Niketan Class 6 Assamese Chapter 15 আগতে নিজে নিকা হ’

Niketan Class 6 Assamese Chapter 15 আগতে নিজে নিকা হ’ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Assamese Chapter 15 আগতে নিজে নিকা হ’ and select need one.

Niketan Class 6 Assamese Chapter 15 আগতে নিজে নিকা হ’

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Assamese Chapter 15 আগতে নিজে নিকা হ’ Solutions for All Subjects, You can practice these here.

আগতে নিজে নিকা হ’

Chapter – 15

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্ৰশ্ন ১। ( ক ) কি কৰিলে অইনৰ মন নিকা কৰিব পাৰি ? 

উত্তৰঃ প্রথমে নিজৰ মন নিকা কৰি ল’লেহে অইনৰ মন নিকা কৰিব পাৰি । 

( খ ) কেতিয়া আমি সঁচা ক’ব লাগে ? 

উত্তৰঃ আনক সঁচা কথা ক’বলে শিকোৱা বা কোৱাৰ আগতে নিজে সঁচা কথা ক’ব লাগে । 

( গ ) সঁচা ক’বলৈ আমি কি কৰিব লাগিব ? 

উত্তৰঃ সঁচা ক’বলৈ আমি দৃঢ়তাৰে সত্যৰ অনুশীলন কৰিব লাগিব । 

( ঘ ) কি কি কৰিলে ধন – সােণবােৰ আহি জমা হ’ব ? 

উত্তৰঃ আমাৰ মনবােৰ নিকা হলে , সদায় সঁচা কথা ক’লে আৰু নিজৰ সততাত দৃঢ়তাৰে থাকিলে ধন – সােণবােৰ আহি জমা হ’ব । 

( ঙ ) কবিয়ে কথাখিনি কাক উদ্দেশ্য কৰি কৈছে ? 

উত্তৰঃ কবিয়ে কথাখিনি সমগ্র মানৱ জাতিক উদ্দেশ্য কৰি কৈছে । বিশেষকৈ যিবােৰ মানুহৰ মন কলুষ – কালিমাৰে ভৰা সেইবােৰ মানুহক উদ্দেশ্য কৰি কৈছে । 

প্রশ্ন ২। বাক্য ৰচনা কৰা –

সঁচা , পখালি , দৃঢ় , ভৰাই , মলি 

উত্তৰঃ সঁচা :- সঁচা কথা কোৱা মানুহৰ কেতিয়াও মৰণ নাই ।

পখালি :- তৰালিক মাকে কেতিয়াবাৰে পৰা কাহীবাতি কেইটা পখালি আনিবলৈ কৈ আছে । 

দৃঢ় :- সত্যৰ পথত আমি সদায় দৃঢ়তাৰে আগবাঢ়িব লাগে । 

ভৰাই :- দেউতাকে বজাৰৰ পৰা মােনা ভৰাই বস্তু কিনি আনিছে । 

মলি :- নিজৰ মনৰ মলি আঁতৰাইহে আনক নিকা হােৱাৰ উপদেশ দিব লাগে । 

প্রশ্ন ৩। কবিতাটিত কেবাটাও যৌগিক ক্রিয়া আছে। তাৰে তিনিটা বাছিউলিওৱা । 

উত্তৰঃ নিজে নিকা হ’, সঁচা ক’, দৃঢ়তাৰে ৰ ’ ।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। আগতে নিজে নিকা হ’ কবিতাটিৰ সাৰাংশ লিখা । 

উত্তৰঃ অসম কেশৰী অম্বিকাগিৰি ৰায় চৌধুৰীয়ে তেওঁৰ কথা আৰু কামেৰে দেশৰ আৰু দহৰ মংগলৰ হকে চেষ্টা কৰিছিল । এই কবিতাটিৰ মাজেদিও তেওঁ তাকেই দোহাৰিছে । লেতেৰা হাতেৰে যেনেকৈ কোনাে বস্তু পৰিষ্কাৰ কৰিব নােৱাৰি । তেনেকৈ অপৰিশােধিত অইনৰ মনৰ মলি আঁতৰাব নােৱাৰি । নিজৰ মনৰ মলি আঁতৰাই ল’ব পাৰিলেহে সমাজৰ প্ৰতিজন মানুহৰ মন নির্মল কৰি চিকুণ সমাজ গঢ়ি তুলিব পাৰি।আনহাতে , আকৌ সঁচা কথা ক’বলৈ শিকি দৃঢ়তাৰে তাৰ অনুশীলন কৰিব পাৰিলেহে মংগল হয় । এনেকৈ সত্যৰ ওপৰত আধাৰিত নির্মল মনৰ অধিকাৰীজনেহে জীৱনৰ অমূল্য সম্পদৰাজি আপােন কৰি লাভ কৰিব পাৰে । 

প্রশ্ন ২। আগতে নিজে নিকা হ’ কবিতাটিৰ কবি কোন ? 

উত্তৰঃ অম্বিকাগিৰি ৰায় চৌধুৰী । 

প্রশ্ন ৩। কবি গৰাকীৰ দুখন কবিতা পুথিৰ নাম লিখা । 

উত্তৰঃ তুমি , শতধাৰা । 

প্রশ্ন ৪। অম্বিকাগিৰি ৰায় চৌধুৰীৰ দুখন নাটকৰ নাম লিখা । 

উত্তৰঃ ভক্তগৌৰৱ , জয়দ্রথ বধ । 

প্রশ্ন ৫। ‘বন্দো কি ছন্দেৰে’ নামৰ গীতটিৰ ৰচয়িতা কোন ? 

উত্তৰঃ অম্বিকাগিৰি ৰায় চৌধুৰী । 

প্রশ্ন ৬। ‘ গুৱাহাটী সংগীত বিদ্যালয় প্রতিষ্ঠা কোন চনত হৈছিল ? 

উত্তৰঃ ১৯২৭ চনত । 

প্রশ্ন ৭। অম্বিকাগিৰি ৰায় চৌধুৰীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে ? 

উত্তৰঃ বেদনাৰ উল্কা ।

প্রশ্ন ৮। অম্বিকাগিৰি ৰায় চৌধুৰীক কি ৰূপে জনা যায় ? 

উত্তৰঃ অসম কেশৰী । 

প্রশ্ন ৯। তেওঁ কিমান চনত অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰে ? 

উত্তৰঃ ১৯৫০ চনত । 

প্রশ্ন ১০। ‘ডেকা – ডেকেৰীৰ বেদ’গ্রন্থখনৰ ৰচয়িতা কোন ? 

উত্তৰঃ অম্বিকাগিৰি ৰায় চৌধুৰী ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top