Niketan Class 8 Social Chapter 10 মধ্যযুগৰ অসম

Niketan Class 8 Social Chapter 10 মধ্যযুগৰ অসম is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Social Chapter 10 মধ্যযুগৰ অসম and select need one.

Niketan Class 8 Social Chapter 10 মধ্যযুগৰ অসম

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Social Chapter 10 মধ্যযুগৰ অসম Solutions for All Subjects, You can practice these here…

মধ্যযুগৰ অসম

Chapter – 10

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

প্রশ্ন ১: উত্তৰ দিয়াঃ 

( ক ) কিমান শতিকাত আহােমসকল অসমলৈ আহিছিল ? 

উত্তৰঃ ত্রয়ােদশ শতিকাত । 

( খ ) আহােমসকল কোন জাতিৰ লােক ? 

উত্তৰঃ টাই জাতিৰ ।

( গ ) চৰাইদেউত কোনে আহােম ৰাজ্যৰ ৰাজধানী পাতিছিল ? 

উত্তৰঃ চুকাফাই । 

( ঘ ) বামুণী কোৱৰৰ প্রকৃত নাম কি আছিল ? 

উত্তৰঃ চুডাংফা ।

( ঙ ) তুর্বকে কোন খ্রীষ্টাব্দত অসম আক্ৰমণ কৰিছিল ? 

উত্তৰঃ ১৫৩২ খ্রীষ্টাব্দত । 

( চ ) কোনখিনি সময়ক আহােম বুৰঞ্জীৰ সংকট কাল বুলি ধৰা হয় ? 

উত্তৰঃ ১৬০৩ খ্রীষ্টাব্দৰ পৰা ১৬৭০ খ্রীষ্টাব্দলৈ । 

( ছ ) কোন চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ? 

উত্তৰঃ ১৮২৬ চনত । 

( জ ) কোচসকলৰ শ্ৰেষ্ঠা ৰজা কোন আছিল ? 

উত্তৰঃ নৰনাৰায়ণ । 

( ঝ ) ভূঞা শব্দৰ অর্থ কি ? 

উত্তৰঃ মাটিৰ মালিক । 

( ঞ ) কছাৰীসকলে নিজকে কি বুলি পৰিচয় দিছিল ? 

উত্তৰঃ ‘ বড়ােফিছা ’ বা ‘ বড়ােৰ সন্তান ’ বুলি ।

প্রশ্ন ২: ক্রম অনুযায়ী সজোৱা –

( ক ) তুৰ্বকৰ অসম আক্ৰমণ ___( গ )

উত্তৰঃ চৰাইদেউত ৰাজধানী স্থাপন।

( খ ) শৰাইঘাটৰ ৰণ __ ( ঘ ) 

উত্তৰঃ ইখতিয়াৰ উদ্দিন মালিক উজবেগ তুঘিলখা ।

( গ ) ইয়াণ্ডাবু – সন্ধি ___( ঙ ) 

উত্তৰঃ তুর্বকৰ অসম আক্রমণ ।

( ঘ ) চৰাইদেউ ৰাজধানী স্থাপন __( ক )

উত্তৰঃ শৰাইঘাটৰ ৰণ ।

( ঙ ) ইখতিয়াৰ উদ্দিন মালিক উজবেগ তুঘিলখা ___ ( খ ) 

উত্তৰঃ ইয়াণ্ডাবু সন্ধি ।

প্রশ্ন ৩: খালী ঠাই পূৰণ কৰা — 

( ক ) আহােমসকলে অসমত ____ বছৰ সুখ্যাতিৰে ৰাজত্ব কৰিছিল । 

উত্তৰঃ ৬০০ বছৰ । 

( খ ) ___ ৰজাৰ দিনত ___ নামৰ তৃতীয়জনা মন্ত্রী পদৰ সৃষ্টি হৈছিল। 

উত্তৰঃ দিহিঙ্গীয়া , বৰপাত্র গোঁহাই । 

( গ ) বঙ্গৰ নবাব হুছেইন শ্বাহে ১৪৮৯ খ্রীষ্টাব্দত ____ দখল কৰিছিল। 

উত্তৰঃ কমতা । 

( ঘ ) চুতীয়াসকলৰ শক্তিশালী ৰজা আছিল ____। 

উত্তৰঃ ৰত্নধ্বজ পাল । 

( ঙ ) ____ কছাৰী সকলৰ ৰাজধানী আছিল। 

উত্তৰঃ ডিমাপুৰ । 

প্রশ্ন ৪: চমুটোকা লিখা – ( ৫০ টা মান শব্দৰ ভিতৰত লিখা ) 

