Niketan Class 6 Social Chapter 16 মৌর্য সাম্রাজ্য: মহামতি অশােক আৰু কৌটিল্যৰ অর্থশাস্ত্র

Niketan Class 6 Social Chapter 16 মৌর্য সাম্রাজ্য: মহামতি অশােক আৰু কৌটিল্যৰ অর্থশাস্ত্র is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Social Chapter 16 মৌর্য সাম্রাজ্য: মহামতি অশােক আৰু কৌটিল্যৰ অর্থশাস্ত্র and select need one.

Niketan Class 6 Social Chapter 16 মৌর্য সাম্রাজ্য: মহামতি অশােক আৰু কৌটিল্যৰ অর্থশাস্ত্র

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Social Chapter 16 মৌর্য সাম্রাজ্য: মহামতি অশােক আৰু কৌটিল্যৰ অর্থশাস্ত্র Solutions for All Subjects, You can practice these here.

মৌর্য সাম্রাজ্য: মহামতি অশােক আৰু কৌটিল্যৰ অর্থশাস্ত্র

Chapter – 16

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। উত্তৰ লিখা –

( ক ) মৌর্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ? 

উত্তৰঃ চন্দ্রগুপ্ত মৌর্য বংশৰ প্ৰতিষ্ঠাপক আছিল ।  

( খ ) চন্দ্রগুপ্তই আলেকজেণ্ডাৰক ক’ত লগ পাইছিল ? 

উত্তৰঃ চন্দ্রগুপ্তই আলেকজেণ্ডাৰক তক্ষশীলাত লগ পাইছিল । 

( গ ) বিন্দুসাৰৰ পৰৱর্তী ৰজাজন কোন ? 

উত্তৰঃ বিন্দুসাৰৰ পৰৱৰ্তী ৰজাজন হ’ল — মহামতি অশােক । 

( ঘ ) অশােকে কাৰ ওচৰত বৌদ্ধ ধর্ম গ্রহণ কৰিছিল ? 

উত্তৰঃ অশােকে উপগুপ্ত নামৰ বৌদ্ধ সন্ন্যাসী এজনৰ ওচৰত বৌদ্ধ ধর্ম গ্রহণ কৰিছিল । 

( ঙ ) অশােকক কিয় মহামতি ‘অশােক’ বুলি কোৱা হয় ? 

উত্তৰঃ তেওঁ প্ৰকৃতাৰ্থত এজন বীৰ , ৰাষ্ট্র নির্মাতা আৰু সুশাসক আছিল। সেয়ে তেওঁ মহামতি অশােক নামেৰে জনাজাত । 

প্রশ্ন ২। শুদ্ধ – অশুদ্ধ বিচাৰ কৰা— 

( ক ) চন্দ্রগুপ্তৰ মাতৃৰ নাম অনুসৰি তেওঁ প্রতিষ্ঠা কৰা বংশটোৰ নাম মৌর্য বংশ হয় ।

উত্তৰঃ শুদ্ধ । 

( খ ) মৌর্য সাম্রাজ্যৰ ৰাজধানী আছিল তক্ষশীলা। 

উত্তৰঃ অশুদ্ধ । 

( গ ) কলিংগ যুদ্ধৰ জৰিয়তে অশােকে সাম্রাজ্যবাদৰ পাতনি মেলিছিল । 

উত্তৰঃ অশুদ্ধ । 

( ঘ ) অর্থশাস্ত্ৰৰ ৰচক আছিল মেগাস্থিনিছ । 

উত্তৰঃ অশুদ্ধ ।

( ঙ ) কৌটিল্যৰ আন এটা নাম বিষ্ণুগুপ্ত । 

উত্তৰঃ শুদ্ধ । 

প্রশ্ন ৩। খালী ঠাই পূৰ কৰা –

( ক ) ……………….. নন্দবংশ উচ্ছেদ কৰি চন্দ্রগুপ্তই মৌর্য বংশৰ শাসন প্রতিষ্ঠা পৰা লৈ আলিবাট নির্মাণ কৰে ।

উত্তৰঃ মগধৰ । 

( খ ) চন্দ্রগুপ্ত মৌর্যৰ শাসনকালত ……………….. পৰা……………….. লৈ অলিবাট নিৰ্মাণ কৰা হৈছিল । 

উত্তৰঃ তক্ষশীলাৰ পৰা পাটলিপুত্ৰলৈ । 

( গ ) চন্দ্রগুপ্ত মৌর্যৰ মৃত্যুৰ পিছত ………………. ২৫ বছৰ মৌর্য সাম্রাজ্য শাসন কৰে।

উত্তৰঃ বিন্দুসাৰে । 

( ঘ ) অশােকে ধর্ম প্রচাৰৰ উদ্দেশ্যে ……………….. নামৰ এক শ্ৰেণীৰ বিষয়াৰ সৃষ্টি কৰিছিল । 

