Niketan Class 6 Assamese Chapter 5 কুলি

Niketan Class 6 Assamese Chapter 5 কুলি is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Assamese Chapter 5 কুলি and select need one.

Niketan Class 6 Assamese Chapter 5 কুলি

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Assamese Chapter 5 কুলি Solutions for All Subjects, You can practice these here.

কুলি

Chapter – 5

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। শব্দ – অর্থ 

শব্দঅর্থ
হেঁপাহপাবলৈ বৰকৈ ইচ্ছা , হাবিয়াহ , হুতাহ
ভাওঅংগি – ভংগি
ভুমুকিক্ষন্তেকৰ বাবে দেখা দিয়া
সুৱদিসােৱাদ থকা , শুনি ভাল লগা , মধুৰ

প্রশ্ন ২। তলত দিয়া বাক্যবােৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা । 

( ক ) কুলিৰ বৰণ হালধীয়া / কলা / মুগা । 

উত্তৰঃ কলা । 

( খ ) কুলিয়ে বসন্ত / শীত / শৰৎকালত গীত গায়। 

উত্তৰঃ বসন্ত । 

( গ ) কুলিৰ মধুৰ গীত শুনিবলৈ কবি নৈৰ পাৰলৈ / পথাৰলৈ / বনলৈ যায় । 

উত্তৰঃ বনলৈ । 

প্রশ্ন ৩। চমু উত্তৰ দিয়া –

( ক ) কুলিৰ মাতত যাদু আছে বুলি কবিয়ে কিয় ভাবিছে ? 

উত্তৰঃ কুলিৰ মাত শুনি কবি মােহ যায় । বাৰে বাৰে কুলিৰ মাত শুনি থাকিলেও কবিৰ হেঁপাহ নপলায় , আনকি এই মাত শুনি কবিয়ে নিজৰ ঘৰ বাৰীৰ কথাও পাহৰি যায় । সেইকাৰণেই কবিয়ে কুলিৰ মাতত যাদু থকা বুলি ভাবিছে । 

( খ ) বসন্ত কালত গছ – লতাৰ ৰূপ কেনে হয় ? 

উত্তৰঃ বসন্ত কালত গছ তাই নতুন সাজেৰে সাজি – কাচি ঠন ধৰি উঠে। 

( গ ) কবিয়ে ঘৰৰ ফালে কেতিয়া পাহৰে ? 

উত্তৰঃ কবিয়ে কুলিৰ মাত শুনি থাকিলে ঘৰৰ ফালে পাহৰি যায় । 

প্রশ্ন ৪। বাক্য ৰচনা কৰা –

          স্বজন , ভাও , সুৱদি , সাজি-কাচি 

উত্তৰঃ স্ৰজন :- ভগৱানে মানুহৰ বাবে মনােমােহা প্ৰকৃতিৰ স্ৰজন কৰিছে। 

ভাও :- মােহনে গাঁৱৰ ভাওনাত সুন্দৰকৈ কংসৰ ভাও কৰিছিল ।

সুঁৱদি :- ৰীমাই সুৱদি সুঁৱদি গীতেৰে সভাৰ সকলােকে মােহিত কৰিলে। 

সাজি – কাচি :- জীযাৰী – বােৱাৰী সকলােৱে  সাজি-কাচি বিয়া ঘৰলৈ ওলাইছে । 

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। তলত দিয়া শব্দবােৰৰ অৰ্থ লিখা – 

           স্ৰজিলে , সোঁৱৰাই , চিনােৱই , লই , গই , ক’তেবা 

উত্তৰঃ স্ৰজিলে         –        সৃষ্টি কৰিলে । 

         সোঁৱৰাই      –        মনত পেলাই ।

         চিনােৱাই      –       চিনাকি কৰাই দিয়া । 

         লই              –       লৈ 

         গই              –       গৈ 

         ক’তেবা        –       ক’ত বা 

প্রশ্ন ২। চমু উত্তৰ দিয়া –

( ক ) বছৰি বছৰি কোনে বসন্ত আহিল বুলি জনাই দিয়েহি ? 

উত্তৰঃ কুলিয়ে বছৰি বছৰি বসন্ত আহিল বুলি জনাই দিয়েহি ।

( খ ) গছ-লতিকাই কি ঋতুত সাজি-কাচি ওলায় ? 

উত্তৰঃ বসন্ত ঋতুত গছ – লতিকাই সাজি-কাচি ওলায় । 

( গ ) কুলিয়ে কেনেদৰে বসন্ত আহিল বুলি আমাক জনাই দিয়ে ? 

উত্তৰঃ কুলিয়ে সুৱদি মাতেৰে বসন্ত আহিল বুলি আমাক জনাই দিয়ে । 

( ঘ ) কবিয়ে কাৰ মাতত যাদু আছে বুলি কৈছে ? 

উত্তৰঃ কবিয়ে কুলিৰ মাতত যাদু আছে বুলি কৈছে । 

প্রশ্ন ৩। কুলি কবিতাটোৰ সাৰাংশ লিখা । 

উত্তৰঃ কুলিৰ আগমনে বসন্ত ঋতুৰ আগজাননী দিয়ে । বসন্ত ঋতুত প্রকৃতিয়ে মনােমােহা ৰূপ লয় , গছ – লতা নতুন ফুল – পাত ধৰে । কবিয়ে আশ্চর্য প্রকাশ কৰিছে , কোনেনাে ক’লীয়া কুলিৰ স্ৰজন কৰিছে , বসন্ত ঋতুত আহিবলৈ তাক কোনে সোঁৱৰাই দিয়ে , কোনে বাট – পথ চিনাই দিয়ে , আৰু বসন্তৰ অন্তত কলৈ ঘূৰি যায় । কুলিৰ মাতত কিবা যাদু আছে নেকি , যিটোৰ বাবে কুলিৰ সুৱদি মাত শুনি কৰি হেঁপাহ নপলায় , বাৰে বাৰে শুনিবলৈ বনলৈ লৰি যায় । কবিয়ে কুলিৰ মাত শুনি নিজৰ ঘৰ বাৰীৰ কথাও পাহৰে , কুলিৰ লগতে ক’ৰবালৈ উৰি গুচি যাবলৈ তেওঁৰ মন যায়। বসন্ত ঋতুত কুলিৰ মাতে মধুৰ পৰিৱেশৰ সৃষ্টি কৰে ; তাৰেই বৰ্ণনা কবিতাটোত আছে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top