Niketan Class 6 Social Chapter 7 অসমৰ জলবায়ু, উদ্ভিদ, বন্যপ্রাণী আৰু কৃষি

Niketan Class 6 Social Chapter 7 অসমৰ জলবায়ু, উদ্ভিদ, বন্যপ্রাণী আৰু কৃষি is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Social Chapter 7 অসমৰ জলবায়ু, উদ্ভিদ, বন্যপ্রাণী আৰু কৃষি and select need one.

Niketan Class 6 Social Chapter 7 অসমৰ জলবায়ু, উদ্ভিদ, বন্যপ্রাণী আৰু কৃষি

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Social Chapter 7 অসমৰ জলবায়ু, উদ্ভিদ, বন্যপ্রাণী আৰু কৃষি Solutions for All Subjects, You can practice these here.

অসমৰ জলবায়ু, উদ্ভিদ, বন্যপ্রাণী আৰু কৃষি

Chapter – 7

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। উত্তৰ লিখা— 

( ক ) অসমত বছৰটোক কেইটা ঋতুত বিভক্ত কৰা হয় ? 

উত্তৰঃ অসমত বছৰটোক ছটা ঋতুত ভাগ কৰা হয় । 

( খ ) প্ৰকাৰ অনুসৰি অসমৰ উদ্ভিদক কেইটা ভাগত ভগােৱা হৈছে ? 

উত্তৰঃ প্ৰকাৰ অনুসৰি অসমৰ উদ্ভিদক তিনিটা ভাগত ভগােৱা হৈছে । 

( গ ) অসমত ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্রাণী অভয়াৰণ্য কেইখন ? 

উত্তৰঃ অসমৰ ৰাষ্ট্ৰীয় উদ্যান পাঁচখন আৰু বন্যপ্রাণী অভয়াৰণ্য ১৭ খন আছে । 

( ঘ ) দক্ষিণ – পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত অসমত কি পৰিঘটনা সংঘটিত হয় ? 

উত্তৰঃ দক্ষিণ – পশ্চিম মৌচুমী বায়ুৰ ফলত অসমত প্ৰচুৰ পৰিমাণে বৰষুণ হয় । 

( ঙ ) অসমৰ বর্ষা ঋতু কোন মাহৰ পৰা কোন মাহলৈ ?

উত্তৰঃ অসমত বর্ষা ঋতু শাওন মাহৰ পৰা ভাদ মাহলৈ থাকে । 

প্রশ্ন ২। চমুকৈ লিখা –

( ক ) অসমৰ জলবায়ুৰ বৈশিষ্ট্যবােৰ । 

উত্তৰঃ অসমৰ জলবায়ুক উপক্রান্তীয় মৌচুমী জলবায়ু বুলি কোৱা হয় । কাৰণ কর্কটক্রান্তি ৰেখাডাল অসমৰ ওচৰেদি পাৰ হৈ গৈছে । ৰাজ্যখনৰ জলবায়ুত প্ৰভাৱ পেলােৱা কাৰকবােৰ হৈছে অসমৰ অসংখ্য নদী , বিল, জলাশয় , খাল আৰু বনাঞ্চলবােৰ । এই সকলােবােৰে অসমৰ জলবায়ুক এক সুকীয়া বৈশিষ্ট্য প্রদান কৰিছে । সেয়েহে অসমৰ জলবায়ুক ছটা ঋতুত ভাগ কৰিছে — গ্রীষ্ম , বর্ষা , শৰৎ , হেমন্ত , শীত আৰু বসন্ত । 

( খ ) অসমৰ কৃষিজাত উদ্ভিদসমূহ । 

উত্তৰঃ অসমৰ ঔদ্যোগিক ক্ষেত্ৰখন প্রধানভাৱে কৃষিজাত কেঁচামালৰ ওপৰত নিৰ্ভৰশীল । অসমত উৎপাদিত উদ্ভিদ শস্যসমূহ যেনে— চাহ , মৰাপাট , কুঁহিয়াৰ , তৈলবীজ আদিৰ ভিত্তিত কিছুমান সৰু – সুৰা শিল্প উদ্যোগ গঢ়ি উঠিছে । অসমত গ্রীষ্মকালত হােৱা প্রধান কৃষি শস্যসমূহ হ’ল — ধান , মৰাপাট , জিকা , লাউ , কোমােৰা আদি । শীতকালত হােৱা শস্যসমূহ হ’ল — আলু , কবি , সৰিয়হ , বিলাহী , গাজৰ , মূলা আদি । ইয়াৰ উপৰি কফি , ৰবৰ , কল , নাৰিকল , তামােল , পাণ আদিৰ খেতি কৰা হয় । 

