Assam Jatiya Bidyalay Class 5 Assamese Chapter 1 লাহে লাহে

Assam Jatiya Bidyalay Class 5 Assamese Chapter 1 লাহে লাহে, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 1 লাহে লাহে Class 5 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Assamese Chapter 1 লাহে লাহে Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Assamese Chapter 1 লাহে লাহে provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

লাহে লাহে

Chapter – 1

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

● তলৰ শব্দবোৰৰ অর্থ লিখা –

টিং, দেশান্তৰ, পুথি-পাঁজি, সুপণ্ডিত, বক্তৃতা, অসীম, আপুনি।

উত্তৰঃ 

শব্দ          অৰ্থ
টিংশিখৰ; কোনো ওখ ঠাইৰ একেবাৰে ওপৰ অংশ।
দেশান্তৰঅন্য দেশ।
পুথি-পাঁজিকিতাপ-পত্ৰ।
সু-পণ্ডিতযথেষ্ট জ্ঞান থকা লোক।
বক্তৃতাসভাত কোৱা কথা, ভাষণ।
অসীমযাৰ কোনো সীমা নাই।
আপুনিস্বয়ং; নিজে।

পাঠভিত্তিক ক্ৰিয়া-কলাপৰ প্ৰশ্নোত্তৰঃ

১। প্ৰথমে কোৱা, তাৰ পাছত লিখা-

(ক) পৰ্বতৰ টিং কেনেকৈ পাবগৈ পাৰি ?

উত্তৰঃ এখোজ এখোজ কৰি খোজ বহুৱাই পৰ্বতৰ টিং পাবগৈ পাৰি।

(খ) পুথি-পাঁজিবোৰ কেনেদৰে লিখা হয় ?

উত্তৰঃ একোটা একোটা কৰি আখৰ জোঁটাই পুথি-পাঁজিবোৰ লিখা হয়।

(গ) দীঘল কাপোৰখন কেনেদৰে বোৱা হয় ?

উত্তৰঃ এডাল এডাল কৰি সূতা বৈ বৈ একোখন দীঘল কাপোৰ বোৱা হয়।

২। পঢ়া, বুজা আৰু লিখা-

এক খোজএখোজদুই খোজদুখোজ
এক ভৰি_______দুই ভৰি_______
এক ডাল_______দুই ডাল_______
এক টোপ_______দুই টোপ_______
এক টি_______দুই টি_______
এক আষাৰ_______দুই আষাৰ_______

উত্তৰঃ

এক খোজএখোজদুই খোজদুখোজ
এক ভৰিএভৰিদুই ভৰিদুভৰি
এক ডালএডালদুই ডালদুডাল
এক টোপএটোপদুই টোপদুটোপ
এক টিএটিদুই টিদুটি
এক আষাৰএষাৰদুই আষাৰদুষাৰ

৩। লাহে লাহে আগবাঢ়া                 কৰি মন ডাঠ

                       আধৰুৱা এষাৰো নেৰিবা

     তোমাৰ অচীন আজি                 বহু পুথি-পাঁজি

                       সময়ত আপুনি দেখিবা।

    -ওপৰৰ পদ্যাংশৰ অৰ্থ গদ্যত বুজাই লিখা।

উত্তৰঃ আমাৰ পঢ়া-শুনাবোৰ আধৰুৱাকৈ নেৰি মনপুতি পঢ়িব লাগে। তেতিয়া আমি ওপৰৰ শ্ৰেণীলৈ উত্তীৰ্ণ হ’ম আৰু বৰ্তমানেও নেদেখা নুশুনা বহু পুথি-পাঁজি পঢ়ি জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হ’ম।

৪। খালী ঠাই পূৰ কৰা :

