Niketan Class 4 Social Chapter 7 পৰিৱেশ আৰু প্ৰদূষণ

Niketan Class 4 Social Chapter 7 পৰিৱেশ আৰু প্ৰদূষণ, Sankardev Sishu Niketan Chapter 7 পৰিৱেশ আৰু প্ৰদূষণ Class 4 Social Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel

পৰিৱেশ আৰু প্ৰদূষণ

Chapter – 7

SANKARDEV SISHU NIKETAN

প্রশ্নোত্তৰ

প্রশ্ন ১ : পৰিবেশ কাক বোলে ?

উত্তৰ : আমাৰ চৌপাশে থকা প্রাকৃতিক অৱস্থা আৰু মানুহে সৃষ্টি কৰা অৱস্থাই হ’ল পৰিৱেশ।

প্রশ্ন ২ : প্ৰদূষণ কাক বোলে ? প্ৰদূষণ কেই প্ৰকাৰৰ আৰু কি কি ? 

উত্তৰ : অপদ্ৰব্যৰ দ্বাৰা বায়ু, পানী আৰু মাটি দূষিত হোৱাকে প্রদূষণ বোলা হয়।প্ৰদূষণ চাৰি প্ৰকাৰৰ। সেইবোৰ হৈছে—

(১) বায়ু প্ৰদূষণ।

(২) জল প্রদূষণ।

(৩) মাটি প্ৰদূষণ। আৰু 

(৪) শব্দ প্ৰদূষণ।

প্রশ্ন ৩ : বায়ু প্ৰদূষণ কেনেকৈ হয় তাৰ চাৰিটা কাৰণ উল্লেল্লখ কৰা। 

উত্তৰঃ যান-বাহন, কল-কাৰখানা আদিবপৰা নিৰ্গত হোৱা ধোঁৱা ছাই, ধূলিকণা, নানা ধৰণৰ বিষাক্ত গেছ আদি বায়ু মণ্ডলত প্ৰৱেশ কৰাৰ ফলত বায়ু প্ৰদূষণ হয়। বায়ু প্ৰদূষণৰ চাৰিটা কাৰণ হৈছে—

(১) কয়লা, পেট্ৰ’ল, ডিজেল আদি জ্বলোৱাৰ ফলত যথেষ্ট দূষিত গেছ আৰু কণিকা বায়ুৰ লগত মিহলি হৈ পৰে।

(২) তাপ-বিদ্যুৎ উৎপাদন কেন্দ্ৰবোৰত যথেষ্ট পেট্ৰ’ল, ডিজেল, কয়লা জ্বলোৱা হয়। ইয়াৰ পৰা ওলোৱা গেছসমূহে বায়ু প্ৰদূষিত কৰে।

(৩) মৰুভূমিৰ ধূলিৰ ধুমুহা আৰু আগ্নেয়গিৰিৰ পৰা ওলোৱা বিভিন্ন পদার্থই বায়ু দূষিত কৰে।

(৪) আজিৰ যুগত বহুল ব্যৱহৃত পলিথিনসমূহ পুৰিলে সৃষ্টি হোৱা বিষাক্ত ধোঁৱাই বায়ু দূষিত কৰে।

প্রশ্ন ৪ : পানী প্ৰদূষণ কেনেকৈ হয় তাৰ চাৰিটা কাৰণ উল্লেখ কৰা। 

উত্তৰ : পানী প্ৰদূষণৰ চাৰিটা কাৰণ হৈছে—

(১) ঘৰুৱা পেলনীয়া দ্রব্যসমূহ, কৃষি পথাৰত দিয়া সাৰৰ উটি যোৱা অংশ পানীৰ লগত মিহলি হৈ পানীত দূষিত হয়। 

(২) জীৱ-জন্তুৰ মল-মূত্র, গছৰ ডাল-পাত পানীৰ লগত মিহলি হৈ পানী দূষিত হয়।

(৩) বিভিন্ন উদ্যোগ, খনি আদিৰ পৰা উলিয়াই দিয়া অলাগতিয়াল পদার্থসমূহ লগত মিহলি হৈ পানী দূষিত হয়। 

(৪) বিভিন্ন ৰোগৰ বীজাণু, বেক্টেৰিয়া, ভাইৰাছ আদিয়েও পানী দূষিত কৰিব পাৰে।

প্রশ্ন ৫ : পানী দূষিত হৈ সৃষ্টি হোৱা চাৰিটা বেমাৰৰ নাম উল্লেখ কৰা। 

উত্তৰ : পানী দূষিত হৈ সৃষ্টি হোৱা চাৰিটা বেমাৰ হৈছে— টাইফয়েড, গ্রহণী (ডিচেণ্ট্ৰী), পেটচলা (ডায়েৰিয়া) আৰু খাদ্যৰ বিষক্রিয়া।

প্রশ্ন ৬ : শব্দ প্ৰদূষণ কাক বোলে ? শব্দ প্ৰদূষণ ৰোধ কৰিবলৈ তুমি কি ব্যবস্থা হাতত ল’বা ?

