Niketan Class 6 Assamese Chapter 17 মানুহে মানুহৰ বাবে

Niketan Class 6 Assamese Chapter 17 মানুহে মানুহৰ বাবে is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class VI Assamese Chapter 17 মানুহে মানুহৰ বাবে and select need one.

Niketan Class 6 Assamese Chapter 17 মানুহে মানুহৰ বাবে

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Assamese Chapter 17 মানুহে মানুহৰ বাবে Solutions for All Subjects, You can practice these here.

মানুহে মানুহৰ বাবে

Chapter – 17

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। চমু উত্তৰ দিয়া –

( ক ) কবিয়ে পুৰণি কালৰ কোনটো পৰম্পৰা এতিয়া পালন কৰাটো ভুল হ’ব বুলি কৈছে ? 

উত্তৰঃ পুৰণি কালত ক্ষমতাশালী মানুহে দুর্বল মানুহক জীৱ – জন্তুৰ দৰে বেচা কিনা কৰা পৰম্পৰাটো এতিয়া পালন কৰাটো ভুল হ’ব বুলি কবিয়ে কৈছে । 

( খ ) মানুহৰ বিপদত সহায় কৰিবলৈ মানুহৰ বাহিৰে আন প্রাণী আছেনে ? 

উত্তৰঃ মানুহৰ বিপদত সহায় কৰিবলৈ মানুহৰ বাহিৰে আন কোনাে প্রাণী এই জগতত নাই । 

( গ ) মানুহে প্রকৃত মানুহৰ পৰিচয় দিবলৈ কি কৰা উচিত ? 

উত্তৰঃ মানুহে প্রকৃত মানুহৰ পৰিচয় দিবলৈ মানৱীয় গুণসমূহ আয়ত্ত কৰা উচিত । 

( ঘ ) দানৱ কেতিয়াবা মানুহ হ’ব পাৰে বুলি তুমি ভাবানে ? দানৱ আৰু মানৱৰ মাজত পার্থক্য কি ? 

উত্তৰঃ দানৱ কেতিয়াও মানুহ হ’ব নােৱাৰে । দানৱ যদি কেতিয়াবা মানুহ হয় তেনেহ’লে ই মানুহৰ বাবে অতি লাজৰ কথা হ’ব ।

মানৱ আৰু দানৱৰ মাজৰ পার্থক্য হল— 

মানৱৰ সমাজ পাতি বাস কৰা , সমাজত ইজনে সিজনৰ প্রতি সহানুভূতি দেখুওৱা আৰু দুর্বল মানুহক বিপদত সহায় কৰা আদি মানৱীয় গুণসমূহ আছে ; কিন্তু দানৱৰ এই মানৱীয় গুণসমূহ নাই ।

( ঙ ) এজন মানুহে আন এজন মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে বুলি কবিয়ে কিয় কৈছে ? 

উত্তৰঃ সমাজত এজনে আনজনৰ প্রতি সহানুভূতি দেখুওৱাটো এটা মানৱীয় গুণ । এই মানৱীয় গুণসমূহ থাকিলেহে এজন মানুহ প্রকৃত মানুহ হ’ব পাৰে । সেয়েহে কবিয়ে প্রকৃত মানুহ হ’বৰ বাবে এজন মানুহে আন এজন মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে বুলি কৈছে । 

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। ‘দাদা চাহেব ফাল্কে’ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন ? 

উত্তৰঃ ড° ভূপেন হাজৰিকা । 

প্রশ্ন ২। তেওঁ কিমান চনত ‘ পদ্মশ্রী ’ সন্মান লাভ কৰে ? 

উত্তৰঃ ১৯৭৭ চনত । 

প্রশ্ন ৩। ভূপেন হাজৰিকাই কিমান চনত ‘পদ্মভূষণ’ সন্মান লাভ কৰে ? 

উত্তৰঃ ২০১১ চনত । 

প্রশ্ন ৪। ড° ভূপেন হাজৰিকাৰ মৃত্যুৰ চনটো লিখা। 

উত্তৰঃ ২০১১ চনৰ ৫ নৱেম্বৰ । 

প্রশ্ন ৫। ‘মানুহে মানুহৰ বাবে’ কবিতাটিৰ কবি কোন ? 

উত্তৰঃ ড° ভূপেন হাজৰিকা ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top