(ক) __________ কৰি বাঢ়ি গৈ গৈ

           দেখা পোৱা __________ গছ জুপি।

উত্তৰঃ এডোপ এডোপ কৰি বাঢ়ি গৈ গৈ

                       দেখা পোৱা বৰ গছ জুপি।

(খ) এষাৰ __________ পঢ়ি পঢ়ি __________

                  আন __________ সকলো পাহৰি।

উত্তৰঃ এষাৰ দুষাৰকৈ পঢ়ি পঢ়ি যোৱা

                    আন ভাৱ সকলো পাহৰি।

৫। অভিধান চাই অৰ্থ লিখা-

প্ৰবাহিত, পৰিহৰি, অচীন।

উত্তৰঃ 

শব্দ                   অৰ্থ
প্ৰবাহিতবৈ থকা
পৰিহৰিবাদ দি
অচীনচিনি নোপোৱা

৬। ক অংশৰ লগত খ অংশ মিলোৱা :

ক-অংশ             খ-অংশ
গছটাৰি
বাঢ়নীজাক
চৰাইটো
কলজোপা
চাদৰ‌খন
ধাননিথোক
কলমকাৰ
চুলিডৰা

উত্তৰঃ 

ক-অংশ             খ-অংশ
গছজোপা
বাঢ়নীটাৰ
চৰাইজাক
কলথোক
চাদৰ‌খন
ধাননিডৰা
কলমটো
চুলিটাৰি

৭। কবিতাটো সম্পূৰ্ণকৈ মুখস্থ কৰি আবৃত্তি কৰা।

উত্তৰঃ ( ছাত্ৰ-ছাত্ৰীসকলে প্ৰথমে কবিতাটো মুখস্থ কৰি পিছত নিজে নিজে আবৃত্তি কৰিবলৈ চেষ্টা কৰিব।)

অতিৰিক্ত পাঠভিত্তিক প্ৰশ্নোত্তৰ

১। ‘লাহে লাহে’ কবিতাটিৰ কবি কোন ? তেওঁৰ বিষয়ে কি জানা লিখা।

উত্তৰঃ ‘লাহে লাহে’ কবিতাটিৰ কবি হ’ল নবীন চন্দ্ৰ বৰদলৈ। ১৮৭৫ চনত জন্মগ্ৰহণ কৰা বৰদলৈদেৱক ‘কৰ্মবীৰ’ উপাধিৰে বিভূষিত কৰা হয়। জোনাকী, বিজুলী, বাঁহী আদি আলোচনীত তেখেতৰ কবিতা, প্ৰবন্ধ আদি প্ৰকাশ পাইছিল। তেওঁ কেইবাটিও দেশপ্ৰেমমূলক গীত ৰচিছিল। ১৯৩৬ চনত তেখেতৰ মৃত্যু হয়। 

২। দেশ-দেশান্তৰ কিদৰে পাব পাৰি ?

উত্তৰঃ এভৰি এভৰি কৰি আগ বাঢ়ি বাঢ়ি কোনো দেশ-দেশান্তৰ পাব পাৰি।

৩। সাগৰ কিদৰে সৃষ্টি হয় ?

উত্তৰঃ এটোপ এটোপ কৰি পানী গোট খাই শেষত গভীৰ সাগৰ একোখনৰ সৃষ্টি হয়।

৪। বৰ গছজুপি কিদৰে হয় ?

উত্তৰঃ আমি দেখা পোৱা অকণমান গছপুলি এটি এডোপ এডোপ কৰি বাঢ়ি গৈ গৈ বৰ গছ এজোপা হয়।

৫। আগত বহুত বাট               শিক্ষাও অসীম

                    তাৰ বাবে ভয় পৰিহৰি

     এষাৰ-দুষাৰকৈ                  পঢ়ি পঢ়ি যোৱা 

                    আন ভাব সকলো পাহৰি।

     – ওপৰৰ পদ্যাংশৰ অৰ্থ গদ্যত বুজাই লিখা।

উত্তৰঃ আমি শিকা কথাৰ কোনো শেষ নাই। সময় আগবাঢ়ি যোৱাৰ লগে লগে আমি বহুতো নতুন আৰু জটিল কথা শিকিব পাৰো। তাৰ বাবে মনলৈ আন ভাব নানি সাহসেৰে এষাৰ-দুষাৰকৈ পঢ়ি আগবাঢ়ি গ’লে নজনা নুশুনা কথাবোৰ জানিবলৈ সক্ষম হ’ম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top