Niketan Class 6 Assamese Chapter 8 লাচিত বৰফুকনৰ দেশভক্তি

Niketan Class 6 Assamese Chapter 8 লাচিত বৰফুকনৰ দেশভক্তি is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Assamese Chapter 8 লাচিত বৰফুকনৰ দেশভক্তি and select need one.

Niketan Class 6 Assamese Chapter 8 লাচিত বৰফুকনৰ দেশভক্তি

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Assamese Chapter 8 লাচিত বৰফুকনৰ দেশভক্তি Solutions for All Subjects, You can practice these here.

লাচিত বৰফুকনৰ দেশভক্তি

Chapter – 8

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল ? 

উত্তৰঃ শৰাইঘাটৰ যুদ্ধ ১৬৭১ চনত হৈছিল । 

প্রশ্ন ২। শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল ? 

উত্তৰঃ শৰাইঘাটৰ ৰণ আহােম আৰু মােগলৰ মাজত হৈছিল । 

প্রশ্ন ৩। শৰাইঘাটৰ যুদ্ধৰ সময়ত মােগল সম্রাট কোন আছিল ? 

উত্তৰঃ শৰাইঘাটৰ যুদ্ধৰ সময়ত মােগল সম্রাট আছিল ঔৰংজেৱ ।

প্রশ্ন ৪। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহােমৰ স্বৰ্গদেউ কোন আছিল ? 

উত্তৰঃ শৰাইঘাটৰ যুদ্ধৰ সময়ত আহােমৰ স্বৰ্গদেউ আছিল চক্ৰধ্বজ সিংহ । 

প্রশ্ন ৫। মােগলৰ সেনাপতিজনৰ নাম কি আছিল ? 

উত্তৰঃ মােগলৰ সেনাপতিজনৰ নাম আছিল ৰামসিংহ ।

প্রশ্ন ৬। লাচিতে কামাখ্য গােসাঁনীলে সেৱা কৰি কি কথা ঘােষণা কৰিছিল ? 

উত্তৰঃ লাচিতে কামাখ্যা গােসাঁনীলে সেৱা কৰি ঘােষণা কৰিলে যে— “ যুদ্ধৰ কামত পাছ হুহকিলে হেংদানেৰে দুডােখৰ কৰি কাটিম , পাছতহে স্বৰ্গদেৱক জনাম । ” 

প্রশ্ন ৭। বৰকুঁৱৰীয়ে স্বৰ্গদেউক সম্বােধন কৰি কি কৈছিল ? 

উত্তৰঃ বকুঁৱৰীয়ে স্বৰ্গদেউক সম্বােধন কৰি কৈছিল— “ বৰফুকনে ঠিক কথাকে কৈছে । তেওঁৰ কথা মানি চলিলেহে যুদ্ধত জয়লাভ হ’ব । ফুকনৰ কথামতে নচলিলে আমাৰ নিশ্চয় পৰাজয় হ’ব । ” 

প্রশ্ন ৮। শৰাইঘাটত আহােমে গড় বান্ধিব লগা হৈছিল কিয় ? 

উত্তৰঃ মােগল সৈন্যক গুৱাহাটীলৈ সােমােৱাত বাধা প্রদান কৰিবৰ বাবে আহোমে শৰাইঘাটত গড় বান্ধিব লগা হৈছিল । 

প্রশ্ন ৯। লাচিতে গড় বন্ধাৰ কামৰ দায়িত্ব কাৰ ওপৰত অৰ্পণ কৰিছিল? 

উত্তৰঃ লাচিতে গড় বন্ধাৰ কামৰ দায়িত্ব নিজৰ মােমায়েকৰ ওপৰত অৰ্পণ কৰিছিল । 

প্রশ্ন ১০। গড়ৰ কাম চাবলৈ গৈ লাচিতে কি দেখিলে ? 

