Niketan Class 6 Assamese Chapter 7 জননী

Niketan Class 6 Assamese Chapter 7 জননী is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Assamese Chapter 7 জননী and select need one.

Niketan Class 6 Assamese Chapter 7 জননী

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Assamese Chapter 7 জননী Solutions for All Subjects, You can practice these here.

জননী

Chapter – 7

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। শব্দ – অর্থ 

শব্দঅর্থ 
পৰাণপ্রাণ ( কাব্যিক ৰূপ )
ইহএই ( কাব্যিক ৰূপ )
সততেসদায় , সাধাৰণতে
অযাচিতনােখােজাকৈ পােৱা

প্রশ্ন ২। চমু উত্তৰ দিয়া –

( ক ) কবিয়ে এই সময়ত কাৰ ধাৰ শুজিব নােৱাৰোঁ বুলি কৈছে ? 

উত্তৰঃ কবিয়ে এই সময়ত মাতৃৰ ধাৰ শুজিব নোৱাৰো বুলি কৈছে । 

( খ ) কবিয়ে জননীক কাৰ সৈতে তুলনা কৰিছে ? 

উত্তৰঃ কবিয়ে জননীক দেৱী মহামায়াৰ লগত তুলনা কৰিছে । 

( গ ) জননীৰ নামত কবিৰ মন পুলকিত হয় কিয় ? 

উত্তৰঃ জননীৰ অকৃত্রিম মৰমত কবিয়ে অসীম সুখ লাভ কৰে । জননী হ’ল তেওঁৰ প্ৰাণৰ প্রকৃত ঈশ্বৰী । এই ঈশ্বৰীৰ শীতল ছায়াতেই কবিয়ে হিয়া শাঁত পেলায় । সেইবাবে জননীৰ নামত কবিৰ মন পুলকিত হয় । 

( ঘ ) কবিয়ে জননীক স্বৰগৰ মহামায়াৰূপে কল্পনা কৰিছে কিয় ? 

উত্তৰঃ স্বৰগৰ দেৱী মহামায়াই যিদৰে তেওঁৰ সকলাে ভক্তকে সমানে আশীর্বাদ দিয়ে , মৰম কৰে সেইদৰে মাতৃয়েও কবিক সকলাে সময়তে অকৃপণভাৱে মৰম কৰে , দয়া কৰে সেইবাবে কবিয়ে জননীক স্বৰগৰ মহামায়াৰূপে কল্পনা কৰিছে ।

( ঙ ) ‘ নােৱাৰো ফুটাব মাত অশেষ স্নেহৰ ’ – ইয়াৰ দ্বাৰা কবিয়ে কি বুজাইছে ? 

উত্তৰঃ ‘ নােৱাৰোঁ ফুটাব মাত অশেষ স্নেহৰ ’ – ইয়াৰ দ্বাৰা কবিয়ে ক’ব বিচাৰিছে – যে মাতৃৰ অপৰিসীম মৰমৰ কথা তেওঁ ভাষাৰে বুজাব নােৱাৰে ।

প্রশ্ন ৩। কবিতাটোৰ মূলভাব নিজৰ ভাষাত লিখা । 

উত্তৰঃ জননী কবিতাটিত কবি দুর্গেশ্বৰ শৰ্মাদেৱে মাতৃৰ প্রতি অকৃত্রিম মৰম আৰু ভক্তি প্রকাশ কৰিছে । কবিয়ে কৈছে যে এই জনমত তেওঁ মাতৃৰ মৰমৰ ধাৰ শুজিব নােৱাৰে । এই সংসাৰত কেৱল মাতৃয়েই তেওঁক অকৃত্রিমভাৱে মৰম দিছে। সৰুৰে পৰা তুলি – তালি ডাঙৰ কৰিছে , তেওঁ নিবিচৰাকৈয়ে অকৃপণভাৱে মৰম কৰিছে । কবিয়েও মাতৃৰ এই স্নেহত অপৰিসীম সুখ লাভ কৰিছে । মাতৃৰ মৰমৰ ছাঁয়াত তেওঁ হিয়া শাঁত পেলাইছে । সেইবাবে কবিয়ে মাতৃক স্বৰগৰ দেৱী মহামায়াৰ লগত তুলনা কৰিছে । মাতৃক দেৱতাৰো দেৱতা , স্নেহৰ অৱতাৰ আৰু প্ৰাণৰ প্রকৃত ঈশ্বৰী বুলি কবিয়ে কৈছে । মাতৃৰ এই সীমাহীন মৰমৰ কথা কবিয়ে ভাষাৰে প্ৰকাশ কৰিব নােৱাৰোঁ বুলি কৈছে।কবিয়ে সেইবাবেই মাতৃৰ চৰণত তেওঁৰ আন্তৰিক সেৱা জনায়। 

প্রশ্ন ৪। বাক্য ৰচনা কৰা –

          অযাচিত , অশেষ , আন্তৰিক , কায় – মনে , পুলকিত , সততে। 

উত্তৰঃ অযাচিত :- অযাচিতভাৱে পােৱা মৰমৰ মূল্য বহুত । 

অশেষ :- ছোঁৱালীজনীয়ে অশেষ কষ্ট কৰি গানটো গাইছে । 

আন্তৰিক :- আজি-কালি মানুহৰ মাজত আন্তৰিকতা কমি গৈছে । 

কায়মনে :- কবিয়ে কায় – মনে মাতৃক বন্দনা কৰে। 

পুলকিত :- পুৱাৰ শীতল বতাহজাকে মনটো পুলকিত কৰি গ’ল । 

সততে :- সততে আকাশত ৰামধেনু দেখা নাযায় । 

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। জননী কবিতাটিৰ কবিজনৰ নাম লিখা । 

উত্তৰঃ দুর্গেশ্বৰ শৰ্মা । 

প্রশ্ন ২। দুর্গেশ্বৰ শৰ্মাই ৰচনা কৰা প্রথম কবিতাটিৰ নাম কি ? 

উত্তৰঃ ‘ল’ৰাকাল’ । 

প্রশ্ন ৩। কবি দুর্গেশ্বৰ শৰ্মাৰ পুথি দুখনৰ নাম লিখা। 

উত্তৰঃ অঞ্জলি , নিবেদিতা । 

প্রশ্ন ৪। দুর্গেশ্বৰ শৰ্মাই ৰচনা কৰা নাটক কেইখনৰ নাম লিখা । 

উত্তৰঃ পাৰ্থপৰাজয় , চন্দ্ৰাৱলী , বালিবধ । 

প্রশ্ন ৫। কবিয়ে জননীক কিদৰে বন্দনা কৰে ? 

উত্তৰঃ কায় – মনে । 

প্রশ্ন ৬। কবিক অযাচিতভাৱে কোনে মৰম কৰে ? 

উত্তৰঃ মাতৃয়ে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top