Assam Jatiya Bidyalay Class 5 Assamese Chapter 2 জয়মতী কুঁৱৰী

Assam Jatiya Bidyalay Class 5 Assamese Chapter 2 জয়মতী কুঁৱৰী, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 2 জয়মতী কুঁৱৰী Class 5 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Assamese Chapter 2 জয়মতী কুঁৱৰী Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Assamese Chapter 2 জয়মতী কুঁৱৰী provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

জয়মতী কুঁৱৰী

Chapter – 2

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

* তলৰ শব্দবোৰৰ অর্থ লিখা :

কীৰিতি, শুৱলা, মৌন, মুগ্ধ, বোলছবি, মহীয়সী, আচল, সোঁৱৰাই, ৰাজবংশজাত, নিখুত, নিস্কন্টক, বিষম, অংগক্ষত, দৃঢ়তা, বিসৰ্জন, আদর্শ, নিৰ্মাণ।

উত্তৰ :- 

শব্দ    অর্থ
কীৰিতিযশ; খ্যাতি।
শুৱলাধুনীয়া; শুনি ভাল লগা।
মৌননীৰৱ; মনে মনে থকা।
মুগ্ধমোহিত।
বোলছবিকথাছবি; সবাক চিএ।
মহীয়সীসকলোতকৈ মহান।
আচলপ্ৰকৃত ; প্ৰধান।
সোঁৱৰাইমনত পেলাই।
ৰাজবংশজাতৰজাৰ বংশত ওপজা।
নিখুঁতখুঁত নথকা; দোষ নথকা।
নিস্কন্টককাঁইট নথকা; বাধা-বিঘিনি শূণ্য।
বিষমদু:সহ; বিপজ্জনক; উৎকট।
অংগক্ষতশৰীৰৰ কোনো অংগত অস্ত্ৰ  আদিৰে লগোৱা বা হোৱা ঘুণ।
দৃঢ়তামনৰ কঠোৰ ভাব।
বিসৰ্জনপৰিত্যাগ; বৰ্জন।
আদৰ্শআহি; চানেকি; যাক চাই কোনো কাৰ্য কৰা যায়; যাৰ গঢ় অনুসৰি কোনো বস্তু গঢ়া হয়।
নিৰ্মাণগঠন কৰা কাৰ্য; সজা কাৰ্য; প্ৰস্তুত কৰা কাৰ্য।

পাঠভিত্তিক ক্ৰিয়া-কলাপৰ প্ৰশ্নোত্তৰঃ

১। প্ৰথমে কোঁৱা তাৰ পাছত লিখা।

(ক) প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি ? এইখন কোনে নিৰ্মাণ কৰিছিল ?

উত্তৰ :- প্রথম অসমীয়া চিনেমাখনৰ নাম হ’ল ‘জয়মতী’। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে জয়মতী চিনেমাখন নিৰ্মাণ কৰিছিল।

(খ) জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম কি আছিল ?

উত্তৰ :- ‘জেৰেঙা’ নামৰ পথাৰখনত জয়মতীক শাস্তি দিয়া হৈছিল।

(গ) গদাপাণি কোঁৱৰ কিয় নগা পৰ্বতলৈ পলাই যাব লগা হৈছিল ?

উত্তৰ :- গদাপাণি আছিল আহোম ৰাজবংশৰ কোঁৱৰ। আহোম ৰাজ্যৰ নিয়ম মতে নিখুঁত কোঁৱৰহে ৰজা হ’ব পাৰিছিল। এবাৰ স্বৰ্গদেউ চুলিকফাই নিজৰ সিংহাসন নিস্কন্টক কৰিবলৈ ৰাজকোঁৱৰসকলক অংগক্ষত কৰিবলৈ বিষয়াসকলক নির্দেশ দিলে। কথা বিষম হ’ব দেখি নিজকে অংগক্ষত কৰাৰ পৰা ৰক্ষা কৰিবলৈ গদাপাণি কোঁৱৰ নগা পৰ্বতলৈ পলাই যাব লগা হৈছিল।

(ঘ) জয়মতীক স্বৰ্গদেউৰ চাউদাঙে কিয় শাস্তি দিছিল ? সেই শাস্তিৰ পৰিণতি কি হ’ল ?

