Niketan Class 6 Assamese Chapter 14 বৰুণৰ প্রাতঃভ্রমণ

Niketan Class 6 Assamese Chapter 14 বৰুণৰ প্রাতঃভ্রমণ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Assamese Chapter 14 বৰুণৰ প্রাতঃভ্রমণ and select need one.

Niketan Class 6 Assamese Chapter 14 বৰুণৰ প্রাতঃভ্রমণ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Assamese Chapter 14 বৰুণৰ প্রাতঃভ্রমণ Solutions for All Subjects, You can practice these here.

বৰুণৰ প্রাতঃভ্রমণ

Chapter – 14

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। শব্দ – অর্থ 

শব্দঅর্থ
ঘড়ীৰ এলার্মএটা নির্দিষ্ট সময়ত শব্দ কৰি সংকেত দিয়াৰ ব্যৱস্থা
উম-ঘাম খা-খবৰ , অনুসন্ধান , ভূ – ভা
আখৰে-আখৰেঅকণাে ইফাল – সিফাল নােহােৱাকৈ
ঢলফাটৰাতিপুৱা বেলি ওলােৱাৰ আগতে আকাশত দেখা দিয়া পােহৰৰ ৰেঙনি
চূড়াআটাইতকৈ ওখ অংশ , টিঙ
বিততবিচলিত , বিবুদ্ধি
ধলপুৱাৰাতিপুৱা সূর্যোদয়ৰ আগতে পােহৰ হােৱা অৱস্থা
পৰভাতে( প্রভাতৰ কাব্যিক ৰূপ ) ৰাতিপুৱাতে 
শ্যামকানুশ্যাম বৰণীয়া কানাই ( শ্ৰীকৃষ্ণৰ    বাল্যকালৰ নাম )
জ্বৰ ঘামে ঘমাজ্বৰ উঠিলে যেনেদৰে ঘাম ওলায় তেনেদৰে ঘাম ওলােৱা
দোকমােকালিৰাতিপুৱাৰ ঠিক আগৰ সময়খিনি , এন্ধাৰ – পােহৰৰ দোমােজা 
খলকনিখল খল শব্দ
ধেনুগাইগৰু
অণ্ঠ কণ্ঠজিভাৰ মূলৰ পৰা নলীৰ বাট , ওঁঠৰ পৰা কণ্ঠলৈকে ঠাইখিনি , ডিঙি
অগা-দেৱাসমুখেৰে জঁপিয়াই ফুৰা , আগে আগে জঁপিয়াই ফুৰা
চী-চিয়াই
চী-চিয়াইচী চি শব্দ কৰা ( চৰাই পােৱালিৰ মাত )
গুণ-গুণইগুণ-গুণ শব্দ কৰা ( ভােমােৰাৰ শব্দ )

প্রশ্ন ২। চমুকৈ উত্তৰ দিয়া –

( ক ) সাধাৰণতে বৰুণ ৰাতিপুৱা কেই বজাত উঠে ? 

উত্তৰঃ সাধাৰণতে বৰুণ ৰাতিপুৱা ছয় বজাত উঠে। 

( খ ) প্রাতঃভ্রমণ মানে কি বুজা ? প্রাতঃভ্রমণ কৰাটো কিয় দৰকাৰী ? 

উত্তৰঃ প্রাতঃভ্রমণ মানে ৰাতিপুৱা সােনকালে কৰা ভ্রমণ । প্রাতঃভ্রমণ কৰিলে দেহ – মন ভালে থাক। সেইবাবে প্রাতঃভ্রমণ কৰাটো দৰকাৰী । 

( গ ) মাকে বৰুণক কি উপদেশ দিছিল ? 

উত্তৰঃ মাকে বৰুণক সদায় কয় , কোনাে কামতে পলম কৰিব নালাগে , আনৰ বাবে ৰৈ থাকিব নালাগে । ভাল কাম কৰিবলৈ মনত সাহস আৰু একাগ্রতা লাগে । 

( ঘ ) প্রাতঃভ্রমণৰ বাবে দেউতাকে বৰুণক কি কৰিবলৈ কৈছিল ? বৰুণৰ প্রাতঃভ্রমণকৰা হ’লনে ? 

উত্তৰঃ প্রাতঃভ্ৰমণৰ বাবে দেউতাকে বৰুণক সােনকালে বিচনা এৰিবলৈ কৈছিল । বৰুণৰ প্রাতঃভ্রমণ কৰা নহ’ল । বৰুণে সপােনতহে প্রাতঃভ্রমণ কৰা দেখিলে । 

( ঙ ) পাহাৰৰ চূড়াত থকা আহল বহল ঠাই টুকুৰাত পকীটপ এটা কিয় সাজি দিয়া বুলি বৰুণে ভাবিছিল ? 