উত্তৰঃ ধর্ম মহাপাত্র । 

( ঙ ) ………………… অশােকৰ শিলেৰে নির্মিত ৰাজপ্রাসাদ দেখি বিস্মিত হৈছিল । 

উত্তৰঃ ফাহিয়ানে ।

( চ ) কৌটিল্যৰ ……………….. ত …………….ৰ দৰে কঠোৰ দণ্ডনীয় ব্যবস্থা দিয়া আছে । 

উত্তৰঃ অর্থশাস্ত্রত , দণ্ডনীতি । 

প্রশ্ন ৪। তলত দিয়া প্রশ্নবােৰৰ উত্তৰ চমুকৈ লিখ— 

( ক ) মৌর্য সাম্রাজ্যৰ উত্থানৰ বিষয়ে ক’ৰ পৰা জানিব পাৰি ? 

উত্তৰঃ মৌর্য সাম্রাজ্যৰ উত্থানৰ বিষয়ে জনা সমলবােৰ হ’ল— কৌটিল্যৰ অর্থশাস্ত্র , মেগাস্থিনিছৰ টোকা , বৌদ্ধ আৰু জৈন সাহিত্য , মুদ্রা ইত্যাদি । 

( খ ) পাটলি পুত্ৰৰ শাসন ব্যৱস্থা কেনে আছিল ? 

উত্তৰঃ মৌর্য সাম্রাজ্যখন শাসন কৰিবৰ বাবে চন্দ্রগুপ্তই বিশেষ ব্যৱস্থা গ্রহণ কৰিছিল । তেওঁ বিশাল সাম্রাজ্যখন প্রদেশ আৰু জিলাত বিভক্ত কৰি শাসন কার্য চলাইছিল । ৰাজধানী পাটলিপুত্ৰ নগৰখনাে পৌৰসভাৰ সহায়ত পৰিচালনা কৰিছিল । ৬ খন উপ – সমিতি আছিল । উপ – সমিতিসমূহ হ’ল — জন্ম – মৃত্যুৰ হিচাপ ৰখা , বাণিজ্য দ্রব্যৰ মূল্য নিৰ্দ্ধাৰণ কৰা , জোখ – মাখ নিয়ন্ত্রণ কৰা , বেচা – কিনাৰ ওপৰত কৰ লগােৱা , বিদেশী নাগৰিকৰ হিচাপৰখা আৰু শ্ৰম – শিল্প নিৰীক্ষণ কৰা 

অতিৰিক্ত প্ৰশ্নোত্তৰ

( ক ) চমু উত্তৰ দিয়া –

প্রশ্ন ১। চন্দ্রগুপ্তৰ মাকৰ নাম কি আছিল ? 

উত্তৰঃ চন্দ্রগুপ্তৰ মাকৰ নাম আছিল মুৰা । 

প্রশ্ন ২। নন্দ বংশক পৰাস্ত কৰাত চন্দ্রগুপ্তক কোনে সহায় কৰিছিল ? 

উত্তৰঃ নন্দ বংশক ধ্বংস কৰি মৌর্য সাম্রাজ্য প্রতিষ্ঠা কৰাত চন্দ্রগুপ্তক চাণক্যই সহায় কৰিছিল। 

প্রশ্ন ৩। চেলুউকচ কোন আছিল ? 

উত্তৰঃ চেলুউকচ আলেকজেণ্ডাৰৰ সেনাপতি আছিল । 

প্রশ্ন ৪। চন্দ্রগুপ্ত মৌর্য সাম্রাজ্যৰ সীমা কি আছিল ? 

উত্তৰঃ চন্দ্রগুপ্ত মৌর্য সাম্রাজ্যৰ সীমা — পূৰ্বে ব্ৰহ্মপুত্ৰ নদী আৰু উত্তৰে হিন্দু কুশ পর্বত অতিক্রম কৰি পাৰস্যৰ সীমা চুইছিল । 

প্রশ্ন ৫। ‘ইণ্ডিকা’ পুথিখনৰ ৰচক কোন ? 

উত্তৰঃ ইণ্ডিকা পুথিখনৰ ৰচক মেগাস্থিনিছ । 

প্রশ্ন ৬। চন্দ্রগুপ্তৰ শাসনকাল কেতিয়াৰ পৰা কেতিয়ালৈ আছিল ? 

উত্তৰঃ চন্দ্রগুপ্ত মৌর্য শাসনকাল খ্রীষ্টপূর্ব ৩২৪ ৰ পৰা খ্রীষ্টপূর্ব ৩০০ লৈ আছিল । 

প্রশ্ন ৭। কলিংগ ৰাজ্যখন ক’ত অৱস্থিত ? 

উত্তৰঃ কলিংগ ৰাজ্যখন দক্ষিণ ভাৰতৰ পূর্ব উপকূলত অৱস্থিত । 

প্রশ্ন ৮। তৃতীয় বৌদ্ধ মহামেল কাৰ পৃষ্ঠপােষকতাত আৰু কাত অনুষ্ঠিত কৰা হৈছিল ? 