উত্তৰ :- ৰাজকোঁৱৰ গদাপাণি খবৰ উলিয়াবৰ বাবে পত্নী জয়মতীক স্বৰ্গদেউ চাউদাঙে শাস্তি দিছিল।

জয়মতীয়ে কোনোপধ্যে নিজৰ স্বামীৰ কথা চাইদাঙৰ আগত নক’লে। অৱশেষত অনেক শাস্তি খাই জয়মতীয়ে জেৰেঙা পথাৰতে স্বৰ্গদেউ চাউদাঙৰ হাতত প্ৰাণ বিসৰ্জন দিলে।

২। পাঠত থকা ‘কীৰিতি’ শব্দটো আহিছে সংস্কৃত ভাষাৰ  ‘কীৰ্তি’ শব্দৰপৰা। তলৰ শব্দবোৰৰপৰা সৃষ্টি হোৱা অসমীয়া ভাষাৰ শব্দবোৰ লিখা।

কৰ্ম____
ধর্ম____
গ্ৰাম____
হস্ত ____
স্বৰ্ণ____
বৰ্ণ ____
কৰ্ণ____

উত্তৰ :- 

কৰ্মকাম
ধর্মধৰম
গ্ৰামগাঁও
হস্ত হাত
স্বৰ্ণসোণ
বৰ্ণ বৰণ
কৰ্ণকাণ

৩। ‘লুইত’ মানে ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ নদীক লৈ বহুতো গীত আৰু কবিতা ৰচিত হৈছে। তেনে কেইটামান গীত আৰু কবিতা বিচাৰি উলিয়াই সংগ্ৰহ কৰা।

উত্তৰ :- ( ছাত্ৰ-ছাত্ৰীসকলে পৰিয়ালৰ জেষ্ঠজন নাইবা শিক্ষকৰ সহায়ত ব্ৰহ্মপুত্ৰ বিষয়ক গীত আৰু কবিতাবোৰ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিব।)

৪। আহোম যুগৰ আন এগৰাকী মহীয়সী নাৰী মূলাগাভৰু। শিক্ষকৰ সহায়ত তেওঁৰ বিষয়ে জানি লোৱা আৰু চমুকৈ লিখা।

উত্তৰ :- মূলাগাভৰু প্ৰথম অসমীয়া মহিলা শ্বহীদ। মূলাগাভৰুৰ স্বামী আছিল ফ্ৰাচেংমুং বৰগোহাঁই। ১৫৩২ খ্ৰীষ্টাব্দত তুৰ্বকে অসম আক্ৰমণ কৰে। স্বামী ফ্ৰাচেংমুং যুদ্ধত তুৰ্বকৰ হাতত নিহত হোৱাৰ পিছত বীৰাংগনা মূলাগাভৰুৱে নিজেই হাতত হেংদাং তুলি লয় আৰু অসীম বীৰত্বৰে তুৰ্বকৰ বিৰুদ্ধে যুঁজ দিয়ে।  অনেক তুৰ্বক সেনাক নিহত কৰি শেষত  মূলাগাভৰুৱে নিজেও মৃত্যুবৰণ কৰে। মূলাগাভৰু অসমীয়া নাৰীৰ অসীম বীৰত্বৰ প্ৰতীক।

৫। চমুটোকা লিখা :