উত্তৰঃ পাহাৰৰ চূড়াত থকা আহল – বহল ঠাই টুকুৰাত পকীটপটো হয়তাে ‘ প্রাতঃভ্ৰমণলৈ অহা মানুহবােৰ বহিবলৈ সাজি দিয়া হৈছে বুলি বৰুণে ভাবিছিল । 

( চ ) কিহৰ শব্দত বৰুণৰ টোপনি ভাগিল ? সাৰ পাই সি কি দেখিলে ? 

উত্তৰঃ মাক – দেউতাকৰ হাঁহিৰ খলকনিত বৰুণৰ টোপনি ভাগিল । সাৰ পাইসি । দেখিলে , সন্মুখত মাক – দেউতাক বহি আছে আৰু দুয়াে তাৰ মুখলৈ চাই আছে । 

( ছ ) কপালত হাত থৈ মাকে বৰুণক কি কৈছিল ? 

উত্তৰঃ কপালত হাত থৈ মাকে বৰুণক সুধিলে সি কি প্রাতঃভ্রমণৰ কথা বিৰবিৰাই আছে , কিবা ভূয়লগা সপােন দেখিছে নেকি সুধিলে ।

( জ ) বৰুণে লতা মাকৰি বাঘ ক’ত দেখিছিল ? 

উত্তৰঃ বৰুণে লতামাকৰি বাঘ চিৰিয়াখানাত দেখিছিল । সপােনতাে সি লতামাকৰি বাঘ দেখিছিল । 

( ঝ ) ৰাতি নুপুৱাওঁতেই তুমি অকলে এই ঠাইলৈ অহাটো উচিত হােৱা নাই ’ এই কথাষাৰ সপােনত বৰুণক কোনে কৈছিল ? 

উত্তৰঃ ‘ৰাতি নুপুৱাওঁতেই তুমি অকলে এই ঠাইলৈ অহাটো উচিত হােৱানাই— এই কথাষাৰ সপােনত লতামাকৰি বাঘটোৱে বৰুণক কৈছিল । 

( ঞ ) প্রাতঃভ্রমণলৈ যাওঁতে বৰুণে কি পিন্ধি যােৱাৰ কথা ভাবিছিল ? 

উত্তৰঃ প্রাতঃভ্রমণলৈ যাওঁতে বৰুণে বগা হাফপেন্ট , নীলা স্পাের্টিং আৰু খেলিবলৈ যাওঁতে পিন্ধা জোতাযােৰ পিন্ধি যােৱাৰ কথা ভাবিছিল । 

প্রশ্ন ৩। সপােনত বাঘটো দেখি বৰুণৰ অৱস্থা কেনে হৈছিল ? পাঁচটা বাক্য লিখা । 

উত্তৰঃ সপােনত বাঘটো দেখি বৰুণৰ অৱস্থা কাহিল হৈছিল । তাৰ বহাৰ পৰা উঠিব নােৱাৰা অৱস্থা হৈছিল । সি জ্বৰ – ঘামে ঘামিছিল । অণ্ঠ – কণ্ঠ শুকাই গৈছিল । তাৰ ওঁঠ ফুটি মাত নােলােৱা হৈছিল । সি ভয়তে পেপুৱা লাগিছিল । 

প্রশ্ন ৪। সপােনত পাহাৰীয়া ৰাস্তাটোৰে যাওঁতে বৰুণে কি কি দেখিছিল ? 

উত্তৰঃ সপােনত পাহাৰীয়া ৰাস্তাটোৰে যাওঁতে বৰুণে দেখিলে আকাশৰ শুক্ল পক্ষৰ জোনটোৱে ৰাস্তাটো উজ্বলাই ৰাখিছে , গছ বনবােৰত পৰি জোনাকে অপৰূপ সৌন্দর্যৰ সৃষ্টি কৰিছে । গছৰ ডালত বাহ সাজি থকা চৰাইবােৰে কিৰিলিয়াইছে , পােৱালীবােৰে চী – চিয়াইছে ; এজাক কাউৰীয়ে কা কা কৰি উৰি গৈছে । দুটামান শহা – পহুৱে অগা দেৱা কৰি থকাও সি দেখিবলৈ পাইছিল । আৰু বৰুণে সপােনত এটা লতামাকৰি বাঘ দেখিছিল । 

প্রশ্ন ৫। বৰুণে টোপনিত জ্বৰ ঘামে ঘামিছিল কিয় ? 