উত্তৰঃ তৃতীয় বৌদ্ধ মহামেল অশােকৰ পৃষ্ঠপােষকতাত পাটলিপুত্ৰত অনুষ্ঠিত কৰা হৈছিল।

প্ৰশ্ন ৯। ফাহিয়ান কোন আছিল ? 

উত্তৰঃ ফাহিয়ান এজন চীনা পব্রিাজক বা ভ্রমণকাৰী আছিল । তেওঁ দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত ভাৰতলৈ আহিছিল ।

প্রশ্ন ১০। অশােকে কি কি সামাজিক কল্যাণৰ কাম কৰিছিল ? 

উত্তৰঃ ৰাস্তাৰ কাষত গছ ৰােৱা , পুখুৰী খন্দা , জিৰণি ঘৰৰ ব্যৱস্থা কৰা , সু চিকিৎসাৰ ব্যৱস্থা কৰা আদি কামবােৰৰ জৰিয়তে অশােকে সমাজ কল্যাণ সাধন কৰিছিল । 

প্রশ্ন ১১। অশােকৰ ৰাজত্ব কালত শিল্পকলাৰ নিদর্শন কেনে আছিল ? 

উত্তৰঃ অশােকৰ ৰাজত্বকাল স্থাপত্য – ভাস্কর্য শিল্পৰ বাবেও বিখ্যাত আছিল । তেওঁৰ ৰাজত্বকালত বহুতাে মঠ , মন্দিৰ , স্থূপ , শিলাস্তম্ভ নির্মাণ কৰাইছিল । সাৰনাথৰ অশােক স্তম্ভ সম্রাট অশােকৰ অম্লান কীর্তি।অশােকে বৌদ্ধৰ বাণীসমূহ শিলালিপিত খােদিত কৰাইছিল । 

প্রশ্ন ১২। কৌটিল্য কোন আছিল ? 

উত্তৰঃ কৌটিল্যৰ আন এটা নাম চাণক্য । তেওঁক বিষ্ণুগুপ্ত বুলিও জনা যায় । তেওঁ মৌর্য সম্রাট চন্দ্রগুপ্তৰ হিতাকাংখী তথা উপদেষ্টা আছিল । নন্দ বংশ ধ্বংস কৰি মগধত মৌর্য বংশৰ প্রতিষ্ঠা কৰাত কৌটিল্যই চন্দ্রগুপ্তক সহায় কৰিছিল । 

প্রশ্ন ১৩। কৌটিল্যৰ অর্থ শাস্ত্ৰত কি কি কথা উল্লেখ আছে ? 

উত্তৰঃ কৌটিল্যৰ অর্থ শাস্ত্ৰত ৰজাৰ শাসন , বিচাৰ , আইন , সমৰ , মন্ত্রীপৰিষদ আদিৰ বিষয়ে উল্লেখ আছে । কৰ – কাটল সংগ্ৰহৰ নীতিসমূহৰৰ কথা উল্লেখ আছে । 

প্রশ্ন ১৪। কলিংগ যুদ্ধৰ পিছত অশােকে কিয় দিগ্বিজয়ৰ পৰিৱর্তে ধর্ম বিজয়ৰ পথত ব্ৰতী হৈছিল ? 

উত্তৰঃ কলিংগ যুদ্ধত হােৱা হাজাৰ হাজাৰ মানুহৰ মৃত্যুৰ বিভীষিকাই অশােকক মর্মাহত কৰিছিল । সেয়ে তেওঁ দিগ্বিজয়ৰ পৰিৱর্তে ধর্ম বিজয়ৰ পথত ব্ৰতী হৈছিল । 

প্রশ্ন ১৫। অশােকে কেনেদৰে ধৰ্ম প্ৰচাৰ কৰিছিল ? 

উত্তৰঃ জনসাধাৰণৰ মনত ধর্মবােধৰ সৃষ্টি আৰু ধর্ম প্রচাৰৰ বাবে অশােকে ‘ধর্ম মহাপাত্র’ নামৰ এক শ্রেণী বিষয়াৰ সৃষ্টি কৰিছিল । পাটলিপুত্ৰত তেওঁ বৌদ্ধ মহামেলৰ আয়ােজন কৰিছিল । দেশৰ বিভিন্ন ঠাইত বৌদ্ধ মঠ , স্থূপ আৰু স্তম্ভ সজাইছিল। ধর্ম প্রচাৰৰ হকে তেওঁ পুতেক মহেন্দ্ৰ আৰু জীয়েক সংঘমিত্রাক সিংহললৈ পঠাইছিল ।

1 thought on “Niketan Class 6 Social Chapter 16 মৌর্য সাম্রাজ্য: মহামতি অশােক আৰু কৌটিল্যৰ অর্থশাস্ত্র”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top