( ক ) স্বৰ্গদেউ ৰুদ্ৰসিংহ ।

উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰসিংহ গদাপাণি বা গদাধৰ সিংহৰ পুতেক আছিল । অসম বুৰঞ্জীত ৰুদ্ৰ সিংহক আহােমৰ শ্ৰেষ্ঠ ৰজা বুলি স্বীকৃতি দিয়া হৈছে । ৰজা হৈয়ে তেওঁ শাসনৰ সুবিধাৰ অৰ্থে ৰাজধানী ৰংপুৰলৈ তুলি নিয়ে । 

ৰুদ্ৰসিংহ অতি বুদ্ধিমান আৰু দূৰদৰ্শী ৰজা আছিল । ৰাজ্যত হব পৰা আভ্যন্তৰীণ বিদ্ৰোহৰ প্রতি তেওঁ সততে নজৰ ৰাখিছিল আৰু বহিঃ শত্ৰুৰ আক্ৰমণৰ পৰা প্ৰজাক ৰক্ষা কৰাৰ বাবে সৰু বৰ সকলাে চুবুৰীয়া ৰাজ্যৰ মাজত যােগাযােগ ৰখাৰ চেষ্টা কৰিছিল । তেও চুবুৰীয়া ৰাজ্যৰ পৰা সহায় লৈ মােগলৰ বিৰুদ্ধে এটা উমৈহতীয়া সৈন্য দল গঠন কৰিছিল। শাসন কার্যৰ সু পৰিচালনাৰ বাবে তেওঁ কেইটামান নতুন খেল তৈয়াৰ কৰিছিল । কেৱল যুদ্ধ বিগ্রহতে ব্যস্ত নাথাকি তেওঁ ৰাজ্যত কেইবাটাও দৌল – দেৱালয় নির্মাণ কৰােৱাইছিল । ১৭১৪ খৃঃত ৰুদ্ৰসিংহ স্বর্গগামী হয় । 

( খ ) আহােম ৰাজ্যৰ পতন ।

উত্তৰঃ স্বৰ্গদেউ চুকাফাই স্থাপন কৰা আহােম ৰাজ্য অসমত প্রায় ৬০০ বছৰ ধৰি উজলি আছিল । কিন্তু কালৰ সোঁতত আহােমৰ বেলি ডুব যােৱাৰ উপক্রম হয় স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনৰ পৰা । পৰবৰ্ত্তী আহােম স্বৰ্গদেউ সকলৰ শাসন দুর্বল হােৱাত ঘৰুৱাকল , আভ্যন্তৰীণ বিদ্রোহ আৰু সর্বশেষত মানৰ আক্ৰমণৰ ফলস্বৰূপে বৃটিছৰ আগমন হােৱাত ১৮২৬ খ্রীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিৰ ফলশ্ৰুতিত আহােমৰ ৰাজ্যৰ পতন হয় আৰু অসম ইংৰাজৰ অধীনলৈ যায় । 

( গ ) চুতীয়া ৰাজ্য ।

উত্তৰঃ চুতীয়া সকলৰ আতিগুৰি সম্পর্কে বিশেষ জনা নাযায় যদিও কোনাে কোনাে অসম বুৰঞ্জীত উল্লেখ আছে যে দ্বাদশ শতিকাৰ আদি ভাগৰ পৰা ষষ্ঠদশ শতিকাৰ আদি ভাগলৈ মুঠ দহজন চুতীয়া ৰজাই ৰাজত্ব কৰিছিল । চুকাফাই আহােম ৰাজ্য অসমত স্থাপন কৰাৰ সময়ত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে সােৱণশিৰি আৰু দক্ষিণ পাৰে দিচাং নৈৰ পুবে চুতীয়া ৰাজ্যখন আছিল । প্রথম চুতীয়া ৰজাজনৰ নাম আছিল বীৰপাল।চুতীয়া সকলৰ শক্তিশালী ৰজা আছিল ৰত্নধ্বজ পাল । চুতীয়াসকলৰ নিজা ভাষা আৰু ধৰ্ম আছিল । এওঁলােক শদিয়াৰ কেচাইখাতী গােসানীৰ উপাসক আছিল । ১৫২৩ খ্রীষ্টাব্দত আহােম চুতীয়া ৰাজ্য নিজ ৰাজ্যৰ অন্তর্ভুক্ত কৰিছিল । 