(ক) স্বৰ্গদেউ চুলিকফা। 

(খ) জেৰেঙা পথাৰ। 

(গ) গড়গাঁও।

(ঘ) ৰুদ্ৰসিংহ।

উত্তৰ :- স্বৰ্গদেউ চুলিকফা :- ১৬৭৯ খ্ৰী:ত লালুকসোলা বৰফুকনে গড়গাঁও অধিকাৰ কৰি ৰজা চুদৈফাক হত্যা কৰে আৰু আতন বঢ়াগোহাঁইকে আদি কৰি সকলো বিষয়-ববীয়াক বন্দী কৰে। ইয়াৰ পিছত লালুকসোলাই চামুগুৰীয়া ফৈদৰ চৈধ্য বছৰীয়া কোঁৱৰ চুলিকফাক ৰাজপাটত তোলে। ৰাজপাটত বহি চুলিকফাই হিন্দু ধর্মমতে ৰত্নধবজ সিংহ‌ নাম লয়। ল’ৰা কালতে ৰজা হৈছিল বাবে এওঁক ‘ল’ৰাৰজা’ বোলা হৈছিল। আহোম ৰাজতন্ত্রৰ নিয়মমতে অংগক্ষত থকা বা ঘুণীয়া ৰাজকোঁৱৰ সিংহাসনত বহিব নোৱাৰে। এই নিয়মৰে আলম লৈ স্বৰ্গদেউ চুলিকফাই লালুকসোলাৰ পৰামৰ্শমতে নিজৰ সিংহাসন নিস্কন্টক কৰিবলৈ সিংহাসন বহাৰ সম্ভাৱনা থকা অসংখ্য আহোম ৰাজকোঁৱৰক অংগক্ষত কৰিছিল। ১৬৮১ খ্ৰীষ্টাব্দৰ আগষ্ট মাহত গদাপাণিয়ে চুলিকফাক সিংহাসনচ্যুত কৰি ১০ আগষ্টৰ দিনা গদাধৰ সিংহ নাম লৈ ৰাজপাটত বহে।

(খ) জেৰেঙা পথাৰ :- পত্নী জয়মতীৰ পৰামৰ্শমতে গদাপাণিয়ে ল’ৰা ৰজাৰ নিধন বা অংগক্ষতৰ পৰা হাত সাৰিবলৈ নগা পাহাৰত লুকাই আছিল। ৰজাৰ মানুহে গদাপাণিক নাপাই       ভাৰ্যা জয়মতীকে ৰজাৰ সম্মুখত হাজিৰ কৰালে। বাৰে বাৰে সুধিও জয়মতীৰ মুখৰ পৰা স্বামীৰ কোনো শুংসূএ উলিয়াব নোৱাৰি লালুকসোলাৰ পৰামৰ্শমতে ল’ৰাৰজাই জয়মতীক শাস্তি দিবলৈ আজ্ঞা কৰে। সেই অনুসৰি জেৰেঙা পথাৰত এডাল কোটকৰা গছত বান্ধি জয়মতীক ৰজাৰ চাউদাঙে নানা শাস্তি দিয়ে। ইয়াৰ মাজতে স্বামী গদাপাণিয়ে নগাৰ বেশেৰে জেৰেঙা পথাৰতে জয়মতীক চাই যায়। জয়মতীয়ে চাউদাঙৰ নিৰ্মম অত্যাচাৰত চৈধ্যদিনৰ দিনা এই জেৰেঙা পথাৰতে দেশ আৰু স্বামীৰ হকে প্ৰাণ ত্যাগ কৰে।

(গ) গড়গাঁও :- গড়গাঁও আহোম সাম্ৰাজ্যৰ ৰাজধানী নগৰ। আহোম স্বৰ্গদেউ চুক্লেংমুঙে (১৯৩৯-১৫৫২) ইয়াত আহোমৰ ৰাজধানী নগৰ পাতিছিল। গড়গাঁৱত ৰাজধানী পতা বাবে এইজনা স্বৰ্গদেউক গড়গঞা ৰজা বুলি জনা যায়।

গড়গাঁওৰ পুৰণি নাম আছিল হেমেনবাৰী বা হেমেনাবাৰী। হেমেনা নামৰ সতি-সন্ততি নথকা মানুহ এজন আছিল। স্বৰ্গদেউ চুক্লেংমুঙে নগৰ পাবলৈ গড় মাৰোতে হেমেনাৰ মাটিৰ মাজেদি পশ্চিমৰ ফালৰ গড়টো গ’ল। হেমেনাই গড় বান্ধিবলৈ মাটি এৰি নিদিলে। সেয়ে হেমেনা ঢুকুওৱাৰ পিছতহে সেইপিনে গড় বান্ধিব পৰা হ’ল। ৰজাই গড় মাৰি নগৰ কৰিলে। তেতিয়াৰে পৰা গড়গাঁও নাম হ’ল।