উত্তৰ : বিভিন্ন কল-কাৰখানা, যন্ত্রপাতি, যান-বাহন, ফটকা, বোমা, আতচবাজী, মাইক, মানুহৰ হাই-উৰুমি আদিৰ পৰা অপ্রয়োজনীয় কাণ তাল মৰা শব্দ সৃষ্টি হোৱাটোকে শব্দ প্ৰদূষণ বোলে। শব্দ প্ৰদূষণ বোধ কৰিবলৈ আমি তলত উল্লেখ কৰা ব্যৱস্থাবোৰ হাতত ল’ব লাগিব— 

(১) বিভিন্ন উৎসৱ-পাৰ্বণ, খেল-ধেমালি আদিত বোমা, ফট্‌কা, আতচবাজীৰ ব্যৱহাৰ যথাসম্ভৱ কৰিব নালাগিব নাইবা কমাব লাগিব।

(২) শব্দ নিয়ন্ত্ৰণৰ বাবে যান-বাহনত উন্নত প্রযুক্তি ব্যৱহাৰ কৰিব লাগিব। 

(৩) বসতি প্রধান অঞ্চলৰ পৰা উদ্যোগসমূহ আঁতৰত স্থাপন কৰিব লাগিব তাৰ চাৰিওফালে বৃক্ষৰোপণৰ ব্যৱস্থা হাতত ল’ব লাগিব। 

(৪) ঘৰত ব্যৱহাৰ কৰা টিভি, ৰেডিঅ’ আদি মার্জিত ভলিউমত শুনাৰ অভ্যাস গঢ়ি তুলিব লাগিব।

প্রশ্ন ৭ : পৰিৱেশ প্ৰদূষণৰ প্ৰতিকাৰৰ বাবে এটা ব্যৱস্থা উল্লেখ কৰা। 

উত্তৰ : পৰিৱেশ প্ৰদূষণৰ প্ৰতিকাৰৰ তিনিটা ব্যৱস্থা হ’ল— 

(১) বায়ুমণ্ডল পৰিষ্কাৰকৈ ৰখাৰ সৰ্বশ্ৰেষ্ঠ উপায় হ’ল বৃক্ষৰোপণ। গছ-গছনিয়ে অক্সিজেন বৃদ্ধি কৰে, বৰষুণৰ পৰিমাণ বৃদ্ধি কৰে; বৰষুণে বায়ুত থকা দূষিত পদার্থসমূহ ধুই নিকা কৰে। 

(২) ঘৰৰ পেলনীয়া জাৱৰ-জোঁথৰসমূহ যতে তাঁতে পেলাই নিদি গাঁত খান্দি পুতি থ’ব লাগে। 

(৩) খেতিৰ উৎপাদন বৃদ্ধি আৰু অপকাৰী পোক-পতংগৰ পৰা ৰক্ষা পাবলৈ বাসায়নিক দ্রব্য প্রয়োগ কৰাৰ সলনি জৈৱিক সাৰ প্ৰয়োগ আৰু জৈৱিক নিয়ন্ত্রণ পদ্ধতি প্রয়োগ কৰা।

প্রশ্ন ৮ : মাটি প্ৰদূষণৰ চাৰিটা কাৰণ উল্লেখ কৰা। 

উত্তৰ : মাটি প্ৰদূষণৰ চাৰিটা কাৰণ হ’ল-

(১) বতাহ, বৰষুণ আৰু ভূমিক্ষয়ৰ ফলত মাটি প্ৰদূষিত হয়। 

(২) কীটনাশক দ্ৰব্য আৰু ৰাসায়নিক সাৰ খেতিত ব্যৱহাৰৰ ফলতো মাটিত প্ৰদূষণ ঘটে।

(৩) নগৰ-চহৰৰ ঘৰুৱা আৱৰ্জনা আৰু উদ্যোগৰ পেলনীয়া দ্রব্যই মাটি প্ৰদূষিত কৰে।

(৪) পলিথিনৰ বেগে ভূ-পৃষ্ঠৰ পৰা ভূ-গৰ্ভলৈ থকা মাটিৰ প্ৰাকৃতিক বিন্ধাবোৰ বন্ধ কৰি মাটিৰ গুণাগুণ নষ্ট কৰাৰ লগতে মাটি প্ৰদূষণত যথেষ্ট অৰিহণা যোগায়। 