উত্তৰঃ গড়ৰ কাম চাবলৈ গৈ লাচিতে দেখিলে যে গড়ৰ কাম চাৰিভাগৰ তিনিভাগেই অসম্পূর্ণ হৈ আছে । ইফালে সৈন্যবিলাকৰ কিছুমানে লাল – কাল দিপৰি আছে আৰু কিছুমানে উদ্যমহীনভাৱে কাম কৰি আছে ।

প্রশ্ন ১১। লাচিতে কিয় মােমায়েকক কাটি দুছােৱা কৰিলে বিৱৰি লিখা ।

উত্তৰঃ মােগল সেনাক গুৱাহাটীলৈ সােমােৱাত বাধা দিবৰ বাবে লাচিতে শৰাইঘাটত এটা গড় বন্ধাৰ দিহা কৰিছিল । এই গড়ৰ কাম আছিল অতি গুৰুত্বপূর্ণ কিয়নাে এই গড়ৰ ওপৰতে অসমীয়াৰ হৰা – জিকাৰ প্রশ্ন নিৰ্ভৰ কৰিছিল । সেয়েহে কামটো ভালদৰে চোৱা – চিতা কৰিবলৈ লাচিতে নিজৰ ‘ মােমায়েকক দায়িত্ব অর্পণ কৰিছিল । কিন্তু মােমায়েকে সৈন্যসকলক কামত লগাই নিজে শুই থাকিল । ইফালে যুদ্ধ কৰি ভাগৰি থকা সৈন্যসকলে গড়ৰ কাম কৰি আৰু বেছি ক্লান্ত হৈ পৰিল । সৈন্যসকলৰ কিছুমানে ভাগৰত লাল – কাল দি শুই পৰিল আৰু যিসকলে সাৰে থাকিল তেওঁলােকেও উদ্যমহীনভাৱে কাম কৰিবলৈ লাগিল । ৰাতি লাচিতে যেতিয়া গড় কাম চাবলৈ আহিল তেতিয়া তেওঁ দেখিলে যে গড়ৰ কাম চাৰিভাগৰ তিনিভাগেই অসম্পূর্ণ হৈ আছে । গড়ৰ কাম এৰি নিশ্চিত মনে শুই থকা দেখি খঙত একো নাই হৈ লাচিতে দেশতকৈ মােমাই ডাঙৰ নহয় বুলি কৈ খাপৰ পৰা তৰােৱাল উলিয়াই মােমায়েকক কাটি দুছােৱা কৰিলে । 

প্রশ্ন ১২। লাচিত বৰফুকনৰ দেশপ্রেম সম্পর্কে চমুকৈ লিখাঁ । 

উত্তৰঃ দেশপ্ৰেমৰ এক সুন্দৰ নিদর্শন হ’ল লাচিত বৰফুকনৰ দেশপ্রেম । লাচিত বৰফুকন আছিল আহােম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ সেনাপতি । আহােম আৰু মােগলৰ মাজত শৰাইঘাটত হােৱা ৰণত তেওঁ আহােমৰ সেনপতি আছিল । সেই ৰণত লাচিতে এক লক্ষ সৈন্যক নেতৃত্ব দিয়াৰ উপৰি নিজেও মাতৃভূমিক মােগলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ আপ্রাণ চেষ্টা কৰিছিল । তেওঁ দিনে-ৰাতিয়ে কঠোৰ পৰিশ্ৰম কৰিছিল । দেশমাতৃক ৰক্ষা কৰিবৰ বাবে । লগতে সৈন্যসকলেও যাতে কামত গাফিলতি নকৰে তাৰ বাবে লাচিতে কামাখ্যা গোসানীলৈ সেৱা জনাই ঘােষণা কৰিছিল যে— “ যুদ্ধৰ কামত পাছ হুহকিলে হেংদানেৰে দুডােখৰ কৰি কাটিম , পাছতহে স্বৰ্গদেউক জনাম । ” তদুপৰি লাচিতে মােগলক ৰােধ কৰিবলৈ বন্ধা গড়ৰ কামত অৱহেলা কৰাৰ বাবে নিজৰ মােমায়েকক কাটি দুহােৱা কৰিছিল । তেওঁ কৈছিল ‘দেশতকৈ মােমাই ডাঙৰ নহয় ।’

পাঠটিত বর্ণিত এনেবােৰ নিদৰ্শনৰ পৰা আমি কব পাৰাে যে লাচিত বৰফুকনৰ দেশপ্রেম অতুলনীয় ।

প্রশ্ন ১৩। পাঠটিৰ পৰা তুমি কি শিক্ষা গ্রহণ কৰিলা ? 

