Niketan Class 4 Social Chapter 6 প্রাকৃতিক দুর্যোগ আৰু অসম

Niketan Class 4 Social Chapter 6 প্রাকৃতিক দুর্যোগ আৰু অসম, Sankardev Sishu Niketan Chapter 6 প্রাকৃতিক দুর্যোগ আৰু অসম Class 4 Social Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel

প্রাকৃতিক দুর্যোগ আৰু অসম

Chapter – 6

SANKARDEV SISHU NIKETAN

প্রশ্নোত্তৰ

প্রশ্ন ১ : প্রাকৃতিক দুর্যোগ কাক বোলে ? কেইটামান প্রাকৃতিক দুৰ্যোগৰ নাম লিখা।

উত্তৰ : যিবোৰ প্ৰাকৃতিক পৰিঘটনাত মানুহৰ লগতে অন্যান্য জীৱ-জন্তু, চৰাই চিৰিকতি, গছ-গছনি আদিৰ নানান ক্ষয়-ক্ষতি, আলাই-আথানি হয় সেইবোৰকে প্রাকৃতিক দুর্যোগ বুলি কোৱা হয়। কেইটামান প্রাকৃতিক দুর্যোগ হৈছে—বানপানী, ধুমুহা, ঘূৰ্ণি বতাহ, ডাৱৰ বিস্ফোৰণ, ভূমিস্খলন, ভূমিকম্প, আগ্নেয়গিৰি উদ্‌গিৰণ, চুনামি ইত্যাদি।

প্রশ্ন ২ : খালী ঠাই পূৰ কৰা—

(ক) বতৰৰ আগলি বতৰা দিয়া কেন্দ্ৰটোৰ নাম ………।

উত্তৰ : বতৰৰ আগলি বতৰা দিয়া কেন্দ্ৰটোৰ নাম বতৰ বিজ্ঞান কেন্দ্র।

(খ) ভূমিকম্পৰ প্রাবল্যৰ পৰিমাণ জোখা যন্ত্ৰটোৰ নাম…………৷

উত্তৰ : ভূমিকম্পৰ প্রাবল্যৰ পৰিমাণ জোখা যন্ত্ৰটোৰ নাম ভূকম্পলেখ।

(গ) বানপানী প্ৰতিৰোধ কৰিবলৈ থকা চৰকাৰী বিভাগটোৰ নাম………….৷

উত্তৰ : বানপানী প্ৰতিৰোধ কৰিবলৈ থকা চৰকাৰী বিভাগটোৰ নাম জলসম্পদ।

(ঘ) ……………. চনত গুজৰাটত এটা বৰ্ভূইকঁপ হৈছিল।

উত্তৰ : ২০০১ চনত গুজৰাটত এটা বৰভূইকঁপ হৈছিল।

(ঙ) ভাৰতবৰ্ষৰ…………ৰাজ্যসমূহত সঘনে ভূমিকম্প হোৱা দেখা যায়।

উত্তৰ : ভাৰতবৰ্ষৰ উত্তৰ-পূবৰ ৰাজ্যসমূহত সঘনে ভূমিকম্প হোৱা দেখা যায়। 

প্রশ্ন ৩ : তলত উল্লেখ কৰা কামকেইটা কি কি প্রাকৃতিক দুৰ্যোগৰ লগত জড়িত লিখা।

(ক) ওখ ওখ মথাউৰি বন্ধা।

উত্তৰ : বানপানী।

(খ) নদী উপত্যকা অঞ্চলৰ গছ-গছনি ৰোৱা।

উত্তৰ : বানপানী।

(গ) জধে-মধে গছ-গছনি নকটা।

উত্তৰ : বানপানী।

(ঘ) নলা-নর্দমা খান্দি পানী বৈ যাবলৈ দিয়া।

উত্তৰ : বানপানী।

(ঙ) ডাঙৰ গছ-গছনিৰ তলত ৰৈ নাথাকি মুকলি ঠাইত ৰোৱা। 

উত্তৰ : ভূমিকম্প।

(চ) মাটিত বহন ক্ষমতা অনুযায়ী ঘৰ সজা।

উত্তৰ : ভূমিকম্প।

(ছ) বতৰৰ আগজাননী অনুসৰি নিৰাপদ ঠাইলৈ যোৱা।

উত্তৰ : ধুমুহা।

প্রশ্ন ৪ : তলত উল্লেখ কৰা প্ৰাকৃতিক দুর্যোগবোৰৰ প্ৰত্যেকটোৰ পৰা হোৱা তিনিটাকৈ ক্ষতিৰ বিষয়ে লিখা –

বানপানী, ভূমিকম্প, ধুমুহা

উত্তৰ : বানপানী : (১) বানপানীয়ে মানুহৰ ঘৰ-দুৱাৰ, খেতি-বাতি, জীৱ-জন্তু,আলি পদূলি আদিৰ বিস্তৰ ক্ষতি সাধন কৰে।

(২) পানী শুকোৱাৰ পাছত টাইফয়েড, হাইজা, গ্ৰহণী নানা বেমাৰত বান আক্রান্ত অঞ্চলৰ লোকসকলক জুৰুলা কৰে।

(৩) বানে কঢ়িয়াই অনা শিল-বালিয়ে সাৰুৱা খেতি পথাৰৰ বিস্তীর্ণ অঞ্চলপুতি খেতি-মাটি নষ্ট কৰে। 

ভূমিকম্প : (১) ভূমিকম্পত গছ-গছনি উভালি পৰে। ঘৰ-দুৱাৰ ভাগে। নগৰ চহৰ, গাঁও-ভূই ধ্বংস হয়।

