতে গছ ……. পাৰে। মেকুৰী চিকাৰী ……….। এন্দুৰ, ………. আদি মাৰি গৃহস্থৰ উপকাৰ সাধন কৰে। মানুহৰ ……… জন্তু।

উত্তৰ :- মেকুৰীৰ গোটেই গাটো মিহি নোমেৰে ঢকা। মুখখন ঘূৰণীয়া আৰু ইহঁতৰ দুপাৰি চোকা দাঁত আছে। কাণ দুখন সৰু আৰু থিয়। ঠেঙত জোঙা নখ আছে; দীঘল নেজ এডালো আছে। মুখত দুকোচা দীঘল গোঁফ আছে। ইহঁতৰ ঘ্ৰাণ শক্তি তীব্ৰ। উম লগা কোমল ঠাইত শুই ভাল পায়। চকু দুটা উজ্জ্বল আৰু আন্ধাৰতো জ্বলে। মানুহে খোৱা প্ৰায়বোৰ খাদ্যই খায়। ভজা মাছ আৰু গাখীৰ খাই বৰ ভাল পায়। সুবিধা পালে চুৰ কৰি খাবলৈও নেৰে। পানী জিভাৰে চেলেকি খায়; কিন্তু পানীলৈ বৰ ভাল কৰে। মেকুৰী পোহনীয়া প্ৰাণী, অৰ্থাৎ সহজে পোহ মানে। য’তেই মানুহৰ বসতি, ত’তেই ইহঁত থাকে। পৃথিৱীৰ সকলো ঠাইতে মেকুৰী পোৱা যায়। অৱশ্যে বনৰীয়া মেকুৰীও আছে। ইহঁতে গছ বগাব পাৰে।মেকুৰী চিকাৰী জন্তু। এন্দুৰ, নিগনি আদি মাৰি গৃহস্থৰ উপকাৰ সাধন কৰে। মানুহৰ উপকাৰী জন্তু।

৮। তুমি ভালপোৱা এবিধ জন্তুৰ বিষয়ে ৰচনা লিখা :

উত্তৰ :- মই ভালপোৱা পোহনীয়া জন্তুবিধ হ’ল গৰু।

গৰু এবিধ পোহনীয়া জন্তু। ই ঘাঁহ, খেৰ, দানা, আদি খাই জীয়াই থাকে। পোৱালি গৰুৱে অৰ্থাৎ দামুৰীয়ে সৰুতে মাকৰ গাখীৰ খায়। পৃথিৱীৰ প্ৰায় সকলো দেশতে গৰু পোৱা যায়। কোনো কোনো দেশত বনৰীয়া গৰুও আছে।

গৰু প্ৰধানত : দুই প্ৰকাৰৰ – বলদ গৰু আৰু গাই গৰু। মতা গৰুক বলদ বোলে। অৱশ্যে বয়স  আৰু অৱস্থা অনুসৰি মতা গৰুৱে হালোৱা, বলদ, ষাঁড় আদি নাম পায়। বেছি বয়স নোহোৱা মতা গৰুক ‘দমৰা’ আৰু মাইকী গৰুক ‘কাঢ়লী বা ‘চেউৰী’ বোলে। পোৱালি দিয়াৰ পিছত কাঢ়লীক গাই বোলে।

দেশভেদে গৰুৰ আকাৰ-আকৃতি বেলেগ বেলেগ হয়। গৰুৰ কাণ দুখন দীঘল। শিং নথকা গৰুক লাওমূৰা বোলে। গৰুৰ মুখখন সৰু আৰু দীঘল। ওপৰ পাৰিত আগদাঁত নাথাকে। ইয়াৰ এডাল দীঘল নেজ আছে। নেজৰ মূৰত একোছা নোম থাকে। গৰুৰ ঠেং চাৰিখন। প্ৰতি ঠেঙতে এটাকৈ খুৰা থাকে। খুৰাবোৰ ফটা। গৰুৰ গাটো ঘন নোমেৰে ঢকা।