প্ৰাচীন গড়গাঁও নগৰৰ বৈচিত্ৰ্য আৰু বৈশিষ্ট্য আছিল ইয়াৰ সুপৰিকল্পিত নিৰ্মাণ প্ৰণালী। গড়গাঁও নগৰখন দীঘলে প্ৰায় ১৯ কিলোমিটাৰ আৰু বহলে প্ৰায় ১৬ কিলোমিটাৰ। গড়গাঁও নগৰৰ পূবে ৰাজগড়, দক্ষিণে বাঁহগড় আৰু লাদৈ গড়, পশ্চিমে বাহগড়, উত্তৰে বাঁহগড় আৰু পথালিগড়। নগৰৰ চাৰিওপিনে চাৰিখন সু-উচ্চ পকী দুৱাৰ আছিল। প্ৰতিখন দুৱাৰৰপৰা ৰাজকাৰেঙলৈ দূৰত্ব তিনি ক্ৰোশ (এক ক্ৰোশ = আঠ হাজাৰ হাত) হাট-বজাৰ কৰিবলৈ নগৰৰ ভিতৰতে এটা ওখ আলিবাট আছিল। নগৰৰ চাৰিওফালে দুই ক্ৰোশ পৰিধিৰ এশাৰী কোটোহা বাঁহ আছিল। আলিৰ দুই দাঁতিত শাৰীকৈ নগৰীয়া বিষয়ববীয়াৰ ঘৰ আৰু ঘৰৰ সম্নুখত একোখন মুকলি ঠাই বা উপবন আছিল।

আমাৰ বুৰঞ্জীৰ এছোৱা উজ্জ্বল অধ্যায়ৰ সাক্ষী আছিল গড়গাঁও। স্বৰ্গদেউ ৰুদ্ৰসিংহই (১৬৯৬-১৭১৪) ৰংপুৰত আহোমৰ নতুন ৰাজধানী পতাৰ পিছৰে পৰা গড়গাঁৱৰ গুৰুত্ব কমি আহে।

বৰ্তমান শিৱসাগৰ জিলাৰ চহৰৰ পৰা ১৩ কি.মি. আঁতৰত অৱস্থিত গড়গাঁও অঞ্চলটিত কাৰেংঘৰকে আদি কৰি বহুতো প্ৰাচীন কীৰ্তিচিহ্ন আছে।

(ঘ) ৰুদ্ৰসিংহ :- পিতৃ গদাধৰ সিংহৰ মৃত্যুৰ পিছত জেষ্ঠপুত্ৰ ৰুদ্ৰসিংহই ১৬৯৬ খ্ৰী:ত ৰাজপাটত উঠে। ৰুদ্ৰসিংহৰ দিনতে আহোম ৰাজ্য উন্নতিৰ চৰম সীমাত উপনীত হয়। ৰুদ্ৰসিংহৰ দিনতে কছাৰী ৰাজ্য আৰু জয়ন্তীয়া ৰাজ্য আহোম ৰাজতন্ত্রৰ অধীনলৈ আনে। অকল ৰাজ্য সম্প্ৰসাৰণেই নহয়, ৰুদ্ৰসিংহ সঙ্গীত, খেল-ধেমালি আৰু শিক্ষা, সাহিত্য-সংস্কৃতিৰ পৃষ্ঠপোষক আছিল। ৰুদ্ৰসিংহৰ ৰাজত্বকালতে অসমীয়া সংস্কৃতিৰ বহুল বিকাশ হয়। মাতৃ সতী জয়মতীৰ স্মৃতি যুগমীয়া কৰিবলৈ তেওঁ ৰাজধানীত জয়সাগৰ পুখুৰী খন্দাই পাৰত জয়দ’ল বন্ধাইছিল। ইয়াৰ উপৰিও তেওঁ বহুতো পুখুৰী খন্দাইছিল আৰু সাঁকো, আলিবাট বন্ধাইছিল।