উত্তৰঃ বৰুণে সপােনত এটা লতামাকৰি বাঘ দেখিছিল সেইকাৰণে সি জ্বৰ ঘামে ঘামিছিল ।

প্রশ ৬। বৰুণৰ মনত বাঘৰ ভয় বেছি আছিল কিয় ? 

উত্তৰঃ বৰুণৰ মনত বাঘৰ ভয় বেছি আছিল কাৰণ আজি-কালি চহৰৰ মাজতে বাঘ ওলায় আৰু বাঘে কেইবাজনাে মানুহক আঁচুৰিছেও । 

প্রশ্ন ৭। আজি-কালি বননিত থকা বাঘ নগৰৰ মাজলৈ ওলাই আহে কিয় ? 

উত্তৰঃ আজি-কালি মানুহে পাহাৰ আৰু বননিৰ গছ – লতা কাটি খাস্তাং কৰিছে । সেয়েহে বাঘৰ বাবে থকা ঠাইৰ অভাৱ হৈছে । আনহাতে সিহঁতৰ খাদ্য পাবলৈকো টান হৈছে । সেইবাবে বননিত থকা বাঘ নগৰৰ মাজলৈ ওলাই আহে ।

প্রশ্ন ৮। বৰুণে সপােনত দেখা বাঘটো কি বাঘ আছিল ? তিনিবিধ বাঘৰ নাম লিখা । 

উত্তৰ বৰুণে সপােনত দেখা বাঘটো লতামাকৰি বাঘ আছিল । আন তিনিবিধ বাঘৰ নাম হ’ল– 

১। ঢেকীয়াপতীয়া বাঘ ।

২। নাহৰফুটুকী বাঘ । আৰু 

৩। ধূসৰীয়া নাহৰফুটুকী বাঘ । 

প্রশ্ন ৯। ( ১ ) ( গ ) কালি আৰু কাইলৈৰ মাজত পার্থক্য দেখুৱাবলৈ দুটা বাক্য ৰচনা কৰা । 

উত্তৰঃ কালিঃ কালি আমাৰ বিদ্যালয় বন্ধ আছিল। 

কাইলৈঃ কাইলৈ আমি মাহীৰ ঘৰলৈ যাম । 

( ২ ) ( ক ) যুৰীয়া শব্দ কাক বােলে ? উদাহৰণসহ বুজাই লিখা । 

উত্তৰঃ যুৰীয়া শব্দঃ এটা শব্দৰ অৰ্থ স্পষ্টকৈ বুজাবলৈ কেতিয়াবা একে অর্থ থকা বা অর্থ নথকা আন এটা একে শব্দ যােগ কৰা হয় । এই দুটা শব্দক একেলগে যুৰীয়া শব্দ বােলে । যেনে — মানুহ – দুনুহ , দুখ – বেজাৰ , উলহ – মালহ । 

( খ ) পাঠটিত থকা যুৰীয়া শব্দবােৰ বাচি উলিওৱা । 

উত্তৰঃ পাঠটিত থকা যুৰীয়া শব্দবােৰ হ’লঃ অ’ত – ত’ত , এটা – দুটা , আহল – বহল , দেহ – মন , হাত – মুখ , লৰা-লৰি , উম – ঘাম , আখৰে – আখৰে , গালে – মুখে , মানুহ – দুনুহ , গছ বন , অগা – দেৱা , গছ – লতা , ধীৰ – স্থিৰ , অণ্ঠ কণ্ঠ আদি ।

প্রশ্ন ১০। বাক্য ৰচনা কৰাঁ ৷ 

             ঘােৰ্ঘোৰণি , আহল-বহল , ধীৰ – স্থিৰ , দোকমােকালি , উম – ঘাম , শেহাই – শেহাই 

উত্তৰঃ ঘােৰ্ঘোৰণি :- অনবৰতে গাড়ী – মটৰৰ ঘােৰ্ঘোৰণি শুনি শুনি আমনি লাগিছে । 

আহল-বহল :- বৰুণৰ পঢ়া কোঠাটো বেছ আহল বহল । 

ধীৰ-স্থিৰ :- কনকৰ দেউতাক ধীৰ-স্থিৰ স্বভাৱৰ লােক । 

দোকমােকালি :- ৰমেনে দোকমােকালিতে বিচনাৰ পৰা উঠি পথাৰলৈ গল । 

উম-ঘাম :- দেউতা শুই উঠাৰ কোনাে উম-ঘাম নাপায় ৰাকেশ অকলেই প্রাতঃভ্রমণলৈ ওলাল । 

শেহাঁই-শেহাঁই :- ককাকে অকণক শেহাই – শেহাই কথাকেইটা ক’লে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top