Niketan Class 6 Assamese Chapter 3 তৰা

Niketan Class 6 Assamese Chapter 3 তৰা is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Assamese Chapter 3 তৰা and select need one.

Niketan Class 6 Assamese Chapter 3 তৰা

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Assamese Chapter 3 তৰা Solutions for All Subjects, You can practice these here.

তৰা

Chapter – 3

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। শব্দ – অর্থ 

শব্দঅর্থ
নিবিষ্টনিমগ্ন , ডুবি থকা , বিভােৰ
ভোৰআপােন পাহৰা , মগ্ন
ওৰঅন্ত , শেষ
ক্লেশ কষ্ট , অশান্তি
আখিচকু
নীৰপানী
আখি নীৰচকুলাে , লােতক , চকুপানী
শঠতাপ্রবঞ্চনা ভাব , শত্রুতা 
বিদ্বেষহিংসা ভাব , শত্রুতা
বিদৰবিদীর্ণ কৰ , ভাঙি গুড়ি কৰ , চূর্ণ
চিতমন , হিয়া , অন্তৰ
কণাকণিকা , নিকা , নির্মল
সুবিমলপৱিত্র , নিকা , নির্মল
সৌৰভসুগন্ধ , সুবাস
বিধাতাভগৱান , সৃষ্টিকর্তা
নিৰন্তৰচলি থকা , বাধাহীনভাৱে হৈ থকা, ঘটি থকা , অবিৰাম
চৰাচৰসচল আৰু অচল , গতিশীল আৰু স্থিৰ
বিধানিছেবিহিছে , দিছে , নিয়ম কৰিছে
নিঃকিনদৰিদ্ৰ , গৰীব , যাৰ একো নাই , অতি দুখীয়া , দাল দৰিদ্র

প্রশ্ন ২। তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া –

( ক ) আকাশৰ তৰাবােৰ দেখি কবিৰ মনত কি কি ভাৱৰ উদয় হৈছে ? 

উত্তৰঃ আকাশৰ তৰাবােৰ দেখি কবিৰ মনত বিভিন্ন ভাৱৰ উদয় হৈছে।তেওঁ ভাবিছে তৰাবােৰনাে কোন ; কি দুখতনাে তেনেকৈ ধ্যানমগ্ন হৈ আছে , নে কিবা কামত একান্ত মনে লাগি আছে নেকি ? কবিয়ে আৰু ভাবিছে যে তৰাবােৰে নিশ্চয় পৃথিৱীৰ মানুহবােৰৰ মাজত থকা হিংসা – দ্বেষ , পাপ আদি দেখি নিয়ৰৰ কণিকাৰূপে চকুলাে টুকিছে । নতুবা এইবােৰ স্বৰ্গৰ উপবনত ফুলি থকা চিৰসুন্দৰ স্বৰ্গীয় ফুল যি কেতিয়াও নুশুয়ায় । নতুবা তৰাবােৰ বিশ্বপতিৰ বিশ্বৰূপী কাৰেঙত জিলিকি থকা অপূর্ব সুন্দৰ মণি – মুকুতা। নহ’লেবা এইবােৰ বিধাতাৰ অগণন চকু , যিয়ে পৃথিৱীত ঘটি থকা পাপ – পুণ্য , ভাল – বেয়া দূৰৰপৰা নিৰীক্ষণ কৰি থাকে । 

( খ ) আকাশীফুল ক’ত থাকে , সেই ফুলৰ গুণ কি কি ? 

উত্তৰঃ আকাশীফুল স্বৰ্গৰ উপবনত থাকে । এই ফুল চিৰসুন্দৰ । ই কেতিয়াও নুশুকায় । স্নিগ্ধ জোনাক ৰাতি চিৰ – প্রেম – আনন্দৰ ৰাজ্য স্বর্গত সৌৰভ বিলায় ।

( গ ) অযুত কোটি বিধাতাৰ চকুৱে কি কৰে ? 

উত্তৰঃ অযুত কোটি বিধাতাৰ চকুৱে দূৰৰপৰা পৃথিৱীত ঘটি থকা পাপ – পুণ্য , সুকৃতি – দুষ্কৃতি আদি নিৰীক্ষণ কৰি থাকে আৰু যথাবিধি বঁটা বাদণ্ড দিয়ে । 

( ঘ ) তৰাবােৰ দেখিলে তােমাৰ কেনে লাগে ? 

উত্তৰঃ তৰাবােৰ দেখিলে ভাল লাগে । তৰাৰ চিকমিক জোনাকে পােহৰ কৰি হােৱা পৃথিৱীখন দেখি মনটো জুৰ পৰি যায় । তৰাভৰা আকাশৰ তলৰ চোতালত বহি আইতাৰ মুখৰ সাধুকথা শুনিবলৈ মন যায় । 

( ঙ ) কি কাৰণে তৰাবােৰ ব্যথিত হৃদয় হােৱা বুলি কবিয়ে ভাবিছে ? 