ৰুদ্ৰসিংহৰ দিনতে আহোমৰ ৰাজধানী গড়গাঁৱৰ পৰা মেটেকালৈ তুলি অনা হয় আৰু ইয়াৰ নাম ৰংপুৰ দিছিল। এইজনা স্বৰ্গদেৱেই ৰংপুৰত বাঁহ-কাঠৰ এটা ৰংঘৰ নিৰ্মাণ কৰিছিল। পিছলৈ ইয়েই পকী ৰংঘৰলৈ পৰিণতি হয়। বঙ্গ জয়ৰ আশাৰে বিপুল প্ৰস্তুতিৰে যুদ্ধৰ আয়োজন কৰি থাকোতেই টান নৰিয়াত পৰি ১৭১৪ খ্ৰী:ৰ আগষ্ট মাহত ৰুদ্ৰসিংহৰ মৃত্যু হয়।

৬। উদাহৰণত দেখুওৱাৰ দৰে নতুন শব্দ গঠন কৰা :

উদাহৰণ : কোঁৱৰ – কুঁৱৰী ৰজা, ল’ৰা, মহান, বান্দৰ, অজলা, অঁকৰা, কলা।

উত্তৰ :- ৰজা – ৰাণী

ল’ৰা – ছোৱালী

মহান – মহীয়সী

বান্দৰ – বান্দৰী

অজলা – আজলী

অঁকৰা – আঁকৰী

কলা – কালৰী

৭। ক-অংশৰ লগত খ-অংশ মিলোৱা :

ক-অংশখ-অংশ
দঁতালআইচু
বোন্দাচেঁউৰী
শৰ জইগুই
দমৰামাখুন্দী
ঘঁৰিয়ালজাঁই
গোহাঁইভেলেঙী

উত্তৰ :-

ক-অংশখ-অংশ
দঁতালমাখুন্দী
বোন্দাজাঁই
শৰ ভেলেঙী
দমৰাচেঁউৰী
ঘঁৰিয়ালজলগুই
গোহাঁইআইচু

৮। অভিধান চাই অর্থ বিচাৰি উলিওৱা :

মচগুল, উজ্জ্বল, অভ্যাস, বিসৰ্জন

উত্তৰ :- 

শব্দ                        অর্থ
মচগুলমুগ্ধ ; আপোন পাহৰা।
উজ্জ্বলদীপ্ত ; যি পোহৰ হৈ বা কৰি থাকে।
অভ্যাসসদায় আচৰণ কৰি লাভ কৰা স্বভাৱ।
বিসৰ্জনপৰিত্যাগ ; বৰ্জন।

৯। বাক্য ৰচনা কৰা :

এখোজ-দুখোজকৈ, একে লেঠাৰিয়ে, উচ্চস্বৰে, মচগুল।

উত্তৰ :- এখোজ-দুখোজকৈ (লাহে লাহে) :- তগৰে এখোজ-দুখোজকৈ আহি ৰত্নাৰ কাষ পালেহি।

একে লেঠাৰিয়ে (একেৰাহে) :- যোৱাকালিৰ পৰা একে লেঠাৰিয়ে বৰষুণ দি থকাত পথাৰবোৰ পানীৰে উপচি পৰিছে।

উচ্চস্বৰে (ডাঙৰকৈ) :- বায়েক ৰত্নাই উচ্চস্বৰে গাই থকা গানটো তগৰে কাণ পাতি শুনিলে।

মচগুল (আপোন পাহৰা) :- জিতুৱে গানৰ মাজত মচগুল হৈ আছিল।

অতিৰিক্ত পাঠভিত্তিক প্ৰশ্নোত্তৰ

১। তগৰক কিহে মুগ্ধ কৰিছিল ?

উত্তৰ :- বায়েক ৰত্নাই গাই থকা গানটোৰ কথাখিনিয়ে তগৰক মুগ্ধ কৰিছিল।

২। “লুইতৰে পানী যাবি অ’ বৈ ________” গীতটো কোনে ৰচনা কৰিছে ?