( গ ) অসমৰ চিৰসেউজীয়া উদ্ভিদৰ বৈশিষ্ট্য । 

উত্তৰঃ অসমত উষ্ণতা আৰু বৃষ্টিপাত অধিক হােৱা ঠাইত চিৰসেউজীয়া উদ্ভিদ দেখা যায় । সাধাৰণতে যিবােৰ অঞ্চলত বছৰি ২০০ ছেণ্টিমিটাৰতকৈ বেছি বৃষ্টিপাত আৰু শীতকালত কিছু পৰিমাণে বৰষুণ হয় তেনে অঞ্চলসমূহত চিৰসেউজীয়া উদ্ভিদৰ অৰণ্য পােৱা যায় । চতিয়ানা , শলখ , হােললাং , চাম , হিজল , ভেলৌ , নাহৰ , আমৰি , বনচোম , তিতাঁচপা , খকন , ঔটেঙা , কঁঠাল আদি মূল্যবান চিৰসেউজীয়া উদ্ভিদ । 

( ঘ ) অসমৰ বন্যপ্রাণী আৰু মানুহৰ সংঘাত । 

উত্তৰঃ অসমৰ বন্যপ্রাণী বিশেষভাৱে ক্ষতিগ্রস্ত হৈছে বনাঞ্চল কমি যােৱাৰ বাবে । জধে – মধে অৰণ্যৰ গছ – গছনি কটা , মানুহে বনভূমি বেদখল কৰি বাস কৰিবলৈ লােৱা আদি বিভিন্ন কাৰণত বন্যপ্রাণীৰ আৱাস স্থল কমিবলৈ ধৰিছে । খাদ্যৰ অভাৱত বন্যপ্রাণীবােৰ হাবিৰ পৰা ওলাই আহি জন – অৰণ্যত উপদ্ৰৱ আৰম্ভ কৰিছে । সেয়েহে বিভিন্ন ঠাইত বান্দৰ – মানুহ , হাতী – মানুহৰ সংঘাত হৈ থকা দেখা যায় ।

( ঙ ) বিভিন্ন ঋতুত পালন কৰা অসমৰ উৎসৱসমূহ । 

উত্তৰঃ অসমত বিভিন্ন উৎসব পালন কৰা হয় । বসন্ত ঋতুত ৰঙৰ উৎসৱ হােলী বা ফাকুৱা আৰু ৰঙালী বিহু পালন কৰা হয় । গ্রীষ্ম ঋতুত অম্বুবাচী মেলা পালন কৰা হয় । শৰৎ কালত দুর্গা পূজা , লক্ষ্মী পূজা , দীপাৱলী , কাতি বিহু আদি পালন কৰা হয় । হেমন্ত ঋতুত মাঘ বিহু পালন কৰা হয় । 

প্রশ্ন ৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা – 

( ক ) খাৰিফ শস্য হল— 

( ১ ) শালি ধান ।

( ২ ) কবি ।

( ৩ ) আলু ।

উত্তৰঃ ( ১ ) শালি ধান । 

( খ ) ৰবি শস্য হল— 

( ১ ) কল ।

( ২ ) চাহ । 

( ৩ ) সৰিয়হ ।

উত্তৰঃ ( ৩ ) সৰিয়হ ।

( গ ) কোন দুটা ঋতুৰ দোমােজাত বসন্ত কাল হয় ? 