উত্তৰঃ পাঠটোৰ পৰা আমি স্বদেশপ্রেম , কর্তব্য পৰায়ণতা , সময়ানুবর্তিতা সম্পর্কে শিক্ষা আহৰণ কৰিব পাৰোঁ । 

পাঠটিত বর্ণিত লাচিত বৰফুকনৰ স্বদেশপ্রেমৰ নিদর্শনসমূহৰ পৰা আমাৰ মনত স্বদেশপ্রেমৰ ভাৱ – অনুভূতি জাগ্রত হয় । আমি যে নিজৰ দেশক ভাল পাব লাগে , নিজৰ দেশক সেৱা কৰিব লাগে আৰু বাহিৰা শত্ৰুৰ আক্ৰমণৰ পৰা যে দেশক সুৰক্ষিত কৰি ৰাখিব লাগে ইত্যাদি শিক্ষা আহৰণ কৰিব পাৰোঁ । 

দ্বিতীয়তে , লাচিতে গড় বন্ধাৰ কামত গাফিলতি কৰা বাবে নিজৰ মােমায়েকক কাটি দুছােৱা কৰিলে এই কথাৰ পৰা আমি কর্তব্য পৰায়ণতাৰ শিক্ষা ল’ব পাৰোঁ । 

তৃতীয়তে , কেৱল এটা ৰাতিৰ ভিতৰতে গড় বান্ধি দেশমাতৃক মােগলৰ হাতৰ পৰা ৰক্ষা কৰা নিদর্শনটিৰ পৰা আমি সময়ৰ সদব্যৱহাৰ সম্পর্কে জ্ঞান লাভ কৰে । 

প্রশ্ন ১৪। বিপৰীত শব্দ লিখাঁ –

             গাফিলতি , পােনপটীয়া , ক্ষমা , অনিচ্ছা , ভীৰু 

উত্তৰঃ গাফিলতি       –        মনােযােগী 

         পােনপটীয়া     –        আওপকীয়া 

          ক্ষমা             –        ঘৃণা 

          অনিচ্ছা         –        ইচ্ছা 

          ভীৰু             –        নির্ভীক 

প্রশ্ন ১৫। তলৰ শব্দবােৰ বাক্যত ব্যৱহাৰ কৰা –

             মন – প্রাণ , অলপ – অচৰপ , হৰা – জিকা , মন-কাণ , আশে – পাশে , এশিকনি , সৈন্য সামন্ত , বাট – পথ , উদ্যমহীন 

উত্তৰঃ মন-প্রাণ :- প্রীতমে এইবাৰ মন – প্রাণ ঢালি পঢ়াত লাগিছে ।

অলপ – অচৰপ :- অর্ণবে মাকক কাম – বনত অলপ – অচৰ-পসহায় কৰি দিয়ে । 

হৰা-জিকা :- খেলত হৰা – জিকা থাকেই । 

মন-কাণ :- মিন্টুৰ পঢ়া – শুনাত মন-কাণ নাই অনবৰতে ঘূৰি ফুৰে । 

আশে – পাশে :- আমাৰ ঘৰৰ আশে – পাশে কেইবাখনাে স্কুল আছে । 

এশিকনি :- শিয়ালে বান্দৰটোক এশিকনি দিবলৈ এটা বুদ্ধি পাঙিলে । 

সৈন্য-সামন্ত :- মােগলে সৈন্য – সামন্ত লৈ আহােমক আক্রমণ কৰিবলৈ আহি আগিয়াঠুৰীত কোঠ মাৰিছিল । 

