Niketan Class 6 Assamese Chapter 19 সন্ধিয়া

Niketan Class 6 Assamese Chapter 19 সন্ধিয়া is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class VI Assamese Chapter 19 সন্ধিয়া and select need one.

Niketan Class 6 Assamese Chapter 19 সন্ধিয়া

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Assamese Chapter 19 সন্ধিয়া Solutions for All Subjects, You can practice these here.

সন্ধিয়া

Chapter – 19

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। শব্দ – অর্থ 

শব্দঅর্থ
ঘৰমুৱাঘৰৰ ফালে
ছাটিএবাৰত সিঁচি দিয়া
জেউতিপােহৰ
মৃণাল পদুমৰ আলু
ভুঞ্জাভােগ কৰা , ভােজন কৰা

প্রশ্ন ২। কবিতাটোৰ আধাৰত সন্ধিয়া সময়ৰ বৰ্ণনা দিয়া ( পাঁচটা বাক্যত ) 

উত্তৰঃ সন্ধিয়া কবিতাটিত কবি সিংহদত্ত দেৱ অধিকাৰীদেৱে সন্ধিয়া সময়ৰ এখনি মনােৰম চিত্র অংকন কৰিছে । কবিয়ে কৈছে যে— 

( ১ ) সন্ধিয়া পশ্চিম আকাশত বেলি ডুব যায় ।

( ২ ) গৰখীয়াই গৰু – গাই লৈ ঘৰমূৱা হয় । 

( ৩ ) ৰাজহাঁহকে ধৰি সকলাে চৰাই – চিৰিকটিয়ে নিজৰ বাহলৈ উৰা মাৰে । 

( ৪ ) জীয়াৰী – বােৱাৰীবােৰেও নৈৰ ঘাটৰপৰা পানী লৈ ঘৰলৈ আহি চাকি বন্তি জুলাই । 

( ৫ ) গাঁৱৰ দৌল , নামঘৰ আদিত ডবা – শংখ বাজি উঠে । 

প্রশ্ন ৩। এটা শব্দত প্ৰকাশ কৰা –

( ক ) যিজনে নাও বায় ।

উত্তৰঃ নাৱৰীয়া । 

( খ ) পূবৰ ফালে মুখ কৰি ।

উত্তৰঃ পূর্বমূৱা । 

( গ ) পথেৰে গৈ থকা মানুহ । 

উত্তৰঃ পথিক । 

( ঘ ) ভাগৰত অৱশ হৈ পৰা মানুহ ।

উত্তৰঃ ভাগৰুৱা । 

( ঙ ) গৰু চৰােৱা লােক ।

উত্তৰঃ গৰখীয়া । 

প্রশ্ন ৪। চমু উত্তৰ দিয়া – 

( ক ) বিলৰ পৰা সন্ধিয়া ৰাজহাঁহবােৰে কি খাবলৈ এৰি দিহা-দিহি গল ? 

উত্তৰঃ বিলৰপৰা সন্ধিয়া ৰাজহাঁহবােৰে মৃণাল অর্থাৎ পদুমৰ আলু খাবলৈ এৰি দিহা – দিহি গ’ল । 

( খ ) সন্ধিয়া নাৱৰীয়াবােৰে ক’ত নাও বান্ধিলে ? 

উত্তৰঃ সন্ধিয়া নাৱৰীয়াবােৰে লুইতৰ পাৰত নাও বান্ধিলে । 

( গ ) সন্ধিয়া পূব আকাশত কি দেখা যায় ? 

উত্তৰঃ সন্ধিয়া পূব আকাশত নিশাৰ আভাস দেখা যায় । 

( ঘ ) সন্ধিয়া ডবা-শংখৰ ধ্বনি ক’ৰ পৰা বিয়পে ? 

উত্তৰঃ সন্ধিয়া গাঁৱৰ দৌলৰ পৰা ডবা – শংখৰ ধ্বনি বিয়পে । 

প্রশ্ন ৫। বাক্য ৰচনা কৰা – 

           বিড়ােল , দিহা – দিহি , আভাস , ৰাও , দৌল ।

উত্তৰঃ বিভোল :- ছােৱালীজনীয়ে ভাবত বিভােল হৈ কিবা চাই আছে । 

দিহা – দিহি :- সভা ভংগ হােৱাত সকলাে দিহা – দিহি গ’ল । 

আভাস :- কামটো কেনেদৰে কৰিব লাগিব তাৰ এটা আভাস দিব লাগিছিল । 

ৰাও :- দুৰ্ভগীয়া মানুহবােৰৰ কান্দোনৰ ৰাও চাৰিওফালে বিয়পি পৰিছে দোল ।

দৌল :- ফাগুন মাহত দৌল উৎসৱ পালন কৰে । 

প্রশ্ন ৬। সন্ধি কৰা –

উত্তৰ + আয়ন = 

বিৰাট + আকাৰ =

ভয় + আতুৰ = 

ব্যায়াম + আগাৰ = 

পশ্চিম + আকাশ = 

মহা + আলয় =

সিংহ + আসন =

জল + আধাৰ =

সম + আলােচক =

উত্তৰঃ উত্তৰ + আয়ন = উত্তৰায়ন

বিৰাট + আকাৰ = বিৰাটাকাৰ

ভয় + আতুৰ = ভয়াতুৰ

ব্যায়াম + আগাৰ = ব্যায়ামাগাৰ

পশ্চিম + আকাশ = পশ্চিমাকাশ

মহা + আলয় = মহালয়

সিংহ + আসন = সিংহাসন

জল + আধাৰ = জলাধাৰ

সম + আলােচক = সমালােচক

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top