Niketan Class 4 Social Chapter 8 আমাৰ দেশ ভাৰতবৰ্ষ

Niketan Class 4 Social Chapter 8 আমাৰ দেশ ভাৰতবৰ্ষ, Sankardev Sishu Niketan Chapter 8 আমাৰ দেশ ভাৰতবৰ্ষ Class 4 Social Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel

আমাৰ দেশ ভাৰতবৰ্ষ

Chapter – 8

SANKARDEV SISHU NIKETAN

প্রশ্নোত্তৰ

প্রশ্ন ১:  চমু উত্তৰ দিয়া –

(ক) আমাৰ দেশত সংবিধান স্বীকৃত ভাষা কেইটা আৰু কি কি ? 

উত্তৰ : ২৩ টা। সেইকেইটা হ’ল— অসমীয়া, উর্দু, ওড়িয়া, কানাডা, কাশ্মীৰী, কোংকনী, গুজৰাটী, চাওঁতালী, ডোগ্রী, তামিল, তেলুগু, নেপালী, পাঞ্জাৱী, বড়ো, বাংলা, মণিপুৰী, মাৰাঠী, মালায়ালম, মৈথিলী, সংস্কৃত, সিন্ধি, হিন্দী আৰু টুলু।

(খ) আমাৰ দেশত প্রচলিত প্রধান ধর্মসমূহ কি কি ?

উত্তৰ : হিন্দু, ইছলাম, খ্রীষ্টান, বৌদ্ধ, শিখ আৰু জৈন।

(গ) ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ নাম লিখা। 

উত্তৰ : চীন, নেপাল, ভূটান, বাংলাদেশ, শ্রীলংকা, পাকিস্তান আৰু ম্যানমাৰ ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ। 

(ঘ) আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ ৰঙৰ বৈশিষ্ট্যসমূহ লিখা।

উত্তৰ : আমাৰ ৰাষ্ট্ৰীয় পতাকাখন তিনি বৰণীয়া। পতাকাখনৰ প্ৰত্যেকটো ৰঙে সুকীয়া সুকীয়া বৈশিষ্ট্য বহন কৰিছে। ওপৰৰ গেৰুৱা ৰং হ’ল ত্যাগ আৰু সাহনৰ প্রতীক। মাজৰ বগা ৰঙে শান্ত আৰু ঐক্যক বুজায় আৰু একেবাৰে তলত থকা সেউজীয়া ৰং হ’ল বিশ্বাস আৰু শৌর্যৰ প্ৰতীক। 

(ঙ) আমাৰ দেশৰ চাৰিসীমা লিখা।

উত্তৰ : আমাৰ দেশৰ চাৰিসীমা হৈছে— 

উত্তৰে — চীন, নেপাল, ভূটান আৰু পাকিস্তান।

পূবে — চীন, ম্যানমাৰ, বাংলাদেশ আৰু বংগোপসাগৰ। 

দক্ষিণে — ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা।

পশ্চিমে — পাকিস্তান আৰু আৰৱ সাগৰ।

প্রশ্ন ২ : খালী ঠাই পূৰ কৰা—

(ক) ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা……….৷

উত্তৰ : ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা ১২১,০৫, ৬৯,৫৭৩ জন।

(খ) ভাৰতৰ মাটিকালি ……….. বর্গ কিলোমিটাৰ।

উত্তৰ : ভাৰতৰ মাটিকালি ৩২,৮৭,৫৯০ বর্গ কিলোমিটাৰ।

(গ) ……….. আমাৰ দেশৰ ৰাজধানী।

উত্তৰ : নতুন দিল্লী আমাৰ দেশৰ ৰাজধানী।

(ঘ) অশোক স্তম্ভটোৰ তলত লিখা বাণী হ’ল ……….। 

উত্তৰ : অশোক স্তম্ভটোৰ তলত লিখা বাণী হ’ল ‘সত্যমেব জয়তে’।

(ঙ) আমাৰ ৰাষ্ট্ৰীয় সংগীতটো ……….. ৰচনা কৰিছিল।

উত্তৰ : আমাৰ ৰাষ্ট্ৰীয় সংগীতটো ৰবীন্দ্ৰ নাথ ঠাকুৰে ৰচনা কৰিছিল।

(চ) ‘বন্দে মাতৰম’ গীতটোক, ………….. বোলা হয়।

উত্তৰ : ‘বন্দে মাতৰম’ গীতটোক জাতীয় গীত বোলা হয়।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১: মধ্যযুগত আমাৰ দেশক কি নামেৰে জনা গৈছিল ? 

উত্তৰ : ‘হিন্দুস্তান’ নামেৰে।

প্রশ্ন ২ : বংগোপ সাগৰৰ মাজত অবস্থিত দ্বীপপুঞ্জৰ নাম লিখা। 

উত্তৰ : আন্দামান নিকোবৰ দ্বীপপুঞ্জ।

প্রশ্ন ৩ : আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ জোখৰ অনুপাত কেনেকুৱা ? 

উত্তৰ : আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ জোখৰ অনুপাত হৈছে—৩:২।

প্রশ্ন ৪:  আমাৰ ৰাষ্ট্ৰীয় প্ৰতীকটো ক’ৰ পৰা লোৱা হৈছে। 

উত্তৰ : সাৰনাথত থকা এটি স্তম্ভৰপৰা লোৱা হৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top