উত্তৰঃ পৃথিৱীৰ পাপ – তাপ , দুখ – ক্লেশ দেখি তৰাবােৰ ব্যথিত হৃদয় হােৱা বুলি কবিয়ে কৈছে । 

প্রশ্ন ৩। তলত দিয়া শব্দবােৰলৈ মন কৰা আৰু সেই একে অর্থত সেইবােৰ কেনেকৈ ব্যৱহাৰ কৰা হয় লিখা । 

         আকাশে , কামে , স্বর্গ উপবনে , বিশ্ব-গৃহে 

উত্তৰঃ আকাশে           –           আকাশত 

         কামে              –           কামত 

         স্বর্গ উপবনে      –          স্বর্গ – উপবনত

         বিশ্ব – গৃহে        –          বিশ্ব – গৃহত 

প্রশ্ন ৪। একে অর্থবােধক শব্দ লিখা –

          বঁটা , দণ্ড , নিঃকিন , সৌৰভ , আখি-নীৰ 

উত্তৰঃ বঁটা            –        পুৰস্কাৰ 

         দণ্ড             –        শাস্তি 

         নিঃকিন       –        দৰিদ্র 

         সৌৰভ        –        সুৰভি 

         আখি-নীৰ    –        চকুলাে 

প্রশ্ন ৫। বাক্য ৰচনা কৰা –

           ওৰ , হিংসা , বিদ্বেষ , চকুলাে , জলমল 

উত্তৰঃ ওৰ :- মহাভাৰতৰ কথা কৈ থাকিলে ওৰকে নপৰে । 

হিংসা :- পৃথিৱীত দিনে দিনে হত্যা , হিংসা , বাঢ়িহে গৈছে । 

বিদ্বেষ :- আজিকালি মােৰ প্রতি তাৰ বিদ্বেষ বাঢ়িছেহে ।

চকুলাে :- বানপীড়িত লােকসকলৰ দুৰৱস্থা দেখি চকুলাে নিগৰে ।

জলমল :- বিলৰ পানীত জোনৰ পােহৰে জলমল কৰি আছে । 

প্রশ্ন ৬। বিপৰীত অর্থযুক্ত শব্দ লিখা – 

           দুখ , অধঃ , বঁটা , মুকুতি , অধম 

উত্তৰঃ দুখ        –         সুখ 

         অধঃ      –         ঊর্ধ্ব 

         বঁটা       –         দণ্ড 

         মুকুতি    –         বন্ধন 

         অধম     –         উত্তম 

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম লিখা । 

উত্তৰঃ কদমকলি । 

প্রশ্ন ২। বেজবৰুৱাৰ একমাত্র উপন্যাসখনৰ নাম কি ? 

উত্তৰঃ পদুম কুঁৱৰী । 

প্রশ্ন ৩। বেজবৰুৱাৰ চুটি গল্পপুথি দুখনমানৰ নাম লিখা । 

উত্তৰঃ সুৰভি , কেহোকলি । 

প্রশ্ন ৪। বেজবৰুৱাৰ সাধুকথাৰ কিতাপ দুখনৰ নাম লিখা । 

উত্তৰঃ বুঢ়ী আইৰ সাধু , নােমল ।

প্রশ্ন ৫। অসমৰ জাতীয় সংগীতটোৰ ৰচক কোন ? 

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা ।

প্রশ্ন ৬। অসমৰ জাতীয় সংগীত কি ? 

উত্তৰঃ ‘ অ মােৰ আপােনাৰ দেশ ‘। 

প্রশ্ন ৭। লক্ষ্মীনাথ বেজবৰুৱাক কিয় ৰসৰাজ উপাধিৰে বিভূষিত কৰা হয় ? 

উত্তৰঃ খুহুটীয়া ৰচনাত লক্ষ্মীনাথ বেজবৰুৱা আজিলৈকে অসমীয়া সমাজত অদ্বিতীয় হৈ আছে। সেইবাবে তেওঁক ৰসৰাজ উপাধিৰে বিভূষিত কৰা হয় । 

প্রশ্ন ৮। জনমানসত বেজবৰুৱা কি নামেৰে জনাজাত ? 

উত্তৰঃ সাহিত্যৰথী । 

প্রশ্ন ৯। তেওঁ হাস্যৰসাত্মক ৰচনাবােৰ কি ছদ্ম নামেৰে লিখিছিল ? 

উত্তৰঃ কৃপাবৰ বৰবৰুৱা ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top