(২) কেতিয়াবা মাটিত ফাট মেলে আৰু পানী, বালি আদি ওপৰলৈ ওলাই আহে।

(৩) নদীৰ সোঁত সলনি হয়। কেতিয়াবা নদীৰ তলিভাগ ওফন্দি উঠি বাম হৈ যায়, ফলত নদীৰ বহন ক্ষমতা কমি গৈ সহজতে বানপানী হয়। 

ধুমুহা : (১) ধুমুহাত গছ-গছনি উভালি পৰে, মানুহৰ ঘৰ-দুৱাৰ ভাগি চুৰমাৰ হয়।

(২) গছ-গছনি ৰাস্তাৰ ওপৰত পৰি যাতায়াতৰ বিঘিনি ঘটায়।

(৩) চৰাই-চিৰিকটি, জীৱ-জন্তু আনকি মানুহৰো কেতিয়াবা মৃত্যু ঘটে।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১: ‘লাভা’ কি ?

উত্তৰ : আগ্নেয়গিৰি উদ্‌গিৰণৰ ফলত ভূ-গৰ্ভৰ পৰা ওলাই অহা তপত গলিত পদাৰ্থ সমূহক ‘লাভা’ বোলে। 

প্রশ্ন ২ : আমাৰ দেশত আগ্নেয়গিৰি আছেনে? পৃথিৱীৰ দুটা বিখ্যাত আগ্নেয়গিৰিৰ নাম লিখা।

উত্তৰঃ নাই। বিচুভিয়াছ আৰু এট্‌না।

প্রশ্ন ৩ : ‘টেক্ট ‘নিক প্লেট’ কি ?

উত্তৰ : পৃথিৱীৰ ওপৰৰ টান খোলাটো কেইটামান খণ্ডৰে গঠিত। এই খণ্ডবোৰকে ‘টেক্টনিক প্লেট’ বোলে। 

প্রশ্ন ৪ : ভূমিকম্প ‘অভিকেন্দ্ৰ’ বুলিলে কি বুজা ?

উত্তৰ : ভূ-গর্ভৰ যি বিন্দুত ভূমিকম্পৰ প্ৰথম কঁপনিৰ সৃষ্টি হয়, সেই বিন্দুটোকে ‘অভিকেন্দ্ৰ’ বুলি কোৱা হয়।

প্রশ্ন ৫ : অসমত চ’ত-বহাগ মাহত অহা ধুমুহাক কি বুলি কোৱা হয় ? 

উত্তৰ : ‘বৰদৈচিলা’ বুলি কোৱা হয়।

প্রশ্ন ৬ : অসমত হোৱা বানপানীৰ তিনিটা কাৰণ উল্লেখ কৰা। 

উত্তৰ : (১) অসমৰ প্ৰধান’ নদী ব্ৰহ্মপুত্ৰ ইয়াৰ উপনৈসমূহৰ উৎপত্তিস্থল পৰ্বত পাহাৰ। ইহঁতে অসমৰ অধিকাংশ ঠাই আগুৰি আছে। উপনৈসমূহৰ দৈৰ্ঘ্য কম হোৱা বাবে পৰ্বত-পাহাৰৰ পৰা সজোৰে নামি অহা বৰষুণৰ পানীয়ে সহজে বানপানীৰ সৃষ্টি কৰে।

(২) ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থল সুউচ্চ হিমালয় পর্বত। সুউচ্চ হিমালয়ৰ পৰা সজোৰে নামি অহা পানীয়ে ব্রহ্মপুত্ৰৰ একা-বেকা গতিপথৰ কাষৰ ভূ-ভাগ খহাই নদীৰ বুকু তৰাং কৰি বানপানীৰ সৃষ্টি কৰে। 

(৩) মানুহে জধে-মধে গছ-গছনিবোৰ কাটি পেলোৱাৰ ফলত পৰ্বত-পাহাৰৰ মাটি নিতৌ খহি আহিব ধৰিছে। বৰষুণৰ পানীয়ে এই মাটি উটুৱাই আনি নৈৰ বুকুত পেলায়। ফলত নৈবোৰ ক্ৰমে বাম হৈ পৰাৰ বাবে বানৰ প্ৰকোপ বছৰি বাঢ়ি যায়।

প্রশ্ন ৭ : ভূমিকম্পৰ তিনিটা কাৰণ লিখা।

উত্তৰ : (১) পৃথিৱীৰ ওপৰৰ খোলাটো কেইটামান বৃহৎ খণ্ডবে গঠিত। এই খণ্ডবোৰক ‘টেক্টনিক প্লেট’ বোলা হয়। এই ‘টেক্ট’নিক প্লেট’ বা ফলকবোৰ অত্যন্ত ধীৰভাৱে গতিশীল। এই ফলকবোৰৰ গতিৰ বাবে এখন ফলকৰ সৈতে আন এখন ফলকৰ সংঘৰ্ষৰ ফলতেই সাধাৰণতে অধিকাংশ ভূমিকম্প সংঘটিত হয়।

(২) আগ্নেয়গিৰিৰ উদ্‌গিৰণৰ ফলতো ইয়াৰ কাষৰীয়া ঠাইবোৰৰ ভূমিকম্প হয়। 

(৩) খাৰুৱা তেল, কয়লা, প্রাকৃতিক গেছ, পানী আদি নিষ্কাশনৰ পাছত ভূ-গৰ্ভত সৃষ্টি হোৱা বৃহৎ গহ্বৰসমূহত হোৱা ভূমিস্খলনৰ ফলতো ভূমিকম্প হ’ব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top