প্রশ্ন ৯ : খালী ঠাই পূৰ কৰা—

(ক) প্ৰতি বছৰে……….তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়।

উত্তৰ : প্ৰতি বছৰে পাঁচ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়।

(খ) পৰিৱেশ প্ৰদূষণ ৰোধ কৰিবলৈ চৰকাৰে লোৱা আঁচনিখনৰ নাম হ’ল…………৷

উত্তৰ : পৰিৱেশ প্ৰদূষণ ৰোধ কৰিবলৈ চৰকাৰে লোৱা আঁচনিখনৰ নাম হ’ল সামাজিক বনানিকৰণ।

(গ) গছে আমাক ………. ছাঁ দিয়ে। 

উত্তৰ : গছে আমাক শীতল ছাঁ দিয়ে।

(ঘ) উদ্ভিদ আৰু প্ৰাণী উভয়ে পৰস্পৰ………।

উত্তৰ : উদ্ভিদ আৰু প্ৰাণী উভয়ে পৰস্পৰ নিৰ্ভৰশীল।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১ : জৈৱিক পৰিৱেশ কেনেদৰে গঠন হয় ?

উত্তৰ : কোনো অঞ্চলত বাস কৰা জীৱ-জন্তু, চৰাই-চিৰিকতি, গছ গছনিয়ে সেই অঞ্চলৰ জৈৱিক পৰিৱেশ গঠন কৰে। 

প্রশ্ন ২: প্রাকৃতিক ভাৰসাম্যতা বুলিলে কি বুজা ?

উত্তৰ : প্ৰকৃতিয়ে সদায় ইয়াৰ বুকুত থকা বিভিন্ন প্রজাতি যেনে— জীৱ-জন্তু, চৰাই-চিৰিকতি, গছ গছনিৰ মাজত এক সমতা ৰক্ষা কৰি চলি থাকে, ইয়াকে প্রাকৃতিক ভাৰসাম্যতা বুলি কোৱা হয়। অর্থাৎ স্বাভাৱিক অৱস্থাত কোনো প্রজাতিৰে সংখ্যা অতিপাত বাঢ়ি বা কমি নোযোৱাটোৱে প্ৰাকৃতিক ভাৰসাম্যতা। 

প্রশ্ন ৩: পৰিৱেশত এটা প্ৰজাতিৰ হীন-ডেঢ়ি হ’লে ইয়াৰে প্ৰভাৱ আন প্ৰজাতিৰ ওপৰত কেনেদৰে পৰে লিখা। 

উত্তৰ : পৰিৱেশত প্ৰতিটো প্ৰজাতিৰে নিজস্ব গুৰুত্ব আছে। সকলো প্ৰজাতিয়ে সমাজ ৰক্ষা কৰি চলে আৰু এটা প্ৰজাতিৰ হীন-ডেঢ়ি হ’লে ইয়াৰ প্ৰভাৱ আন প্ৰজাতিৰ ওপৰতো পৰে। উদাহৰণ হিচাপে— ধৰা হ’ল যে এটা অঞ্চলৰ সকলো সাপ মাৰি পেলোৱা হ’ল। ফলত সাপ অবিহনে সেই অঞ্চলটোত এন্দুৰ, নিগনি আৰু ভেকুলী প্ৰচুৰ বাঢ়িব। কাৰণ সাপে এইবোৰ খাই জীয়াই থাকে। এন্দুৰ, নিগনি বাঢ়িলে সিহঁতে খেতি-পথাৰৰ শস্য নষ্ট কৰিব। আনহাতে, ভেকুলীয়ে শস্য বিনষ্টকারী পোক পতংগবোৰ খোৱাৰ উপৰি শস্য উৎপাদনত প্ৰত্যক্ষ ভূমিকা লোৱা পৰাগ ৰেণু সংযোগকাৰী কীট-পতংগবোৰো খাই শেষ কৰিব। ফলস্বৰূপে শস্যৰ বিস্তৰ ক্ষতি হ’ব৷ ইয়াৰ পৰা বুজা যায় যে পৰিৱেশত এটা প্ৰজাতিৰ হীন-ডেঢ়ি হ’লে ইয়াৰ প্ৰভাৱ আন প্ৰজাতিৰ ওপৰতো পৰে।

প্রশ্ন ৪: গছ-গছনিয়ে আমাৰ কেনেদৰে উপকাৰ কৰে ?

উত্তৰ : গছ-গছনি জীৱ জগতৰ পৰম বন্ধু। গছে প্ৰাণীৰ উপযোগী অক্সিজেন গেছবায়ুমণ্ডলত এৰি দিয়ে আৰু প্ৰাণীৰ অপকাৰী কাৰ্বন-ডাই অক্সাইড গেছ বায়ুমণ্ডলৰ পৰা শুহি লয়। গছে আমাক শীতল ছাঁ দিয়ে। গছ-গছনিয়ে বৰষুণ হোৱাত সহায় কৰে । মানুহৰ লগতে আন প্ৰাণীয়েও খাদ্যৰ বাবে গছ-গছনিৰ ওপৰতে নিৰ্ভৰ কৰিব লাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top