Assam Jatiya Bidyalay Class 5 Assamese Chapter 16 পেঁপা

Assam Jatiya Bidyalay Class 5 Assamese Chapter 16 পেঁপা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 16 পেঁপা Class 5 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Assamese Chapter 16 পেঁপা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Assamese Chapter 16 পেঁপা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

পেঁপা

Chapter – 16

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

* তলৰ শব্দবোৰৰ অৰ্থ লিখা।

মাৰ যায়, পথৰুৱা, গৰখীয়া, ভোল।

উত্তৰ :- 

শব্দ    অৰ্থ
মাৰ যায়অস্ত যায়।
পথৰুৱাপথাৰত উৎপন্ন হোৱা।
গৰখীয়াগৰু ৰখীয়া; গৰু চৰাই ফুৰা মানুহ।
ভোলমোহিত; বিস্মৃত; আপোন পাহৰা।

পাঠভিত্তিক ক্ৰিয়া-কলাপৰ প্ৰশ্নোত্তৰঃ 

১। প্ৰথমে কোৱা, তাৰ পিছত লিখা।

(ক) পথাৰৰ পৰা কি মাত শুনা গৈছিল ?

উত্তৰ :- পথাৰৰ পৰা পেঁপাৰ মাত শুনা গৈছিল।

(খ) গৰুজাক কোন বাটেদি আনিছিল ?

উত্তৰ :- গৰুজাক পথৰুৱা বাটেদি আহিছিল।

(গ) পেঁপাটিয়ে কি কথা কয় ?

উত্তৰ :- মানুহৰ মাতে কব নোৱাৰা কথাবোৰ পেঁপাটিয়ে কয়।

২। ‘পেঁপা’ এবিধ থলুৱা বাদ্য। তুমি জনা অইন কেইবিধমান বাদ্যৰ নাম লিখা চোন।

উত্তৰ :- কেইবিধমান থলুৱা তথা আন বাদ্য হ’ল- ঢোল, গগণা, বাঁহী, সুতুলি, টকা, টোকাৰী, দোতোৰা, একতাৰা, তাল, নাগাৰা, খোল, মৃদংগ, তবলা, খঞ্জৰী ইত্যাদি।

৩। বুজা আৰু লিখা :

যিয়ে গৰু ৰখে = গৰখীয়া।

যিয়ে মাছ মাৰে = _________

যিয়ে নাও চলায় = _________

যিয়ে ঢোল বজায় = _________

যিয়ে খোল বজায় = _________

উত্তৰ :- যিয়ে গৰু ৰখে = গৰখীয়া

যিয়ে মাছ মাৰে = মাছুৱৈ; মাছমৰীয়া

যিয়ে নাও চলায় = নাৱৰীয়া

যিয়ে ঢোল বজায় = ঢুলীয়া

যিয়ে খোলা বজায় = খুলীয়া

৪। ‘পেঁপা’ কবিতাটো গদ্য ৰূপত লিখা :

উত্তৰ :- আবেলি বেলি মাৰ যোৱা সময় তেতিয়া। পথাৰৰপৰা পেঁপাৰ মাত ভাঁহি আহিছে। লগত গৰখীয়া নোহোৱাকৈ গৰুৰ জাকবোৰ পথৰুৱা বাটেদি ঘৰমুৱা হৈছে। গৰখীয়াই পেঁপাৰ মাত শুনি ভোল গৈ গৰুৰ কথা পাহৰিয়ে গ’ল; পথাৰতে ৰৈ থাকিল। মানুহৰ মাতে ক’ব নোৱাৰা অৰ্থাৎ মানুহে মুখেৰে প্ৰকাশ কৰিব নোৱাৰা কথা কিছুমান পেঁপাৰ সুৰত ফুটাই তুলিব পাৰি।

৫। বাক্য ৰচনা কৰা :