( ঘ ) অসমৰ কোচ সকল ।

উত্তৰঃ কামৰূপ ৰাজ্যৰ পশ্চিম দিশত কমতা ৰাজ্যৰ বুকুতে কোচ নামৰ এটা জাতিয়ে ষোল্ল শতিকাৰ আগভাগত এখন নতুন ৰাজ্য প্রতিষ্ঠা কৰে।কোচ ৰাজবংশৰ প্রতিষ্ঠাতা আছিল হাড়িয়া মণ্ডলৰ বৰপুত্র বিশ্ব সিংহ । বিশ্ব সিংহই কোচ বিহাৰত ৰাজধানী পাতিছিল । এওঁৰ দিনত আহােমৰ লগত সংঘর্ষ হৈছিল ।

কোচ ৰাজবংশৰ শ্রেষ্ঠ ৰজা আছিল নৰনাৰায়ণ । নৰনাৰায়ণে তেওঁৰ ভাতৃ সুদক্ষ সেনাপতি চিলাৰায়ৰ সহযােগত শত্রু সৈন্য নাশ কৰি বিভিন্ন ৰাজ্য দখল কৰিছিল । ১৫৬২ খ্রীষ্টাব্দত নৰনাৰায়ণে আহােম ৰাজ্য আক্রমণ কৰি কোচৰ তলতীয়া কৰে । দুয়ােভায়ে মহাবিক্ৰমেৰে বিভিন্ন ৰাজ্য নিজৰ তলতীয়া কৰাৰ উপৰি আলি-বাট , মঠ-মন্দিৰ আদি নির্মাণ কৰি গঠনমূলক কামাে কৰিছিল । 

( ঙ ) ভূঞাসকল

উত্তৰঃ ভূঞা শব্দৰ অৰ্থ হৈছে মাটিৰ মালিক বা জমিদাৰ । এওঁলােকৰ অধীনত একোটা বৃহৎ এলেকা আছিল আৰু সেই এলেকাত তেওঁলােকে স্বাধীনভাৱে ৰাজত্ব কৰিছিল । সুবিধা পালেই তেওঁলােকে সমসাময়িক দুর্বল ৰজাৰ সৈতে যুদ্ধত লিপ্ত হৈছিল । আহােম বুৰঞ্জীৰ মতে ত্রয়ােদশ শতিকাৰ আদিতে আহােমৰ চুকাফাই যেতিয়া চৰাইদেউত ৰাজ্য পাতিছিল , সেই সময়ত চুতীয়া আৰু কছাৰী ৰাজ্যৰ পশ্চিমে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণপাৰে ভূঞা সকলৰ সৰু সৰু ৰাজ্য আছিল ৷ অসমৰ ভূঞা সকলক বাৰভূঞা বুলি বুৰঞ্জী সমূহত উল্লেখ কৰা দেখা যায় ৷ 

প্রশ্ন ৫: শুদ্ধ / অশুদ্ধ লিখাঃ 

( ক ) আহােমসকল কেঁচাইখাতী গােসানীৰ ভক্ত আছিল ৷ 

উত্তৰঃ অশুদ্ধ ।

( খ ) ৰুদ্ৰসিংহই যােৰহাটত ৰাজধানী পাতিছিল । 

উত্তৰঃ অশুদ্ধ । 

( গ ) দিহিঙ্গীয়া ৰজাই পােন প্রথমে মধ্য যুগত অসমত লােক পিয়ল ব্যৱস্থা কৰিছিল ।

উত্তৰঃ শুদ্ধ । 

( ঘ ) বৰ ৰজা ফুলেশ্বৰী শাক্তধর্মী আছিল । 

উত্তৰঃ শুদ্ধ ।

( ঙ ) চিহাবুদ্ধিন তালিচ বঙ্গৰ নবাব আছিল ।

উত্তৰঃ অশুদ্ধ । 

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১: কোচ ৰাজ্য সম্পর্কে চমু বর্ণনা দিয়া । 

