Niketan Class 6 Assamese Chapter 18 বিজ্ঞানী ড° ৰােহিণীকান্ত বৰুৱা

Niketan Class 6 Assamese Chapter 18 বিজ্ঞানী ড° ৰােহিণীকান্ত বৰুৱা is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class VI Assamese Chapter 18 বিজ্ঞানী ড° ৰােহিণীকান্ত বৰুৱা and select need one.

Niketan Class 6 Assamese Chapter 18 বিজ্ঞানী ড° ৰােহিণীকান্ত বৰুৱা

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Assamese Chapter 18 বিজ্ঞানী ড° ৰােহিণীকান্ত বৰুৱা Solutions for All Subjects, You can practice these here.

বিজ্ঞানী ড° ৰােহিণীকান্ত বৰুৱা

Chapter – 18

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। শব্দ -অর্থ 

শব্দঅর্থ
গৱেষণাকোনাে এটা বিশেষ বিষয়ৰ আতিগুৰি মাৰি জানিবলৈ কৰা অধ্যয়ন।
বৌদ্ধিকপঢ়া-শুনাৰ মাজেৰে লাভ কৰা জ্ঞান সম্পর্কীয়।
‘ষ্টাৰমার্ক’শিক্ষান্ত পৰীক্ষাত মুঠতে শতকৰা ৭৫ নম্বৰ লাভ কৰিলে ‘ষ্টাৰ মার্ক’ পােৱা বুলি কোৱা হয়।
জলপানিপঢ়া-শুনাৰ খৰচৰ বাবে পােৱা আর্থিক সাহায্য।
‘লেটাৰ মার্ক’শিক্ষান্ত পৰীক্ষাত কোনাে এটা বিষয়ত শতকৰা ৬০ নম্বৰ পালে বিষয়টোত ‘ লেটাৰ মার্ক ’ পােৱা বুলি কোৱা হয়।
অনাৰ্ছ শ্রেণীকলেজত কোনাে এটা বিষয় খৰচি মাৰি পঢ়িবলৈ লােৱা বিশেষ শ্ৰেণীটোক অনাৰ্ছ শ্রেণী বুলি কোৱা হৈছিল।এতিয়া এই শ্রেণীটোক ‘মেজৰ’ বা প্রধান বুলি কোৱা হয়।
প্রশাসনিক সেৱা পৰীক্ষাএই পৰীক্ষাত উত্তীর্ণ হলে উচ্চপদস্থ চৰকাৰী বিষয়াৰূপে নিযুক্তি পাব পাৰি।
বিপাকীয় ক্রিয়াজীৱদেহত ঘটি থকা জৈৱৰাসায়নিক পৰিৱৰ্তনবােৰ।
জীৱৰসায়নজীৱদেহত ঘটা ৰাসায়নিক পৰিৱৰ্তনবােৰৰ সম্বন্ধে অধ্যয়ন  কৰা বিষয়টো।

প্রশ্ন ২। ড° ৰোহিণীকান্ত বৰুৱা কোন আছিল ? 

উত্তৰঃ ড° ৰােহিণকান্ত বৰুৱা আছিল অসমৰ এগৰাকী খ্যাতনামা ৰসায়ন বিজ্ঞানী , শিক্ষাবিদ আৰু সাহিত্যিক।

প্রশ্ন ৩। ড° ৰোহিণকান্ত বৰুৱাৰ গৱেষণাৰ বিষয় কি আছিল ? তেওঁ বিদেশৰ কোন বিশ্ববিদ্যালয়ত গৱেষণা কৰিছিল ? 

উত্তৰঃ ড° ৰােহিণীকান্ত বৰুৱাৰ গৱেষণাৰ বিষয় আছিল— “ ভিটামিন – এ আৰু মানৱ দেহৰ বিপাকীয় ক্ৰিয়াৰ ওপৰত ইয়াৰ প্ৰভাৱ । তেওঁ ইংলেণ্ডৰ লিভাৰপুল বিশ্ববিদ্যালয়ত গৱেষণা কৰিছিল।

প্রশ্ন ৪। ভিটামিন – এ কোন কোন খাদ্যত থাকে ? এই ভিটামিনৰ অভাৱত মানুহৰ কি কি ৰোগ হ’ব পাৰে ? 

উত্তৰঃ কণী , গাখীৰ , কড মাছৰ যকৃৎ আদিত ভিটামিন – এ থাকে। এই ভিটামিনৰ অভাৱত মানুহ কুকুৰীকণা হয় ; মানুহৰ চকু আৰু ছালৰ বেমাৰ , হয়।

প্রশ্ন ৫। কেৰ’টিনইড কি আৰু ই ক’ত থাকে ? কেৰ’টিনইডে আমাৰ স্বাস্থ্য ৰক্ষাত কিদৰে সহায় কৰে ? 

উত্তৰঃ কেৰ’টিনইড এবিধ পদার্থ । ই গাজৰ , অমিতা আদি পাচলিত থাকে । কে’টিনইডে আমাৰ শৰীৰৰ বিপাকীয় ক্রিয়াত ভিটামিন – এ উৎপন্ন কৰে । 

প্রশ্ন ৬। ড° ৰােহিণীকান্ত বৰুৱাই ৰচনা কৰা দুখন পুথিৰ নাম লিখা । 

উত্তৰঃ ড° ৰােহিণীকান্ত বৰুৱাই ৰচনা কৰা দুখন পুথি হ’ল— ‘ বিজ্ঞানৰ সাধু ’ আৰু পৰম ক্ষুধা ‘ । 

প্রশ্ন ৭। ড° ৰােহিণীকান্ত বৰুৱাৰ ছদ্মনাম কি আছিল আৰু তেওঁ কোন কোন আলােচনীত লিখিছিল ? 