কুলি, বিহু, নাচনী, গৰখীয়া, পথাৰ, ফুলনি।

উত্তৰ :- (i) কুলি : বহাগত কুলিৰ মাতে আমাৰ মন উতলা কৰে।

(ii) বিহু : বিহু অসমীয়াৰ বাপতি সাহোন উৎসৱ।

(iii) নাচনী : ঢোলৰ মাত শুনি নাচনীৰ গাত তত নাইকীয়া হয়।

(iv) গৰখীয়া : পথাৰৰপৰা গৰখীয়া ল’ৰাবোৰে গৰুবোৰ খেদি আনিছে।

(v) পথাৰ : আঘোণৰ সোণালী পথাৰখন দেখি কৃষকৰ মন আনন্দৰে ভৰি পৰে।

(vi) ফুলনি : আমাৰ ঘৰৰ আগফালে এখন ফুলনি আছে।

৬। তলৰ বিষয় দুটা লৈ কেইটামানকৈ বাক্য লিখিবলৈ যত্ন কৰা।

বাঁহী, বাটৰুৱা।

উত্তৰ :- (i)  বাঁহী : বাঁহী এবিধ প্ৰাচীন আৰু জনপ্রিয় বাদ্যযন্ত্ৰ। বাঁহী বাঁহৰ চুঙাৰে সজা হয়। ইয়াৰ ভিতৰটো ফোপোলা আৰু নিৰ্দিষ্ট দূৰত্বত কিছুমান ছিদ্ৰ থাকে। ইয়াৰ এমূৰে ফুদি বাকী ছিদ্ৰ কেইটাত আঙুলি বুলাই সুৰৰ সৃষ্টি কৰা হয়। অসমৰ জনজাতি লোকসকলৰ মাজত বাঁহীৰ বিভিন্ন নাম আছে। যেনে – চিফুং (বড়ো); পুলি বা কুৰুলি (মিছিং); ব্ৰাংছি বা জাপখাৰা (ৰাভা); থোৰাং বা থিৰাং (তিৱা); ৱাঠিছা বা চুফিন (ডিমাছা); চৰতি (খাছী) ইত্যাদি বাঁহী লোকসংগীতৰ এক অন্যতম বাদ্য। বাঁহীৰ সুৰে সকলোকে মোহিত কৰে।

(ii) বাটৰুৱা : বাটেদি যোৱা লোকক বাটৰুৱা বোলে। বাটৰুৱা লোকসকলে যাওঁতে বাটত যেতিয়া ইজনে সিজনক লগ পায় তেতিয়া তেওঁলোকে বাটৰ একাষে ৰৈ কথা পাতে। বাটৰুৱা লোকসকলে বাটেৰে যাওতে কিছুমান নীতি-নিয়ম মানি চলিব লাগে। যেনে- বাটেৰে খোজ কাঢ়োতে সদায় বাওঁফালেৰে যাব লাগে আৰু বাট পাৰ হ’ব লাগিলে ইফালে-সিফালে চাই পাৰ হ’ব লাগে। বাটৰুৱাই পিয়াহ লাগিলে য’ৰে-তৰে পানী খোৱা উচিত নহয়।

সাধাৰণতে বাটৰুৱা লোকসকলৰ সুবিধাৰ্থে পথৰ দুয়ো-দাঁতিত ছাঁ পৰা ওখ গছ ৰোৱা হয়। ইয়াৰ ভিতৰত কিছুমান ফল-ফুল লগা বা ঔষধি গছো ৰোৱা হয়। তাৰোপৰি বাটৰ কাষত নিৰ্দিষ্ট দূৰত্বৰ ব্যৱধানত জিৰণি ঘৰ নিৰ্মাণ কৰা হয় যাতে বাটৰুৱাসকলে তাত বহি জিৰণি ল’ব পাৰে নতুবা ৰ’দ-বতাহ-বৰষুণৰ পৰা নিজক ৰক্ষা কৰিব পাৰে।

পাঠভিত্তিক ব্যাকৰণৰ আলোচনা

১। সৰ্বনাম পদ কাক বোলে ? উদাহৰণ দি বুজাই লিখা।

উত্তৰ :- বিশেষ্য পদৰ সলনি যিবোৰ পদ ব্যৱহাৰ কৰা হয় সেইবোৰ পদক সৰ্বনাম পদ বোলা হয়। যেনে – সি, তেওঁ, তুমি, তোমালোক, সিহঁত, তেওঁলোক, এইবোৰ ইত্যাদি।

২। বুজা আৰু লিখা :

নাম বুজোৱা পদনাম বুজোৱা পদৰ সলনি ব্যৱহাৰ হোৱা পদ
ৰাম                                   সি/তেওঁ
গীতা__________
ৰামহঁত__________
বাঁহী__________
ফুলবোৰ__________
ককাদেউতা __________
আইতা__________
বাটৰুৱা__________
গৰখীয়া__________

উত্তৰ :-

নাম বুজোৱা পদনাম বুজোৱা পদৰ সলনি ব্যৱহাৰ হোৱা পদ
ৰাম                                   সি/তেওঁ
গীতাতাই/তেওঁ
ৰামহঁতসিহঁত/তেওঁলোক
ফুলবোৰএইবোৰ; সেইবোৰ
ককাদেউতাতেখেত/তেওঁ
আইতাতেওঁ/তেখেত
বাটৰুৱাএওলোক; তেওঁলোক
গৰখীয়াসিহঁত

৩। অব্যয় পদ কাক বোলে ? উদাহৰণ দিয়া।

উত্তৰ :- যিবোৰ পদৰ ৰূপ কোনো অৱস্থাতে সলনি নহয় তেনেবোৰ পদক অব্যয় পদ বোলে। যেনে –

