Assam Jatiya Bidyalay Class 5 Assamese Chapter 13 সন্দিয়া

Assam Jatiya Bidyalay Class 5 Assamese Chapter 13 সন্দিয়া, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 13 সন্দিয়া Class 5 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Assamese Chapter 13 সন্দিয়া Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Assamese Chapter 13 সন্দিয়া provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

সন্দিয়া

Chapter – 13

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

* তলৰ শব্দবোৰৰ অৰ্থ লিখা :

ধীৰ, বিভোল, জেউতি, মৃণাল, ভুঞ্জৰ, সুবাস, আভাস, ৰাও।

উত্তৰ :-

শব্দ          অৰ্থ
ধীৰশান্ত; স্থিৰ।
বিভোলআপোন পাহৰা।
জেউতিপোহৰ।
মৃণালপদুম ফুল।
ভুঞ্জিবভোগ কৰিব; ভোজন কৰিব।
সুবাসসুগন্ধ।
আভাসইংগিত; আলপীয়া প্ৰকাশ।
ৰাওচিঞৰ।

পাঠভিত্তিক ক্ৰিয়া-কলাপৰ প্ৰশ্নোওৰঃ

পশ্চিম + আকাশ = পশ্চিমাকাশ

নীল + আকাশ = __________

সিংহ + আসন = __________

গন্থ + আগাৰ = __________

ৰস + আগাৰ = __________

পূৱ + আকাশ = __________

উত্তৰ :- পশ্চিম + আকাশ = পশ্চিমাকাশ

নীল + আকাশ = নীলাকাশ

সিংহ + আসন = সিংহাসন

গ্ৰন্থ + আগাৰ = গ্ৰন্থাগাৰ

ৰস + আগাৰ = ৰসাগাৰ

পূৱ + আকাশ = পূৱাকাশ

২। কবিতাটো পঢ়ি তাৰ আধাৰত সন্দিয়াৰ সময়খিনিৰ বৰ্ণনা দিয়া।

উত্তৰ :- পশ্চিমাকাশত ৰঙা বেলিটো লাহে লাহে ডুব যোৱাৰ লগে লগে পৃথিৱীৰ বুকুলৈ সন্ধিয়া নামি আহে। সন্দিয়াৰ লগে লগে পেঁপাটি বজাই গৰুবোৰ লৈ গৰখীয়া ল’ৰাবোৰ ঘৰমুৱা হয়। এই সন্দিয়া সময়ত জুৰ মলয়া বতাহ বয় আৰু ফুলৰ কলিবোৰ এই বতাহত নাচি উঠে। বিলত চৰি থকা ৰাজহাঁহৰ জাকবোৰ নিজৰ ঠাইলৈ গুচি যায়। নৈ-বিলৰ ঘাটত কাম কৰি থকা জীয়াৰী-বোৱাৰীবোৰ উভতি আহে। তেওঁলোকে ঘৰত উভতি আহি চাকি-বন্তি জ্বলায়। হাট-বজাৰলৈ যোৱা নতুবা বাটেদি যোৱা মানুহবোৰো ঘৰলৈ উভতে। পূৱ আকাশখন ক’লা হৈ পৰে। শেৱালি ফুলবোৰ ফুলিবলৈ আৰম্ভ কৰে। নাৱৰীয়াবোৰে নৈৰ পাৰত নাও বান্ধে। গাঁৱৰ দৌল-নামঘৰৰ পৰা ডবা-শংখ বজাৰ ধ্বনি ভাঁহি আহে। ব্যস্ততাপূৰ্ণ আটাইৰে এক চিনাকী কোঢ়াল ভাঁহি থাকে এই সন্দিয়াৰ সময়খিনিত। 

৩। বুজা আৰু লিখা :

বাটেৰে গৈ থকা মানুহ = বাটৰুৱা।

হাটলৈ যোৱা মানুহ = __________

পথেৰে গৈ থকা মানুহ = __________

ভাগৰত কাতৰ যি = __________

উত্তৰ :- বাটেৰে কাতৰ যি = বাটৰুৱা

হাটলৈ গৈ থকা মানুহ = হাটে

পথেৰে গৈ থকা মানুহ = পথিক

ভাগৰত কাতৰ যি = ভাগৰুৱা

৪। তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা :

(ক) গৰখীয়া ল’ৰাবোৰ কেতিয়া ঘৰমুৱা হ’ল ?

উত্তৰ :- সন্দিয়াৰ ৰঙা বেলিটো ধীৰে ধীৰে গৈ পশ্চিমাকাশত ডুব যোৱাৰ লগে লগে গৰখীয়া ল’ৰাবোৰ ঘৰমুৱা হ’ল।

(খ) গোলাপৰ কলিটিয়ে কিয় নাচিবলৈ ধৰিলে ?

উত্তৰ :- সন্দিয়া বলা জুৰ মলয়া বতাহত ফুলো ফুলোকৈ থকা গোলাপৰ কলিটিয়ে ৰঙতে বিভোল হৈ নিজৰ জেউতি নিজে চাই নাচিবলৈ ধৰিলে।

(গ) ডবা-শংখৰ ধ্বনি ক’ৰ পৰা বিয়পিছে ?