উত্তৰঃ পুৰণি কামৰূপ ৰাজ্যৰ পশ্চিম দিশত থকা কমতা নামৰ ৰাজ্যৰ বুকুতে কোচু নামৰ এটা জাতিয়ে ষোল্ল শতিকাৰ আগ ভাগত এখন নতুন ৰাজ্য প্রতিষ্ঠা কৰিছিল । অবিভক্ত গােৱাল পাৰা জিলা আৰু কোচবিহাৰৰ কিছু অংশক লৈ এই ৰাজ্য স্থাপন কৰা হৈছিল । পশ্চিমে কৰতােৱা নদীৰ পৰা পুবে বৰনদী পর্যন্ত এই বিস্তৃত অঞ্চল জুৰি কোচসকলৰ ৰাজ্য আছিল । 

কোচ ৰাজবংশৰ প্ৰতিষ্ঠাতা আছিল হাড়িয়া মণ্ডলৰ বৰপুত্র বিশ্বসিংহ । বিশ্বসিংহই কোচ বিহাৰত ৰাজধানী পাতিছিল । কোচ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজা আছিল নৰনাৰায়ণ । নৰনাৰায়ণে তেওঁৰ ভাতৃ সুদক্ষ সেনাপতি চিলাৰায়ৰ সহযােগত শত্রু – সৈন্য নাশ কৰি বিভিন্ন ৰাজ্য জয় কৰিছিল। চিলাৰায় এজন শিক্ষিত , জ্ঞানী , দূৰদৰ্শী সেনাপতি আছিল । চিলাৰায়ৰ বীৰত্বক লৈ সমগ্র কোচ ৰাজ্যবাসীয়ে গৌৰৱ বােধ কৰে । 

১৫৬২ খ্রীষ্টাব্দত নৰনাৰায়ণে আহােম ৰাজ্য আক্রমণ কৰি কোচৰ তলতীয়া কৰে । ইয়াৰ পিছত কছাৰী ৰাজ্যও কোচ ৰাজ্যৰ লগত চামিল কৰিছিল । চিলাৰায়ৰ নেতৃত্বত কোচ সৈন্য বাহিনীয়ে যথাক্রমে মণিপুৰ, জয়ন্তীয়া , ত্ৰিপুৰা , খৈৰাম , ডিমৰুৱা , শ্রীহট্ট , আদি ৰাজ্যসমূহ জয় কৰি কোচ ৰাজ্যৰ তলতীয়া কৰিছিল । 

প্রশ্ন ২: চমু উত্তৰ দিয়াঃ 

( ক ) অসমত বুৰঞ্জী লিখাৰ প্ৰথা কোনে আৰম্ভ কৰিছিল ? 

উত্তৰ চুকাফাই ।

( খ ) আহােম ৰজা সকলে হিন্দু নাম লােৱা ব্যৱস্থাটো কোন ৰজাৰ দিনৰ পৰা আৰম্ভ হৈছিল ? 

উত্তৰঃ চুহুংমুঙৰ দিনৰ পৰা । 

( গ ) শৰাইঘাটৰ যুদ্ধত আহােম সেনাপতি আছিল লাচিত বৰফুকন । মােগলৰ সেনাপতি কোন আছিল ? 

উত্তৰঃ ৰাম সিংহ । 

( ঘ ) আহােম সকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ? 

উত্তৰঃ ৰুদ্ৰ সিংহ ।

( ঙ ) বর্তমানৰ উত্তৰ গুৱাহাটীত এসময়ত কামৰূপৰ এজন ৰজাৰ ৰাজধানী আছিল তেওঁৰ নাম কি আছিল । 

উত্তৰঃ সন্ধ্যা ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top