বাট – পথ :- বাৰিষা গাঁৱৰ বাট – পথ বোকা হৈ থাকে । 

উদ্যমহীন :- পঢ়ি – শুনিও চাকৰি এটা যােগাৰ কৰিব নােৱাৰি ল’ৰাবােৰ উদ্যমহীন হৈ পৰিছে । 

প্রশ্ন ১৬। চমুটোকা লিখা –

১। চক্ৰধ্বজ সিংহ ।

উত্তৰঃ চক্ৰধ্বজ সিংহ আছিল আহােমৰ স্বৰ্গদেউ। তেওঁ ১৬৬৩ খ্রীঃত আহােমৰ সিংহাসনত বহে । চক্ৰধ্বজ সিংহৰ দিনতে বিখ্যাত শৰাইঘাটৰ ৰণ হৈছিল । চক্ৰধ্বজ সিংহ আছিল এজন স্বাধীনচিতীয়া আৰু দেশপ্রেমী ৰজা । সেয়েহে তেওঁ সিংহাসনত বহিয়েই মােগলৰ পৰাধীনতাৰ পৰা নিজৰ দেশক মুক্ত কৰিবলৈ চেষ্টা কৰিছিল । মােগলৰ অধীন হৈ থাকিবলগীয়া হােৱাত চক্ৰধ্বজ সিংহই ক্ষোভ প্রকাশ কৰি কৈছিল— “ বঙালৰ অধীন হৈ থকাতকৈ মৃত্যুৱেই শ্রেষ্ঠ । ” কিন্তু দুর্ভাগ্যৰ কথা যে এইজন ৰজাই শৰাইঘাটৰ ৰণত আহােমে জয়লাভ কৰাৰ বাতৰি শুনিবলৈ নাপালে তেওঁৰ ১৬৬৯ খ্রীঃত মৃত্যু হয় । 

২। মােমাইকটা গড় ।

উত্তৰঃ মােমাই কটা গড় আহােমৰ সেনাপতি লাচিত বৰফুকনৰ নির্দেশ মতে শৰাইঘাটত বন্ধোৱা হৈছিল । এই গড় আহােমে ৰামসিংহৰ মােগল সৈন্যক ভেটিবৰ বাবে একে ৰাতিৰ ভিতৰতে সাজি উলিয়াইছিল । এই গড় নির্মাণৰ দায়িত্ব লাচিত বৰফুকনে তেওঁৰ মােমায়েকৰ হাতত অৰ্পণ কৰিছিল । কিন্তু মােমায়েকে এই কামত গাফিলতি কৰাৰ বাবে লাচিতে খাপৰ পৰা হেংদান উলিয়াই মােমায়েকক কাটি দুছােৱা কৰিলে । লাচিতৰ এনে কার্যত বনুৱাসকলে ভয়তে নিশাটোৰ ভিতৰতে গড়ৰ কাম সম্পূর্ণ কৰিছিল । এই গড় নির্মাণৰ সময়ত লাচিতে মােমায়েকক কটাৰ বাবে ইয়াৰ নাম মােমাইকটা গড় নামেৰে পৰিচিত হ’ল । 