( ১ ) গ্রীষ্ম আৰু বর্ষা ।

( ২ ) শৰৎ আৰু শীত ।

( ৩ ) শীত আৰু গ্ৰীষ্ম । 

উত্তৰঃ ( ৩ ) শীত আৰু গ্রীষ্ম । 

( ঘ ) উদ্ভিদে এৰি দিয়া গেছবিধৰ নাম হ’ল— 

( ১ ) অক্সিজেন ।

( ২ ) কার্বন – ডাই – অক্সাইড ।

( ৩ ) নাষ্ট্র’জেন । 

উত্তৰঃ ( ১ ) অক্সিজেন ।

প্রশ্ন ৪। উদ্ভিদৰ উপকাৰিতাৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ উদ্ভিদৰ অবিহনে মানুহ বা আন প্রাণীবােৰ জীয়াই থাকিব নােৱাৰে । আমাৰ প্ৰয়ােজনীয় সকলােবােৰ খাদ্য প্রত্যক্ষ বা পৰােক্ষভাৱে আমি উদ্ভিদৰ পৰা পাওঁ । উদ্ভিদে এৰি দিয়া অক্সিজেন সেৱন কৰিয়েই আমি জীয়াই থাকো । আমি এৰি দিয়া কার্বন – ডাই – অক্সাইড গেছ গছে শােষণ কৰে বাবেই পৃথিৱীৰ প্রাণীকুল বাচি আছে । গছে বায়ুমণ্ডলৰ প্ৰদূষণ নিয়ন্ত্রণ কৰে । গছৰ শিপা আৰু সৰা পাতৰ আৱৰণে ভূমি ক্ষয় ৰােধ কৰে । পাত – ফল – ফুল পৰি মাটিত মিহলি হৈ মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰে । তদুপৰি গছৰপৰা পােৱা কাঠেৰে আমি প্রয়ােজনীয় আচবাব তৈয়াৰ কৰাে আৰু ঘৰ – দুৱাৰ সাঁজো । কিছুমান উদ্ভিদৰ আকৌ ওষধি গুণো আছে যেনে— নিম , বাহক , তুলসী , ভেদাইলতা , মানিমুনি আদি । গতিকে উদ্ভিদ আমাৰ অতি উপকাৰী সম্পদ ।

প্রশ্ন ৫। অসমৰ ঋতুসমূহৰ বিশেষত্ববােৰ লিখা । 

উত্তৰঃ অসমৰ জলবায়ুক ছটা ঋতুত ভাগ কৰা হয় । যেনে — গ্রীষ্ম , বর্ষা , শৰৎ , হেমন্ত , শীত আৰু বসন্ত । গ্রীষ্ম ঋতু জেঠ মাহৰ পৰা আহাৰ মাহলৈ হয় । এই ঋতুত বিভিন্ন ধৰণৰ ফল যেনে— আম , জাম , কঁঠাল , লেতেকু , পনিয়ল আদিৰে প্রকৃতি উভৈ নদী হৈ পৰে । 

বর্ষা কাল — শাওন মাহৰ পৰা ভাদ মাহলৈ হয় । এই ঋতুত নেৰানেপেৰা বৰষুণ আৰু বানপানী হয়। শালি খেতি এই সময়তে কৰা হয় । 

শৰৎ কাল— আহিন মাহৰ পৰা কাতি মাহলৈ হয় । দুর্গা পূজা , লক্ষ্মী পূজা , দীপাৱলী , কাতি বিহু আদি উৎসৱ পালন কৰা হয় । 

হেমন্ত ঋতু আঘােণ মাহৰ পৰা পুহ মাহলৈ হয় । এই ঋতুত ধান চপােৱা হয় আৰু ভােগালী বিহু উদযাপন কৰা হয় । 

শীত কাল মাঘ আৰু ফাগুনৰ সময়ছােৱাক কোৱা হয় । শীতৰ নিশা মাজে মাজে কুঁৱলিয়ে ছানি ধৰে। আলু , কবি , বিলাহী , মটৰ , গাজৰ আদি বিভিন্ন শস্যৰে বাৰী ভৰি পৰে । 

বসন্ত কাল চ’ত আৰু ব’হাগ মাহৰ সময়ছােৱাত হয় । গছে কুঁহিপাত মেলে আৰু নানা তৰহৰ ফুল – কপৌ , তগৰ , কেতেকী আদিয়ে ফুলি প্রকৃতি বিনন্দীয়া কৰে । অসমৰ লােকে উলহ – মালহেৰে ৰঙালী বিহু বা ব’হাগ বিহু উদ্যাপন কৰে । 

অতিৰিক্ত প্ৰশ্নোত্তৰ

( ক ) তলৰ প্ৰশ্নবােৰৰ চমুকৈ উত্তৰ দিয়া – 

প্রশ্ন ১। পশ্চিমীয়া দেশত ঋতুক কেইটা ভাগত ভগােৱা হয় ? 