উত্তৰঃ ড° ৰােহিণীকান্ত বৰুৱাৰ ছদ্মনাম আছিল লাজকুৰীয়া । তেওঁ আৱাহন আৰু অকন আলােচনীত লিখিছিল । 

প্রশ্ন ৮। ‘আৱাহন’ আলােচনীখনৰ প্ৰকাশৰ চন আৰু প্ৰতিষ্ঠাপক সম্পাদক নাম লিখা । 

উত্তৰঃ ‘আৱাহন’ আলােচনীখনৰ প্ৰকাশ হৈছিল ১৯২৯ চনৰ পৰা । দীননাথ শর্মা আছিল আৱাহনৰ প্ৰতিষ্ঠাপক সম্পাদক ।

প্রশ্ন ৯। ড° ৰােহিণীকান্ত বৰুৱাই অনুবাদকৰ পুথিকেইখন কি কি ? 

উত্তৰঃ ড° ৰােহিণীকান্ত বৰুৱাই অনুবাদ কৰা পুথি দুখন ‘ পৰম ক্ষুধা ’ আৰু  ‘ পমিলিৰ পৰিয়াল ‘ । 

প্রশ্ন ১০। ড° ৰােহিণীকান্ত বৰুৱা ব্যক্তি হিচাপে কেনেকুৱা আছিল ? 

উত্তৰঃ ড° ৰােহিণীকান্ত বৰুৱা এক বিৰল ব্যক্তিত্বৰ অধিকাৰী আছিল । তেওঁৰ মুখত সকলাে সময়তে বিৰিঙি থকা হাঁহিটোৱে আর্ত আৰু হতাশাত ভােগাজনৰ মনতাে আশাৰ সঞ্চাৰ কৰিছিল । শান্ত , সৌম্য বিশাল ব্যক্তিত্বই সকলােকে চুম্বক দৰে আকৰ্ষণ কৰিছিল । তেওঁৰ কথা – বতৰা আৰু আচৰণত সদায় উঠিছিল গভীৰ আন্তৰিকতা । সভা – সমিতিবােৰত স্পষ্ট ভাষা আৰু অকাট্য যুক্তিৰে নিজৰ মতামত দাঙি ধৰাটো তেওঁৰ বৈশিষ্ট্য আছিল । 

প্রশ্ন ১১। চমু উত্তৰ দিয়া –

( ক ) ড° মর্টনে ড° ৰােহিণীকান্ত বৰুৱাক কি বুলি অভিহিত কৰিছিল ? 

উত্তৰঃ ড° মর্টনে ড° ৰোহিণীকান্ত বৰুৱাক ‘ভাৰতৰ জৈৱৰসায়ন বিজ্ঞান গৱেষণাৰ অগ্রণী বিজ্ঞানী’ বুলি অভিহিত কৰিছিল । 

( খ ) ড° ৰোহিণীকান্ত বৰুৱাৰ কোনবােৰ গুণ সকলােৱে ভাল পাইছিল ? 

উত্তৰঃ ড° ৰােহিণকান্ত বৰুৱাৰ মুখত সকলাে সময়তে বিৰিঙি থকা হাঁহিটো , তেওঁৰ আচৰণত ফুটি উঠা গভীৰ আন্তৰিকতা , স্পষ্টবাদিতা , সময়নিষ্ঠা , দায়িত্ববােধ আৰু কর্তব্য পৰায়ণতা আদি গুণৰ বাবে তেওঁ সকলােৰে প্রিয় আছিল । 

( গ ) ‘ অকণ ’ আলােচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল ? এইখন কেনেধৰণৰ আলােচনী ? 

উত্তৰঃ ‘ অকন ’ আলােচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল হেমচন্দ্র গােস্বামী । এইখন এখন শিশু আলােচনী । 

( ঘ ) ‘গণিত’ আৰু বিজ্ঞান বিষয় দুটা কেনেদৰে শিকাব লাগে বুলি ড° বৰুৱাই ভাবিছিল ? 

উত্তৰঃ ‘ গণিত ’ আৰু  ‘ বিজ্ঞান ‘ বিষয় দুটা খেলা – ধুলাৰ মাজেৰে শিকাব লাগে বুলি ড° বৰুৱাই ভাবিছিল ।

প্রশ্ন ১২। বাক্য ৰচনা কৰা –

( ক ) একনিষ্ঠ ( খ ) প্রতিনিধি ( গ ) নেতৃত্ব ( ঘ ) সুদক্ষ ( ঙ ) স্বীকৃতি ( চ ) হৃষ্টপুষ্ট 

উত্তৰঃ ( ক ) একনিষ্ঠ :- মাধৱদেৱ গুৰুজনাৰ একনিষ্ঠ সেৱক আছিল ।

( খ ) প্রতিনিধি :- বাইদেউৱে আজি অদিতিক শ্রেণী প্রতিনিধি পাতি দিলে । 

( গ ) নেতৃত্ব :- লাচিতৰ নেতৃত্বত অসমে অনায়াসে জয় লাভ কৰিলে । 

( ঘ ) সুদক্ষ :- ড° বৰুৱা এজন সুদক্ষ প্রশাসক । 

( ঙ ) স্বীকৃতি :- ছেক্সপীয়েৰৰ নাটকসমূহে বিশ্বজোৰা স্বীকৃতি লাভ কৰিছিল । 

( চ ) হৃষ্টপুষ্ট :- ল’ৰাটো হৃষ্টপষ্ট চেহেৰাৰ ।

1 thought on “Niketan Class 6 Assamese Chapter 18 বিজ্ঞানী ড° ৰােহিণীকান্ত বৰুৱা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top