(ক) সি আৰু মই বজাৰলৈ যাম।

(খ) যদি তুমি আহা তেনেহ’লে তাই নেযায়।

এই বাক্যকেইটাত সৰ্বনাম, বিশেষ্য আদি পদৰ বাহিৰেও আন কেইটামান পদ (তলত আচঁ টনা) আছে। এই পদকেইটা হ’ল- আৰু, যদি, তেনেহ’লে। এইবোৰ পদ যিকোনো সময়ত, যিকোনো বাক্যত একেভাবে থাকে, ইহঁতৰ কেতিয়াও ৰূপৰ পৰিবৰ্তন নহয়, কেতিয়াও বিভক্তি, প্ৰত্যয় আদি চিনবোৰ লগ নালাগে। এনেবোৰ পদেই হৈছে অব্যয় পদ।

৪। তলৰ অব্যয় পদবোৰ ব্যৱহাৰ কৰি বাক্য সাজা :

তথাপি : _______________

কিন্তু : _______________

নাইবা : _______________

অথবা : _______________

অথচ : _______________

প্ৰায় : _______________

অতি : _______________

নিচিনা : _______________

ছি : _______________

ঐ : _______________

কিয়নো : _______________

সৈতে : _______________

কেৱল : _______________

অৱশ্যে : _______________

নিশ্চয় :_______________

উত্তৰ :- তথাপি :- ৰুবীয়ে জ্বৰ ভাল পাইছে তথাপি তাই স্কুললৈ নগ’ল।

কিন্তু :- তোমালোক বনভোজলৈ যাবা কিন্তু অকলে ক’তো ফুৰিবলৈ নাযাবা।

নাইবা :- তুমি ঘৰ গৈ পোৱাৰ পিছত ৰতন নাইবা বাবুলক পঠাই দিবা।

অথবা :- তলৰ বিষয়ত এখন ৰচনা লিখা অথবা ছুটি বিচাৰি প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা।

প্ৰায় :- ৰাজুৱে প্ৰায়ে আমাৰ ঘৰলৈ আহে।

অতি :- শ্বিলঙৰ প্ৰাকৃতিক দৃশ্য অতি মনোৰম।

নিচিনা :- সূৰ্যৰ নিচিনা অনেক নক্ষত্ৰ বিশ্ব-ব্ৰহ্মাণ্ডত আছে।

ছি :- ছি: কি দুৰ্গন্ধ।

ঐ :- আহ, আহ, ওলাই আহ।

কিয়নো :- সৌৰভ আজি স্কুললৈ নাযায় কিয়নো যোৱা ৰাতিৰপৰা তাৰ জ্বৰ হৈ আছে।

সৈতে :- পল্লৱীয়ে মাক-দেউতাকৰ সৈতে ফুৰিবলৈ যায়।

কেৱল :- এশিঙীয়া গঁড় কেৱল অসমতহে পোৱা যাব।

অৱশ্যে :- তুমি টকা নিদিলেও অৱশ্যে মই যাব পাৰিম।

নিশ্চয় :- তুমি গৰমৰ বন্ধত আমাৰ ঘৰলৈ আহিবা নিশ্চয়

পাঠভিত্তিক অতিৰিক্ত প্ৰশ্নোত্তৰ

১। পেঁপাৰ মাত ক’ৰ পৰা শুনা গৈছিল ?

উত্তৰ :- পথাৰৰপৰা পেঁপাৰ মাত শুনা গৈছিল।

২। বেলিৰ ৰং কেনেকুৱা আছিল ?

উত্তৰ :- বেলিৰ ৰং ৰঙা আছিল।

৩। গৰখীয়া কিয় ভোল গৈছিল ?

উত্তৰ :- পেঁপাৰ মাত শুনি গৰখীয়া ভোল গৈছিল।

৪। গৰুৰ জাকটোৰ ওচৰত কিয় গৰখীয়া নাই ?

উত্তৰ :- পেঁপাৰ মাতত ভোল গৈ গৰখীয়াই পথাৰতে ৰ’ল আৰু সেইবাবে গৰুৰ জাকটোৱে গৰখীয়া নোহোৱাকৈ ঘৰমুৱা হ’ল।

৫। ‘পেঁপা’ নামৰ কবিতাটোৰ কবি কোন ? তেওঁৰ এটি চমু পৰিচয় দিয়া।

উত্তৰ :- ‘পেঁপা’ নামৰ কবিতাটোৰ কবি হ’ল দুৰ্গেশ্বৰ শৰ্মা। ১৮৮৪ চনত জন্ম গ্ৰহণ কৰা দুৰ্গেশ্বৰ শৰ্মা আছিল একেৰাহে নাট্যকাৰ আৰু কবি। তেখেতৰ ৰচিত দুখন কবিতাপুথি হ’ল – ‘অঞ্জলি’ আৰু ‘নিবেদন’।

১৯৬১ চনত দুৰ্গেশ্বৰ শৰ্মাদেৱৰ মৃত্যু হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top