উত্তৰ :- জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে।

৩। ৰেডিঅ’ৰ কোনটো অনুষ্ঠানত  ৰত্নাই গানটো গোৱাৰ কথা আছিল ?

উত্তৰ :- সেউজী চ’ৰাত।

৪। বায়েক ৰত্নাই গান গাই থকা সময়খিনি তগৰে কি কৰি আছিল ?

উত্তৰ :- ভিতৰত সাধু কিতাপ পঢ়ি আছিল।

৫। জয়াৰ আচল নাম কি ?

উত্তৰ :- জয়াৰ আচল নাম জয়মতী কুঁৱৰী।

৬। জয়মতী কুঁৱৰী কাৰ জীয়ৰী ?

উত্তৰ :- জয়মতী কুঁৱৰী লাইথেপেনা বৰগোহাঁঞিৰ জীয়ৰী।

৭। জয়মতীৰ কাৰ লগত বিয়া হৈছিল ?

উত্তৰ :- গদাপাণি নামেৰে আহোম ৰাজবংশৰ এজন কোঁৱৰৰ লগত গদাপাণিৰ বিয়া হৈছিল।

৮। আহোম ৰাজ্যৰ নিয়মমতে কোন ৰজা হ’ব পাৰে ?

উত্তৰ :- আহোম ৰাজ্যৰ নিয়মমতে নিখুঁত কোঁৱৰসকলহে ৰজা হ’ব পাৰিছিল।

৯। কোনে আৰু কিয় ৰাজকোঁৱৰসকলক অংগক্ষত কৰিবলৈ নিৰ্দেশ দিছিল ?

উত্তৰ :- স্বৰ্গদেউ চুলিকফাই নিজৰ সিংহাসন নিস্কন্টক কৰাৰ উদ্দেশ্য ৰাজকোঁৱৰসকলক অংগক্ষত কৰিবলৈ নিৰ্দেশ দিছিল।

১০। গদাপাণি কোঁৱৰ ক’লৈ পলাই গৈছিল ?

উত্তৰ :- নগা পৰ্বতলৈ পলাই গৈছিল।

১১। জয়মতীক কি গছত বান্ধি চাউদাঙে শাস্তি দিছিল ?

 উত্তৰ :- এজোপা কোটকৰা গছত।

১২। গদাপাণিয়ে কি বেশেৰে জয়মতীৰ কাষলৈ আহিছিল ?

উত্তৰ :- গদাপাণিয়ে নগাৰ বেশেৰে জয়মতীৰ কাষলৈ আহিছিল।

১৩। জয়মতীয়ে কি আদৰ্শ দেখুৱাই থৈ গ’ল ?

উত্তৰ :- নিজৰ স্বামী আৰু দেশৰ কাৰণে প্ৰাণ বিসৰ্জন দি জয়মতীয়ে দেশপ্ৰেমৰ মহান আদৰ্শ দেখুৱাই থৈ গ’ল।

১৪। স্বৰ্গদেউ চুলিকফাৰ আন এটা নাম কি আছিল ? (শিক্ষকৰ সহায়ত জানি থোৱা)

উত্তৰ :- স্বৰ্গদেউ চুলিকফাৰ আন এটা নাম আছিল ল’ৰাৰজা। অতি কম বয়সতে ৰাজসিংহাসনৰ বহিছিল বাবে তেওঁক ‘ল’ৰাৰজা’ নাম দিয়া হৈছিল।

১৫। জ্যোতিপ্ৰসাদে গীতৰ মাজেৰে কি কামনা কৰিছিল ?

উত্তৰ :- জয়মতী কুঁৱৰীৰ দৰে মহীয়সী নাৰীৰ কাহিনী যেন চহৰে – নগৰে, সাগৰ-পৰ্বতে সকলোতে বিয়পি পৰে তাকেই জ্যোতিপ্ৰসাদে গীতৰ মাজেৰে কামনা কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top