গৰু বৰ শান্ত প্ৰাণী। ই সহজে পোহ মানে। গাই-গৰুৱে এবাৰত এটাকৈ পোৱালি দিয়ে। পোৱালিক মাকে খুউব মৰম কৰে। শিঙৰ সহায়েৰে গৰুৱে নিজকে ৰক্ষা কৰে। ই নেজেৰে মাখি, মহ, ডাঁহ আদি খেদে। গৰুৱে প্ৰথমে ঘাঁহ, খেৰ আদি খাদবস্তু নোচোৱায়; গিলি থয়। জিৰণিৰ সময়ত সেইবোৰ পাগুলি খায়। গৰু বিভিন্ন বৰণৰ পোৱা যায়। যেনে- বগা, ক’লা, ৰঙা, কজলা, পখৰা আদি।

মানুহৰ বাবে গৰু বৰ উপকাৰী জন্তু। গাই-গৰুৰ গাখীৰ এবিধ অতি পুষ্টিকৰ খাদ্য। গাখীৰৰ পৰা দৈ, মাখন, ঘিউ, পনীৰ আদি নানা বস্তু তৈয়াৰ কৰা হয়। হালোৱা বলদ গৰুৰে মানুহে হাল বায়, মৰণা মাৰে, গাড়ী টনায়। কুঁহিয়াৰ আৰু তেল পেৰা শালো ইয়াৰে টনায়। গৰুৰ গোৱৰ খেতিৰ উত্তম সাৰ। গৰুৰ চামৰাৰ পৰা জোতা, জীন, বেগ আদি সজা হয়। শিঙৰ পৰা ফণি আৰু খুৰাৰ পৰা ‘শিৰিষ’ আঠা তৈয়াৰ কৰা হয়। এনে অশেষ উপকাৰী গৰুৰ প্ৰতি আমি সকলোৱে সদায় ভাল যত্ন ল’ব লাগে।

অতিৰিক্ত পাঠভিত্তিক প্ৰশ্নোত্তৰ

(১) পখীৰ মাক-দেউতাকে কাৰ বিয়া খাবলৈ গৈছিল ?

উত্তৰ :- পখীৰ সম্পৰ্কীয় খুৰাক এজনৰ বিয়া খাবলৈ গৈছিল।

(২) পখী কিয় বিয়ালৈ যোৱা নাছিল ?

উত্তৰ :- পখীৰ গাটো বেয়া আছিল বাবে দেউতাকে পখীক লগত যাবলৈ অনুমতি দিয়া নাছিল।

(৩) মাক-দেউতাকে এৰি গ’লে পখীৰ কেনেকুৱা অনুভৱ হয় ?

উত্তৰ :- মাক-দেউতাকে এৰি গ’লে পখীৰ মনত বৰ দুখ লাগে; নিজকে বৰ অকলশৰীয়া যেন লাগে।

(৪) পখীহতঁৰ পদূলিমুখত থকা ফুলজোপাৰ নাম কি ?

উত্তৰ :- গুটিমালি ফুল।

(৫) পখীয়ে ভঁৰালঘৰৰ মূধত  কি দেখিছিল ?

উত্তৰ :- শালিকা এহালে পোৱালিক টোপ খুৱাই থকা দেখিছিল।

(৬) পখীয়ে গা ধোওঁতে, ভাত খাওঁতে মেকুৰী পোৱালিটো কি কৰিছিল ?

উত্তৰ :- পখীয়ে গা ধোওঁতে, ভাত খাওঁতে ৰমলা পেহীয়েকে এখন হাতত পোৱালিটো লৈ থাকিব লগা হৈছিল।

(৭) মাক-দেউতাকৰ লগত সকলোৱে কি বিচাৰে ?