৩। বকুঁৱৰী ।

উত্তৰঃ বৰকুঁৱৰী শিৱসিংহৰ প্ৰথমা পত্নী আছিল । তেওঁৰ পূৰ্বৰ নাম আছিল ফুলমতী । অপূর্ব সুন্দৰী ফুলমতীক দেখি ৰজা মুগ্ধ হৈ বিবাহ কৰাই আৰু ফুলেশ্বৰী নাম দি কুঁৱৰী পাতে । আহােমৰ ৰাজত্বকালত সিংহাসন আৰহণ কৰা ফুলেশ্বৰীয়ে আছিল প্রথম মহিলা । তেওঁ ৰজা শিৱসিংহৰ নামৰ লগত নিজৰ নাম যুক্ত কৰি মােহৰ মৰাইছিল । বৰকুঁৱৰী আছিল এগৰাকী গােড়া শাক্ত । সেইবাবেই তেওঁৰ ৰাজত্বকালত মােৱামৰীয়া বিদ্রোহ হৈছিল । ধৰ্মৰ ক্ষেত্ৰত অত্যন্ত গােড়া আছিল যদিও তেওঁৰ কিছুমান শলাগিবলগীয়া গুণ আছিল । তেওঁ শিক্ষা বিস্তাৰৰ বাবে টোল স্থাপন কৰিছিল ৷ তেওঁৰ পৃষ্ঠপােষকতাতে অনন্ত আচার্যই ‘ আনন্দ লহৰী ‘ আৰু কবিচন্দ্র দ্বিজে ‘ কাম – কুমাৰ হৰণ ’, ‘ধর্মপুৰাণ ’ আদি গ্রন্থ লিখিছিল । ১৭৩১ খ্রীঃত কুঁৱৰীৰ মৃত্যু হয় । 

৪। আগিয়াঠুৰী ।

উত্তৰঃ শৰাইঘাটৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন ঠাইৰ নাম আগিয়াঠুৰী । এই আগিয়াঠুৰীতেই মােগল সেনাই অসম আক্ৰমণ কৰিবলৈ আহি শিবিৰ পাতিছিল । এই আগিয়াঠুৰী আছিল এখন অতি গুৰুত্বপূৰ্ণ ঠাই । গুৱাহাটীলৈ সােমােৱাৰ দুৱাৰমুখ স্বৰূপ । 

৫। ৰামসিংহ ।

উত্তৰঃ ৰামসিংহ শৰাইঘাট ৰণৰ মােগলৰ সেনাপতি আছিল । তেওঁ অম্বৰৰ ৰাজপুত ৰজা জয়সিংহৰ পুত্ৰ আছিল । তেওঁক মােগল সম্রাট ঔৰংজেৱে অসম আক্রমণ কৰিবলৈ প্ৰেৰণ কৰিছিল । ১৬৬৯ খ্রীঃৰ মাৰ্চ মাহত ৰামসিংহই ৩০,০০০ পদাতিক , ১৮,০০০ অশ্বৰােহী , ৩০,০০০ কাড়ী সৈন্য আৰু ৩০ খন যুদ্ধ জাহাজেৰে গঠিত এক বিশাল সৈন্যবাহিনী লৈ গােৱালপাৰাত উপস্থিত হয় । ১৬৭১ খ্রীঃত ৰামসিংহ আৰু আহােম বাহিনীৰ মাজত শৰাইঘাটত যুদ্ধ সংঘটিত হয় । এই যুদ্ধত ৰামসিংহই পৰাজয় বৰণ কৰে । 

৬। লাচিত বৰফুকন ।

উত্তৰঃ লাচিত বৰফুকন আহােম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ সেনাপতি আছিল । তেওঁ আছিল মােমাই তামুলী বৰবৰুৱাৰ সুযােগ্য পুত্র । লাচিত বৰফুকন এজন বীৰ , স্বদেশপ্রেমী পুৰুষ আছিল । তেওঁ আহােম আৰু মােগলৰ মাজত হােৱা বিখ্যাত শৰাইঘাট ৰণৰ আহােমৰ সেনাপতি আছিল । শৰাইঘাট ৰণত তেওঁ এক লাখ সৈন্যক নেতৃত্ব দিছিল । তদুপৰি তেওঁ নিজেও দেশমাতৃৰ উদ্ধাৰৰ বাবে আপ্রাণ চেষ্টা কৰিছিল । তেওঁ নৰীয়া গাৰেই শৰাইঘাটত যুদ্ধ কৰিছিল মােগলৰ বিৰুদ্ধে । এইগৰাকী বীৰৰ নিৰ্দেশতে শৰাইঘাটত মােমাইকটা গড় বন্ধোৱা হৈছিল।লাচিতৰ নেতৃত্বত শৰাইঘাটত হােৱা ৰণত আহােমৰ জয় হৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top