উত্তৰ :- গাঁৱৰ দৌলৰ পৰা ডবা-শংকৰ ধ্বনি বিয়পিছে।

৫। কবিতাটোৰ জৰিয়তে সন্দিয়াৰ ছবিখন বৰ সুন্দৰভাৱে প্ৰকাশ পাইছে। এনেদৰে ৰাতিপুৱাৰ সময়খিনিক লৈ এটা কবিতা লিখিবলৈ চেষ্টা কৰা। 

উত্তৰ :- ছাত্ৰ-ছাত্ৰীসকলে অভিভাৱক নতুবা শিক্ষকৰ পৰামৰ্শ লৈ ৰাতিপুৱাৰ সময়খিনিক লৈ কবিতা লিখিবলৈ চেষ্টা কৰিব।

৬। সন্দিয়াৰ সময়ত তুমি নিজে আৰু তোমাৰ পৰিয়ালৰ লোকে কি কি কৰা ?

উত্তৰ :- সন্দিয়া সময়ত মই খেলৰ পৰা উভতি আহি চাবোনেৰে মুখ-হাত ধুই প্ৰথমে ভগৱানক প্ৰাৰ্থনা জনাও মাৰ সৈতে গোঁসাইঘৰত। তাৰ পিছত চাহ-পানী খাই পঢ়া টেবুলত বহো।

সন্দিয়া সময়ত দেউতাই অফিচৰ পৰা উভতি আহে আৰু গাই গৰু আদি বান্ধি গোহালিঘৰত থুপা দিয়ে। তাৰ পিছত কি কি কিনি আনিব লাগিব সেয়া মাৰপৰা সুধি বজাবলৈ যায়। মায়ে চোতাল-ঘৰ সাৰি-পুছি হাত ভৰি ধুই ধূপ-ধুনা জ্বলায় আৰু গোঁসাইঘৰত চাকি-বন্তি জ্বলাই প্ৰাৰ্থনা কৰে। আইতাই ওচৰৰ নামঘৰৰ পৰা নাম-কীৰ্ত্তন সামৰি ঘৰলৈ উভতি আহে। আইতাইও মুখ-হাত ধুই সৰু ভণ্টিক কোলাত লৈ আগফালৰ চোতালত ঢাৰি পাৰি বহে।

৭। তলত দিয়া শব্দকেইটাৰে একোটিকৈ বাক্য ৰচনা কৰা :

ঘৰমুৱা, ৰঙতে বিভোল, দিহা-দিহি, ধীৰে ধীৰে, বিয়পিল।

উত্তৰ :- (i) ঘৰমুৱা :- সন্দিয়া পৰত সকলো জীৱ-জন্তুৱে নিজৰ কাম সামৰি ঘৰমুৱা হয়।

(ii) ৰঙতে বিভোল :- মলয়াৰ বা পাই গোপালৰ কলিটিয়ে ৰঙতে বিভোল হৈ নাচিব ধৰে সন্দিয়া পৰত।

(iii) দিহা-দিহি :- মেলখন শেষ হোৱাৰ পিছত সমজুৱাবোৰ দিহা-দিহি গ’ল।

(iv) ধীৰে ধীৰে :- ধীৰে ধীৰে আকাশখন ফৰকাল হ’ব  ধৰিলে। 

(v) বিয়পিল :- সন্দিয়া হোৱাৰ লগে লগে কামিনীকাঞ্চন ফুলজোপাৰ পৰা এক তীব্র সুৰাস বিয়পিল ঠাই – ডোখৰত।

অতিৰিক্ত পাঠভিত্তিক প্ৰশ্নোত্তৰ

১। ‘সন্দিয়া’ কবিতাটোৰ কবিৰ এক চমু পৰিচয় দিয়া ?

উত্তৰ :- ‘সন্দিয়া’ কবিতাটোৰ কবি হ’ল সিংহদওদেৱ অধিকাৰী। ১৮৯০ চনত তেখেতৰ জন্ম হয়। অধিকাৰীদেৱ ৰচিত কবিতাপুথি দুখন হ’ল – ‘ৰেণু’ আৰু ‘কবিতা লহৰী’। তেওঁ ‘অঘা’ নামৰ এখন পষেকীয়া আলোচনী উলিয়াইছিল। ১৯২৫ চনত কবি সিংহদওদেৱ অধিকাৰীদেৱৰ মৃত্যু হয়।

২। সন্দিয়া বেলিটো ক’ত ডুব যায় ?

উত্তৰ :- পশ্চিম আকাশত।

৩। ৰাজহাঁহজাকে ক’ত চৰি থাকে ?

উওৰ :- বিলৰ পদুমফুলৰ বোকাত।

৪। নিশাৰ আভাস কিদৰে পোৱা যায় ?

উত্তৰ :- সন্দিয়া আকাশত দেখা দিয়া ক’লা ঢাকনিয়ে নিশাৰ আভাস দিয়ে।

৫। ‘সন্দিয়া’ কবিতাটি কোনটো অঞ্চলৰ পৰিবেশক লৈ ৰচিত গাওঁ নে নগৰৰ ? যুক্তি দাঙি ধৰা।

উত্তৰ :- ‘সন্দিয়া’ কবিতাটি গাওঁ অঞ্চলৰ পটভূমিত ৰচিত। কাৰণ গাওঁ অঞ্চলতহে গৰখীয়া ল’ৰা, বিল, দৌল আদি দেখা যায়, চহৰত নহয়। ইয়াৰোপৰি কবিতাটোৰ শেষ দফাত ‘গাঁৱৰ দৌলৰপৰা ডবা শংখ ধ্বনি’ ভাহি আহে বুলি স্পষ্টকৈ উল্লেখ আছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top