উত্তৰঃ পশ্চিমীয়া দেশত ঋতুক প্রধানত চাৰিটা ভাগত ভগােৱা হয় । যেনে— বসন্ত , গ্রীষ্ম , শৰৎ আৰু শীত । 

প্রশ্ন ২। বতৰ কাক বােলে ? 

উত্তৰঃ কোনাে এখন ঠাইৰ কোনাে এটা নির্দিষ্ট সময়ৰ তাপ , বায়ুৰ চাপ, বৃষ্টিপাত , জলীয় বাষ্প , বতাহ আদিৰ সামগ্রিক অৱস্থাক বতৰ বুলি কোৱা হয় । 

প্রশ্ন ৩। জলবায়ু কাক বােলে ? 

উত্তৰঃ বতৰৰ বহু বছৰৰ গড় অৱস্থাকে জলবায়ু বুলি কোৱা হয় ।

প্রশ্ন ৪। পর্ণপাতী উদ্ভিদৰ বৈশিষ্ট্য কি ? 

উত্তৰঃ যিবােৰ উদ্ভিদৰ পাত বছৰত এবাৰ সৰি যায় আৰু বসন্ত ঋতুত পুনৰ ওলায় তেনেবোেৰ উদ্ভিদক পর্ণপাতী উদ্ভিদ বােলে । যেনে — গমাৰি , পলাশ , আজাৰ , মদাৰ আদি । 

প্রশ্ন ৫। অসমৰ হাবিত পােৱা চাৰিবিধ উল্লেখযােগ্য তৃণজাতীয় উদ্ভিদৰ নাম লিখা । 

উত্তৰঃ অসমৰ হাবিত পােৱা উল্লেখযােগ্য তৃণজাতীয় উদ্ভিদ হ’ল — কঁহুৱা , খাগৰি , নল আৰু ইকৰা । 

প্রশ্ন ৬। গােলকীয় উষ্ণতা বৃদ্ধি মানে কি বুজা ? 

উত্তৰঃ পৃথিৱীত উদ্ভিদৰ পৰিমাণ কমি যােৱাৰ ফলত বায়ুমণ্ডলত কার্বন – ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি গৈছে । এই গেছে বায়ুমণ্ডলত উষ্ণতা বৃদ্ধি কৰে । এনেদৰে বৃদ্ধি পােৱা উষ্ণতাকে গােলকীয় উষ্ণতা বৃদ্ধি বুলি কোৱা হয় । 

প্রশ্ন ৭। অসমত হােৱা তিনিবিধ ৰােপণ কৃষিৰ নাম উল্লেখ কৰা । 

উত্তৰঃ অসমত হােৱা তিনিবিধ ৰােপণ কৃষি হ’ল — চাহ , কফি আৰু ৰবৰ । 

( খ ) খালী ঠাই পূৰ কৰা –

( ১ ) অসমখন ……………….. ৰেখাৰ পৰা কিছু উত্তৰত অৱস্থিত । 

উত্তৰঃ কর্কটক্রান্তি । 

( ২ ) কর্কটক্রান্তি ৰেখাৰ ওচৰত হােৱাৰ কাৰণে অসমৰ জলবায়ুক………………… জলবায়ু বুলিব পাৰি । 

উত্তৰ উপক্ৰান্তীয় । 

( ৩ ) অসমখন দক্ষিণ এছিয়াৰ ……………….. জলবায়ু অঞ্চলৰ অন্তর্গত । 

উত্তৰঃ মৌচুমী । 

( ৪ ) অসমৰ বার্ষিক গড় বৃষ্টিপাত ……………… ছেন্টিমিটাৰ । 

উত্তৰঃ ১৮০ ছেণ্টিমিটাৰ ।

( ৫ ) প্রাক্‌-শীত কাল , যাক অসমৰ ………………… ঋতুৰ লগত তুলনা কৰিব পাৰি ।

উত্তৰঃ হেমন্ত । 

( ৬ ) গ্রীষ্ম কালত যিবিলাক খেতি কৰা হয় , সেই খেতিক……………….. শস্য বুলি কোৱা হয় ।

উত্তৰঃ খাৰিফ । 

( ৭ ) শীতকালত যিবােৰ খেতি কৰা হয় সেইবােৰক ……………… শস্য বুলি কোৱা হয় । 

উত্তৰঃ ৰবি । 

( ৮ ) বিশ্ব পৰিবেশ দিৱস ………………… তাৰিখে পালন কৰা হয় । 

উত্তৰঃ ৫ জুন ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top