উত্তৰ :- মাক-দেউতাকৰ সৈতে মুকলি মনেৰে যি মন যায় তাকে কৰি আনন্দ মনেৰে থাকিবলৈ সকলোৱে বিচাৰে।

(৮) পখীৰ দেউতাকে কোৱা কি কথাত আটাইৰে হাঁহি উঠিছিল ?

উত্তৰ :- পখীৰ মাক-দেউতাক বিয়া খাবলৈ যোৱাৰ দৰে মেকুৰী পোৱালিটোৰ মাকো ক’ৰবাত বিয়া খাবলৈ গৈছিল বুলি দেউতাকে কোৱাত আটাইৰে হাঁহি উঠিছিল।

(৯) তোমালোকৰ ঘৰত পোহা জন্তুটোৰ বিষয়ে এখনি ৰচনা লিখা।

উত্তৰ :- আমাৰ ঘৰত পোহা জন্তুটো হ’ল কুকুৰ। কুকুৰ এবিধ চাৰিঠেঙীয়া পোহনীয়া জন্তু। কুকুৰ দুই প্ৰকাৰৰ – মতা কুকুৰক ঢেকুৰা আৰু মাইকী কুকুৰক ঢেকুৰী বোলে। কুকুৰে মঙহ, ভাত, গাখীৰ আদি খাই জীয়াই থাকে।

পৃথিৱীত প্ৰায়বোৰ দেশতে কুকুৰ পোৱা যায়। দেশ অনুসৰি বেলেগে বেলেগে জাতৰ কুকুৰ আছে। কিছুমান কুকুৰ বৰ ডাঙৰ আৰু কিছুমান কুকুৰ সৰু। ইয়াৰ কাণ দুখন। মুখত জোঙা দাঁত আছে। প্ৰতিখন ঠেঙত চাৰিটাৰ পৰা পাঁচোটাকৈ নখ থাকে। নখবোৰ বৰ জোঙা।  নেজ কিছু দীঘল আৰু কেকোঁৰা। ইয়াৰ গা দীঘল নোমেৰে ঢকা।

কুকুৰে গৃহস্থক বৰ ভাল পায়। ই বৰ বিশ্বাসী প্ৰাণী। অলপ আহাৰতে ই সন্তুষ্ট থাকে। ইয়াৰ ঘ্ৰাণ শক্তি বৰ বেছি। ইয়াৰ টোপনি কম। ভাগৰ লাগিলেই জিভা উলিয়াই দিয়ে। ইয়াৰ ঘাম জিভাৰে ওলায়। মাইকী কুকুৰে এবাৰত ৪/৫ টালৈকে পোৱালি জন্ম দিয়ে। পোৱলিয়ে মাকৰ গাখীৰ খায়। কুকুৰ বৰ বুধিয়ক আৰু সাহসী প্ৰাণী।

ৰঙা, বগা, ক’লা, মুগা, পখৰা আদি বহু বৰণৰ কুকুৰ আছে।

কুকুৰ বৰ উপকাৰী জন্তু। কুকুৰে গোটেই জীৱনত গিৰিহঁতৰ উপকাৰ কৰে। ই ৰাতি ঘৰত পহৰা দিয়ে, ডাঙৰ বিপদৰ পৰাও ই গৃহস্থক বচাব পাৰে। চিকাৰ কৰা কামত ই চিকাৰীক বহুত সহায় কৰে। এই গুণৰ বাবে আজিকালি অপৰাধীৰ অনুসন্ধান কাৰ্যতো কুকুৰক ব্যৱহাৰ কৰা হয়। বৰফেৰে আবৃত মেৰু অঞ্চলত কুকুৰে ‘শ্লেজ গাড়ী’ টানে।

কুকুৰে সহজে পগলা হয়। পগলা কুকুৰে কামুৰিলে মানুহ বা আন প্ৰাণীৰ জলাতংক ৰোগ হয়। সেইবাবে আমি পগলা কুকুৰৰ পৰা সাৱধানে থাকিব লাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top